মূল : এণ্টন ছেখভ
অনুবাদ : ড০
ৰমেশ চন্দ্ৰ গোস্বামী
(এণ্টন পাভল’ভিচ ছেখভ আছিল বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ চুটিগল্পকাৰসকলৰ
মাজত ভোটাতৰাস্বৰূপ৷ এগৰাকী কৃতী নাট্যকাৰো৷ তেওঁৰ The steppe, Three Sisters, The
Cherry Orchard, Ivanov আদি নাটৰ সৃষ্টি বহুল সমাদৃত৷ পেছাত এগৰাকী চিকিৎসক ছেখভে
চিকিৎসাবৃত্তিটোক নিজৰ আইনগত পত্নী আৰু সাহিত্যচৰ্চাক প্ৰকৃত পত্নী বা গৃহিনী
জ্ঞান কৰি ভাল পাইছিল৷
জন্ম ১৮৬০ চনৰ জানুৱাৰি, মৃত্যু ১৯০৪ চনৰ জুলাই।)
হস্তলিপিৰ শিক্ষক ছাৰ্গেই কাপিট’ন’ভিচ আখিনিয়ভৰ জীয়াৰীৰ বিয়া—
বুৰঞ্জী আৰু ভূগোলৰ শিক্ষক আইভান পেট্ৰ’ভিচ ল’ছাডিনিখৰ লগত৷ সুন্দৰভাৱে সমাৰোহ চলি
আছে৷ গান-বাজনা, খেল-নৃত্যৰে প্ৰধান কক্ষটো ৰজনজনাই আছে৷ আনবোৰ কক্ষত পিছফালে
দীঘল, ক’লাবৰণীয়া কোট আৰু ৰংসনা বগা টাই পিন্ধা লিগিৰাসকলে অতি ব্যস্তভাৱে পায়চাৰি
কৰি আছে৷ চৌপিনে চলিছে অবিৰাম কথা-বতৰা, হৈ-হাল্লা৷ দীঘল ছ’ফা এখনত দাঁতিয়ে
দাঁতিয়ে বহি আছে গণিতৰ শিক্ষক টাৰাণ্টুলভ্, ফৰাচী ভদ্ৰলোক পাদুকুৱা আৰু নিয়ন্ত্ৰণ
কাৰ্যালয়ৰ কনিষ্ঠ পৰিদৰ্শক ইগৰ ৱেনিডিকটিচ্ এমজেডা৷ তেওঁলোকে অতিথিসকলৰ আগত
কিছুমান লোকক কেনেদৰে জীয়াই জীয়াই কবৰ দিয়া হৈছিল, সেই বিষয়ে কৈ গৈছে৷
আধ্যাত্মিকতাবাদ সম্পৰ্কেও অভিমত দাঙি ধৰি আছে৷ অৱশ্যে তেওঁলোক তিনিওজনৰ কোনেও
আধ্যাত্মিকতাত বিশ্বাস নকৰে৷ কিন্তু স্বীকাৰ কৰে যে জগতত এনে বহু ঘটনা-পৰিঘটনা আছে
যিবোৰ মানুহৰ বোধগম্য নহয়৷
আন এটা কোঠাত অতিথিসকলৰ সমুখত সাহিত্যৰ শিক্ষক ড’ড’নস্কি৷ কেনে
পৰিস্থিতিত দ্বাৰৰক্ষকে পথচাৰীৰ ওপৰত গুলীচালনা কৰিব পাৰে তেওঁ সেই বিষয়ে ব্যাখ্যা
আগবঢ়াই আছে৷ আলোচনাবোৰ শিহৰণকাৰী যদিও মধুৰ৷
বাহিৰৰ প্ৰাংগণতো কিছু মানুহ আছে৷ তেওঁবিলাকৰ সামাজিক মৰ্যাদা সিমান
ওখ খাপৰ নহয়; সেয়ে তেওঁলোক কক্ষৰ ভিতৰত প্ৰৱেশ কৰাটো নিষেধ৷ তেওঁলোকে তাৰ পৰাই
