আকাশ দীপ্ত ঠাকুৰ
“ইমান
কিয় ভাবনাবিভোৰ মন মৈথিলী ! আমিতো আজি কেৱল
মৌনতাক সাক্ষী কৰি এনেকৈ ক্ষণ গণি থাকিম বুলি লগ হোৱা নাছিলোঁ৷ আচৰিত...তোমাৰ নিৰৱতাই
যদি এতিয়া মোকো ভাষাহীন কৰি তোলে...? ”
খিলখিলাই
হাঁহি দিলে ৰাধাই৷
ক্ষণিকৰ
বাবে যেন কঁপি উঠিল প্ৰৱাহিনী যমুনাৰ নীলিম সলিলৰাশি৷ লহৰে লহৰে মৃদু তৰঙ্গ সৃষ্টি কৰিলে দিনান্তত শ্ৰান্ত হৈ পৰা যমুনাৰ নিৰৱধি প্ৰৱাহত৷
অস্থিৰ
ভাবনাৰ উৰ্মিমালাই অশান্ত কৰি তুলিলে কাষতে ধীৰ-স্থিৰ হৈ বহি থকা সীতাৰ অন্তৰ৷ শুভ্ৰ বালিত
বৈ পৰা হেঙুল বৰণীয়া আঁচল, চপাই লোৱা আঁঠু দুটাত থুঁতৰিৰে ভেজা দি, তললৈ
দৃষ্টি নিক্ষেপ কৰি মৌন হৈ বহি আছিল কেইটামান মুহূৰ্ত৷
মনৰ
হেঁপাহেৰে কেইটামান কথা পাতিম বুলিয়েতো আজি আমন্ত্ৰণ জনাইছিল ৰাধিকাক৷ উৎফুল্ল হৈ পৰিছিল
বৃষভানু কন্যা–“সঁচাকৈ
কৈছা সীতা ?
তুমি আহিবা...মোক লগ পাবলৈ ? মোৰ যে বিশ্বাসেই হোৱা নাই ! কিন্তু ক’ত...ক’ত লগ হ’ম আমি ? কোৱা
হে বৈদেহী;
মই...মই সঁচাকৈ অধীৰ হৈ পৰিছোঁ৷ ”
...এনেদৰেই
যেন খহি পৰিছিল দুটা যুগৰ মাজৰ এখনি অদৃশ্য দেৱাল...ত্ৰেতা, দ্বাপৰ...; আৰু
কলি...!
সিদ্ধান্ত
হৈছিল–যমুনা...হয়
যমুনাৰ তীৰেই হ’ব পাৰে
দুয়োৰে বাবে সুবিধাজনক এডোখৰ ঠাই৷ চঞ্চলা সেই তটিনীৰ প্ৰতিটো তৰংগই পৰিচিত দুয়োৰে৷
যি কথা কোৱা হোৱা নাই কাহানিও, মনৰ নিভৃতৰপৰা বৈ অহা সেই অব্যক্ত অভিধাৰ
সাক্ষী হৈ ৰ’ব প্ৰৱাহিনী
যমুনাৰ অশান্ত উৰ্মিমালা৷
চঞ্চলা
ময়ূৰীৰ
দৰেই আজন্ম চিনাকি কদম তললৈ খৰ খোজেৰে আহিছিল ৰাধিকাসুন্দৰী৷ গাঢ় নীলবৰণত বন-সেউজীয়া
ৰহণ মিহলি,
তাতে সোণ বৰণৰ তৰা-ফুটুকীয়া ঘাগৰি, একে
