অন্যযুগ/


অনুবাদতত্ত্ব

  তপোধীৰ ভট্টাচাৰ্য

অসমীয়া অনুবাদ : কুমুদ ঘোষ


 তপোধীৰ ভট্টাচাৰ্য

 

(সমকালীন বাঙালি প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম ড তপোধীৰ ভট্টাচাৰ্য৷  দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিভাগৰ ৰবীন্দ্ৰ অধ্যাপক হিচাপে এসময়ত সেৱা আগবঢ়োৱা ড ভট্টাচাৰ্যই পৰৱৰ্তী সময়ত অসম বিশ্ববিদ্যালয়, শিলচৰৰ উপাচাৰ্য হিচাপে অৱসৰ গ্ৰহণ কৰে৷ দেশ-বিদেশত কবি আৰু বাগ্মী বক্তা হিচাপে এইজন লেখক পৰিচিত৷ লেখকৰ সানন্দ অনুমতি সাপেক্ষে এই অনুবাদ আয়োজন৷)           

       

        ১৯৭৬ চনত ফ্ৰাঞ্চৰ লুভঁত ইউৰোপৰ যথেষ্ট সংখ্যক খ্যাতনামা পণ্ডিত সাহিত্য আৰু অনুবাদ সম্পৰ্কীয় এক আলোচনাচক্ৰত মিলিত হৈছিল৷ তেওঁলোকৰ প্ৰবন্ধ সঙ্কলন সম্পাদনা কৰি আঁদ্ৰে লেফেভেৰে তাত এক চমু পৰিশিষ্ট যোগ কৰে আৰু তেওঁ এই দাবী উত্থাপন কৰে যে অনুবাদ এতিয়া আৰু কেৱল অধ্যৱসায়ী আৰু বিচ্ছিন্ন কোনো লিখনপ্ৰয়াস নহয়; বিদ্যাচৰ্চাৰ নবীন শাখা হিচাপে ই পৃথক মৰ্যাদাৰ অধিকাৰী৷ এই শাখাৰ নাম অনুবাদ অধ্যয়ন বা Translation Studies হওক বুলি তেওঁ প্ৰস্তাৱ আগবঢ়ালে ! অনুবাদ ৰচনা আৰু অনুবাদৰ উপযোগিতা বিশ্লেষণ সংক্ৰান্তীয় যাৱতীয় সমস্যা আৰু প্ৰশ্নৰ মীমাংসা কৰাই এই নতুন তাত্ত্বিক বিন্যাসৰ লক্ষ্য৷ ১৯৭৮ চনত প্ৰাগুক্ত সঙ্কলনখন প্ৰকাশ হোৱাৰ পাছৰে পৰাই প্ৰতীচ্যৰ ভাববিশ্ব (conceptual world)-ত আন এক নতুন অধ্যায়ৰ সূচনা হল৷ অনুবাদ স্বতন্ত্ৰ সৃষ্টি হিচাপে গণ্য হব পাৰে নে নোৱাৰে, মৌলিকতাৰ দাবী তাৰ বাবে কিমানখিনি গ্ৰহণযোগ্য- এই প্ৰশ্নবোৰতো আছেই৷ ইয়াৰ বাহিৰেও ভাবি চাব লগা হয়, অনুবাদ বাৰু তুলনামূলক সাহিত্যৰ অন্যতম গৌণ শাখা নে তাক স্বনিৰ্ভৰ চিন্তাপ্ৰস্থান (school of thought) হিচাপে গ্ৰহণ কৰিব পাৰি! বিগত তিনি দশকৰ নিৰন্তৰ চৰ্চাত অনুবাদ সাহিত্য আৰু অনুবাদতত্ত্বই নিঃসন্দেহে গুৰুত্বপূৰ্ণ স্থান অৰ্জন কৰিছে৷ বেছ কিছু ভাল কিতাপ প্ৰকাশিত হোৱাৰ বাহিৰেও পৃথিৱীজুৰি আৰম্ভ হৈছে গৱেষণা; বহু অগ্ৰণী পত্ৰ-পত্ৰিকাই অনুবাদ চৰ্চাৰ নানা দিশ সামৰি বিশেষ সংখ্যা প্ৰকাশ কৰিছে৷ কব পাৰি, পাশাৰ দান সম্পূৰ্ণৰূপে বিপৰীত হৈছে৷ উত্তৰ-সংযুক্তিবাদ (post-structuralism), বিনিৰ্মাণবাদ (deconstructionism) আৰু উত্তৰ-ঔপনিৱেশ (post-colonial) চেতনাত সম্পৃক্ত হোৱাৰ ফলত অনুবাদতত্ত্বই ইমান ব্যাপক পৰিসৰ লাভ কৰিছে যে সাম্প্ৰতিক তাত্ত্বিকসকলে কৈছে, তুলনামূলক সাহিত্য প্ৰকৃততে অনুবাদ অধ্যয়ন ধাৰাৰ অন্যতম শাখা মাত্ৰ৷