খিৰিকীৰ ভিতৰেদি কিবা দেখা পায় নেকি জুমি জুমি চাই আছে৷
মাজনিশা গৃহস্থ আখিনিয়েভ ৰন্ধনশালালৈ সোমাই গ’ল৷ ভোজৰ বাবে যাৱতীয়
প্ৰস্তুতি ঠিকে-ঠাকে সম্পূৰ্ণ হ’লনে নাই চাওঁ বুলিয়ে গ’ল তেওঁ৷ ৰাজহাঁহ, পাতিহাঁহৰ
মাংস আৰু অন্যান্য বহুতো ৰন্ধা বস্তুৰ সুগন্ধিৰে ৰন্ধনশালা আমোলমোলাই আছে৷
প্ৰাৰম্ভিক খাদ্য আৰু পানীয়বোৰ কলাসুলভ বিশৃংখলতাৰে দুখন টেবুলৰ ওপৰত সজোৱা হৈছে৷
ৰন্ধনৰ দায়িত্বত আছে মাৰ্ফা৷ প্ৰকাণ্ড পেটটোৰে ৰঙা মুখমণ্ডলৰ মাৰ্ফাই টেবুলবোৰ
সজাবলৈ লৈছে৷
“অঁ— হেৰা, চাওঁচোন ষ্টাৰ্জিয়ন ক’ত৷”— দুই হাত মোহাৰি, ওঁঠ দুটা
চেলেকি আখিনিয়েভে ক’লে, “আঃ, কি অপূৰ্ব গোন্ধ! যিমান আছে যেন সকলোবোৰ শেষ কৰি
পেলাম৷ আহা, আহা৷ মোক ষ্টাৰ্জিয়নটো চাবলৈ দিয়া৷”
এখন বেঞ্চৰ ওচৰলৈ গৈ মাৰ্ফাই আলফুলে এখন কাকত দাঙি ধৰিলে৷ তাৰ তলত
থকা এখন ডাঙৰ থালত প্ৰকাণ্ড ষ্টাৰ্জিয়নটো কেপাৰ, জলফাই আৰু গাজৰেৰে সুন্দৰকৈ সজাই
থোৱা আছে৷ (কেপাৰ হৈছে প্ৰায় গোলাপ ফুলৰ পাতৰ আকৃতিৰ অথচ মঙহাল পাতৰ, বগা-গুলপীয়া
ৰঙৰ ফুল থকা এবিধ জোপোহা গছ৷ ফুলবোৰ খাব পাৰি৷ — অনুবাদক)৷ চাই চাই আখিনিয়েভে মুখ
মেলি ঘন ঘনকৈ উশাহ ল’বলৈ ধৰিলে৷ তেওঁৰ চকু-মুখ উজলি উঠিল৷ আকৌ এবাৰ চকু ফুৰাই তেওঁ
দুই ওঁঠেৰে এনে এটা শব্দ কৰিলে যেন ই পশুৱে টনা দুচকীয়া গাড়ীৰ গ্ৰীজ নথকা চকাৰ
পৰাহে ওলাইছে৷ তাতেই আখানিয়েভ ক্ষন্তেক থিয় হৈ ৰ’ল৷ তাৰ পাছত আনন্দত আপ্লুত হৈ দুই
হাতৰ আঙুলিবোৰ পৰস্পৰৰ ওপৰত হেঁচি ধৰিলে; আৰু পুনৰবাৰ দুই ওঁঠৰ পৰা টকালি পৰাৰ দৰে
শব্দ নিৰ্গত হ’ল৷
“আও! এয়াচোন কামাৰ্ত চুম্বনৰ শব্দ!... মাৰ্ফাক কোনোবাই চুমা খাইছে৷
কোন অ’ সেইটো?”— দাঁতিৰ কোঠালিৰ পৰা এটা কণ্ঠস্বৰ ভাহি আহিল৷ মুহূৰ্ততে দুৱাৰমুখত
দেখা গ’ল এটা চুলি খুৰাই লোৱা মূৰ৷ সহকাৰী শিক্ষক ৱানকিনৰ৷ “হেৰৌ, কোন সেয়া?— উৱা,
ছাৰ্গেই কাপিট’ন’ভিচ! মহিলাৰ সৈতে কি চুপতি মাৰিছাহে ইয়াত?”
অখিনিয়েভ বাৰুকৈ অপ্ৰস্তুত হৈ পৰিল৷ ক’লে, “কি কৈছ, মই? মই কেতিয়াও
চুম্বন কৰা নাই৷ অ’ই দগাবাজ, চুমা খোৱা বুলি কোনে লগালে অ’ তোক? ষ্টাৰ্জিয়নটো দেখি
আনন্দ আৰু লোভত মই নিজৰ ওঁঠ দুটা চুপিহে টকলিয়াইছিলোঁ, বুইছ!...”
“ক, আন কিবা এটাও ক আক’!”— ৱানকিনে দাঁতকেইটা উলিয়াই হাঁহি মাৰি
দুৱাৰখনেদি ওলাই গ’ল৷ আখানিয়েভ লাজতে ৰঙা-চিঙা পৰিল৷
তেওঁ ভাবিলে, ‘‘ছিঃ ছিঃ, এই পাষণ্ডটোৱেতো সকলোৰে আগত কৈ ফুৰিবগৈ!
চহৰখনৰ চুকে-কোণে মোৰ বদনাম ওলাই যাব! খচ্চৰটো ক’ৰবাৰ!’’
ভয় ভয় ভাব এটাৰে আখিনিয়েভ মূল কক্ষলৈ সোমাই গ’ল৷ তেওঁ চৌপিনে চকু
ফুৰালে৷ ক’তা? ৱানকিন্ কেনি লুকাল? সৌৱা সি পিয়ান’ৰ ওচৰত ৰৈ হালি-জালি পৰিদৰ্শকৰ
হাঁহি থকা খুলশালীয়েকজনীৰ আগত ফুচফুচাই কিবাকিবি কৈ আছে৷
আখিনিয়েভে ভাবিলে, ‘‘সেয়া মোৰ কথাকে কৈছে নিশ্চয়! এৰা মোৰ বিষয়েই
কৈছে৷ তাক চৰিয়াব লাগে৷ তায়ো তাক বিশ্বাস কৰিছে; সেয়ে তাই মিচিকি মিচিকি হাঁহি
আছে৷ হে ভগৱান, নোৱাৰিছোঁ আৰু৷ যেনেতেনে মই তেওঁলোকক পতিয়ন নিয়াব লাগিব যাতে
তেওঁলোকে তাৰ কথা বিশ্বাস নকৰে৷ তেওঁলোক সকলোৰে লগত কথা পাতিম৷ তেতিয়াহে তাক অন্য
কুৎসা ৰটনাকাৰীৰ দৰে বুৰ্বক দেখা যাব৷
তেতিয়াও বিব্ৰত হৈ থকা আখিনিয়েভ পাডুকুৱাৰ ওচৰত উপস্থিত হ’লগৈ৷ তেওঁ
এই ফৰাচী ভদ্ৰলোকজনক ক’লে, “মই ৰন্ধনশালালৈ গৈ খোৱা-লোৱাৰ ব্যৱস্থা কৰিবলৈ কৈ
আহিলোঁ৷ আপুনি যে মাছ খাই ভাল পায় জানোৱেই ৷ এটা বেচ প্ৰকাণ্ড ষ্টাৰ্জিয়ন আছে৷ হেঃ
হেঃ হেঃ৷ অ’ পাহৰিছিলোঁৱেই বুইছেনে, ৰন্ধনশালাত ষ্টাৰ্জিয়নটো দেখি মই অনন্দতে নিজৰ
ওঁঠ দুটা শব্দ কৰি চুপি দিছিলোঁ৷ তেনে সময়তে সেই অহম্মকটো আহি পালে, মানে
ৱানকিন্৷ ক’লে “হুঁ, ইয়াত সোমাই চুম্বন কৰি আছ?’ তাতে আকৌ মাৰ্ফাক! গজমূৰ্খটো! সেই
কুন্ধচ মহিলাগৰাকীও চুম্বনৰ যোগ্যনে? অহৌ বলিয়াটো ক’ৰবাৰ!”
