অভিজিত শৰ্মা বৰুৱা
বিজ্ঞান শব্দটো সংস্কৃতৰ পৰাই আহিছে আৰু ইয়াৰ অর্থ হ’ল- বিশেষ জ্ঞান। অর্থাৎ বিজ্ঞান জ্ঞানৰ ভিতৰতে পৰে, কিন্তু সেই জ্ঞানৰ কিছুমান বিশেষ বৈশিষ্ট্য থাকিব লাগিব। বিজ্ঞানত থাকিবলগীয়া মূল বিশেষ বৈশিষ্ট্য হৈছে এয়ে যে বিজ্ঞান সদায়ে যুক্তিনির্ভৰ আৰু প্রমাণনির্ভৰ। বহু ক্ষেত্রত যুক্তিৰে কিছুমান তথ্য বা সূত্র প্রতিপন্ন হ’লেও বিজ্ঞানে প্রমাণৰ বাবে বাট চায়। ১৯০৫ চনত আইনষ্টাইনে বিশেষ আপেক্ষিকতা তত্ত্বৰ সহায়েৰে ওচৰত বৃহৎ ভৰৰ অৱস্থিতিৰ বাবে পোহৰৰ গতিপথ বেঁকা হৈ যায় বুলি কৈছিল আৰু সেই গতিপথ কিমান ওচৰত থকা কিমান পৰিমাণৰ ভৰৰ বাবে কিমান বেঁকা হ’ব, টেবুলতে বহি তাক গণনা কৰিও উলিয়াইছিল। পিছে সুদীর্ঘ ১৪ বছৰৰ পাছত ১৯১৯ চনৰ পূর্ণগ্রাস সূর্যগ্রহণত তাৰ প্রকৃত প্রমাণ নোপোৱালৈকে বিজ্ঞানীসমাজে সেই কথা সম্পূর্ণ মানি লোৱা নাছিল। ১৯৬৪ চনত প্রখ্যাত পদার্থবিজ্ঞানী পিটাৰ হিগছে অব্যর্থ যুক্তিৰে কৈছিল যে ‘হিগছ বছন’ কণা বা ঈশ্বৰ কণাৰ অস্তিত্ব আছে, কিন্তু ২০১২ চনৰ ৪ জুলাইত ‘ইউৰোপিয়ান অর্গেনাইজেছন ফৰ নিউক্লিয়েৰ ৰিছার্ছ’ বা CERN-এ তেওঁলোকৰ ‘লার্জ হেড্র’ন কলাইডাৰ’ত সেই কণাৰ বাস্তৱ সন্ধান পাওঁতেহে সেই কথা ১০০ শতাংশ মানি লোৱা হ’ল। এনে উদাহৰণ দেধাৰ আছে যি বিজ্ঞানৰ এই বিশেষ বৈশিষ্ট্যটোৰ কথা আঙুলিয়াই দিয়ে।
বিজ্ঞানক গৱেষণাগাৰ আৰু বিজ্ঞানীসকলৰ বিৰল মগজুৰ পৰা সাধাৰণ লোকৰ মাজলৈ লৈ যাবৰ বাবে সাহিত্যৰো বিশেষ প্রয়োজন আছে। সাহিত্যৰ জনপ্রিয়তা আৰু প্রসাৰ সেই প্রাচীন যুগৰপৰাই অব্যাহত আছে। সংস্কৃতত এটা শ্লোক আছে, যাৰ ভাবার্থ হ’ল– ‘সাহিত্য, কলা আৰু সংস্কৃতিৰ প্রতি যিসকল লোক আকৃষ্ট নহয়, সেইসকল দুঠেঙীয়া জন্তুৰ দৰে’; পার্থক্য মাথোঁ এটাই যে তেওঁলোকে ঘাঁহ নাখায়; পিছে তেওঁলোকে ঘাঁহ নোখোৱাটো বেছ স্বস্তিৰ কথাই। কাৰণ তেওঁলোকে ঘাঁহ খাবলৈ আৰম্ভ কৰিলে চাৰিঠেঙীয়া গৰুৰ বাবে ঘাঁহৰ আকাল হ’ব৷
বিজ্ঞানে সাহিত্যৰ পিঠিত উঠিয়েই জনসাধাৰণৰ কাষ চাপিবলৈ চেষ্টা কৰাটো মুঠেই
অস্বাভাৱিক নহয়। বিজ্ঞান আৰু সাহিত্যৰ সুসমন্বয়ে বিজ্ঞানক সকলোৰে বোধগম্য কৰি
তুলিব পাৰে, আনহাতে সাহিত্যকো এক নতুন ৰূপ প্রদান কৰিব পাৰে। বিজ্ঞান আৰু সাহিত্য– এই দুয়োৰে সমন্বয়ত এতিয়া ‘বিজ্ঞান সাহিত্য’ নামেৰে সাহিত্যত এক শাখাৰে সৃষ্টি
হৈছে।
অসমীয়া ভাষাত বিজ্ঞান সাহিত্য বুলিলে আমি মূলতঃ এই ভাষাত লিখিত জনপ্রিয় বিজ্ঞানবিষয়ক ৰচনাসমূহকে বুজোঁ। পিছে জনপ্রিয় বিজ্ঞান মানেনো আচলতে কি? ‘উইকিপিডিয়া’ই জনপ্রিয় বিজ্ঞানৰ সংজ্ঞা অতি চমুকৈ এইদৰে দিছে- ‘জনপ্রিয় বিজ্ঞান হ’ল সাধাৰণ পাঠকৰ উদ্দেশ্যে লিখিত বিজ্ঞানৰ কথা।’ জনপ্রিয় বিজ্ঞান লেখা বুলিলে আমি সাধাৰণতে বিজ্ঞান সম্পর্কীয় এনে লেখাকে বুজোঁ, যিবোৰ সাধাৰণ ৰাইজে বুজাকৈ সহজ-সৰল ভাষাত লিখা হৈছে, য’ত তাত্ত্বিক কথা বেছি নাই, গাণিতিক সূত্রৰ প্রাদুর্ভাৱো নাই। সেই হিচাপত অসমীয়া ভাষাত যিকোনো বিজ্ঞান লেখা আৰু জনপ্রিয় বিজ্ঞান লেখাৰ মাজত আচলতে বেছি পার্থক্য নাই। লিখিত অসমীয়া সাহিত্য সৃষ্টি হোৱাৰ পৰা এতিয়ালৈকে ৰচিত বিজ্ঞান লিখনিৰ ভিতৰত তেনে লিখনি খুব কমেইহে আছে, যিবোৰ তত্ত্বগধুৰভাৱে কেৱল বিজ্ঞানীসমাজক উদ্দেশ্যি লিখা হৈছে, সাধাৰণ ৰাইজৰ বাবে লিখা হোৱা নাই। ইংৰাজী ভাষাৰ ‘ছায়েঞ্চ্ জার্নেল’ৰ দৰে বিশুদ্ধ বিজ্ঞানৰ কথা আলোচনা কৰা বিজ্ঞান আলোচনী বা বিশুদ্ধ বিজ্ঞান বিষয়ক কিতাপ অসমীয়া ভাষাত ক’তনো আছে? ড০ দীনেশ চন্দ্র গোস্বামীদেৱৰ দ্বাৰা সম্পাদিত অধুনালুপ্ত আলোচনী ‘দৃষ্টি’ত বিজ্ঞানৰ একোটা বিষয়ৰ বিষয়ে সবিশেষ আলোচনা কৰা হৈছিল ঠিকেই, পিছে