ৰঞ্জুমণি মহন্ত
ইংৰাজীত এষাৰ
কথা আছে—
‘‘A writer never dies. He lives in his words.’’ এজন লেখকৰ হেনো
কেতিয়াও মৃত্যু নহয়৷ কায়িকভাৱে মৃত্যু হ’লেও তেওঁ
কালাতীতভাৱে জীয়াই থাকে তেওঁৰ লেখাসমূহৰ মাজত৷ কিন্তু যদিহে লেখকজনৰ সৃষ্টিৰাজি
সংৰক্ষিত হৈ নাথাকে, তেন্তে লেখকজনৰ দ্বিতীয়বাৰৰ বাবে মৃত্যু
ঘটে৷ কথাষাৰ শুদ্ধ হ’লেও এজন লেখক তেওঁৰ সৃষ্টিৰ মাজত জীয়াই
থকা প্ৰক্ৰিয়াটো তেওঁৰ পৰিয়ালৰ উত্তৰসূৰীসকলৰ সদিচ্ছাৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল৷
মৃত্যুৰ পাছতো এজন লেখক তেতিয়াহে জীয়াই থাকিব, যেতিয়া তেওঁৰ
চিন্তা-চেতনা আৰু আদৰ্শক বহন কৰা লেখাসমূহ/ গ্ৰন্থসমূহ চামে চামে নতুন পঢ়ুৱৈৰ
কাষলৈ যাবলৈ সক্ষম হ’ব৷ তাৰ বাবে সময়ে সময়ে গ্ৰন্থসমূহৰ পুনৰ
মুদ্ৰণৰ ব্যৱস্থা কৰাটো প্ৰয়োজন৷ মুদ্ৰণৰ কথাটো অহাৰ লগে লগে এইখিনিতে আন এটা কথা
আহি পৰে৷ ভাৰতীয় ক'পিৰাইট আইন(Copy Right Act -1957) অনুসৰি এজন লেখকৰ মৃত্যুৰ তাৰিখৰ পৰা ষাঠি বছৰ পূৰ্ণ হোৱা পৰ্যন্ত তেওঁৰ
ৰচনাসমূহৰ ক'পিৰাইট তেওঁৰ নামত থাকিব৷ যিহেতু ক'পিৰাইট হৈছে এক দেৱানী(Civil) অধিকাৰ, লেখকজনৰ মৃত্যুৰ পাছত এই অধিকাৰ তেওঁৰ আইনগত উত্তৰাধিকাৰীসকলে লাভ কৰে৷
গতিকে তেখেতসকলৰ লিখিত অনুমতি অবিহনে সেইসমূহ ৰচনা পুনৰ প্ৰকাশ কৰাটো সম্ভৱ নহয়৷
অত্যন্ত পৰিতাপৰ কথা যে আমাৰ অসমৰে বহু স্বনামধন্য সাহিত্যিকৰ বহু মূল্যৱান গ্ৰন্থ
তেওঁলোকৰ উত্তৰাধিকাৰীসকলৰ সদিচ্ছা আৰু সহযোগিতাৰ অভাৱত পুনৰ প্ৰকাশ অসম্ভৱপ্ৰায়
হৈ পৰা বাবে আগ্ৰহী পঢ়ুৱৈসকলৰ বাবে সেইসমূহ গ্ৰন্থ দু্ষ্প্ৰাপ্য হৈ পৰিছে৷ এই
পৰিস্থিতি অব্যাহত থাকিলে, নতুন চাম পঢ়ুৱৈৰ বাবে এইসকল লেখক
এদিন সম্পূৰ্ণ অচিনাকি হৈ পৰিব৷
পৰিয়ালৰ
উত্তৰসূৰীসকলৰ অন্যমনস্কতাৰ বাবে আৰু সদিচ্ছাৰ অভাৱৰ বাবেই এজন অসামান্য প্ৰতিভাধৰ
ব্যক্তিৰ ব্যক্তিত্বৰ এটা দিশৰ উমান সমাজে নোপোৱাকৈ আন্ধাৰতে থাকি গ’ল৷
শ্ৰীশ্ৰী চলিহা বাৰেঘৰ সত্ৰৰ শ্ৰীৰাম আতাৰ বিষয়ে জনা লোক যথেষ্ট ওলাব৷ জনজাতীয়
লোকসকলৰ মাজত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত আগভাগ লোৱা শ্ৰীৰাম আতা নগাৰ (নক্তে)
নৰোত্তমক বৈষ্ণৱ ধৰ্মত দীক্ষিত কৰা বাবে জনাজাত৷ তেখেতে অৰুণাচলৰ নক্তেসকলৰ মাজত
বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল৷ অসামান্য পাণ্ডিত্যৰ অধিকাৰী এইজনা সত্ৰাধিকাৰে 'সুন্দৰকাণ্ড ৰামায়ণ' অসমীয়ালৈ ভাঙনি কৰাৰ উপৰি মাধৱদেৱৰ
নামঘোষাৰ অনুপ্ৰেৰণাত সৰুঘোষা নামৰ পুথি, বৃন্দাৱন চন্দ্ৰ,
ভক্তি বিৱেক, ভক্তি ছন্দমালা আদি কেইবাখনো
গ্ৰন্থ ৰচনা কৰি থৈ গৈছে৷ কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে তেওঁৰ উত্তৰসূৰীসকলৰ
মনোভাব আৰু সদিচ্ছাৰ অভাৱত তেখেতৰ ব্যক্তিত্বৰ সেই উজ্জ্বল দিশটো আন্ধাৰতে ৰৈ গ’ল৷ এয়া মাথোঁ এটা উদাহৰণহে৷
এইখিনিতে আৰু
এটা কথা মনলৈ আহিছে৷ অসমৰ সমাজ জীৱনত শ্ৰীমন্তশংকৰদেৱ কেনেদৰে সম্পৃক্ত হৈ আছে সেই
কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ এজন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া বুলি গণ্য কৰা
শ্ৰীমন্তশংকৰদেৱে সমাজ, সংস্কৃতি আৰু সাহিত্যলৈ আগবঢ়াই যোৱা
অৱদানৰ ভেটিতেই বৰ্তমান অসমৰ সমাজ-সংস্কৃতি আৰু সাহিত্যৰ সৌধটো থিয় হৈ আছে৷ গতিকে
গুৰুজনাৰ সৃষ্টিৰাজিক অবিকৃত ৰূপত সংৰক্ষণ কৰাটো এটা জাতীয় কৰ্তব্য৷ বৰ্তমান
তেখেতৰ বহুমুখী প্ৰতিভা, দৰ্শন আৰু বিশাল সৃষ্টি সম্পৰ্কে
বিজ্ঞানসন্মত চিন্তা-চৰ্চা যথেষ্ট বৃদ্ধি পোৱাৰ লগতে গঢ় লৈ উঠিছে বহু
শংকৰদেৱকেন্দ্ৰিক অনুষ্ঠান৷ অৱশ্যে গুৰুজনাক লৈ অসমীয়াৰ আৱেগৰো সীমা নাই৷ বহু
অনুগামীয়ে আনকি তেখেতৰ ওপৰত ভগৱানত্বও আৰোপ কৰা দেখা যায়৷ তৎসত্তেও, গুৰুজনাৰ সৃষ্টিৰাজিক অবিকৃত ৰূপত সংৰক্ষণৰ বাবে যি ধৰণৰ প্ৰচেষ্টা হ’ব লাগিছিল, সেয়া দেখা পোৱা নাই৷ আনহে নালাগে,
আজিলৈকে তেখেতৰ সমস্ত সৃষ্টিৰাজিৰ এখন একত্ৰ সংকলন প্ৰকাশ নহ’ল৷ শ্ৰীমন্তশংকৰদেৱ সংঘই প্ৰকাশ কৰিছে যদিও সেইখন সংকলন বহলভাৱে পৰিৱেশিত
নোহোৱাৰ কাৰণেই সকলোৱে সংগ্ৰহ কৰাটো সম্ভৱ হৈ উঠা নাই। অন্ততঃ অসম সত্ৰ মহসভাৰ দৰে
অনুষ্ঠানে এনে এটা উদ্যোগ কোন কাহানিবাই লোৱা উচিত আছিল৷ কিন্তু অনু্ষ্ঠানটোৱে
তেনে কোনো উদ্যোগ লোৱা দেখা নগ’ল৷ আশা ৰাখিছো, অনাগত দিনত অসম সত্ৰ মহাসভা, শ্ৰীমন্ত শংকৰদেৱ সংঘ
প্ৰমুখ্যে অন্যান্য শংকৰদেৱকেন্দ্ৰিক অনুষ্ঠান, অসম সাহিত্য
সভাৰ দৰে জাতীয় অনুষ্ঠান আদিয়ে এইক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিব৷