মূল : এণ্ডি ৱেইৰ (১৯৭২)-ৰ The Egg
ভাবানুবাদ: যশোৱন্ত নিপুণ
তুমি ঘৰলৈ গৈ আছিলা যেতিয়া তেতিয়াই তোমাৰ মৃত্যু হৈছিল৷
সেইটো এটা গাড়ীৰ দুৰ্ঘটনা আছিল৷ বৰ বিশেষ ধৰণৰ নাছিল, কিন্তু জীৱননাশী আছিল৷
তুমি তোমাৰ পত্নী আৰু দুটি শিশু এৰি থৈ আহিছিলা৷ যন্ত্ৰণাবিহীন মৃত্যু আছিল৷
জৰুৰীকালীন চিকিৎসাকৰ্মীসকলে তোমাক বচাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল, কিন্তু বিফল হৈছিল৷ তোমাৰ শৰীৰ ইমানেই ক্ষত-বিক্ষত হৈছিল যে তোমাৰ মৃত্যু
হোৱাটোৱেই মংগলজনক আছিল, বিশ্বাস কৰাঁ৷
আৰু তেতিয়াই তুমি মোক লগ পাইছিলা৷
“কি … কি হৈছে?” তুমি সুধিছিলা, “মই ক’ত?”
“তোমাৰ মৃত্যু হৈছে৷” মই সঁচা কথাটোকেই কৈছিলোঁ৷
ঘূৰাই-পকাই কোৱাৰ কোনো অৰ্থ নাছিল৷
“এখন … ট্ৰাক আৰু সেইখনে নিয়ন্ত্ৰণ
হেৰুৱাই পিছলি আহিছিল …৷”
“হয়৷” মই কৈছিলোঁ৷
“মই … মই মৰিছিলোঁ?”
“এৰা৷ কিন্তু তাৰ কাৰণে দুখ নকৰিবা৷ প্ৰত্যেকৰেই মৃত্যু হয়৷” মই কৈছিলোঁ৷
তুমি চাৰিওফালে চাইছিলা৷ তাত একোৱেই নাছিল, কেৱল মহাশূন্য৷ মাত্ৰ
তুমি আৰু মই৷ “এয়া কি ঠাই?” তুমি
সুধিছিলা, “এয়াই পৰলোক নেকি?”
“তেনেকুৱাই৷” মই কৈছিলোঁ৷
“তুমি দেৱতা নেকি?” তুমি সুধিছিলা৷
“অঁ৷” মই উত্তৰ দিছিলোঁ, “মই ঈশ্ৱৰ৷”
“মোৰ সন্তান … মোৰ পত্নী৷” তুমি কৈছিলা৷
“সিহঁতৰ কি কথা?”
“সিহঁত ভালে থাকিব নে?”
“সেইটোৱে মই বিচাৰোঁ৷” মই কৈছিলোঁ৷ “তোমাৰ এইমাত্ৰ মৃত্যু
হৈছে আৰু তোমাৰ প্ৰধান চিন্তা হৈছে তোমাৰ পৰিয়ালৰ বাবে৷ এইটো ভাল কথা৷”
তুমি মোলৈ আশ্বৰ্যান্বিত হৈ চাই ৰৈছিলা৷ তোমাৰ কাৰণে মই ঈশ্বৰ যেন নাছিলোঁ৷
মোক কোনোবা পুৰুষ এজন যেন লাগিছিল৷ নাইবা সম্ভৱত কোনোবা নাৰীৰ দৰে৷ কোনোবা
কৰ্তৃত্বশীল বিমূৰ্ত ব্যক্তিৰ দৰে বোধহয়৷ সৰ্বশক্তিমানজনতকৈ কোনোবা ডাঙৰ
বিদ্যালয় এখনৰ শিক্ষক যেনহে লাগিছিল মোক৷
“চিন্তা নকৰিবা৷” মই কৈছিলোঁ৷ “সিহঁতৰ একো নহয়৷ তোমাৰ সন্তান দুটিয়ে তোমাক সকলো ফালৰ পৰাই আদৰ্শ মানুহ
এজন বুলি সদায়ে মনত পেলাব৷ সিহঁতে তোমাৰ প্ৰতি বিৰক্ত হ’বলৈ
বা বেয়া ভাব পোষণ কৰিবলৈ সময়েই নাপালে৷ তোমাৰ পত্নীয়ে বাহিৰত দেখুৱাই কান্দিব,
কিন্তু মনে মনে ভালহে পাব৷ সঁচা কথা ক’বলৈ হ’লে, তোমালোকৰ বৈবাহিক জীৱন সোলোক-ঢোলোক হৈ আহিছিল৷
হয়তো এইটো এটা সান্ত্বনা হ’ব পাৰে যে তেওঁ তোমাৰ মৃত্যুত
ৰক্ষা পৰা বুলি ভবা কাৰণে নিজকে দোষী অনুভৱ কৰিবও পাৰে৷”
“উঃ” তুমি কৈছিলা, “এতিয়া পিছে কি হ’ব? মই স্বৰ্গ, নৰক বা বেলেগ ক’ৰবালৈ যাব লাগিব নেকি?”
