অন্যযুগ/


অজিৎ বৰুৱা — অসমীয়া কবিতাৰ ভাষা নিৰ্মাণৰ স্থপতিবিদগৰাকী

 ৰত্না ভৰালী তালুকদাৰ

নিক’লা ফুচিনা (Nicola Fucigna) একেৰাহে এগৰাকী কবি আৰু স্থপতিবিদ৷ তেখেত কনষ্ট্ৰাকশ্যন (constructionlitmag.com) নামৰ অনলাইন আলোচনী এখনৰো মুখ্য সম্পাদক৷ আলোচনীখনত ‘পয়েট্ৰি এণ্ড আৰ্কিটেকচাৰ’ নামৰ এটা দীঘলীয়া নিবন্ধত তেখেতে কবিতা আৰু স্থাপত্যবিদ্যাৰ মাজৰ কিছুমান সম্পৰ্কৰ কথা কৈছে৷ নিবন্ধটিত তেখেতে কবিতা আৰু স্থাপত্য উভয়ৰে নিৰ্মাণ, নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সৃষ্টিশীলতা, নিৰ্মাতাই গ্ৰহণ কৰা স্বাধীনতা, অৱয়ৱ, স্পে’চৰ দৰে বিষয়বোৰত অতি আকৰ্ষণীয়ভাৱে আলোকপাত কৰিছে৷ লগতে কবিতাৰ নিৰ্মাণ আৰু ঘৰ এখন নিৰ্মাণৰ ক্ষেত্ৰত থকা চিত্তাকৰ্ষক সাদৃশ্য আৰু বৈসাদৃশ্যবোৰো আমোদজনকভাৱে তেওঁ ব্যাখ্যা কৰিছে৷ যেনে— কবিতাত চিত্ৰকল্প অপৰিহাৰ্য, কিন্তু ঘৰ এখনৰ নিৰ্মাণৰ বাবে চিত্ৰকল্পৰ প্ৰয়োজন নাই৷ কিন্তু এটা কোঠা আৰু কোঠাৰ ভিতৰৰ ঠাইখিনি কবিতা আৰু স্থাপত্যবিদ্যাত সমানেই গুৰুত্বপূৰ্ণ, এই ঠাইখিনিক লৈ নানান সম্পৰীক্ষা হ’ব পাৰে৷ তেওঁ কৈছে যে এগৰাকী কবিয়ে যিদৰে অপূৰ্ণতাৰ বেদনাৰে জর্জৰিত হয়, এগাৰাকী স্থপতিবিদো হয় কিয়নো কবিতা লিখা আৰু ঘৰবোৰ নিৰ্মাণ কৰা, উভয়েই সৃষ্টিশীল কাম৷ নিবন্ধটিৰ এঠাইত তেখেতে কৈছে যে, ১৯১০ চনৰ জানুৱাৰি‍ মাহৰ ২১ তাৰিখে এডল্ফ্ লুজ-এ (অষ্ট্ৰেলিয়াৰ এগৰাকী বিখ্যাত স্থপতিবিদ আৰু স্থপতিবিদ্যাৰ তাত্ত্বিক) ভিয়েনাত প্ৰদান কৰা এক বক্তৃতাত গৃহ নিৰ্মাণৰ ক্ষেত্ৰত আলংকাৰিক শোভাক অপৰাধ বুলি ঘোষণা কৰিছিল৷ ইয়াৰ কাৰণ আছিল নতুন প্ৰযুক্তিয়ে আনি দিয়া স্বাধীনতা৷ তেওঁৰ লগতে আন কেইবাগৰাকীও স্থপতিবিদে পুৰণি ঘৰৰ স্থাপত্যৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি অহা আলংকাৰিক শোভাবৰ্ধনৰ আবুৰ গুচাই, পুৰণি আৰ্হি ভাঙি উন্নত প্ৰযুক্তিৰ আধুনিক নন্দনতত্ত্বৰ পোষকতা কৰিছিল, য’ত তেওঁলোকে ঘৰৰ সন্মুখ আৰু মহলাবোৰ খোলা-মেলাকৈ ৰখাৰ ক্ষেত্ৰত স্বাধীনতা লৈছিল৷ আমোদজনকভাৱে, উক্ত নিবন্ধত নিক’লা ফুচিনাই উল্লেখ কৰিছে যে, ঠিক সেই সময়তে এজৰা পাউণ্ড, টি. এছ. এলিয়ট, এইছ ডি, ষ্টিভেঞ্চ ৱালেচ, ৱি‍লিয়াম কাৰ্লোছ ৱি‍লিয়ামৰ দৰে বিশিষ্ট কবিসকলেও পুৰণি ছন্দবদ্ধ কবিতাৰ শৰীৰ ভাঙি নতুন ভাষা আৰু শৰীৰেৰে, স্বাধীনতা লৈ কবিতাৰ বাবে এক মুক্ত শৰীৰ নিৰ্মাণ কৰিছিল৷ কবিতা আৰু স্থাপত্যবিদ্যাক লৈ তেখেতে দিয়া আন আকৰ্ষণীয় ব্যাখ্যাবোৰ আগ্ৰহী পাঠকৰ বাবে ইমানতে এৰিলোঁ৷