ৰং-আৰ্হিৰ কিলাকুটিলৈকে দীঘল হাতৰ চোলাটো; আৰু... সেউজ গিৰিমালাৰ
বুকুত শৰতৰ এচমকা শুভ্ৰ মেঘৰ দৰেই ফাল্গুনী লহৰে উৰুৱাই নিব খোজা উত্তৰীয়খন৷ জিকমিকাই
থকা এমুঠি বালিছন্দা হাতলৈ লৈ মুঠি মাৰি এৰি দিওঁতে বতাহৰ ঢৌৱে উৰুৱাই লৈ গৈছিল যমুনাৰ
বুকুলৈ৷ মিচিকিয়াই হাঁহিছিল যমুনাই৷ হেলনীয়া হৈ বৈ অহা কদমৰ শাখা এটাই আলফুলে স্পৰ্শ
কৰি চাইছিল অলসভাৱে বান্ধি লোৱা কবৰী৷ কৃত্ৰিম ভ্ৰূকূটিৰে ৰাধাই কদমজোপাৰ ফালে ঘূৰিব
খোজোঁতেই অদূৰৈত দেখিছিল জানকীক৷ বুৰিবলৈ যো-জা কৰা দিনমণিৰ হেঙুল কিৰণে ৰহণ চৰাইছিল
মৈথিলীৰ দেহৰ একে বৰণৰ সাজযোৰত৷ বাঁও বাঁউসীয়েদি চপাই লোৱা মুক্ত কেশী বৈদেহীৰ হিৰন্ময়ী তনুজ আভাৰ পৰশ পাই ক্ষণিকৰ বাবে যেন যমুনায়ো উচপ খাই উঠিছিল–কি অপৰূপ
সৌন্দৰ্য ! অথচ যেন... সদা নিষ্পৃহ এক সন্ন্যাসিনী
এই জনকনন্দিনী৷
মৈথিলী
কাষ চাপি অহাৰ পাছত ৰাধা আৰু চঞ্চলা হৈ উঠিছিল–“আহাঁ সীতা৷ তোমাৰ
বাবেই সৌৱা ৰৈ আছে চোৱাঁ চিৰপ্ৰৱাহিনী যমুনা৷ ” নিজেই ৰসিকতা
কৰি মিচিকিয়াই হাঁহিছিল ৰাধিকাই– “সৌৱা দুই দণ্ড সময় এতিয়াও বাকী দিনমণিৰ
বিদায়ৰ বাবে৷ ”
বসুধাতনয়াই
একেথৰে এপলক চাইছিল ৰাধালৈ–সঁচাকৈ...অপূৰ্ব সুন্দৰী তুমি ৰাধিকা; যেন
চঞ্চলা-চপলা কোনো বন মৃগৰ দৰেই মনোময়, মোহনীয় তুমি৷ অথচ...৷
সেই
তেতিয়াৰপৰাই মৌন হৈ বহি পৰিছিল জনকনন্দিনী৷ মনৰ মাজত অগণন প্ৰশ্নৰ উত্থান-পতন৷ কিন্তু
প্ৰকাশ কৰে কেনেকৈ ?
কাষতে বহি আছে এয়া ৰাধা; যাক কোনো কথাই কাহানিও যেন বিচলিত কৰিব
নোৱাৰে৷ কিমান মুকলি অন্তৰেৰে প্ৰশ্ন কৰিছে তেওঁকেই– কিয়... কিয় এই
মৌনতা!
