মৌচুম বৰুৱা
আধুনিক ইংৰাজী উপন্যাস সাহিত্যক এক নতুন গতিছন্দ
প্রদান কৰাৰ ক্ষেত্ৰত আৰ্নল্ড বেনেট, ডি. এইচ. লৰেঞ্চ, জোছেফ কনৰাড, জেমছ জয়চ্, ভাৰ্জিনিয়া উল্ফ, জৰ্জ অৰৱেল আদিৰ লগতে উল্লেখ
কৰিবলগীয়া আন এগৰাকী ঔপন্যাসিক হৈছি এল্ডাছ্
হাক্সলি। ইংলেণ্ডৰ ছাৰে জিলাত ১৮৯৪ চনত জন্মগ্ৰহণ কৰা হাক্সলি পাছলৈ আমেৰিকাত
বসবাস কৰিবলৈ লয় আৰু ১৯৬৩ চনত লছ এঞ্জেলছত মৃত্যুবৰণ কৰে। হাক্সলিয়ে তেওঁৰ
সাহিত্যসমগ্ৰত এক প্ৰকাৰ বিপৰীতমুখী ভাবনাৰ দ্বন্দ্বত ভুগি থকা দেখা যায়। সেয়েহে
প্ৰচুৰ চিন্তাশীল এই লোখকজনক বহুতে দাৰ্শনিক বুলিও িবৱেচনা কৰে। সি যি নহওক, হাক্সলিৰ মনৰ যি
দ্বিধাগ্রস্ততা, তাৰ সামাজিক কাৰক এটা থকাৰ
বাদেও বংশগত কাৰণতো তেওঁ দ্বিধাগ্রস্ত মন এটাৰ অধিকাৰী হৈছিল। কিয়নো হাক্সলিৰ ককাক
থমাছ হাক্সলি আছিল এজন প্ৰখ্যাত বিজ্ঞানী আৰু ডাৰউইনৰ অন্তৰঙ্গ বন্ধু। গতিকে
হাক্সলিয়ে ককাকৰ পৰা পাইছিল ঊণবিংশ শতিকাৰ বৈজ্ঞানিক তথা বস্তুবাদী চিন্তাধাৰা।
ইফালে, এল্ডাছ্ হাক্সলিৰ মাক আছিল
প্রখ্যাত ভিক্টৰীয়ান কবি মেথ্যু আৰ্নল্ডৰ সম্পৰ্কীয়৷ গতিকে হাক্সলিয়ে মাকৰ
ফালৰ পৰা পাইছিল এক উদাৰনৈতিক আদৰ্শবাদী চিন্তাপ্রৱাহ। এই দুই বিপৰীতমুখী
চিন্তাধাৰাৰ ক্ৰিয়া-প্রতিক্ৰিয়াৰ ফচল স্বৰূপেই হাক্সলিৰ কাপৰ পৰা সৃষ্টি হৈছিল
বহুকেইখন অনুপম উপন্যাস। ঊণবিংশ শতিকাৰ মাজভাগৰ পৰা আৰম্ভ হোৱা বিজ্ঞান আৰু
প্রযুক্তিবিদ্যাৰ দ্ৰুত প্ৰসাৰ তথা সমাজ জীৱনত তাৰ পৰিণাম, ফ্ৰয়েড, য়ুং আদিয়ে আগবঢ়োৱা মানুহৰ
মনোজগতৰ বিশ্লেষণ আৰু প্রথম মহাযুদ্ধৰ পাছৰ পৰা ইউৰোপত দেখা দিয়া মানৱীয়
প্রমূল্যৰ চূড়ান্ত অৱক্ষয় আদিয়ে হাক্সলিৰ সংবেদী মনত গভীৰভাৱে
ক্ৰিয়া কৰিছিল। সেয়ে তেওঁৰ উপন্যাসসমূহত আধুনিক বিজ্ঞানে মানুহৰ পাৰ্থিৱ জীৱনলৈ
কঢ়িয়াই অনা অনাবিল আনন্দৰ লগতে ই কঢ়িয়াই অনা সামগ্ৰিক অৱক্ষয়- এই দুয়োটা
বিপৰীতমুখী অৱস্থাৰ উপস্থাপন কৰা হৈছে। দৰাচলতে এই দ্বিধাগ্রস্ততা ঔপন্যাসিকগৰাকীৰ
