অন্যযুগ/


সেউজপুৰৰ সাধু

স্মৃতিৰেখা দেৱী


 [যোৱা সংখ্যাৰ পাছৰ অংশ]

 মহাৰাজৰ ইঙ্গিত পাই এইবাৰ মহামন্ত্ৰী বৃকোদৰে মুখ মেলিলে–

: মাননীয় অতিথিদ্বয়৷ মই সেউজপুৰৰ মহামন্ত্ৰীয়ে আপোনালোক দুয়োকে সমগ্ৰ সেউজপুৰীয়া ৰাইজৰ হৈ পুনৰ এবাৰ কৃতজ্ঞতা জনাইছোঁ৷ মহাৰাজৰ ইচ্চা অনুসৰি কাইলৈ পুৱা আপোনালোকক বৰতলত অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা সভালৈ আদৰেৰে আমন্ত্ৰণ জনাইছোঁ৷ 

ৰজা-মন্ত্ৰীকে ধৰি ৰাজকীয় সকলো পাৰিষদ উভতি যোৱাৰ পাছৰেপৰা ৰাতিৰ ৰাতিটো অতিথিশালাত বিপ্লৱীহঁতৰ বিভিন্ন আলোচনা চলিল৷ সকলোৰে মন বিষণ্ণ আৰু হতাশ৷ পিছে বিদেশীদুজনে আলোচনাত ভাগ ল’বলৈ বিশেষ আগ্ৰহ নেদেখুৱালে৷

ওৰেৰাতি অতিথিশালাৰ চাৰিওপিনে বাঘসেনাই গোপনে পহৰা দি থাকিল৷

পাছদিনা পুৱতি নিশাৰপৰাই বৰতলত ৰাইজে দলদোপ-হেন্দোলদোপ লগালে৷ আটাইৰে মনত প্ৰশ্ন, মহাৰাজে বিদেশীহঁতক কি কৰিব? বিপ্লৱীবোৰকে বা কি শাস্তি দিব?

ইতিমধ্যে বাটলুৰ পৰামৰ্শ অনুসৰি মহাৰাজে কাষৰীয়া তিনিখন ৰাজ্যৰ ৰজা-প্ৰজা সকলোকে আমন্ত্ৰণ জনাইছিল৷ তেওঁলোকো বেলি ওলোৱাৰ আগেয়েই সেউজপুৰ পালেহি৷ মুঠতে বৰতল একেবাৰে লোকে লোকাৰণ্য হৈ পৰিল৷

ৰাজকীয় সন্মানেৰে বিদেশী অতিথিদুজনক সভাস্থলীলৈ আগ বঢ়াই অনা হ’ল৷ ময়ূৰ-ময়ূৰীয়ে নৃত্য প্ৰদৰ্শন কৰিলে, মলুৱাৰ ঘৈণীয়েকে ফুল-পাতৰ মালা পিন্ধাই তেওঁলোকক সম্ভাষণ জনালে৷ 

মহাৰাজৰ লগতে সকলো প্ৰজাই পৰিস্থিতি যিকোনো সময়তে অপ্ৰীতিকৰ হৈ পৰিব পাৰে বুলি আশঙ্কা কৰিছিল৷ সেই কাৰণে সকলোকে সাজু হৈ থাকিবলৈকো ভিতৰি ভিতৰি কোৱা হৈছিল৷ বাঘসেনাৰ লগতে কাষৰ ৰাজ্যৰপৰা অহা সৈন্যবাহিনীয়েও পৰিস্থিতি চম্ভালিবলৈ গোপনে প্ৰস্তুত হৈ আছিল৷ অতিথিদুজন নাইবা বিপ্লৱীৰ দলৰ কোনোবাই কিবা উৎপাত কৰিলেই সিহঁতক সমুচিত প্ৰত্যুত্তৰ দিবলৈ কাষৰীয়া ৰাজ্যকেইখনেও বিচাৰিছিল৷ কাৰণ বিদেশীহঁতে সেইকেইখন ৰাজ্যতো একেদৰে বিপ্লৱৰ জুই জ্বলাবলৈ গোপনে প্ৰস্তুতি চলাইছিল৷

কিন্তু বিদেশীদুজনৰ আচৰণে উপস্থিত আটাইকে আচৰিত কৰি তুলিলে৷ তেওঁলোক শান্তভাৱে ৰৈ আছে, কাৰো প্ৰতি যেন তেওঁলোকৰ কোনো অভিযোগ বা অভিমান নাই৷ আনকি তেওঁলোকৰ চকুত কোনো ধৰণৰ হতাশা বা অনুশোচনাৰ ভাবো ফুটি নুঠিল৷ তেওঁলোক থিয়ও হৈছে চাৰিখন ঠেঙৰ ওপৰতহে৷ কিন্তু কমকৈ হ’লেও কিছু সংখ্যক বিপ্লৱীহে তাত পিছঠেঙৰ ওপৰত থিয় হৈ থকা দেখা গ’ল৷

মহাৰাজ কেশৰীয়ে সকলো প্ৰজাৰ মূৰৰ ওপৰেদি এবাৰ চকু ঘূৰাই ডাঙৰ ডাঙৰকৈ ক’বলৈ আৰম্ভ কৰিলে–

: মহামান্য বিদেশী অতিথিদ্বয়ৰ লগতে কাষৰীয়া ৰাজ্যৰ প্ৰজাগণ আৰু মোৰ মৰমৰ সেউজপুৰবাসী ৰাইজ৷ আপোনালোক সকলোকে সম্ভাষণ জনাইছোঁ৷ যোৱা প্ৰায় তিনিমাহ কাল মাননীয় অতিথিদুজনে আমাক আধুনিক শিক্ষাৰে শিক্ষিত কৰি তুলিলে৷ তেওঁলোক দুজনক আমাৰ কৃতজ্ঞতা আৰু মৰম-চেনেহৰ চিনস্বৰূপে আমি কিছু উপহাৰ আগ বঢ়াব খুজিছোঁ৷ 