সেয়াও সর্বসাধাৰণ পাঠকে বুজি পোৱাকৈহে লিখা হৈছিল। ‘অসম বিজ্ঞান সমিতি’ৰদ্বাৰা ১৯৬১ চনৰ পৰা প্রকাশিত ‘বিজ্ঞান জেউতি’ও মূলতঃ জনপ্রিয় বিজ্ঞান বিষয়ক আলোচনী। সাধাৰণ বাতৰি কাকত-আলোচনী আদিৰ বিজ্ঞান পৃষ্ঠাত বিজ্ঞানৰ কোনো কথা প্রকাশ হ’লেও সেয়া সকলোৱে বুজি পোৱা বিধৰহে হয়। তাত জটিল তত্ত্ব, সূত্র আদি থাকিলে সম্পাদকেই কাটি পেলায় নাইবা লেখকক তাতকৈ সহজভাবে সর্বসাধাৰণ লোকৰ বোধগম্য হোৱাকৈ লিখিবলৈ অনুৰোধ কৰে। গতিকে বাকীনো থাকিলগৈ কি? ইয়াৰ অর্থ পাছে এইটো কেতিয়াও নহয় যে বিশুদ্ধ বিজ্ঞান চর্চা কৰা অসমীয়া মানুহ কোনো নাই। কিন্তু তেওঁলোকে ইংৰাজী ভাষাতহে সেই কাম কৰে বা তেনে গ্রন্থ, গৱেষণাগ্ৰন্থ, গৱেষণাপত্ৰ আদি ৰচনা কৰিলে ইংৰাজী ভাষাত কৰে। গতিকে মোটামুটিভাবে কথাটো এনেকুৱাই হ’লগৈ যে অসমীয়া বিজ্ঞান সাহিত্য জনপ্রিয় বিজ্ঞানেই।
অসমীয়া বিজ্ঞান সাহিত্যই লিখিত ৰূপ লোৱাৰ আগতে তাৰ এক কথিত
ৰূপ আছিল। সেয়াও পিছে সাধাৰণ লোকসকলে বুজিব পৰাকৈ, যিমান পাৰি সহজকৈ ৰচনা কৰা হৈছিল। পাছত অৱশ্যে
সেইবোৰক লিখিত ৰূপো দিয়া হ’ল। ডাকৰ বচনবোৰ এনে সাহিত্যৰ ভিতৰত পৰে।
অসমীয়া বিজ্ঞান সাহিত্য আৰম্ভ হৈছিল অনুবাদ সাহিত্য
হিচাপে। মূলতঃ সংস্কৃত ভাষাৰ পৰা কিছু বিজ্ঞানবিষয়ক পুথি অসমীয়ালৈ অনুবাদ কৰা
হৈছিল। আনুমানিক খ্ৰীষ্টীয় ১৪৩৪ চনত বকুল কায়স্থই সংস্কৃতৰ পৰা অনুবাদ কৰিছিল ‘কিতাবত মঞ্জৰী’। এইখন পুথি পদ্যত লিখা হৈছিল।
তাৰ পাছত কবিৰত্ন দ্বিজে পদ্যৰ সলনি গদ্যত ভাস্কৰাচার্য্যৰ ‘লীলাৱতী কথা’, চূড়ামণিৰ ‘জ্যোতিষ চূড়ামণি আৰু জ্যোতিষৰ
পুথি ‘খণ্ডসাধ্য’ ৰচনা কৰে। ১৬৯৫ চনমানত কবিৰাজ
চক্রৱর্তীয়ে সংস্কৃতৰপৰা অনুবাদ কৰা পুথিখনৰ নাম আছিল ‘ভাস্বতী শাস্ত্রৰ কথা’। কবিৰাজ চক্রৱৰ্তী ৰচিত আন এখন কিতাপ হ’ল ‘অংকৰ আর্য্যা’। ১৭৩৪ চনত
সুকুমাৰ বৰকাইথে অনুবাদ কৰা ‘হস্তিবিদ্যার্ণৱ-সাৰসংগ্রহ’ পুথিখন পাছত প্রায় অবিকৃত ৰূপত পোৱা গৈছে। তাত
থকা ব্যাখ্যামূলক চিত্রসমূহো বৰ যত্নসহকাৰে অংকণ কৰা হৈছিল। এই কিতাপখন অসম
প্রকাশন পৰিষদে একেই ৰূপত প্রকাশ কৰি উলিয়াইছে। ১৭৪০ চনমানত কোনো অজ্ঞাত পণ্ডিতে
অনুবাদ কৰে ‘ঘোঁৰা নিদান’। ১৮০৪ চনত সূর্য্যখড়ি দৈবজ্ঞই সংকলন কৰে ‘অশ্বনিদান’ নামৰ পুথিখন।
ঊণবিংশ শতিকাৰ তৃতীয় দশকৰ পৰা অসমত ধর্ম প্রচাৰ কৰিবলৈ অহা
খ্রিষ্টিয়ান মিশ্যনেৰীসকলে অসমীয়া ভাষাত আন পুথি প্রকাশৰ লগতে বিজ্ঞান বিষয়ক পুথিও
প্রকাশ কৰিবলৈ লয় আৰু তেওঁলোকৰ চেষ্টাত সোই সময়ছোৱাত প্রায় ৫০ খনমান বিজ্ঞানৰ পুথি
প্রকাশিত হয়। ন’কলেও হ’ব যে সেই কেইখন আচলতে জনপ্রিয় বিজ্ঞান বিষয়ক পুথিয়েই আছিল। ১৮৪৫ চনত নেথান
ব্রাওনে ‘কিতাবত মঞ্জৰী’ক ‘পদগণিত’ আৰু ‘লীলাৱতী’ নামেৰে দুভাগত ভাগ কৰি প্রকাশ কৰে। তাৰ পাছত নেথান ব্রাওনৰ গণনাৰ পুথি ‘প্রথম গণনা’ আৰু এলিজা ব্রাওন আৰু নেথান
ব্রাওনে একেলগে ৰচনা কৰা আন এখন গণনাৰ পুথি ‘দ্বিতীয় গণনা’ প্রকাশ হয়। ১৮৪৯ চনত ব্রাওনে অসমীয়া ভাষাৰ প্রথম
ভূগোল বিষয়ক পুথি ‘ভূগোল শিক্ষক’ প্রকাশ কৰে। সেই বছৰতে ‘সমাচাৰ চন্দ্রিকা’ নামৰ আন এখন বিজ্ঞান বিষয়ক পুথি প্রকাশ পায়। ১৮৫৫ চনত
নিধিৰাম কেওঁট ওৰফে নিধি লেভি ফাৰৱেলে প্রণয়ন কৰা ‘পদার্থবিদ্যাসাৰ অর্থাৎ ইশ্বৰে স্রজা বস্তুৰ কথাত
শিক্ষক ছাত্রৰ কথোপকথন’ প্রকাশ পায়। ১৮৭৪ চনত ‘পদার্থবিদ্যাসাৰ’ৰ দ্বিতীয় তাঙৰণ প্রকাশ পায়। তাৰ পাছত
মিশ্যনেৰীসকলে ‘বিজ্ঞানৰ বাৰেমতৰা’ নামৰ বিজ্ঞানৰ পুথি এখন প্রকাশ কৰিছিল। বহুদিন ধৰি অসমত
চৰকাৰী ভাষা হিচাপে বাংলা ভাষাই ৰাজত্ব কৰাৰ পাছত ১৮৭৩ চনৰ পৰা অসমৰ চৰকাৰী ভাষা