অসমীয়া কবিতাৰ এগৰাকী যথাৰ্থ আধুনিক কবি অজিৎ বৰুৱা৷ অনেক ব্যাখ্যাকাৰে তেখেতৰ কবিতা নিজা নিজা দৃষ্টিভঙ্গীৰে ব্যাখ্যা কৰিছে৷ তথাপি অজিৎ বৰুৱাৰ কবিতাৰ ব্যাখ্যাৰ যেন শেষ নাই৷ তেখেত এগৰাকী অতি উচ্চ পৰ্যায়ৰ কবি আৰু অসমীয়া সাহিত্যত তেখেতে শীৰ্ষস্থানীয় আসন এখন লৈ থৈছে— ইংৰাজীত যাক Towering figure বুলি কোৱা হয়৷ কথাটো এইবাবেই মনলৈ আহিছে যে, তেওঁৰ কেইবাটাও কবিতাত মিনাৰসদৃশ নিৰ্মিতি আছে৷ প্ৰকৃতাৰ্থত কবিৰ সকলো কবিতা বুজি পোৱা বুলি দাবীও কৰিব নোৱাৰি৷ তথাপি কেতিয়াবা নিজকে এইবুলি সোধা যায় যে, কিহে আমাক অজিত বৰুৱাৰ কবিতাৰ সেই অদ্ভুত খলপা-খলপি কাৰুকাৰ্যবোৰলৈ টানি নিয়ে? “খলপা খলপ খলপা খলপ” এই শব্দযুগল তেখেতে নিজৰ কবিতাতো ব্যৱহাৰ কৰিছে (স্কিজ্জোফ্ৰেনিয়াৰ বিষয়ে)৷ আমাৰ দৰে বিমুগ্ধ পাঠকৰ ওচৰত তাৰ উত্তৰ এটাই— কবিতাৰ অৱয়ৱত ভাষা নিৰ্মাণৰ সম্পৰীক্ষাত কবিয়ে কৰা অপৰূপ স্থাপত্যৰ দৰে আৰ্হিবোৰে, যি নিৰ্মেদ৷ অজিত বৰুৱাৰ কবিতা পাঠ কৰিলে বহু সময়ত তাহানিৰ শিলুৱা, শেলুৱৈ পিছল মেখেলা উজোৱা বাটটোৰে নীলাচল পাহাৰলৈ উঠি গৈ থকা যেন লাগে৷ (বৰ্তমানে অৱশ্যে এই প্ৰাচীন বাটটি বগাবলৈ সহজ কৰি দিয়া হৈছে৷) পৰ্বতৰ টিঙত প্ৰাচীন সভ্যতাৰ কালিকা লাগি থকা কামাখ্যা মন্দিৰৰ শিহৰণ অনুভৱ কৰিবলৈ নকৰাসুৰে কামাখ্যা গোসাঁনীৰ বাবে একেটা ৰাতিতে সজাই দিয়া বুলি কিংবদন্তিত থকা মেখেলা-উজোৱা বাটেৰে কৰা যাত্ৰাৰ যি উত্তেজনা, সেয়া গাড়ী-মটৰেৰে কৰা মসৃণ বাটটোৰ যাত্ৰাত নাই৷ 

অজিৎ বৰুৱাৰ কবিতাৰ স্থাপত্যিক শাৰীবোৰত উলম্ব আৰু আনুভূমিক— দুয়ো ধৰণেই বিচৰণ কৰিব পাৰি৷ আনুভূমিক দিশৰ সমতলৰ ব্যাখ্যা যিমান বৰ্ণাঢ্য আৰু শিহৰণকাৰী, উলম্ব দিশটোও সমানেই কৌতূহলী আৰু চিত্তাকৰ্ষক৷ আনুভূমিক পৃষ্ঠলৈ গৈ আমি যদি কবিতাৰ ব্যাখ্যা বিচাৰি পাওঁ, তেনেহ’লে আন এক ৰোমাঞ্চকৰ অভিজ্ঞতা পাওঁ কবিতাৰ গোটাসজীয়া, মিনাৰৰ দৰে নিৰ্মাণ কৰা উলম্ব অৱয়বত, যাক তেওঁ আনে অনুসৰণ কৰিব নোৱৰা ভাষা এটাৰে গঢ় দি লৈছে৷ তালৈ উঠা-নমা কৰাৰ অভিজ্ঞতাও শিহৰণকাৰী৷ কিয়নো নিপুণ স্থপতিবিদৰ হাতত বিদেশ আৰু স্বদেশৰ আৰ্হিবোৰ, কাল আৰু কালৰ অতীতবোৰ একাকাৰ হৈ গৈছে৷ তেওঁ যেন অসমীয়া কবিতাৰ এক অননুকৰণীয় স্থপতিবিদ! কিযে ভয়ংকৰ অথচ সুন্দৰ! কিয়নো কবিয়ে প্ৰচণ্ড কৌতূহল আৰু জিজ্ঞাসাবোৰ লুকুৱাই থোৱা সেই  দালানলৈ উঠি যোৱা চিৰিবোৰ নিৰ্মাণ কৰি থৈ গৈছে থিয়কৈ— যাত্ৰাকালত ভৰি যিমানেই টন্‌টনাই উঠিব, চকুও সিমানেই লুভীয়া হৈ উঠিব মণি-মাণিকখচিত সেই অপূৰ্ব ৰত্নসম্ভাৰ এবাৰ দৰ্শন কৰিবলৈ৷ আৰু, এবাৰ দৰ্শন কৰি আমাৰ হেঁপাহ নপলায়৷ ফ্ৰাঞ্চৰ স’তে কবি অজিৎ বৰুৱাৰ এক নিবিড় সম্পৰ্ক আছে৷ ফ্ৰাঞ্চৰ সুদৃশ্য ৰাজপথৰ ঐতিহ্যমণ্ডিত স্থাপত্যৰ অপূৰ্ব নিদৰ্শনেৰে উজলি থকা অট্টালিকাবোৰৰ মাজেৰে দুভৰি চলোৱাৰ অভিজ্ঞতা আমাৰ হোৱা নাই, কিন্তু হৃদয়ৰ একোণত সাঁচি থোৱা আছে শাৰী শাৰী অট্টালিকাবোৰ বগাই বগাই অজিত বৰুৱাৰ কবিতাৰ পংক্তি আওৰোৱাৰ হাবিয়াস৷