        সাম্প্ৰতিক অনুবাদতত্ত্ব যিদৰে বিকশিত হৈছে সেয়া স্পষ্টকৈ ভাষাতত্ত্ব, সাহিত্যতত্ত্ব, সাংস্কৃতিক ইতিহাস, দৰ্শন আৰু নৃতত্ত্ব অৰ্থাৎ মানৱিক বিদ্যা (humanities)ৰ বিভিন্ন স্তৰ আৰু উপকৰণৰ চমৎকাৰ সংশ্লেষণৰ ফল৷ ইয়াৰ বাহিৰেও প্ৰাচ্য আৰু প্ৰতীচ্যৰ সামাজিক পৰিসৰ আৰু বিশ্ববীক্ষা (worldview) যিহেতু পৰস্পৰৰ পৰা ভিন্ন, সেয়ে এই দুই জগতৰ অনুবাদ ভাবনাও বহুখিনি পৃথক৷ ইউৰোপৰ বিভিন্ন ভাষাৰ মাজত বিনিময় যিমানখিনি সহজ আৰু স্বচ্ছন্দ, একেই দেশৰ অধিবাসী হৈও ভাৰতীয়সকল ভাষাগত বিনিময়ৰ ক্ষেত্ৰত ঠিক সিমানখিনি বিচ্ছিন্ন আৰু উদাসীন৷ ইউৰোপত বিদ্বজ্জন অনিবাৰ্যভাৱে বহুভাষিক কিন্তু ভাৰতবৰ্ষত প্ৰতিৱেশীৰ ভাষা সম্পৰ্কে নিৰুদ্যম আৰু নিৰুৎসাহী হৈও পণ্ডিত হিচাপে গণ্য হব পাৰি৷ সাৰ্থক অনুবাদ যিহেতু স্বভাৱত বহুভাষিক, ইউৰোপত সেয়ে অনুবাদ সাহিত্য আৰু অনুবাদতত্ত্ব দ্ৰুত বিকশিত হৈছে৷ তাৰ লগতে বৃহত্তৰ সাংস্কৃতিক পটভূমিয়েও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ বহুধাবিচ্ছিন্ন ভাৰতীয় সমাজত অনুবাদে কিন্তু সেই ধৰণে প্ৰত্যাশিত ভূমিকা গ্ৰহণ কৰিব পৰা নাই৷ ঔপনিৱেশিক আৰু উত্তৰ-উপনিৱেশক সমাজত অনুবাদ অধ্যয়নে কেনে ধৰণৰ তাৎপৰ্য অৰ্জন কৰিব পাৰে আৰু ঠিক কেনে ধৰণৰ সমস্যাৰ মুখামুখি হয়- এই বিষয়ত অৱশ্যে বিস্তাৰিত আলোচনাৰ সুযোগ আছে৷ এই মুহূৰ্তত এয়া উল্লেখ কৰাই যথেষ্ট যে, সাহিত্যৰ প্ৰাকৰণিক (technical) বিন্যাস আৰু ভাবনাৰ ইতিহাস গঢি. তোলাৰ ক্ষেত্ৰত অনুবাদচৰ্চাৰ অৱদান বহুত৷ সাংস্কৃতিক ইতিহাসত কিছুমান বিশিষ্ট চিন্তাকেন্দ্ৰ (epicentre of thought) পৃথকভাৱে উল্লেখযোগ্য; অনুবাদতত্ত্ব বিশ্লেষণৰ ক্ষেত্ৰতো তেনে ভাবকেন্দ্ৰ (epicentre of emotion)-ৰ সন্ধান পোৱা যায়৷

