Monday, 11 May 2020
তবলিগী জামাত: ৱাহাবী-ছালাফীৰ আদৰ্শৰ বাহক
১৯২৭ চনত দিল্লীত
মহম্মদ ইলিয়াছ আল-কান্ধলাৱী (১৮৮৫-১৯৪৪) নামৰ এগৰাকী ইছলামিক ধৰ্মগুৰুৰ উদ্যোগত প্ৰতিষ্ঠিত
হৈছিল তবলিগী জামাত নামৰ এটা সংগঠন। বৰ্তমানৰ উত্তৰ প্ৰদেশৰ মোজাফৰ নগৰত জন্মগ্ৰহণ
কৰা এইগৰাকী ধাৰ্মিক তথা শ্বাহ ৱলীউল্লাহৰ বংশধৰ বুলি খ্যাত ব্যক্তিয়ে দেউবন্দৰ দাৰুল
উলুমত শিক্ষা লাভ কৰি অহা কেইবাগৰাকী যুৱকৰ সহযোগিতাত এই সংগঠনটো আৰম্ভ কৰিছিল। অতি
কম সময়ৰ ভিতৰত ই অবিভক্ত ভাৰতৰ বিভিন্ন প্ৰান্তত থকা বহুতো মুছলমান লোকক ইয়াৰ অনুগামী
ভুক্ত কৰি ইছলামৰ পুনৰুত্থানৰ বাবে কাম কৰিবলৈ আগ বাঢ়ি আহিল। সাম্প্ৰতিক সময়ত এই সংগঠনটোৱে
ভাৰত, বাংলাদেশ, পাকিস্তান, আফগানিস্তান, মালয়েছিয়া, ইন্দ’নেছিয়া প্ৰমুখ্যে বিশ্বৰ
বিভিন্ন দেশত ইয়াৰ সমৰ্থক বা অনুগামী কৰিবলৈ সক্ষম হ’ল। মুছলমানসকলৰ অৰাজনৈতিক সংগঠন
বুলি পৰিচিত তবলিগী জামাতৰ সমৰ্থক বা অনুৰাগীৰ আনুমানিক সংখ্যা ১.৫ ৰ পৰা ১০ কোটি বুলি
কোৱা হয়। ৱাহাবী-ছালাফি আদৰ্শৰ অভিন্ন অংগ হিচাপেও ই পৰিচিত।
তবলিগী জামাতৰ
জন্মৰ পটভূমি চালে দেখা যায় যে বিংশ শতিকাৰ আগভাগত ৰাজস্থানৰ মেৱাতি সম্প্ৰদায়ৰ মাজত
ইছলামৰ ৰীতি-নীতি প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ লোৱা প্ৰচেষ্টাৰ পৰাই এই সংগঠনটো দিল্লী
আৰু চুবুৰীয়া ঠাইবিলাকত থকা মুছলমান সমাজৰ মাজত পৰিচিত হৈ পৰিছিল। প্ৰথম মহাসমৰত তুৰস্কৰ
পৰাজয়ৰ লগে লগে মধ্যপ্ৰাচ্যৰ ভালেমান অঞ্চল য়ুৰোপৰ শক্তিশালী দেশবিলাকৰ হাতলৈ যোৱাৰ
পাছত ভাৰতৰ মুছলমানসকলৰ একাংশ লোকে প্ৰচাৰ কৰিবলৈ ধৰিলে যে ধৰ্ম-পৰিচয়েৰেহে নিজকে সুৰক্ষিত
কৰাৰ লগতে তেওঁলোকৰ সুকীয়া অস্তিত্ব অটুট ৰাখিবলৈ সক্ষম হ’ব। এই সংগঠনটোক সংখ্যাগত
দিশত শক্তিশালী কৰিবলৈ দেউবন্দৰ দাৰুল উলুমত শিক্ষা সাং কৰি নিজ ঠাইলৈ উলটি যোৱা মৌলানাসকলে
অহোপুৰুষাৰ্থ কৰিবলৈ ধৰিলে। তেওঁলোকৰ লগতে ভালেমান ধৰ্মগুৰুৱে সহযোগিতা আগ বঢ়ালে। উল্লেখ্য
যে দক্ষিণ এছিয়াৰ উপৰি আন দেশবিলাকৰ ছাত্ৰ দেউবন্দত ইছলামিক শিক্ষা গ্ৰহণ কৰাৰ কাৰণে
তেওঁলোকো তবলিগী জামাতৰ সান্নিধ্যলৈ আহিছিল, যাৰ কাৰণে এই সংগঠনটোৰ প্ৰভাৱ সেইবিলাক
দেশতো পৰিবলৈ ধৰিলে। তদুপৰি কোৱা বাহুল্য যে দেউবন্দৰ দাৰুল উলুম ৱাহাবী-ছালাফী অতি
সংৰক্ষণশীল আদৰ্শৰে পৰিচালিত। অৱশ্যে বৰ্তমান এই শিক্ষানুষ্ঠানত কম্প্যুটাৰ বিজ্ঞান,
ইংৰাজী আদি বহুতো আধুনিক আৰু বিজ্ঞানসন্মত পাঠ্যক্ৰম গ্ৰহণ কৰা হৈছে। মই তালৈ গৈ তাৰ
চাক্ষুষ প্ৰমাণ পাই আহিছোঁ। চমুকৈ ক’বলৈ হ’লে তবলিগী জামাতৰ আদৰ্শ ইয়াৰ অনুগামীৰ সংখ্যাবৃদ্ধিত দেউবন্দৰ এই শিক্ষানুষ্ঠানটোৰ
এক বিশেষ ভূমিকা আছিল আৰু আজিও আছে। সেইবাবে
তবলিগী জামাতক দেউবন্দী আন্দোলনৰ এক সক্ৰিয় অংগ বুলিও কোৱা হয়। (Barabara D.
