প্ৰযুক্তি আৰু ন্যায়িক ব্যৱস্থাত ইয়াৰ প্ৰয়োগ
ৰঞ্জুমণি মহন্ত
বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰে মানুহৰ
জীৱন ধাৰণ পদ্ধতিলৈ আমূল পৰিৱৰ্তন অনাৰ লগতে আধুনিক জীৱন যাত্ৰাৰ প্ৰতিটো
ক্ষেত্ৰতে ই এক এৰাব নোৱৰা অংগ হৈ পৰিছে৷
আধুনিক জীৱন যাত্ৰাত তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি বাঢ়ি অহাৰ ফলত ইণ্টাৰনেটনিৰ্ভৰ বৈদ্যুতিন যোগাযোগ, শিক্ষা-দীক্ষা, ব্যৱসায়-বাণিজ্য, আদান-প্ৰদান আদি বৃদ্ধি পাবলৈ ধৰিলে আৰু তাৰ লগে লগে বৃদ্ধি পাবলৈ ধৰিলে ইণ্টাৰনেট আৰু কম্পিউটাৰ জগতৰ অপৰাধ৷ গতিকে এই তথ্য-প্ৰযুক্তি নিৰ্ভৰ নব্য সমস্যা আৰু অপৰাধসমূহ নিয়মাধীন আৰু নিয়ন্ত্ৰণ কৰিবৰ বাবে চৰকাৰে ‘তথ্য প্ৰযুক্তি আইন -২০০০’ খন প্ৰণয়ন কৰে আৰু প্ৰচলিত ‘সাক্ষ্য আইন’ (Indian Evidence ২০০০ চনত ‘ভাৰতীয় সাক্ষ্য আইন’-খন সংশোধন কৰি কিছুমান নিৰ্দিষ্ট চৰ্তসাপেক্ষে ‘বৈদ্যুতিন তথ্য’ (Electronic record)-কো তথ্য প্ৰমাণ (Documentary Evidence)-অৰ আওতালৈ আনিছে৷ মন কৰিবলগীয়া কথাটো হ’ল যে সেই নিৰ্দিষ্ট চৰ্তসমূহ পূৰণ নহ’লে পোনপটীয়াকৈ ‘ইলেক্ট্ৰ’নিক ৰেক’ৰ্ড’ক ‘তথ্যপ্ৰমাণ’ হিচাপে গ্ৰহণ কৰা নহয়৷ এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিছোঁ৷ আজি কিছুদিনৰ পূৰ্বে বাতৰিকাকতত এটা বাতৰি প্ৰচাৰ হৈছিল যে যোৰহাটত সংঘটিত হোৱা অনিমেষ হত্যাকাণ্ডৰ গোচৰৰ কোনো সাক্ষী বিচাৰি পোৱা নাই৷ বাতৰিটো পঢ়ি সামাজিক মাধ্যমত বহুতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল ‘ল’ৰাটোক মাৰি থকা ভিডিঅ’ টিভিয়ে, ফেইচবুকে ভাইৰেল হৈ যোৱাৰ পাছত আকৌ কিহৰ সাক্ষী লাগে?’ আচলতে আইনৰ ক্ষেত্ৰত কথাবোৰ তেনেকুৱা নহয়৷ সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা সৰু ভিডিঅ’ ক্লিপ চাই কোনো বিচাৰৰ ৰায়দান কৰিব পৰা নাযায়৷ এই ক্ষেত্ৰত পোনপটীয়াকৈ ৰেক’ৰ্ড কৰা সঁজুলিটোত (Device) সংৰক্ষিত কৰা ক্লিপটোহে আদালতত তথ্য-প্ৰমাণ হিচাপে গ্ৰহণযোগ্য. হাত বাগৰি অহা ক্লিপবোৰ যিহেতু সম্পাদনা কৰাৰ সম্ভাৱনা থাকে, সেইবাবে গ্ৰহণযোগ্য নহয়৷ এইক্ষেত্ৰত পুলিচে তদন্ত কৰোঁতে পোনপটীয়াকৈ ৰেক’ৰ্ড কৰা মূল ‘ডিভাইছ’-টো জব্দ কৰি আদালতত দাখিল কৰিব লাগিব৷ তদুপৰি, সেই ভিডিঅ’ ক্লিপটো যে সেইটো বিশেষ ঘটনাটোৰে হয়, বা ভিডিঅ’ত দেখা ভুক্তভোগী বা অপৰাধীকেইজনেই যে গোচৰটোৰ ভুক্তভোগী বা অপৰাধী- সেয়া প্ৰমাণ কৰিবলৈকো আচলতে সাক্ষীৰ প্ৰয়োজন থাকে৷