প্ৰতিজন সফল কবিয়ে নিজৰ বাবে একোটা ভাষা নিৰ্মাণ কৰে৷ অজিৎ বৰুৱাৰ কবিতাৰো এটা ভাষা আছে৷ কিন্তু তেওঁ লগতে কৈছে যে, একেটা কবিতাতে কেইবাটাও শতিকাৰ ভাষাই একেলগে বাস কৰিব পাৰে৷ বাস কৰিব পাৰে বুলি ক’বলৈ মন যোৱাৰ কাৰণ হৈছে কবিতাত কবিয়ে ব্যৱহাৰ কৰা বিভিন্ন শতিকাৰ ভাষাৰ জীৱন্ত ৰূপ৷ কবিতাৰ স্থাপত্যত মহলাবোৰ নিৰ্মাণ কৰিবলৈ কেইবাটাও শতিকাৰ ভাষা তেওঁ লৈ আহিছে৷ ‘ব্ৰহ্মপুত্ৰ’ নামৰ দীঘলীয়া কবিতাটোৰ নিৰ্মাণলৈকে চোৱা হওক৷ কবিতাটিৰ আংগিকত তেওঁ নিজৰ অননুকৰণীয় কাব্যভাষা আছে, সংস্কৃত ভাষা আছে, ‘হিলৈ নেমাৰিবা/ হিলৈ নেমাৰিবা/ চাকৈ গৈ বৰফত পৰে৷ চকোৱাৰ বিননিত/ পৰ্বতৰ কুৰুঙত৷ সুৰযৰ চকুলো সৰে৷”-ৰ দৰে হিয়া দহি নিয়া বনগীতৰ বিননি আছে, ‘‘ইস্বৰৰ চিহ্ন কিয় ম্ৰি‍ত্যু/...ম্ৰিত্যুৱেই ইস্বৰৰ আগ্যা/ গছ পৰে সৰ্ব/ সকতিমানৰ ইস্যা মতে”-ৰ দৰে অৰুনোদইকালিন অসমীয়া ভাষা আছে, “শ্ৰীমাধৱ জন্মিলন্ত/ মোহোৰ উত্তৰ তীৰে৷ মঞি ভৈলো অতি হৰষিত/ যেহিসে উত্তৰে তট/ সেহিসে দক্ষিণ তট/ মোহোৰ প্ৰবজ্যা আচৰিত/”-ৰ দৰে শংকৰদেৱ-মাধৱদেৱৰ কালৰ অসমীয়া ভাষা আছে, আৰু আছে জ্যোতিপ্ৰসাদৰ ‘‘লুইতৰে পানী যাবি অ’ বৈ”… আৰু আছে অসমীয়া গদ্যভাষাৰ ঐতিহ্যবাহী কালিকা—

“কিন্তু অসমিয়া ভাষা ব্ৰহ্মপুত্ৰ নদিৰ সোঁতৰ

নিচিনাকৈ ৰাজ্যৰ মাজত একেদৰে চলি আছে আৰু

আগলৈকো চলিব৷”

অজিৎ বৰুৱাৰ এই সফল কবিতাটোৰ বহুত ব্যাখ্যা হৈছে৷ এয়া সঁচা যে, কবিতাটো ব্ৰহ্মপুত্ৰৰ ইতিহাস নহয়— ব্ৰহ্মপুত্ৰৰ ইতিহাস আৰু আৰু দুয়োপাৰৰ সভ্যতাক লৈ কবিৰ এয়া নিজৰ দৰ্শন৷ কবিৰ এই দৰ্শনেই কবিতাটিৰ নিৰ্মিতি, অৰ্থাৎ ইয়াৰ স্থাপত্যশৈলীৰ আধাৰ৷ ইয়াত কবি প্ৰাজ্ঞ আৰু অনন্ত জিজ্ঞাসাৰ মানৱ৷ পাঠকক অজানা কথাৰ সন্ধান দিবলৈ তেওঁ বুকুত নিজৰ দৰ্শন বান্ধি দেশ আৰু কালৰ সকলো ইতিহাস পাৰ হৈ গুচি গৈছে, আৰু ৰত্নখচিত মুকুতা লৈ আহিছে৷ কিন্তু তাকে কৰিবলৈ গৈ কবিয়ে সজ্ঞানে ব্ৰহ্মপুত্ৰৰ সভ্যতাৰ পাৰে পাৰে অসমীয়া ভাষাৰ বিকাশ আৰু কথন পৰম্পৰাৰৰ এক আচৰিত পদচিহ্ন কবিতাটোত ৰাখি গৈছে ৷ যি আমাৰ বাবে বিস্ময়৷

কবিতাটিত কবিৰ নিজৰ বাবে লোৱা কথনৰ কালিকাও আচৰিত—

‘‘ৰামধেনু-প্ৰপাতত আন্ধাৰ ৰাতিৰ ৰামধেনু,

কেনে মনোমোহা, কিমান ভীষণ

আশ্বৰ্যবোধক চিনৰ বাহিৰে

আৰু কি আছে বাক্য বিন্যাসৰ জলতৰংগত?’’

সদায় ৰামধেনুৰ সাতোৰঙেৰে উদ্ভাসিত হৈ থকা সেই জলপ্ৰপাত কবিয়ে দেখিছে৷ ব্ৰহ্মপুত্ৰৰ নদীৰ তিব্বতীয় পৰিভাষাক আমি অসমীয়া জিভাৰে ‘চাংপো’ বুলি কৈ সামৰি থওঁ যদিও কবিয়ে কিন্তু সঠিকভাৱেই ‘ট্‌চাংপো’ বুলিহে কৈছে৷ ইয়াত এজন পৰ্বতাৰোহী আছে, যি ব্ৰহ্মপুত্ৰৰ উৎপত্তিৰ সন্ধান কৰিছিল, তুষাৰাবৃত পৰ্বত বগাইছিল৷ লগতে আছে বৌদ্ধ দৰ্শনৰ সমান্তৰালভাৱে অসমৰ তন্ত্ৰ-পৰম্পৰা, যদিওবা কবিয়ে তান্ত্ৰিকতাত বিশ্বাস নকৰে বুলি নিজেই কৈছে৷ কবিতাটোত আছে শৰাইঘাটৰ যুদ্ধও৷ আছে ৰছিপ খাঁ৷ মেঘবাহন৷ হৰদত্ত বীৰ৷ একোটা মাত্ৰ শব্দতে সামৰি লোৱা অতীতৰ একোটা বুৰঞ্জী৷ ঐতিহ্য৷ অলেখ মৰণৰ সংকেত৷ আচলতে মৰণৰ কৰুণ সংকেতবোৰেও অজিৎ বৰুৱাৰ কবিতাক অনন্য মাত্ৰা দিছে৷ লগতে অসমৰ গ্ৰাম্য জীৱনৰ এচমকায়ো তাত ভুমুকি মাৰিছে৷ খহনীয়াবোৰৰ কথা নক’লে ব্ৰহ্মপুত্ৰৰ বিষয়ে কোৱা কথা সম্পূর্ণ নহয়৷ বৰনৈয়ে যেতিয়া মাটি খহায়, খহাই নিয়ে চহাৰ জীৱন৷