        উদাহৰণস্বৰূপে তেল আভিভৰ অনুবাদতাত্ত্বিকসকলৰ কথাকে কব পাৰি৷ এওঁলোকৰ মাজত প্ৰধান হল ইটামাৰ ইভান আৰু গিডিয়ন টোৰি৷ এওঁলোকে সাহিত্যৰ বহু পদ্ধতিগত চৰিত্ৰৰ ধাৰণাক বিকশিত কৰিছে৷ এই ধাৰণাটো সত্তৰৰ দশকত প্ৰথম উপস্থাপিত হৈছিল৷ কিন্তু প্ৰাগুক্ত তাত্ত্বিক দুজনৰ ডাঙৰ কৃতিত্ব হল এয়ে যে তেওঁলোকে ইয়াক বিশিষ্ট তত্ত্ব হিচাপে অধিক পৰিণতি দিছে৷ ইয়াৰ সহায়ত আমি কিদৰে কোনো নিৰ্দিষ্ট সাংস্কৃতিক পৰিসৰত আৰু নিৰ্দিষ্ট সময়ত অনূদিত পাঠকৃতি (text) এক সামগ্ৰিক প্ৰক্ৰিয়াৰ মাজেদি মূল সাহিত্যৰ পটভূমিত ক্ৰমশঃ একাত্ম হৈ পৰে সেয়া পৰ্যবেক্ষণ আৰু বিশ্লেষণ কৰিব পাৰোঁ৷ ইভান জোহৰে নানা ধৰণৰ সামাজিক আৰু সাংস্কৃতিক পটভূমিৰ পৰা উদাহৰণ আহৰণ আৰু বিশ্লেষণ কৰি দেখুৱাইছে যে তুলনামূলকভাৱে দুবৰ্ল, নিৰাপত্তাশূন্য, প্ৰান্তিকায়িত (marginalised) আৰু ক্ৰমজায়মান সাংস্কৃতিক পৰিৱেশত অনুবাদৰ প্ৰৱণতা বেছি৷ তাৰ অৰ্থ, অনুবাদচৰ্চাত অনুবাদৰ সমাজতত্ত্ব নিৰ্ণয় কৰাটো এক প্ৰাথমিক দায়িত্ব৷ দেখা যায় যে, স্থিতিশীল,  দৃ আৰু কেন্দ্ৰীভূতপ্ৰৱণ (tendency of centralisation) সমাজত অনুবাদে সিমান গুৰুত্ব নাপায়৷ এই সিদ্ধান্তত উপনীত হোৱাৰ পূৰ্বে গৱেষকে বিচিত্ৰ উৎসজাত পাঠকৃতিৰ নিবিঅনুশীলন কৰিছে৷ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বাধ্যবাধকতাই কিমানখিনি সূক্ষ্ম আৰু ব্যাপকভাৱে অনুবাদৰ বিষয় আৰু শৈলীক প্ৰভাৱান্বিত কৰে, তাৰ এক ধাৰণা পাবলৈ তাৰ অনুশীলন ক্ষেত্ৰৰ ওপৰত দৃষ্টিপাত কৰিব পাৰি৷ নৱজাগৰণৰ সময়ত বিশাল লেটিন ঐতিহ্যৰ অৱনমন আৰু বিভিন্ন আঞ্চলিক ভাষাত সাহিত্যৰ বিকাশ, ওঠৰ শতিকাৰ শেষত আৰু কুৰি শতিকাৰ আৰম্ভণিত মধ্য আৰু পূব ইউৰোপত নতুন নতুন জাতিসত্তাৰ উত্থান, কুৰি শতিকাৰ ইউৰোপত মহাকাব্যৰ প্ৰতি আগ্ৰহ কমি ৰোমাঞ্চৰ প্ৰতি উৎসাহ বৃদ্ধি, ঔপনিৱেশিক মানসিকতাৰ পৰা উত্তৰ-উপনিৱেশ চেতনাত লেটিন আমেৰিকা আৰু আফ্ৰিকাৰ সাহিত্যৰ ক্ৰমবিৱৰ্তন৷ এই তালিকাৰ বৈচিত্ৰ্যই নিঃসন্দেহে ইভান-জোহৰৰ দক্ষতা আৰু ব্যাপক অভিজ্ঞতাৰ প্ৰমাণ দিছে৷ মুঠ কথা হল এয়ে যে, বিভিন্ন ভাষাৰ সাহিত্যৰ ইতিহাসে স্পষ্ট তৰ্জনি সঙ্কেত কৰিছে, অনুবাদৰ ওচৰত তেওঁলোকৰ কিমান বিপুল ণ আছে৷ বৰং অনুবাদতাত্ত্বিকে সেই প্ৰক্ৰিয়াৰ নিবি অধ্যয়ন কৰিব বিচাৰে যাৰ মাজেদি এক সংস্কৃতিৰ পৰা অন্য সংস্কৃতিত পাঠকৃতি ৰূপান্তৰিত হৈ পৰে৷