এইবুলি মহাৰাজে মলুৱাক ইঙ্গিত দিলে৷ লগে লগে মলুৱাই সাজু কৰি ৰখা এদল কাজুৱা সেউজপুৰীয়াই ভাগে ভাগে বিভিন্ন উপহাৰেৰে বিদেশী শিক্ষক দুজনক সম্ভাষণ জনালেহি৷ বাটলুৱেও তাক মলুৱাই সাজি দিয়া সুতুলিটোকে বুঢ়া মাষ্টৰজনক উপহাৰ দিলে৷

:  পলম নকৰিব ৰাইজ৷ এখেতসকল বহুদূৰ যাবগৈ লাগিব৷– মহামন্ত্ৰীয়ে তেওঁৰ প্ৰচণ্ড মাতেৰে ক’লে৷

ৰাইজ আৰু অতিথিসকলৰ লগতে বিপ্লৱীবোৰো আচৰিত হ’ল৷ তেতিয়া বৃকোদৰে আকৌ ক’বলৈ ধৰিলে–

:  মাননীয় অতিথিসকল৷ ইমান দিনে আমাৰ প্ৰজাসকলক আপোনালোকে যিখিনি দিলে তাৰ ঋণ আমি কাহানিও পৰিশোধ কৰিব নোৱাৰিম৷ প্ৰতিদান হিচাপে আপোনালোকক দিবলৈ আমাৰ কেৱল অন্তৰভৰা শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ বাহিৰে একো নাই৷ ইতিমধ্যে আপোনালোকো নিজৰ ঘৰ-পৰিয়ালৰপৰা আঁতৰি থকা ভালেমান দিন হ’ল৷ এতেকে মহাৰাজকে আদি কৰি সকলো সেউজপুৰীয়াই আপোনালোকক সসন্মানে বিদায় দিব খুজিছোঁ৷ আমি জানো যে আপোনালোক খুব ব্যস্ত লোক৷ আৰু অনেক ৰাজ্যত শিক্ষা-দীক্ষা প্ৰচাৰৰ কামত আপোনালোকে যে যোগ দিবগৈ সেইখিনি আমি অনুমান কৰিছোঁ৷ গতিকে আপোনালোকক আমি আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনাইছোঁ৷ লগতে আপোনালোকক দিব নোৱৰা সা-সুবিধাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ৷

ইতিমধ্যে সেউজপুৰৰ ৰাইজৰ প্ৰায় প্ৰতিজনেই বিদেশী শিক্ষক দুজনক কিবা নহয় কিবা একোটা উপহাৰ দিবলৈ উথপ্‌থপ্‌ লগালে৷ সেউজপুৰীয়াসকল পৰম্পৰাগতভাৱেই শিক্ষকৰ প্ৰতি শ্ৰদ্ধাশীল৷ সেয়ে কেৱল দিব লাগে কাৰণেই নহয়, অন্তৰৰ পৰাই ৰাইজে শিক্ষকদুজনৰ প্ৰতি শ্ৰদ্ধা-ভক্তি প্ৰদৰ্শন কৰিলে৷ কিছু সংখ্যকে আনকি অতিথি দুজনক বাটত খাবলৈ খাদ্যৰ টোপোলাও যোগাৰ কৰি দিলে৷

যিখন ৰাইজে আজি নিজৰ মাজতে প্ৰচণ্ড কাজিয়া এখন লাগিব বুলি মনে মনে আশঙ্কা কৰা হৈছিল সেই ৰাইজৰ এনে ৰূপ দেখি বগলী পণ্ডিত আচৰিত হ’ল৷ যিদুজন বিদেশীয়ে সেউজপুৰীয়া ৰাইজৰ মাজত অবিশ্বাসৰ পৰিৱেশ সৃষ্টি কৰিছিল সেইদুজনৰ প্ৰতিও ৰাইজৰ এনে কৃতজ্ঞতা প্ৰকাশৰ কাৰণ কি? তেওঁ মনে মনে চিন্তা কৰিলে৷ কিছুবেলি ভবাৰ পাছত তেওঁ উত্তৰটোও পালে নিজৰ ভিতৰৰপৰাই– শিক্ষাগুৰুৰ প্ৰতি ছাতৰৰ আচৰণ কেনে হোৱা উচিত সেইটো তেৱেঁই  দেখোন ৰাইজক শিকাইছিল৷ গৰৱত তেওঁৰ চকুহাল সেমেকি উঠিল৷

মহাৰাজৰ কৌশলী আৰু কুশলী শাসনকো মনে মনে প্ৰশংসা কৰিবলৈ ভাষা বিচাৰিলে পণ্ডিতে৷ ৰাজ্যৰ প্ৰজাসকলক ভাই-ভাই ঠাই-ঠাই কৰিব খোজা পৰম অবিশ্বাসী শত্ৰুকো কিদৰে কেৱল কৌশল প্ৰয়োগ কৰি বশ কৰিব পাৰি সেইটো কেশৰী মহাৰাজৰ বাবেহে সম্ভৱ– ভাবিলে তেওঁ৷ মহাৰাজ ইমান জ্ঞানী, ইমান ধৈৰ্যশীল৷ অৱশ্যে মহাৰাজৰ লগতে বাটলু নামৰ খুদমান নিগনিজনৰো শলাগ ল’ব লাগিব সেউজপুৰীয়াই৷ খুদমান হ’লে কি হ’ব, বাটলু মহোদয় চাবলৈ গ’লে মহাৰাজতকৈও এখোপ চৰাহে৷

হঠাতে মহাৰাজৰ গলগলীয়া কণ্ঠ শুনি বগলী পণ্ডিতৰ ভাবনাত যতি পৰিল৷ মহাৰাজে কৈ গ’ল–

:  মাননীয় অতিথিদ্বয়, আপোনালোকে বাৰু আমাক কিবা কাৰণত বেয়া পাইছে নেকি? যদি আমাৰ কিবা কথা বা কামে আপোনালোকক দুখ দিছে তেন্তে তাৰ কাৰণ আমাৰ অজ্ঞানতাহে৷ আপোনালোকৰ দৰে শিক্ষিত হ’বলৈ আমাক বহুত দিন লাগিব৷ তেতিয়ালৈ আপোনালোক আৰু অধিক শিক্ষিত হৈ উঠিবগৈ৷ তথাপি আপোনালোকে যে আমাকো আধুনিক শিক্ষাৰ পোহৰ অকণমান দিলেহি, তাৰ কাৰণে মই পুনৰাই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ৷ আপোনালোকে কিবা এষাৰ ক’বনে?