সি যি
নহওক, আজি
ক’ব পাৰিব
লাগিব সীতাই৷ এটা যুগৰ প্ৰতিভূ হৈ আহিছে আজি তেওঁ বসুধাবক্ষৰপৰা৷ হয়তোবা বহু প্ৰতীক্ষাৰ
অন্তত দুয়ো এয়া মুখামুখি– দুটা যুগক প্ৰতিনিধিত্ব কৰা দুটি নাৰী
সত্তা৷
মূৰ
তুলি সন্মুখলৈ দৃষ্টি নিক্ষেপ কৰিলে সীতাই৷ যি ক’ব আজি, তাৰ সাক্ষী হৈ
ৰ’ব এই
যমুনা, এই কদমতল৷
ভয় নকৰে সীতাই৷ যিমানেই দুৰ্বলা বুলি ভাবিব নোখোজক এই সমাজে, সিমানেই কিন্তু দৃঢ় সীতাৰ হৃদয়৷ অগ্নিয়েও স্পৰ্শ কৰিব পৰা নাছিল যাৰ
পাৰ্থিৱ শৰীৰ ! আৰু এতিয়া... ক্ষণিকৰ বাবেও আৰু বিচলিত
নহয় তেওঁ কাহানিও; হ’বলৈও আৰু একো নাই৷ কিন্তু ৰাধাক এবাৰ
লগ পোৱাটো তেওঁৰ বাবে বৰ জৰুৰী হৈ পৰিছিল৷ বহু কথাৰ বাবে...৷
ৰাধা...অয়ন
পত্নী ৰাধাই আজি শুনিব লাগিব দাশৰথিজায়াৰ অকপট স্বীকাৰোক্তি৷ বিচাৰ কৰিব লাগিব৷ যদি
এয়ে পৰিচয় হয় এগৰাকী নাৰীৰ; তেন্তে ...কাললৈ বুলি অৱনমিত হ’ব পাৰে
সীতাৰ দৰে আৰু বহু নাৰীৰ অস্তিত্ব তথা অৱস্থান ! চিৰচঞ্চলা সন্মোহিনী
ৰাধা– যাৰ
খিলখিল হাঁহিত যমুনায়ো লহৰ তোলে, কদমৰ ডালত পৰি নাচোন ধৰে বুলবুলি-সখীয়তীয়ে..., অথচ ৰাধাই নাজানে, নে জানিব নোখোজে প্ৰকৃত কথাবোৰ...? সমগ্ৰ পৃথিৱীয়ে পৰকীয়া প্ৰেমৰ
কলংকৰ চেকা সানি দিব খোজা ৰাধাই প্ৰকৃততে কি ভুল কৰি আছে– সেয়া জানিব লাগিব
আজি ৷
সীতাই
স্থিৰ দৃষ্টিৰে ৰাধাৰ মুখলৈ চালে৷ যদিও ৰাধাৰ দৃষ্টি নিবদ্ধ হৈ আছে যমুনাৰ সলিলবক্ষত, মনটো
কিন্তু উন্মুখ হৈ আছে জানকীৰ কথা শুনিবলৈ৷
হয়... উন্মুক্ত
হ’ব আজি
সীতাৰো হৃদয়৷ ৰুদ্ধ কপাট মুক্ত কৰি বহু কথাই ক’ব লাগিব
ৰাধাক৷ বিচাৰ... বিচাৰ নিজে কৰিব মোহন-প্ৰেয়সীয়ে; মানি ল’ব লাগিব
তেওঁৰ হৃদয়েও– প্ৰকৃততে শ্ৰেয়ঃ কোন!
“ৰাধিকা ! আচলতে বহু কথাই ক’বলগীয়া আছে তোমাক; যাৰ
বাবে মই এয়া নিজে আহিছোঁ তোমাৰ কাষলৈ৷ একান্তই নিভৃতে লগ পাবলৈ৷ বহু কথা... শিল হৈ আছে
বুকুত– যি কথা
কাহানিও কোৱা নাই, অদ্যাপি যি কথা শুনা নাই কাহানিও কোনেও... সেই কথাকে ক’ম তোমাক৷
”
ভৰি
দুখন চপাই আঁঠু দুটাত থুঁতৰিৰে ভেজা দি ৰাধাই সীতালৈ চালে– কেনে স্নিগ্ধ
এই ৰূপৰ জ্যোতি ! যেন চৌপাশে বিয়পি পৰিছে সৌম্য এক আভা৷
হ’ব পাৰে– অকথিত
বহু কথাই আমনি কৰিছে আজি তেওঁক, যাৰ বাবে বসুধা-তনয়া উদ্বাউল হৈ পৰিছে৷
নাৰী হৃদয়ৰ ব্যথা প্ৰকৃততে উপলব্ধি কৰিব পাৰে
কেৱল নাৰীয়ে৷ কিমান সংঘাতে মষিমূৰ কৰি থৈ গ’ল তেওঁক ৰাধাই জানো নাজানে ? দেওৰ
লক্ষ্মণে নাক-কাণ কাটিলে শূৰ্পনখাৰ; আৰু
ৰাৱণে অপহৰণ কৰি লৈ গ’ল সীতাক৷ পুৰুষৰ বীৰত্ব সদায় নাৰীৰ ওপৰতহে৷ আৰু তাৰ বাবেই তেওঁ নীৰৱে সহিবলগীয়া
হ’ল কিমান
লাঞ্ছনা... কত যে কিমান অথন্তৰ !