মনতেই আছে। কিয়নো হাক্সলি বিংশ শতিকাৰ লেখক হ’লেও তেওঁৰ মনত ঊণবিংশ শতিকাৰ
ভিক্টৰীয়ান শিল্প চেতনা এটাই নিৰন্তৰ ক্ৰিয়া কৰি আছিল। আনহাতে, ভিক্টৰীয়ান
মানসিকতা থাকিলেও হাক্সলিৰ বৌদ্ধিক কৰ্ষণ ঘটিছিল বিজ্ঞানৰ আঙুলিত ধৰি আগবাঢ়ি যোৱা
এখন সমাজৰ মাজতহে। সেয়ে হাক্সলীৰ মাজত এনে এটা দ্বিধাগ্ৰস্ততাৰ উপস্থিতি নিতান্তই
স্বাভাৱিক। অৱশ্যে এনে এক দোমোজাৰ মাজত থাকিলেও হাক্সলিয়ে পাৰ্থিৱ সুখতকৈ মানসিক প্রশান্তিকেই
শ্ৰেষ্ঠ বুলি কৈছে। সেয়ে তেওঁ মানুহৰ বাহ্যিক জীৱনৰ পৰিৱৰ্তে উপন্যাসসমূহত মানুহৰ
মনোজগতৰ ভিতৰলৈহে সোমাই গৈছে আৰু মানুহৰ অন্তৰ্জীৱনৰ কিছুমান চিৰন্তন সত্য প্রকাশৰ
ক্ষেত্ৰত সফল হ’ব পাৰিছে।
প্রথম মহাসমৰ শেষ হোৱাৰ পাছত, ১৯২১ চনত হাক্সলিৰ প্রথম
উপন্যাস ক্ৰ’ম য়েল্ল’ (Crome Yellow) প্রকাশ হয়। এই উপন্যাসখনত ঔপন্যাসিকগৰাকীয়ে
জীৱনৰ অন্তঃসাৰশূন্যতাক তীব্ৰ ব্যঙ্গ কৰিছে। এইখন উপন্যাসত এটা ঘৰুৱা পাৰ্টিত
সমবেত হোৱা কেইজনমান আত্মকেন্দ্ৰিক ব্যক্তিৰ মাজৰ কথোপকথনৰ মাধ্যমেৰে হাক্সলিয়ে
সমসাময়িক সমাজখনৰ চিত্র এখন দাঙি ধৰিছে। দৰাচলতে, প্রথম বিশ্বযুদ্ধই কঢ়িয়াই
অনা সংশয় আৰু যুদ্ধৰ পাছৰ যি সামাজিক তথা মানৱীয় প্রমূল্যৰ অৱক্ষয় আৰু এনে
পৰিস্থিতিত মানুহৰ মনৰ অন্তঃসাৰশূন্যতাই উপন্যাসখনৰ প্রধান উপজীব্য। অৱশ্যে আঙ্গিকৰ
দিশৰ পৰা উপন্যাসখনক নিখুঁত সৃষ্টি বুলি ক’ব
নোৱাৰি। বক্তৃতাধৰ্মী দীঘলীয়া সংলাপ, বাক্য গাঁঠনিৰ শিথিলতা আদিয়ে উপন্যাসখনৰ শিল্পগুণ বহু পৰিমাণে হাস কৰিছে।
ক্ৰ’ম য়েল্ল’ৰ পাছত অতি কম সময়ৰ ভিতৰত হাক্সলিয়ে এণ্টিক হে’ (Antique Hay) আৰু ড’জ বেৰেন লিভছ (Those Barren Leaves) নামৰ দুখন উপন্যাস ৰচনা কৰে। কিন্তু উপন্যাস
দুখনে তেওঁলৈ জনপ্ৰিয়তা কঢ়িয়াই আনিব নোৱাৰিলে। ইয়াৰ পাছত হাক্সলিৰ
চিন্তাধাৰালৈ এক আমূল পৰিৱৰ্তন অহা দেখা গ’ল।
তেওঁ ক্ৰমশঃ মানুহৰ মনোজগতৰ ভিতৰলৈ সোমাই যাব ধৰিলে আৰু আৱিষ্কাৰ
কৰিলে আধুনিক মানুহৰ মনৰ বহুতো গুপুত ৰহস্য। মানুহৰ মনোজগতৰ