Metcalf, “Traditionalist” Islamic Activismজ Deoband, Tablighis and Talibs”,
Social Science Research Council, http://essays.ssrc.org/10yearsafter911/traditionalist-islamic-activism-deoband-tablighis-and-talibs ৷ লগতে চাওক Yoginder Sikand, The Origins and
Development of the Tablighi-Jama𝆞at (1920-1990): A cross-country cultural
comparative study, New Delhi: Orient Longman, 2002) এটা কথা মন কৰিবলগীয়া
যে তবলিগী জামাতৰ প্ৰচাৰ, প্ৰসাৰ তথা আন্দোলন সাধাৰণ মানুহৰ মাজত একেবাৰে নীৰৱে চলি
আহিছিল আৰু তাৰ কাৰণে বিশেষজ্ঞসকলে ইয়াক ‘নীৰৱ আৰু তৃণমূল পৰ্যায়ৰ আন্দোলন’ বুলি অভিহিত
কৰে। সংগঠনটোৰ জন্মৰ দুটা দশকৰ পাছত চিকিৎসক,
অভিযন্তা, অধিবক্তা, অধ্যাপক, ব্যৱসায়ী আদি বিভিন্ন বৃত্তিধাৰী ব্যক্তি ইয়াৰ সৈতে জড়িত
হ’বলৈ ধৰিলে। সেই সময়ত যদিও সংখ্যাত তেওঁলোক নিচেই নগণ্য আছিল, তেওঁলোকে সাধাৰণ মুছলমানক
এটা কথা বুজাবলৈ সক্ষম হৈছিল যে ইছলাম ধৰ্মীয় ৰীতি-নীতি সঠিকভাৱে পালন কৰি প্ৰকৃত আৰু
বিশুদ্ধ পথত চলিব লাগে। তাকে কৰিলেহে নিজৰ ব্যক্তিগত, মুছলমান সমাজৰ আৰু আপোন ধৰ্মৰ
প্ৰকৃত কল্যাণ সাধন কৰিব পৰা যাব। তেওঁলোকে আহ্বান কৰিলে যে সকলো মুছলমান ধাৰ্মিক হ’ব
লাগে, কাৰণ এগৰাকী ধাৰ্মিক মুছলমানে সদায়ে সৎ পথত থাকিবলৈ যত্ন কৰে আৰু কেতিয়াও কুকৰ্ম
কৰিব নোৱাৰে।
ধৰি লোৱা হৈছে
সেইখিনিলৈকে ঠিকেই আছে। কিন্তু ৯-১১-ৰ ভয়ানক ঘটনাৰ পাছত আফগানিস্তান, পাকিস্তান, ভাৰত,
বাংলাদেশত জিহাদীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱাসকলৰ ভালেমান লোকৰ অতীত বিচাৰোঁতে পোৱা গ’ল
যে তেওঁলোকে তবলিগী জামাতৰ মজিয়াতে চৰমপন্থী চিন্তাধাৰা আহৰণ কৰি লৈছিল। তেতিয়াৰে পৰা
এই সংগঠনটোৰ বিষয়ে ব্যাপক চৰ্চা আৰম্ভ হ’ল। তাত কেইবাটাও গুৰুত্বপূৰ্ণ তথা চিন্তনীয়
বিষয় পৰিস্ফুট হ’ল। মন কৰিবলগীয়া যে তেওঁলোকৰ কোনো সংবিধান নাই, সদস্যৰ পৰিসংখ্যা নাই,
কোনো সাংগঠনিক গাঁথনি নাই, নাই তেনেদৰে নেতৃত্বৰো কোনো স্তৰ, নাই পঁুজিৰ কোনো তথ্য
আৰু ৰাজহুৱা দায়িত্ববোধ। সেয়ে এই সংগঠনটোৰ বিষয়ে নিৰ্ভৰযোগ্য লিখিত তথ্য পোৱাটো অতি
দুৰুহ কথা। সংগঠনটোৰ আছে কেৱল আঞ্চলিক বা স্থানীয় ভিত্তিত একোজন আমিৰ, যি সপ্তাহ বা
মাহেকত সন্ধিয়া পৰত স্থানীয় ছুৰাৰ (শাখা) সভা আহ্বান কৰে। সেয়ে আমি তেওঁলোকৰ সৈতে বাৰ্তালাপ
কৰি তথ্য সংগ্ৰহ কৰিবলৈ প্ৰয়াস কৰোঁ। তাৰ পৰা আমি জানিবলৈ পাওঁ যে আমিৰৰ তত্ত্বাৱধানত
ধৰ্ম বিষয়ক আলোচনা (জলছা বা ইজতেমা) হয়। এনে ধৰ্মচৰ্চাৰ আধাৰ হৈছে ঢাকাৰ পৰা প্ৰকাশিত