কওক... আজি
ইমান যুগৰ পাছত যি ভাবনাই হয়তোবা তেওঁক এনেকৈ আমনি কৰিছে, আজিয়ে উন্মুক্ত
হওক সকলো৷ ৰাধাই শুনিব সেই কথা, বিৰহী অন্তৰৰ ব্যথা...৷
“শুনা
হে বৃষভানু কন্যা৷ ভুল নুবুজিবা মোক৷ প্ৰথমেই মই তোমাক জগৰীয়া কৰিম আজি৷ কোৱাঁ... এবাৰো
কিয় নাভাবিলা তুমি, নে ভাবিব নোৱৰা হৈ গ’লা ? গোটেই
বৃন্দাবনখন বুকুত বহন কৰি ফুৰি অৱশেষত তুমি কি বিশেষণ পালা ? কলংকিনী ? মোলৈ
চোৱাঁ এবাৰ... মোৰ বুকুত কি নাছিল সেই বৃন্দাবন ?”
উচপ
খাই উঠিল ৰাধা৷ ক্ষণিকৰ বাবে যেন স্থবিৰ হৈ পৰিল কল্লোলিনী যমুনাৰো নিৰৱধি ধাৰা! সীতাৰ বুকুতো আছিল এখনি বৃন্দাবন ? ৰৈ ৰৈ বাজিছিল
নেকি তাত মোহন বাঁহীৰ উন্মনা সুৰ ? একেথৰে দৃষ্টি নিক্ষেপ কৰিলে ৰাধাই বিদেহনন্দিনীলৈ৷
কিন্তু... তেওঁচোন নিৰ্বিকাৰ !
“হয়...; তুমি
হয়তো নাজানা ৰাধা৷ অশোক বনৰ চৌপাশে প্ৰতিনিয়ত বিয়পি পৰিছিল জানা... সেই আকুল প্ৰস্তাৱৰ
অনুৰণন৷ লাহে লাহে... মোৰ হৃদয়তো খোদিত হৈছিল সেই নিষ্পাপ প্ৰেমৰ প্ৰতিচ্ছবি৷ মই... মই
জানিছিলোঁ জানা ৰাধা, তেওঁ... তেওঁৰ অন্তৰত প্ৰেম আছিল; কেৱল প্ৰেম ! যি প্ৰেমৰ বাবে প্ৰতিগৰাকী নাৰীয়ে জীৱনত এবাৰলৈ হ’লেও
হাবাথুৰি খায়– সেই
প্ৰেম...সেই অনুভূতি ! হয়তোবা অজানিতেই নিমজ্জিত হৈছিলোঁ ময়ো৷
কিন্তু... মইতো নাছিলোঁ তোমাৰ দৰে আবেগবিহ্বলা৷ মই জানো
বুজা নাছিলোঁ– এবাৰ... মাথোঁ এবাৰ যদি মই ৰাৱণৰ প্ৰস্তাৱ গ্ৰহণ কৰিলোঁহেঁতেন; বিনাযুদ্ধে
পৰাজিত হ’লহেঁতেন
দাশৰথি৷ ”
সীতাৰ
কণ্ঠত ফুটি উঠিছিল এক অদ্ভুত দৃঢ়তা৷ অবাক হৈ পৰিল ৰাধা– এয়া...সঁচানে?