সত্যানুসন্ধান প্রক্ৰিয়াত হাক্সলিয়ে আবিষ্কাৰ
কৰিলে যে আদিম যুগৰ পৰা যৌনতাৰ প্রতি মানুহৰ যি আকৰ্ষণ, যি হেঁপাহ সি ক্ৰমশঃ কমি
আহিব ধৰিছে। হাক্সলিৰ মতে আধুনিক যন্ত্ৰ যুগৰ মানুহৰ বাবে যৌনতা
আনন্দময় নহয়, এটা আকৰ্ষণহীন দৈহিক
তাড়ণাহে৷ এনে কিছুমান নতুন ধাৰণা লৈ তেওঁ ১৯২৮ চনত পইণ্ট কাউণ্টাৰ পইণ্ট (Point Counter
Point) নামৰ উপন্যাসখন ৰচনা কৰে। এইখন উপন্যাসত অতি দক্ষতাৰে হাক্সলিয়ে
আৱেগ আৰু যুক্তিৰ চিৰন্তন দ্বন্দ্বই মানুহৰ মনলৈ কঢ়িয়াই অনা
হতাশাগ্ৰস্ততাৰ ছবি এখন দাঙি ধৰিছে। এইখন উপন্যাসতে হাক্সলিয়ে
ধৰ্মীয় আদৰ্শসমূহৰ ওপৰতো মোক্ষম আঘাত হানিছে। ঔপন্যাসিকগৰাকীয়ে
দেখুৱাইছে যে দুই হাজাৰ বছৰ পুৰণি খ্ৰীষ্টান ধৰ্মই মানুহৰ মনত এক আত্ম-বিভাজন (self-division)-ৰ সৃষ্টি কৰাৰ বাদে আন একো দিব পৰা নাই। মানুহে প্রকৃতিৰ
নিয়ম অনুসৰি কৰি বাস কৰাৰ পৰিৱৰ্তে ধৰ্মৰ বান্ধোনৰ মাজলৈ আহি কিছুমান নৈতিক
বান্ধোনৰ মাজত নিজকেই সুমুৱাই ৰাখিব লগা হৈছে। হাক্সলিৰ
মতে, মানুহৰ মৌলিক প্রবৃত্তিবোৰক এনেকৈ দমন কৰি ৰখা বাবেই বৰ্তমান সমাজত আনন্দ, সুখ, প্রেম আদিৰ পৰিৱৰ্তে হিংসা, কপটতা, বিকৃত যৌনাচাৰ আদিয়ে মূৰ
দাঙি উঠিছে। মুঠতে জীৱনৰ চৰম ব্যৰ্থতা, ধৰ্মৰ বান্ধোন আৰু তাৰ পৰিণামস্বৰূপে
মানুহৰ মাজত দেখা দিয়া আত্মক্ষয়ংকৰী ৰূপ এটা এই উপন্যাসখনত ফুটি উঠিছে।
পইণ্ট কাউণ্টাৰ পইণ্টৰ পৰৱৰ্তী উপন্যাস ব্ৰেভ নিউ ৱৰ্ল্ড (Brave New World) প্রকাশ হয় ১৯৩২ চনত। এইখন
উপন্যাসকো হাক্সলিৰ সফল সৃষ্টিসমূহৰ মাজৰেই এখন বুলি ধৰা হয়।
এইখন উপন্যাসত বস্তুবাদী বিজ্ঞানে প্রদান কৰা পাৰ্থিৱ সুখ আৰু তাৰ বিপৰীতে ই
কেনেকৈ মানুহক এক ভাবাৱেগহীন জন্তুলৈ ৰূপান্তৰ কৰিব পাৰে, তাৰ ছবি এখন দাঙি ধৰা হৈছে। ঔপন্যাসিকে
এজন দ্ৰষ্টাৰ ভূমিকা গ্ৰহণ কৰি কৈছে যে, ভবিষ্যতে বিজ্ঞানে এনে মানুহৰ সৃষ্টি কৰিব
পাৰিব, যি নিজৰ যৌৱন চিৰদিন অক্ষত কৰি ৰাখিবলৈ সক্ষম হ’ব।
