অনুভৱ তুলসী
যিদিনা উক দিয়ে চুবুৰিৰ এই মহিলাৰ
সেই বিশেষ গুণটো
গোটেই দিনটো গান গায়
গানে শেলুৱৈৰো কাণ-সঁতা লৰায়
কাল্পনিক কোনো ব্যক্তিৰ সতে
কথা পাতে কথা নে কাজিয়া
ৰসনাত আখৈৰ বহুভাষিক ভমক
সামৰিবলৈ হুঁচ নেথাকে
সেই অনা তেনেই ডেই যায়
বতাহ পোৰা পোৰা গোন্ধায়
যিয়েই নকৰক কিয়
স্বভাৱ হেঙাৰ হেলাৰঙে চেৰাই যায়
অন্য কোনোবাইহে যেন জপটিয়াই ধৰে
বীৰা কি দেও
সিও দীঘলীয়া সময়ৰ বাবে
সেয়া অনন্তৰ ছট্ফটনি ছেও
কলহৰ কানে ঢলা কান্দোন
কৰ্পতি ওৰ পৰিব নোখোজা
সাগৰৰ নাম-ঠিকনা নজনা নৈ
বৈ বৈ ভাগৰি পৰে যেনেকৈ
তেৱোঁ ভাৰাক্ৰান্ত দূৰ দ্বীপ-দিগন্তত
বেজেৰুৱা বেলিৰ দৰে
গছৰ আগৰ যাওঁ নাযাওঁ ধোঁৱা যোৱা দি
যেতিয়া পাটীত পৰে
কুচিমুচি চল্লিছ উজাই
ছবছৰত ভৰি থোৱা যেন এটি শিশু
দীঘল দিন দীঘল ৰাতি
দোমোজাৰ জোৰা-সন্ধি
ক্ৰু ছবিদ্ধ যীছু
চবকে মোহাৰি-মুচৰি পটাত বটি
এই মহিলাই কঢ়িয়াই ফুৰে
নিজক চহাই নিজৰ মাটিতে
ভাবী-ভূঁই আদি-অনাদিতে ৰোৱা
কালৰ প্ৰপঞ্চ পাৰ হৈ
তেওঁ আজিৰ হাত
চিৰন্তন ঢুকি পোৱা