(অন্যযুগ বক্তৃতামালাৰ প্ৰথম বক্তৃতা-২০২১)
ড° প্ৰণৱজ্যোতি চেতিয়া
নমস্কাৰ৷ সম্প্ৰতি আমি যিখন ভৌতিক জগতত বাস
কৰোঁ, এই জগতৰ এটা নিগূঢ় সত্য হ’ল
প্ৰাণৱন্ত হৈ থাকিবলৈ হ’লে সমস্যাক পৰাজিত কৰিবই লাগিব৷ সমস্যাই আমাক
প্ৰতি মুহূৰ্ততে বাধা দিয়ে, কিন্তু যেতিয়া আমি জ্ঞান, বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰি সমস্যাক অতিক্ৰম কৰোঁ, তেতিয়াই আমাৰ হয় অভিজ্ঞতা আৰু সেই অভিজ্ঞতাই আমাক আৰু আগবাঢ়ি যাবলৈ প্ৰেৰণা
যোগায়৷ ‘অন্যযুগ’ আলোচনীখনৰ ক্ষেত্ৰতো একেই
কথা৷ আজি ‘অন্যযুগ’ তিনিবছৰীয়া অভিজ্ঞতাৰে পৰিপুষ্ট৷
২০১৮ চনৰ পৰা ২০২১ চনলৈ এই তিনিবছৰীয়া পৰিক্ৰমাত কিমান যে সমস্যাৰ সতে যুঁজ-বাগৰ
কৰিবলগীয়া হৈছিল, সেই কথা এই আলোচনীখনৰ স’তে জড়িত লোকসকলতকৈ
বেছি আন কোনেও হৃদয়ঙ্গম কৰিব নোৱাৰে৷ কিন্তু আজি আমি কি দেখিছোঁ, ‘অন্যযুগ’ প্ৰাণৱন্ত হৈ উঠিছে আৰু
সেয়েহে আমি আজি বহলাই বহিছোঁ আৰু আনন্দৰ ভাগ-বাটোৱাৰা কৰিছোঁ৷ গতিকে পোনতে মই ‘অন্যযুগ’ আলোচনীখনৰ ব্যৱস্থাপনাৰ সতে
নিবিড়ভাৱে জড়িত সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷
মই আনন্দিত যে আজিৰ এই শুভ মুহূৰ্তত বাষিৰ্ক
অন্যযুগ বক্তৃতা প্ৰদান কৰিবৰ বাবে মোৰ দৰে এজন নিমাখিত লোকক আমন্ত্ৰণ জনাইছে৷ ভুল
নুবুজিব, নিজকে নিমাখিত বুলি কৈ মই উপহাস কৰিব খোজা নাই, কিন্তু মই সঁচাকৈয়ে এজন সাধাৰণ আৰু নিমাখিত লোক৷ এটা মাথোঁ পাৰ্থক্য হ’ব
পাৰে— সেয়া হ’ল মই আন দহজনৰ তুলনাত কথাবোৰ অকণমান সুকীয়াকৈ
চিন্তা কৰোঁ৷ সেয়েহে আজি বক্তৃতা দিয়াৰ বাবেও এটা সুকীয়া বিষয় আপোনালোকৰ বাবে লৈ আহিছোঁ, সেয়া হৈছে— “বিজ্ঞানে
মৃত্যুক ৰোধ কৰিব পাৰেনে?” মোৰ কথাখিনিত ভুল-ভ্ৰান্তি
থাকিব পাৰে৷ একান্ত নিজৰ বিচাৰ-বিবেচনাৰ দ্বাৰা উপস্থাপন কৰিম৷ কিন্তু আপোনালোকৰ
মনোযোগ আৰু সহযোগিতা কামনা কৰিছোঁ৷
সম্ভৱত ২০২০ বৰ্ষটো সমগ্ৰ মানৱ জাতিৰ বাবে কোনোকালে পাহৰিব নোৱৰা
এক বিশেষ বৰ্ষ হিচাপে পৰিগণিত হ’ব৷ মুলতঃ দুটা কথাৰ বাবে৷
প্ৰথমটো হ’ল সমগ্ৰ বিশ্বজুৰি উদ্ভৱ হোৱা কভিড-১৯ মহামাৰীৰ কালৰূপ আৰু
আনটো হ’ল ইজৰাইলৰ বিজ্ঞানীয়ে উদ্ভাৱন কৰা ৰিভাৰ্ছ এইজিং টেকন’ল’জি