“বৰনৈৰ কলপতীয়া পানী সাগৰে নেদেখে-দেখে

আম্ৰাজুৰিৰ, ধেনুখুন্দাৰ খুদু ভাঙুৰীয়ে এহালিচা মাটি

খুজি লৈ যোৱা

কোটোহা বাঁহৰ বুৰুজত বৰনৈয়ে কোবাল হাও খেলে৷”

ব্ৰহ্মপুত্ৰ কবিতাটি যিহেতু কবিৰ নিজা এক দৰ্শন, আৰু ইয়াত অসংখ্য চেতনাৰ সমাহাৰ ঘটিছে, সেয়েহে আপাতত বুজিবলৈ কঠিন যেন লাগে, কিন্তু হাত ধৰিবলৈ কবিয়ে কবিতাটিৰ তলত পাদটীকাৰ এডাল দীঘল লাখুটিও দিছে৷ অজিৎ বৰুৱা চিৰকালৰ কবি৷ কবিতাৰ অন্তঃসাৰ যেতিয়া এক দৰ্শন, তেতিয়া সমকালীনৰ অভিজ্ঞতাক তেওঁৰ কবিতাত স্থান দিয়া নাই বুলিয়েই ক’ব পাৰি৷ কিন্তু তাৰ মাজতো ‘ব্ৰহ্মপুত্ৰ’ কবিতাটোত কবিয়ে কৈছে—

“নাই নাই নাই

আত্মনিয়ন্ত্ৰণ নাই, অসমীয়াৰ, ঢেঁকেৰীৰ

লালুঙৰ, বাইলুঙৰ”

কবিতাটিৰ অৱয়বত কবিয়ে খলপা-খলপিকৈ নিৰ্মাণ কৰি যোৱা ভাষাৰ এই স্থাপত্যিক আৰ্হিবোৰেই আমাক শিহৰিত কৰি তোলে৷

আধুনিক অসমীয়া সাহিত্যত ৰূপান্তৰৰ ধাৰণাক অতি বলিষ্ঠ ৰূপত প্ৰতিষ্ঠা কৰিছে জ্যোতিপ্ৰসাদ আগৰৱালাই৷ ‘‘শিল্পীৰ পৃথিৱী’ত তেখেতে কৈছে - ‘মানুহ হৈছে সপোন দিঠকলৈ পৰিণত কৰা শিল্পী৷’’ ইয়াতেই গণশিল্পীগৰাকীৰ ৰূপান্তৰৰ ধাৰণাটো নিহিত হৈ আছে৷ ‘ৰূপান্তৰ’ শব্দটো শুনিবলৈ শুৱলা আৰু কাব্যিক৷ কিন্তু সৃষ্টিশীল লোক এজনে সপোন দিঠকলৈ ৰূপান্তৰ কৰাৰ প্ৰক্ৰিয়াটো সহজ কথা নহয়৷ তাৰ বাবে নিজকে ভাঙিব পাৰিব লাগিব, আৰু সেই ভগ্নস্তূপৰ মাজৰ পৰা জীয়াই উঠিব পাৰিবও লাগিব৷ নিজকে ভাঙিব পৰা বাবেই জ্যোতিপ্ৰসাদ আগৰৱালাই ৰঙা দলিচাৰ পৰা সেউজীয়া ঘাঁহনিলৈ নিজৰ জীৱনৰ ৰূপান্তৰ ঘটাইছিল৷ য’ত আছে সৃষ্টিশীল সত্তাৰ ভিতৰৰ বিদ্ৰোহীজন৷ ‘বিশ্বশিল্পী’ কবিতাত জ্যোতিপ্ৰসাদে কৈছে— ‘‘ধবংসৰ মাজেদি মই/ ৰূপান্তৰেদি ৰূপ পাই/ নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ৷” কোনো এজন সৃষ্টিশীল সত্তাৰ বাবেই এই কথা কোৱাৰ প্ৰয়োজন নাই যে ইয়াত ধ্বংস মানেই বিদ্ৰোহ৷ বিদ্ৰোহ নোহোৱাকৈ কোনো বস্তুৰেই ৰূপৰ অন্তৰ ঘটিব নোৱাৰে— যি দ্বন্দ্বমূলক বস্তুবাদৰ প্ৰাথমিক কথা৷ এই অৰ্থত ৰূপান্তৰ শব্দটি এক বিজ্ঞানসন্মত ধাৰণা৷ কিয়নো ইয়াৰ কেন্দ্ৰত আছে দ্বন্দ্ব৷ নিজৰ দম্ভৰে পৃথিৱীৰ মুখ দেখিবলৈ হ’লে মাতৃগৰ্ভত শিশুৱে বিদ্ৰোহ কৰিবই লাগিব৷ স্বাস্থ্যৱান নৱজাতকৰ প্ৰথমটি কান্দোনৰ বাবে সেয়েহে আমাৰ থাকে উত্তেজনা, থাকে শিহৰণ৷ কবিতাৰ ভাষাৰ নিৰ্মাণত জ্যোতিপ্ৰসাদে উল্লেখ কৰা ‘ৰূপান্তৰ’-ৰ ধাৰণা আমি অতি আশ্বৰ্যকৰ ৰূপত দেখা পাওঁ অজিৎ বৰুৱাৰ কবিতাত৷ ভাষাৰ নিৰ্মাণৰ বাবে তেওঁ যেতিয়া স্বাধীনতা লৈছে— পুৰামাত্ৰাই লৈছে৷ অসমীয়া কবিতাত ভাষাৰ নিৰ্মাণৰ বেলিকা অজিৎ বৰুৱাই ইমানবোৰ সাহসী সম্পৰীক্ষা কৰি গ’ল যে সেয়াও আমাৰ বাবে বিস্ময়৷ বিস্ময় এইবাবেই যে লেখৰ জোখাৰে তেওঁৰ কবিতা তেনেই তাকৰ৷ তথাপি যেন তেওঁৰ কবিতাৰ ব্যাখ্যাৰ শেষ নাই৷ কেৱল ভাষাৰ নিৰ্মাণেই নহয়, অজিৎ বৰুৱাৰ কবিতাত বিশ্বপ্ৰেক্ষা আৰু স্থানীয় প্ৰেক্ষাৰ ইমানবোৰ অনুষংগ, উদ্ধৃতি আৰু প্ৰসঙ্গৰ উল্লেখ আছে যে, লতা-পাত কাটি বাটত আগুৱাই যাবলৈকে কঠিন৷ একোটা শব্দতেই যেতিয়া একোটা সভ্যতা অথবা ঐতিহ্য লুকাই থাকে, তেতিয়া পঠনৰ বেলিকাও এক প্ৰস্তুতিৰ প্ৰয়োজনেই হয়৷ কবিৰ অভ্যন্তৰৰ বিদ্ৰোহীজনক গভীৰ প্ৰজ্ঞা, অন্তৰ্দৃষ্টি আৰু সম্পৰীক্ষাৰে সাৰ-পানী দি জীয়াই নৰখা হ’লে অজিৎ বৰুৱাই অসমীয়া কবিতাত এনে ক্ৰান্তিৰ সূচনা কৰিব পাৰিলেহেঁতন বুলি অনুভৱ নহয়৷ প্ৰবাসত থিয় হৈ “মই অসমক ভাল পালোঁ গোঁৱাৰৰ দৰে, বিশ্বব্ৰহ্মাণ্ডক মোৰ নমস্কাৰ৷” বুলি ক’ব পৰা এনে অনমনীয়, অথচ সৰল দম্ভ আৰু বিনম্ৰতাৰ যুগলবন্দীৰ বাবেই অজিৎ বৰুৱাৰ কবিতাৰ বাট জ্যোতিপ্ৰসাদে উল্লেখ কৰা ‘ৰূপান্তৰ’ৰ বাট বুলি পতিয়ন যাবলৈ সাহস হয়৷ য’ত আছে কবিৰ বিদ্ৰোহ- ভাঙি-ছিঙি পচাই, সেই পচনৰ পৰা অহা নতুন সৃষ্টিৰ ৷ ইয়াত সৃষ্টিশীল সত্তা আপোচহীন হ’বলৈ বাধ্য৷ যিহেতু বাট কবিতাৰ, তাৰ অভিজ্ঞতা সদায়ে জোনাকী নহ’বও পাৰে৷ সমকালীন অসমীয়া সাহিত্যিক আৰু সমালোচকসকলৰ অনেকৰ সৃষ্টিকৰ্মত বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষা দেখা যায়, কিন্তু অজিৎ বৰুৱাৰ কবিতাবোৰৰ মাজত লুকাই থকা সৃষ্টিশীল সত্তাৰ আপোচহীন স্থিতিটো তাত সতকাই দেখা পোৱা নাযায়৷ এই বিদ্ৰোহী সত্তাটিৰ অনুপস্থিতিৰ বাবেই তেনে সৃষ্টিকৰ্মত শিহৰণ বা জোকাৰণি অনুভৱ কৰিব নোৱাৰি৷