        অনুবাদচৰ্চাৰ ক্ষেত্ৰত সবাতোকৈ লক্ষণীয় দিশটো হৈছে, প্ৰথাগতভাৱে ভাল-বেয়াৰ মূল্যায়ন ইয়াত একেবাৰে জৰুৰী নহয়; আনকি, প্ৰকৰণবাদী বিশ্লেষণেও ইয়াত বৰ এটা বিশেষ গুৰুত্ব নাপায়৷ পাঠক-প্ৰতিক্ৰিয়া তত্ত্ব (reader-response theory)-  সৈতে থকা ঘনিষ্ঠ সম্পৰ্কৰ সুবাদত অনুবাদক মূলতঃ পুনৰ্লিখন বুলি বিবেচনা কৰা হয়৷ ইয়াত দুটা পাৰিভাষিক শব্দই মনোযোগ দাবী কৰে৷ এক, উৎস পাঠ (Source text) অৰ্থাৎ যি ভাষাৰ পৰা অনুবাদ কৰা হৈছে সেই ভাষাৰ যথাপ্ৰাপ্ত পাঠকৃতি আৰু দুই, লক্ষ্য পাঠ (Target text) অৰ্থাৎ যি ভাষালৈ অনূদিত হৈছে সেই ভাষাই অৰ্জন কৰিবলগীয়া পাঠকৃতি৷ অনুবাদ আচলতে বিশেষ ধৰণৰ সক্ৰিয় পাঠ যাৰ লক্ষ্য ভাষাৰ ৰূপান্তৰ৷ এই ৰূপান্তৰ ঘটে পুনৰ্লিখনৰ মাজেদি৷ সেয়ে উৎস পাঠ যিদৰে পঢ়ুৱৈৰ দ্বাৰা গৃহীত হৈছিল, লক্ষ্য পাঠো তেনেকৈ গৃহীত হোৱা প্ৰয়োজন৷ স্বাভাৱিকতে সাংস্কৃতিক স্তৰ আৰু অনুষঙ্গৰ ভিন্নতাত দুই ধৰণৰ গ্ৰহণত পাৰ্থক্য আছে; ৰূপান্তৰৰ উপলব্ধিক সমালোচনা, সম্পাদনা বা অন্য আৰু পুনৰ্লিখনৰ দৰে পৰিকল্পিত চাতুৰ্য বা প্ৰণালীৱদ্ধ অন্তৰ্ঘাতৰ অৱকাশো আছে৷ এই বিষয়ত থিও হেৰমেন্‌ছ সম্পাদিত ‘The Manipulation of Literature’ (১৯৮৫) শীৰ্ষক প্ৰবন্ধ সঙ্কলনৰ কথা উল্লেখ কৰিব পাৰি৷ নামাকৰণত নিহিত ইঙ্গিত অনুযায়ী বিভিন্ন প্ৰাবন্ধিকে অনুবাদক এক ধৰণৰ ‘manipulatory process’ বুলি কব বিচাৰিছে৷ এই বক্তব্যক লৈ যথেষ্ট বিতৰ্ক হৈছে৷ এই বিতৰ্কৰ গভীৰলৈ নগৈও এই কথা নিশ্চয় কব পাৰি, একবিংশ শতিকাৰ শূন্য দশক পাৰ হৈ আহি আমাৰ অভিজ্ঞতাই বুজাই দিছে যে লক্ষ্য ভাষাৰ বিপুল সাহিত্য পৰিসৰত অনুবাদৰ প্ৰতিক্ৰিয়া বহুমুখী৷ এইবাবেই কোনো এক নিৰ্দিষ্ট দৃষ্টিভঙ্গী বা মতবাদেৰে অনুবাদতত্ত্বৰ ক্ৰমৱৰ্ধমান পৰিসৰক ব্যাখ্যা কৰা সম্ভৱ নহয়৷ অৱশ্যে এইবোৰ দৃষ্টিভঙ্গীৰ ধাৰাৱাহিক বিৱৰ্তনৰ ইতিহাস আৰু দেশ-বিদেশত তাৰ প্ৰভাৱৰ বিষয়ে পৰিমাপ কৰাটো জৰুৰী৷ অনুবাদকসকলে বিভিন্ন সময়ত তেওঁলোকৰ অভিজ্ঞতা আৰু উপলব্ধি সম্পৰ্কে যিবোৰ মন্তব্য আগ বঢ়াইছে আৰু অনুবাদতাত্ত্বিক আৰু ভাষাতাত্ত্বিকসকলে এই বিষয়ত যিমান বিশ্লেষণ কৰিছে, তাৰ আভাস নিশ্চয় লব পাৰোঁ৷ কোনো এজন অনুবাদকৰ কৃতিত্ব অথবা তেওঁৰ সাফল্য বা ব্যৰ্থতা বিচাৰ কৰাৰ বাবে নহয়, অনুবাদ প্ৰক্ৰিয়াৰ তাৎপৰ্য আৰু বৃহত্তৰ সাহিত্যৰ সৈতে তাৰ সম্পৰ্কৰ গুৰুত্ব নিৰ্ণয় কৰাৰ বাবেই এই কামত ব্ৰতী হোৱা প্ৰয়োজন৷