২৭২ পৃষ্ঠাৰ তাব্লীগী নেছাব নামৰ কিতাপৰ পৰা দুই-এটা উক্তি। আমিৰসকলক লগ পালে ভালেমান
প্ৰশ্ন কৰি আহিছোঁ– তেওঁলোকে মুছলমানসকলক ভাল আৰু পৱিত্ৰ মুছলমান হ’বলৈ উপদেশ দিয়ে,
অতি ভাল কথা; কিন্তু তেওঁলোকে অসমৰ এচাম মুছলমানে
প্ৰায়ে চুৰি, ডকাইতি, নাৰী সংক্ৰান্তীয় অপৰাধ আদি নানা কুকৰ্ম কৰি থকা দেখিও কিয় সম্প্ৰদায়টোক
এনেবিলাক কামৰ পৰা আঁতৰি থাকিবলৈ আহ্বান নকৰে· কিয় সকলো ধৰণৰ সন্ত্ৰাসবাদক তীব্ৰভাৱে
গৰিহণা নিদিয়ে আৰু তাৰ পৰা বিৰত থাকিবলৈ আহ্বান নকৰে· উত্তৰত তেওঁলোকে কয়– “আমাৰ মূল
লক্ষ্য মুছলমানসকলক ধৰ্মৰ পৱিত্ৰ আৰু বিশুদ্ধ পথ দেখুৱাই দিয়াটোহে, তেওঁলোকৰ বক্তিগত
অপৰাধৰ বিষয়ে সজাগতা কৰাটো আমাৰ কাম (mandate) নহয়।” তেওঁলোকে চৈয়দ আবুল আলা মাদুদিয়ে
দিয়া ভালেমান নিৰ্দেশৰ এটা অনুসৰণ কৰে। সেয়া হৈছে – আল্লাহ আৰু ইছলামৰ বিষয়ে জ্ঞান
আহৰণৰ বাবে আমিৰৰ তদাৰকত অনুষ্ঠিত হোৱা জলছা বা ইজতেমাত যোগদান কৰিবলৈ মুছলমানসকলক
আহ্বান কৰা। তাকে তেওঁলোকে ‘দাৱা অ’ তবলিগ’, অৰ্থাৎ আজৰি সময় উলিয়াই মুছলমানসকলে এঠাইত
মিলিত হৈ ইছলামৰ সাৰ কথা, পয়গম্বৰগৰাকীৰ আদৰ্শ আৰু কৰ্মৰ সম্পৰ্কত চৰ্চা কৰিব লাগে।
ইয়াৰ বাহিৰলৈ গৈ তব্লিগী জামাতৰ কৰিবলগীয়া একো নাই।
এটা প্ৰাসংগিক
কথা উল্লেখ কৰিব বিচাৰোঁ। পয়গম্বৰগৰাকীৰ জীৱনকালত আন ধৰ্মৰ ব্যক্তিসকলে তেখেতৰ পৰা
নতুনকৈ প্ৰৱৰ্তিত ধৰ্মটিৰ বিভিন্ন কথা জানিবলৈ বিচাৰিছিল। সেয়ে তেখেতে ইজতেমা অৰ্থাৎ
সভা পাতি ধৰ্মৰ বিভিন্ন দিশৰ সম্পৰ্কত প্ৰশ্ন আলোচনা কৰিছিল আৰু তাত প্ৰশ্ন-উত্তৰ বৈঠক
ৰূপত ফঁহিয়াই বুজাই দিছিল। আজিৰ ইজতেমাত কোনো অমুছলমান ব্যক্তিক নিমন্ত্ৰণ কৰা দেখা
নাযায়। কেতিয়াবা কোনো বিষয়া বা নেতাক নিমন্ত্ৰণ জনাই দেখুৱাবলৈ বিচৰা হয় যে ইয়াত কোনো
চৰমপন্থী চিন্তাধাৰাৰ পোষকতা কৰা নহয়। অসমৰ বিভিন্ন মুছলমান বসতিপ্ৰধান ঠাইত এনে ধৰণৰ
ইজতেমা বা জলছাত অংশগ্ৰহণ কৰি আমি তিনিটা ধাৰা দেখিবলৈ পাইছোঁ। এটা হৈছে – অতি উগ্ৰবাদী
চিন্তাধাৰাৰে পৰিপুষ্ট চিন্তা-চৰ্চা, য’ত ইছলামক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্ম বুলি সাব্যস্ত
কৰিবলৈ নানা ধৰণৰ যুক্তি প্ৰদৰ্শন কৰা হয়। তাকে কাৰোঁতে কিছুমান অতিৰঞ্জিত আৰু ভুৱা
তথ্য উত্থাপন কৰা হয়। নিজৰ ধৰ্মৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ গৈ তেনে আলোচনাত আন ধৰ্মৰ
প্ৰতি কটু মন্তব্য কৰা হয়, যিটো অত্যন্ত অশোভনীয় আৰু উদ্বেগজনক, কাৰণ ইয়াৰ পৰাই আৰম্ভ
হয় ঘৃণা-বিদ্বেষৰ প্ৰচাৰ অভিযান। তাত কোৱা হয় যে আন ধৰ্মৰ মানুহৰ লগত পাৰ্যমানে কম
