কথাৰ কথাৰে
ৰঞ্জুমণি মহন্ত
সৰুতে
এটা কাহিনী পঢ়িছিলোঁ৷ এসময়ত এজন ৰজা আছিল৷ ৰজাই এদিন ৰাতি এটা বৰ ভয়ংকৰ সপোন
দেখিলে৷ ৰাতিপুৱা সাৰ পোৱাৰ পাছতো তেওঁৰ সপোনটোৰ কথা মনত পৰি বৰ দুঃশ্চিন্তা হ’ল আৰু সপোনটোৱেনো কি অৰ্থ বহন কৰিছে জানিবলৈ বৰ মন গ’ল৷ সেই সময়ত ৰাজ-জ্যোতিষীজন কিবা সকামত ৰাজ্যৰ পৰা দূৰণিলৈ যোৱাত ৰজাই
ৰাজ্যৰ আনজন আটাইতকৈ ডাঙৰ জ্যোতিষীক মতাই আনি সপোনটোৰ অৰ্থ ভঙাবলৈ আদেশ কৰিলে৷
জ্যোতিষীজনে সপোনটো শুনাৰ পাছত গণনা কৰি চাই ৰজাক ক’লে, ‘মহাৰাজ, সপোনটো বৰ বেয়া৷ ৰাজপৰিয়ালত এটা ডাঙৰ অথন্তৰ হ’বলৈ
গৈ আছে ৷ আপোনাৰ চকুৰ আগতে আপোনাৰ গোটেই বংশ ধ্বংস হ’ব৷”
এই কথা শুনি ৰজাৰ বৰ খং উঠিল আৰু জ্যোতিষীজনক মৃত্যুুুুুুদণ্ডৰ আদেশ দিলে
৷ ইতিমধ্যে ৰাজজ্যোতিষীজনো ঘূৰি আহি পাইছিলহি তেওঁ ঘূৰি অহা বুলি জানিব পাৰি ৰজাই তেওঁক মতাই
আনিলে আৰু সপোনটোৰ সবিশেষ কৈ তাৰ অৰ্থ বিচাৰ কৰিবলৈ তেওঁক অনুৰোধ জনালে৷
জ্যোতিষীজনে গণনা কৰি চাই হাঁহি এটা মাৰি ৰজাক ক’লে,
“মহাৰাজ, এইটো এটা সাংঘাতিক ভাল সপোন৷ সপোনটোৰ
অৰ্থ হৈছে আপোনাৰ গোটেই বংশটোৰ ভিতৰত আপুনি আটাইতকৈ দীৰ্ঘায়ু হ’ব ৷” জ্যোতিষীৰ কথা শুনি ৰজা বৰ আনন্দিত হ’ল৷ আৰু বহুতো ধন-সোণ দি তেওক সসন্মানে বিদায় দিলে৷ ইয়াকে কয় বোলে “কথাতে
কটা যোৱা, কথাতে বঁটা পোৱা৷”
সজাই-পৰাই সুন্দৰভাৱে কথা ক’ব জনাটো এক কলা৷ মিঠা
মাত-কথাই সকলোকে মোহিত কৰে৷ দুখৰ দিনত এষাৰ মিঠা মাত, এধানি
সংবেদনশীল মাতেই কাৰোবাৰ জীৱনৰ সঞ্জীৱনী সুধা হৈ পৰিব পাৰে৷
মিঠা কথাৰে যেনেকৈ মানুহৰ মন
জয় কৰিব পাৰি, ঠিক তেনেকৈ কথাৰ শেলেৰে মানুহৰ মনটো চিৰাচিৰ কৰি পেলাবও পাৰি৷ চকুৰে দেখা
নাপালেও মানুহৰ মনত লগা আঘাত শাৰীৰিক আঘাততকৈ কম বেদনাদায়ক নহয়৷ উপশমহীন তেনে
যন্ত্ৰণাই কেতিয়াবা কাৰোবাক আমৃত্যু দগ্ধ কৰি ৰাখিব পাৰে ৷
সকলো কথা সকলো সময়তে ভাল
নালাগে ৷ প্ৰতিটো কথা কোৱাৰ একোটা উপযুক্ত সময় থাকে ৷ স্থান, কাল, পাত্ৰ চাই কথা ক’ব নজনা মানুহে আচলতে নীৰৱ হৈ থকাই
শ্ৰেয়ঃ ৷ কোনো এজন লোকৰ যেতিয়া মৃত্যু হয়, তেখেতৰ মৃত্যুৰ