আকৌ অসমীয়া হয় আৰু পঢ়াশালিৰ শিক্ষাদানৰ মাধ্যমো অসমীয়া হয়। গতিকে পঢ়াশালিৰ বাবে
নতুন অসমীয়া কিতাপ লিখিব তথা প্রকাশ কৰিবলগীয়া হ’ল। এই কামত মিশ্যনেৰীসকলেই আগভাগ ল’লে আৰু স্বাস্থ্যবিজ্ঞান,
সাধাৰণ বিজ্ঞান, ভূগোল বিজ্ঞান আদি বিষয়ৰ নানা পাঠ্যপুথি প্রকাশ কৰিলে।
১৮৪৬ চনৰ পৰাই প্রথম অসমীয়া বার্তালোচনী ‘অৰুনোদই’ৰ প্রকাশ আৰম্ভ হয়। ‘অৰুনোদই’ৰ প্রকাশ আৰম্ভ হওঁতেই ঘোষণা কৰা হৈছিল যে ই হ’ব ধর্ম, বিজ্ঞান আৰু সাধাৰণ বুদ্ধিমত্তাৰ উত্কর্ষৰ বাবে উত্সর্গিত এখন মাহেকীয়া কাকত। ‘অৰুনোদই’ৰ সংখ্যাবোৰ প্রকাশ হোৱাৰ পাছত দেখা গৈছিল যে তাত সঁচাকৈয়ে বিজ্ঞানৰ কথাবোৰ প্রকাশ কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া হৈছিল। তাত প্রকাশ পাইছিল ‘নেজাল তৰা’ (ধূমকেতু), ‘ধুঁআৰ ৰথ জোআ ৰেলৰদ’ (ট্রেইন চলাচল কৰা ৰেল লাইন), ‘ভাপৰ কল লগা ৰথ’ (ভাপ ইঞ্জিনেৰে চলা ৰেলগাড়ী) আদিৰ বিষয়ে চিত্রসহ বর্ণনা।‘অৰুনোদই’ৰ প্রতিটো সংখ্যাতে অন্ততঃ একোটাকৈ বিজ্ঞান বিষয়ক প্রবন্ধ আৰু খবৰ প্রকাশিত হৈছিল। বিভিন্ন বিষয়বোৰৰ ভিতৰত আছিল- গ্রহ, প্রিণ্টিং প্রেছ, পৃথিৱী, ৰক্ত পৰিসঞ্চৰণ তন্ত্র, বনৰৌ, কাকতি ফৰিং, বাঘ আদি। তদুপৰি তাৰ পাছত বিভিন্ন সময়ত প্রকাশ পোৱা ‘আসাম বন্ধু’, ‘মৌ’, ‘জোনাকী’, ‘বিজুলী’, ‘ঊষা’, ‘আলোচনী’, ‘আসাম বান্ধৱ’, ‘বাঁহী’, ‘মিলন’, ‘আৱাহন’, ‘স্বাস্থ্য প্রদীপ’, ‘ৰামধেনু’ আদি সাহিত্য বিষয়ক আলোচনীবোৰেও জনপ্রিয় বিজ্ঞানৰ প্রবন্ধ-পাতি প্রকাশ কৰিছিল আৰু এনেকৈ অসমীয়া জনপ্রিয় বিজ্ঞানৰ ধাৰাটোক সাৰ-পানী দি জীয়াই ৰাখিছিল। বিশেষকৈ ‘জোনাকী’ আলোচনীত কিছুমান মূল্যৱান জনপ্রিয় বিজ্ঞান বিষয়ক প্রবন্ধ প্রকাশ পাইছিল। ‘অৰুনোদই’ৰ দৰে ‘জোনাকী’য়েও জন্মলগ্নতে ঘোষণা কৰিছিল যে আন বিষয়ৰ লগতে বিজ্ঞানো এই আলোচনীৰ আলোচনাৰ বিষয় হ’ব। এই ঘোষণা যে অমূলক নাছিল তাৰ প্রমাণ হ’ল ‘জোনাকী’ত প্রকাশ পোৱা কনকলাল বৰুৱাৰ ‘প্রাণীতত্ত্ব’, চাইফুদ্দিন আহমেদৰ ‘গছ-গছনিৰ উপকাৰিতা,’ বিষ্ণুৰাম শর্মা বৰুৱাৰ ‘জ্বালামুখী পর্বত’, বিজয়ৰাম বৰুৱাৰ ‘টেলিফোন বা দূৰশ্রৱণ যন্ত্র’, ‘চুম্বক লো’, চন্দ্রধৰ বৰুৱাৰ ‘বায়ুৰ ভৰ’, ‘চকুৰ বেলেগ বেলেগ অংশ’, ৰজনীকান্ত বৰদলৈৰ ‘শৰীৰতত্ত্ব’, ‘ৰক্তাহাৰী পাদপ’, সত্যনাথ বৰাৰ ‘উত্তৰ মেৰু’, দুর্গেশ্বৰ শর্মাৰ ‘ফ’ন’গ্রাফ’, যোগকান্ত বেজবৰুৱাৰ ‘অদ্ভুত প্রাণী আৰু উদ্ভিদ’ আদি প্রবন্ধ। ‘পখিলা’ আৰু ‘পাৰিজাত’ নামৰ শিশু আলোচনী দুখনতো বিজ্ঞানক যথেষ্ট গুৰুত্ব দিয়া হৈছিল। ১৯৩৩ চনত প্রকাশিত ‘পখিলা’ত শিশুৰ উপযোগীকৈ পৃথিৱীৰ জন্মকথা, সাপ, সুমথিৰা, পানী-গছা, জোনলৈ যোৱাৰ উপায়, মংগল গ্রহৰ কথা, ৰেলগাড়ীৰ জন্ম, টেলিফোন, চন্দ্র আদি বিষয়ৰ প্রবন্ধ প্রকাশ হৈছিল। আনহাতে ১৯৪০-৪২ চনত প্রকাশিত ‘পাৰিজাত’ত পৃথিৱী, ৰে’লগাড়ী, টেলিভিশ্যন, নক্ষত্রৰাজ মীৰা, ডিনামাইটৰ আৱিষ্কাৰক ন’বেল, এণ্টিছেপ্টিকৰ আৱিষ্কাৰক লিষ্টাৰ আদিৰ বিষয়ে সুলিখিত প্রবন্ধ প্রকাশিত হৈছিল।
জনপ্রিয় বিজ্ঞান বিষয়ক ৰচনাৰে বিজ্ঞানক জনসাধাৰণৰ ওচৰলৈ নিবৰ বাবে বিজ্ঞানৰ সাধকসকলৰ উপৰি আন অসমীয়া লেখকসকলেও চেষ্টাৰ ক্রুটি কৰা নাছিল। ১৮৯৭ চনত ভাষাৰ ওজা হেমচন্দ্র বৰুৱাই লিখি উলিয়াইছিল ‘স্বাস্থ্য ৰক্ষা বা গা ভালে ৰাখিবৰ উপায়’ নামৰ বিজ্ঞান বিষয়ক গ্রন্থখন। তাৰ পাছত প্রকাশ পালে কুশকান্ত বৰকটকী ৰচিত ‘প্রসূতি কিম্বা অসমীয়া ধাত্রীবিদ্যা’ (১৮৯৭), সত্যনাথ বৰা ৰচিত ‘আকাশ ৰহস্য’ (১৯১৬), প্রজ্ঞাসুন্দৰী দেৱী ৰচিত ‘ৰন্ধা-বঢ়া’ (১৯১৮), চিন্তাহৰণ পাটগিৰি ৰচিত ‘সৰস ৰসায়ন’ (১৯৩১), মণিৰাম ভূঞা ৰচিত ‘কৃষি কর্ম’ (১৯৩১), ভুবনৰাম বৰা ৰচিত ‘ফল উত্পাদনকাৰীৰ আদর্শ পুথি’ (১৯৩৮), উমেশ চন্দ্র পাঠক ৰচিত ‘মানৱ বিকাশ’ (১৯৩৮) আদি বিজ্ঞান সম্পর্কীয় কিতাপ।