সম্পৰ্ক ৰাখিব লাগে। এনেবিলাক প্ৰচাৰৰ পৰাই
বিদ্বেষ ভাব আৰম্ভ হয়। আন ধৰ্মক আক্ৰমণ কৰাৰ মানসিকতা, তাৰ আৰু এখোপ আগুৱাই
গ’লে আৰম্ভ হয় ধৰ্মীয় সন্ত্ৰাসবাদ। অৱশ্যে, অসমত এই ধাৰাটো অতি কম ঠাইতহে দেখিবলৈ পাইছোঁ।
যিমানেই কম নহওক কিয়, মোৰ দৃঢ় মতামত যে এনে ধৰণৰ কথাবিলাক অতিকৈ ক্ষতিকাৰক কথা আৰু
সেয়ে বহুতো সচেতন মুছলমানৰ লগতে ময়ো ইয়াৰ তীব্ৰ বিৰোধিতা কৰোঁ আৰু ইয়াৰ অন্ত পৰাটোত
গুৰুত্ব প্ৰদান কৰিব বিচাৰোঁ।
দ্বিতীয়টো ধাৰাত
দেখিবলৈ পোৱা গৈছে যে কিছুমান স্থানীয় ইজতেমাত কেৱল ধৰ্ম পালনৰ কথা কোৱা হয়। পিছে তাতো
দুটামান উদ্বেগজনক দিশ দেখিবলৈ পোৱা গৈছে। এটা হ’ল পশ্চাৎমুখী গমন, য’ত কোৱা হয় কেৱল
ধৰ্ম-কৰ্ম, অৰ্থাৎ নামাজ পঢ়া, ৰোজা পালন, জাকাত দিয়া, হজ কৰা আদি মৌলিক কামতে মুছলমানসকল
ব্যস্ত থাকিব লাগে, সন্তানক কেৱল ইছলামিক শিক্ষানুষ্ঠানতহে পঢ়াব লাগে, মহিলা পৰ্দাত
থাকিব লাগে ইত্যাদি। কোনো কোনো তব্লিগীয়ে কয় যে আল্লাহে মানুহক কেৱল ইবাদত (প্ৰাৰ্থনা)
কৰিবলৈ পৃথিৱীলৈ পঠিয়াইছে। গতিকে সকলো সময়তে মানুহে প্ৰাৰ্থনাহে কৰিব লাগে। সংসাৰৰ
কামত মগ্ন হোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ সংসাৰৰ দৈনন্দিন কাম চাবলৈ আল্লাহ আছেই। দেখা
যায় যে যিসকলে তব্লিগী জামাতৰ আহ্বানত ঘৰ-সংসাৰ এৰি চল্লিছ দিনৰ বাবে ‘ছিল্লা’ কৰিবলৈ
যায়, তেওঁলোকৰ মাজৰ অতি উৎসাহী তব্লিগীসকলে এনে ধৰণৰ কট্টৰপন্থী কথা কয়। তেওঁলোকে কয়
যে ছিল্লালৈ যোৱাৰ সময়ত তেওঁলোকৰ সংসাৰ আল্লাহে চম্ভালিছিল। মন কৰিবলগীয়া যে তেওঁলোকৰ
সংখ্যা অতি নগণ্য। তথাপি এনে ধৰণৰ বিশ্বাস আৰু ইয়াৰ প্ৰচাৰে সমগ্ৰ মুছলমান সমাজক চূড়ান্ত
ধৰণেৰে অনগ্ৰসৰ কৰি ৰাখিব, তেওঁলোক ভয়ানক ধৰণেৰে ক্ষতিগ্ৰস্ত হ’ব আৰু লগতে তাৰ কুফল
এটা সময়ত সমগ্ৰ দেশবাসীয়ে ভুগিব লাগিব।
তৃতীয়বিধ ধাৰাত
তব্লিগী জামাতৰ পশ্চাৎমুখী স্থিতিক প্ৰত্যাহ্বান জনোৱা হৈছে। এই ধাৰা যথেষ্ট নতুন।
অতি সাৱধানেৰে আৰু বহু ক্ষেত্ৰত সংগোপনে এচাম নতুন তব্লিগীয়ে কোৰান-হাদিছৰ উদ্ধৃতি
দি সাপ্তাহিক ইজতেমাত কট্টৰপন্থী তব্লিগীৰ মতাদৰ্শ এটা এটাকৈ খণ্ডন কৰিবলৈ চেষ্টা কৰি
আহিছে। তেওঁলোকে ভালেমান কথা শক্তিশালীভাৱে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰি আহিছে, তাৰে
কেইটামান এনে ধৰণৰ–
(১)
কট্টৰপন্থী তব্লিগীয়ে সকলো মহিলাই বাধ্যতামূলক বোৰ্খা পিন্ধা আৰু ঘৰৰ ভিতৰত
আবদ্ধ হৈ থকাৰ সপক্ষত কৰা আহ্বানক প্ৰত্যাহ্বান কৰি নতুন ধাৰাত কোৱা হয় যে মহিলাই সংযত
