ৰঞ্জুমণি মহন্ত
অপৰাধ কৰিও আইনৰ সুৰুঙাৰে সাৰি যোৱা বহু অপৰাধীৰ কথা আমি প্ৰায়েই শুনিবলৈ পাওঁ৷ আচলতে ফৌজদাৰী ন্যায় ব্যৱস্থাত সাধাৰণতে এটা নীতি মানি চলা হয়- “হেজাৰজন দোষী সাৰি যাওক, কিন্তু এজনো নিৰ্দোষীয়ে শাস্তি নাপাওক৷” ( Thousand culprits can escape, but one innocent should not be punished.) সেয়েহে, অভিযুক্তই অপৰাধ সংঘটিত কৰাৰ সম্পৰ্কত যদি চুলিডালমানো সন্দেহৰ অৱকাশ থাকে, তেন্তে সেই সন্দেহৰ সুফল অভিযুক্তই লাভ কৰে৷ অৰ্থাৎ সকলো সন্দেহৰ উৰ্ধ্বত যদি অপৰাধ সংঘটিত কৰাটো প্ৰমাণ কৰিব পৰা নাযায়, তেন্তে আইনে তেনেক্ষেত্ৰত অভিযুক্তক শাস্তি নিদিয়ে৷ আইনৰ আওতাৰ পৰা অপৰাধী সাৰি যোৱাৰ প্ৰধান কাৰণটোৱেই হৈছে আৰক্ষীৰ তদন্তত ৰৈ যোৱা আঁসোৱাহ৷ অপৰাধীয়ে আইন আধাৰিত শাস্তিৰ পৰা হাত সাৰিব নোৱাৰিবলৈ হ’লে আৰক্ষীৰ তদন্ত সঠিক আৰু সুৰুঙাহীন হ’বই লাগিব৷ নহ’লে যিমানেই সামাজিক মাধ্যমত তোলপাৰ লগোৱা নহওক কিয় অথবা যিমানেই কেণ্ডেল মাৰ্ছ, শোভাযাত্ৰা আদি উলিওৱা নহওক কিয়, অপৰাধী আইনৰ সুৰুঙাৰে সৰকি যাবই৷ বৰ্তমান কাৰবি আংলঙৰ কণমানি চুমিলা ৰংহাংপিৰ হৃদয় কঁপোৱা হত্যাকাণ্ডৰো তদন্ত প্ৰক্ৰিয়া চলি আছে৷ এদিন তদন্ত শেষ হ’ব আৰু বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ কিন্তু তদন্ত যদি সঠিক আৰু আঁসোৱাহশূন্য নহয়, বিচাৰত অপৰাধী আইনৰ ফাঁকেৰে সাৰি যাব৷ গতিকে অপৰাধীয়ে উচিত শাস্তি পাবলৈ হ’লে, তদন্ত যাতে খৰতকীয়াকৈ আৰু সুচাৰুৰূপে সম্পন্ন হয় তাৰ বাবে সচেতন আৰু সংশ্লিষ্ট মহলে দৃষ্টি ৰখাৰ লগতে আৰক্ষী-প্ৰশাসনৰ ওপৰত হেঁচা প্ৰয়োগ কৰা প্ৰয়োজন৷
কাৰবি আংলঙৰ এই ঘটনাটোৱে আচলতে সমাজৰ আৰু কেইবাটাও দিশ পোহৰলৈ আনিলে৷ প্ৰথম কথাটো হৈছে, আমাৰ দেশত “শিশু আৰু কিশোৰ শ্ৰম (নিবাৰণ আৰু নিয়ন্ত্ৰণ) আইন-১৯৮৬”-ৰ দৰে এখন আইন থকাৰ পাছতো শিশু শ্ৰমিক নিয়োগ কৰাৰ দৰে অপৰাধ এতিয়াও কোনো অসুবিধা নোহোৱাকৈ কিয় চলি থাকিব পাৰিছে ? ইয়াৰ একমাত্ৰ কাৰণটো হৈছে যে সমাজৰ সকলো শ্ৰেণীৰ লোক এই আইনখনৰ বিষয়ে অৱগত নহয়৷ শিশুশ্ৰম সম্পূৰ্ণভাৱে ৰোধ কৰিবলৈ হ’লে সমাজৰ প্ৰতিজন নাগৰিক সচেতন হোৱাই নহয়, সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ মাজত