দুয়োজনে একো নকয় বুলি জনালে৷ আচলতে তেওঁলোকে আশা কৰা ধৰণৰ পৰিস্থিতি এটা উদ্ভৱ নোহোৱাত দুয়ো আচৰিত হৈছিল৷ মুহূৰ্তৰ ভিতৰতে সিদ্ধান্ত ল’বলৈও দুয়োজন সাজু হৈ নাছিল৷ ইতিমধ্যে মহাৰাজ কেশৰীৰপৰা গোপনে খবৰ লাভ কৰি চুবুৰীয়া চিকাৰীমৰা, হোলোংবাৰী আৰু  জালফলা ৰাজ্যৰ ৰজাই সেউজপুৰৰ মহাৰাজলৈ পত্ৰ পঠাইছে যাতে বিদেশী অতিথিকেইজনক কোনো কাৰণতে তেওঁলোকৰ ৰাজ্যলৈ পঠোৱা নহয়৷ ইতিমধ্যে বিদেশীদুজনক সেই খবৰ গোপনে জনোৱাও হৈছে৷ এতেকে এই মুহূৰ্তত তেওঁলোক দুজনে কি কৰিব কি নকৰিব ভাবি পাৰ পোৱা নাই৷ 

মহাৰাজে আকৌ সকলোকে উদ্দেশ্য কৰি ক’লে–

:  উপস্থিত সন্মানীয়সকল৷ সেউজপুৰৰ পৰম্পৰা অনুসৰি আপোনালোকৰ এটা দলে মাননীয় অতিথিদুজনক আমাৰ ৰাজ্যৰ সীমান্তলৈকে আগ বঢ়াই থৈ আহিবগৈ৷ আৰু এষাৰ কথা৷ মাননীয় অতিথিসকলৰ কোনোবা গুণমুদ্ধ সেউজপুৰীয়া যদি তেওঁলোকৰ লগতে যাবলৈও ওলায,þ তাতো আমাৰ একো আপত্তি নাই৷

ইতিমধ্যে সেনাপতিৰ নিৰ্দেশত বিপ্লৱীৰ দলৰ সকলো জন্তুকে বাঘসেনাই ঘেৰি ধৰি মহাৰাজৰ সম্মুখলৈ আনিলে৷ ভিতৰি ভিতৰি আটায়ে প্ৰচণ্ড ভয়ত কঁপি উঠিল৷ কিন্তু মহাৰাজৰ শেষৰ কথাষাৰ শুনি ভোলাই যেন হাতেৰে সৰগখনহে ঢুকি পালে৷ সি যেন মহাৰাজৰ মুখৰ এই কথাষাৰলৈহে বাট চাই আছিল৷ বগী বোলা গাভৰু গাহৰীজনী আৰু দুটা চেঙেলীয়া গাহৰিৰ সৈতে সি বিদেশীৰ লগতে যাবলৈ ওলাল৷


অতিথিসকল গ’লগৈ৷ 

বাকীসকল বিপ্লৱী মহাৰাজৰ সম্মুখত তলমুূৰকৈ থিয় দি থাকিল৷ 

:  বাটলু, চাওঁ এইফালে আহ৷– মহাৰাজৰ কথামতে তেখেতৰ সম্‌ুখলৈ আহি বাটলুৱে মিচিকিয়াই হাঁহি সুধিলে–

:  আদেশ কৰক মহাৰাজ৷

:  আদেশ তইহে কৰিবি৷ কাৰণ, তোৰ পৰামৰ্শ মতেই সকলোখিনি সুকলমে সমাপণ হ’ল৷ এতিয়া তয়ে ক, ইহঁতজাকক কি কৰা যায়? – বিপ্লৱীবোৰলৈ দেখুৱাই মহাৰাজে বাটলুক সুধিলে৷

মহাৰাজৰ কথাৰ সুৰতে তেওঁৰ মনটো বুজি পায় বাটলুৱে৷ সি ক’লে– 

:  মইনো কি ক’ম মহাৰাজ? যি কৰিব লাগে সেনাপতি ডাঙৰীয়া আৰু তেখেতৰ বাঘসেনাই কৰিবই দেখোন৷ বাটলুৰ কথা শুনি ওচৰতে থকা হিতৰাম মহাৰাজৰ সম্মুখলৈ আহি উৎসাহেৰে ক’লেহি–

:  আদেশ কৰক মহাৰাজ৷ মই ইহঁতৰ বুকু ফালি কলিজাবোৰ উলিয়াই দেখুৱাওঁ আপোনাক৷ ইহঁত কিমান সাহসী আপুনিও চাওক, ৰাইজেও চাওক৷ সেউজপুৰৰ মহাৰাজৰ বিৰুদ্ধে, সেউজপুৰৰ সাতামপুৰুষীয়া পৰম্পৰা আৰু ঐতিহ্যৰ বিৰুদ্ধে বিপ্লৱ কৰা ইহঁতৰ পিত কিমান চাওঁ৷ ইহঁতৰ বিদেশী গুৰুদুটাৰ সাহস দেখিলেই ৰাইজে৷ মোৰ সেনাদলৰ লগতে কাষৰীয়া ৰাজ্যৰ সেনাদল দেখিয়েই কেনেকুৱা সুৰসুৰীয়া হৈ পৰিল৷ এতিয়া ইহঁতক ৰক্ষা কৰিবলৈ কোনটো বিদেশী মাষ্টৰ আহি ওলায়হি চাওঁচোন৷