(Reverse Aging Technology) যাৰ দ্বাৰা মানুহৰ বয়স ভটিয়াই নি আয়ুস বৃদ্ধি
কৰিব পৰা যায়৷ দুয়োটা বিষয়কে দৰাচলতে মানৱ জাতিয়ে অদূৰ ভৱিষ্যতে এই বিনন্দীয়া
পৃথিৱীখনত কেনেকৈ বৰ্তি থাকিব পাৰে, সেই চিন্তাৰ সতে সম্পৰ্কিত কৰিব পাৰি৷
যি কি নহওক, কভিড-১৯ মহামাৰী মানৱ জাতিৰ
প্ৰতি এক অনাকাংক্ষিত আৰু অপ্ৰত্যাশিত ভাবুকি, কাৰণ আজিলৈকে উদ্ভাৱন হোৱা
বিজ্ঞান আৰু প্ৰযুক্তিৰ সকলো কৌশল যেন এটি নিমাখিত অনুজীৱ যাক noval coronavirus (nCoV) বুলি জনা যায়) সেই অনুজীৱৰ আগত যেন নিষ্প্ৰভ হৈ
পৰিল৷ কিন্তু Reverse Aging Technology আৱিষ্কাৰ আৰু উদ্ভাৱন আমাৰ বাবে ভাবুকি নহয়৷ ই
এক সুকীয়া সম্ভাৱনাহে যাৰ দ্বাৰা এতিয়া মানুহ আয়ুস বৃদ্ধি কৰি যৌৱনক ধৰি ৰাখিব
পৰাকৈ সক্ষম, অন্ততঃ আন্তঃকোষীয় স্তৰত ই এতিয়া সম্ভৱ হৈ উঠিছে৷
এই যুগান্তকাৰী গৱেষণা কৰি সফল হ’ল
ইজৰাইলৰ এদল বিজ্ঞানী৷ তেওঁলোকে কি কৰিছিল? তেঁওলোকে Hyperbaric Oxygen Therapy (HBOT) নামৰ এক চিকিৎসা সম্বন্ধীয় নতুন কৌশল ৬৫ বছৰ
বয়সীয়া প্ৰায় ৩৫ জন লোকৰ দেহত প্ৰয়োগ কৰিছিল আৰু সেই লোকসকলৰ ক্ৰম’জ’মত (Chromosom) থকা টেল’মেৰে (Telomere) নামৰ প্ৰ’টিনবিধৰ
দৈৰ্ঘ্যৰ তাৰতম্য এক বিশেষ কৌশলেৰে জোখ-মাখ কৰিছিল৷ তাৰ বাবে সেই লোকসকলক ৯০ দিন
অৰ্থাৎ তিনি মাহ এটা উচ্চচাপ বিশিষ্ট অক্সিজেন চেম্বাৰত (O2 Chamber) সুমুৱাই পৰীক্ষা কৰিছিল৷
পৰীক্ষা-নিৰীক্ষাৰ অন্তত দেখা গ’ল
যে তেঁওলোকৰ বয়স অনুপাতে টেল’মেৰেৰ দৈৰ্ঘ্য বাঢ়িছে
অৰ্থাৎ তেঁওলোকৰ আয়ুস বৃদ্ধি হৈছে৷ কাৰণ বৈজ্ঞানিকভাৱে প্ৰমাণিত যে ক্ৰম’জ’মৰ
টেল’মেৰে বিভিন্ন কাৰণত চুটি হৈ অহাটোৱেই হ’ল
আমি ক্ৰমে ক্ৰমে বুঢ়া হৈ অহাৰ মূল কাৰণ৷ দেখা গ’ল, HBOT চিকিৎসা কৌশলে ৬৫ বছৰীয়া ব্যক্তিকেইজনৰ
কোষবোৰৰ বয়স ২৫ বছৰীয়া যুৱক একোজনৰ দেহৰ কোষৰ দৰে গঢ়িব পাৰিছে৷ আওপকীয়াকৈ
তেঁওলোকৰ দেহলৈ যৌৱন ঘূৰি আহিছে৷ যি কি নহওক যুগান্তকাৰী এই প্ৰযুক্তিৰ উদ্ভাৱনে
নিশ্চয়কৈ সকলোৰে মনত এক আচহুৱা প্ৰশ্নৰ উদ্ৰেক কৰে৷ সেয়া হ’ল— “বিজ্ঞানে
মৃত্যুক ৰুধিব পাৰেনে?” কাৰণ মানুহৰ আয়ুস বৃদ্ধি
কৰিব পৰা প্ৰযুক্তিৰ পথ প্ৰশস্ত হৈছে৷
পোনপটীয়াকৈ এই প্ৰশ্নৰ উত্তৰ দিবলৈ
হ’লে ক’ব লাগিব যে কেতিয়াও নোৱাৰে৷