গৃহবিজ্ঞানক প্রথমে বিজ্ঞানৰ এক শাখা বুলি বহুতে গণ্য
নকৰিলেও সময়ত গৈ গৃহবিজ্ঞানে বিজ্ঞানৰ এক গুৰুত্বপূর্ণ শাখা হিচাপে স্বীকৃতি পালে।
সেই হিচাপত ১৯১৮ চনত প্রকাশিত প্রজ্ঞাসুন্দৰী দেৱীৰ ‘ৰন্ধা-বঢ়া’ বিষয়ক কিতাপখন গৃহবিজ্ঞান বিষয়ক প্রথম অসমীয়া পুথি।
আনহাতে সেয়ে যদি হয়, তেন্তে মহিলাসকলে লিখা জনপ্রিয় বিজ্ঞান বিষয়ক পুথিৰ ভিতৰত
ইয়েই প্রথম। ১৯৬০ চনত হিতেন্দ্র বৰুৱা আৰু পাৰুকুট্টি বৰুৱাই ‘বিজ্ঞান আৰু বৈজ্ঞানিক’ নামৰ এখন কিতাপ লিখিছিল। এইখন
বোধকৰো মহিলা বিজ্ঞান লেখিকাৰ দ্বিতীয় কিতাপ। তাৰ পাছত ড০ বীৰেন্দ্র কুমাৰ ভট্টাচার্য্যৰ
সম্পাদনাত প্রকাশ পোৱা ‘ৰামধেনু’ আলোচনীত অধ্যাপিকা সৰোজ দত্তই প্রায় নিয়মীয়াকৈ বিজ্ঞান
বিষয়ক বাতৰি আৰু প্রবন্ধ লিখি উলিয়াইছিল। তাৰ পাছত অৱশ্যে অসমত মহিলা লেখিকা বাঢ়ি
আহিল আৰু মহিলা লেখিকাৰ জনপ্রিয় বিজ্ঞান বিষয়ক প্রবন্ধ আৰু কিতাপৰ সংখ্যাও বাঢ়িল।
অসম প্রকাশন পৰিষদে ড০ পৰমানন্দ মহন্তৰ সম্পাদনাত অৰুণোদইৰ পৰা স্বাধীনতাৰ
সময়লৈকে বিভিন্ন কাকত-আলোচনীত প্রকাশিত বিজ্ঞান বিষয়ক প্রবন্ধ পাতিৰ এক সংকলন
প্রকাশ কৰিছে। এই সুবৃহৎ সংকলনখনত পিছে কোনো অসমীয়া লেখিকাৰ প্রবন্ধ নাই। ইয়াৰ
কাৰণ অৱশ্যে দুটাতকৈ বেছি হ’ব নোৱাৰে। মানে হয় সেই সময়ছোৱাত মহিলা লেখিকাই বিজ্ঞান
প্রবন্ধ লিখাই নাছিল, নহয় সম্পাদকৰ বাছনিত সেয়া নির্বাচিত নহ’ল।
অসমীয়া ভাষাৰ প্রথম বিজ্ঞান আলোচনী সম্ভৱ ড০ কনক চন্দ্র শর্মাৰ
সম্পাদনা আৰু আশাসুধীয়া প্রচেষ্টাত প্রকাশ পোৱা ‘পশুপালন’। ড০ কনক চন্দ্র শর্মা আছিল বিদেশত শিক্ষিত প্রথমজন অসমীয়া
পশুবিজ্ঞানী। ১৯২৫ চনৰ পৰা ১৯৫২ চনলৈ এই আলোচনীখন প্রকাশ পাই আছিল। ১৯৬১ চনৰ
ছেপ্টেম্বৰ মাহৰ পৰা অসম বিজ্ঞান সমিতিয়ে এতিয়াও প্রকাশ হৈ থকা ‘বিজ্ঞান জেউতি’ নামৰ জনপ্রিয় বিজ্ঞান বিষয়ক
আলোচনীখন প্রকাশ কৰিবলৈ লয়। বিজ্ঞান সাহিত্যক জনপ্রিয় কৰি তোলাত আৰু লগতে
মানবিশিষ্ট জনপ্রিয় বিজ্ঞান বিষয়ক প্রবন্ধ-পাতি সৃষ্টি কৰাত ‘বিজ্ঞান জেউতি’য়ে উল্লেখযোগ্য ভূমিকা পালন
কৰিছে। এনে ৰচনাই যে এতিয়া বহুতো যোগ্য লেখকৰ হাতত এক নিটোল ৰূপ পৰিগ্রহ কৰিছে তাত
‘বিজ্ঞান জেউতি’ৰ ভূমিকা অনস্বীকার্য। তদুপৰি
অসম বিজ্ঞান সমিতিয়ে বিভিন্ন লেখকৰ হতুৱাই যথেষ্ট সংখ্যক জনপ্রিয় বিজ্ঞান বিষয়ক
পুথি লিখাই আৰু প্রকাশ কৰি এক গুৰুত্বপূর্ণ কাম সম্পাদন কৰিছে। অসমত বিজ্ঞান
আলোচনীৰ সংখ্যা এনেয়েও বৰ কম। এতিয়া বিজ্ঞান জেউতিৰ বাহিৰে ‘নতুন আৱিষ্কাৰ’কে (সম্পাদক- শান্তনু তামূলী)
ধৰি দুখনমান আলোচনীহে প্রকাশ পাই আছে। ‘বিজ্ঞান সুৰভি’ এখন ভাল আলোচনী আছিল যদিও সেইখনৰো প্রকাশ বন্ধ হৈ গৈছে।
অসম সাহিত্য সভাই ১৯৪৭ চনৰ পৰা ১৯৬৭ চনলৈকে ইয়াৰ বার্ষিক অধিৱেশনবোৰৰ লগত একোখন ‘বিজ্ঞান সন্মিলনো’ অনুষ্ঠিত কৰি আহিছিল। সেই সন্মিলনবোৰত সভাপতিত্ব কৰিছিল অসমৰ একোজন বিজ্ঞান-সাধক তথা বিজ্ঞান লেখকে। সেইসকলৰ ভিতৰত আছিল নীলমণি ফুকন, লক্ষ্মীনাথ দাস, ড০ হিৰণ্যচন্দ্র ভূঞা, ড০ ৰোহিণীকান্ত বৰুৱা, ড০ পবনচন্দ্র মহন্ত, ড০ হৰিপ্রসাদ বৰুৱা, ড০ কালীনাথ শর্মা আদি বিজ্ঞান-সাহিত্যৰ লগত জড়িত ব্যক্তিসকল। পিছে তেওঁলোকৰ মূল্যবান ভাষণসমূহৰ প্রতিলিপি এতিয়া ক’তো পাবলৈ নাই। অধ্যাপক ক্ষীৰধৰ বৰুৱাই বিশিষ্ট সাহিত্যিক ফটিক হাজৰিকাৰ পৰা ১৯৫৬ চনৰ ধুবুৰী অধিৱেশনত লক্ষ্মীনাথ দাসে দিয়া অভিভাষণৰ এটা কপি সংগ্রহ কৰি ‘অসমীয়া বিজ্ঞান সাহিত্য : অতীতৰ পৰা বর্তমানলৈ’ গ্রন্থত সন্নিবিষ্ট