‘জেংৰাই’ নামৰ কবিৰ আন এটি বহুলভাৱে পঠিত আৰু বহুজনে ব্যাখ্যা কৰা কবিতালৈ চোৱা যাওক৷  কবিতাটি কবিয়ে ১৯৬২ চনত লিখা৷ ‘জেংৰাই’ মাজুলীৰ মিছিং সম্প্ৰদায়ৰ লোকসকল বাস কৰা এখন ঐতিহ্যমণ্ডিত গাঁও৷ ‘জেংৰাই’ শব্দৰ অৰ্থ সৌৰাগছ৷ উত্তৰ পাৰে বৈ যোৱা খেৰকটীয়া সুঁতিৰ দাঁতিত এসময়ত তাতেই বহুত সৌৰাগছ আছিল৷ অতীতত সোৱণশিৰিৰ বান ভগনীয়া মিছিংসকলে তাতেই গাঁও এখন পাতি এজোপা প্ৰকাণ্ড সৌৰাগছৰ তলত এখনি বিদ্যালয় স্থাপন কৰিছিল বুলি প্ৰবাদ আছে৷ সেই তেতিয়াৰে পৰাই জেংৰাই গাঁৱৰ মিছিং লোকসকল শিক্ষাই-দীক্ষাই অতি আগবঢ়া৷ বৰ্তমানে জেংৰাই এখন সৰু চহৰত পৰিণত হৈছে৷ মিছিং লোকগীতত জেংৰাইক সম্ভ্ৰমেৰে উল্লেখ কৰা হৈছে৷ কবিয়ে সেই ঠাইডোখৰলৈ গৈ ‘জেংৰাই’ নামটি কবিতাৰ আগলিলৈ লৈ অহাই নহয়, সেই ঠাইৰ জনজাতীয় লোকসকলে কোৱা অসমীয়া ভাষাটিকো কবিতাটিত গৌৰৱেৰে স্থান দিছে৷ কবিয়ে কবিতাটি আৰম্ভণি কৰিছে এনেদৰে—

“অন্ধাৰ হোৱাৰ অলপ আগেযে

আমি সোৱণশিৰিত পৰিলোঁ৷ আৰু

সোৱণশিৰিৰ এটিং পানীৰে আমাৰ নাৱৰ টিং ধুৱালোঁ৷”

 

আন এঠাইত কৈছে— ‘চাপৰিৰ ডাঙৰিয়াই আমাৰ ৰক্ষা কৰিব?’