শিশুশ্ৰমৰ বিৰুদ্ধে সজাগতা আনিবলৈ চেষ্টা কৰিব লাগিব৷ আৰ্থিকভাৱে অনগ্ৰসৰ লোকসকলৰ মাজত এই আইন, তাৰ উল্লংঘনৰ ফলত হ’ব লগা শাস্তি, আদিৰ বিষয়ে প্ৰচাৰ কৰাৰ লগতে তেওঁলোকৰ শিশু সন্তানক স্কুললৈ পঠিয়াবলৈ উৎসাহিত কৰা প্ৰয়োজন৷ নিজৰ চৌপাশে শিশুশ্ৰমিক নিয়োগ কৰাৰ দৰে কাৰ্য দেখিলে, তাৰ বিৰুদ্ধে সকলোৱে মাত মতা দৰকাৰ আৰু প্ৰয়োজন সাপেক্ষে উপযুক্ত মঞ্চত অভিযোগ দাখিল কৰিবলৈ কুণ্ঠাবোধ কৰা অনুচিত৷ তেনে অভিযোগ দাখিল কৰিবৰ বাবে সংশ্লিষ্ট থানাত এজাহাৰ দিব পাৰে, “চাইল্ডলাইন ইণ্ডিয়া ফাউণ্ডেশ্বন হেল্পলাইন”-ত ১০৯৮ নম্বৰলৈ(Toll Free) ফ’ন কৰি অভিযোগ দাখিল কৰিব পাৰে, প্ৰতিখন ৰাজ্যতে এই আইনৰ অধীনত নিযুক্তি দিয়া ষ্টেট কমিশ্বনাৰলৈ ফ’ন কৰি অভিযোগ দিব পাৰে, লেবাৰ কমিশ্বনাৰলৈ অনলাইনযোগে অভিযোগ দাখিল কৰিব পাৰে, নাইবা PENCIL প’ৰ্টেলৰ শিশু শ্ৰম শাখাত আভিযোগ দাখিল কৰিব পাৰে৷ সমাজৰ প্ৰতিজন লোক সজাগ নহ’লে আইনৰ চকুত ধূলি দি এনে ধৰণৰ শিশুশ্ৰমৰ ঘটনা ঘটিয়েই থাকিব৷
চুমিলা ৰংহাংপিৰ ঘটনাটোৱে মনলৈ অনা আন এটা প্ৰশ্ন হৈছে যে কিহৰ তাড়নাত নিজৰ ফুলকুমলীয়া সন্তানক পিতৃ-মাতৃয়ে এনেকৈ আনৰ ঘৰলৈ বন কৰিবলৈ পঠাব লগা হৈছে? ইয়াৰ বাবে ঘাইকৈ অৰ্থনৈতিক অৱস্থাই দায়ী যদিও ইয়াৰ লগতে আন বিষয় কিছুমানো জড়িত হৈ আছে৷ জানিব পৰা মতে, কাৰবি আংলঙৰ যিবোৰ অঞ্চলৰ পৰা এই শিশুহঁত আহিছে, এই অঞ্চলসমূহ ইমানেই পিছপৰা যে পঢ়া-শুনা কৰিবলৈ ওচৰে-পাজৰে স্কুল নাই৷ স্কুললৈ যাবলৈ হ’লে দহ-বাৰ কিলোমিটাৰ দূৰ বাটকুৰি বাই যাব লগা হয়৷ আৰু যাবলৈও যাতায়াতৰ অথবা যান-বাহনৰ কোনো সুব্যৱস্থা নাই৷ ক’ৰবাত কাচিৎহে দুই-এখন গাড়ী চলে৷ কথা হৈছে স্বাধীনতাৰ ইমান বছৰৰ পাছতো এই অঞ্চলসমূহ সকলো দিশতে ইমান অনগ্ৰসৰ হৈ ৰৈছে কিয়? ৰাজ্যখনৰ বাকী অংশৰ লগত সমানে আগবাঢ়ি যাব পৰা নাই কিয়? চৰকাৰৰ ইমানবোৰ আঁচনিয়ে এই অঞ্চলসমূহক চুবগৈ পৰা নাই নেকি? নিশ্চয় ইয়াতো ক’ৰবাত কিবা সুৰুঙা ৰৈ গৈছে৷
গতিকে আমি আশা ৰাখিছোঁ, এই সুৰুঙাসমূহ চিনাক্ত কৰি শীঘ্ৰে দূৰ কৰাৰ ব্যৱস্থা হওক, যাতে আৰু কোনো প্ৰকাশ বৰঠাকুৰে কোনো চুমিলা ৰংহাংপিক পঢ়ুৱাম বুলি কৈ বন কৰাবৰ বাবে ঘৰলৈ আনিবলৈ সুবিধা নাপায়৷
ভ্ৰাম্যভাষ: ৯৪৩৫০৫০৭৪০