কৰিছে। অসম সাহিত্য সভাই ১৯৮৪ চনৰ পৰা প্রকাশ কৰা ‘শিশু জ্ঞানকোষ’ৰ প্রথম তিনিটা খণ্ডত জনপ্রিয় বিজ্ঞানৰ কথাই প্রকাশ কৰা হৈছিল। সেই ‘শিশু জ্ঞানকোষ’ৰ মুখ্য সম্পাদক আছিল ড০ সত্যেন্দ্রনাথ শর্মা। বিজ্ঞান খণ্ডকেইটাৰ সম্পাদনাৰ দায়িত্ব বহন কৰিছিল- ড০ ভুৱনমোহন দাস আৰু ড০ হৰেন্দ্রনাথ শর্মা (প্রথম খণ্ড), ড০ সোণেশ্বৰ শর্মা, ড০ প্রতুল গোস্বামী আৰু অধ্যাপক যশোদানন্দ ভৰালী (২য় খণ্ড) আৰু ড০ পবিত্র কুমাৰ শর্মা আৰু ড০ কুলেন্দু পাঠক (৩য় খণ্ড)। ড০ পবিত্র কুমাৰ শর্মাই ‘ৰসায়ন শিক্ষা’ নামেৰে এখন ৰসায়ন বিজ্ঞান বিষয়ক দুমহীয়া জনপ্রিয় বিজ্ঞান আলোচনীও সম্পাদনা কৰিছিল। ৰসায়ন বিজ্ঞানৰ ক্ষেত্রত এনে প্রচেষ্টা ভাৰতীয় ভাষাবোৰৰ ভিতৰত সম্ভৱ ইয়েই প্রথম আছিল। বিগত কেইবাটাও বছৰ জুৰি ইলোৰা বিজ্ঞান মঞ্চই ‘সমীক্ষণ’ নামেৰে প্ৰকাশ কৰি অহা বিজ্ঞানমনস্কতা বিষয়ক আলোচনীখনো এই প্ৰসঙ্গত উল্লেখযোগ্য সংযোজন।
অসমীয়া ভাষাত জনপ্রিয় বিজ্ঞান বিষয়ক এক উল্লেখযোগ্য সামূহিক
প্রচেষ্টা হ’ল- অসম সাহিত্য সভাৰ তেতিয়াৰ সভাপতি হোমেন বৰগোহাঞিদেৱৰ নেতৃত্বত গঢ় লৈ উঠা ‘বিশ্বকোষ আন্দোলন’ৰ ফচল ‘বিজ্ঞান বিশ্বকোষ’। এই বিজ্ঞান বিশ্বকোষৰ মুখ্য সম্পাদকৰ দায়িত্বত
আছিল- প্রখ্যাত বিজ্ঞান লেখক ড০ দীনেশ চন্দ্র গোস্বামী। সহযোগী সম্পাদকৰ দায়িত্ব
চম্ভালিছিল অধ্যাপক ক্ষীৰধৰ বৰুৱা আৰু ড০ সোণেশ্বৰ শর্মাই। এই বিজ্ঞান বিশ্বকোষত ২৬০ গৰাকী বিজ্ঞান
লেখক-লেখিকাৰ জনপ্রিয় বিজ্ঞান বিষয়ক সুপৰিকল্পিত প্রবন্ধই স্থান পাইছিল। ইয়াৰ মুঠ
পৃষ্ঠাৰ সংখ্যা ২৪০০, ৰঙীণ ছবি আছে ৩৬১ খন আৰু ক’লা বগা ছবি আছে ১৮৬০ খন।
জনপ্রিয় বিজ্ঞানৰে এক উল্লেখযোগ্য ভাগ হ’ল কল্পবিজ্ঞান। ১৯৩৭ চনত ‘আৱাহন’ত প্রকাশিত হৰিপ্রসাদ বৰুৱাৰ ‘বিৰচতীয়াৰ দেশ’ নামৰ কাহিনীটোকে অসমীয়া ভাষাত প্রথম কল্পবিজ্ঞান ৰচনা হিচাপে অভিহিত কৰিব পাৰি। ১৯৩৮ চনত ‘আৱাহন’ত নগেন্দ্র নাৰায়ণ চৌধুৰীৰ ‘ৰসায়ন’ নামৰ আন এটা কল্পবিজ্ঞান গল্প প্রকাশিত হয়। ই আছিল দ্বিতীয়টো কল্পবজ্ঞান গল্প। অৱশ্যে তাৰো অনেক বছৰ আগতে ১৯১৪ চনতে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ‘জগতৰ শেষ আদর্শ আৰু বিশ্বশান্তি স্থাপন’ৰ নামৰ এটা প্রবন্ধ লিখিছিল আৰু তাত মহাকাশ ভ্রমণ, অংগ প্রতিষ্ঠাপন আদিৰ কথাও কৈছিল। কল্পবিজ্ঞানৰ পূর্ণাংগ গ্রন্থৰ ক্ষেত্রত কুমুদেশ্বৰ বৰঠাকুৰৰ ‘গোলাই চিৰিজ’ৰ ‘এটম বোমা’ (১৯৪৬) নামৰ গ্রন্থখনকে প্রথম প্রয়াস বুলিব পাৰি। ১৯৫০ চনত ৰচিত সৌৰভ কুমাৰ চলিহাৰ ‘আৱাজ’ হ’ল আধুনিক কল্পবিজ্ঞানৰ বিশেষত্বপূর্ণ প্রথম ৰচনা (অৱশ্যে বহু পাছতহে এই কাহিনীটো প্রকাশিত হৈছিল)। এওঁলোকৰ অৱদানৰ কথা মনত ৰাখিও ক’ব লাগিব যে অসমীয়া বিজ্ঞান সাহিত্যৰ কল্পবিজ্ঞানৰ শিশুটি ড০ দীনেশ চন্দ্র গোস্বামী, ড০ বিজয়কৃষ্ণ দেৱ শর্মা আদিৰ হাতত ধৰিহে বাহিৰলৈ ওলাই আহিছে। বিশেষকৈ ড০ গোস্বামীয়ে যথেষ্ট সংখ্যক কল্পবিজ্ঞান গল্প তথা উপন্যাস অকলেই লিখি উলিয়াইছে আৰু অসমীয়া কল্পবিজ্ঞান সাহিত্যক ভাৰতৰ প্রেক্ষাপটত এক সন্মানজনক স্থান প্রদান কৰিছে। তাৰ এক সুন্দৰ প্রমাণ হ’ল নেছনেল বুক ট্রাষ্টে প্রকাশ কৰা ‘ড০ দীনেশ চন্দ্র গোস্বামীৰ স্বনির্বাচিত গল্প’ নামৰ কল্পবিজ্ঞানৰ পুথিখন। এইখন কিতাপ আন ভাৰতীয় ভাষালৈও অনুবাদৰ ব্যৱস্থা কৰা হৈছে আৰু এইখন হ’ল তেওঁলোকে প্রকাশ কৰা প্রথম আৰু একমাত্র কল্পবিজ্ঞানৰ পুথি। আমাৰ আদৰৰ নৱকান্ত বৰুৱায়ো আনকি ‘অ-পদার্থ’ নামৰ এখন কল্পবিজ্ঞান বিষয়ক উপন্যাস লিখিছিল। এই বিষয়ৰ এখন বিখ্যাত কিতাপ হ’ল ড০ লক্ষ্মীনন্দন বৰাৰ ‘কায়কল্প’। শান্তনু তামূলী আৰু বন্দিতা ফুকনেও যথেষ্ট সংখ্যক কল্পবিজ্ঞান সাহিত্য সৃষ্টি কৰিছে। কল্পবিজ্ঞানৰ ক্ষেত্রত উল্লেখযোগ্য অৱদান আগ বঢ়াইছে ৰথীন্দ্রনাথ গোস্বামী, ছাকিল জামাল, ড০ মিহিৰ কুমাৰ গোস্বামী, অজন্তা দাস, ড০ এ কে জিয়াউদ্দিন আহমেদ, প্রভাত গোস্বামী, মানবেন্দ্র কুমাৰ বৰুৱা, পৰাণ ৰাজখোৱা আদি লেখকে। এই লেখকেও এই ক্ষেত্রত কিছু কাম কৰিবলৈ চেষ্টা কৰি আহিছে।
