পাপৰি গোস্বামী
চল্লিছৰ পৰা ক্ৰমে আশীলৈকে স্পীড বঢ়াই লৈ আকৌ পঞ্চাছলৈকে নমাই আনে। ইমানেই
মসৃণতাৰে চলাই নিয়ে যে যাত্ৰীসকলে এবাৰলৈও অনুভৱেই কৰিব নোৱাৰে। অঁকোৱা-পকোৱা ৰাস্তাটো কিচকিচিয়া ক’লা গোমসাপ এডালৰ দৰে
পৰি আছে। দবাপিটা বৰষুণজাক পুৱাতেই যি আৰম্ভ হ’ল, কমাৰ নাম-গোন্ধেই নাই। বহল ৱিণ্ডছীলখনত ৱাইপাৰডালৰ সঘন নাচোন চলি আছে। এনেবোৰ দিন বজৰঙৰ বৰ প্ৰিয়। যেন কিবা এক ৰহস্যময় পৰিৱেশ। এনে দিনত তাৰ হাতত গিয়েৰ,
এক্সেলেটৰেও যেন নাচোন জোৰে। আপ-ডাউন, আপ-ডাউন... আগবাঢ়ি যায়। মুখত গানৰ কলিৰ গুণগুণনি। পিছে কি গান, কি ভাষাৰ গান তাক ধৰিবৰ সাধ্য নাথাকে হেন্দিমেন ৰফিক আৰু সজলৰ।
বগৰীবাৰী
পাৰ হৈছে। দুজনমান যাত্ৰী উঠা-নমা কৰিলে। স্নানঘাট পাৰ হৈ টিপকাই দলঙত উঠাৰ লগে লগে বজৰঙৰ
চকুদুটা তিৰবিৰাই উঠে। বাওঁফালে যিমান দূৰলৈ পৰা যায় দৃষ্টিয়ে বাট বিচাৰি ফুৰে। সাধাৰণ গতিৰ তুলনাত
খুব ধীৰ গতিৰে দলংখন পাৰ হয়।
- ঐ সজল, বেলতলীত গুৱা কয়খান নেওৱা লাইগবে। খেয়াল ৰাখিছ্ কথাটা।
নৈমিত্তিক কামবোৰৰ দৰে এইটো কথাও
নৈমিত্তিক। সজলৰ মনত ৰখাৰ প্ৰয়োজন নাই। তথাপি বজৰঙে প্ৰতিদিনে ঠিক এইখিনি
ঠাইতেই কথাটো কয়।
- বুজছিছ্ ৰফিক, ধুবৰী-গৌৰীপুৰেৰ গুৱাৰ টুকৰাগুলা এতোখনা ছোট্ট ছোট্ট টুকৰা। খায়া শান্তি হয়না।
বেলতলীৰ বড়ো বড়ো গুৱাৰ টুকৰাৰ যেই স্বাদ.. ঐ মতন হয়না ৰে ... .
ৰফিকে
মুৰ দুপিয়ায়। প্ৰতিদিনৰ দৰেই। এনেয়েও সি কথা কম কয়। নজৰহে বেছি তাৰ, বজৰঙৰ হাতখনলৈ... ।
বজৰঙৰ হাতদুখনে ষ্টিয়েৰিঙৰ ওপৰত যেন যাদুহে চলায়। কিমান মসৃণভাৱে হাইৱেৰ খলা-বমাবোৰৰ ওপৰেদি চকাকেইটা ঘূৰাই
নিয়ে। কিমান যে মন যায়- এই গাড়ীখনৰ ষ্টিয়াৰিঙত হাতৰ
যাদু চলাবলৈ..। একদম বজৰং ভাইৰ দৰে...।
মালিকে
নিদিয়ে, দামী
গাড়ী ।
বজৰঙে
নিদিয়ে, শিকিবলৈ
তাৰ এতিয়াও বহুত বাকী।
ৰফিকে
জীৱনত এদিন পাক্কা ড্ৰাইভাৰ হ’বই।
একদম বজৰঙ ভাইৰ দৰে... ।
আশাৰীকান্দিৰ বাইছ বছৰীয়া সুঠাম ডেকা ব্ৰজেন বৰ্মনে শালকোচাৰ বড়ো যুৱতী মনবাৰিৰ প্ৰেমত পৰাৰ পাছৰে পৰাই তাৰ ভাগ্যই তাৰ লগত খেল খেলিবলৈ লৈছিল। পিছে একমাত্ৰ পুতেকৰ বিয়াখনলৈ বহু হেঁপাহেৰে ৰৈ থকা মাকে কোনোমতে এই কথা মানি ল’বলৈ অমান্তি হৈছিল।
১৯৯৩