ইয়াত ‘সোৱণশিৰিত পৰিলোঁ’— এইডোখৰ জেংৰাই এলেকাৰ জনজাতীয় লোকসকলৰ মুখৰ ভাষা, তেওঁলোকে কয়— ‘নৈত পৰিলোঁ’ অৰ্থাৎ ‘নৈত নাও মেলি দিলোঁ’৷ এয়া কবিৰ শ্ৰদ্ধা, স্থানীয় জনজাতীয় লোকসকললৈ, তেওঁলোকে কোৱা মুখৰ ভাষালৈ৷ কবিয়ে ‘নৈত নাও মেলিলোঁ’ বুলিও ক’ব পাৰিলেহেঁতেন, কিন্তু তেওঁ ক’লে— ‘নৈত পৰিলোঁ৷’ ‘চাপৰিৰ ডাঙৰীয়া’ এইটোও মাজুলীৰ জনজাতীয় আৰু অজনজাতীয় সকলো মানুহে কোৱা ভাষা— তেওঁলোকে নিশাৰ নিজান চাপৰিত দেও-ভূত-দেৱতা থকা বুলি সততে নকয়৷ বৰং যিদৰে সম্ভ্ৰমেৰে নামঘৰৰ কল্পিত দেৱতাক বুঢ়াডাঙৰীয়া বুলি কয়, সেইদৰেই ‘চাপৰিৰ ডাঙৰীয়া’ বুলিহে কয়৷

কবিতাটিৰ পিছৰ আশ্বৰ্যকৰ নিৰ্মাণবোৰ কবিৰ নিজা দৰ্শন৷ ম’হৰ ডিঙিৰ ঘণ্টাৰ শব্দত শুনা ব্ৰহ্মাণ্ডসংগীত, বাঘৰ গোঁজৰণিৰ মাজেৰে অহা মৰণৰ সংকেত— এইবোৰৰ অনেক ব্যাখ্যা ইতিমধ্যে হৈ গৈছে৷ কবিয়ে কৈছে—

‘‘নাৱৰ টিঙত শুই

তৰা আৰু বোকা একেলগে দেখি

বাঘৰ গোঁজৰ ম’হৰ ঘণ্টা জলকুঁৱৰীৰ গীত

একেলগে বাজে বেসুৰা সুৰীয়াকৈ//’’

ঠিক এইখিনিৰ পৰাই কবিজন দৃশ্য আৰু শ্ৰৱণৰ কপাট পাৰ হৈ অপাৰ নিৰ্জনতালৈ গুচি গৈছে৷ নিৰ্জনতা আৰু নিঃসংগতাৰ নিশাৰ সেই জগত/ এনে লাগে যেন এইডোখৰৰ পৰা নাৱৰীয়াজনো তেওঁৰ লগত নাই৷ কেৱল নাও, নদী, আকাশ, কবি আৰু তাহানিৰ খহি পৰা প্ৰেম— সকলো যেন অপাৰ্থিৱ!! পৰৱৰ্তী সময়ত নদীৰ বুকুত ভাহি অহা ভগা-ছিগা মেটেকাৰ ফুলৰ দৰে ডোখৰ ডোখৰ স্মৃতিৰ টুকুৰা, কালৰ অভিজ্ঞতাবোৰ ৰিণিকি ৰিণিকি ভাহি আহিছে৷ হয়তো প্ৰহেলিকাৰ কুঁৱলীত হেৰাই যোৱা প্ৰেমো৷ কবিয়ে মৰণৰ সংকেতবোৰৰ মাজত পৰিসমাপ্তি নঘটাই প্ৰকৃতিৰ সেই বিশালতাৰ মাজলৈ গৈ জীৱন সংগীতৰ কথা কোৱা হ’লে কবিতাটোৰ সোৱাদো সুকীয়া হ’লহেঁতেন নেকি? কিন্তু কবিয়ে আমাক বিশ্বচৰাচৰৰ বুজিব নোৱৰা ৰহস্যবোৰৰ কৌতূহলৰ ধূঁৱলী-কুঁৱলীৰ মাজলৈহে টানি নিলে৷ কিয়নো প্ৰকৃতিৰ সেই অনৰ্বিচনীয় সৌন্দৰ্যৰ মাজত যি এবাৰ হেৰাই যায়, বা যোৱাৰ সুবিধা পায়, তেওঁ সেই বিশালতাৰ মাজৰ নিজৰ ক্ষুদ্ৰত্বকহে মাথোন উপলব্ধি কৰে, আৰু এবাৰলৈ হ’লেও ভাবে— এই সুবিশাল নিসৰ্গৰ মাজত ধূলিকণাসদৃশ ব্যক্তিসত্তা চিৰকাললৈ হেৰাই গ’লেও তাৰ বাবে যেন কোনো যেন খেদ নাথাকিব!

‘‘পৃথিৱীৰ সকলো সাহিত্যই আমাৰ উত্তৰাধিকাৰ’’ বুলি কোৱা অজিৎ বৰুৱাই ব’ডলেয়াৰ আৰু ছেইণ্ট-জন পেৰ্চৰ কথা উল্লেখ কৰিছে, আৰু ব’ডলেয়াৰৰ কাব্যৰীতিৰে অনুপ্ৰাণিত ছেইণ্ট-জন পেৰ্চৰ পৰা কবিতাৰ নিৰ্মাণ কৌশল শিকা বুলিও উল্লেখ কৰিছে৷ ইংৰাজীলৈ Echoes নামেৰে চিৰিল স্কট (Cyril Scott)-এ অনুবাদ কৰা ব’ডলেয়াৰৰ কবিতা এটি আছে, য’ত কবিয়ে প্ৰকৃতিৰ মন্দিৰৰ জীৱন্ত, খলপা-খলপি শাখা-প্ৰশাখাবোৰ ওপৰলৈ উঠি যোৱা এক প্ৰতীকী অৰণ্যৰ কথা কৈছে৷ এই কবিতাটিতো নিশাৰ কথা আছে, আছে বিশালতা, নিসৰ্গৰ ৰং আৰু তাৰ পৰা উঠি অহা কাৰুণ্যৰ সংগীত৷ জেংৰাই কবিতাত প্ৰকৃতিৰ বিশালতাৰ মাজত মৃত্যুচেতনাৰে বিধৌত হৈ পৰা শাৰীকেইটাতো আমি ব’ডলেয়াৰৰ সেই উপলব্ধিৰ সুৰ ৰিণি ৰিণি শুনিবলৈ পাওঁ৷ বিশেষকৈ শেহৰ এই তিনিটা শাৰী—