“সঁচা
ৰাধা; সকলো
সঁচা৷ মই অকলে যুদ্ধ কৰিছিলোঁ জানা... এখনি মানসিক যুদ্ধ৷ আৰু মনৰ দৃঢ়তাৰেই ক্ষত-বিক্ষত কৰিছিলোঁ
দশাননৰ হৃদয়৷ ছিন্ন-ভিন্ন হৈ পৰিছিল তেওঁৰ মনোবল৷
কোৱাঁ ৰাধা– সেয়া
কি নাছিল মোৰ পৰাক্ৰম ? মোৰ কাষততো নাছিল কোনো বানৰ-যোদ্ধা-সেনানী৷ মানসিক সেই যুদ্ধত
ধৰাশায়ী হৈছিল লংকাপতি৷ তেন্তে ? ক’ত বীৰত্ব কোৱাঁ
প্ৰভু ৰামচন্দ্ৰৰ ? মৰি যোৱাজনক কেৱল বধ কৰিছিল তেওঁ, তাকো গৃহশত্ৰুৰ
ছলনা-মন্ত্ৰণাৰ সাহায্যত৷ আৰু এনেকৈয়ে বিজয়ী হৈছিল তেওঁ৷” ক্ষণিকৰ বাবে
যেন ভাবুক হৈ পৰিল বৈদেহী৷
পুনৰ
নিজকে কিছু সুস্থিৰ কৰি লৈ সীতাই ৰাধাৰ ফালে চালে– “জানা ৰাধা–তেওঁ
ৰাৱণৰ হৃদয়লৈ শৰ নিক্ষেপ কৰিবপৰা নাছিল; কিয়নো
তেওঁ জানিছিল– এক মুহূৰ্তৰ
বাবেও লংকাপতিৰ হৃদয়ৰপৰা আঁতৰি যোৱা নাছিল মোৰ প্ৰতিচ্ছবি৷ কিমান
নিষ্পাপ... কিমান গভীৰ আছিল সেই প্ৰেম; মই... মই জানো বুজা নাছিলোঁ?”
পুনৰ আৱেগিক হৈ পৰিল সীতা ক্ষণিকৰ বাবে৷ পাছ মুহূৰ্ততে পুনৰ নিজকে নিয়ন্ত্ৰণো কৰি ল’লে অতি কৌশলেৰে৷ দুৰ্বল হৈ পৰাৰ সময় নহয় এয়া; মনৰ ভিতৰত গুমৰি অহা ক্ষোভৰ বহিৰ্প্ৰকাশৰহে সময়।
“মাথোঁ
ছল-বল-কৌশল;
হৰধনু ভংগৰপৰা বালি নিধনলৈকে৷ প্ৰেমৰ নামত মাথোঁ প্ৰহসন; অদম্য
স্বাভিমানৰ আঁৰত ভুৱা অনুৰাগ৷ আৰু... আৰু সকলো জানিও, সকলো বুজিও আজিও
যে সহনশীলা মোৰ নাম৷”
ৰাধাই
কেৱল শুনি গৈছিল জানকীৰ কণ্ঠনিঃসৃত অকথিত বিষাদগাথা৷ মনৰ মাজত যেন অবাৰিত কৌতূহল– এয়াই
যদি অপ্ৰকাশিত সত্য; তেন্তে...পাৰ্থক্য ক’ত ৰাধা আৰু সীতাৰ ? সীতাই
যি কৰিলে– সেয়া
কেৱল অভিনয় ?
নাই নাই... ৰাধাই নোৱাৰে কৰিব তেনে অভিনয়৷ হৃদয়ত অংকুৰিত প্ৰেমৰ বীজ উভালি, মোহাৰি
সতীত্বৰ চানেকি দিব নোৱাৰে ৰাধাই৷ কিবা এষাৰ ক’ব খুজিছিল তেওঁ; কিন্তু
সীতাই যেন বাৰণ কৰিলে৷
“আজীৱন মই কেৱল প্ৰতাৰণা সহিলোঁ৷ যি প্ৰেম মোৰ প্ৰাপ্য আছিল পতি-পৰমেশ্বৰৰপৰা; নাপালোঁ কাহানিও৷ পালোঁ মাথোঁ লাঞ্ছনা৷ তুমি হয়তো সুধিবা– কিয় কৰা নাছিলোঁ মই প্ৰতিবাদ ? সহি সহিও মই কেৱল প্ৰতীক্ষা কৰিছিলোঁ, মনে-প্ৰাণে বিচাৰিছিলোঁ– তেওঁৰ হৃদয়ত প্ৰেম নাথাকিলেও থাকিব পাৰে নেকি সামান্যতম অনুকম্পা ! কিন্তু সগৰ্ভা অৱস্থাতো যেতিয়া মোৰ বনবাস হ'ল... অৱশেষত প্ৰতিবাদ কৰিলোঁ মই৷ আৰু... তুমিতো জানা– প্ৰতিবাদৰ ভাষাও আছিল মোৰ সৰল– ‘নোৱাৰোঁ সহিব ইমান লাঞ্ছনা... সেয়েহে আশ্ৰিতা পুনৰ আইৰ কোলাত৷’ আচলতে জিকি জিকিও হাৰি যোৱাত নে হাৰি হাৰিও জিকি যোৱাতেই আছিল মোৰ পৰিসমাপ্তি!”