কিন্তু এই নোৱাৰে বোলা উত্তৰটোৱেই শেষ কথা নহয়৷ ই আন এটা প্ৰশ্নৰ সৃষ্টি কৰে৷ সেয়া
হ’ল, কিয় নোৱাৰে? বাৰু মূল প্ৰশ্নটোৰ ভিতৰলৈ
যোৱাৰ আগতে আন এটা প্ৰশ্ন লোৱা যাওক৷ সেয়া হ’ল, আমি বাৰু আমাৰ মৃত্যুৰ
ক্ষণ পিছুৱাব পাৰিছোঁ নেকি? এই প্ৰশ্নৰ উত্তৰ হ’ব, সম্ভৱতঃ আমি পাৰিছোঁ৷ তেনে অলেখ উদাহৰণ ওলাব৷ বিজ্ঞান আৰু প্ৰযুক্তিৰ উত্তৰণে
আমাক আজিৰ তাৰিখত বহু সহায় কৰিছে৷ বিভিন্ন ধৰণৰ চিকিৎসা পদ্ধতি আৰু ঔষধ উদ্ভাৱনে আমি বিভিন্ন
বেমাৰৰ চিকিৎসা কৰাৰ উপৰি এতিয়া কৃত্ৰিমভাৱে অংগ প্ৰস্তুত কৰাটো আমি সক্ষম৷ আমি
আমাৰ দেহত বিভিন্ন অত্যাধুনিক প্ৰযুক্তিৰে ঔষধ প্ৰয়োগ কৰি বেমাৰৰ পৰা হাত সাৰোঁ৷
আগতে আমাৰ Life Expectancy অত্যন্ত কম আছিল, লগতে নিশ্চয়তাও কম আছিল৷
আগতে এগৰাকী মাতৃয়ে দহটা কেঁচুৱা জন্ম দিলে তাৰে পাঁচ-ছটামানহে জীয়াই থাকে৷ এতিয়া
কিন্তু তেনে নহয়৷ এটা বিশেষ সমীক্ষাৰ তথ্য মতে ১৮০০ চনত মানুহৰ Life Expectancy বা জীৱনৰ গড় আয়ুস আছিল ৪০-৪৫ বছৰ৷ কিন্তু বিগত ১৫০-২০০
বছৰৰ ভিতৰত অৰ্থাৎ সাম্প্ৰতিক সময়ত Global
Life Expectancy ৭০-৭৫ বছৰ হ’লহি৷ ইয়াৰ অৰ্থ হৈছে সামগ্ৰিকভাৱে
বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্বাৰা আমি পৰোক্ষভাৱে আমাৰ জীয়াই থকাৰ সময় দীঘলীয়া কৰিব
পাৰিছোঁ বা মৃত্যুক পলম কৰিব পাৰিছোঁ৷ এতিয়া আয়ুস বৃদ্ধি কৰিব পৰা প্ৰযুক্তিৰ পথো
প্ৰশস্ত৷ কিন্তু ই এইটো নুবুজায় যে বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্বাৰা
আমি মৃত্যুক ৰোধ কৰিব পাৰিম৷
মৃত্যু অনিবাৰ্য, এৰাব নোৱৰা প্ৰাকৃতিক সত্য, ঘটনাক্ৰমে সকলো জীৱই যাৰ
মুখামুখি হ’বলগা হয়৷ জীৱ এটাই যি প্ৰক্ৰিয়াৰ দ্বাৰা জীয়াই
থাকে সেই প্ৰক্ৰিয়াৰ অপৰিৱৰ্তিত বিৰাম অৱস্থাটোৱেই হ’ল
মৃত্যু৷ এই জগতত ই হ’ল এক চৰম আৰু প্ৰাকৃতিক সত্য, যাক কোনেও এৰাই চলিব নোৱাৰে৷
কোনোবাই মৃত্যুক এৰাই চলিব পাৰে বা অতিক্ৰম কৰিব পাৰে মানে তেওঁ সদায় দিনৰ বাবে জীয়াই
থকা, তাৰ অৰ্থ এইটো নহয় জানো যে তেঁওৰ আয়ুস অসীম
মানে infinity৷ কিন্তু আজিৰ তাৰিখত মানুহে
বিজ্ঞান আৰু প্ৰযুক্তিৰ যি প্ৰজ্ঞা আহৰণ কৰিছে, তাৰ পৰা ক’ব