যাৰ জীৱনত দুখ-কষ্ট, অভাৱ-অনাটন, জৰা-ব্যাধি, সংঘাত আদি একোৱেই নাথাকিব। কিন্তু তাৰ বিপৰীতে
মানুহে হেৰুৱাব লাগিব হৃদয়ৰ আৱেগ-অনুভূতি, যিয়েই মানুহক আনবোৰ ইতৰ প্রাণীৰ পৰা পৃথক কৰে।
ফলস্বৰূপে, মানুহৰ মাজত নাথাকিব সুকোমল প্ৰেমানুভূতি, সামাজিক দায়ৱদ্ধতা, সৌন্দৰ্যবোধ, সাংস্কৃতিক চেতনা আৰু আনকি
ব্যক্তিত্বও। হাক্সলিৰ দৃষ্টিত বিজ্ঞানসৃষ্ট এই মানুহবোৰ সুস্থ-সৱল
হ’ব সঁচা; কিন্তু এই মানুহবোৰৰ মাজত মানৱীয় প্ৰমূল্যৰ
দৈন্য বাৰুকৈয়ে উপলব্ধি কৰিব পৰা যাব। মুঠতে, এইখন উপন্যাসত হাক্সলিয়ে
বস্তুবাদী বিজ্ঞানৰ দ্ৰুত প্রগতিয়ে কেনেকৈ মানৱাত্মাৰ ক্ষতি সাধন কৰিছে বা
ভবিষ্যতে আৰু অধিক কৰিব তাকেই অতি দক্ষতাৰে প্রকাশ কৰিছে আৰু এনেবোৰ বাস্তৱ সত্য
উপস্থাপন কৰাৰ বাবেই ব্ৰেভ নিউ ৱৰ্ল্ড উপন্যাসখনে প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম
হয়।
ব্ৰেভ নিউ ৱৰ্ল্ডৰ জনপ্ৰিয়তাৰ পাছত ১৯৩৫ চনত হাক্সলিয়ে আইলেছ ইন গাজা (Eyeless in Gaza) উপন্যাসখন ৰচনা কৰে।
বিষয়বস্তুৰ অভিনৱত্ব তথা কাৰিকৰী চাতুৰ্যৰ বাবে আইলেছ ইন গাজা উপন্যাসখনে পাঠক আৰু
সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ঔপন্যাসিক হিচাপে হাক্সলিৰ
কৃতি আৰু কৃতিত্ব বহু পৰিমাণে এইখন উপন্যাসৰ ওপৰতেই নিৰ্ভৰ কৰে। ঔপন্যাসিকগৰাকীৰ
প্ৰগাঢ় জীৱনবোধ আৰু সমাজ চেতনা বিধৃত এইখন উপন্যাসত তেওঁ আঙ্গিকৰ দিশতো বহুখিনি
পৰীক্ষা-নিৰীক্ষা চলায়। তিনিটা ভিন্ন সময়ৰ তিনিটা স্তৰত উপন্যাসখনৰ কাহিনী বিন্যস্ত হৈ আছে। প্রথম অংশত নায়ক
এণ্টনী বেভীচৰ ১৯৩৪ চনত লিখিত ডায়েৰীৰ কথা আছে। দ্বিতীয় স্তৰৰ কাহিনী আৰম্ভ হৈছে
১৯৩৩ চনৰ আগষ্ট মাহৰ পৰা আৰু ঘটনা প্রৱাহে ক্ৰমশঃ বেভীচৰ ১৯৩৪ চনত ডায়েৰীত লেখা
ঘটনাবোৰক অতিক্ৰম কৰি যায়। উপন্যাসখনৰ তৃতীয় স্তৰত নায়ক বেভীচৰ শৈশৱ, কৈশোৰ আৰু যৌৱনৰ ঘটনা ৰাজিৰ
উল্লেখ আছে। গতিকে দেখা গ’ল যে উপন্যাসখনৰ কাহিনীটোৰ কোনো ধাৰাৱাহিক বা
সময়ানুক্ৰমিক অগ্ৰগতি নাই। কিন্তু ঘটনা আৰু পৰিৱেশৰ উপস্থাপনৰ এই খেলি-মেলিৰ