        যিদৰে নৱজাগৰণ পবৰ্ত ওলন্দাজ, ফৰাচী আৰু ইংৰাজ অনুবাদকসকলে যিবোৰ ৰূপক (metaphor) অনুবাদ প্ৰক্ৰিয়া সম্পৰ্কত ব্যৱহাৰ কৰিছিল, থিও হেৰমেন্‌‌ছে তেওঁলোকৰ মাজত অনুবাদৰ সঞ্চালক ভাবাদৰ্শ (ideology) বিচাৰি পাইছিল৷ সেই সময়ত অনুবাদকক মূল লেখকৰ পদাঙ্ক অনুসৰণকাৰী বোলা হৈছিল৷ অথবা কোৱা হৈছিল, অনুবাদকে মূল লেখকৰ পোছাক ধাৰলৈ লয় অথবা তেওঁ গ্ৰহৰ দৰে উৎস নক্ষত্ৰৰ পোহৰত আলোকিত হয়৷ কেতিয়াবা আকৌ কোৱা হৈছে, অনুবাদকে ৰত্নকোষত ৰত্নৰ সন্ধান কৰে৷ ওঠৰ শতিকাত দেখিবলৈ পাওঁ, অনুবাদৰ প্ৰধান ৰূপক হল দাপোণ বা চিত্ৰ কিংবা প্ৰকৃত সত্তাৰ সম্পূৰ্ণ বিপৰীতে উত্থাপিত কৃত্ৰিম বা নিৰ্মিত অস্তিত্ব৷ আকৌ ঊনৈছ শতিকাত সম্পত্তি আৰু শ্ৰেণী সম্পৰ্ক হৈ উঠিছে ৰূপকৰ নিৰ্ধাৰক৷ আনফালে কুৰি শতিকাৰ আশীৰ দশকত যদি বিশেষভাৱে মহিলা তাত্ত্বিকসকলৰ ফালে চাওঁ, দেখা পাম, তেওঁলোকৰ আলোচনাত আছে নাৰীচেতনাৰ অভিব্যক্তি৷ সেয়ে তেওঁলোকে যৌন সম্পৰ্ক আৰু বিবাহ সংশ্লিষ্ট পাৰিভাষিক শব্দ প্ৰয়োগ কৰিছে৷ মুঠ কথা হল এয়ে যে, নতুন নতুন সাহিত্যতত্ত্ব বিকশিত হোৱাৰ লগে লগে সাহিত্য বিশ্লেষণৰ ক্ষেত্ৰত যিমান ৰূপান্তৰৰ সূচনা হৈছে ঠিক সেইদৰেই অনুবাদতত্ত্বতো দেখা গৈছে কেঁকুৰি ঘূৰাৰ ক্ৰম৷ কেৱল সিমানেই নহয়, উত্তৰ-ঔপনিৱেশ চেতনা ক্ৰমশঃ দৃমূল হোৱাৰ ফলত সাহিত্য আলোচনাত যেনেকৈ ইউৰো-কেন্দ্ৰিকতা প্ৰত্যাহ্বানৰ মুখামুখি হৈছে, তেনেকৈ অনুবাদ অধ্যয়নতো অতিৰিক্ত ইউৰোপ নিৰ্ভৰতা অটুট থকা নাই৷ ভাৰতবৰ্ষত, মধ্যপ্ৰাচ্যত, দূৰপ্ৰাচ্যত, লেটিন আমেৰিকাত, আফ্ৰিকাত অনুবাদতত্ত্ব সম্প্ৰতি দ্ৰুতগতিত পৃথক গন্ধ-বৰ্ণ-স্বাদ লৈ বিকশিত হৈছে৷ সাহিত্য গৱেষণাত যেনেকৈ ইউৰো-কেন্দ্ৰিকতা আৰু সংশ্লিষ্ট ভাবপৰম্পৰাৰ পৰা ওলাই অহাৰ প্ৰচেষ্টাত দেখা গৈছে নতুন নতুন প্ৰৱণতাৰ শাখা-প্ৰশাখা, তেনেকৈ অনুবাদচৰ্চাৰ ক্ষেত্ৰতো অভিনৱ দিগন্ত বিস্তাৰিত হৈয়েই আছে৷

        আজিৰ অনুবাদ ভাবনাত প্ৰাধান্য পাইছে ভাবাদৰ্শগত ভিত্তি আৰু ভাষাগত উপকৰণে; ফলত উত্তৰ-ঔপনিৱেশ বাগ্‌ধাৰাৰ সৈতে অনুবাদচৰ্চাৰ সম্পৰ্ক অত্যন্ত ঘনিষ্ঠ৷ প্ৰসঙ্গক্ৰমে আমি ব্ৰাজিলৰ অনুবাদকসকলৰ কথাকে কব পাৰোঁ, যিসকলে সম্পূৰ্ণৰূপে নতুন এক ৰূপক দাঙি ধৰিছে৷ তেওঁলোকৰ ওচৰত অনুবাদকৰ যি ভাবমূৰ্তি আছে; সেয়া হল নৰমাংসভোজী আদিম মানুহৰ৷ অনুবাদকে আনুষ্ঠানিকভাৱে উৎস পাঠ গ্ৰাস কৰি লয় বাবেই সম্পূৰ্ণ নতুন সৃষ্টিৰ পথ উন্মুক্ত হৈ পৰে৷ এই ৰূপকক অনুবাদৰ প্ৰস্তাৱিত বিকল্প পটভূমি সম্পৰ্কে প্ৰয়োগ কৰিব পাৰি৷ আকৌ আফ্ৰিকাৰ অন্যতম পুৰোধা সাহিত্যিক চোয়িন্‌কাই তেওঁৰ পাঠ-অভিজ্ঞতাৰ পৰা অৱগত কৰিছে, ইউৰোপীয় মূল্যচেতনা (value-consciousness) আৰু দৃষ্টিকোণ মূলতঃ ঔপনিৱেশিক শক্তিৰে অভিব্যক্তি৷ ইয়াৰ সবৰ্গ্ৰাসী প্ৰভাৱত শাসিতবৰ্গৰ পাঠক বহু সময়ত আত্মবিস্মৃত হৈ পৰে আৰু নিজা পটভূমি আৰু ঐতিহ্যক তাচ্ছিল্য কৰিবলৈ শিকে৷ উপনিৱেশবাদে যিহেতু দৃষ্টিক কলুষিত আৰু বিভ্ৰান্ত কৰি পেলায়, সেয়ে আনৰ চকুৰে জগতক দেখাৰ বাবে শাসিতবৰ্গই অৰ্জন কৰিবলগা হয় প্ৰত্যাখ্যান, প্ৰতিৰোধ আৰু প্ৰত্যাহ্বানৰ শক্তি৷ অনুবাদকে যেতিয়া উৎস পাঠ হিচাপে কোনো পাঠকৃতিক গ্ৰহণ কৰে আৰু আন সংস্কৃতিলৈ তাক ৰূপান্তৰিত কৰিব বিচাৰে, সেই ৰূপান্তৰৰ ভাবাদৰ্শগত তাৎপৰ্য সম্পৰ্কে তেওঁ সচেতন হৈ থাকিব লগা হয়৷ অলপ আগেয়ে অনুবাদকৰ ৰূপক হিচাপে নৰমাংসভোজী আদিম মানুহৰ কথা উল্লেখ কৰিছিলোঁ৷ ইয়াৰ তাৎপৰ্য কিন্তু উপনিৱেশবাদী ইউৰোপীয় দৃষ্টিকোণৰ পৰা ব্যাখ্যা কৰিব পৰা নহব৷ সভ্যতা আৰু ববৰ্ৰতাৰ চিৰ অভ্যস্ত বৈপৰীত্যক আমি কেৱল যে অলংঘনীয় বুলি ভাবোঁ, সেয়াই নহয়; স্থিৰবৰ্গ (fixed category) হিচাপে এইবোৰ স্বতঃসিদ্ধও৷ সেয়ে এই দুই ধাৰণাৰ বিপ্ৰতীপতা বা সম্ভাৱ্য স্ববিৰোধিতা সম্পৰ্কে আমাৰ মনত কেতিয়াও প্ৰশ্ন উদয় নহয়৷ চোয়িন্‌কাই আফ্ৰিকা মহাদেশ সম্পৰ্কে প্ৰচলিত বিভিন্ন পুৰা-কাহিনী (myth)-ৰ মাজত লক্ষ্য কৰিছে শ্বেতাঙ্গ ইউৰোপৰ জাতিগত দম্ভ; প্ৰাগুক্ত ৰূপকৰ তাৎপৰ্যকো এই পটভূমিত বুজিব লাগিব৷ সিফালেদি অনুবাদ কৰ্মই উৎস পাঠৰ মূল্যচেতনাক আমূল পৰিৱৰ্তন কৰি লয় আৰু লক্ষ্য পাঠত উপনীত হওঁতে হওঁতে সাৰ্বিক বিদ্ৰোহ আৰু পুনৰ্নিৰ্মাণৰ বাৰ্তাক স্পষ্ট কৰি লয়৷ ঔপনিৱেশিক শক্তিৰ ভাল-বেয়া অথবা নন্দন- একোকেই এই পৰিসৰত সন্ধানী অনুবাদকে যথাপ্ৰাপ্ত বুলি মানি নলয়৷

