নৱনীতা
ভট্টাচার্য্য
অংকন : বৰ্ণিল মহন্ত |
উম বিচাৰি বিচাৰি হাবাথুৰি খোৱা
টিটিয়ে আজি আকৌ শীত বিচাৰি সকলোৰে পৰা নিলগত বনৰ এই গহীন কোণত অকলে অকলে দিন কটাবলগীয়া
হৈছে। এৰি অহা দিনবোৰৰ স্মৃতিয়ে তাক আজি বৰকৈ
আমনি কৰিছে। মাকৰ বুকুৰ উমাল মৰম, সহোদৰৰ স্নেহ, দেউতাকে আটোমটোকাৰিকৈ সাজি দিয়া সেই উমাল
পঁজাটোলৈ তাৰ বৰকৈ মনত পৰিছে। উম দিবলৈ মাকে কিমান চেষ্টা কৰিছিল! বছৰটোৰ বেছি ভাগ
সময় শীতৰ কবলত বন্দী হৈ থকা সেই দিনবোৰ সঁচাকৈ যে বৰ আনন্দদায়ক আছিল। সূৰ্য্ৰ সোণালী কিৰণ নাছিল যদিও দূৰ-দূৰণিৰ বতৰা লৈ অহা
শীতল বতাহজাকে তাৰ মনটো উমাল কৰি তুলিছিল। বতাহৰ লগত ভাহি অহা সেই মিঠা গোন্ধটোৱে তাৰ মনটো চঞ্চল কৰি তুলিছিল। চঞ্চল-চপল মনটোৱে সেই গোন্ধৰ পম খেদি খেদি বতাহৰ লগত বহু দূৰলৈ উৰি
গৈছিল আৰু সেই উমাল বননিখন বিচাৰি উলিয়াইছিল। ৰাতিপুৱাৰ লগে লগে সূৰ্যৰ কিৰণে
বননিখন ছানি ধৰিছিল বাবে গছ-গছনিবোৰে উপযুক্ত পুষ্টি যোগাৰ কৰিব পাৰিছিল। সেইবাবেই ফলে-ফুলে জাতিষ্কাৰ
হৈ পৰিছিল। তাকে দেখি পশু-পক্ষীবোৰেও আনন্দমনে ওলাই আহি বননিখনত ঢপলিয়াই ফুৰিছিল। টিটিৰ মনত গঢ় লৈ উঠা বননিখনৰ এই
ছবিখনৰ বাবেই সি আজি ঘৰৰ পৰা বহুত নিলগত। সি কিন্তু তাৰ বাবে অকণো অনুতপ্ত নহয়। কিয়নো ইমান দিনে বনখনে তাক জীৱনত বিচাৰি ফুৰা সকলো সুখ উপভোগ কৰাত সহায় কৰিছে। বনৰ সকলো জীৱ-জন্তুৰ পৰা পোৱা উমাল মৰম সি এদিনতে পাহৰিব নোৱাৰে।
অৱশ্যে সেই শীতল পৰিৱেশো তাৰ বাবে সমানে আনন্দদায়ক আছিল।
কিয়নো ভগৱানে দিয়া এই বিশেষ আৱৰণটোৱে তাক প্রচণ্ড শীতকো নেওচি দিনবোৰ উপভোগ কৰাত
সহায় কৰিছিল। এই আৱৰণটোৱে তাক শীতল পানীত নামি আহাৰ বিচাৰি খোৱাতো সহায় কৰিছিল। তথাপি তাৰ
মনে সূৰ্য্ৰ কিৰণ বিচাৰি হাবাথুৰি খাইছিল। ক’ব নোৱৰাকৈযে সি উমাল পৰিৱেশ
