পল্লৱী শইকীয়া
আত্মাৰ এক শক্তিশালী বন্ধন হ’ল বন্ধুত্ব৷ আমি বন্ধুত্ব বুলি ক’লে সততে দুজন মানুহৰ মাজত গঢ় লৈ উঠা পাৰস্পৰিক সদ্ভাৱ আৰু মিলা-প্রীতিকে বুজোঁ৷ আজি অৱশ্যে অন্য এক বন্ধুত্বৰ বিষয়েহে কিছু কথা অৱগত কৰিবলৈ প্রয়াস কৰা হৈছে৷
আপোনাৰ বন্ধুজন যদি এজন ব্যক্তি নহৈ এনে অনেক ব্যক্তিৰ জীৱনজোৰা সাধনাৰ অমূল্য জ্ঞানৰ ভাণ্ডাৰ এটা হয় নাইবা এনে বহু ব্যক্তিৰ জীৱনে দিয়া অপৰিসীম অভিজ্ঞতাসমুহ হয় তেন্তে আপুনি সেই বন্ধুজনৰ সান্নিধ্যত থাকিবলৈ নিশ্চয় হাবিয়াস কৰিব, নহয় জানো ? হয়, আপুনি ঠিকেই অনুমান কৰিছে৷ আচলতে মই এখন কিতাপ বা গ্রন্থৰ কথাকে ক’বলৈ লৈছোঁ৷
কোৱা হয় - কিতাপ নথকা ঘৰ খিৰিকী নোহোৱা ঘৰস্বৰূপ। স্মৃতিশক্তি ৰক্ষা কৰাৰ উত্তম উপায় হৈছে কিতাপ পঢ়া৷ যি কিতাপ পঢ়িলে চিন্তাৰ উদ্রেক হয়, সেই কিতাপ পঢ়িলেহে আচল অৰ্থত স্মৃতিশক্তি ৰক্ষা হয়৷ জৱাহৰলাল নেহৰুৱে কৈছিল –মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে৷ গতিকে মনোৰঞ্জনৰ মাধ্যমেৰে নিজৰ স্মৃতিশক্তি ৰক্ষাৰ স্বার্থতে কিতাপ পঢ়াৰ প্রতি আগ্রহ জন্মোৱাটো যুক্তিপূৰ্ণ৷ প্রজ্ঞাৰ সন্ধানেই হ’ল কিতাপ পঢ়াৰ উদ্দেশ্য৷ আনৰ অভিজ্ঞতাৰে পুষ্ট হৈ শিক্ষা ল’বলৈ হ’লে কিতাপ পঢ়া অতি দৰকাৰী, কাৰণ আমি জীৱনত কিছুমান কথা আনৰ অভিজ্ঞতাৰপৰা শিকাটোও নিত্তান্তই প্রয়োজন৷ আমাৰ জীৱনটোত সময়ৰ মুল্য অধিক, গতিকে আনৰ সফলতা আৰু বিফলতাই দিয়া অভিজ্ঞতাক আয়ত্ত কৰিব পাৰিলে আগ বাঢ়ি যোৱাৰ পথটো সুচল হৈ পৰে৷ কিতাপ এখন হ’ল এক জীৱন্ত কণ্ঠস্বৰ৷ এই জগতত অবৰ্তমান এজন বা একাধিক ব্যক্তিৰ চিন্তাৰ বাহক যি মানুহৰ পাৰ্থিৱ শৰীৰ মাটিত মিলি যোৱাৰ পাছতো তেঁওৰ বা তেওঁলোকৰ কাৰ্য আৰু চিন্তাসমুহ অনন্তকাললৈ জীৱন্ত ৰূপত বিদ্যমান হৈ থাকে৷ কিতাপবোৰত অমৰত্বৰ উপাদান একোটা থাকে৷ একোখন গ্রন্থ হ’ল মানৱ প্রযত্নৰ অতি চিৰস্থায়ী ফল৷ উচ্চ চিন্তাসমুহ কালসাপেক্ষ নহয়৷ বহু যুগৰ আগতে লেখকৰ মনত অংকুৰিত হওঁতে সেইবোৰ যিমান নতুন আছিল আজিও সেইবোৰ সিমানেই নতুন৷ যি প্রকৃততে প্রগাঢ় আৰু মংগলকৰ তাৰ বাহিৰে আন একো সাহিত্যত বৰ্তি থাকিব নোৱাৰে৷