        ঊনৈছ শতিকাৰ অনুবাদ সম্পৰ্কীয় প্ৰথাগত ধাৰণাৰ মাজত প্ৰভু-ভৃত্যৰ সম্পৰ্কৰ ছাঁ অব্যক্ত আছিল৷ তেতিয়া কোনো কোনোৱে ভাবিছিল, অনুবাদকে কাৰ্যত মূল ৰচনাত অধিকাৰ সাব্যস্ত কৰি তাক আৰু অলপ উন্নতআৰু সভ্যকৰি তোলে৷ ফিট্‌জেৰাণ্ডৰ সমুখত পাৰস্য ৰচনা, বিশেষকৈ ওমৰ খৈয়ামৰ ৰুবায়ট তেনে যেন প্ৰতিভাত হৈছিল৷ আকৌ, আন এক দৃষ্টিকোণ অনুযায়ী অনুবাদকে যেন স্তুতিকাৰৰ ভূমিকা পালনেৰে উৎস পাঠৰ প্ৰতি বিনীত অৰ্ঘ্য নিৱেদন কৰে৷ উদাহৰণ হিচাপে ইটালীয় ৰচনা সম্পৰ্কে ৰোজেটিৰ মনোভাৱৰ কথা উল্লেখ কৰিব পাৰোঁ৷ এইখিনিতে আমাৰ মনত পৰে ইউৰোপীয় প্ৰাচ্যতত্ত্ববিদসকলৰ অনুৰূপ বক্তব্য; সংস্কৃত সাহিত্যৰ বিখ্যাত কিছু ৰচনা সম্পৰ্কত থকা তেওঁলোকৰ উচ্ছ্বাসে প্ৰায় দুই শতিকাজুৰি উপনিৱেশীকৃত (colonised) ভাৰতবাসীৰ আহত অহঙক বহুখিনি ঔষধ যোগান দিছিল৷ আনহাতে য়ুৰোপীয় সাহিত্যৰ সৈতে হোৱা প্ৰাথমিক সাক্ষাতৰ মুহূৰ্তত বাঙালী পাঠকো প্ৰৱলভাৱে অভিভূত হৈছিল৷ মিলটন-শ্বেইক্সপীয়েৰ-শ্বেলী-কীট্‌ছ আদি সম্পৰ্কে থকা তেওঁলোকৰ বিপুল উৎসাহত অনুবাদ আৰু অনুবাদকল্প (phototype of translation) ৰচনাৰ বিশাল জোৱাৰ উঠিছিল৷ সেই সকলোখিনিয়ে আজি ইতিহাস৷ সাহিত্যৰ এক মাধ্যমৰ পৰা আন মাধ্যমলৈ সঞ্চাৰিত হৈছিল সমুদ্ৰগামী জলোচ্ছ্বাস৷ ভাৰতীয় পুৰা-কাহিনীৰ সহায়ত কব পাৰি, অনুবাদক যেন ভগীৰথ, মহাদেৱৰ জঁটাভাৰ ভেদ কৰি মৰ্ত্যলৈ গঙ্গাৰ জীৱনদায়ী ধাৰা বোৱাই অনাৰ দৰে ঊণবিংশ শতিকাৰ বাঙালী অনুবাদকসকলেও ইউৰোপীয় সাহিত্যচেতনাৰ সঞ্জীৱনী সোঁত তেতিয়াৰ তৃষ্ণাতুৰ বাংলা সাহিত্যৰ খনিলৈ বোৱাই দিছিল৷ তেওঁলোক যে এই বিষয়ত খুব বেছি সচেতন আছিল তাত কোনো সন্দেহ নাই৷ ইয়াৰ পৰিণতিয়ে কিমানখিনি দীৰ্ঘস্থায়ী সুফল কঢ়িয়াই আনিছিল সেই আলোচনা ইয়াত নকৰোঁ৷ অথবা প্ৰাচ্যতত্ত্ববিদসকলৰ ভাৰতীয় সাহিত্যচৰ্চা আৰু অনুবাদ প্ৰয়াসে সেই প্ৰক্ৰিয়াৰ বিপ্ৰতীপত কিবা ঐতিহাসিক কূটাভাস বা বচন সৃষ্টি কৰিছিল নে নাই তাৰ খুঁটি-নাটিও বিচাৰ নকৰোঁ৷