অসমত ‘ছাইণ্টুন’ বা বিজ্ঞান কার্টুন অংকণৰ ক্ষেত্রত বাটকটীয়া হ’ল ক্ষীৰধৰ বৰুৱা। তেখেতৰ সুপুত্ৰ সুমন্ত বৰুৱাই মাহেকীয়া আলোচনী ‘সাতসৰী’ত যোৱা কেইবা বছৰো ধৰি নিয়মীয়াকৈ ‘ছাইণ্টুন’ আঁকি আহিছে। আনহাতে নাটককো জনপ্রিয় বিজ্ঞান কৰি তোলাৰ ক্ষেত্রত আন এজন খ্যাতিসম্পন্ন লেখক, নাট্যকাৰ ড০ শ্যামাপ্রসাদ শর্মাই প্রথম উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল। জনপ্রিয় বিজ্ঞান বিষয়ক লেখকসকলৰ ভিতৰত আগতে উল্লেখ কৰা লেখকসকলৰ উপৰি ড০ যজ্ঞেশ্বৰ হাতীবৰুৱা, ড০ চন্দ্রমোহন শর্মা, ড০ বসন্ত ডেকা, ড০ অৱনী কুমাৰ ভাগৱতী, ড০ অৱনী কুমাৰ গোস্বামী, অনিল কুমাৰ শর্মা, অধ্যাপক ডিম্বেশ্বৰ চলিহা, ড০ শিৱনাথ বর্মণ, ড০ অখিল কুমাৰ ডেকা, ড০ পদ্মপাণি, ড০ কুলেন্দু পাঠক, ড০ বাৰীন্দ্র কুমাৰ শর্মা, ড০ অমিয়া ৰাজবংশী, ড০ অমৰজ্যোতি চৌধুৰী, ড০ সুৰেন্দ্রনাথ মেধি, ড০ ললিত বৰা, ড০ হীৰালাল দুৱৰা, ড০ কনক মহন্ত, ড০ পৰমানন্দ মজুমদাৰ, ড০ পৰমানন্দ মহন্ত, ড০ দীনেশ বৈশ্য, ড০ মোহন চন্দ্র কলিতা, ড০ অনিল কুমাৰ বৰুৱা, বন্দিতা ফুকন, ড০ পুষ্প গগৈ আদিয়ে যথেষ্ট বৰঙণি আগবঢ়াই গৈছে। লগতে এইটোও বৰ উত্সাহৰ কথা হৈছে যে আন বহুসংখ্যক প্রতিভাসম্পন্ন লেখক-লেখিকাই এই ক্ষেত্রত নিৰলসভাবে অৱদান আগবঢ়াই আহিছে। তাৰ ভিতৰত থাওকতে মনত পৰা কেইটামান নাম হ’ল - ড০ অদিতি বেজবৰুৱা, ড০ কল্পনা দুৱৰা, ড০ জয়ন্তী চুতীয়া, ড০ অখিল বৰুৱা, অচলা গোস্বামী, ড০ অৰুণমণি চৌধুৰী, প্রদীপ কুমাৰ গগৈ, ড০ অন্নজ্যোতি গগৈ, মহানন্দ শর্মা, ড০ পান্নালাল গোস্বামী, মহানন্দ পাঠক, ডাঃ ৰাতুল শর্মা, দেৱজ্যোতি বৰা, ডাঃ দীপালী দত্ত, ড০ বিপিন খঙীয়া, ডাঃ গীতার্থ বৰদলৈ, বিনয়মোহন শইকীয়া, ব্রজেন্দ্র দেৱ মোহন শর্মা, আনন্দ চন্দ্র দত্ত, শান্তনু কৌশিক বৰুৱা, ড০ মুকুন্দ ৰাজবংশী, ৰাণী দেৱী বৰা, মনোৰঞ্জন হাজৰিকা, মহানন্দ পাঠক, অচলা গোস্বামী, ড০ বিপুলজ্যোতি শইকীয়া, ড০ অঞ্জনা বৰুৱা, ড০ মানৱজ্যোতি বৰদলৈ, ড০ ৰমেশ চন্দ্ৰ গোস্বামী, ড০ অপৰাজিতা বৰকটকী, ড০ মন্তু ভূঞা, ড০ মালিনী, জয়ন্ত কুমাৰ পাঠক, ড০ মৃদুস্মিতা ফুকন, শান্তা শর্মা, স্বর্ভানু নাথ ডেকা, ড০ চৌধুৰী নাথ শইকীয়া, ড০ অপর্ণা বুজৰবৰুৱা, ড০ পৱন কুমাৰ চহৰীয়া, প্রশান্ত কুমাৰ দাস, ড০ মুনীন্দ্র কুমাৰ মজুমদাৰ, শিখা বৰুৱা, ড০ প্রাঞ্জলজ্যোতি দত্ত, পুলমা তালুকদাৰ, ড০ ৰুমী গোস্বামী মহন্ত, জলি বৰা, শ্বামীম ৰহমান, ভৈৰৱ সন্দিকৈ, ড০ উমাকান্ত শর্মা, কৰবী দেউৰী, ড০ অপর্ণা দাস, কুশল শর্মা, ড০ বাণীকান্ত গোস্বামী, ড০ প্রশান্ত নেওগ, ডাঃ বিশ্বনাথ শর্মা, মানৱেন্দ্র কলিতা, অজন্তা গগৈ দাস, লাৱণ্য লাহন চুতীয়া, বন্দনা দত্ত হাজৰিকা, দেৱজিত ফুকন, প্রতিভা দেৱী, কেশৱ চন্দ্র গগৈ, ড০ ৰাজীৱ গগৈ, ড০ ৰাস্না ৰাজখোৱা, ড০ প্রতাপজ্যোতি সন্দিকৈ, ড০ দিলীপ কুমাৰ নেওগ, অৰুণ কুমাৰ সন্দিকৈ, ড০ প্রবাল শইকীয়া, প্রদীপ শইকীয়া, হেম শর্মা, ড০ চুম্বিত চলিহা, প্রসন্ন কুমাৰ দত্ত, হেমেন শইকীয়া, তপন কুমাৰ শর্মা, ডাঃ ৰফিক আলি, ড০ হিৰণ্য কুমাৰ চৌধুৰী, মৌচম হাজৰিকা, ড০ অনুৰাধা বৰুৱা, ড০ শাশ্বতী ফুকন, উপেন্দ্র নাথ দেৱ শর্মা, ড০ প্রমোদচন্দ্র নেওগ, ড০ গোলাপী দেৱী, চন্দন কুমাৰ দুৱৰা, ড০ বসন্ত কুমাৰ বৰা, উত্পল কুমাৰ কলিতা, পুলিন কলিতা, ড০ দিলীপ কুমাৰ কলিতা, ড০ দীপালী মজুমদাৰ, ড০ মণিমালা শইকীয়া, ধীৰেন্দ্র কুমাৰ গগৈ, ড০ দীপালী খাৰঘৰীয়া কলিতা, সুৰেন্দ্র নাথ লাউজাৰী, মৃদুল কুমাৰ গগৈ, ড০ কৰুণাকান্ত শর্মা, ড০ বিপিন খঙীয়া, অনুৰাধা দেবী, প্রণিতা শর্মা, গোপাল হাজৰিকা, ড০ অঞ্জুমণি শইকীয়া, ড০ দীপাংকৰ শর্মা, শিখা ৰাণী কাকতি, সংগীতা বেজবৰুৱা, ড০ সুৰভি কাকতি, প্রশান্ত কুমাৰ বৰুৱা, ড০ ইন্দিৰা বৰুৱা, প্রশান্ত কুমাৰ দাস, ড০ লিপিকা বৰুৱা (বৰা), শৈলেন বৈশ্য, কুমুদ ঘোষ, ডাঃ উদ্দীপ তালুকদাৰ, দেৱর্ষিপ্রীতম দাস, ড০ দিলীপ কলিতা, ড০ মৃণাল বর্মণ, ৰিপুঞ্জয় বৰদলৈ, ড০ জিতুমণি বড়া, মৌস্মিতা দেবী বৰকোচ, ড০ অলিউল হক, ড০ কমলাক্ষী দেৱী, জিতু কলিতা, দেবজিত কলিতা, নীলমণি শর্মা, গীতিকা পাঠক, ড০ দণ্ডেশ্বৰ দত্ত, ড০ প্রশান্ত হাজৰিকা, মলয় ৰাজ, ৰাজদীপ দাস, ড০ শাৰদী বৰা, গৌৰীপ্রসন্ন ভৰালী, মনজুৰুল কাদেৰ আহমেদ, গার্গী শর্মা, ড০ নির্মলা দেৱী, নিতুল দেৱচৌধুৰী, ধ্রুৱজ্যোতি কলিতা, লক্ষ্মী নাৰায়ণ দাস, মুনীন কাকতি, ভৃগু পাঠক, ড০ গীতাঞ্জলি দেবী, ড০ মৃণাল কুমাৰ মিশ্র, ড০ বুধিন বৰুৱা, ড০ বনজিত ভট্ট, হেমাংগ হাজৰিকা, অৰুণ দিহিঙীয়া, বিদ্যাজ্যোতি দেৱী, কন্দর্প তামূলী, তৰুণ ডেকা, পল্লৱী ডেকা, পংকজ দত্ত, বলীন বৰগোহাঞি, মানসজ্যোতি দত্ত আদি। অলপ চিন্তা কৰিলে হয়তো আৰু বহুতৰে নাম মনত পৰিব। জনপ্রিয় বিজ্ঞানৰ ভিতৰত বিজ্ঞান ভিত্তিক নাটক, ৰূপক আদিও পৰে যদিও এই ক্ষেত্রত কমসংখ্যক বিজ্ঞান লেখকেহে মনোনিৱেশ কৰা দেখা গৈছে।
শেহতীয়াকৈ অসমীয়া বিজ্ঞান সাহিত্যৰ ক্ষেত্রত বিশেষভাৱে উল্লেখ কৰিবলগীয়া দুটা কাম সম্পন্ন হৈছে। প্ৰথমে, ছাৰ আইজাক নিউটনৰ প্ৰিঞ্চিপিয়া মেথেমেটিকাৰ অসমীয়া অনুবাদৰ প্ৰকাশ। এই বিশ্ববিশ্ৰুত গ্ৰন্থখন অনুবাদ কৰিছে অধ্যাপক জয়ন্ত কুমাৰ শৰ্মাই। আনটো উল্লেখযোগ্য কাম হৈছে চাৰ্লছ্ ডাৰৱিনৰ অ’ৰিজিন অফ্ দা স্পেচিছৰ অনুবাদ। এইখন গ্ৰন্থৰ অনুবাদক ড০ অমিয়া ৰাজবংশী। বিশ্বৰ বিজ্ঞান জগতক সমৃদ্ধ কৰা এনে শ্ৰেষ্ঠ মৌলিক বিজ্ঞান-গ্ৰন্থৰ অনুবাদ যিমানে বাঢ়িব সিমানেই অসমীয়া সমাজখনো বিজ্ঞানমনস্কতাৰ দিশলৈ আগ বাঢ়িব বুলি ভাবিব পাৰি।
অসমীয়া বিজ্ঞান সাহিত্যৰ ক্ষেত্রত শেহতীয়াকৈ এক উল্লেখযোগ্য আৰু উৎসাহজনক কথা হ’ল যে অসমৰ দুই-এক স্বায়ত্তশাসিত মহাবিদ্যালয়ে তেওঁলোকৰ অসমীয়া বিষয়ৰ পাঠ্যক্রমত ‘অসমীয়া বিজ্ঞান সাহিত্য’ এক বিষয় হিচাপে অন্তর্ভুক্ত কৰিছে। তাৰ বাবে বিজ্ঞান সাহিত্যৰ কেইখনমান কিতাপ পাঠ্যপুথি হিচাপে নির্বাচিত কৰা হৈছে আৰু নিয়মীয়াভাৱে পাঠদান কৰি থকা হৈছে। এই ক্ষেত্রত বিশেষভাৱে উল্লেখ কৰিব পৰা এখন প্রখ্যাত মহাবিদ্যালয় হ’ল– ‘নর্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত)’।
অসমীয়া ভাষাৰ জনপ্রিয় বিজ্ঞান লেখা সম্পর্কত এটা মন কৰিবলগীয়া কথা হ’ল যে এই লেখাবোৰ মূলতঃ অনুবাদহে। তথ্যৰ বাবে লেখকসকলে প্রাসংগিক পুথি, ছায়েঞ্চ্ জার্নেল, ইণ্টাৰনেট আদিৰ ওপৰত নির্ভৰ কৰিব লাগে আৰু সেই তথ্যবোৰ ইংৰাজী ভাষাতহে পোৱা যায়। গতিকে অনুবাদ এক অৱশ্যকর্ম হৈ পৰে। আনকি যিসকলে নিজৰ অননুকৰণীয় ভংগীত এনে ৰচনা কৰে, তেওঁলোকেও সেই অনুবাদকহে আচলতে নিজস্ব ৰূপ দিয়ে। গতিকে জনপ্রিয় বিজ্ঞানৰ ভাল লেখক এজন ভাল অনুবাদকো হ’ব লাগে। এই ক্ষেত্রত কষ্ট যিমানে কম কৰা যায়, সিমানেই বিফলতাৰ বাট প্রশস্ত হৈ পৰে।
বিজ্ঞানৰ প্রতি আগ্রহ, বিশেষকৈ
অসমত এতিয়া বাঢ়ি অহা দেখা গৈছে। পিছে ইয়াৰ বাস্তৱ কাৰণ কি? এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি কিছু কথা অলপ চালি-জাৰি চাব
