তেতিয়াৰ দিনৰ কথাই বেলেগ আছিল। সেই তাহানিখনত, মানে আমি সেই প্ৰাথমিক বিদ্যালয়ত পঢ়াৰ দিনবোৰৰ কথা ক’ব বিচাৰিছোঁ। এতিয়া কথা হৈছে কোনটো দশকলৈ উভতি যোৱা যায়? এক কথাত ক’বলৈ হ’লে, ফিৰিঙ্গীৰ পৰা বাপুৱে আন বহু বাহুবলী, মগজধনী সৈন্য-সামন্তৰ সহায়ত দেশখন মুকলি কৰাৰ পাছৰ যিকোনো এটা দশক, যেনে ধৰক ষষ্ঠ, সপ্তম, অথৱা আষ্টম দশক। সেইকেইটা দশকত ভাৰতবৰ্ষ তথা অসমৰ সৰু সৰু চহৰ বা গাঁওবিলাকৰ ৰাইজৰ জীৱন-ধাৰণ, পূজন, অৰ্চন, গায়ন-বায়ন, অতিথি-আপ্য়ায়ণ, বিয়াৰ নিমন্ত্ৰণ, হৰেক-মালৰ বাচন-বৰ্তন, নেতাসকলৰ ভাষণ, কলেজৰ এক্সকাৰ্শ্বন, অংকৰ টিউশ্যন্, ফলা খৰিৰ পিটন, টেঙা মৰ্টন ইত্যাদি সকলো মোটামুটি একেই আছিল। পিছে সেই অষ্টম দশকৰ মাজভাগমানত এটা বৰ আপদীয়া বস্তু আহি আমাৰ সমাজত বৰ বেয়াকৈ শিপাবলৈ ল’লে। সেইটো হৈছে টেলিভিশ্যন। মুঠতে নাম যেনেকুৱা কামো তেনেকুৱাই, গোটেইমখা মানুহক ভীষণভাৱে তেলিয়াই তেলিয়াই একোটা কোঠালিৰ মাজত দিনে-ৰাতিয়ে, পূজাই-পাৰ্বণে, বিহুৱে-সংক্ৰান্তিয়ে আৱদ্ধ কৰি ৰাখিবলৈ ল’লে।
যি কি নহওক টেলিভিশ্যনক বাৰু পিছত বহি লৈ ভালকৈ এজাউৰি গোৱাল গালি পাৰিম। এই মুহূৰ্তত সেই অষ্টম নে নৱম দশকৰ প্ৰাথমিক বিদ্যালয়খনলৈ উভতি যাওঁ আহক। ভাষাৰ শুদ্ধতাৰ খাতিৰত বাৰে বাৰে প্ৰাথমিক বিদ্যালয় বুলি লিখিছোঁ হয়, আমাৰ কথিত ভাষাত পিছে সেই সময়ত কেতিয়াবা প্ৰাথমিক বিদ্যালয় বোলা শব্দটো উচ্চাৰণ কৰিছিলোঁ নে নাই সেই কথা কিন্তু মনত নাই। আমাৰ মুখত সদায় এটা কথাই আছিল, এল. পি. স্কুলত পঢ়িবলৈ যোৱা। এল. পি. স্কুলৰ আচল মানেটো যে ল'ৱাৰ প্ৰাইমেৰী স্কুল সেইটো মই চাগে হাইস্কুলৰ মাজ ভাগ মানতহে উদঘাটন কৰিছিলোঁ।