        এতিয়া আমি বৰং জেক ডেৰিডা উত্থাপিত অনুবাদ সম্পৰ্কীয় ধাৰণাৰ ফালে দৃষ্টি নিক্ষেপ কৰিব পাৰোঁ৷ তেওঁৰ মতে, অনুবাদ প্ৰক্ৰিয়াই মৌলিকপাঠকৃতি সৃষ্টি কৰে৷ এই বক্তব্য স্পষ্টৰূপত প্ৰথাগত ধাৰণাৰ সম্পূৰ্ণ বিপৰীত কিয়নো মৌলিক আৰু অনুবাদ ৰচনা আমাৰ সমুখত পৰস্পৰ-বিপৰীত৷ উৎস পাঠৰ পৰা আমি উপনীত হওঁ লক্ষ্য পাঠত অৰ্থাৎ সত্যৰ পৰা সত্যৰ ছাঁলৈ- এয়া হল সাধাৰণ ধাৰণা৷ ডেৰিডাৰ অনুবাদ বিষয়ক আলোচনা এইবাবেই বিশেষ গুৰুত্বপূৰ্ণ যে ইয়াৰ পূৰ্বে অনুবাদকেন্দ্ৰিক বাগ্‌ধাৰাই কোনোপধ্যেই নিজা বৃত্ত ভেদি ওলাই আহিব পৰা নাছিল৷ অথচ ওচৰা-উচৰি সাহিত্যতত্ত্বত দেখা গৈছিল বিপুল ব্যাপকতা, সূক্ষ্মতা আৰু গভীৰতাৰ ইঙ্গিত৷ অৱশ্যে ডেৰিডাৰ সকলো বক্তব্যৰ সৈতে একমত হোৱাৰ সম্ভাৱনা কম, অন্ততঃ তেওঁৰ উপস্থাপনা আৰু ৰূপক সম্পৰ্কত আপত্তি হব পাৰে৷ কিয়নো তেওঁ যৌনক্ৰিয়াৰ অনুষঙ্গমূলক ৰূপক ব্যৱহাৰ কৰিছে৷ তেওঁ কৈছিল, অনুবাদ প্ৰক্ৰিয়া আচলতে সতীচ্ছেদ ছিন্ন কৰাৰ সৈতে তুলনীয়; উৎস পাঠৰ গভীৰলৈ স্ফীত পুৰুষাঙ্গৰ দৰে অনুবাদ প্ৰৱেশ কৰি তাৰ একান্ত গোপনক আলোড়িত কৰে৷ স্বাভাৱিকতে এই ৰূপক অনেকৰ বাবে অনাৱশ্যকভাৱে কুৰুচিকৰ ধাৰণা হব পাৰে৷ যিয়েই হওক, এষাৰ কথা স্পষ্ট৷ ডেৰিডাৰ প্ৰবন্ধত ইঙ্গিত পোৱা যায় যে অনুবাদ চৰ্চাতো উত্তৰ-সংযুক্তিৰ প্ৰৱণতাৰ সূচনা হৈছে৷ এই বিষয়ত বিস্তাৰিত আলোচনাৰ যথেষ্ট সুযোগ আছে৷ এতিয়া ইয়াত এই কথাকে কব পাৰি যে, সাহিত্যতত্ত্বত যেনেকৈ মানৱিক বিদ্যাৰ বিভিন্ন সীমান্ত ক্ৰমশঃ ধূসৰ আৰু বিলীন হৈ আহিছে, তেনেকৈ অনুবাদতত্ত্বতো একেই প্ৰক্ৰিয়া জোৰদাৰ হৈ উঠিছে৷ নাৰীচেতনা, উত্তৰ-সংযুক্তি ভাবনা, উত্তৰ-উপনিৱেশ চেতনা অথবা সমাজতত্ত্ব, ইতিহাস, দৰ্শন, ভাষাতত্ত্ব- এই সকলোবোৰেই অনুবাদ প্ৰক্ৰিয়াক নানা শাখাত বিকশিত হোৱাত সহায় কৰিছে৷