মাজতেই ঔপন্যাসিকে
এটা ভাৱসংহতি ৰক্ষা কৰিছে। ঘটনাৰ অগ্ৰগতিত বৰ্তমানৰ পৰা অতীত, অতীতৰ পৰা ভৱিষ্যতলৈ নিগূঢ়
সম্পৰ্ক৷ বৰ্তমানৰ মাজত অতীতৰ অস্তিত্ব তথা বৰ্তমানৰ অৱলম্বনতেই ভবিষ্যতৰ
দিশ নিৰ্ণয়- জীৱনৰ এই সত্য প্রকাশৰ বাবেই ঔপন্যাসিকে ঘটনাৰ
সময়ানুক্ৰমিক অগ্ৰগতিৰ পৰিৱৰ্তে এক বিশেষ আঙ্গিক বিন্যাসৰ সহায় লৈছে। সি যিকি
নহওক, হাক্সলিয়ে তেওঁৰ আনবোৰ উপন্যাসৰ দৰেই আইলেছ ইন গাজা উপন্যাসতো প্রথম বিশ্বযুদ্ধৰ
পাছত ইউৰোপীয় সমাজৰ সামগ্রিক অৱক্ষয়ৰ ছবি এখন দাঙি ধৰিছে। তদুপৰি সমসাময়িক, তথাকথিত বুদ্ধিজীৱি শ্ৰেণীৰ
স্থূল জীৱনবোধ, ব্যক্তি মানস, বিচিত্ৰ যৌন-জীৱন, বিকৃত যৌন-চেতনা, অৰ্থহীন ঘাত-প্রতিঘাত আদিয়েই
উপন্যাসখনৰ মূখ্য উপজীব্য।
আইলেছ ইন গাজাৰ পাছত হাক্সলিয়ে ১৯৪০ চনত আফটাৰ মেনি অ’ চামাৰ (After Many a
Summar) আৰু ১৯৪৫ চনত টাইম মাষ্ট হেড অ’ ষ্টপ (Time Must Have
a stop) নামৰ দুখন উপন্যাস প্রকাশ কৰে। অৱশ্যে আঙ্গিকৰ চাতুৰ্যৰ বাদে বিষয়বস্তুৰ দিশত
উপন্যাস দুখনে বিশেষ নতুনত্বৰ দাবী কৰিব নোৱাৰে। ইয়াৰ বিপৰীতে তেওঁৰ অন্তিমখন
উপন্যাস- ১৯৪৯ চনত প্রকাশিত এপ এণ্ড এছেঞ্চ (Ape and Essence) বহু দিশৰ পৰাই উল্লেখযোগ্য। পইণ্ট কাউণ্টাৰ পইণ্ট, ব্ৰেভ নিউ ৱৰ্ল্ড আদি উপন্যাসত আধুনিক বস্তুবাদী বিজ্ঞানৰ প্রতি ঔপন্যাসিকৰ
যি ক্ষোভ প্রকাশ পাইছিল, সেই ক্ষোভৰ উদ্গীৰণ
ঘটিছে এইখন উপন্যাসত। দ্বিতীয় মহাসমৰৰ পৰৱৰ্তী সময়ত যি মানৱতাহীন ভয়াৱহ নতুন
সভ্যতাৰ আৰম্ভ হৈছিল, তাৰ এক চিত্ৰও উপন্যাসখনত অংকন কৰা হৈছে।
উপন্যাসখনত ঔপন্যাসিকে
এজন দ্ৰষ্টাৰ ভূমিকা লৈ কৈছে যে আধুনিক যন্ত্ৰসভ্যতাৰ ফলত অনাগত দিনত
মানুহে ইশ্বৰক উপাসনা কৰাৰ পৰিৱৰ্তে চয়তান বা অসুৰৰ ৰূপধাৰী অশুভ শক্তিক উপাসনা
কৰিব। সন্দেহ নাই যে হাক্সলিৰ দ্বাৰা অংকিত ভবিষ্যতৰ এই চিত্ৰখন অত্যন্ত
নিষ্ঠুৰ আৰু বীভৎস
হ’লেও, ই কিন্তু অনিবাৰ্য সত্যৰেই প্রকাশ। কাৰণ