সাজ-পাৰ পৰিধান কৰি চাকৰি, ব্যৱসায়-বাণিজ্য প্ৰমুখ্যে দৈনন্দিন সকলো কাম কৰাৰ বাবে
ঘৰৰ বাহিৰলৈ ওলাই অহাটোত ধৰ্মীয় কোনো প্ৰতিবন্ধকতা থাকিব নোৱাৰে। পয়গম্বৰগৰাকীৰ পত্নী
আৰু দুহিতাই তাকে কৰিছিল। প্ৰথমা পত্নী খাদেজা বিবি ব্যৱসায়ী আছিল আৰু ব্যৱসায়ৰ কামত
উটত উঠি বিভিন্ন ঠাইলৈ গৈছিল। আন এগৰাকী পত্নী আয়েশ্বা বিবি আৰু কন্যা ফাতিমাই আনকি
ৰণক্ষেত্ৰলৈ গৈ আহত সৈনিকক শুশ্ৰূষা কৰিছিল। তেনে স্থলত আজিৰ মুছলমান মহিলাই বিভিন্ন
কৰ্মক্ষেত্ৰত নিজৰ সঠিক ভূমিকা কিয় ল’ব নোৱাৰিব বুলি এইসকল তব্লিগীয়ে প্ৰশ্ন উত্থাপন
কৰি আহিছে।
(২) অমুছলমানসকলক ‘কাফিৰ’ বুলি কোৱাটোত দুৰ্ঘোৰ
আপত্তি কৰি এই তৃতীয়টো ধাৰাত কোৱা হয় যে যিহেতু প্ৰতিগৰাকী ব্যক্তি আল্লাহৰ সৃষ্টি,
এচাম লোকে আন এচামক ‘কাফিৰ’ বুলি কোনোপধ্যে ক’ব নোৱাৰে। ইছলামত কোৱা হয় যে সকলো মানুহ আৰু প্ৰাণীজগতৰ সকলো
সদস্য আল্লাহৰ সৃষ্টি, তেনে স্থলত এচাম লোকে আনচামক কোনো কাৰণতে কাফিৰ বুলি কোৱাৰ অধিকাৰ
নাই। প্ৰতিটো ধৰ্মৰ মানুহে নিজ নিজ পদ্ধতিৰে সৃষ্টিকৰ্তাক মানি লৈ উপাসনা কৰি আছে।
গতিকে, অমুছলমানক ‘কাফিৰ’ বুলি ক’ব নোৱাৰি। কাৰণ, ‘কাফিৰ’ শব্দটো কেৱল সৃষ্টিকৰ্তাৰ
অস্তিত্ব নমনাসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য।
(৩) ‘জিহাদ’ শব্দটোৰ অপপ্ৰয়োগ আৰু অপব্যাখ্যা
কৰা হৈছে। তৃতীয় ধাৰাটোৰ সমৰ্থকসকলে কয় যে ৬২৪ চনৰ ১৩ মাৰ্চত আৰবৰ হিজাজ অঞ্চলৰ বদৰৰ
যুদ্ধত পয়গম্বৰগৰাকীয়ে তেখেতৰ আক্ৰমণকাৰীক পৰাস্ত কৰাৰ পাছত দিয়া ভাষণত জিহাদৰ সুন্দৰ
সংজ্ঞা আৰু ব্যাখ্যা দিছিল। তাত তেখেতে কৈছিল যে জিহাদৰ দুটা দিশ আছে। এটা হৈছে – জিহাদ
মানে সংগ্ৰাম আৰু নিজৰ সMাৰ মাজত সংগ্ৰাম কৰি আত্মাক পৱিত্ৰ কৰি লৈ শুদ্ধ পথ বাছি লোৱাটোৱে
প্ৰকৃত জিহাদ। এইটো হৈছে ডাঙৰ জিহাদ। ইয়াত যিগৰাকী জয়ী হয়, তেওঁহে দ্বিতীয় বা সৰু জিহাদত
অংশগ্ৰহণ কৰিব পাৰিব। সেই জিহাদ আনক আক্ৰমণ কৰিবৰ বাবে নহয়; সেই জিহাদ আক্ৰমণকাৰীক
প্ৰতিৰোধ কৰিবলৈ লোৱা সংগ্ৰাম বা যুদ্ধ। বৰ্তমানৰ সময়ত যিবিলাকে ইছলামৰ নাম লৈ সকলো
ধৰণৰ উৎপীড়ন, ধ্বংসলীলা, হত্যাকাণ্ড জিহাদৰ কথা কৈ কৰি আছে, সেইবিলাক ঘোৰ ইছলামবিৰোধী
কাম বুলি তেওঁলোকে গৰিহণা দিয়াৰ লগতে বাকীসকল তব্লিগীক কটু সমালোচনা কৰি প্ৰশ্ন কৰে
– কিয় এনেবিলাক জঘন্য অপৰাধৰ বিৰোধিতা কৰি তেওঁলোকে মাত নামাতে·
(৪) তৃতীয় ধাৰাটোৰ অনুগামীসকলে পয়গম্বৰগৰাকীৰ
জীৱন আৰু আদৰ্শৰ কথা উল্লেখ কৰি কঠোৰপন্থী তব্লিগীয়ে মুছলমানসকলে সকলো সময়তে কেৱল আল্লাহৰ
