অন্যযুগ/


আমেৰিকাত এটা অবিস্মৰণীয় অভিজ্ঞতা

অৱনী কুমাৰ শৰ্ম্মা

পৰিয়ালসহ আমেৰিকালৈ চিৰস্থায়ী বাসিন্দা হৈ মই ১৯৭২ চনতে আহিলোঁ৷ চাওঁতে চাওঁতে এই দেশত আমাৰ এতিয়া ৪৭ বছৰ পাৰ হৈ গ’ল৷ অৱশ্যে ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰিঙৰ মাষ্টাৰ ডিগ্ৰী কৰিবলৈ, মই ১৯৬৪ চনত ১৬ মাহৰ কাৰণেহে আমেৰিকালৈ আহিছিলোঁ৷ সেই ১৬ মাহ বাদ দি পাছৰ ৪৭ বছৰ কালছোৱাত এই দেশত মোৰ বিভিন্ন প্ৰকাৰৰ অভিজ্ঞতা হৈ আহিছে৷ তাৰ মাজতে এটা অভিজ্ঞতাৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰিম৷ সেই অভিজ্ঞতাটোৰ বিষয়ে আজি মই  লিখিবলৈ লৈছোঁ৷

ঘটনাটোৰ বিষয়ে লিখিবলৈ আৰম্ভ কৰাৰ আগতে এটা কথা লিখি থোৱাটো সমীচীন বুলি মই ভাবোঁ যে আমেৰিকাত হোৱা সৰহভাগ অভিজ্ঞতাই মোৰ কাৰণে সুখদায়ক (Pleasant) বুলিয়েই ক’ব পৰা যায়৷ মাত্ৰ এটা কি দুটামান অভিজ্ঞতাহে ঈষৎ বেদনাদায়ক, মনত তিতা লগোৱা৷ আজি লিখিবলৈ লোৱা এই অভিজ্ঞতাটোও এই দ্বিতীয়বিধৰ অভিজ্ঞতাই বুলিব পাৰি৷

ঘটনাটো ঘটিছিল ১৯৭৮ চনত৷ ছেপ্টেম্বৰ নহ’লে অক্টোবৰ মাহত৷ ১৯৭২ চনত এই দেশলৈ অহাৰ পৰা ১৯৭৮ চনৰ জুলাই মাহলৈকে মই আমেৰিকাৰ জৰ্জিয়া প্ৰদেশৰ ৰাজধানী আটলাণ্টা চহৰৰ আশে-পাশেই বাস কৰিছিলোঁ৷ সেই ছবছৰৰ ভিতৰতে মই প্ৰথম চাকৰিটো এৰি অন্য এটা সম্ভ্ৰান্ত ক’ম্পে‍নি‍ত দ্বিতীয় চাকৰিটো লৈ সুখে-শান্তিৰেই আছিলোঁ৷ সৰু-সুৰা ঘৰ এটাও কিনি লৈছিলোঁ৷

পাছে ১৯৭৭ চনৰ শেষৰ ফালে মই ইঞ্জিনীয়াৰিং বিভাগৰ P.E. (Professional Engineer) পৰীক্ষাটো পাছ কৰিলোঁ৷ এনেয়ে দৈনন্দিন চাকৰি কৰিবৰ কাৰণে P.E. পৰীক্ষাটো পাছ নকৰিলেও হয়৷ পাছে P.E. ডিগ্ৰীটো থাকিলে ইঞ্জিনীয়াৰজনৰ অলপ সন্মান বাঢ়ে আৰু দৰমহাৰ ফালৰ পৰাও অলপ আগ বাঢ়িব পৰা যায়৷ এই P.E. পৰীক্ষাটো কোনো কলেজ বা য়ুনিভাছিটিয়ে নচলায়; বৰং প্ৰতিখন প্ৰদেশৰ Professional Department–এ প্ৰতি বছৰে এবাৰকৈ এই পৰীক্ষাবোৰ চলায়৷