“ক’লৈকো যাব নালাগে৷” মই কৈছিলোঁ, “তোমাৰ পুনৰ জনম হ’ব৷”
“আঃ,” তুমি কৈছিলা, “গতিকে হিন্দুসকল শুদ্ধ আছিল৷”
“সকলো ধৰ্মই শুদ্ধ নিজৰ নিজৰ মতবাদত৷” মই কৈছিলোঁ, “মোৰ লগত আহাঁ৷”
তুমি মোৰ পিছে পিছে আহিছিলা যেতিয়া আমি শূন্যতাত খোজ পেলাইছিলোঁ৷ “আমি ক’লৈ গৈ আছোঁ?”
“বিশেষ ক’লৈকো নহয়৷” মই কৈছিলোঁ, “যেতিয়া আমি কথা পাতোঁ তেতিয়া খোজ কাঢ়ি
ভাল লাগে৷”
“কিন্তু এইবিলাকৰ অৰ্থ কি?” তুমি
সুধিছিলা, “যেতিয়া মোৰ পুনৰ জন্ম হ’ব,
মই মাত্ৰ এখন উকা কাগজ হৈ পৰিম, নহয় নে?
এটা কেঁচুৱা৷ গতিকে মোৰ এই জীৱনৰ সকলো অভিজ্ঞতা আৰু মই কৰা কামবোৰৰ
কোনো গুৰুত্বই নাথাকিব৷”
“তেনেকুৱা নহয়৷” মই কৈছিলোঁ, “তোমাৰ মাজতেই তোমাৰ সকলো জীৱনৰ অভিজ্ঞতা আৰু জ্ঞান নিহিত হৈ আছে৷ তুমি
মাত্ৰ সেইবোৰ এই মুহূৰ্তত মনত পেলাবলৈ সক্ষম হোৱা নাই৷”
মই ৰৈছিলোঁ আৰু তোমাক কান্ধত ধৰি ওচৰ
চপাই আনিছিলোঁ৷ “তুমি কল্পনা কৰিব পৰাতকৈও তোমাৰ আত্মা বেছি অপৰূপ, সুন্দৰ আৰু সুবিশাল৷ মানুহৰ মনে তোমাৰ সত্তাৰ
মাত্ৰ ক্ষুদ্ৰ অংশ এটিৰেহে পৰিচিত হ’ব পাৰে৷ এইটো এগিলাছ
পানীত, সেয়া গৰম নে চেঁচা চাবলৈ আঙুলি এটা জুবুৰিয়াই দিয়াৰ
নিচিনা কথা৷ তুমি তোমাৰ ক্ষুদ্ৰ অংশ এটি পাত্ৰটিত ৰাখাঁ৷ আৰু যেতিয়া তাক উলিয়াই আনা,
সেই অংগটোৰ সকলোবোৰ অভিজ্ঞতা তুমি লাভ কৰাঁ৷”
“যোৱা ৪৮ বছৰ ধৰি তুমি এজন মানৱ আছিলা৷ গতিকে তুমি সিমান
কৰ্ষণ এতিয়ালৈকে কৰাই নাই, আৰু তোমাৰ আৰু বহু সুগভীৰ চেতনাক
অনুভৱ কৰিব পৰাই নাছিলা৷ যদি আমি ইয়াত বহু সময় ধৰি থাকোঁ সকলোখিনি তোমাৰ লাহে লাহে
মনত পৰিবলৈ ধৰিব৷ কিন্তু প্ৰত্যেক জীৱনৰ মাজতেই সেইটো কৰাৰ কোনো অৰ্থ নাই৷”
“মোৰ কেইবাৰ জনম লোৱা হৈছে তেনেহ’লে?”