ইবাদত কৰি জীৱন পাৰ কৰিব লাগে বুলি কৰা আহ্বান খণ্ডন কৰি আহিছে। তেওঁলোকে সফলতাৰে প্ৰচাৰ
কৰিবলৈ সক্ষম হৈছে যে দীন (ধৰ্ম) আৰু দুনীয়াৰ (পাৰ্থিৱ) কাম সমান্তৰালভাৱে সমাপন কৰিব
পাৰি। পয়গম্বৰগৰাকীয়ে দেখুৱাই দিয়া পথেৰে নগৈ কেৱল ধৰ্মীয় কামতে নিজকে ব্যস্ত কৰি ৰাখিলে
এনেয়ে পিছ পৰি থকা মুছলমানৰ অৱস্থা অধিক শোচনীয় হৈ পৰিব।
এই তৃতীয় ধাৰাটোৱে
সাৱধানতাৰে আৰু পদ্ধতিগতভাৱে নিজৰ উদাৰতাবাদী মতবাদ প্ৰচাৰ কৰি থকাটো অতিশয় উৎসাহজনক
কথা। এই ধাৰাটো আগুৱাই নিবলৈ প্ৰয়াস কৰা কেইবাগৰাকী ব্যক্তিয়ে আমাক জানিবলৈ দিয়া মতে
কট্টৰপন্থী তব্লিগী জামাতৰ দৰে তেওঁলোকৰ ধনবল নাই, সেই কাৰণে তেওঁলোকৰ প্ৰচাৰকাৰ্যৰ
গতি মন্থৰ আৰু প্ৰচাৰক্ষেত্ৰও সীমিত। তথাপি, তেওঁলোকে দৃঢ়তাৰে সঠিকভাৱে আগ বাঢ়ি যোৱাটো
নিতান্ত সুখৰ বিষয়। মন কৰিবলগীয়া দিশটো হৈছে যে এই তৃতীয় ধাৰাটোৱে ক্ৰমাগতভাৱে মুছলমানপ্ৰধান
জিলাকেইখনমানত খোপনি পুতিবলৈ সক্ষম হৈছে। আমি ভাবোঁ যে সমগ্ৰ মুছলমান সমাজক এচাম লোকে
হকে-বিহকে কটু সমালোচনা কৰি থকাতকৈ এনে ধৰণৰ উদাৰপন্থী ধাৰাক সক্ৰিয় হোৱাত সহায় কৰাত
সকলোৰে দায়িত্ব আছে। ইতিমধ্যে, কেইবাগৰাকী মৌলানাই এই দিশত আগ বাঢ়ি অহাটো উৎসাহজনক
কথা। তেওঁলোকৰ প্ৰতি সহায়ৰ হাত আগ বঢ়াই আহিছে কেইবাগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া,
অধিবক্তা, সাংবাদিক, চিকিৎসক, বিশ্ববিদ্যালয়ৰ বিদ্যাৰ্থী আৰু গৱেষক প্ৰমুখ্যে সচেতন
মুছলমান ব্যক্তিয়ে। তেওঁলোকৰ মূল লক্ষ্য হৈছে অসমৰ মুছলমান সমাজক ৱাহাবীৰ দৰে পশ্চাৎমুখী
ধাৰাৰ পৰা উদ্ধাৰ কৰিব লাগে। তেওঁলোকৰ প্ৰধান অস্ত্ৰ হৈছে যুক্তিবাদ (ইজতিহাদ) এই দিশত
তেওঁলোক ভালেখিনি সফলো হৈছে।
দুটামান প্ৰাসংগিক
কথা উল্লেখ কৰাটোৰ প্ৰয়োজন আছে। ১৯২৭ চনতে অৰ্থাৎ দিল্লীত তব্লিগী জামাত গঠিত হোৱাৰ পাছতে চৈয়দুৰ ৰহমান নামৰ এগৰাকী ব্যক্তিৰ
তৎপৰতাতে এই সংগঠনটোৰ অসম অধ্যায় প্ৰতিষ্ঠিত হৈছিল। সেই বছৰৰ অে"াবৰ মাহত গুৱাহাটীত ইয়াৰ অধিৱেশন
পতা হৈছিল। এই অধিৱেশনতে প্ৰচাৰক নামৰ এখন অসমীয়া মাহেকীয়া আলোচনী প্ৰকাশ কৰাৰ সিদ্ধান্ত
লোৱা হৈছিল আৰু সেই মৰ্মে তেনে এখন ধৰ্ম বিষয়ক আলোচনী ১৯৩০ চনলৈকে নিয়মীয়াকৈ প্ৰকাশিত
হৈ আহিছিল। এই আলোচনীখনত ঠাই পোৱা বিষয়বস্তুবিলাক ভালদৰে পঢ়ি আমি এটা কথাত উপনীত হ’ব
পাৰিছিলোঁ। বৰ্তমানৰ তব্লিগী জামাতৰ কট্টৰপন্থী ভাবধাৰা বা ধৰ্মকেন্দ্ৰিক বিদ্বেষে
তাত প্ৰভাৱ পেলাব পৰা নাছিল। অসমীয়া মুছলমানৰ সুন্দৰ ছবি এখন তাত প্ৰতিফলিত হৈছিল।
তাত ধৰ্মৰ বিভিন্ন কথা, সাহিত্যচৰ্চা আদি সচাৰাচৰ আলোচিত কথাবিলাকৰ বাহিৰে আন কোনো
