সুখৰ আধুনিক উৎস
মাঘবিহুৰ উৰুকাৰ আগদিনা সন্ধিয়া৷ চুবুৰিৰ
ৰাইজে সাজি তোলা ভেলাঘৰটোৰ সন্মুখতে জুই পুৱাই চাহমেলত বহিছে৷ মেলৰ বিষয় পাছদিনাৰ
ভোজ আৰু মেজি৷ চুবুৰিৰ এজন প্ৰাক্তন বাসিন্দা হিচাপে কিছু সময়ৰ বাবে ৰাইজৰ
সান্নিধ্য বিচাৰি গৈ বহিছিলোঁগৈ৷ চহৰৰ এক আৱাসিক অঞ্চলৰ মুঠতে পঁচিছ-ত্ৰিছঘৰ
মানুহে যোৱা পোন্ধৰ বছৰমান একেলগে ভোজ-ভাত খোৱা, মেজি জ্বলাই অগ্নিসেৱা কৰি
জা-জলপান খোৱা আদি কৰি আহিছে৷ আনহে নালাগে মানুহখিনিয়ে
ৰঙালী বিহু, দীপান্বিতা আৰু কাতি বিহুও সামূহিকভাৱেহে পালন কৰে— তুলসীৰ তলত
নাম-গুণ গায়৷ বিশ্ববিদ্যালয়-কলেজৰ প্ৰফেছৰ, ডাক্তৰ-উকীলৰপৰা
ৰিক্সাৱালা-ঠেলাৱালালৈকে সমাজখনত সকলোৱে সমান গুৰুত্ব আৰু সন্মান লাভ কৰাটো সেইখন
সমাজৰ আন এটা গুৰুত্বপূৰ্ণ দিশ৷
এতেকে তেনে এখন সমাজত
কেইবাবছৰো ভাড়াতীয়া হিচাপে থকাৰ সৌভাগ্যৰ অংশীদাৰ হিচাপে এতিয়াও সুবিধা পালেই
তালৈ যাওঁ, ৰাইজখনৰ সুখ-দুখৰ অংশীদাৰ হ’বলৈ যত্ন কৰোঁ৷ তেনে যত্নৰ ফলতে গৈ চকী
এখনত বহিছোঁগৈহে, এগৰাকীয়ে চাহ আৰু পিঠা-পনা আগ বঢ়াই দিলেহিয়েই৷ আন দুগৰাকীমানে
ঘৰৰ বাকী প্ৰাণী দুটাক লৈ নোযোৱা কাৰণে আপত্তিও দৰ্শালে৷ তেনে সময়তে পাঁচ-ছয়
বছৰীয়া শিশু এটি মোৰ সন্মুখলৈ আহি মাত লগালেহি—
‘‘বৰত্তা,
ভালনে?’’
মই এক প্ৰকাৰ আচৰিত৷
ইমান অকণমানি ল’ৰাটোৱে এনে এষাৰ সৌজন্যসূচক মাত দিবলৈ শিকাটো কম ডাঙৰ কথা নহয়৷
আনন্দতে ময়ো তেওঁৰ সৈতে ভালেমান কথা পাতিলোঁ৷ তেওঁ ক’লে—
‘‘সিদিনা
আমি পিক্নিক্ খাবলৈ গৈছিলোঁ৷’’
‘‘হয়
নেকি?’’ — মই উৎসাহ যোগাই সুধিছিলোঁ, ক’ত খালেগৈ, কি কি খালেগৈ, মোক লগ ধৰি নিনিলে
কিয় আদি৷ তেৱোঁ সমান উৎসাহেৰে অনৰ্গল কথা কৈ গ’ল৷
তেনে সময়তে মন
কৰিলোঁ, তেওঁৰ সমনীয়া আৰু তেওঁতকৈ ডাঙৰ প্ৰায় সাত-আঠটা ল’ৰা-ছোৱালীয়ে এশাৰী চকীত
বহি বিভিন্ন ধৰণৰ উৎসাহব্যঞ্জক আৰু হতাশাব্যঞ্জক শব্দ আৰু ধ্বনি সৃষ্টি কৰি আছে৷ লক্ষ্য
কৰিলোঁ, তেওঁলোকৰ প্ৰতিজনৰে হাতত একোটাকৈ এণ্ড্ৰয়ড্ ম’বাইল৷ কেয়োজনে কিবা
নেটৱৰ্কৰ যোগেদি ম’বাইলত খেল খেলি আছে৷ জুইৰ পোহৰৰ লগতে ম’বাইল ফোনৰ মনিটৰৰ পোহৰত
তেওঁলোকৰ মুখবোৰ উত্তেজিত৷ তাত যে আৰু বহু মানুহ উপস্থিত আছে তালৈ তেওঁলোকৰ কাণসাৰ