“আঃ, বহুবাৰ৷ বহু, বহু, বহুবাৰ৷ আৰু বহু বহু ভিন্ন জীৱন৷” মই কৈছিলোঁ, “এইবাৰ তুমি এজন চীনা খেতিয়কৰ ছোৱালী হ’বা, ৫৪০ খ্ৰীষ্টাব্দত৷”
“ৰ’বা, কি?”
তোমাৰ খোকোজা লাগিছিল, “তুমি মোক সময়ৰ বিপৰীত
দিশত পঠাই দিবা?”
“এৰা, সেইটোও হয় এটা হিচাপত৷ সময়ৰ, তুমি জানা, তোমাৰ ব্ৰহ্মাণ্ডতহে তাৰ অস্তিত্ব৷ য’ৰ পৰা মই আহিছোঁ তাত এই আটাইবোৰ বহু বেলেগ ৷”
“ক’ৰপৰা আহিছা তুমি?” তুমি সুধিছিলা৷
“আঃ, নিশ্চয় ক’ম৷”
মই বুজাই কৈছিলোঁ, “মই ক’ৰবাৰ পৰা আহিছোঁ৷ অন্য কোনো ঠাইৰ পৰা৷ আৰু তাত মোৰ দৰে আন বহুতো আছে৷ মই
জানো তুমি সেই ঠাইৰ কথাবোৰ জানিব বিচাৰিবা৷ কিন্তু তুমি সঁচাকৈয়ে বুজিব নোৱাৰিবা৷”
“হয়৷” তুমি অলপ হতাশ হৈ কৈছিলা, “কিন্তু ৰ’বা৷ যদি মই সময়ত বেলেগ বেলেগ ঠাইত জনম লওঁ,
মই নিজৰ লগতেই কেতিয়াবা যোগাযোগ কৰিব পাৰিম৷”
“সঁচা৷ এইটো হৈয়েই থাকে৷ কিন্তু প্ৰতিটো জীৱনেই কেৱল নিজৰটোৰ
বিষয়ে জ্ঞাত কাৰণে তুমি উপলব্ধি কৰিবই নোৱাৰিবা যে এইটো হৈ আছে৷”
“তেনেহ’লে এইবোৰৰ তাৎপৰ্য কি?”
“সঁচাকৈয়ে?” মই সুধিছিলোঁ, “সঁচাকৈয়ে? তুমি জীৱনৰ অৰ্থ জানিব বিচাৰিছা মোৰপৰা?
সেইটো কিছু নতুনত্বহীন নহয় নে?”
““আচলতে এইটো এটা ভাল প্ৰশ্ন৷” তুমি
এৰি দিব খোজা নাছিলা৷
মই তোমাৰ চকুলৈ চাইছিলোঁ৷ “জীৱনৰ অৰ্থ, মই
এই ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰাৰ কাৰণ হ’ল মই তোমালোকে উৎকৰ্ষ
সাধন কৰাটো বিচাৰোঁ৷”
“তুমি মানৱ জাতিৰ কথা কৈছা? তুমি আমি
উৎকৰ্ষ সাধন কৰাটো বিচাৰাঁ?”
“নহয়, মাত্ৰ তুমি৷ মই এই সমগ্ৰ বিশ্বৰ
সৃষ্টি তোমাৰ কাৰণেই কৰিছোঁ৷ প্ৰত্যেক জীৱনতেই তোমাৰ বৃদ্ধি হয় আৰু তুমি উৎকৰ্ষ
সাধন কৰাঁ আৰু তুমি বিশালতৰ সত্তা আৰু মহানতৰ বীক্ষালৈ উন্নীত হোৱাঁ৷”
“মাত্ৰ ময়েই৷ আৰু বাকীসকলৰ কি হ’ব?”