এইবুলি হিতৰামে বিপ্লৱীৰ দলটোলৈ তাৰ আটাইতকৈ ভয়ঙ্কৰ ৰূপটোৰে চালে৷

আটাইবোৰ বিপ্লৱীয়েই কাওবাও কৰিবলৈ ধৰিলে৷ পিছঠেঙত থিয় দিয়াকেইটা ভয়তে কেতিয়ানো চাৰিঠেঙীয়া হৈ পৰিল নিজেই গম নাপালে৷ সিহঁতৰ কি কৰোঁ ক’লৈ যাও লাগিল৷ সিহঁতৰ ফালে চাই মহাৰাজৰ মনটো তেনেই সেমেকি গ’ল – আমি সামান্য জীৱহে, মানুহো নহওঁ আমি, চাৰিঠেঙীয়া জন্তু৷ চাৰিঠেঙীয়া হৈ ভুল এটা যেনিবা কৰিলেই৷ তাতে কি মহাভাৰতখন অশুদ্ধ হ’ল? ইহঁতক ক্ষমা কৰি দিলে ইহঁত খুব ভাল জন্তু হ’ব৷– মহাৰাজে ভাবিলে৷ হিতৰামৰ অতীতৰ ৰূপটো তেওঁৰ মনলৈ আহিল৷ তাক সেইদিনা ক্ষমা নকৰি শাস্তি দিয়াহ’লে আজি জানো সেউজপুৰে এইজন বীৰ হিতৰামক পালেহেঁতেন? বিপ্লৱীহঁতৰ ফালে চাই তেওঁ হাঁহি থাকিল৷

এটা বিপ্লৱীয়ে কিবা ভাবি ওপৰলৈ চাওঁতে মহাৰাজৰ হাঁহি থকা মুখখন দেখি সাহস পালে৷ সি মহাৰাজৰ ফালে আগ বাঢ়ি আহিল৷ তাকে দেখি এটা-দুটাকৈ আটাইবোৰ আগ বাঢ়ি আহি মহাৰাজৰ শৰণাপন্ন হ’লহি–

:  আমাক ক্ষমা কৰক মহাৰাজ৷ আমি মূৰ্খ৷ আমাক মিছা কথা কৈ সপোন দেখুওৱা হৈছিল৷ আমাক যুদ্ধৰ প্ৰশিক্ষণ দিছিল, ঘিণ কৰিবলৈ শিকাইছিল৷ কিন্তু মহাৰাজ, আপুনি আমাক আকৌ এবাৰ শিকালে যে ঘৃণাতকৈ প্ৰেম শক্তিশালী আৰু মহান৷ কোনো শক্তি প্ৰয়োগ নকৰাকৈ কেনেকৈ শত্ৰুক বশ কবি পাৰি সেয়া আপোনাৰপৰাই আকৌ এবাৰ শিকিছোঁ মহাৰাজ৷ ...

এনেকৈ বহু অনুনয়-বিনয় কৰি এসময়ত সকলো বিপ্লৱীয়ে সমস্বৰে জয়ধ্বনি দিলে–

:  জয় মহাৰাজ কেশৰীৰ৷ জয়৷

:  জয় সেউজপুৰৰ৷ জয়৷

তেনে হুলস্থুলৰ মাজতে উধাতু খাই আহি ছটছটী মহাৰাজৰ সম্মুখতে পৰিলহি৷ তাই পৰিচিত হুলস্থুলীয়া স্বভাৱেৰে মহাৰাজৰ সম্মুখত কিবা নিৱেদন কৰিব খুজিলেহি৷ মহাৰাজে ইঙ্গিতেৰে অনুমতি দিলে৷

:  প্ৰণাম মহাৰাজ৷ বিদেশী মাষ্টৰদুটাই আমাৰ ভোলা, বগী আৰু লগৰীয়া গাহৰিদুটাক অপমান কৰি খেদি পঠাইছে৷ কোনো কাৰণতে সিহঁতে ভোলাহঁতক লগত নিনিয়ে হেনো৷ জেক বোলা মাষ্টৰটোৱে ভোলাহঁতক মূৰ্খ আৰু অসভ্য বুলি গালিও পাৰিলে৷ বিদেশীহঁতে হাতোৰাৰে কোবাই কোবাই, আঁচুৰি আঁচুৰি ভোলাহঁতক ওভতাই পঠাইছে৷ বিদেশী মাষ্টৰ দুটাই ভোলাক বাৰে বাৰে কৈছে, ‘যিসকলে তোক মৃত্যুৰ মুখৰপৰা ৰক্ষা কৰিছিল তই তেওঁলোককে বিশ্বাসঘাতকতা কৰিছ৷ তোক বিশ্বাস কৰিব নোৱাৰি৷ তইতো ছল পালে আমাকো ঠগিবি৷’ মই একো বুজি নাপালোঁ মহাৰাজ৷ মই অকল খবৰটো দিবলৈ গুচি আহিলোঁ৷

ছটছটীৰ কথা শুনি মহাৰাজে বাটলুৰ চকুলৈ চালে৷ বাটলুৱে মিহিকৈ হাঁহি এটা মাৰিলে৷ মহাৰাজেও হাঁহিলে৷ 

:  মোৰ পূৰ্বানুমান তেন্তে ভুল হোৱা নাই, মহাৰাজ? – বাটলুৱে সুধিলে৷ মহাৰাজে মূৰ দুপিয়ালে মাথোন৷

:  ভোলাহঁত নি(য় ইয়ালৈকে আহিব৷ মোৰ বিনম্ৰ অনুৰোধ, তোমালোক কোনেও তেওঁলোকক একোকে নক’বা৷ যি ক’ব লাগে ময়ে ক’ম৷ তেওঁলোকে নি(য় অনুশোচনাত ভুগিব৷ অনুশোচনাই তেওঁলোকক শুদ্ধ-অশুদ্ধ চিনাত সহায় কৰিব৷

প্ৰজাসকলৰ শিৰ দোঁ খাই গ’ল মহাৰাজৰ প্ৰতি৷ কেইজন ৰজাই প্ৰজাক ভুল সংশোধনৰ সুযোগ দিয়ে? মহাৰাজ কেশৰীৰ দৰে সুবিবেচক ৰজা বাৰু জগতত আছে কেইজন? – ৰাইজে গুনগুনাই পাতিবলৈ ধৰিলে– ‘সঁচাকৈ দেই ক্ক আমাৰ মহাৰাজ অকল ৰাজ্যৰ ৰজাই নহয়, তেখেত ৰাইজৰ হৃদয়ৰো ৰজা৷’