পাৰি যে দৰাচলতে এই বিশ্বব্ৰহ্মাণ্ডত থকা সকলো জীৱ বা জড়, গ্ৰহ, নক্ষত্ৰ, সূৰ্য, ইত্যাদি কোনো বস্তুৱেই অনাদি অনন্ত কাললৈ থাকিব নোৱাৰে৷ আনকি আমাৰ
বিশ্বব্ৰহ্মাণ্ডও অনাদি-অনন্ত নহয়৷ সময় বা কালসাপেক্ষে অৱস্থা সলনি হৈছে আৰু হৈ
আছে আৰু হৈ থাকিব৷ তেনেকৈ গৈ গৈ এটা সময়ত এনে এটা অৱস্থাত উপনীত হ’ব, যি অৱস্থাক বিজ্ঞানৰ ভাষাত
কোৱা হয় asymmetry অৰ্থাৎ সঙ্গতিহীন৷ এই সঙ্গতিহীন ক্ষণতেই ব্ৰহ্মাণ্ডই মৃত্যুক সাবটি ল’ব লাগিব৷ এই কথাবোৰে আমাক আন এটা অতি মনোগ্ৰাহী
প্ৰশ্নৰ মুখামুখি কৰে। সেয়া হ’ল আমাৰ মৃত্যু কিয় হয় বা
মৃত্যু নামৰ এই অপৰিৱতিৰ্ত বিৰাম অৱস্থা সম্পন্ন হোৱাৰ উদ্দেশ্য কি?
এই কথাকেইটা যদি ধৰ্মীয় দৃষ্টিকোণৰ পৰা চোৱা হয়, তেন্তে আমাৰ হাতত এটা পোনপটীয়া
উত্তৰ আছে— মৃত্যু হয় বা হ’ল, কাৰণ ভগৱানৰ ইচ্ছা৷
আধ্যাত্মিকভাৱে আন কিছু লোকে কয় যে মৃত্যু হ’ল এটা পৰ্যায়ৰ পৰা আন এটা
মহাজাগতিক পৰ্যায়লৈ গমন কৰা এক পদ্ধতি৷ আওপকীয়াকৈ ইয়াৰ অৰ্থ হ’ল
আপোনাৰ মৃত্যু নহয়, আপুনি এযোৰ সাজহে সলালে৷ আন কিছু লোকে কয়
মৃত্যুৰ পাছতো জীৱ আত্মা হিচাপে জীয়াই থাকে, অৰ্থাৎ after
life আপুনি জীয়াই থাকে৷ কিন্তু জনসংখ্যা বিজ্ঞানৰ পৰা নিৰূপণ কৰা তথ্য মতে এতিয়া যি মানৱ
জাতি পৃথিৱীত বৰ্তি আছে ইয়াৰ আগতে প্ৰায় এশ বিলিয়ন মানুহৰ জন্ম হৈছিল আৰু ইতিমধ্যে
তেঁওলোকৰ মৃত্যুও হ’ল৷ কিন্তু তাৰে ভিতৰত বিজ্ঞানে মানি ল’ব
পৰাকৈ কোনেও মৃত্যুৰ পাছতো
জীয়াই থকাৰ প্ৰমাণ আৰু নিদৰ্শন দিব পৰা নাই৷
যি কি নহওক এই কথা যদি পদাৰ্থ বিজ্ঞানৰ
দৃষ্টিৰে চোৱা যায়, তেন্তে ক’ব পাৰি যে মৃত্যু হ’ল
ঘটনাক্ৰমে হোৱা বিৰাম বা যতি, যি সত্য আৰু এই যতিৰ মূল
চাবি-কাঠি হ’ল entropy আৰু সেয়ে মৃত্যু হ’ল
তাপ-গতিবিজ্ঞানৰ দ্বিতীয় সূত্ৰৰ পৰিণাম৷ পদাৰ্থ বিজ্ঞানৰ দৃষ্টিৰে আন এটা কথাও ক’ব
পাৰি— মৃত্যু হ’ল বিশ্বব্ৰহ্মাণ্ডত বৰ্তি থকা সময়ৰ যি শৰ, সেই শৰৰ সতে সমৃদ্ধ হৈ থকা এক বিশেষ বৈশিষ্ট্যৰ সত্য যিয়ে entropy-ক নেতৃত্ব দিয়ে আৰু পৰিণামস্বৰূপে মৃত্যু আহে৷ সেই মৃত্যু জীৱ, জড়, গ্ৰহ, নক্ষত্ৰ, তৰা ইত্যাদি সকলোৰে বাবে৷ হয়তো কথাকেইটা আপোনালোকৰ বুজাত অসুবিধা হৈছে৷ সুবিধা