“Which have the expansion of infinity,

Like amber, musk and frankincense and myrrh

That sing the soul’s and senses’ ecstasy”

অৱশ্যে আমি যেতিয়া ফৰাচী ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা কবিতাৰ ওপৰত ভৰসা কৰিবলগীয়া হয়, অজিত বৰুৱাই কিন্তু ফৰাচী ভাষাতেই প্ৰিয় ফৰাচী কবিসকলৰ কবিতাৰ ৰসাস্বাদন কৰিছে৷ তথাপি ক’ব পাৰি— মাজুলীৰ মিছিং জনগোষ্ঠীয়ে বাস কৰা পোহৰমুখী জেংৰাই গাঁওখনৰ পৰা আৰম্ভ কৰি ব’ডলেয়াৰৰ কবিতাৰ অনুৰণনলৈকে এই কবিতাটিৰ অৱয়বত অজিৎ বৰুৱাই এক দীঘলীয়া যাত্ৰাপথ সামৰি ৰাখিছে৷

‘স্কিজ্জোফ্ৰেনিয়াৰ বিষয়ে’ হৈছে পাঁচটা কবিতাৰ থূপ— য’ত স্কিজোফ্ৰেনিয়া ৰোগত আক্ৰান্ত পাঁচজন মানুহৰ কথা কোৱা হৈছে৷ কিন্তু এয়া পৰম্পৰাগত কাহিনী কথন (story telling) নহয়৷ কবিৰ অনন্ত জিজ্ঞাসা, প্ৰশ্ন আৰু অনুভৱবোৰৰ কাব্যিক ৰূপহে৷ আমি জানো এজন স্কিজ্জোফ্ৰেনিক ব্যক্তিয়ে মনৰ এক বিশেষ জগতত বাস কৰে, কিন্তু কেৱল স্কিজ্জোফ্ৰেনিক ব্যক্তিয়েইনে! প্ৰথমটোত কবিয়ে এজন স্কিজ্জোফ্ৰেনিক ব্যক্তিয়ে এডাল জুই ভেটা সৰলৰেখাই দুভাগ কৰা পাহাৰৰ কথা কৈছে (স্কিজ্জোফ্ৰেনিয়াৰ দুটা অৱস্থা! নে কবিয়ে বাস কৰা ভিতৰৰ অচিনা জগত আৰু বাহিৰৰ জাগতিক জগত, যাক জুই ভেটা সৰল ৰেখাই দুভাগ কৰিছে!) এখন নদীৰ কথা কৈছে, ভগা কাচ আৰু নদীৰ সাপ-চৰাইৰ কথা কৈছে৷ যদিহে সাপ-চৰাইটো snake bird-তেনেহ’লে চৰাইটো এজাতি পানী- কাউৰী৷ পানী-কাউৰীয়ে শৰীৰটো পানীত তলত ৰাখি দীঘল ডিঙিটো ওপৰলৈ উলিয়াই গৈ থাকিলে সাপ এডাল গৈ থকাৰ দৰে লাগে৷ পানী-কাউৰীৰ ডেউকাযোৰো ক’লা শিলৰ ডেউকাৰ দৰেহে লাগে— বিশেষকৈ পানীৰ তলৰ পৰা উঠি আহি বাঁহৰ খুঁটি এটাত ডেউকাযোৰ মেলি সি যেতিয়া ৰ’দ পুৱায়, আৰু বহু দেৰি লৰ-চৰ নকৰাকৈ থাকে, তেতিয়া তাৰ গোটেই অৱয়ৱটো শিলৰ ডেউকাৰ স’তে এক অদ্ভুত স্থাপত্য যেন লাগে৷ কবিয়ে (নে স্কিজ্জোফ্ৰেনিয়াগ্ৰস্ত ব্যক্তিয়ে!) তাত খোলাকটি ওফৰাইছে, নিস্তৰংগ ঢৌবোৰ কাটিছে— তাৰ পাছত কৈছে ‘তৰাবিলাক যিমান দূৰ মোৰ মনৰ তলিও সিমানেই৷’ (কাৰ? কবিৰ, নে স্কিজ্জোফ্ৰেনিয়াগ্ৰস্ত ব্যক্তিৰ?) কিন্তু কবিয়ে আৰু কৈছে—

“যতনে পাতিলোঁ বাৰী মই অগছাৰ

উলুৰে লগালোঁ গুটি

অগছাৰ বাগিচাৰ

শাকিনীৰ সিঞাৰত

ঘূমটি ঘনে যায় টুটি”

এয়াতো স্কিজ্জোফ্ৰেনিক ব্যক্তিৰ কাহিনী-কথন নহয়! এয়া সৃষ্টিশীল সত্তাৰ অনন্ত জিজ্ঞাসাৰ পৰা অহা হতাশা— যি নিজেও অস্থিৰ ৰূপে সৃষ্টিশীল, আৰু সকলো অনুভৱ যেন শাকিনীৰ সিঞাৰ— ব্যৰ্থ! ব্যৰ্থ! ব্যৰ্থ! প্ৰতিজন সৃষ্টিশীল লোকেই ব্যৰ্থতাৰ এনে একোটা বোজা বৈ ফুৰে৷ সযতনে পতা সৃষ্টিশীলতাৰ বাৰীখনো ‘অগছা’-ৰ বাৰী যেন লাগে৷ কবিতাটোৰ আৰু এটা দেওলগা স্থাপত্যিক নিৰ্মাণৰ বিষয়ে নকৈ নোৱাৰি—

“ঔৰে গছতে মৌৱে বাঁহা ললা

দেউতা পাৰি দিয়া খাওঁ

গুণাৰ ফুলে তোলা চেলেং আনি দিয়া

দেউতা মই শহুৰীক যাওঁ৷

 