বিচাৰি ঘূৰি ফুৰিছিল। আৰু সেইবাবে সি গোপনে সকলো এৰি থৈ চৰাইজাকৰ লগত উৰি আহি
এইখিনি পাইছিলহি৷ প্রথম অৱস্থাত সকলো ঠিকেই আছিল। পিছে লাহে লাহে গৰমৰ প্রকোপ বাঢ়ি অহাৰ
বাবেহে তাৰ এই অৱস্থা হৈছে। শীতৰ প্রকোপৰ পৰা পৰিত্ৰাণ পাবলৈ তাৰ এই বিশেষ আৱৰণটোৰ
বাবেই আজি সি বিপদত পৰিছে। চর্বিযুক্ত এই আৱৰণটোৱে তাক গৰমৰ লগত মোকাবিলা কৰাত
বিশেষকৈ অসুবিধাত পেলাইছে। এই আৱৰণখনেই সকলো অথন্তৰৰ মূল। অৱশ্যে ভগৱানে তাৰ লগত
যুঁজিবলৈ এই অস্ত্রপাট দি পঠিয়াইছে বুলিহে সি আজি ৰক্ষা পৰিছে। কিয় এই বিশেষ
ভৰিৰ পতাযোৰ! সাঁতুৰি থাকিব পৰাকৈ ভৰিৰ পতা দিয়া বাবে সি সদায় ভগৱানৰ ওচৰত
কৃতজ্ঞ হৈ ৰ’ব৷
কথাবোৰ ভাবি ভাবি টিটি পানীযুঁৱলিতে বহি থাকিল। তাৰ মনত
এটাই প্রশ্ন— “ভগৱানে চাৰিওফালে একে পৰিৱেশ নকৰি ইমান
বিচিত্রতা অনাৰ কি কাৰণ হ’ব পাৰে?” এনেতে সি তাৰ পৰা কিছু নিলগত পৰুৱাৰ দীঘলীয়া
শাৰী এটা দেখা পালে। লানি নিছিগা পৰুৱাৰ শাৰীটোক দেখি তাৰ মনত কৌতূহলৰ সৃষ্টি হ’ল।
পৰুৱাবোৰনো ইমান ব্যস্ততাৰে ক’লৈ গৈ আছে তাকে জানিবলৈ তাৰ মন গ’ল।
সেইবাবে সি অলপ আগ বাঢ়ি আহি লানিটো মনযোগেৰে নিৰীক্ষণ কৰিবলৈ
ধৰিলে। তাৰ মাজতে ডাঙৰ মূৰৰ পৰুৱাটোক তাৰ অলপ বুজন যেন লাগিল, সেইবাবে পৰুৱাটোক অলপ দূৰলৈ
মাতি আনি সুধিলে— “হেৰা!
ইমান বেগাবেগিকৈ সদলবলে ক’লৈনো যোৱাঁ। কিবা যুদ্ধৰ
প্ৰস্তুতি নেকি?”
টিটিৰ কথা শুনি পৰুৱাটোৱে ক’লে— “এতিয়া তোমাৰ লগত কথাৰ মহলা মাৰি থাকিবলৈ মোৰ সময় নাই। তথাপি সুধিছা যেতিয়া কওঁ শুনা, এইখনো এখন যুদ্ধই। এইখন হ’ল জীয়াই থকাৰ যুদ্ধ।”
— “তুমি এইবোৰ কিনো কৈছা, মই হ’লে একো বুজি পোৱা নাই।”
— “তোমালোকৰ দৰে প্রাণীবোৰে আমাৰ দুখৰ কথা কিনো বুজিবা। এই বিশাল
পৃথিৱীখনত আমাৰ দৰে ক্ষুদ্র প্রাণীবোৰৰ শত্ৰু বহুত।”
— “তাৰ মানে তোমালোকে শত্রু বধ কৰিবলৈ ওলাই
আহিছা!”
