মূল: পাবলো নেৰুদা
ভাবানুবাদ: যশোৱন্ত নিপুণ
মই আজি নিশা আটাইতকৈ
শোকভৰা কবিতাটি লিখিব পাৰোঁ৷
হয়তো, এনেকৈ লিখিম:
“নিশাটি তৰাভৰা,
আৰু নীলা নীলা তৰাবোৰ
দূৰত কম্পিত৷’’
নিশাৰ বতাহজাকে আকাশত
পাকঘূৰণি খায় আৰু গায়৷
মই আজি নিশা আটাইতকৈ
শোকভৰা কবিতাটি লিখিব পাৰোঁ৷
মই তাইক ভাল পাইছিলোঁ,
আৰু কেতিয়াবা তায়ো মোক ভাল পাইছিল৷
এনে এটি নিশাৰ মাজত, মই
তাক সাবটি লৈছিলোঁ৷
মই তাইক সীমাহীন আকাশৰ
তলত কিমানবাৰ চুমা খাইছিলোঁ৷
তাই মোক ভাল পাইছিল,
কেতিয়াবা মই তাইক ভাল পাইছিলোঁ৷
মই কেনেকৈ ভাল নোপোৱাকৈ
থাকোঁ তাইৰ বিশাল, শান্ত চকুযুৰি?
মই আজি নিশা আটাইতকৈ
শোকভৰা কবিতাটি লিখিব পাৰোঁ৷
এনেকৈ ভাবি যে তাই আৰু
মোৰ নহয়৷ অনুভৱ কৰি যে মই তাইক হেৰুৱালোঁ৷
শব্দ শুনো গভীৰ নিশাৰ,
তাইৰ অবিহনে যি আৰু বেছি গভীৰ৷
আৰু কবিতাৰ পংক্তি বুকুত
সৰি পৰে যেনেদৰে নিয়ৰ সৰি পৰে দূবৰিত৷
এয়া কি ডাঙৰ কথা হ’ল যে
মোৰ ভালপোৱাই তাইক ধৰি ৰাখিব নোৱাৰিলে৷
নিশাটি তৰাভৰা আৰু তাই
মোৰ কাষত নাই৷
সেয়াই সকলো৷ দূৰত কোনোবাই
গায়৷ বহু দূৰত৷
মোৰ আত্মা তাইৰ অবিহনে
ক’ৰবাত হেৰাই গৈছে৷
তাইক কাষলৈ আনিবলৈকে
বোধহয়, মোৰ দুচকুৱে তাইক বিচাৰি ফুৰে৷
মোৰ বুকুুৱে তাইক বিচাৰি
ফুৰে আৰু তাই মোৰ লগত নাই৷
একেই নিশা যিয়ে ৰূপোৱালী
কৰে সেই একেই অৰণ্য৷
আমি, আমি যি আছিলোঁ, আমি
আৰু সেয়া একেই নহওঁ৷
মই তাইক আৰু ভাল নাপাওঁ,
সঁচা, কিন্ত কিমান ভাল পাইছিলোঁ মই তাইক৷
মোৰ কণ্ঠই তাইক বতাহজাকত
বিচাৰিছিল তাইৰ শ্ৰৱণক স্পৰ্শ কৰিবলৈ৷
আন কাৰোবাৰ৷ তাই আন
কাৰোবাৰ হ’ব৷ ঠিক যেনেকৈ তাই
কেতিয়াবা মোৰ চুমাবোৰৰ
আছিল৷
তাইৰ কণ্ঠ, তাইৰ বতাহৰ
দৰে শৰীৰ৷ তাইৰ সীমাহীন চকুযুৰি৷
মই আৰু তাইক ভাল নাপাওঁ,
সঁচা, কিন্তু মই সম্ভৱতঃ তাইক ভাল পাইছিলোঁ৷
ভালপোৱা ইমান ক্ষণস্থায়ী
আৰু সুদীৰ্ঘ এই পাহৰি যোৱা৷
কাৰণ এনে নিশাবোৰতেই মই
তাইক সাবটি লৈছিলোঁ,
মোৰ আত্মা তাইৰ অবিহনে
ক’ৰবাত হেৰাই গৈছে৷
যদিও এয়াই হ’ব পাৰে তাই
মোক দিয়া শেষ যন্ত্ৰণা,
আৰু এইটোৱেই হ’ব পাৰে মই
তাইৰ প্ৰতি লিখা শেষ কবিতা৷