ওচৰ চাপি অহা টাৰাণ্টুলভে সুধিলে, “কোন অহৌবলিয়াৰ কথা কৈছাহে তুমি?”
“সৌৱা— ৱানকিন৷ বুইছানে, মই ৰন্ধনশালালৈ গৈ ...”
তেওঁ ৱানকিনৰ কথাটো বিৱৰিলে৷
আখিনিয়েভে কৈ গ’ল, “অহৌবলিয়াটোৰ মূৰ্খামি সেয়া৷ সঁচা কৈছোঁ, মাৰ্ফাক
চুম্বন কৰাতকৈ কুকুৰ এটাকে চুম্বন কৰা ভাল৷”
ইপিনে-সিপিনে চাই আখিনিয়েভে এমজেডাক দেখা পালে৷ তেওঁৰ ঠিক পিছপিনেই
থিয় হৈ আছে৷ এমজেডাৰ আগত ক’বলৈ ধৰিলে, “আমি ৱানকিনৰ কথা কৈ আছোঁ৷ সি ৰন্ধনশালালৈ
গৈ মোক মাৰ্ফাৰ ওচৰত দেখা পালে৷ তাৰ পাছতে বদমাছটোৱে সন্দেহ কৰিবলৈ ল’লে৷ ‘হুঁ,
চুমা খাইছ, নহয়নে?’ তাক সুৰাৰ ৰাগীয়ে পাইছে; নহ’লে তেনেদৰে নাভাবিলেহেঁতেন৷ মই
ক’লোঁ, ‘মাৰ্ফাক খোৱাতকৈ লাগিলে টাৰ্কি এটাকে চুমা খাম, বুইছ৷ তদুপৰি মোৰ এগৰাকী
পত্নীও আছে৷ জধামূৰ্খ ক’ৰবাৰ!”
কথাখিনি শুনি ধৰ্মাতাত্ত্বিকগৰাকী ওচৰ চাপি আহিল৷ ক’লে, “কোন
জধামূৰ্খৰ কথা কৈছা বাৰু?”
“ৱানকিন৷ মই ৰন্ধনশালাত থিয় হৈ ষ্টাৰ্জিয়ন মাছটোৰ পিনে চাই আছিলোঁ...৷”
তেওঁ আটাইখিনি কথা বৰ্ণনা কৰিলে৷ এনেদৰে প্ৰায় আধাঘণ্টাৰ ভিতৰত
প্ৰতিগৰাকী অভ্যাগতই ৱানকিন আৰু ষ্টাৰ্জিয়নৰ বিষয়ে শুনিবলৈ পালে৷
দুয়োহাত মোহাৰি আখিনিয়েভে ভাবিলে, এতিয়া সি অভ্যাগতসকলক কথাবোৰ কওক৷
আৰম্ভ কৰিলেই তেওঁলোকে ক’ব, “হৈছে হৈছে, আমি সমস্ত কথা জানিব পাৰিছোঁ; আজে-বাজেবোৰ
কোৱাৰ প্ৰয়োজন নাই৷”
আখিনিয়েভৰ মনটো ইমান ফৰকাল হৈ পৰিল যে তেওঁ একেলগে চাৰিগিলাচ ভডকা পি
দিলে৷ কিমান যে আনন্দ লাগিছে তেওঁৰ! ভোজৰ অন্তত ন দৰা-কইনাক বে’ডৰূমলৈ লৈ
যোৱাৰ পাছত তেওঁ নিজৰ কোঠালৈ গ’ল আৰু নিৰ্জু চেমনীয়া ল’ৰা এটাৰ লেখীয়া হৈ শুই
পৰিল৷ পাছদিনা ৰাতিপুৱালৈ সেই ষ্টাৰ্জিয়নৰ প্ৰসংগ সমূলি পাহৰি গ’ল৷ কিন্তু কি হ’ব,