হ’ব তেতিয়া, যেতিয়া entropy কি তাক ভালদৰে জানিব৷ Entropy হ’ল এক বিশেষ ভৌতিক ৰাশি যাক নিৰূপণ কৰিব পাৰি৷ entropy হ’ল এটা বস্তুৰ বিশৃংখল বা বেমেজালিৰ পৰিমাণ যাক বিজ্ঞানৰ
ভাষাত কোৱা হয় state of randomness or disorderness। ধৰা হওক মোৰ এই ছালখন, জন্মতে কেনে আছিল এতিয়াও
তেনে আছেনে? নিশ্চয়কৈ
নাই৷ শোঁতোৰা
পৰিল, অৰ্থাৎ মোৰ ছালখনৰ order সলনি হ’ল
সময়ৰ স’তে৷ কিমান পৰিমাণৰ সলনি হ’ল তাক যদি নিৰূপণ কৰোঁ, সেয়াই হ’ল
মোৰ ছালখনৰ entropy৷ সময়সাপেক্ষে প্ৰতিটো বস্তুৰে entropy নিৰূপণ কৰিব পাৰি৷ Entropy এটা চিৰ সত্য আছে যে কোনো বস্তুৰ entropy কেতিয়াও নকমে বৰঞ্চ বাঢ়ে
আৰু constant অৰ্থাৎ স্থিৰ থাকিব তেতিয়া যেতিয়া প্ৰণালীটো অকলশৰীয়া আৰু reversible হ’ব অৰ্থাৎ হুবহু একে হৈ ঘূৰি
আহিব পৰা হ’ব৷ এই কথাটোকে তাপ-গতিৰ দ্বিতীয় সূত্ৰই (2nd Law of Thermodynamics] কয়— If the physical process is
irreversible, the total entropy of the system &the environment increase.
The final entropy must be greater than the initial entropy for an irreversible
process.
সত্যটো হ’ল কোনো এটা প্ৰণালী isolate নহয় অৰ্থাৎ অকলশৰীয়া নহয় আৰু reversible নহয় অৰ্থাৎ পুনৰ একে
অৱস্থালৈ কোনো কাৰণতে ঘূৰাই আনিব নোৱাৰি৷ গতিকে কোনো বস্তুৰ entropy অৰ্থাৎ disorderness নকমে, বৰং বাঢ়েহে৷
তাপ-গতিবিজ্ঞানত entropy বাঢ়ি যোৱাটোৱেই প্ৰাকৃতিক প্ৰক্ৰিয়া বা প্ৰণালীত irreversibility বুজায় আৰু সেয়াই হয় ভৱিষ্যৎ
আৰু অতীতৰ সংগতিহীন অৱস্থা৷
আমাৰ দেহটোও অকলশৰীয়া প্ৰণালী নহয় কাৰণ প্ৰতি মুহূৰ্ততে
আমাৰ দেহটোৱে কাষৰীয়া পৰিৱেশৰ স’তে
সংযুক্ত হ’বলগা হয়৷ আনকি আমাৰ দেহৰ ভিতৰতে এনে কিছুমান সৰু সৰু
প্ৰণালী আছে, য’ত আমি তাপ-গতিৰ দ্বিতীয় সূত্ৰ প্ৰয়োগ কৰিব
পাৰোঁ৷ আকৌ আমি দিনে প্ৰতিদিনে বিভিন্ন বস্তু দেহৰ ভিতৰলৈ লৈ যাওঁ যেনে খাদ্য বা
আন কিবা বস্তু, যিবিলাকে সেই প্ৰণালীবোৰৰ স’তে ক্ৰিয়া-প্ৰতিক্ৰিয়া কৰাৰ উপৰি
বাহ্যিক পৰিৱেশৰ স’তে ক্ৰিয়া কৰে বা কৰিবলগা হয়৷ যেনে— Mutation, Oxidation ইত্যাদি সময়সাপেক্ষে আমাৰ দেহত সম্পন্ন হোৱা কিছুমান প্ৰণালী বা প্ৰক্ৰিয়া,
যিবিলাকক আমি স্তব্ধ কৰিব নোৱাৰোঁ বা এৰাই চলিব নোৱাৰোঁ। কাৰণ সেই প্ৰক্ৰিয়াবোৰ অচল হ’লে