মই P.E. পৰীক্ষাটো পাছ কৰাৰ পাছত ১৯৭৮ চনৰ আগভাগতে জৰ্জিয়া প্ৰদেশৰ Professional Engineer-বোৰৰ নতুন তালিকাখনত মোৰ নামটো ওলাল৷ তাৰ পাছতে দেখোন হঠাতে এদিন মই ফ্ল’ৰিডাৰ কেপ কেনাভেৰালৰ (Cape Canaveral)-ৰ পৰা, য’ৰ পৰা আকাশলৈ আকাশীযান উৰোৱা Space Center-টো আছে, তাৰ পৰা এটা টেলিফ’ন কল পালোঁ৷ সিফালৰ পৰা ক’ম্পে‍নি এটাৰ উচ্চ বিষয়া এজনে মোক ক’লে যে তেওঁলোকে প্ৰফেশ্বনেল ইঞ্জিনীয়াৰ হিচাপে মোৰ নামটো দেখিছে৷ এতিয়া যদি মই তেওঁলোকৰ ক’ম্পেনিটোত মানে Planning Research Corporation-ত (PRC) কাম এটা ল’ব খোজোঁ, তেনেহ’লে মোৰ কাৰণে PRC-ত কাম এটা আছে৷ কামটোৰ কাৰণে মই ইণ্টাৰভিউ দিবলৈকো যাব নেলাগে৷ সেইবুলি কৈ PRC-ৰ মানুহজনে মোক দুই-চাৰিটা কথা সুধি PRC-ত ইঞ্জিনীয়াৰৰ কাম এটা আগ বঢ়ালে৷

কথাটো ঘৰৰ সকলোৰে লগত আৰু আটলাণ্টাৰ সেই সময়ৰ আমাৰ বন্ধু-বান্ধৱসকলৰ লগত আলোচনা কৰি মই চাকৰিটো লবলৈকে ঠিক কৰিলোঁ৷ কিন্তু কেতিয়াও নেদেখা নুশুনা ঠাই এখনলৈ (কেপ কেনাভেৰাল) লগে লগে গোটেই পৰিয়ালটো লৈ যোৱাটো উচিত নহ’ব বুলিও ঠিৰাং কৰিলোঁ অৰু মোৰ এই মীমাংসাটো অতি শুদ্ধ আছিল বুলি মই কেপ কেনাভেৰাল পোৱাৰ পাছত প্ৰতিপন্ন বা প্ৰমাণ হ’ল৷ মোৰ সেই নতুন চাকৰিটো আছিল কেনেডি স্পেইচ চেণ্টাৰত৷ তাত বহুত হাজাৰ মানুহেই সৰু-ডাঙৰ কাম কৰিছিল৷ সেই সকলো চাকৰিয়ালেই সৰু ডাঙৰ অসংখ্য এপাৰ্টমেণ্টত বা ভাড়াঘৰত বাস কৰিছিল৷ কিছুমানে অৱশ্যে নিজস্বভাৱে ঘৰো কিনিছিল৷ কিন্তু তাতে গৈ ঘৰ এটা কিনাটো কিন্তু বৰ বিপজ্জনক কথা৷ কিয়নো এই সহজতে পোৱা চাকৰিবোৰ সহজতে নাইকিয়া হ’বৰ কাৰণেও বেছি সময় নেলাগে৷ কেনেডি স্পেচ চেণ্টাৰৰ উদ্যোগবোৰৰ কাৰণে প্ৰতি বছৰে আমেৰিকাৰ Department of Engineer (DOE)-ৰ পৰা আৰ্থিক সহায় আহিব লাগে৷ যি বছৰতে D.O.E-ৰ পৰা শকত পুঁজি আহে, সেই বছৰতে স্পেইচ চেণ্টাৰত মোৰ দৰে বহুতে চাকৰি পায়, ভাল দৰমহাত৷ কিন্তু যি বছৰে DOE-ৰ পৰা অনুদান কম হয়, সেই বছৰে স্পেচ চেণ্টাৰত অনেক চাকৰিৰ কৰ্মচ্যুতি হয়৷ ইয়াৰ উপৰি স্পেইচ চেণ্টাৰৰ চাৰিওফালৰ জনসাধাৰণে কাম কৰিব পৰা ঠাইবোৰ, যেনে— কেপ কেনাভেৰাল, ক’ক’ৱা বি‍চ্চ্ (Cocoa beach), টাইটাছ্‌ভিল আদি ঠাইবোৰ সম্পূৰ্ণ Tourist Place৷ মানুহবোৰে ভাল কাপোৰ-কানি নিপিন্ধেই৷ ক্ষুদ্ৰ ক্ষুদ্ৰ বসন, বিকিনি আদি পিন্ধিয়েই দিন কটায়৷ স্কুল-কলেজবোৰো বৰ ভাল নহয়৷ মুঠতে মোৰ দৰে দুজনী ছোৱালীৰে সৈতে পৰিয়াল এটা বাস কৰিবৰ কাৰণে কেপ কেনাভেৰাল ঠাইখন কোনো ফালৰ পৰা উপযুক্ত নাছিল৷ সেয়েহে মই এটা ৰুমৰ Efficiency এটা লৈ কেনেডি স্পেইচ চেণ্টাৰৰ চাকৰিত যোগ দিলোঁগৈ৷ অৱশ্যে গৈ পোৱাৰ পাছতে সেই চাকৰিত বেছি দিন নাথাকোঁ বুলি অন্যফালে বিচাৰ-খোঁচাৰ কৰিবলৈও আৰম্ভ কৰি দিলোঁ৷