পাৰি।
সাম্প্ৰতিক সময়ত দেখা গৈছে যে বহুতো অভিভাৱকে আজিকালি
নিজৰ ল’ৰা-ছোৱালীক বিজ্ঞান পঢ়ুৱাব খোজে আৰু
বিদ্যালয় পর্যায়ত বাধ্যতামূলকভাবে বিজ্ঞান পঢ়াৰ পাছত উচ্চতৰ মাধ্যমিক স্তৰত বিজ্ঞান
শাখাত নাম ভর্তি কৰায়। পিছে তাৰ কাৰণ- বিজ্ঞান তথা বৈজ্ঞানিক মানসিকতাৰ প্রতি তেওঁলোক
আকর্ষিত বুলি ভাবিলে ভুল কৰা হ’ব। প্রকৃততে তাৰ এক
প্রধান কাৰণ হ’ল যে উচ্চতৰ মাধ্যমিকত বিজ্ঞান পঢ়িলে চিকিত্সক, অভিযন্তা, কম্পিউটাৰ বৃত্তিধাৰী
আদি বহুতো লোভনীয় কেৰিয়াৰৰ দুৱাৰ মুকলি হৈ যায়, আৰু তেওঁলোকৰ সন্তানে মাহেকত আনকি লাখৰ হিচাপত ধন লাভ কৰাৰ আকর্ষণীয় ‘পেকেজ’
পোৱাৰ সম্ভাৱনাও বাঢ়ি যায়। কিন্তু এয়া পৰম পৰিহাসৰ কথা যে সৰুৰে পৰা বিজ্ঞান পঢ়াৰ
এনে এক আকাংক্ষা ল’ৰা-ছোৱালীৰ মনত সুমুৱাই দিলেও
প্রায়বোৰ অভিভাৱকে দৰাচলতে প্রকৃত বিজ্ঞানৰ প্রতি সন্তানসকলক আগ্রহী কৰি তোলাত
প্রয়োজনীয় গুৰুত্ব নিদিয়ে। তেওঁলোকৰ বাবে বিজ্ঞান এক সুন্দৰ ‘কেৰিয়াৰ’ সৃষ্টি কৰাৰ
আহিলা মাত্র। তেওঁলোকে ভাবে যে বিজ্ঞানৰ নতুন নতুন চমকপ্রদ আৱিষ্কাৰসমূহৰ প্রতি শিশু বা
কিশোৰসকল আগ্রহী নহ’লেও কথা নাই, কিন্তু পৰীক্ষাৰ প্রশ্ন
কাকতত স্থান পাব পৰা কেপলাৰৰ তত্ত্ব, নিউটনৰ বলবিদ্যাৰ সূত্রসমূহ, ব’ৰৰ পাৰমাণৱিক মডেল, হাইজেনবার্গৰ অনিশ্চয়তাৰ সূত্র আদি ভালদৰে জানিব লাগিব! বহুত যোগ্য ছাত্র-ছাত্রী আৰু তেওঁলোকৰ অভিভাৱকৰ বিশুদ্ধ বিজ্ঞান পঢ়াৰ আৰু পঢ়ুউৱাৰ প্রতি ইচ্ছা নাই।
অৱশ্যে নিৰাশাজনক পৰিৱেশৰ মাজতো এটা কথাই আমাক সততে আশ্বস্ত কৰে যে অসমৰ কিছু লোক
আৰু ছাত্র-ছাত্রী কিন্তু কেৱল ‘কেৰিয়াৰ’ৰ বাবেই বিজ্ঞানৰ প্রতি আকৃষ্ট নহয়। তেওঁলোকে বিজ্ঞানৰ বিভিন্ন
ক্ষেত্রৰ বিষয়ে জানিব খোজে আৰু নতুন আৱিষ্কাৰবোৰ সম্পর্কেও শেহতীয়া তথ্যপাতিৰে সমৃদ্ধ হৈ থাকিব
বিচাৰে। গতিকে অসমৰ লেখকসকলৰ ওপৰত এক গুৰু দায়িত্ব আহি পৰিছে। বিশেষকৈ
বিজ্ঞান সম্পর্কীয় প্রবন্ধ-পাতি বা কল্পকাহিনী
লিখিব পৰা লেখকসকলে এতিয়া এক গধুৰ দায়িত্ব বহন কৰিব লাগিব আৰু নতুন নতুন লেখক এই
দিশত লিখা-মেলা কৰিবৰ বাবে আগবাঢ়ি আহিব
লাগিব। কাৰণ এতিয়াও যিসকল লোক বা পাঠক প্রকৃতার্থতে বিজ্ঞানৰ প্রতি আগ্রহী, সেইসকলৰ অনুসন্ধিত্সা পূৰণ কৰি এই ক্ষেত্রত আগবঢ়াই নিয়াৰ
দায়িত্বতো তেওঁলোকৰে!
সাধাৰণভাৱে লিখা-মেলা কৰাতেই যথেষ্ট সমস্যা আছে। বিজ্ঞান সাহিত্য সৃষ্টি কৰাততো সমস্যা আৰু বেছি। কাৰণ সেই কাম এনে কিছু লোকে কৰিব লাগিব, যি লিখিব পাৰে, বিজ্ঞানৰ প্রতি যাৰ আগ্রহ আছে, বিজ্ঞানৰ বিষয়ে যি অধ্যয়ন কৰে আৰু সেই কথাবোৰ ভালদৰে বুজিও পায়। বিজ্ঞান সাহিত্য সৃষ্টিৰ প্রথম প্রয়োজনীয় কথাটো হ’ল বিজ্ঞানৰ কোনবোৰ কথা সাধাৰণ লোকৰ বাবে উপযোগী, কোনবোৰ কথা মানুহে জনাটো বেছি প্রয়োজন আৰু কোনবোৰ কথাই সেইসকলৰ মনত আকৰ্ষণীয় হৈ ধৰা দিব পাৰে, সেয়া লেখকসকলে বাছি উলিয়াব পাৰিব লাগিব। তাৰ পাছত সেই বিষয় সম্পর্কে নিজে গভীৰভাৱে অধ্যয়ন কৰি তাক ভালদৰে বুজি পাব লাগিব, আৰু সেয়া আকর্ষণীয়ভাৱে প্রকাশ কৰিব পাৰিব লাগিব। বিজ্ঞানৰ পাঠ্যপুথিৰ ক্ষেত্রত ভাব-ভাষা যিয়েই নহওক, ছাত্র-ছাত্রীয়ে সেয়া পঢ়িব লাগিবই। কিন্তু আলোচনীৰ পাতত থকা বিজ্ঞান বিষয়ক প্রবন্ধৰ ক্ষেত্রত সেয়া প্রযোজ্য নহয়। পাঠকে সেয়া ভাল পালে পঢ়িব, বেয়া পালে নপঢ়ে। বিজ্ঞান বিষয়ক বেয়া বা নিৰস প্রবন্ধ পঢ়িবৰ বাবে কোনেও পাঠকক বাধ্য কৰিব নোৱাৰে।
সফল বিজ্ঞান সাহিত্য সৃষ্টি কৰাটো চাবলৈ গ’লে এক প্রত্যাহ্বানজনক কাম। পিছে তেনে প্রত্যাহ্বানজনক কাম সফলতাৰে কৰিব পৰাতেইতো মজা বা আনন্দ বেছি!