বৰ্তমানৰ যন্ত্ৰযুগত বাস কৰা আমিবোৰে মানৱীয় প্রমূল্য, সামাজিক দায়ৱদ্ধতা আদি
পাহৰি দানৱীয় চেতনা এটাকেই উপাসনা কৰিবলৈ আৰম্ভ কৰা নাই জানো? এনেদৰেই মানৱ সভ্যতাৰ
ভৱিষ্যতটো দৰ্শন কৰিব পৰাৰ বাবেই আজিও পাঠক সমাজৰ মাজত এইখন উপন্যাস অত্যন্ত
জনপ্ৰিয়। অৱশ্যে উপন্যাসখন অত্যন্ত বক্তব্য প্রধান হোৱা বাবে ইয়াৰ কলাগুণ
বহুখিনি হাস পাইছে বুলি ক’ব পৰা যায়।
এল্ডাছ্ হাক্সলিৰ
উপন্যাসবোৰৰ এই সংক্ষিপ্ত আলোচনাৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হওঁ যে হাক্সলিয়ে
তেওঁৰ উপন্যাসসমূহৰ মাজেৰে আধুনিক দ্বিধাগ্রস্ত মানুহৰ পথ প্রদৰ্শকৰ ভূমিকা গ্ৰহণ
কৰিছে। তেওঁ আধুনিক যন্ত্ৰযুগৰ মানুহক দেখুৱাই দিছে যে
বস্তুবাদী বিজ্ঞানে মানৱ জীৱনলৈ পাৰ্থিৱ সুখ কঢ়িয়াই আনিলেও আত্মিক
আনন্দ প্রদান কৰিব নোৱাৰে। বৰঞ্চ ই এফালৰ পৰা মানুহৰ মানৱীয় প্ৰমূল্যসমূহক মষিমূৰহে
কৰি গৈছে। ইয়াকেই কৰিবলৈ যাওঁতে হাক্সলিয়ে মানুহৰ মনৰ অন্তৰৰো
অন্তৰ্ভাগত ভুমুকি মাৰি চাই মানুহৰ মনৰ চিৰন্তন ৰহস্যময়তা, সমাজ মনস্তত্ত্ব, যৌন মনস্তত্ত্ব আদি দিশবোৰ
উন্মুক্ত কৰি দিছে। এজন সৃষ্টিশীল লেখক হিচাপে হাক্সলিৰ
সফলতাও এইখিনিতেই ৷ অৱশ্যে হাক্সলিৰ উপন্যাসসমূহ
বহু সময়ত ইবছেন, বাৰ্ণাড শ্ব’, গলছৱৰ্থি আদিৰ নাটকৰ দৰে
বক্তব্য প্ৰধান আৰু ফলস্বৰূপে তেওঁৰ উপন্যাসবোৰ পঢ়ি গ’লে
কেতিয়াবা প্ৰবন্ধ পঢ়াৰ দৰে ধাৰণা হয়। অৱশ্যে এজন সমাজ দায়ৱদ্ধ লেখকৰ লেখা এনে
হোৱাটো স্বাভাৱিক। সি যিয়েই নহওক, শেষত আমি ক’ব পাৰো যে নিজস্ব
দৃষ্টিভঙ্গী তথা কথনশৈলী, গভীৰ জীৱনবোধ, সামাজিক দায়বদ্ধতা আৰু দ্ৰষ্টাৰ
ভূমিকাৰে ভবিষ্যতক দৰ্শন কৰাৰ ক্ষমতা আদিৰে উপন্যাস সাহিত্যক ঐশ্বৰ্যময়
কৰাৰ ক্ষেত্ৰত এল্ডাছ্ হাক্সলিৰ অৱদান স্মৰণীয় আৰু লগতে
শ্ৰদ্বেয়ও।
(লেখক বিভাগীয় প্রধান, ইংৰাজী বিভাগ, ছল্টব্ৰুক
একাডেমী, ডিব্ৰুগড়)
ঠিকনা :
জ্যোতিবন,
ৰূপনগৰ, দূৰদৰ্শন কেন্দ্ৰৰ সমীপত
ডিব্ৰুগড় - ৭৮৬০০৩
ভ্ৰাম্যভাষ
- ৯৯৫৪৪৮০০৫৯