ঘৰখনেই হ’ল শিশুৰ শিক্ষাৰ কঠীয়াতলী৷ ঘৰৰ জ্যেষ্ঠসকলে যদি কিতাপ পঢ়াৰ আনন্দ শিশুসকলক উপভোগ কৰাব পাৰে তেন্তে শিশুসকল অৱশ্যেই কিতাপ পঢ়াৰ বাবে আগ্রহী হৈ উঠিব৷ ঘৰত শিশুৰ কাৰণে উপযোগী বিভিন্ন কিতাপ ৰাখি শিশুৰ মনত তাৰ প্রতি আকৰ্ষণ বঢ়োৱাৰ চেষ্টা কৰিব পাৰি৷ শিশুৱে সদায় জেষ্ঠসকলক অনুকৰণ কৰিব বিচাৰে ,সেয়ে আমি জ্যেষ্ঠসকলে তাৰ প্রতি লক্ষ্য ৰাখি আমাৰ সন্তানক শিশু অৱস্থাৰপৰাই নিজে কিতাপ পঢ়াৰ মাধ্যমেৰে শিশুসকলক কিতাপৰ প্রতি আকৰ্ষিত কৰিব পাৰোঁ৷ সম্প্রতি প্রযুক্তিৰ দ্রুত প্রসাৰৰ লগে লগে কিতাপৰ প্রতি শিশুসকলৰ আকৰ্ষণ কিছু পৰিমাণে হ্রাস পোৱা দেখা গৈছে৷ আজিৰ শিশুৱে আজৰি সময়ত ম’বাইল, টিভি, ভিডিঅ’ গেম আদিত বেছি মনোনিৱেশ কৰে৷ এই ক্ষেত্রত অৱশ্যে অভিভাৱকসকল সম্পূৰ্ণৰূপে দায়ী বুলি অনুভৱ হয়৷ অভিভাৱকসকলে অলপ কষ্ট কৰি শিশুকালৰেপৰা একোখন কিতাপ যদি সন্তানৰ হাতত তুলি দি কিতাপৰ ৰস পান কৰাব পাৰে তেন্তে সেই সন্তানে অদূৰ ভবিষ্যতে গৈ অনাহক সময় অপচয় কৰাৰপৰা বিৰত থাকিব একমাত্র এই কিতাপ পঢ়াৰ অভ্যাসটোৰ জৰিয়তে৷ এই ক্ষেত্রত আমি এ. পি. জে. আব্দুল কালামৰ এই কথাষাৰ মানি চলিব পাৰোঁ - তুমি দিনটোত এঘণ্টা সময় কেৱল কিতাপ পঢ়াৰ কাৰণে উলিয়াই ল’বা দেখিবা তুমি কিছুদিনৰ পাছত তোমাৰ মনটো জ্ঞানৰ কেন্দ্রলৈ ৰৃপান্তৰ কৰিব পাৰিবা৷ শিশুৱে প্ৰথম বাহিৰা কিতাপ পঢ়োঁতে আনন্দ লাভৰ বাবেই পঢ়ে। কিন্তু ক’ব নোৱাৰাকৈয়ে এনে পঠনে শিশুক জ্ঞানী কৰি তোলে। ঈছপৰ সাধু, পঞ্চতন্ত্ৰৰ সাধু আদিৰ দৰে গ্ৰন্থসমূহে মনোৰঞ্জন আৰু জ্ঞানদান দুয়োটা কামেই কৰে।