চনৰ বাৰিষা কালৰ কোনোবা এটা দিন। সন্ত্ৰাসেৰে ভৰা অসমৰ চাৰিও দিশ। গৌৰাং
নদীৰ ভগা দলঙৰ ওপৰত তেতিয়া সেনাৰ বেইলী ব্ৰীজ। দোভাগ ৰাতি বৰষুণত তিতিবুৰি মনবাৰিক লৈ ব্ৰজেন
বৰ্মনে
গৌৰাং নদীৰ পাৰ পায়হি মানে ৰাতি পুৱাবৰ হৈছিল। সেনাৰ চকুত ধূলি দি আগয়ে ঠিক কৰি থোৱা নাওখনেৰে পাৰ হ’বলৈ নাপালেই সিহঁতে।
দুদিন ধৰি আৰ্মী কেম্পত শৰীৰ-মনৰ ওপৰত অত্যাচাৰ। তাৰ পাছত কোনো প্ৰমাণ নাপাই
দুয়োকে সেনাৰ গাড়ীৰেই
আশাৰীকান্দিলৈকে থৈ আহিলগৈ। পুতেকৰ শৰীৰৰ দাগবোৰ দেখি লগতে লৈ অহাজনীৰ প্ৰতি থকা খং-ৰাগ বোৰ মাকে
পাহৰি গ’ল।
সংসাৰ
আৰম্ভ হ’ল
ব্ৰজেন-মনবাৰীৰ। দুবছৰ নৌহওঁতেই কণমানি এজনীয়ে মনবাৰিৰ কোলা শুৱনি কৰিলেহি। ইপিনে সংসাৰ বঢ়াৰ লগে লগে উপাৰ্জনো বঢ়াবলগীয়া
হ’ল ব্ৰজেনে। দেউতাকৰ পৰামৰ্শ মতে নগেন ঠিকাদাৰৰ ট্ৰাকত সোমাল সি। নদীৰ পৰা বালি লোড কৰি সঠিক স্থানত আনলোড
কৰিবগৈ লাগে।
টিপকাইৰ
দক্ষিণ দিশৰ বালিৰ কোৱালিটি ভাল। দামো কম। ঠিকাদাৰে মানুহ ফিটিং কৰি থৈছে। কোনো
ধৰণৰ সমস্যা নোহোৱাকৈ একেৰাহে বাৰদিন ট্ৰাক চলিল।
ইতিমধ্যে, ৰাস্তাৰ কাষৰে ফুটকীবাইৰ দোকানৰ নিয়মিত গ্ৰাহক হৈ
পৰিছে ব্ৰজেন। দিনটো কামৰ পিছত ফুটকীৰ হাতৰ চুলাই আৰু বুটভজাইহে ভাগৰ নোহোৱা কৰিব
পাৰে।
সিদিনা
তাৰ ভাগৰ অলপ বেছিকৈয়ে লাগিছিল। বাকী কেইজনক যাবলৈ দি সি ফুটকীৰ দোকানতে ৰৈ দিলে। আন্ধাৰ হৈ আহিছিল। দেখা-নেদেখা পোহৰত মনবাৰি আহি তাৰ কাষতে
বহিছিল। বুটভজাৰ লগত কেঁচা পিয়াজৰ টুকুৰাটো সুমুৱাই দি মনবাৰিয়ে তাক সাবটি ধৰিছিল।
ভাগৰবোৰ ক্ৰমাৎ কমি আহিছিল। চকু দুটা মেলি উঠিবলৈ লওঁতেই ফুটকীবায়ে তাক ‘জামাই’ বোলাতহে সি আচৰিত হৈ পৰিল। দুৱাৰৰ কাষতে
চুচুক-চামাককৈ থিয় হৈ থকা ফুটকীবাইৰ সদ্য গাভৰু
জীয়েক গংগাক দেখি তাৰ নিচা পলাই ফাট মাৰিলে।
ভুল
হৈ গ’ল
তাৰ, ডাঙৰ ভুল। সি মনবাৰিৰ লগত অন্যায়
কৰিব নোৱাৰে। কিন্তু গংগা... !! দুদিনৰ সময় লৈ সি গুচি আহিল। পলোৱাৰ কথাও ভাবিলে। পিছে তাৰ আত্মাই বাধা দিলে।
দুদিন পাছত কথামতেই ফুটকীবাইৰ দোকান পালেগৈ সি। গংগাৰ বিয়াৰ খৰছৰ দায়িত্বও গা পাতি ল’লে। ভিতৰৰ পৰা উচুপনিৰ শব্দ শুনি গংগাৰ ওচৰত ক্ষমা খুজিবলৈ যাওঁতেই তাই সাবটি ধৰিলে তাক।
সি
নাজানিছিল, কেতিয়াৰ পৰানো তাই মনে মনে তাকেই
