সমস্যাজৰ্জৰ অসম
ৰঞ্জুমণি মহন্ত
এমুঠিমান দেশ
বাদ দি সমগ্ৰ পৃথিৱী আজি ক’ৰনাত আক্ৰান্ত৷ সৰ্বত্ৰতে মৃত্যুৰ
বিভীষিকা৷ আমেৰিকা, ইটালি, স্পেইন আদিৰ দৰে দেশো ক’ৰনাত
বিধ্বস্তপ্ৰায়৷ আজিৰ তাৰিখত ভাৰতবৰ্ষই ক’ৰনাক্ৰান্তৰ
সংখ্যাৰ ফালৰ পৰা বিশ্বৰ ভিতৰত চতুৰ্থ স্থান অধিকাৰ কৰিলে৷ মৃতকৰ সংখ্যাই এই মুহূৰ্তত প্ৰায় ৯,১৯৫ চুলেগৈ৷ এহাতে লক্ডাউন পৰ্যায়ক্ৰমে উঠাই থকা হৈছে আৰু আনহাতে ৰাজ্যত ক’ভিড-১৯-ৰ গণসংক্ৰমণৰ আশংকা কৰা হৈছে৷ শেহতীয়াকৈ জানিব পৰা
মতে, দেশত পুনৰ লক্ডাউন ঘোষণা কৰাৰ কথাৰো গুণাগঁঠা চলি আছে আৰু সেই মৰ্মে ১৬ আৰু ১৭ জুন
তাৰিখে দেশৰ প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীসকলৰ লগত আলোচনাত মিলিত হ’ব৷ হয়তো গুৱাহাটীত পুনৰ লক্ডাউন হ’ব৷
কিন্তু অসমৰ
কথা যেন সুকীয়া৷ ক’ৰনাৰ বাহিৰেও অন্যান্য বিপদেও চাৰিওফালৰ পৰা বেৰি ধৰিছে অসমক৷ ক’ৰনাৰ সন্ত্ৰাস, লক্ডাউন আৰু তাৰ পাৰ্শ্বক্ৰিয়া হিচাপে সৃষ্টি হোৱা অৰ্থনৈতিক মন্দাৱস্থা, দাৰিদ্ৰতা, নিবনুৱা সমস্যা আদিয়ে ৰাজ্যখনক পিষ্ট
কৰি থকাৰ সময়তে ভূতৰ ওপৰত দানহ পৰাদি আহিল বাঘজানৰ তৈলখাদৰ বিষ্ফোৰণ আৰু অগ্নিকাণ্ড৷ ক’ৰনাৰ বাবে বাৰু আমি প্ৰকৃতিকে দায়ী কৰিলোঁ৷ কিন্তু
বাঘজানৰ দুৰ্ঘটনাৰ বাবে? ইয়াৰ বাবেতো দায়ী প্ৰকৃতি নহয়৷ ইয়াৰ
বাবে মানুহ দায়ী৷ মানুহৰ অবিবেচনা আৰু দায়িত্বজ্ঞানহীনতা দায়ী৷ কিন্তু যিসকলৰ অবিবেচনা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ’ল, তেওঁলোকৰ কোনো ক্ষতি নহ’ল, ক্ষতি হ’ল
বাঘজানবাসীৰ৷ ক্ষতি হ’ল জীৱন দিবলগীয়া হোৱা দুজনকৈ অইলৰ নিৰীহ কৰ্মচাৰীৰ পৰিয়ালৰ৷ আজি
বাঘজানবাসীয়ে যি ক্ষতিৰ সন্মুখীন হ’ল, চৰকাৰ অথবা অইল কৰ্তৃপক্ষই দিয়া আৰ্থিক ‘ক্ষতিপূৰণ’-এৰে সেই ক্ষতি পূৰ হোৱা সম্ভৱনে? পুৰুষে পুৰুষে তিল তিলকৈ গঢ়ি তোলা নদন-বদন