এটা সুস্থ শৰীৰৰ বাবে সুষম আহাৰ যিদৰে জৰুৰী, এটা জাতিৰ বৌদ্ধিক স্বাস্থ্যৰ বাবেও সুস্থ তথা ‘সুষম’ মানসিক আহাৰৰ প্রয়োজন৷ মানসিক আহাৰৰ বাবে কিতাপ পঢ়াৰ প্রয়োজনেই অধিক৷ কিতাপ মনৰ পৰিধি বঢ়োৱাৰ অন্যতম উপকৰণ৷ জীৱনৰ সকলো তুচ্ছ কথা নস্যাৎ কৰি কিতাপৰ বুকুত অৱগাহন কৰিলে জীৱনে বিচাৰি পায় এক সুকীয়া মাধুৰ্য৷ সেই মুহূর্তৰ আনন্দখিনি হয়তো আন একোৰে লগত তুলনা কৰিব নোৱাৰি৷ সেয়ে হয়তো ছক্রেটিছ কৈছিল - নিৰল আনন্দ আৰু নিবিড় সুখানুভূতি লাভৰ বাবে ভগৱানে মানুহৰ কাৰণে এটা পথেই সৃষ্টি কৰি গ’ল সেইয়া হ’ল গ্রন্থপ্রেম৷
কিতাপ হ’ল বন্ধুত্বৰ উৰ্ধ্বত, যি উচ্চ-নীচ, ঈৰ্ষা-অহংকাৰৰপৰা বহু দুৰত অৱস্থান কৰা আজীৱন লগৰী৷ ই হ’ল আটাইতকৈ ধৈৰ্যশীল আৰু আনন্দদায়ক লগৰীয়া৷ সম্প্রতি বাৰিষা বতৰৰ আকাশখনৰ দৰে সঘনে সলনি হোৱা কিছুমান স্বাৰ্থপৰ আৰু মুখা পিন্ধা মানুহৰ মানসিকতাৰ লগত সময় নষ্ট কৰাতকৈ এখন কিতাপ হাতত তুলি লোৱাই শ্রেয়: কাৰণ কিতাপ হৈছে জ্ঞানৰ অমূল্য ভঁৰাল আৰু অনুপম বন্ধু৷ আইজাক বেৰে কোৱাৰ দৰে - যি কিতাপ পঢ়িবলৈ ভাল পায়, তেওঁ কেতিয়াও বিশ্বাসী বন্ধু, সৎ উপদেশ দিওঁতা, প্রফুল্লমনা সংগী আৰু হৃদয়গ্রাহী প্রবোধ দিওঁতাৰ অভাৱত নপৰে৷ ডেকা বয়সত এই বন্ধুৱে আমাক ৰং-ৰহইচৰ খোৰাক যোগায়, বৃদ্ধ কালত সান্ত্বনা দিয়ে আৰু সুখবাণী শুনায়৷ ভাল কিতাপ এখনে মনৰ দিগন্ত প্রসাৰিত কৰে আৰু মানসিক দৃষ্টিভংগীৰ উদাৰতা আনে৷
ৰোমান দাৰ্শনিক চেনেকাই কৈছিল - যেতিয়ালৈকে আপুনি জীয়াই থাকে, কেনেকৈ জীয়াই থাকিব লাগে তাক আপুনি শিকি থাকক৷ আজিৰ দ্রুত পৰিবৰ্তনৰ যুগত মূখ্য বিষয়টোৱেই দেখোন সফলতাৰ হিচাপ-খিতাপহে৷ গতিকে সঠিক কিতাপ এখনৰপৰা পোৱা সঠিক ধাৰণাই আমাৰ চৰিত্র সলনি কৰিব পাৰে, আমাৰ সম্পৰ্কৰ ৰূপান্তৰ ঘটাব পাৰে বা আমাৰ জীৱনলৈ বৈপ্লৱিক পৰিবৰ্তন আনিব পাৰে৷ আমি জীৱনত কিমান উচ্চ স্তৰলৈ উন্নিত হ’ব পাৰোঁ সেইটো কেৱল কঠোৰ পৰিশ্রমে নিৰূপণ নকৰে, তাক নিৰূপণ কৰিব আমাৰ চিন্তা-চেতনাৰ মানৰ ওপৰত৷ গ্রন্থ অধ্যয়নে আমাৰ চিন্তাৰ গভীৰতা বৃদ্ধি কৰাৰ লগতে নতুন পৰ্যায়ৰ জ্ঞান আহৰণত আমাক সহায় কৰে৷