বিচাৰিছিল। আচলতে, সিদিনাও তাই নিজেই হে তাৰ কাষ চাপিছিল।
গংগাৰ
মুখখন বহুদিনলৈ তাৰ মনত পৰি আছিল। টিপকাইৰ পাৰত কেতিয়াবা
নিশ্চয় দেখা হ’ব। সেয়া তাৰ অন্তৰৰ আশা।
ঘটনাৰ পাছতেই ঠিকাদাৰৰ জৰিয়তেই সি গুৱাহাটী পালেহি। সংসাৰৰ খৰছ বাঢ়িছিল। ছোৱালীজনীও ডাঙৰ হৈ আহিছে, মনবাৰিয়ে প্ৰায়েই সোঁৱৰাই থাকে। ইতিমধ্যেই সি ট্ৰাক চলাব পৰাকৈ ড্ৰাইভাৰী শিকি লৈছিল। এইবাৰ সি গুৱাহাটীৰ পৰা তুৰালৈ কয়লাৰ ট্ৰাকত সোমাল। ওখোৰা-মোখোৰা পাহাৰীয়া ৰাস্তাত গাড়ী চলোৱাৰ কৌশলত সিদ্ধহস্ত হৈ পৰা ব্ৰজেন বৰ্মন কিছুদিনৰ ভিতৰতে মালিকৰ প্ৰিয়পাত্ৰ হৈ উঠিল।
অনা অসমীয়া মালিকৰ মুখত ব্ৰজেন নামটো ‘বজৰং’ হ’লগৈ। তেতিয়াৰ পৰাই ব্ৰজেন হৈ পৰিছিল বজৰং ভাই। মালিকে তাৰ নিষ্ঠা আৰু সততাক মুগ্ধ হৈ তাক নিজৰ ব্যক্তিগত ড্ৰাইভাৰ কৰি ল’লে। সোতৰ বছৰত বজৰং ভাই সকলো নতুন ড্ৰাইভাৰৰ বাবে আদৰ্শ হৈ পৰিল। আশাৰীকান্দিৰ ব্ৰজেনৰ সংসাৰখন বজৰঙৰ কৃপাত থন ধৰি উঠিল। সকলো সুখী হ’ল। কেৱল মনবাৰিৰ বাহিৰে। তাই বিচাৰিছিল বজৰং ঘৰলৈ ঘূৰি আহক। ডাঙৰ হৈ অহাৰ লগে লগে ছোৱালীজনীৰ খোজ-কাটলত দেখা গ’ল অত্যধিক চঞ্চলতা। মনবাৰিয়ে চম্ভালিব নোৱাৰে। বাপেক নথকাৰ চেলু লৈ মাজে মাজে বেলেগ গাঁৱৰ চেংৰা কিছুমানো আহি থাকে। কথাবোৰ ভাল হোৱা নাই। প্ৰতিবাৰ ঘৰলৈ আহিলেই মনবাৰিয়ে আপত্তি দৰ্শায়। কিন্তু বজৰঙৰ বিশ্বাস, তাৰ হৃদয়ৰ এফাল জীয়েকে সি দুখ পোৱা কাম কেতিয়াও নকৰে। জীয়েকৰ বিয়াৰ বাবে কিমান আশা পালি ৰাখিছে..। কোনো ধৰণৰ কষ্ট পাব নিদিয়ে সি তাৰ কণমানি জীয়েকক। পিছে, শেষত মনবাৰিৰ কথাকে মানি ল’বলৈ সি বাধ্য হ’ল। গুৱাহাটী এৰি সি ঘৰলৈ ঘূৰি আহিল।
অনিচ্ছা সত্তেও মালিকে বজৰঙক আহিবলৈ দিলে। কিন্তু লগতে বজৰঙৰ সততাক সন্মান জনাই তেওঁৰেই বন্ধুৰ গাড়ীত বজৰঙক সুমুৱাই দিলে।
ধুবৰী-গুৱাহাটী-ধুবৰী বাছ। প্ৰতিদিন আপ-ডাউন। যোৱা দুটা বছৰে বজৰঙৰ হাততে গাড়ী। কোনোদিন একো সমস্যা হোৱা নাই।
“বেলতলী, বিলাসীপাৰা... বেলতলী, বিলাসীপাৰা....” সজলে চিঞৰিলে।
ৰাস্তাৰ কাষৰে দোকানখনৰপৰা তামোলো আনিলে। দুখন তামোল একেবাৰতে মুখত সুমুৱাই লৈ বজৰঙে এক্সলেটৰ ডবালে। একেবাৰে শোলমাৰীত ৰৈহে পিছৰ তামোলখন মুখত ভৰাব।
- বজৰং ভাই, বৌদিৰ ফোন..