একোখন ঘৰ, ফলে-ফুলে জাতিষ্কাৰ
একোখন বাৰী, ক্ষতিপূৰণৰ টকাৰে পাৰিবনে আকৌ দুদিনতে
গঢ়ি তুলিব? এই পৰ্যন্ত নিৰ্বাপিত নোহোৱা বাঘজানৰ
অগ্নিকাণ্ডৰ ফলত নিৰ্গত হোৱা বিষাক্ত গেছে বিপজ্জনকভাৱে প্ৰদূষিত কৰি তোলা বায়ু
সেৱন কৰিবলগীয়া হোৱাৰ ফলত বাঘজানৰ জনসাধাৰণৰ
স্বাস্থ্যৰ প্ৰতি যি ভাবুকি সৃষ্টি হৈছে, তাৰ জানো
কাহানিবা ক্ষতিপূৰণ হোৱা সম্ভৱ? আজি বাঘজানৰ জল, স্থল, মানুহ, জীৱ-জন্তু, পশু-পক্ষী, গছ-গছনি আদিৰ যি ক্ষতি হ’ল, সেই ক্ষতি অপূৰণীয়৷ তথাপি চৰকাৰ আৰু
সংশ্লিষ্ট কৰ্তৃপক্ষই যি তৎপৰতাৰে বাঘজানবাসীৰ কাষত থিয় দিব লাগিছিল, সেই তৎপৰতা লোৱা দেখা নগ’ল৷ কিন্তু বিচাৰোঁ— বাঘজানবাসীক ন্যায় দিয়াৰ ক্ষেত্ৰত সকলো পক্ষ তৎপৰ হওক৷
অসমত দিনক দিনে বাঢ়ি অহা আন এটা বিপদ হৈছে— মানুহৰ জীৱনৰ অনিশ্চয়তা, নিৰাপত্তাহীনতা৷ দিনক দিনে মানৱতাৰ বধ্যভূমি হৈ পৰা অসমৰ চাৰিওফালে ইটোৰ পাছত সিটোকৈ ঘটিব লাগিছে হত্যা, গণহত্যা৷ জীৱনৰ নিশ্চয়তা নোহোৱা হৈ পৰিছে দিনে দিনে৷ ঘৰৰ পৰা ওলাই যোৱা আপোনজন ঘূৰি আহি ঘৰ
নোসোমোৱা পৰ্যন্ত অনৰৱৰতে এটা দুঃশ্চিন্তা থাকে মনত৷ কোনেও কাকো সহ্য নকৰে৷ কিয় হৈছে এনেকুৱা? পুৰুষৰ পাছত পুৰুষ বাস কৰি অহা নিজৰ জন্মভূমিখনৰে এঠাইৰ
পৰা এঠাইলৈ যাবলৈ ভয় লগা হৈছে কিয়? হয়, এইবোৰ প্ৰতিৰোধ কৰিবলৈ আমাক এখন শক্তিশালী আইন
লাগে৷ আমি বিচাৰোঁ অভিজিৎ,
নিলোৎপল, দেৱেন দত্ত, সনাতন ডেকা, পৰাগজ্যোতি নেওগ, দেৱাশিস গগৈ আৰু ৰিতুপৰ্ণ পেগুয়ে ন্যায় পাওক৷
কিন্তু এইটো কথা ধুৰূপ যে মাথোঁ আইনৰ সহায়ত এনে ধৰণৰ
ঘটনাসমূহ ৰোধ কৰিব পৰা নাযায়৷ মানুহৰ পৰিৱৰ্তিত মানসিকতা আৰু ব্যৱহাৰৰ অন্তৰালত
থকা আৰ্থ-সামাজিক অথবা ৰাজনৈতিক কাৰকসমূহ চিনাক্ত কৰি দূৰ কৰিব নোৱাৰিলে এইবোৰ
সমস্যাৰ সমাধান হ’ব সুদূৰপৰাহত৷