নাই৷ দৃশ্যটো সামগ্ৰিকভাৱে পৰিৱেশটোৰ সৈতে খাপ নোখোৱা যেন অনুভৱ হ’ল আৰু কেইবাবাৰো
তেওঁলোকক মাতিলোঁ৷ অত্যন্ত কষ্ট কৰি তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰি মই তেওঁলোকক
ম’বাইল ফোনবোৰ বন্ধ কৰি পৰস্পৰে কথা পাতিবলৈ অনুৰোধ জনালোঁ৷ ল’ৰাহঁত অতিশয় ভদ্ৰ
আৰু ডাঙৰক সন্মান কৰিব জনা৷ তেওঁলোকে ম’বাইল ফোনবোৰ সামৰিলে৷
কিন্তু লগে লগে
তেওঁলোক হৈ পৰিল শিলামূৰ্তিৰ দৰে নিথৰ, নিস্তৰঙ্গ৷ তেওঁলোকৰ এজনেও কাষৰজনৰ সৈতে
কিবা এষাৰ কথা পতাৰ আগ্ৰহ নেদেখুৱালে৷
ঘটনাটো আৰু বহু দূৰলৈকে
আগ বাঢ়িছিল৷ কিন্তু সেইবোৰ প্ৰসঙ্গ ইয়াত অপ্ৰাসঙ্গিক৷
মোৰ মনত প্ৰশ্ন
জাগিছে, তেওঁলোকৰ বাৰু পাৰস্পৰিকভাৱে পাতিবলগীয়া একো কথা নাইনে? নে তেওঁলোকে কথা
পাতিব নাজানেই? ম’বাইল ফোনবোৰ জ্বলি থকালৈকে তেওঁলোক আছিল প্ৰাণচঞ্চল, কিন্তু
ম’বাইল ফোনকেইটা বন্ধ হোৱাৰ লগে লগে তেওঁলোকৰ আনন্দ-স্ফূৰ্তিৰ প্ৰৱাহো বন্ধ হৈ
পৰিল৷
উক্ত চিত্ৰখন বাৰু কেৱল
শিশুহঁতৰ জীৱনতহে সত্য নেকি? সমূলি নহয়৷ সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বৰে মানৱ সমাজত
এইখনেই অটাইতকৈ সত্য অথচ কৰুণ চিত্ৰ৷ প্ৰযুক্তিৰ ওপৰত অত্যধিক নিৰ্ভৰশীলতাই মানুহৰ
মনোজগতৰ আনন্দ-বেদনা আদি প্ৰবৃত্তিৰ গতিবিধিও নিয়ন্ত্ৰণ কৰিবলৈ ধৰিছে৷ লগতে সময়ৰ
অগ্ৰগতিৰ লগে লগে প্ৰযুক্তিনিৰ্ভৰতাও ক্ৰমশঃ জটিলতৰ অৱস্থা এটালৈ আগ বাঢ়িছে৷
এটা সময় আছিল যেতিয়া
এখন চাইকেল আৰু এটা ৰেডিঅ’ই আছিল মানুহৰ জীৱনত প্ৰৱেশ কৰা প্ৰযুক্তিবিদ্যাজাত আহিলা৷ তাৰ পাছত
টেলিভিশ্যন, তাৰ পাছত এটা কথা পাতিব পৰা আৰু বাৰ্তা লিখি পঠাব পৰা ম’বাইল ফোন৷ এনেকৈ
পৰিৱৰ্তিত হোৱা প্ৰযুক্তিবিদ্যাৰ দুনিয়াখনে কোন কাহানি যে মানুহৰ সন্মুখত এখন
আভাসী পৃথিৱীৰ সৃষ্টি কৰি পেলালে আৰু কম-বেছি পৰিমাণে আমি সকলোৱেই সেইখন পৃথিৱীৰ
অসহায় বন্দী হৈ পৰিলোঁ গমকে নাপালোঁ৷ আৰু এতিয়া? যদি কেনেবাকৈ পৃথিৱীৰ সকলো ঠাইতে
অন্ততঃ এসপ্তাহ সময় বিদ্যুৎ প্ৰৱাহ বন্ধ হৈ যায় তেন্তে মানুহৰ আনন্দই হওক বা সুখেই
হওক, শেষ হৈ পৰিব৷ ছ’চিয়েল মিডিয়াৰ আভাসী বন্ধুসকলৰ মাজত সম্পৰ্ক বিঘ্নিত হ’ব,
আভাসী পৃথিৱীত বিভিন্ন ক্ৰীড়ানৈপুণ্য প্ৰদৰ্শন কৰা ক্ৰীড়াবিদসকল হৈ পৰিব তেনেই
হতাশাগ্ৰস্ত৷
অকল সিমানেইনে?