সমাজৰ আন আন ক্ষেত্ৰসমূহত প্ৰযুক্তিৰ
ব্যৱহাৰে প্ৰভূত পৰিৱৰ্তন অনাৰ দৰে স্তৰে স্তৰে প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে
লোৱা পদক্ষেপে সমগ্ৰ ন্যায়িক ব্যৱস্থাটোলৈও বিভিন্ন দিশত বহুতো পৰিৱৰ্তন আনিছে৷ বিশেষকৈ অতিমাৰীকালীন সময়ছোৱাত যাতে সকলো
প্ৰতিবন্ধকতা নেওচি জনসাধাৰণক ন্যায় প্ৰদান কৰিব পাৰি, তাৰ বাবে ভাৰতবৰ্ষৰ
উচ্চতম ন্যায়ালয়ে প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰেৰে বিভিন্ন পদক্ষেপ লৈছে৷ তাৰ ভিতৰত ন্যায় প্ৰদান প্ৰক্ৰিয়াটো কম খৰচী আৰু সহজলভ্য কৰি তোলাৰ
উদ্দেশ্যে প্ৰস্তুত কৰা ‘ই-ক’ৰ্ট ছাৰ্ভিচেজ’ (E-Court
Services) নামৰ সঁজুলিটো উল্লেখযোগ্য৷
‘ই-ক’ৰ্ট ছাৰ্ভিচেজ’ নামৰ এই প্ৰকল্পটোৰ ধাৰণাটো অহিছে
ভাৰতীয় ন্যায়িক ব্যৱস্থালৈ ‘তথ্য আৰু যোগাযোগ প্ৰযুক্তি’
(Information and Communication Technology)-ৰ প্ৰয়োগেৰে পৰিৱৰ্তন
অনাৰ বাবে গঠিত উচ্চতম ন্যায়ালয়ৰ ই-কমিটীয়ে দাখিল কৰা ‘National Policy and Action Plan for Implementation of Information and
Communication Technology (ICT) in the Indian Judiciary- 2005’-ৰ
ওপৰত ভিত্তি কৰি৷ এই প্ৰকল্পটোৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যাতে দেশৰ আদালতসমূহে
ন্যায় প্ৰদান প্ৰক্ৰিয়াটো অধিবক্তা, বাদী, বিবাদী আৰু জনসাধাৰণৰ বাবে অতি সহজ, ব্যৱহাৰযোগ্য
কৰি তুলিব পাৰে৷ ইয়াৰ জৰিয়তে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ লগতে জিলা
আদালতসমূহত গোচৰ ৰুজু কৰা (e-filling), লিখিত প্ৰত্যুত্তৰ
দিয়াৰ পৰা আৰম্ভ কৰি, কোনো এটা গোচৰৰ সবিশেষ বিচৰা, গোচৰটো কি পৰ্যায়ত অছে, পাৰ হৈ যোৱা তাৰিখ, আহিবলগীয়া তাৰিখ, আদালতৰ দৈনিক গোচৰৰ ক্ৰমসূচী,
গোচৰসমূহৰ নিৰ্দেশ, ৰায় আদি প্ৰায় সকলো তথ্য
সহজে ঘৰত বহিয়েই পাব পৰা হৈছে৷ তদুপৰি উচ্চতম ন্যায়ালয়ৰ ‘ই-ক’ৰ্ট ছাৰ্ভিচেজ’ প্ৰকল্পৰ অংশ হিচাপে প্ৰতিখন আদালতৰ