গাত জুই লাগে আধা ভিতৰৰপৰা আধা বাহিৰৰ৷”

এই কবিতালানিৰ দ্বিতীয়টিত বাঘ-মানুহৰ চিত্ৰকল্প আছে৷ আমাৰ সমাজত বাঘ-মানুহ জনগোষ্ঠীয় সংস্কৃতিৰ ৰূপক— দিনত মানুহৰ ৰূপ লৈ থাকি নিশা বাঘ হৈ জীৱ-জন্তু চিকাৰ কৰা বাঘ-মানুহ কাৰবিসকলৰ চেতনাত আছে, যাক তেওঁলোকে ‘কিলিং চংক্ৰেট’ বুলি কয়৷ ৰাভাসকলৰ মাজতো বাঘ-মানুহৰ চেতনা আছে৷ এইটি কবিতালৈও তেওঁ জনগোষ্ঠীয় চেতনাক সম্ভ্ৰমেৰে লৈ আহিছে৷

‘‘শাওঁৰা গছত ওলমি থাকিব

বাঘ-মানুহৰ ভেল

... 

... 

ৰাতি ৰাতি মানুহ খায়

দিনৰ বেলাত তাৰ উমান নাপায়৷

গাত যাৰ ঢেঁকীয়াৰ পাত

সুন্দৰীদিয়াৰ ঘাট”

কিন্তু এয়াই নহয়৷ যিজন মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতে অহিংস আন্দোলনেৰে স্বাধীনতা লাভ কৰিলে, স্বৰাজোত্তৰ কালত আমাৰ লালসাৰে সেইজন গান্ধীৰ আদৰ্শক আমি কিদৰে প্ৰতি নিয়ত লুণ্ঠিত কৰিছোঁ তাৰো শ্লেষপূৰ্ণ কাব্যিক উল্লেখ তেওঁ এনেদৰে কৰিছে—  

“তিনিঠেঙীয়া পীৰাত বহি

তিনিটা বান্দৰে

কৰে জীৱনৰ বিহিত ব্যায়াম

গভীৰ আত্মম্ভৰিতাত

জুখি যায় জুখি যায় জুখি যায়

এটা তলিহীন দোণ ধৰি বহুতো পতান৷”

কবিৰ পাদটীকা অনুসৰি এই কবিতাটিত থকা ব্যক্তিগৰাকী এগৰাকী মৃত্যুদণ্ডৰে দণ্ডিত ব্যক্তি, যি নিজেও স্কিজ্জোফ্ৰেনিয়াত আক্ৰান্ত৷ কিন্তু কবিয়ে কেৱল এজন স্কিজ্জোফ্ৰেনিক ব্যক্তিৰ কাহিনী-কথনৰ মাজতে কবিতাটো সামৰি থোৱা নাই৷ ইয়াত তেওঁৰ সমাজ সচেতনতা স্পষ্ট৷ মনৰ ভিতৰৰ এই সমাজ সচেতক ব্যক্তিগৰাকীৰ সতেহে সমানে সমানে কবিৰ কাব্য-ভাৱনাৰ বিস্তাৰ ঘটিছে৷ কবি ব’ডলেয়াৰক লৈও এই লানি কবিতাৰ এটা কবিতা আছে, য’ৰ আৰম্ভণি কবিয়ে এনেদৰে কৰিছে—  

‘‘বগা এক মইনা চৰায়ে

সাগৰত পাৰি দিব খোজে

কিন্তু

ভয় কৰে পদূলি ওলাব

 

নিসংগতা উপাসক নিৰ্জনতা-ত্ৰস্ত

কুমাৰ কান্ত কবি উপদংশগ্ৰস্ত’’

ভাব হয়— এয়া ব’ডলেয়াৰ, নে স্বয়ং কবি অজিৎ বৰুৱা/

শেষত, যি দুশাৰী পংক্তি নিলিখিলে অজিৎ বৰুৱাৰ কবিতাৰ স্থাপত্যিক নিৰ্মাণৰ বিষয়ে কোৱা অসম্পূৰ্ণ হৈ ৰ’ব সেই শাৰীকেইটা উল্লেখ কৰিবলৈ মন গৈছে য’ত বিহুনাম আৰু আধুনিক কবিতাত ভাষা-নিৰ্মাণৰ অপৰূপ, সফল সম্পৰীক্ষা একে সময়তে সাধন হৈছে— 

“আমাৰ সকলোৰে এজমালি উত্তৰাধিকাৰ একমাত্ৰ আকাশখন চৌছিৰ কৰিবলৈ সকলোৰে অসামান্য পৰিশ্ৰম৷ পৃথিৱীৰ সকলো ভাষাই মোৰ উত্তৰাধিকাৰ৷ সকলো দাৰিদ্ৰ্য৷ কিন্তু—

“চ’ততে চকৰি, বহাগত বগৰী, জেঠতে অমনা ধান” চিৰকালে ৰ’ক৷”

                                                         (শুৱনি আমাৰ গাঁওখন অতি -১)

জাতিক ভাল পাবলৈ, মানুহক ভাল পাবলৈ, পৃথিৱীৰ মানুহৰ মুখৰ ভাষাক শ্ৰদ্ধা কৰিবলৈ, নিৰন্ন জনতাৰ গান গাবলৈ আৰু সবাৰো উপৰি চিৰ চেনেহী মোৰ ভাষা জননীক ভাল পাবলৈ ইয়াতকৈ প্ৰেৰণাদায়ী শব্দ মাক আৰু লাগেনে! এইবাবেই অজিৎ বৰুৱা একক, অদ্বিতীয়, এটি ভোটাতৰা৷ অসমীয়া কাব্য সাহিত্যত ঐতিহ্য আৰু আধুনিকতাৰ সংশ্লেষণৰ সম্পৰীক্ষাৰ এই বিৰল প্ৰতিভাধৰ স্থপতিবিদগৰাকীৰ কবিতাৰ ব্যাখ্যা যিমানেই হ’ব, ভাষা-সাহিত্যৰো সিমানেই সমৃদ্ধি হ’ব বুলি আমাৰ ধাৰণা৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