বৰ্তমান সময়ত ঠায়ে-ঠায়ে ‘কিতাপ পঢ়াৰ আন্দোলন’ শীৰ্ষক এক অনুষ্ঠান প্রচাৰিত হৈ আহিছে৷ কভিড-১৯-ৰ বাবে হোৱা সৰ্বাত্মক বন্ধৰ ফলস্বৰূপে সময়ৰ অচিলা লৈ কিতাপৰপৰা দূৰত অৱস্থান কৰিব লগা হোৱা বহু লোকে আকৌ হাতত কিতাপ তুলি লোৱা পৰিলক্ষিত হৈছে৷ বিভিন্ন সামাজিক মাধ্যমতো কিতাপ সম্পৰ্কীয় গোটসমুহৰ জৰিয়তে বহুতো কিতাপ সম্পৰ্কীয় আলোচনা তথা প্রয়োজন অনুসৰি পাঠকক কিতাপ যোগান ধৰা প্রত্যক্ষ কৰা হৈছে আৰু তাৰ ফলস্বৰূপে পাঠকৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে৷ এয়া আমাৰ গ্ৰন্থজগতৰ তথা ভবিষ্যত প্রজন্মৰ বাবে এক ইতিবাচক ঘটনা৷ যদিও প্ৰযুক্তিৰ বিপ্লৱে এতিয়া গ্ৰন্থ বা কিতাপ সম্পৰ্কীয় ধাৰণাটোকে সলাই পেলাব খুজিছে, বিশেষকৈ স্মাৰ্টফোনৰ বহুল ব্যৱহাৰে একাংশৰ বাবে কিতাপৰ প্ৰয়োজনীয়তা কমাই পেলাইছে, ই-বুকৰ আবিৰ্ভাৱেও ছপা কিতাপৰ প্ৰতি সংকট কঢ়িয়াই আনিছে। তথাপি এনেবোৰ কাৰকে ছপা কিতাপক বিপদাপন্ন কৰাৰ আশঙ্কা আৱশ্যে নাই বুলিয়েই ক’ব পাৰি৷ কেমেৰা আৰু কম্পিউটাৰে যেনেদৰে চিত্ৰকলাক বিপদাপন্ন কৰিব পৰা নাই, টেলিভিশ্বনে যেনেদৰে চিনেমাক সংকটত পেলাব পৰা নাই তেনেদৰে ইলেক্ট্ৰনিক মাধ্যমেও গ্ৰন্থক পৰিহাৰ্য কৰি তুলিব নোৱাৰে। হয়তো ই ছপা কিতাপৰ সন্মুখত নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে; কিন্তু কিতাপে ইতিমধ্যেই এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সক্ষম হৈছে। ভাল গ্রন্থৰ সমাদৰ পৃথিৱীত সদায়ে আছে আৰু থাকিবও৷
বন্ধুত্বৰ নামত এখন ভাৰ্চুৱেল জগতত বিচৰণ কৰি অবাবত সময় নষ্ট কৰাতকৈ আহকচোন আমাৰ সন্তানক এইজন বিশেষ বন্ধুৰ লগত একাত্ম হ’বলৈ সহায়ৰ হাত আগবঢ়াওঁ৷ লগতে আমি নিজেও আধুনিক জীৱনযাত্রাৰ অতিব্যস্ততা, বিশ্বায়ন আৰু পৰিবৰ্তনৰ ধামখুমীয়াৰ এই দোদুল্যমানতাক নেওচি কিতাপৰ লগত বন্ধুত্বৰ দোলেৰে বান্ধ খাই পৰোঁ৷