আটলাণ্টাত ঘৰ-দুৱাৰ, পৰিয়ালবৰ্গ এৰি আহিলোঁ হয়, পিছে মাজে-সময়ে খবৰ নকৰিলেও নহয়, সেয়েহে মই আগতে লিখি অহাৰ দৰে ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে দুদিনমানৰ ছুটী লৈ কেপ কেনাভেৰালৰ পৰা আটলাণ্টাৰ ঘৰলৈ গ’লোঁ৷ তাত দুদিনমান থাকি কৰিবলগা কাম-কাজবোৰৰ তদাৰক কৰি দেওবাৰ এটাৰ আবেলি তিনিমান বজাত আকৌ কেপ কেনাভেৰালমুৱা হ’লোঁ৷

আটলাণ্টাৰ পৰা কেপ কেনাভেৰালৰ দূৰত্ব প্ৰায় পাঁচশ মাইল৷ ভাবিলোঁ ঘণ্টাত ষাঠি মাইল (60 mph) বেগত গাড়ী চলালে ৮ ঘণ্টামান সময় লাগিব৷ মাজতে ৰাষ্টাত ক’ৰবাত ৰৈ ৰে‍ষ্ট্যুৰেণ্ট্ এখনত গধূলিৰ খোৱাসাঁজো খাই ৰাতি ১২ বজাৰ আগে আগে কেপ কেনাভেৰালৰ এপাৰ্টমেণ্ট পামগৈ৷

পাছে সেই ভ্ৰমণটোতে ঘটিল মই লিখিবলৈ লোৱা মোৰ সেই অবিস্মৰণীয় অভিজ্ঞতাটো। তাকে এতিয়া লিখিবলৈ লৈছোঁ৷

গধূলি ৭ মান বজাত আটলাণ্টাৰ পৰা ২০০ মাইল দক্ষিণত ভালডস্তা (Valdosta) নামৰ চহৰখন পালোঁগৈ৷ ভাবিলোঁ তাতে দোকান এখনত ৰৈ গধূলিৰসাঁজ খাই যাওঁ৷ সেই বুলি ছ’প (Soup), ছালাড (Salad) আৰু যি কোনো প্ৰকাৰৰ মাংসৰ আহাৰ পোৱা ৰেষ্ট্যুৰেণ্ট্ এখনত সোমাই পৰিলোঁ৷

এজনী বগা ছালৰ পৰিচাৰিকাই মোক নি আদৰ-সাদৰকৈ বহুৱালে৷ মই সময় বচাবৰ কাৰণে ততাতৈয়াকৈ কিবা এবিধ ছ’প আৰু এবিধ মাংসৰ অৰ্ডাৰ কৰিলোঁ৷ আৰু পৰিচাৰিকা (Waitress)-গৰাকীক ক’লোঁ যে মোৰ সেই সন্ধিয়া বহু দূৰ বাট যাবলৈ আছে, গতিকে মোৰ খোৱাখিনি যেন সোনকালে পৰিৱেশন কৰে৷