ইতিমধ্যে ভোলা, বগী আৰু তেওঁলোকৰ লগত যোৱা গাহৰিদুজন ধীৰ খোজেৰে তলমূৰকৈ আহি ৰাইজৰ সাক্ষাততে মহাৰাজৰ সম্মুখীন হ’লহি আৰু ক্ষমা প্ৰাৰ্থনা কৰিলেহি৷ অনুতাপত চাৰিওজনৰে মন শুকান৷ মহাৰাজে সকলোৰে হৈ তেওঁলোকক ক্ষমা কৰা বুলি ঘোষণা কৰাৰ লগে লগে সকলোৱে আকৌ এবাৰ মহাৰাজৰ নামত জয়ধ্বনি দিবলৈ ধৰিলে–

:  জয় মহাৰাজ কেশৰীৰ৷ জয়৷

:  জয় সেউজপুৰৰ৷ জয়৷


সকলো কেইমাহমানৰ আগৰ দৰেই হৈ উঠিল৷ ৰাইজৰ মনবোৰ ফৰকাল ফৰকাল লাগিল৷ মহাৰাজ কেশৰীয়ে তেতিয়াহে মন কৰিলে, সভাত হ’বলগীয়া আচল আলোচনা বা সিদ্ধান্ত গ্ৰহণ কৰা হৈ গ’ল যদিও ৰাইজ দেখোন বহিয়েই আছে৷

:  আৰু কিবা বাকী থাকিল নেকি মহামন্ত্ৰী মহোদয়? – মহাৰাজে বৃকোদৰৰ ফালে চাই সুধিলে৷ বৃকোদৰে উত্তৰ দিলে–

:  নাই মহাৰাজ৷ সভা ভঙ্গ কৰিব পাৰি৷

:  মহাৰাজে অনুমতি দিলে মই কথা এষাৰ ক’ব খুজিছিলোঁ৷ – গেৰেলাই কিবা ক’ব খোজাত মহাৰাজে ইঙ্গিতেৰে অনুমতি দিলে৷ গেৰেলাই কৈ গ’ল–

:  মহাৰাজ, মই লাহে লাহে বুঢ়া হৈ আহিছোঁ৷ আৰুনো কিমান দিন মই এইখন পৃথিৱীত থাকিম ভগৱন্তইহে জানে৷ মোৰ কোনো পৰিয়ালো নাই৷ গতিকে আজি বহুদিনৰপৰা ইয়েই মোৰ সকলো৷ – এইবুলি গেৰেলাই ভোলাৰ ফালে চালে৷ ভোলা তেওঁৰ ওচৰ চাপি গ’ল৷ অনুতাপত দগ্ধ হৈ থকা ভোলাৰ মুখলৈ চাই চাই তেওঁ আকৌ ক’বলৈ ধৰিলে–

:  হাজাৰ হওক, ইয়ে মোৰ আপোন৷ যিমান বেয়া কামকে নকৰক লাগিলে ই, ইয়াক মই মোৰ পোৱালিৰ নিচিনাকৈ মৰম কৰোঁ৷ আপোনজন যে সদায় আপোনেই, এই কথা ই লাহে লাহে নিজেই বুজি উঠিছে৷ বিদেশীৰ মিছা কথাত ভোল গৈ ইহঁত কিছুমানে কিছু নকৰিবলগীয়া কাম কৰাৰ কথা ভাবিছিল যদিও এতিয়া বুজি পাইছে যে সেই ভবাখিনি ভুল আছিল৷ – কথা কৈ থাকোঁতে মাজে মাজে তেওঁ নিজৰ গালখন ভোলাৰ গালত ঘঁহাই থাকিল–

:  এতিয়া, উশাহটো বন্ধ হোৱাৰ আগতেই মই ইয়াৰ সংসাৰখন পাতি থৈ যাব খুজিছোঁ মহাৰাজ৷ সেউজপুৰৰ এনে আনন্দৰ দিনতে যদি এই শুভকামফেৰা সমাপণ হয় তেনেহ’লে সোণত সুৱগা চৰিব৷

গেৰেলা ৰ’ল৷ একেলৰে মহাৰাজৰ সম্মুখলৈ আহি বাটলুৱে তপৰাই মাত লগালেহি–

:  হয় মহাৰাজ, বৰ ভাল হ’ব৷ পিছে বিয়া পাতিবলৈ কইনা এজনীও লাগিব নহয়৷ 

বাটলুৰ ফালে চাই গেৰেলাই ইঙ্গিতেৰে বগীক দেখুৱালে৷ দেখিবলৈ মৰম লগা বগী লাজতে তেনেই ৰঙা-চিঙা পৰিল৷ গোটেইখন ৰাইজেই দেখিলে৷ বগী কিয় ভোলাৰ লগত বিদেশীৰ পিছে পিছে গৈছিলগৈ আটায়ে এইবাৰহে বুজিলে৷ 

ৰাইজে ভোলা আৰু বগীৰ বিয়াখন বহাগতে হ’ব লাগে বুলি হুলস্থুল কৰিবলৈ ধৰিলে৷ লাজতে বগী কোন তলকতনো তাৰপৰা আঁতৰ হ’ল ভোলাই গমকে নাপালে৷

হুলস্থুলৰ মাজতে চিকাৰীমৰা, হোলোংবাৰী¸ আৰু জালফলা ৰাজ্যৰ প্ৰতিনিধি মুখিয়ালকেইজনে কিবা আলোচনা কৰি একেলগ হৈ মহাৰাজৰ সম্মুখলৈ আহি সম্ভাষণ জনালেহি৷ মহাৰাজে প্ৰতিসম্ভাষণ জনাই ক’লে–

:  আপোনালোকে নি(য় কিবা এষাৰ ক’ম বুলিয়েই মোৰ ওচৰলৈ আহিছে৷ কওক কওক৷ আজি আমাৰ মহা আনন্দৰ দিন৷ এনে দিনত আপোনালোকক কাষত পাই আমি ধন্য হৈছোঁ৷