ৰফিকে হাতৰ মোৱাইল ফোনটো বজৰঙৰ কাণত লগাই দিলে। গাড়ী চলাই থাকোতে বজৰঙে হাতত ফোন নলয়।
- হেঁ.. কি হইল...!
তাৰ পাছৰখিনি বজৰঙে কি শুনিলে সেয়া ৰফিকে নাজানিলে। কিন্তু বজৰঙৰ মুখৰ সলনি হোৱা ৰংটো দেখি বুজিলে যে কিবা এটা ডাঙৰেই ঘটিছে। চাপৰ পোৱাত বজৰঙে ওপৰত শুই থকা ছেকেণ্ড ড্ৰাইভাৰ বিমলক মাতি ছাবিটো দি নামি গ’ল। কোনোৱেই একো সুধিবলৈ নাপাওঁতেই বিপৰীত ফালৰপৰা অহা ট্ৰাকখন ৰখাই সি গুচি গ’ল।
কথাবোৰ এদিনতে হোৱা কথা নাছিল। মনবাৰিৰ সন্দেহ সঁচা হৈছিল। দুমাহৰ আগেয়ে জীয়েকে কলেজত যোৱাৰ ছলেৰে কাষৰ গাঁওখনৰ ভিন ধৰ্মৰ ল’ৰা এজনৰ সৈতে গুচি গৈছিল। লগতে লৈ গৈছিল তাইৰ বাবেই গঢ়াই থোৱা সকলো অলংকাৰ আৰু মাকৰ সাঁচতীয়া টকাখিনিও। বহুত বিচাৰ-খোচাৰ কৰিও দুয়োকো নাপালে। কোনোবাই ক’লে, দুয়ো হেনো ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰ পাইছেগৈ।
আশাৰীকান্দিৰ ঘৰত তেতিয়া কান্দোনৰ ৰোল। বজৰং পদূলিত থিয় হোৱাৰ লগে লগে কোনোবা এজনে পুলিচৰ ভেনখনত উঠাই দিলে। মনবাৰিয়ে পিছপিনৰ পৰা দৌৰি আহি বজৰঙৰ হাতত ধৰি ৰাউচি জুৰিলে। তাইক জোৰকৈ আঁতৰাই দি কাষতে থিয় দি থকা পুলিচ বিষয়াগৰাকীৰ চকুলৈ চালে। বিষয়াগৰাকীয়ে ড্ৰাইভাৰক ইংগিত দিলে।
বাহিৰত কেইবাজনো মানুহৰ দৃষ্টি অতিক্ৰম কৰি বজৰং মৰ্গত সোমাল। দুখ নে ভয় নে লাজ নে কি নাজানে সি, কিন্তু কিবা এটাই তাৰ ভৰি দুখনক যেন বাধা দিছে। বিষয়াগৰাকীয়ে তাৰ কান্ধত হাত ৰাখিলে। সি আগবাঢ়ি গ’ল। উৎকট দুৰ্গন্ধ এটাত তাৰ ওকালি আহিবৰ উপক্ৰম হ’ল। ভৰি দুখন থৰ হৈ পৰিল। কি কৰিব..! আগ বাঢ়ি গৈ চাব পাৰিবনে তাৰ কলিজাৰ টুকুৰাটোৰ বীভৎস ৰূপ..! উস... বুকুখনত তীব্ৰ বিষ এটা উৎপত্তি হৈ ক্ৰমাৎ তলপেট পালেগৈ। পেটত খামোচ মাৰি ধৰি সি অনুভৱ কৰিলে এইটো দূৰ্গন্ধৰ সৃষ্টি দেখোন তাৰেই ঔৰসত হৈছিল। খুবেই আপোন এই দূৰ্গন্ধটো।
সি আগুৱাই গ’ল। হটঙা যেন লগা মানুহ এজনে কাপোৰখন গুচাই দিলে। বিষটো পুনৰ তীব্ৰ হৈ উজাই আহিল। কান্দোন এটাই তাক হেঁচি ধৰিছে, কিন্তু ডিঙিলৈ আহি ৰৈ গৈছে। কি এয়া তাৰ সন্মুখত..!! কজলা বৰণৰ কঁৰালবোৰ.. এয়া তাৰেই দেহৰ পৰা নিৰ্গত হৈছে নে....!