মনে খোজে ৰজা হ’ব, বিধাতাই নিদিয়ে খুজি খাব৷ অমংগলীয়া জিভাখনে দুৰ্দশাহে চপাইছে৷
আখিনিয়েভৰ চাতুৰি তেনেই অথলে গ’ল৷
ঠিক এসপ্তাহ— এসপ্তাহৰ পাছত বুধবাৰে তৃতীয় পিৰিয়ড শেষ হ’লত আখিনিয়েভ
কমন ৰুমৰ মজিয়াত ৰৈ আছিল৷ তেওঁ ৱাইছেকিন নামৰ ছাত্ৰজনৰ অপৰাধপ্ৰৱণতাৰ বিষয়ে কৈ
আছিল৷ হেডমাষ্টৰ তাতেই ওলালহি৷ তেওঁ আখিনিয়েভক একাষৰীয়াকৈ মাতি নিলে৷ ক’লে,
“ছাৰ্গেই কপিট’ন’ভিচ মাফ কৰিবা— এয়া মুঠেও মোৰ কথা নহয়, হ’লেও তোমাক এটা কথা
স্পষ্টকৈ ক’ব বিচাৰোঁ: তুমি তোমাৰ ৰান্ধনীজনীৰ লগত হলিগলি কৰি আছা বুলি এটা গুজব
বিয়পি পৰিছে৷ মই আচলতে ক’ব নালাগে, কিন্তু ...৷ ঠিক আছে, তেওঁক লগত ৰাখা, তেওঁক
নিজৰ মতে চুম্বনো কৰা৷ কেৱল এনেদৰে মুকলিকৈ নহয়৷ অনুৰোধ কৰিছোঁ৷ পাহৰি নাযাবা যে
তুমি এগৰাকী শিক্ষক!”
আখিনিয়েভ শিল পৰা কপৌ হৈ পৰিল৷ তেওঁক যেন এজাক মৌমাখিয়েহে কামুৰি
থকা-সৰকা কৰিলে, আৰু যেন তাৰ ওপৰত উতলা পানীহে ঢালি দিলে কোনোবাই! তেওঁ ততালিকে
ঘৰমুৱা হ’ল৷ গৈ থাকোঁতে ওৰেটো বাট কল্পনা কৰি গ’ল— গোটেই চহৰখনেই তেওঁলৈ থৰ হৈ চাই
আছে, যেন কলংকই তেওঁক বাৰুকে কোঙা কৰি পেলাইছে...৷
এটা নতুন দুৰ্দশাই ঘৰতো তেওঁলৈ অপেক্ষা কৰি আছিল৷ নিশা খোৱা টেবুলত বহি তেওঁ একো এটা মুখত দিয়া নাছিল৷ পৰিবাৰে সুধিলে, “কি হ’ল তোমাৰ? একো মুখত দিয়া নাই কেলেই? কি ভাবি আছা? তোমাৰ গুপুত প্ৰেমৰ কথা? মাৰ্ফাৰ কাৰণে অন্তৰত বেচ হনা-খোঁচা কৰিছে? মই একো নাজানো বুলি ভাবিছা? সকলো জানো, সকলো৷ কেইবাজনেও কথাটো জনাই মোৰ চকু মুকলি কৰি দিছে৷ নিৰ্লজ্জ ক’ৰবাৰ!” কথাখিনি শেষ হ’ল কি নহ’ল, তেওঁ আখিনিয়েভৰ গালত চৰ এটা সোধাই দিলে৷ লগে লগে আখিনিয়েভ টেবুলৰ পৰা উঠিল৷ পৃথিৱীখন আখিনিয়েভৰ ভৰিৰ তলৰ পৰা আঁতৰি গ’ল৷ কোট, টুপী একো নিপিন্ধাকৈয়ে তেওঁ ৱানকিনৰ তালৈ খোজ ল’লে৷