দিনা সাধাৰণতে তেওঁৰ বহু বেয়া গুণ থাকিলেও, সেইবোৰ একাষৰীয়া
কৰি থৈ তেওঁৰ ভাল গুণবিলাকৰ আলোচনা কৰাটো এটা সাধাৰণ শিষ্টাচাৰ৷ কিন্তু শেহতীয়াকৈ
সামাজিক মাধ্যমত এচাম মানুহৰ মাজত এটা সম্পূৰ্ণ বিপৰীতধৰ্মী প্ৰৱণতা দেখা গৈছে৷
কিছুদিনৰ আগতে পৰলোকপ্ৰাপ্তি ঘটা অসমীয়া সাহিত্য জগতৰ দুজন পুৰোধা ব্যক্তি –
হোমেন বৰগোহাঞি আৰু লক্ষ্মীনন্দন বৰা ঢুকাওঁতে সকলোৱে সাহিত্যিক
দুজনাই অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানসমূহক স্মৰণ কৰি তেখেতসকললৈ শেষ শ্ৰদ্ধা
জনোৱাৰ পৰত, এচাম লোকে সোঁতৰ বিপৰীতে গৈ মহীৰূহ দুজনাৰ
ব্যক্তিগত জীৱনৰ কিছুমান দুৰ্বল দিশৰ বিষয়ে আলোচনা কৰা দেখা গৈছিল, যিবোৰ আলোচনা কৰিবৰ বাবে সেয়া সঠিক সময় নাছিল ৷ তেনেবোৰ আলোচনা
সেইদিনকেইটাতে নকৰা হ’লেও চলিলহেঁতেন ৷ এনেকি গুৰু দুজনাৰ
তিথিৰ দিন দুটাতো এচাম লোকে সামাজিক মাধ্যমত তেওঁলোকৰ জীৱনৰ কিছুমান সৰু-বৰ ঘটনাৰ
নেতিবাচক বিশ্লেষণ আগবঢ়োৱাত ব্যস্ত হোৱা দেখা যায়৷ গুৰুদুজনাৰ তিথিৰ দিন দুটাও
আচলতে তেওঁলোকৰ অৱদানৰ বিষয়েই আলোচনা কৰিবৰ বাবেহে উপযুক্ত ৷ নেতিবাচক আলোচনাৰ বাবে
নহয় ৷
সাম্প্ৰতিক সময়ত এনে অনুভৱ হয়, দিনক দিনে যেন মানুহ
মানুহৰ পৰা দূৰলৈ গৈ আছে৷ ইয়াৰ বাবে দায়ী কিন্তু কেৱল অতিমাৰী নহয়৷ অতিমাৰীয়ে
যিদৰে মানুহৰ মাজত শাৰীৰিক দূৰত্ব বঢ়াই তুলিছে, ঠিক সেইদৰে
মানুহৰ মাজত মানসিক দূৰত্ব বঢ়াইছে কৃত্ৰিমভাৱে উত্থান ঘটোৱা এক ধৰণৰ অহিষ্ণুতাইহে৷
নিজৰ মতটোৱেই শ্ৰেষ্ঠ আৰু শুদ্ধ, তাৰ বাহিৰে আনৰ কথা মন দি
শুনিবলৈ, শুনি অনুধাৱন কৰিবলৈ, আজিকালি
কাৰোৰে হাতত সময় আৰু ধৈৰ্য – কোনোটোৱেই যেন নাথাকে৷ সামাজিক
মাধ্যমতো প্ৰায়ে দেখা যায় এজনৰ মতৰ সৈতে আনজনৰ মতৰ সামান্য অমিল হ’লেই ইজনে সিজনক সমালোচনাৰ নামত কটু বাক্যবাণেৰে থকা-সৰকা কৰি পেলাবলৈ
কিঞ্চিতো কুণ্ঠাবোধ নকৰে৷ সামাজিক মাধ্যমতো প্ৰতিজনেই যেন একোজন যুক্তিবীৰহে হৈ
উঠিছে। মানুহৰ অসহিষ্ণুতাই এনে পৰ্যায় পাইছেগৈ যে মৃতকৰ ঘৰত মাত লগাবলৈ গৈও মৃতকৰ
ঘৰ-ঘৰোৱাহক শব্দৰ শেলেৰে হানি থৈ আহিবলৈও এচাম মানুহ পিছ নোহোঁহকে৷
বৰ্তমান চাৰিওফালে মৃত্যুৰ