জালফলা ৰাজ্যৰ প্ৰধান সেনাপতি ঘোটকচন্দ্ৰ নামৰ ঘোঁৰাজনে কৈ উঠিল–

:  হয় মহাৰাজ৷ আপোনাৰ নাম-যশ শুনি শুনিয়েই আমি ডাঙৰ হৈছোঁ৷ আজি যেনিবা আপোনাক কাষৰেপৰাই দেখাৰ সৌভাগ্য হ’ল৷ দেখাই নহয়, আপোনাৰ সৈতে দুষাৰ কথা পাতিবলৈকো অনুমতি লাভ কৰিলোঁ৷ – ঘোটকচন্দ্ৰৰ কথা শুনি বাকীকেইজনেও হয় হয় কৰিলে৷

:  আমিও আপোনালোকক পাই সুখী হ’লোঁ৷ মই পঠোৱা একেটি মাত্ৰ বাৰ্তাৰ প্ৰতি আপোনালোকৰ সঁহাৰিৰ বাবে তিনিওখন ৰাজ্যৰ মাননীয় মহাৰাজসকললৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ তদুপৰি...

মহাৰাজৰ কথাৰ মাজতে ধৰি চিকাৰীমৰা ৰাজ্যৰ মন্ত্ৰী গেঁঠুলাল নামৰ বৃদ্ধ ভালুকজনে কৈ উঠিল–

:  এস্‌ তেনেকৈ নক’ব মহাৰাজ৷ আপুনি তেনেকৈ ক’লে আমি লাজ পাওঁ৷ আচলতে আমিহে আপোনাক কৃতজ্ঞতা জনোৱা উচিত৷ আপুনি আগতীয়াকৈ খবৰ নিদিয়াহ’লে বিদেশী শিক্ষকদুজনৰ প্ৰকৃত উদ্দেশ্য আমিও নাজানিলোহেঁতেন৷ তেওঁলোকে আমাৰ ৰাজ্যতো পাঠদান কৰিম বুলি আমাৰ মহাৰাজৰ অনুমতি প্ৰাৰ্থনা কৰিছিলগৈ৷ তেওঁলোকে ভবাৰ ধৰণেই ঘটনাবোৰ ঘটাহ’লে কি যে হ’লহেঁতেন...! মহাৰাজ, আমাৰ চকুৰ আগতে আপুনি আৰু আপোনাৰ বিচক্ষণ সভাসদসকলে কেইটামান মুহূৰ্তৰ ভিতৰতে এখন খণ্ডযুদ্ধৰ আশঙ্কা হেলাৰঙে নোহোৱা কৰিলে৷ আপোনালোকৰ দৰে বিচক্ষণ সভাসদ, বৃহৎ সেনাদল আমাৰ নাই৷ আপোনালোক নোহোৱাহ’লে আমাৰ ৰাজ্যৰ কি যে অৱস্থা হ’লহেঁতেন ! আপোনালোকে আমাৰ ৰাজ্যকো ৰক্ষা কৰিলে মহাৰাজ৷ আমি আপোনালোকৰ ওচৰত প্ৰকৃততেই কৃতজ্ঞ৷

:  আপোনাৰ কথাষাৰৰ সত্যতা অৱশ্যেই আছে৷ পিছে আমি যদি চুবুৰীয়া ৰাজ্যকেইখনে পৰস্পৰে পৰস্পৰক সহায়-সহযোগ নকৰোঁ তেন্তে কোনে কৰিবহি? এই ফালৰপৰা আমি সেউজপুৰবাসীয়ে কেৱল কৰ্তব্যহে পালন কৰিছোঁ মহাশয়৷ –মহাৰাজে বিনয়েৰে সমিধান দিলে৷

:  মহাৰাজ, এইখিনিতে মই হ’লে কিছু বেলেগ ধৰণৰ কথা এষাৰহে কওঁ বুলি ভাবিছোঁ৷– হোলোংবাৰী নামৰ ৰাজ্যৰ বান্দৰসেনাৰ সেনাপতি মৰ্কটৰামে মহাৰাজৰ সম্মুখলৈ আহি অভিবাদন জনাই ক’লেহি৷ মহাৰাজে মূৰ দুপিয়াই প্ৰতি অভিবাদন জনাই সন্মতি প্ৰকাশ কৰিলে৷ তেওঁ কৈ গ’ল–

:  মহাৰাজ, যোৱাবছৰ আপোনালোকে সেউজপুৰত  বৰ সুন্দৰকৈ উলহ-মালহেৰে বিহু  উৎসৱ পাতিছিল বুলি মোক বন্ধুবৰ মলুৱা মহোদয়ে জনাইছিল৷ মহাৰাজ, এইবাৰো বহাগ পালেহিয়েই দেখোন৷ এইবাৰ বহাগী উৎসৱভাগ আমাৰ চাৰিওখন ৰাজ্যই লগে-ভাগে পাতিব নোৱাৰিনে? সেউজপুৰে মন কৰিলে সকলো কৰিব পাৰে, মহাৰাজ৷ আমি কিন্তু নোৱাৰোঁ৷ আমাৰ ৰাজ্যখন তেনেই নিশকতীয়া৷ গতিকে আপোনালোকে উদ্যোগ ল’লে...

:  একেবাৰে পৰিৱেশৰ সৈতে খাপ খোৱা কথা এষাৰ কৈছে ডাঙৰীয়া৷– মহাৰাজে দাঢ়িৰ মাজেদিয়েই মুখত হাঁহি এটা ফুটাই তুলি কৈ গ’ল– কিয় নালাগে? পাতিব লাগে, পাতিব লাগে৷ আমি অসমীয়া জন্তু হৈ যদি বাপতিসাহোন বিহুটোকে পাতিব নোৱাৰিলোঁ, জীৱনতনো কৰিলোঁ কি?