সীতা
বহি থকাৰ পৰা থিয় হ’ল৷ দুখোজ আগুৱাই গ’ল যমুনাৰ ফালে৷
দূৰৈত বুৰ যাবলৈ যো-জা কৰা দিনমণিৰ অন্তিম হেঙুলী আভা৷
“আৰু
অগ্নিপৰীক্ষা ?
জানা ৰাধা– আজিও... আজিও
প্ৰতিগৰাকী মৌন সীতাৰ কলিজাত উমি উমি জ্বলি থাকে তথাকথিত প্ৰেমিক স্বামীয়ে জ্বলাই দিয়া
সেই চিতা ৷”
এইবাৰ
ৰাধাও থিয় হ’ল৷ আগুৱাই
আহিল সীতাৰ কাষলৈ৷ সীতাই উভতি ৰাধালৈ চালে৷ যি কথা ক’ম বুলি আহিছিল, সেই
কথা যে এতিয়াও কোৱা হোৱা নাই৷
“সেইবাবেই মই তোমাৰ কাষলৈ আহিছোঁ ৰাধা৷ তুমি... তুমি কি পালা কোৱাঁ; কেৱল প্ৰেমৰ বাবেই নিজকে উৎসৰ্গা কৰিও অৱশেষত সেই– ‘কলংকিনী’ অভিধা ? চোৱাঁ এবাৰ, ভালদৰে চকু মেলি চোৱাঁ– আজিও চৌদিশে কেৱল মোৰেই জয়গান৷”
সীতা
দুখোজ কাষলৈ আহিল– “জানা ৰাধা– প্ৰতিজন পুৰুষে কিন্তু প্ৰতিগৰাকী নাৰীৰ
মাজত বিচাৰে কেৱল মোৰেই আত্মা... সহনশীলা মাথোঁ সহনশীলা৷ ”
...লাহে
লাহে আত্মবিভোৰ হৈ পৰিছিল জানকী৷ দৃষ্টি আছিল কেৱল সন্মুখত নিবদ্ধ৷ দ্বাপৰ যুগক প্ৰতিনিধিত্ব
কৰা ৰাধিকাই আজি বুজিব লাগিব– কেৱল প্ৰেমাস্পদৰ আকুলতাত উটি-ভাহি যাব
পৰাতেই নাথাকে নাৰীসত্তাৰ পৰিচয়৷ হ’ব পাৰে, কলি যুগত এতিয়াও
মৰ্ত্যত মানৱৰ বন্দনা–‘গাছের মধ্যে তুলসী, পাতের মধ্যে
পাণ; নারীর মাজে
রাধিকা পুরুষ ভগবান৷’ অথচ
সেই মৰ্ত্যতে আজিও আঁতৰি যোৱা নাই ৰাধাৰ চৰিত্ৰৰপৰা পৰকীয়া প্ৰেমৰ চেকা৷ আৰু ৰাস-পূজা ! ... সেয়াও আন এক প্ৰহসন৷ জানেনে ৰাধাই, এবাৰলৈও
অনুভৱ কৰেনে সেই নিৰ্মোহ সত্য ! ভগৱানৰ দুবাহুত কলংকিনীক গুজি দি শ্ৰীচৰণত পুষ্পাঞ্জলি বৰিষণ কৰে... সেইসকলক
চিনি পায়নে তেওঁ?