কিৰিলি; প্ৰতিদিনে
কেৱল মৃত্যুৰ খবৰ৷ বন্ধু-বান্ধৱ, আপোনজন – কাৰোবাক নহয় কাৰোবাক হেৰুৱাই সকলোৱেই কম-বেছি পৰিমাণে ম্ৰিয়মান৷ সকলো ফালে
অনিশ্চয়তা; জীৱনৰ অনিশ্চয়তা, ভৱিষ্যতৰ
অনিশচয়তা৷ দুটাকৈ অমূল্য শিক্ষাবছৰত কাৰ্যতঃ যিধৰণে শিক্ষাৰ্থীসকলে শিক্ষা আহৰণ
কৰিব লাগিছিল, তেনে ধৰণে কৰিব নোৱাৰিলে৷ অন্লাইন শিক্ষাদান-শিক্ষাগ্ৰহণ হৈ আছে যদিও সেয়া কিমান ফলপ্ৰসূ সেয়া সকলোৱেই
বুজি উঠিছে৷ শিক্ষাবৰ্ষৰ হানি নোহোৱাৰ বাবে আপাত দৃষ্টিত শিক্ষাৰ্থীসকলৰ কোনো
ক্ষতি হোৱা নাই যেন লাগিলেও আচলতে তেওঁলোক বিভিন্ন দিশত যি
প্ৰচুৰ ক্ষতিৰ সমুখীন হ’ব লগা হৈছে, সেয়া কাহানিও পূৰ
নহ’ব৷ বিশেষকৈ ব্যৱহাৰিক(Practical) শিক্ষাৰ প্ৰয়োজন থকা বিষয়বিলাকত যোৱা দুটা বৰ্ষত
শিক্ষাৰ্থীসকলে এই শিক্ষা লাভ কৰিব নোৱাৰিলে৷ শিক্ষা আহৰণৰ ক্ষেত্ৰত ৰৈ যোৱা এনে
ধৰণৰ অপূৰ্ণতাৰ কুফল সুদূৰপ্ৰসাৰী হ’ব৷ এনে স্থলত সন্তানসকলৰ ভৱিষ্যতক লৈ জ্যেষ্ঠসকল উদ্বিগ্ন হ’ব লগা হৈছে৷ ভবাতকৈও চুটি হৈ পৰিছে মানুহৰ জীৱন৷ এই দুদিনীয়া জীৱনত আমি
আচলতে কোনজন আৰু কেইটা দিনৰ বাবে এই পৃথিৱীত আছোঁ তাৰেই কোনো ইয়ত্তা নোহোৱা হৈছে৷
যিকেইটা দিন এই পৃথিৱীত আছোঁ, অন্ততঃ সেই কেইদিন এজনে আনজনক
কটুকথা, ইতিকিং, ঠাট্টা-মস্কৰাৰে
আঘাত-প্ৰত্যাঘাত কৰি সম্পৰ্কবিলাক তিক্ত কৰি তোলাৰ পৰিৱৰ্তে মিলা-প্ৰীতিৰ এটা
সৌহাদ্যপূৰ্ণ পৰিৱেশ গঢ়ি তুলিব নোৱাৰোঁনে?
**
অভিনন্দন আৰু শুভকামনা :
‘অন্যযুগ’ৰ অন্যতম উপদেষ্টা ড০ ধ্ৰুৱজ্যোতি বৰাই যোৱা জুন মাহৰ পৰা অসমৰ এখন মান্য
আলোচনী ‘গৰীয়সী’-ৰ সম্পাদক হিচাপে
কাৰ্যভাৰ গ্ৰহণ কৰিছে৷ ‘অন্যযুগ’ পৰিয়ালৰ
তৰফৰ পৰা তেখেতক আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ৷
**
ইমান দু্ৰ্দিনৰ সময়তো আমাৰ
বাবে এটা ভাল লগা খবৰ যে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে জাপানৰ ট’কিঅ’ত হৈ থকা অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতাৰ বক্সিং বিভাগত ভাৰতৰ বাবে পদক
নিশ্চিত কৰিলে৷ তেওঁক অভিনন্দনৰ লগতে পৰৱৰ্তী খেলখনলৈ আমি আমাৰ শুভকামনা জ্ঞাপন
কৰিছোঁ৷