অসমীয়া অনুবাদ : কুমুদ ঘোষ
জয়া একেবাৰে একোৱেই নজনা বা নুবুজা ছোৱালী নহয় যে লাজত মৰহি যাব৷ স্থিৰ, নিশ্চল তাইৰ দেহভংগী৷ হাতত জুই ৰঙৰ বেনাৰসীখন লৈ থিয় হৈয়েই জগতে মিচিক-মাচাককৈ হাঁহিলে; প্ৰকাশ্যে নহয়, মনতে ক’লে, ‘‘তোমাক আজি মই নিজ হাতেৰে সজাই দিম৷’’
জয়াই আপত্তি নকৰিলে৷ শিল্পীয়ে যিদৰে কেনভাছত ৰং-তুলিকা বুলাই প্ৰেমিকাৰ ছবি আঁকে, বাহিৰৰ ৰং আৰু মনৰ ৰং মিহলাই, তেনেকৈয়ে জগতে তাৰ প্ৰেমিকাক শাৰী পিন্ধালে৷
আজি জয়াৰ বিয়া৷ চানাই বাজিছে, ৰজনীগন্ধাৰ সৌৰভত গধুৰ হৈ আহিছে বতাহ৷
দোকানৰ মালিক অভয় পদে গাহৰীৰ দৰে গলধনৰ নোম থিয় কৰি জগতক ধমক দি ক’লে, ‘‘ঐ ল’ৰা, তাত সোমালে তোৰ কাণ্ডজ্ঞান নাথাকে৷ সোনকালে ওলাই আহ৷’’ জগতে কাচৰ প্ৰকাণ্ড বাকচটোৰ ভিতৰৰ পৰাই উত্তৰ দিলে, ‘‘গৈছোঁ৷ ভালকৈ শাৰী পিন্ধাবলৈ সময় লাগে৷’’ জগতে ডামিৰ শাৰী পিন্ধোৱা পৰ্ব শেষ হ’লেও দুই মুহূৰ্তমান থিয় হৈ ৰ’ল৷ পুনৰ মনৰ ভিতৰতে ক’লে, ‘‘জয়া, তেনেহ’লে এতিয়ালৈ মই আহোঁ৷’’ কথাষাৰ কৈয়েই জগতে ৰাস্তাৰ সিপাৰে থকা জয়াহঁতৰ ৰাজপ্ৰসাদৰ দৰে ঘৰটোৰ ফালে চালে৷ জয়াহঁতৰ ঘৰৰ গে’টৰ সমুখত কলপুলি আৰু আমডালি৷ চানাই বাজিছে৷ জয়া আৰু হয়তো কোনোদিন জগতহঁতৰ দোকানলৈ শাৰী কিনিবলৈ নাহিব৷ আহিলেও তাইৰ সেওঁতাত থাকিব সেন্দূৰৰ বোল৷ জয়াই কোনোদিন জানিবও নোৱাৰিব যে, শাৰীৰ দোকানৰ এজন অতি নগণ্য কৰ্মচাৰী জগতে তাইক ভাল পাইছিল৷ সেয়ে বিয়াৰ দিনা তাইক জুইৰঙৰ বেনাৰসীখন নিজ হাতে পিন্ধাই দিছিল৷
***