মূল কবি : জাচিন্ত কেৰ্কেট্টা (Jasinta Kerketta), ঝাৰখণ্ড
অসমীয়া অনুবাদ : পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ
প্ৰতিনিশা গাওঁখন বিছনাত ঢলি পৰে
কিন্তু এই টোপনিত কোনো
সপোন নাথাকে৷
কাৰণ সকলো সপোনকে বন্দী কৰি যোৱাৰাতি
ফাটেকত দিয়া হ'ল৷
আৰু সপোন গজাৰ সম্ভাৱনা থকা ঠাইবোৰত
কাঠফুলাৰ দৰে ছাউনীবোৰ গজি উঠিল৷
দিন আৰু নিশাবোৰত এক অদ্ভূত আতংক
গাঁৱৰ আদিবাসী ল'ৰাটোৱে
এসময়ত সপোন দেখিছিল মাতৃভূমিৰ সেৱাৰ
এতিয়া সি সাৰ পাই মাজ নিশা
সপোনত দেখা পায় হত্যাকাৰী বন্দুকবোৰ৷
এতিয়া তাৰ টোপনি পূৰ হ'ল
পাৰ হৈ যোৱা অগণন দুখঘন ঘটনাৰ স্মৃতিত
দুপৰ নিশা সাৰ পাই
মুখৰ
অস্থিৰ অনুভৱ কৰে সি- এই যেন
মুখৰ ভিতৰত গুজি থোৱা বন্দুকৰ গাদীৰ
আঘাতত তেজ সনা সকলো দাঁত
সৰি পৰিল হাতৰ তলুৱাত৷
মাজনিশা সাৰ পাই সি অস্থিৰতাত
গমি-পিটি চায় ভৰিৰ গোৰোহাত
কৰবাত আছে নেকি গুলিৰ খোঁচৰ আঘাত?
বিতত ভয়ে দোলা দিয়ে মনৰ ভাবনাত৷
সৌ সিদিনা চিত খাই পৰা
আধামৰা বিৰছাক উঠি
পলাব নোৱৰা দেখি
প্ৰথমতে কেনেকৈ সেই মানুহটোৱে চাৰিওফালে চাইছিল
আৰু কাকো নেদেখি
বূকুত ফুটাইছিল তাৰ তিনিজাঁই গুলী৷
আনজন বিৰছা ভৰিত যাৰ লাগিছিল গুলী
জোপোহাৰ আঁৰত পৰি আছিল উশাহ বন্ধ কৰি৷
আজিও কাগজৰ টুকুৰাত নুৰিয়াই
ভৰিৰ পৰা ওলিওৱা সেই গুলীটো লুকুৱাই
ঘূৰি ফুৰি সি অস্থিৰ হৈ কয়-
এইটোৱেই প্ৰমাণ যি দেখুৱায়
প্ৰথমতে গাঁৱত কোনে
গুলি ফুটায়৷