সীতাই
দৃষ্টি ঘূৰাই আনিলে ৰাধাৰ ফালে৷ সকলো কথা কোৱা হৈ গৈছিল৷ এতিয়া কেৱল ৰাধাৰ মনোভাৱ জানিব
লাগিব৷ তেওঁৰ ওচৰত হয়তো নাথাকিব পাৰে কোনো উত্তৰ; কিন্তু সীতাৰ
উক্তিয়ে আজি স্পৰ্শ কৰিব পাৰিব লাগিব তেওঁৰ অন্তৰাত্মা৷
কিন্তু... এয়া
কি? সীতা
অবাক হৈ পৰিল– ৰাধাচোন
একেবাৰেই নিৰ্বিকাৰ৷ অধৰত স্মিত হাঁহি লৈ সীতাৰ ফালেই চাই আছে তেওঁ৷
এখোজ-দুখোজ
কৈ ৰাধা আগুৱাই আহিল সীতাৰ সমীপলৈ৷ ঠিক তেওঁৰ সন্মুখত ৰৈ এখন হাত জানকীৰ কান্ধত ৰাখিলে৷
সদা প্ৰসন্ন এটি হাঁহিয়ে যেন ঢৌ খেলি গ’ল হৃদয়ৰপৰা শৰীৰলৈ৷
“নহয়
হেৰা মিথিলেশনন্দিনী; ভুল হৈছে তোমাৰ৷” ৰাধাৰ মুখত পুনৰ সেই অম্লান স্মিত হাঁহি৷
অবাক
হৈ পৰিল সীতা৷ কি কয় ৰাধাই– ভুল হৈছে...? কিয় ভুল হৈছে... ক’ত ভুল
হ’ল?
কৌতূহলপূৰ্ণ
দৃষ্টিৰে সীতাই ৰাধাৰ ফালে চালে... অথচ চিৰ চঞ্চলা ৰাধাৰ অংগী-ভংগী সকলোতে ইমান প্ৰত্যয় !
“হয় জানকী, ভুল
হৈছে তোমাৰ৷ তোমাৰ দৃষ্টিভংগী, তোমাৰ বিবেচনাতে হৈছে সেই ভুল৷ মানি ল’লোঁ
বাৰু, সাহসী
আছিলা তুমি৷ মনৰ দৃঢ়তাৰে তচনচ কৰিছিলা প্ৰেমিক ৰাৱণৰ হৃদয়; কিন্তু... কিন্তু
সেয়াওতো আছিল মাথোঁ এক পাষাণ পৰিচয়৷ কোৱাঁ সীতা– ৰাৱণৰ প্ৰেম
নিষ্পাপ আছিল,
সেয়া তাৰমানে তুমিও বুজিছিলা৷ নহ’লে... অগ্নিয়ে স্পৰ্শ কৰিব নোৱৰা শৰীৰৰ
ভিতৰৰ মনটো তুমিওতো হেৰুৱাইছিলা৷ তোমাৰ স্বীকাৰোক্তিত আজি ময়ো ভাবিবলৈ বাধ্য হৈছোঁ– অযোধ্যালৈ
উভতি আহি সেই মনৰ দৃষ্টিৰেই জানো তুমি অংকন কৰা নাছিলা তোমাৰ প্ৰেমৰ প্ৰতিচ্ছবি ? অথচ...
প্ৰকাশ্যে তেওঁক ইমান যন্ত্ৰণা দি অৱশেষত তুমি কি পালা ? গৰ্ভত বিশ্বাসৰ
বীজ লৈ বনবাস ?