দেহটোৱে শক্তি আহৰণ কৰিব নোৱাৰিব৷ সেই প্ৰক্ৰিয়াবোৰ চলি থকা
মানে আমাৰ দেহৰ entropy বৃদ্ধি হোৱা৷ কাৰণ আমাৰ দেহটো isolate নহয় আৰু reversible নহয়৷ গতিকে entropy সলনি হ’বই অৰ্থাৎ বৃদ্ধি হ’বই৷
আমাৰ দেহৰ কোষত সম্পন্ন হোৱা যি mutation সেই mutation-এই দেহৰ প্ৰণালীটো ধ্বংস
হোৱাৰ মূল কাৰক৷ কাৰণ mutation হোৱা বাবেই আমাৰ দেহৰ internal entropy সলনি হয় কাৰণ Mutation-ৰ বাবে দেহৰ ভিতৰত উত্তাপ উৎপন্ন হয় ৷ এদিন সেই internal entropy বৃদ্ধি হৈ এনে এটা পৰ্যায় আহে, য’ত
দেহৰ প্ৰণালীটো breakdown হয়৷ তেতিয়াই বিৰাম বা যতি পৰে, যাক আমি মৃত্যু বুলি কওঁ৷ Mutation-অক আমি বাধা দিব নোৱাৰোঁ, কাৰণ আমাৰ দেহটোৱে বাহ্যিক পৰিৱেশৰ
স’তে ক্ৰিয়া কৰাৰ ফলতহে mutation হয় ৷ Mutation-ক
যিহেতু বাধা দিব নোৱাৰোঁ, গতিকে আমি আমাৰ internal entropy-কো নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ৷
যেতিয়ালৈকে আমি বাহ্যিক পৰিৱেশৰ স’তে ক্ৰিয়া-প্ৰতিক্ৰিয়া কৰি থাকিম, তেতিয়ালৈকে আমি আমাৰ অভ্যন্তৰীণ entropy নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ আৰু তেতিয়াই order breakdown হয়; দেহ ব্যৱস্থাটো সময় অনুপাতে
বিফল হয়। কাৰণ আমাৰ দেহৰ internal entropy change হয়৷ আৰু সেয়ে দুৰ্ভাগ্যবশতঃ আমি অমৰ
(immortal) হ’ব নোৱাৰোঁ, কাৰণ তেনে হ’বলৈ হ’লে
তাপ-গতিৰ দ্বিতীয় সূত্ৰ ভুল হ’ব লাগিব, যিটো সম্ভৱ নহয়৷
আমাৰ জীৱনটো অনিশ্চয়তাৰে
ভৰপূৰ, কোনেও নিশ্চিতি দিব নোৱাৰে যে কাইলৈ কি ঘটিব বা
হ’ব৷ কিন্তু আমি মৃত্যুৰ
ক্ষেত্ৰত নিশ্চিত হৈ থাকিব পাৰোঁ যে মৃত্যু এদিন আহিবই৷
প্ৰতিটো বস্তুৱেই ঘটনাক্ৰমে শেষ প্ৰান্তত উপনীত হয়, যাক আমি কওঁ মৃত্যু৷ মৃত্যু হ’ল চৰম আৰু প্ৰাকৃতিক সত্য, যাক কোনেও উলাই কৰিব নোৱাৰে৷
সৰুৰ পৰা ডাঙৰলৈকে, প্ৰত্যেকেই
মৃত্যুক সাবটিবই লাগিব৷ গ্ৰহ, তৰা, নক্ষত্ৰ বা বিশ্বব্ৰহ্মাণ্ড সকলোৱেই৷
কিন্তু কেতিয়া এইবোৰৰ মৃত্যু হ’ব সেয়া সম্পূৰ্ণৰূপে অনিশ্চয়তাৰ
স’তে থাকে, যাক আপুনি ক’ব
পাৰে যে সেয়াও প্ৰকৃতিৰ আন এক সুৰ সমলয় বা Harmony, বিজ্ঞানে যাক এতিয়াও
আৱিষ্কাৰ কৰিবলৈ বাকী৷