“আৰু অন্য কোনোৱেই নাই৷” মই কৈছিলোঁ, “এই বিশ্বত, মাত্ৰ তুমি আৰু মই আছোঁ৷”
তুমি একো নুবুজাৰ দৰে মোলৈ চাইছিলা৷ “কিন্তু পৃথিৱীৰ সকলো মানুহ …৷”
“সকলোবোৰেই তুমি৷ তোমাৰ বেলেগ বেলেগ ৰূপ৷”
“ৰ’বা৷ প্ৰত্যেকজনেই মই?”
“এতিয়া তুমি উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছা৷” তোমাৰ পিঠিত অভিনন্দনসূচক থাপৰ এটা মাৰি কৈছিলোঁ৷
“ময়েই এই পৃথিৱীত এতিয়ালৈকে জনম লোৱা প্ৰত্যেকজন মানুহ?”
“আৰু যিসকলে ভৱিষ্যতে জনম ল’ব৷”
“ময়েই আব্ৰাহাম লিংকন?”
“আৰু জন ৱিলকিছ বুথো তুমি৷” মই যোগ
দিছিলোঁ৷
“ময়েই হিটলাৰ?” তুমি আচৰিত হৈ সুধিছিলা৷
“আৰু তুমিয়েই তেওঁ নিধন কৰা লাখ লাখ মানুহ৷”
“ময়েই যীশু?”
“আৰু তুমিয়েই সেই সকলো যিয়ে তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল৷”
তুমি নীৰৱ হৈ পৰিছিলা৷
“প্ৰত্যেকবাৰেই যেতিয়া তুুমি কাৰোবাক আঘাত কৰাঁ,” মই কৈছিলোঁ, “তুমি আচলতে নিজকেই আঘাত কৰাঁ৷ আনৰ প্ৰতি
তোমাৰ প্ৰত্যেক চেনেহ আৰু ভালপোৱাৰ কামেই তুমি আচলতে নিজৰ প্ৰতিয়েই কৰা একো একোটা
মৰম-ভালপোৱাৰ কাম৷ প্ৰত্যেক ব্যক্তিৰ অতীত, বৰ্তমান আৰু
ভৱিষ্যতৰ সুখ আৰু দুখৰ প্ৰতিটো মুহূৰ্তৰ অভিজ্ঞতা; তুমি
অনুভৱ কৰিবা৷”
তুমি বহু সময় চিন্তামগ্ন হৈ আছিলা৷
“কিয়?” তুমি সুধিছিলা, “এইবোৰ কৰাৰ কি প্ৰয়োজন?”
“কাৰণ এদিন তুমি মোৰ দৰেই এক সত্তালৈ উন্নীত হ’বা৷ কাৰণ সেয়াই তুমি৷ তুমি মোৰ দৰেই এক সত্তা৷ তুমি মোৰেই সন্তান৷”
“বাঃ,” তুমি কৈছিলা৷ সেয়া অবিশ্বাস্য
আছিল তোমাৰ বাবে৷ “তুমি বুজাব খুজিছা মই এজন দেৱতা৷”
“নহয়৷ এতিয়াও নহয়৷ তুমি এটা ভ্ৰুণ৷ তুমি এতিয়াও বাঢ়ি আছা৷
যেতিয়া তুমি সকলোবোৰ যুগৰ মাজেৰে প্ৰত্যেক মানৱ জীৱন কটাই আহিবা তেতিয়া জন্ম ল’ব পৰাকৈ তোমাৰ বিকাশ হ’ব৷”
“গতিকে এই সমগ্ৰ ব্ৰহ্মাণ্ড,” তুমি
কৈছিলা, “এয়া মাত্ৰ …”
“এট অণ্ড৷” মই উত্তৰ দিছিলোঁ৷ “তুমি তোমাৰ পৰৱৰ্তী জীৱনটোত প্ৰবেশ কৰাৰ সময় হৈছে এতিয়া৷”
আৰু মই তোমাক তোমাৰ পথেৰে আগবঢ়াই দিছিলোঁ৷
***
ঠিকনা :
গাঁও : বামাখাটা, পাঠশালা
জিলা: বজালী
পিন: ৭৮১৩২৫
ভ্ৰাম্যভাষ : ৮৭৬২২২৬৩৪৮