হিতৰামৰ মনটো সেমেকি আছিল৷ সেনাপতি হোৱাৰ দিন ধৰি তেওঁ ক’তো অকণো সামৰিক শক্তি প্ৰদৰ্শন কৰাৰ সুযোগ পোৱা নাই৷ যুদ্ধ একোখন হ’ব হ’ব লাগে, কিন্তু মহাৰাজে এনে কিবা এটা কৰি পেলায় যে যুদ্ধখন নহয়গৈ৷ টলকা মাৰি কথাবোৰ শুনি শুনি হিতৰামে কি কৰিলেনো নিজৰ প্ৰতি ৰাইজৰ মনোযোগ আকৰ্ষণ কৰিব পৰা যাব তাকে চিন্তা কৰি আছিল৷ এইবাৰ হঠাতে থিয় হৈ তেওঁ গোজৰণি এটা মাৰিলে৷ লগে লগে মহাৰাজকে ধৰি সকলো আচৰিত হ’ল৷ হুলস্থুল কৰি থকা ৰাইজো থৰ লাগিল৷ সেনাপতিয়ে কিয় গুজৰিলে– আটাইৰে মনত প্ৰশ্ন৷

:  ৰাইজ৷– হিতৰামে তেওঁৰ ডাঙৰ মাতটো আৰু ডাঙৰ কৰি ক’বলৈ ধৰিলে– ৰাইজ, আমাৰ মাননীয় মহাৰাজে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সিদ্ধান্তটো কি জানেনে?

ৰাইজৰ ফালৰপৰা একো শব্দ এটা নহ’ল৷ আটায়ে ভয়ত থৰহৰি কম্পমান৷ হিতৰামে আকৌ ক’লে–

:  এইবাৰ আমাৰ ৰাজ্যত সেউজপুৰ, চিকাৰীমৰা, হোলোংবাৰী আৰু জালফলা এই চাৰিওখন ৰাজ্যই মিলিজুলি বিহু পাতিম৷ 

লগে লগে সকলো ৰাইজ আনন্দত যেন ফাটিহে পৰিল৷ ৰাইজৰ আনন্দ-উলাহৰ মাজতে মহামন্ত্ৰী বৃকোদৰে ক’লে–

:  আগৰ বাৰ বিহু পাতোঁতে বাটলু ডাঙৰীয়াৰ মতেই সকলোখিনি হৈছিল৷ এইবাৰো তেখেতকে বিহু আয়োজনৰ সকলো দায়িত্ব দিব লাগে মহাৰাজ৷ সকলো তেখেতৰ মতেই হ’ব৷ আমি কেৱল তেখেতৰ কথামতে কামহে কৰিম৷

:  বাটলু ক’লৈ গ’ল? – প্ৰশ্নবোধক চাৱনিৰে ইফালে সিফালে চাই মহাৰাজে সুধিলে৷ তেখেতৰ পিছফালৰপৰা আগলৈ আহি বাটলুৱে ক’লে–

:  মই ইয়াতে আছোঁ মহাৰাজ৷

:  হেৰৌ বাটলু, এধানমান প্ৰাণীটো হৈ তইনো ক’ত লুকাই থাকগৈ? মোৰ সম্মুখতে থাকিবিচোন৷ মই দেখি থকাতে থাকিবি৷ এতিয়া শুন৷ হোলোংবাৰীৰ মাননীয় মৰ্কটৰাম মহোদয়ে আমাৰ চাৰিওখন ৰাজ্য মিলি বিহু পতাৰ কথা কৈছে৷

:  মই শুনিয়ে আছোঁ মহাৰাজ৷ এতিয়া পাতিবহে লাগে আৰু৷ ৰাইজে নখ জোঁকাৰিলে নৈ বয়৷ গতিকে পাতোঁ বুলি ভাবিলেই বিহুখন হৈ উঠিব৷

:  তেনেহ’লে তই এটা কাম কৰ৷ বিহুভাগ কেনেকৈ পাতিম, তাত কি কি নাচ-বাগ হ’ব, খোৱা-বোৱাৰ ব্যৱস্থা কি কি থাকিব, কিবাকিবি প্ৰতিযোগিতা পাতিব লাগিব নেকি আদি সকলো দিশ সামৰি তই এটা পৰিকল্পনা কৰ৷ ভাগে ভাগে কাক কি কামৰ দায়িত্ব দিবি সেইটোও ঠিক কৰিবি৷ তই আটাইখিনি জানই, মই কেৱল তই পাহৰিব পাৰ বুলি উনুকিয়াইহে দিছোঁ৷ 

:  আপুনি নিশ্চিন্ত হৈ থাকক মহাৰাজ৷ এইবাৰ কাষৰীয়া ৰাজ্যৰ ৰাইজকো দায়িত্ব দিব লাগিব৷ দায়িত্বত থকাসকলক কেইদিনমানৰ আগৰেপৰা আমাৰ অতিথিশালাতে ৰখাৰ ব্যৱস্থাও কৰিব লাগিব৷ – এইবুলি বাটলুৱে মাইকটোৰ সম্‌ুখলৈ গৈ ৰাইজৰ ফালে চাই ক’বলৈ সাজু হ’ল৷ তাত যে মলুৱাই মাইকটো পাতি থৈছিল এতিয়াহে আটাইৰে চকুত পৰিল৷ ইমান পৰে মাইকৰ সম্মুখতকোনেও কথাই কোৱা নাছিল৷ বাটলুৱে উৎসাহেৰে কৈ গ’ল –

:  ৰাইজ, বিহু পাতিবনে নাপাতে?

আটায়ে পাতিম পাতিম বুলি উৰুলীকৃত হৈ উঠিল৷ বাটলুৱে ৰাইজৰ উলাহ কমালৈ অকণমান ৰ’ল৷ তাৰ পাছতে পুনৰাই ক’লে–

:  তেনেহ’লে যাৰ ভাগত যি কাম পৰে সেইমতেই আটায়ে কৰিব লাগিব৷ কৰিবনে নকৰে?

আকৌ ৰাইজে কৰিম কৰিম বুলি সমস্বৰে চিঞৰি উঠিল৷ হুলস্থুলৰ মাজতে দূৰণিৰপৰা কুউ কুউ ধ্বনি ভাহি অহা শুনি বাটলুৱে কাণ দুখন থৰ কৰি শুনিলে৷ তাৰ পাছতে আকৌ ৰাইজক সুধিলে–

:  শুনিলেনে ৰাইজ? কুলি আহিলেই৷ তাৰমানে বিহু তেনেই কাষ চাপিলহি৷ কেইটামান দিননো আছেগৈ জানো?