ৰাজনৈতিক কথাই স্থান পোৱা নাছিল।
দ্বিতীয়তে, তব্লিগী
জামাতে ছুৰা বৈঠকত সৰু ইজতেমা পতাৰ দৰে ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট˜ীয় ভিত্তিত
আজি-কালি ‘বিশ্ব ইজতেমা’ পতা হয়। অসমতো প্ৰায় প্ৰতি বছৰে স্থানীয় আৰু ৰাষ্ট্ৰীয় ভিত্তিত
বৃহৎ ইজতেমাৰ আয়োজন কৰা হয়, য’ত লক্ষাধিক ভক্তই অংশগ্ৰহণ কৰে। ২০১৮ চনৰ ৯-১১ ফেব্ৰুৱাৰিত
হাইলাকান্দিত উত্তৰ-পূব ইজতেমা পতা হৈছিল, য’ত
বৃহৎ সংখ্যক মুছলমানে অংশগ্ৰহণ কৰিছিল। তাৰ এমাহৰ আগতে ঢাকাৰ নিকতৱৰ্তী টংগিত
বিশ্ব ইজতেমা পতা হৈছিল, য’ত অসমৰ পৰা বহুতো লোকে তাত অংশগ্ৰহণ কৰিবলৈ গৈছিল। সাধাৰণতে তিনিদিনীয়াকৈ পতা এনেবিলাক ইজতেমাত কেৱল
ধৰ্মৰ কথা বাৰে বাৰে সোঁৱৰাই থকাৰ লগতে কেতিয়াবা ইছলামৰ বাবে আত্মত্যাগ কৰিবলৈকো আহ্বান
কৰা হয়। ইয়াতে আপত্তি কৰিবলগীয়া আছে। কাৰণ ধৰ্মীয় নেতাসকলে কয় যে ইছলাম ধৰ্ম আৰু মুছলমানৰ
স্বাৰ্থৰ কাৰণে যিসকল ‘ছহিদ’ হয়, তেওঁলোক পোনছাটেই স্বৰ্গগামী হয়। তেওঁলোকে ক’বলৈ বিচাৰে
যে এইটো জনম অস্থায়ী আৰু নানা সমস্যাৰে ভৰা। পৰজন্মত স্বৰ্গ লাভ কৰিব পাৰিলে¸ চিৰশান্তি
পাব পৰি। তাক পাবলৈ সহজ উপায় হৈছে ছহিদ হোৱাৰ
পথ উলিয়াই লোৱা। ইছলামৰ বাবে প্ৰাণ দিব পাৰিলে সহজতে স্বৰ্গ লাভ কৰিব পাৰি। এই আহ্বানৰ
বাবে যুৱ প্ৰজন্মৰ বহুতো যুৱক সন্ত্ৰাসবাদৰ প্ৰতি আকৃষ্ট হয় বুলি বহুতো বিশেষজ্ঞই ঠাৱৰ
কৰিছে।
শেহতীয়াকৈ, ৱাহাবী
আৰু কট্টৰবাদীৰ বিৰুদ্ধে অসমত জনমত সৃষ্টি কৰিবলৈ জমিয়ত-ই-উলামা-ই-হিন্দ যথেষ্ট সক্ৰিয় হৈ পৰিছে। ২০১৮ চনৰ ৯ এপ্ৰিলত ই-মাধ্যম
আৰু বাতৰি কাকতত কমৰুজ জামান নামৰ যমুনামুখৰ এজন যুৱকে হাতত এ.কে.-৪৭ ৰাইফল লৈ সন্ত্ৰাসবাদী
হিজবুল মোজাহিদিনৰ সদস্য বুলি দাবী কৰিছিল আৰু তাৰ পাছত তেওঁক সেই বছৰৰ ১৩ ছেপ্টেম্বৰত
কানপুৰত নিৰাপত্তাবাহিনীয়ে গ্ৰেপ্তাৰ কৰাৰ বাতৰি প্ৰকাশৰ পাছত সমগ্ৰ অসমত হুৱাদুৱা
লাগিছিল। সেই সময়তে আৰু একে ঠাইৰে কেইবাজনো লোক গ্ৰেপ্তাৰ হোৱা ঘটনাত উদ্বেগ প্ৰকাশ
কৰি স্থানীয় মুছলমান বাসিন্দাসকলে এনেবিলাক ৰাষ্ট˜দ্ৰোহী কাৰ্যক গৰিহণা দি বিশাল গণবিক্ষোভ
প্ৰদৰ্শন কৰে। সন্ত্ৰাসবাদী বুলি অভিযুক্ত হোৱা ব্যক্তিসকলৰ পৰিয়ালক স্থানীয় মুছলমানসকলে
সমাজৰ পৰা বহিষ্কাৰ কৰিলে। তাৰ সমান্তৰালভাৱে জমিয়তে গুৱাহাটীত সংবাদ মেল পাতি এই সকলো
ঘটনাৰ বাবে ৱাহাবী সমৰ্থক আৰু তব্লিগী জামাতক জগৰীয়া কৰে। এইবিলাক ইতিবাচক দিশৰ সুদূৰপ্ৰসাৰী
ফলাফল নিশ্চিতভাৱে পোৱা যাব।
সামৰণিত এটা কথা