কোৱাঁ হে মৈথিলী ? ”
মৌন
হৈ পৰিল সীতা... নিৰ্বাক, নিষ্পন্দ, স্থবিৰ৷
আৰু
ৰাধা! সুগভীৰ প্ৰত্যয়দীপ্ত তেওঁৰ কণ্ঠ– “হ’ব পাৰোঁ
চিৰ কলংকিনী মই;
তথাপি... তথাপি মোৰ মনত নাই কোনো আক্ষেপ৷ সৌৱা... সৌৱা চোৱাঁ সীতা– জগতৰ
ঈশ্বৰ তেওঁ,
মোহন কানাই৷ কিন্তু... বন্দীত্বৰ শৃংখলচোন মোৰেই হৃদয়ত !”
হতবাক হৈ পৰা সীতাৰ কান্ধৰপৰা নিজৰ হাতখন নমাই আনিলে ৰাধাই৷ দুখোজ আগুৱাই গ’ল যমুনাৰ ফালে– “মই কাকো প্ৰতাৰণা কৰা নাই৷ অক্ষম স্বামীৰ অহৈতুকী গঞ্জনা সহি সহি নিঃশেষ হৈ যোৱা নাই মই৷ মোৰ... মোৰ বুকুৰ কালিন্দী-যমুনাতে মোৰ প্ৰেমৰ আশ্ৰয়৷ ”
সীতাৰ
ফালে চালে ৰাধাই– “ক’তা... তেওঁৰ বিগ্ৰহৰ কাষত আজিও কিয় নাই
ৰুক্মিণী-সত্যভামাৰ পৰিচয় ? ”
শিঁয়ৰি
উঠিল জনকনন্দিনী৷
নিৰ্বাক-নিৰুত্তৰ জানকীৰ ফালে পুনৰ আগুৱাই আহিল ৰাধা– “নালাগে মোক এইবোৰ প্ৰশ্নৰ উত্তৰ সীতা; কিয়নো উত্তৰবোৰ আচলতে প্ৰশ্নতেই সোমাই আছে৷ জানা সীতা– তোমাৰ দৰে মোৰ মনৰ দৃঢ়তা নাছিল৷ আবেগবিহ্বলা মোৰ এই হৃদয়৷ তথাপি... আজিও প্ৰতিটো শৰতৰ পূৰ্ণিমাতে মোৰ বুকুৰ বৃন্দাবনতে কিয় সকলোৰে আশ্ৰয় ? ”
ৰাধাই
এইবাৰ কাষ চাপি আহি দুয়োখন হাত সীতাৰ কান্ধত থ’লে৷ উজলি উঠিল
তেওঁৰ অনিন্দ্যসুন্দৰ মুখ৷
“চকু
মেলি চোৱাঁ এবাৰ হে জনকনন্দিনী! সকলোতে দেখা
পাবা সেই গোপন,
অথচ শাশ্বত সত্য– ‘প্ৰতিগৰাকী নাৰীয়ে পিন্ধে কেৱল তোমাৰ বেশ-ভূষা; কিন্তু
হৃদয়ত গোপনে আশ্ৰিত হয় মোৰেই সত্তা’৷”
ৰাধাই
আৰু একো ক’বলৈ
নিবিচাৰিলে৷ মূকপ্ৰায় হৈ পৰা সীতাৰ কাষৰপৰা এখোজ-দুখোজকৈ আগুৱাই আহিল স্ৰোতস্বিনী যমুনাৰ
ফালে৷ দিগন্তত বুৰ গ’ল দিনমণি৷ বিলীন হৈ পৰিল নীড়মুখী পখীৰ কলৰৱ চৌপাশৰ তমসাৰ বুকুত৷
লাহে
লাহে যেন বাঢ়ি আহিল নিৰৱধি যমুনাৰ বুকুত অশান্ত উৰ্মিমালাৰ কোলাহল...৷
... ...
... ... ...
... ... ...
...
[একে শিৰোনামৰ
এটি কবিতাৰ গল্পৰূপ]
লেখকৰ ঠিকনা :
সহকাৰী অধ্যাপক, পদাৰ্থ
বিজ্ঞান বিভাগ;
জগন্নাথ বৰুৱা মহাবিদ্যালয়
যোৰহাট - ১৷ ভ্ৰাম্যভাষ - ৯৭০৬২০৫০৭১, ৮৬৩৮১৬৭৬৩০