:  পোন্ধৰ দিন৷– বগলী পণ্ডিতে ক’লে৷

:  তেনেহ’লে এতিয়া ৰ’বলৈ সময় নাই৷ আজি ৰাতিটো মই চিন্তা কৰোঁ৷ কাইলৈ ৰাইজ আকৌ এবাৰ ইয়াতে গোট খাওকহি৷ আমি কথাবোৰ একেবাৰে ফাইনেল কৰি পেলাম৷ মাননীয় অতিথিসকলো আজি আমাৰ ইয়াতে দুখে-সুখে থাকক৷ কাইলৈ একেবাৰে কথা-বতৰা পাতি ঠিক-ঠাক কৰিহে ঘৰাঘৰি যাবগৈ৷

কথা-বতৰা চলি থকাৰ মাজতে মহাৰাজ কেশৰীয়ে তেখেতৰ তীক্ষ্ণ দৃষ্টিৰে দূৰণিত কাৰোবাৰ আগমন ঘটা দেখা পালে৷ তেখেতে মন্ত্ৰী বৃকোদৰ আৰু বগলী পণ্ডিতক কিছু একাষৰীয়াকৈ আঁতৰাই লৈ গ’ল৷ বাটলুৱে সেইফালে লক্ষ্য কৰিলে৷ মহাৰাজে নি(য় কিবা এটা উদ্দেশ্য লৈ দুয়োকে আঁতৰাই নিছে– ভাবিলে বাটলুৱে৷

:  মন্ত্ৰী মহোদয়, কাৰোবাক এইফালে অহা যেন দেখিছোঁ৷ দুখোজ আগ বাঢ়ি গৈ চাই আহকচোন৷– মহাৰাজে ক’লে৷ মহাৰাজৰ মুখলৈ চাই বগলী পণ্ডিতে ক’লে–

:  ময়ে উৰা মাৰি চাই আহোঁ নেকি মহাৰাজ?

:  নালাগে৷ আপুনি নালাগে৷ মন্ত্ৰী মহোদয় যাওক৷

বৃকোদৰ আগ বাঢ়ি গ’ল৷ কেইখোজমান গৈয়ে তেওঁ চিনি পালে– আগন্তুক আন কোনো নহয়, স্বয়ং তেওঁৰে পুত্ৰ গদাধৰ৷ বিলাতৰপৰা পুতেক উভতি আহিছে অথচ বৃকোদৰে বিশ্বাসেই কৰিব পৰা নাই, তেওঁ যেন সমাজিকহে দেখিছে৷ তেওঁৰ চকুহাল পানীৰে উপচি পৰিল৷ কিমান দিন যে হ’ল পুতেকক দেখা নোপোৱা৷ পুতেক আহি ওচৰ পোৱালৈ তেওঁ ৰৈ দিলে৷ 

গদাধৰ আহি পিতাকক মাত লগালেহি, ‘দেউতা৷’

:  আহিলি?  কিমান দিনৰ কাৰণে বা আহিছ? – পুতেকৰ মূৰৰপৰা ভৰিলৈকে শূৰডালেৰে মৰম কৰি কৰি সুধিলে বৃকোদৰে৷ গদাধৰে নিজৰ শূৰেৰে দেউতাকৰ চাৰিওখন ঠেঙত পানী ঢালি আঁঠু কাঢ়ি সেৱা জনাই ক’লে–

:  চিৰদিনৰ কাৰণে দেউতা৷

ইতিমধ্যে মহাৰাজ আৰু পণ্ডিতো আহি সেইখিনি পালেহি৷ গদাধৰে দুয়োকে প্ৰণাম জনালে৷ মহাৰাজে ক’লে–

:  স্বদেশলৈ স্বাগতম, গদাধৰ৷ বিদেশৰ শিক্ষাৰে শিক্ষিত হৈ স্বদেশৰ ৰাইজক শিক্ষিত কৰি তুলিবলৈ তোমাৰ যি আগ্ৰহ তাক মই প্ৰশংসা কৰিবই লাগিব৷ মোৰ চিঠিখনৰ প্ৰতি তোমাৰ শ্ৰদ্ধা দেখিও মই বৰ সুখী হৈছোঁ বোপাই৷

চাৰিওজন উভতিল৷ ৰাইজৰ মেল চলিয়ে আছিল৷ মহাৰাজে ৰাইজক গদাধৰৰ প্ৰত্যাৱৰ্তনৰ খবৰ দিলে৷ বিলাতত পঢ়ি-শুনি অহা হাতীৰ ল’ৰাটোৱে ৰাইজক শ্ৰদ্ধা-সম্ভাষণ জনালে৷ মহাৰাজে গদাধৰক ক’লে –

:  এওঁক চোৱাঁচোন গদা৷ – মহাৰাজে কাৰ কথা কৈছে চালে গদাধৰে, কিন্তু কাকো নেদেখিলে৷ তেখেতে আকৌ ক’লে– 

:  মোৰ নাকত আগত চোৱাঁ৷ এওঁৰ নাম বাটলু৷ অতিশয় সাহসী আৰু বুদ্ধিমান৷ তোমালৈ যে মই চিঠিখন লিখিছিলোঁ, বুদ্ধিটো মোক এৱেঁই দিছিল৷ এওঁক আমি আটায়ে শ্ৰদ্ধা কৰোঁ৷ 

 গদাধৰে বাটলুক প্ৰণাম জনালে৷ বাটলুৱেও তাৰ সৰু সৰু হাতোৰা দুখনেৰে প্ৰতি সম্ভাষণ জনালে৷      

 [অন্ত৷]

টোকা :  ইংলেণ্ডৰ পশুপাম :  জৰ্জ অৰৱেলৰ প্ৰখ্যাত উপন্যাস এনিমেল ফাৰ্ম৷ 


ঠিকনা :

বাগেশ্ৰী কলা মন্দিৰ

উপপথ 'বি', জোনাকী পথ

খনীয়া গাঁও, ডিব্ৰুগড়- ৭৮৬০০৩

অসম। ফোন ৮৪৮৬০৩৩৮৩৬

ইমেইল : smritirekhaassam@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