পুলিচ বিষয়াগৰাকীয়ে দেখুৱাই দিয়া প্ৰয়োজনীয় কাগজবোৰত চহী কৰি সি ওলাই আহিল। পুৱাৰ বাতৰি কাকতত ডাঙৰ ডাঙৰ হৰফেৰে প্ৰকাশ হ’ল, “পানী মেটেকাৰ তলত অৰ্ধগলিত অৱস্থাত যুৱতীৰ মৃতদেহ। দলবদ্ধ ধৰ্ষণৰ চিকাৰ মৃতদেহটোৰ চিনাক্তকৰণ৷”
ধুবৰী-গুৱাহাটী-ধুবৰী বাছখন যাত্ৰীৰে ভৰি পৰিছে। সদায় সঠিক সময়ত বাছখন এৰা বাবে যাত্ৰীসকল সময়ৰ আগতেই চিটত বহেগৈ। আজি বিমল বহিছে ড্ৰাইভিং ছিটত। সজল আৰু ৰফিকে যাত্ৰীসকলৰ বেগবোৰ সঠিক স্থানত ৰখাৰ ব্যৱস্থা কৰি দিছে। বিমলে ষ্টাৰ্ট দিবলৈ ওলাই হঠাতে ৰৈ গ’ল। লাহে লাহে সি চিটৰ পৰা নামি দিলে। সজল আৰু ৰফিকে আগুৱাই আহিল। শব্দৰ ব্যৱহাৰ এই সময়ত অনৰ্থক বুলি যেন তিনিওজনেই বুজি পালে।
বগৰীবাৰী পাৰ হৈছে। আগতেই টিকট কাটি থোৱা মতে দুজনমান যাত্ৰী উঠিল। স্নানঘাট পাৰ হৈ টিপকাই দলঙত উঠাৰ লগে লগে চকুদুটাই তিৰবিৰাই উঠিল। বাওঁফালে দৃষ্টিয়ে ঢুকি পোৱালৈ চাই পঠিয়ালে সি। সাধাৰণ গতিৰ তুলনাত খুব ধীৰগতিৰে দলংখন পাৰ হ’ল।
- ঐ সজল, বেলতলীত গুৱা কয়খান নেওৱা লাইগবে। খেয়াল ৰাখিছ্ কথাটা। - সজলৰ সেমেকা চকু দুটাই অবাক হৈ চালে।
- বুজছিছ্ ৰফিক, ধুবৰী, গৌৰীপুৰেৰ গুৱাৰ টুকৰাগুলা এতোখনা ছোট্ট ছোট্ট টুকৰা। খায়া শান্তি হয়না। বেলতলীৰ বড়ো বড়ো গুৱাৰ টুকৰাৰ যেই স্বাদ.. ঐ মতন হয়না ৰে ...
ৰফিকে মুৰ দুপিয়ায়। প্ৰতিদিনৰ দৰেই। এনেয়েও সি কথা কমকৈ কয়। নজৰহে বেছি তাৰ। বজৰঙৰ হাতলৈ...
ৰফিকে জীৱনত এদিন পাক্কা ড্ৰাইভাৰ হ’বই। একদম বজৰং ভাইৰ দৰে..।
***
ঠিকনা :
গোলকগঞ্জ,
ধুবৰী
ভ্ৰাম্যভাষ : ৯৭০৬৯১১৫৩৩