মানুহে খাবলৈ আৰু গা ধুবলৈ পানী এটোপালো নাথাকিব৷ দেশ-বিদেশৰ খবৰ-বাতৰি কোনেও নাপাব
(কাৰ্যতঃ দেশ-বিদেশত খবৰো সৃষ্টি নহ’ব), বহুতৰে ঘৰৰ দুৱাৰ খোল নাখাব, বহুতৰ দুৱাৰ
বন্ধ নহ’ব৷ গাড়ী-মটৰৰ চলাচল বন্ধ হৈ যাব; স্কুল-কলেজ, হস্পিটেল আদি সকলোৰে
কাম-কাজ হৈ পৰিব স্তব্ধ৷ গোটেই পৃথিৱীৰে কিম্পউটাৰবোৰ যদি বেয়া হৈ যায়? বহু
কোটিপতি মুহূৰ্তৰ ভিতৰতে হৈ পৰিব বাটৰ ভিকহু। কাৰণ, আজিৰ তাৰিখত মানুহৰ ধন-সম্পদো
এক প্ৰকাৰ আভাসী হৈ উঠিছে আৰু তেনে ধনৰ হিচাপ-পত্ৰবোৰ আজিকালি কম্পিউটাৰেহে ৰাখে।
কিন্তু তেনে
দুৰ্ভাৱনা কাৰো মনলৈকে নাহে৷ কাৰণ আমি সৃষ্টি কৰা প্ৰযুক্তিবিদ্যাৰ ওপৰত আমি
ইমানেই নিৰ্ভৰশীল হৈ পৰিছোঁ যে আমি কাৰ্যতঃ হৈ পৰিছোঁ প্ৰযুক্তিবিদ্যাৰ দাস৷ গতিকে
আধুনিক মানুহৰ সামগ্ৰিক মনস্তত্ত্ব হৈছে এনেকুৱা— যাৰপৰা পৰিত্ৰাণৰ কোনো পথ নাই,
তাৰ গুণ গোৱাই ভাল৷
বিজ্ঞান আৰু
প্ৰযুক্তিবিদ্যাক বহুতে একাকাৰ কৰি পেলায়৷ কিন্তু বিজ্ঞান হৈছে বিশুদ্ধ চিন্তাৰ
প্ৰণালীহে, যন্ত্ৰ-পাতি বা আহিলা নহয়৷ বিজ্ঞানীয়ে প্ৰকৃতিৰ বিভিন্ন ৰহস্যৰ মাজত
নিহিত সত্যৰ সন্ধান কৰে৷ তেনে সত্যৰ আধাৰত প্ৰযুক্তিবিদে প্ৰস্তুত কৰে বিক্ৰীযোগ্য
অৰ্থাৎ মানুহৰ জীৱন-পদ্ধতিক আৰামদায়ক কৰি তুলিব পৰা বিভিন্ন আহিলা, সঁজুলি বা
যন্ত্ৰ-পাতি৷ ব্যৱসায়িকভাৱে যিসকল চতুৰ আৰু সাহসী সেইসকলে মানুহৰ আগলৈ তেনে আহিলা,
সঁজুলি বা যন্ত্ৰ-পাতি আগ বঢ়াই দিয়ে বিভিন্ন বিজ্ঞাপনৰ যোগেদি৷ তেনে বিজ্ঞাপনৰ
চাকনৈয়াত পৰি মানুহ ক্ৰমে ক্ৰমে প্ৰযুক্তিৰ কবলত সোমাই পৰে৷
কিন্তু প্ৰশ্ন হৈছে,
আমি কিমান দূৰলৈ প্ৰযুক্তিবিদ্যাৰ ওপৰত নিৰ্ভৰশীল হোৱা উচিত বা আমি আমাৰ জীৱনৰ
কিমান ভিতৰলৈকে প্ৰযুক্তিবিদ্যাক সোমাবলৈ দিয়া উচিত?
বিভিন্ন
যন্ত্ৰ-পাতিয়ে প্ৰকৃতিজগতৰ আন বহু অস্তিত্বৰ লগতে মানুহৰো বিভিন্ন প্ৰকাৰৰ শাৰীৰিক
ক্ষতি সাধন কৰে৷ মানুহ আৰু আন আন জীৱৰ বাবে প্ৰয়োজনীয় মৌলিক উপকৰণ কিছুমানকো
প্ৰযুক্তিবিদ্যাই কলুষিত কৰে যাক প্ৰদূষণ বোলা হৈছে৷ তেনে প্ৰদূষণ কেনেকৈ কমাব
পাৰি বা ৰোধ কৰিব পাৰি সেই সম্পৰ্কে বিদ্বৎ মহলে যথেষ্ট চিন্তা-চৰ্চা কৰিছে,
কাৰ্যপন্থাও হাতত লৈছে৷ কিন্তু প্ৰযুক্তিবিদ্যাই আমাৰ সুখ আৰু আনন্দৰ নিয়ন্তা
শক্তি হৈ উঠাটোৱে কিহৰ ইঙ্গিত দিছে? দৰাচলতে মানুহৰ মানসিক প্ৰদূষণৰ৷ আমি মানুহ
হিচাপে মানুহৰ প্ৰতি অনুভৱ কৰা আকৰ্ষণকৈ বেছি আকৰ্ষণ কৰিবলৈ লৈছোঁ একোটা যন্ত্ৰ বা
তেনে সঁজুলিৰ প্ৰতি৷ এনে অনুশীলন যিমানে দীৰ্ঘস্থায়ী হৈছে সিমানে মানৱ মনত
প্ৰদূষণৰ মাত্ৰা বাঢ়ি আহিছে৷