মোৰ অনুৰোধক্ৰমেই কেইমিনিটমানৰ পাছত মোৰ কাৰণে Chicken and Rice ছ’প আহিল৷ ময়ো এক মিনিট সময় নষ্ট নকৰাকৈ শেষচামুচ ছ’প খাই শেষ কৰিলোঁ৷ পেটটোও অলপ ভাল লাগিল৷

তাৰ পাছত বহি আছোঁ, বহি আছোঁ৷ মোৰ আচল খোৱাটোৰ দেখোন নাম-গোন্ধেই নাই৷ ইমান দূৰ বাট যাবলৈ আছে, গাটোও উচ্‌পিচ্ লাগিছে৷ মোৰ বগা ৰঙৰ মৰতী Waitres-জনীও দেখোন দেখিবলৈকে নাইকিয়া হ’ল৷ শেষত গৈ মই মেনেজাৰ চানেকীয়া মানুহ এটাক দেখি সুধিলোঁ যে মোৰ খোৱাৰ কি হ’ল?

মানুহটোৱে অলপ পৰ ইফাল-সিফাল কৰি বোলে, “অ’ হয় নেকি? আপুনি কি অৰ্ডাৰ দিছিল?”

মোৰ ইতিমধ্যে খং উঠিবলৈ আৰম্ভ কৰিছিলেই৷ কিন্তু অচিন ঠাইত খং-ৰাগ দেখুওৱা উচিত নহ’ব বুলি মই নম্ৰভাৱে মোৰ অৰ্ডাৰটোৰ কথা ক’লোঁ আৰু এইটোও ক’লোঁ যে মোৰ অৰ্ডাৰৰ এভাগ হিচাপে মই ছ’পখিনি ইতিমধ্যে পালোঁৱেই৷

অলপ দেৰিৰ পাছত মানুহটোৱে ক’লে— “ছাৰ, আপোনাৰ অৰ্ডাৰৰ টিকেটটো হেৰাল৷”

মই ক’লোঁ— মহাশয় টিকেটটোৰ কি দৰকাৰ? মই আপোনাক মুখেৰেই ক’লোঁৱেই দেখোন৷ মানুহটোৱে বোলে— “ছাৰ এতিয়া নতুনকৈ অৰ্ডাৰ আৰম্ভ কৰিলে বহু সময় লাগিব৷ তদুপৰি আপোনাৰো বহুত দূৰ বাট যাব লগা আছে৷”

মই হঠাতে গোটেই কথাটো বুজি পালোঁ৷ ভালডষ্টা (Valdosta) ঠাইখন KKK (Ku Klax Klan) নামৰ এটা সম্প্ৰদায়ৰ কাৰণে প্ৰসিদ্ধ বা অপ্ৰসিদ্ধ আছিল৷ KKK-বোৰ একেবাৰে White Supremacist আছিল৷ সিহঁতে বগা ছোৱালী এজনীয়ে মোৰ নিচিনা ক’লা চুলিৰ মানুহ এটাক খোৱা পৰিৱেশন কৰিব— সেই কথাটো সহ্য কৰিব পৰা নাছিল৷ (মোৰ মুখখন অৱশ্যে সম্পূৰ্ণ বগা-চগাই (এতিয়াৰ দৰেই) আছিল৷

মই আৰু কি কৰিম৷ ছ’পকণ পেটত লৈয়ে প্ৰায় ৩০০ মাইল গাড়ী চলাই ৰাতি ২ বজাত সুকলমে গৈ কেপ কেনাভেৰালত গৈ মোৰ এপাৰ্টমেণ্ট পালোঁগৈ৷

শিক্ষা পালোঁ— ভালডষ্টত আৰু ডিনাৰ নেখাবা৷

-------------

ঠিকনা:
৩১৩০ টাৰ্টল লেন
অৰ্লাণ্ড, ফ্লৰিডা ৩২৮৩৭
আমেৰিকা
e-mail: aks1940@yahoo.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