        ইতিপূৰ্বে লিখিছোঁ, অনুবাদ এক ধৰণৰ বিশিষ্ট পুনৰ্লিখন বা পুনৰ্নিৰ্মাণ৷ ইয়াৰ প্ৰভাৱত বিভিন্ন ভাষা আৰু সাহিত্যৰ মধ্যৱৰ্তী সীমাৰেখা লুপ্ত হৈ পৰে আৰু এটা কেন্দ্ৰৰ পৰা পোহৰ আৰু উত্তাপ বিচ্ছুৰিত হৈ দূৰৱৰ্তী পৰিধিক আলোকিত কৰি তোলে৷ প্ৰখ্যাত অনুবাদতাত্ত্বিক লেফেভেৰেৱে প্ৰভাৱৰ সলনি বিচ্ছুৰণক পাৰিভাষিক শব্দ হিচাপে প্ৰয়োগ কৰাৰ প্ৰতি বেছি আগ্ৰহী আছিল৷ অনুবাদ মানে কেৱল প্ৰতিবিম্ব নহয় অৰ্থাৎ ইয়াক উৎস পাঠৰ কেৱল অনুকৰণ বুলি ধাৰণা কৰিব নোৱাৰি৷ অনুবাদক দাপোণত প্ৰতিবিম্বিত অনুকৃত সত্তা (transcreated being) নুবুলি যেতিয়া বিচ্ছুৰিত পুনঃপাঠ বোলোঁ, তেতিয়া বিচ্ছুৰণ হৈ উঠে পৰ্যবেক্ষণৰ আৰু পৰিৱৰ্তনৰ সূচক৷ সেয়ে কোনো পাঠকৃতি যেতিয়া সময় আৰু পৰিসৰৰ ব্যৱধান অতিক্ৰমি এক সংস্কৃতিৰ পৰা অন্য সংস্কৃতিলৈ সঞ্চাৰিত হয়, গঢ় লৈ উঠে সম্পূৰ্ণৰূপে এক নতুন জগত৷ বাংলা সাহিত্যৰ পৰা যদি উদাহৰণ আহৰণ কৰোঁ, দেখা পাম, মধ্যযুগত একেই কাৰণতে বাল্মীকিৰ সংস্কৃত ৰামায়ণ ভিন্‌ ভিন্‌ পৰিৱেশ, যুগৰুচি আৰু বিশ্ববীক্ষা অনুযায়ী কৃত্তিবাসৰ ৰামপাঁচালী আৰু তুলসীদাসৰ ৰামচৰিতমানসত আমূল পুনৰ্লিখিত হৈছে৷ ৰাম, সীতা, ৰাৱণ, লক্ষ্মণ, ইন্দ্ৰজিৎ, আনকি অযোধ্যা আৰু লঙ্কাও নামতহে মাত্ৰ এক- আচলতে সম্পূৰ্ণ নতুন সত্তাৰ অধিকাৰী৷ ঊনৈছ শতিকাত মাইকেল মধুসূদন দত্তই যেতিয়া বাঙালীৰ বিচিত্ৰ ভাবদ্বন্দ্বৰ পটভূমিত ৰামায়ণী ঐতিহ্যৰ পুনবিৰ্ন্যাস কৰিলে, প্ৰাগুক্ত বিচ্ছুৰণৰ তাৎপৰ্য আৰু স্পষ্ট হৈ উঠিল৷

        সাৰ্থক অনুবাদ আচলতে চেতনাৰ পুনবিৰ্ন্যাস; সেয়া নোহোৱা হলে, মাৰ-ডান্তে-শ্বেইক্সপীয়েৰ-ছক্লিজ-অভিড-গ্যেটে অথবা বাল্মীকি-ব্যাস-কালিদাস প্ৰভৃতিৰ ৰচনা যুগে যুগে ইমান ভিন্‌ ভিন্‌ তাৎপৰ্যত গৃহীত নহলহেঁতেন৷ এইদৰেই অনুবাদচৰ্চা আৰু অনুবাদতত্ত্বৰ ক্ৰমবিকাশৰ ইতিহাস বিশ্লেষণ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈ ৰয়৷ ইতিহাস যিহেতু একৰৈখিক নহয়, অনুবাদতত্ত্বৰ তাৎপৰ্য এতিয়া ক্ৰমশঃ বহুমাত্ৰিক বুলি গৃহীত হৈছে আৰু নানা শাখা-প্ৰশাখাত প্ৰলম্বিত অনুবাদ চেতনাই গৱেষকসকলক নতুন নতুন পথ সন্ধানৰ বাবে আগ্ৰহী কৰি তুলিছে৷

(পৰৱৰ্তী সংখ্যাত)

          

অনুবাদকৰ ঠিকনা :

নকছাৰি - ৭৮৫৬৩৫

যোৰহাট - অসম৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