“এক কথাত ক’বলৈ
গ’লে শত্রু বধেই দিয়াচোন। আমাৰ মূল শত্রু হ’ল
এই বতৰটো। আমি সকলো বতৰতে বাহিৰলৈ ওলাই আহিব নোৱাৰোঁ।
বৰষুণৰ বতৰেই হওক বা শীতৰ বতৰেই হওক এই সকলো আমাৰ ঘোৰ
শত্রু। এনে বতৰত ওলাই আহিলে আমাৰ মৃত্যু অনিবার্য। তেনে বতৰটো যাতে আমি ঘৰতে সোমাই
থাকি আৰামত খাই-বৈ জীয়াই থাকিব পাৰোঁ, তাৰ বাবে খাদ্য সংগ্রহ
কৰিবলৈহে ওলাই আহিছোঁ।”
পৰুৱাটোৰ কথা শুনি টিটিৰ চকু কপালত উঠিল। সি আচৰিত হৈ কলে— “বৰষুণৰ কথা বাৰু বুজিলোঁ।
কিন্তু ঠাণ্ডাৰ দিনকেইটাত তোমালোকৰ কি অসুবিধা হয়
সেইটোহে বুজি নাপালোঁ।”
“শীতকাল
আৰম্ভ হোৱাৰ লগে লগে আমি নিষ্কর্মা হৈ পৰোঁ। এলেহুৱা এলেহুৱা ভাবটোৱে
লগ নেৰা হয়। আমাৰ গতিও শামুকীয়া হৈ পৰে। সেইবাবে শীতকাল আৰম্ভ হোৱাৰ লগে লগে আমি
গাঁতৰ ভিতৰতে সোমাই থাকিবলগীয়া হয়। এই সময়ছোৱাত আমাৰ খাদ্যৰ যাতে নাটনি নহয় সেইবাবে
আমি এই সময়খিনিতে যিমান পাৰোঁ খাদ্য যোগাৰ কৰি লওঁ। খাদ্য
মজুত কৰি ৰাখিলেহে আমি জীয়াই থাকিব পাৰিম। সেইবাবে আমি যিমান পাৰোঁ খাদ্য মজুত কৰাত গুৰুত্ব
দিওঁ। আকৌ বসন্ত ঋতু আৰম্ভ হোৱাৰ লগে লগে আমি বাহিৰলৈ ওলাই আহোঁ।”
“শীত কালত অসুবিধা পোৱাঁ!
কথাষাৰ ভাবি মই আচৰিত হৈ পৰিছোঁ। মোকে চোৱাচোন অকণমান ঠাণ্ডা পাবলৈ কেনেকৈ
ঢপলিয়াই ফুৰিছোঁ। তুমি আকৌ শীতৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়াৰে
পৰা যুদ্ধগতিত প্রস্তুতি চলাই আছা। সঁচাকৈ যে ভগৱানৰ কি
লীলা-খেলা।”
“ভগৱানৰ বিনন্দীয়া সৃষ্টিৰ
কথা আমাৰ নিচিনা মগজুৱেনো ক’ত
ঢুকি পাব! তেওঁ যেনেকৈয়ে স্ৰজিছে তেনেকৈ সুখী হোৱাটোৱেই জ্ঞানী লোকৰ কাম। কিয়নো তেওঁ যেনেদৰে স্ৰজিছে
তেনেদৰে পালনো কৰিছে। নহলে’নে আমাৰ নিচিনা
এই ক্ষুদ্র জীৱটোক ইমান শক্তি
দিয়েনে?”
— “তোমালোককো কি শক্তি দিছে চমুকৈ কোৱাঁচোন?”
এই ব্যস্ততাৰ মাজটো তুমি সুধিছা যেতিয়া কওঁ শুনা— “আমাৰ নিচিনা পৰিশ্ৰম কৰিব
পৰা প্রাণী এই জগতত তেনেই বিৰল। আমি দিন-ৰাতি একাকাৰ কৰি কাম কৰিব পাৰোঁ।
আমি বাৰ ঘণ্টা সময় একেলেথাৰিয়ে কাম কৰাৰ পাছত মাত্র কেইমিনিটমান জিৰণি লৈয়ে সতেজ হৈ পুনৰ কামত ধৰিব পাৰোঁ৷
তাৰ উপৰি আমাৰ বাহুত ইমান বল আছে যে আমি আমাৰ ওজনতকৈ দহ গুণ বেছি
ওজনৰ বস্তু কঢ়িয়াই ফুৰিব পাৰোঁ। ভগৱানে এই শক্তিকণ দিছে
বাবেই আমি শীতকালৰ বাবে আহাৰ যোগাৰ কৰি থ’ব পাৰোঁ।
পিছে এতিয়া কথাৰ মহলা মাৰি থাকিলে নহ’ব৷ কথাতে কয় নহয় আপোন কাৰ্যক যি কৰে হেলা, তাহাৰ ঘৰে নাই লক্ষীৰ খেলা।
এতিয়া বিদায়হে! ”
কথাষাৰ গৈ পৰুৱাটো লৰালৰিকৈ আঁতৰি গ’ল।
ইফালে টিটিৰ মনটোও ফৰকাল হৈ পৰাত সি ঘৰলৈ বুলি খোজ ল’লে।
ভ্ৰাম্যভাষ: ৯৮৬৪২৩৩৩৫০