চৌহদত বিভিন্ন স্থানত স্থাপন কৰা ‘কিয়’স্ক্’
(KIOSK) যন্ত্ৰৰ সহায়ত অধিবক্তাসকলৰ লগতে বাদী, বিবাদী আৰু সাধাৰণ জনতাই ইচ্ছা কৰিলেই নিজেই যিকোনো গোচৰৰ সবিশেষ, গোচৰটো কি পৰ্যায়ত অছে, পাৰ হৈ যোৱা তাৰিখ, আহিবলগীয়া তাৰিখ, আদালতৰ দৈনিক গোচৰৰ ক্ৰমসূচী,
গোচৰসমূহৰ নিৰ্দেশ, ৰায় আদি পাব পৰাৰ ব্যৱস্থা
কৰা হৈছে৷ আনকি বৰ্তমান গোচৰ সংক্ৰান্তীয় তথ্য নিৰ্দিষ্ট পক্ষগণৰ লগতে গোচৰ পৰিচালনা
কৰি থকা অধিবক্তালৈকো SMS-অৰ জৰিয়তে পঠোৱা ব্যৱস্থা
আদালতসমূহত আৰম্ভ কৰা হৈছে৷ মোকৰ্দমাকাৰীসকলে গোচৰ সংক্ৰান্তীয় সকলো খবৰ নিজেই
জানি ল’ব পৰা সুবিধাৰ বাবে ন্যায় প্ৰক্ৰিয়াটোও তুলনামূলকভাৱে
স্বচ্ছ হৈ পৰিছে৷ এইখিনিতে উল্লেখ কৰি থওঁ যে e-court নামৰ
সঁজুলিটো (Application) গুগ্ল প্লেষ্ট’ৰত উপলব্ধ আৰু ব্যৱহাৰ কৰিবলৈ অতি সহজ। এই ‘এপ’-ৰ সহায়ত যিকোনো গোচৰৰ সম্পৰ্কে সকলো তথ্য অনায়েসে জানিব পাৰি৷
তদুপৰি আদালতৰ প্ৰায় সকলো কাম-কাজ
ডিজিটেলাইজড্ হোৱাৰ লগতে গোচৰবিলাকৰ নথি-পত্ৰ (record)-সমূহো
পৰম্পৰাগতভাৱে ৰখাৰ লগতে ডিজিটেল ৰূপত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ ফলত আদালতৰ
প্ৰত্যায়িত নকল প্ৰদান, কোনো এক গোচৰ সংক্ৰান্তীয় বিভিন্ন
তথ্য-পাতি যোগান ধৰা আদি কাম-কাজবোৰ পূৰ্বৰ তুলনাত যথেষ্ট ক্ষিপ্ৰতাৰে হোৱা দেখা গৈছে৷
ইণ্টাৰনেটৰ প্ৰসাৰৰ ফলত অধিবক্তাসকলৰ
কাম-কাজলৈও পৰিৱৰ্তন আহিছে৷ গোচৰ পৰিচালনাৰ বাবে প্ৰয়োজনীয় ৰুলিং বিচৰাৰ দৰে
পূৰ্বৰ কষ্টসাধ্য, সময় খৰচী কাম ইণ্টাৰনেটৰ ব্যৱহাৰৰ ফলত আজিকালি অতি কম
সময়তে (এটা মাথোঁ ক্লিকতে) সমাপণ কৰিব পৰা হৈছে৷
আইনজীৱীসকলে আইন সংক্ৰান্তীয় কিতাপ-পত্ৰৰ
লগতে উচ্চতম ন্যায়ালয়ে বা উচ্চ ন্যায়ালয়সমূহে বিভিন্ন গোচৰত দিয়া শেহতীয়া ৰায়সমূহৰ
বিষয়ে অৱগত হৈ থাকিবৰ বাবে নানা ধৰণৰ আইন সংক্ৰান্তীয় জাৰ্নেল নিয়মীয়াকৈ ল’বলগা হয়৷ ফলস্বৰূপে
তেওঁলোকৰ ব্যক্তিগত কক্ষৰ (Chamber) এটা বৃহৎ অংশ আইন
সংক্ৰান্তীয় কিতাপ-পত্ৰ, জাৰ্নেলসমূহে অধিকাৰ কৰি ৰাখে আৰু
তাৰ বাবে যথেষ্ট ঠাইৰ আৱশ্যক হয়৷ কিন্তু বৰ্তমান সময়ৰ ডিজিটেল লাইব্ৰেৰীৰ
ধাৰণাটোৱেও এই ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে৷