উল্লেখ কৰিব লাগিব যে ইতিমধ্যে আলোচনা কৰা চৈয়দ কুট্বৰ পৰা আৰম্ভ কৰি মাদুদিলৈকে যিসকলে
চৰমপন্থী ধৰ্মবাদ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে, সেইবিলাকৰ ওপৰত নিৰ্মোহ আৰু সমালোচনাত্মকভাৱে
চৰ্চা কৰাৰ প্ৰয়োজন আহি পৰিছে। আমি যিমানখিনি অধ্যয়ন আৰু চৰ্চা কৰিছোঁ, তাৰ পৰা এটা
কথা নিশ্চিতভাৱে ক’ব পাৰোঁ যে বিশ্বৰ ১.৮ বিলিয়ন মুছলমানৰ ভিতৰত সন্ত্ৰাসবাদৰ সৈতে
জড়িত মুছলমানৰ সংখ্যা নিচেই নগণ্য। কিন্তু এখন নগৰত বা এটা অঞ্চলত কূটাঘাতমূলক কাম
কৰি শতাধিক নিৰীহ মানুহক হত্যা কৰিবলৈ দহটাতকৈ অধিক সন্ত্ৰাসবাদী নালাগে। যোৱা দহটা
বছৰত কোন কোন দেশত সন্ত্ৰাসবাদীয়ে কিমান মাৰাত্মক সন্ত্ৰাস কাৰ্য কৰিলে আৰু কিমান সাধাৰণ
আৰু নিৰাপত্তাৰক্ষী মানুহৰ প্ৰাণ গ’ল, তাৰ নিৰ্ভৰযোগ্য তথ্য আছে। ২০১৭ চনত
Institute for Economics and Peace-এ প্ৰস্তুত কৰা Global Terrorism Index-ৰ তথ্য মতে
সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা মানুহৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে। সেইদৰে
বিভিন্ন দেশত সক্ৰিয় হৈ থকা সন্ত্ৰাসবাদী গোটবিলাকৰো নাম জানিবলৈ পোৱা যায়। কিন্তু
সন্ত্ৰাসবাদীৰ নিৰ্ভৰযোগ্য পৰিসংখ্যা পোৱা নাযায়। আমাৰ দেশতে কিমান সন্ত্ৰাসবাদী সক্ৰিয় আছে, তাৰো কোনো হিচাপ নাই।
আমি কেইবাগৰাকী কৰ্তৃত্বশীল উচ্চপদস্থ বিষয়াৰ লগতে এই বিষয়ে আলোচনা কৰি কোনো হিচাপ
নাপালোঁ। সেইদৰে সন্ত্ৰাসবাদত বিশ্বাস কৰা বা গোপনে সন্ত্ৰাসবাদীক সহায় কৰা মানুহৰ
আনুমানিক পৰিসংখ্যা কাৰো হাতত নাই। অৱশ্যে ৱাহাবী পৃষ্ঠপোষকতা কৰা আৰু তাৰ চৰম ধাৰাত
বিশ্বাস কৰা সংগঠনৰ ভালেখিনি তথ্য পোৱা যায়। ভাৰতৰ ষোল কোটি মুছলমান মানুহৰ মাজত তেনে
ধৰণৰ সংগঠন আৰু চৰমপন্থী মানুহৰ হিচাপ পৰিসংখ্যাগতভাৱে একেবাৰে গুৰুত্বহীন
(statistically insignificant)। তথাপি, সাধাৰণ দৃষ্টিতো এয়া উদ্বেগজনক নহ’লেও তাৰ সুদূৰপ্ৰসাৰী
ফল চিন্তাজনক। সেয়ে, সকলো সচেতন নাগৰিকে, বিশেষকৈ মুছলমান সমাজে এনেবিলাক পশ্চাৎমুখী
তথা চৰমপন্থী সংগঠন, নেতা আৰু সদস্যৰ প্ৰতি সদাসচেতন হোৱাটো নিতান্ত প্ৰয়োজন, কাৰণ
সন্ত্ৰাসবাদীবিলাকৰ কোনো ধৰ্ম নাই। গতিকে তেওঁলোকৰ ধৰ্মও নাই। সেই সত্যৰ কথা উল্লেখ
কৰি সকলো ধৰ্মীয় নেতাই তেওঁলোক মুছলমান নহয় বুলি ঘোষণা কৰিছে। দৰাচলতে, তেওঁলোক মানুহৰ
শাৰীতে নপৰে। এতেকে, এই পৰিপ্ৰেক্ষিতত তব্লিগী জামাতে এটা সুনিশ্চিত স্থিতি লৈ কট্টৰপন্থীবিলাকক
উচিত পথ দেখুৱাব লাগে, যাতে তেওঁলোকৰ কোনো অনুৰাগী কালক্ৰমত সন্ত্ৰাসবাদী হ’বগৈ নোৱাৰে।
সমাপ্ত
Labels:
অন্যযুগ