যি কি নহওক স্কুল বুলি ক’লেই ভীষণ ভয় খাইছিলোঁ, বিশেষকৈ আনৰ মুখত মাষ্টৰৰ মাৰ, চেকনিৰ আগত বিদ্যা ইত্যাদি কথাবোৰ অলপ বুজিব পৰা হোৱাৰ পৰাই একেবাৰে সাধুকথাৰ দৰেই শুনি আহিছোঁ। অন্যহাতে আমাৰ সেই সৰু চহৰখনৰপৰা মাত্ৰ অলপ দূৰৰ সৰু চুবুৰিটোত, ওচৰতে দক্ষিণ ফালে মথাউৰিটো, তাৰ সিপাৰৰ ধাননি পথাৰখন, পথাৰৰ গাতে লাগি থকা সৰু হাবিয়নিখন, হাবিয়নিৰ ঔটেঙা গছজোপা, সেই হাবিয়নিৰ কাষেৰে বৈ যোৱা শান্ত যেন লগা দিখৌ নদীখন, পশ্চিমে আমাৰ চুবুৰি আৰু অ’. এন. জি. চি. ক'ল'নিক ভাগ কৰি ৰখা সেই আঠ ফুটমান ওখ ইটাৰ দেৱালখন, চুবুৰিৰ ইঘৰ-সিঘৰৰ বাৰীৰ সন্মুখ বা পিছফালৰ আমলখি, মধুৰী, বগৰী ইত্যাদি গছবোৰ, আনফালে উত্তৰে কিছু দূৰত যান-বাহন চলাচল কৰা বি. জি. ৰোড পাৰ হৈ ৰে'ল-আলিৰ সিপাৰৰ ধাননি পথাৰখন আৰু যে কিমান কি নাছিল টিঘিলঘিলাই ফুৰি দিন কটাবলৈ।
এনেদৰে টিঘিলঘিলাই ফুৰোঁতে কেইবাটাও ঘটনা ঘটিছিল। মোৰ জন্মৰ কেইবছৰ মানৰ পাছতেই আমাৰ পৰিয়ালটো শিৱসাগৰৰ আমোলাপট্টিৰ ভাড়াঘৰৰ পৰা উঠি আহি নতুনকৈ গঢ়ি উঠা অ'. এন. জি. চি. কলনিৰ গাতে লাগি থকা লখিমীনগৰত মাটি এডোখৰলৈ সৰুকৈ সজা বাঁহ-খেৰৰ আটোম-টোকাৰি ঘৰটোত থাকিবলৈ ল'লোঁ। ১৯৭৬ চনত নেকি প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে আৰ্বান লেণ্ড চিলিং এক্ট জাৰি কৰিছিল, আৰু এই এক্ট মতে চহৰ অঞ্চলৰ ধনিক শ্ৰেণীৰ উভৈনদী মাটি থাকিলে চৰকাৰে সমীচিন ভাগ বতৰা কৰিব। সেই এক্ট জাৰি হোৱাৰ লগে ধনিক শ্ৰেণীয়ে মটি বিক্ৰী কৰিবলৈ লোৱাত আমাৰ চুবুৰীৰ দৰে আন আন বহু চুবুৰী গঢ়ি উঠিল চহৰ খনত। যি কি নহওঁক আমি তালৈ অহাৰ সময়ত সেৰেঙাকৈ মাথো কেইটা মান ঘৰহে আছিল। আমাৰ ঘৰৰ পৰা মথাউৰি দেখা গৈছিল। ঘৰৰ সন্মূখত কেঁচা ৰাস্তাটো, ইপাৰে কেইবা খণ্ড মাটি বেলেগে জেওৰা দি থোৱা আছে, কোনোবাই ঘৰ সাজিবৰ বাবে লৈ থৈছে। তাৰ ইপাৰে সৰু এখন ধাননি পথাৰ আৰু পথাৰৰ গাতে লাগি আছে অ'. এন. জি. চি. কলনিৰ দেৱাল আৰু দেৱালৰ সিপাৰেই চেন্ট্ৰেল স্কুল। আমাৰ ঘৰৰ একাষে এখন জেওৰা দিয়া বাৰী, ঘৰ সজা নাই, অন্য কাষে মথাউৰিলৈকে খালি। তাতে ঠায়ে ঠায়ে কেইবাটাও বিহলঙনি আৰু বাঘঢকা বা জাৰ্মানি বনৰ জোপোহা। স্কুল যোৱাৰ বয়স হোৱা আগৰ পৰাই দুপৰ বেলা মায়ে ঘৰৰ কাম বনত ব্যস্ত থকাৰ সময়ত সেই বাঘঢকা, বিহলঙনি বনৰ মাজত নিজে লুকা-ভাকু খেলি থাকিছিলোঁ। খেলাৰ লগৰীও নাছিল, খেলনা বস্তুও নাছিল। সেই সময়ত দাদা আৰু বাইদেউ দুয়োজনেই দুই কিল'মিটাৰ মান দুৰৈৰ ফুকন নগৰৰ এল. পি. স্কুললৈ গৈছিল। আমোলাপট্টিৰ পৰা অহাৰ পাছতো দূৰ হয় যদিও স্কুল সলনি কৰা নাছিল। সিহঁত স্কুলৰ পৰা অহাৰ সময়তো প্ৰায়েই বিহলঙনি আৰু বাঘঢকাৰ বনত লুকাই থাকিছিলোঁ। তেনে সময়তে এদিন বিহলঙনি ধৰা হাতখন হয়তো ভুলতে চকুত লগাইছিলোঁ, অলপদেৰিৰ পাছত চিঞৰত তাল ফাল লগাই ঘৰলৈ দৌৰি গৈছোঁ, চকু পুৰিছে বুলি সেই হাতেৰেই বাৰে বাৰে চকু মোহৰাত আৰু বেছি যন্ত্ৰণা। অৱশেষত মায়ে গাখীৰেৰে কেইবা বাৰো চকু ধুৱাই দিয়াত সকাহ পালোঁ।
লাহে লাহে চুবুৰীত অ'. এন. জি. চি. ত চাকৰি কৰা মানুহে ঘৰ সজাবলৈ ল'লে আৰু চাঁওতে চাওঁতে প্ৰায় খালী ঠাই নোহোৱাৰ নিচিনাই হ'ল। সেই অঞ্চল পথাৰৰ মাটি আছিল বাবে ঘৰ সাজিবলৈ প্ৰথমে বাৰীৰ পিছফালে এটা পুখুৰী খান্দে আৰু সেই মাটিৰেই ঘৰৰ ভেটি সাজি ঘৰ বনায়। আৰু পাছলৈ পুখুৰীবোৰ বছৰৰ পাছত বছৰ ঘৰুৱা জাবৰ-ভোবৰ পেলাই পুতি পেলোৱা হয়। আমাৰ ঘৰৰ চুকীয়া-চুকিকৈ থকা নতুনকৈ অহা ঘৰৰ এটা কোঠা সজোৱা হোৱাৰ পাছতেই দুটা ল'ৰা-ছোৱালী থকা পৰিয়ালটো আহি থাকিবলৈ ল'লে। বাকী আধা সজা ঘৰৰটোত আমি চুবুৰীৰ ল'ৰা-ছোৱালী মখাই আবেলি লুকাভাকু, হেতালি ইত্যাদি খেল খেলিছিলোঁ। বাৰীৰ পিছফালৰ ভেটি তোলা পুখুৰীটো বাৰিষাৰ পানীৰে ভৰি আছিল। লুকাভাকু খেলোঁতে কোনোবা পাকত লুকাবলৈ ভাল ঠাই বিচাৰি নাপাই মোৰ সৰুফুটিয়া মগজত খেলালে যে পুখুৰীৰ পানীৰ তলত লুকালে কোনেও নেদেখিব। ভবা মতেই কাম, কোনেও নেদেখাকৈ পুখুৰীৰ পানীত দিলোঁ জোবোৰা মাৰি, তাৰ পাছতহে গম পাইছোঁ যে পানীৰ তলত থকাতো সহজ নহয়। আনহাতে সেই চাৰি -পাঁচ বছৰ বয়সত সাঁতোৰো নাজানিছিলোঁ। কাকো চিঞৰি মতাৰো কথা নাই, কিয়নো লুকাভাকু খেলিছোঁ। পানীৰ তলটোও ভৰিৰে ঢুকি নাপাওঁ, মহা পয়মাল। ককবকাই ককবকাই, হাত ভৰি আচাৰি সৰু পুখুৰীটোৰ ইটো পাৰে থকা জেওৰাখনত ধৰিহে কোনোমতে ৰক্ষা পৰিলোঁ। তাৰ পাছত লাহে লাহে পানীৰ পৰা উঠি আহি বাকীবিলাকক বিচাৰিলোঁ। ইতিমধ্য়ে সিহঁতৰ এবাৰ খেলা হৈও গ'ল, মোক বিচাৰি নেপায়েই নেকি সকলোৱে ঘৰলৈ গ'লোঁ বুলি ভাবি সিহঁতে নিচিন্তে খেলি থাকিল। মইহে ঘৰলৈ যোৱা কথা শুনি ভয় খালো, কৰণ তিঁতা কাপোৰেৰে ঘৰলৈ গ'লেটো পুখুৰীত নামিছোঁ বুলি মাৰ হাতৰ পৰা পিটন খোৱাটো খাটাং। কোনোবা এজনে বুদ্ধি দিলে যে পেন্ট চাৰ্ট খুলি শুকাবলৈ মেলি দিলে গধুলি হোৱাৰ আগতেই শুকাই যাব। গতিকে কথা মতেই কাম, কাপোৰ শুকাবলৈ দি এটা চুকত বিবস্ত্ৰহৈ লুকাই থাকিলোঁ। ইতিমধ্যে লগৰে কোনোবা এজন মহাপুৰুষে মই পুখুৰীত নমাৰ কথা মাৰ কাণত পেলালেগৈ। মায়ে খবৰ পায় হাতত চেকনিলৈ সেইফালেই অহাৰ খবৰ পাই মই লুকোৱাৰ ঠাইৰ পৰা যেনেকে আছিলোঁ তেনেকৈয়েই চেকুৰ ধৰিলোঁ। মায়ে সেই দিনা দিয়া চেকনিৰ কোব জীৱনলৈ মনত থাকিল। পিছে সেইয়াই যে পানীৰ লগত শেষ খেলা আছিল তেনে নহয়।
সেই সময়তেই আমাৰ পিছফালৰ মানুহ ঘৰেও ডাঙৰ পকীঘৰ সজাইছে। তেওঁলোকৰ বাৰীৰ পিছফাল আৰু আমাৰ বাৰীৰ পিছফাল লগা-লগি। তেওঁলোকে পকী চেনিটেৰি লেট্ৰিন সজাবৰ বাবে এটা প্ৰকাণ্ড গাঁত খন্দাইছে, প্ৰায় সাত আঠ ফুট মান দ'। দিনৰ বেলা কাম চলি থকাৰ সময়ত মই সৰু বুলি সেই ফালে যোৱা যিয়েই দেখে, ঘৰৰে হওঁক বা পৰৰে হওঁক সিয়েই মোক মোটা-মুটি খেদি পঠায়। যিমানে হকা-বাধা কৰে সিমানে মোৰ সেই গাঁতটো ওচৰৰ পৰা চোৱাৰ প্ৰৱল ইচ্ছা জাগিলে। গতিকে গধুলি হোৱালৈ বাট চালোঁ, যেতিয়া কোনো নাথাকিব সাউৎকৈ চাই আহি যাম। ভবা মতেই কাম, গধুলি প্ৰাৰ্থনা হৈ যোৱা পাছত সকলো ৰীতিমতে নিজৰ কামত, মানে মা ৰান্ধনিঘৰত, দাদা-বাইদেউহঁত পঢ়া টেবুলত বহিলগৈ। বাহিৰত তেতিয়াও অলপ পোহৰ আছিল। মই সুযোগ বুজি পিছফালে গৈ সেই গাঁত টোৰ ওচৰ পালোঁগৈ, চাবলগীয়া বিশেষ একোটো নাছিল, এটা প্ৰকাণ্ড গাঁত আৰু কাষত মস্ত মাটিৰ দ'ম আৰু অন্য ফালে ইটাৰ ঠাক। তেতিয়া চিন্তা আহিল যে নামি চোৱা যাওঁক। নমাৰ কাৰণেটো তাত কোনো জখলা নাই! বেছি গুণাগঁথা নকৰি দিলোঁ গাঁতত জাঁপ মাৰি। সাত আঠ ফুট মানৰ গাঁতটোৰ তলত হামখুৰি খাই পৰিলোঁগৈ। ভাগ্যে কতো দুখ নাপালোঁ। খৰালি কাল আছিল বুলিহে তাত পানী জমা হৈ থকা নাছিল। পিছে গাঁতত সোমালোঁ হয়, এতিয়াহে চিন্তা হৈছে যে উঠি অহাৰ কোনো উপায় নাই। সেই সাত আঠ ফুটৰ গাঁতৰ পৰা মোৰ তিনিফুটীয়া শৰীৰটোৱে কেনেকৈ বগাই উঠিম? ইফালে ঘৰত কোনেও গম নোপোৱাকৈ আহিছোঁ। আজিৰ মাৰ পৰা পিটন খোৱাটো একেবাৰে খাটাং। কি কৰা যায়, চিঞৰিবলৈও ভয়। সকলোৱে মানা কৰা ঠাইলৈ আহি বিপদত পৰিলোঁহি। চুবুৰীয়া ঘৰে গম পালে বা কি কয় কোনে জানে? মুঠতে মূৰত এশ এবুৰি চিন্তাই পিৰপিৰালেহি। ইফালে আন্ধাৰো হৈ আহিছে। লাহে লাহে ভয় লাগিবলৈ ধৰিলে। শেষত উপায়বিহীন হৈ চিঞৰিবলৈ ধৰিলোঁ। সেই গাঁতৰ ভিতৰৰ পৰা মৰা চিঞৰ আমাৰ ঘৰৰ কোৰো কাণত নপৰিলগৈ। কিন্তু চুবুৰীয়া ঘৰৰ, সেই সময়ত বোধহয় হাইস্কুললৈ যোৱা ল'ৰাজনে পিছফালে কিবা কাৰণত আহোঁতে মোৰ টেঁটুফলা চিঞৰ শুনিবলৈ পালে। তেওঁহে গাঁতৰ পৰা তুলি আনি ঘৰত থৈ গ'লহি, লগতে মোৰ কাণ্ডটোও মাক বিবৰি ক'লে। কোনোমতে উদ্ধাৰ হ'লো যদিও তাৰ পাছৰ পৰ্বটো কি আছিল সেইয়া নকলেও পাঠকে বুজিছেই নিশ্চয়।
এই ধৰণৰ আমোদজনক মুক্তবিহংগৰ জীৱন যাত্ৰা এৰি স্কুলৰ সেই শ্ৰেণীকোঠাৰ চাৰি বেৰৰ মাজত, হাতত চিলথ আৰু মাটি-পেঞ্চিল লৈ মাষ্টৰৰ চেকনিৰ আগত বহিবলৈ একেবাৰে ইচ্ছা নাছিল। পিছে ঘৰৰ পৰা সদায় স্কুললৈ পঠোৱাৰ যা-যোগাৰ চলি থাকে। এদিন কথাটো এনে পৰ্যায় পালেগৈ যে ঘৰত থাকি ফলা খৰিৰ মাৰ খাবি নে স্কুলত চেকনি খাবি? সেই কালৰ সৰুফুটীয়া মগজেৰে যি বুজি পালোঁ তাৰে অৱশেষত স্কুল যোৱাটোকে ঠিক কৰিলোঁ। তেতিয়াৰ দিনত বিধিসন্মত ভাৱে নাম পঞ্জীয়ন নকৰাকৈও স্কুল যাব পৰা গৈছিল, যদি কাৰোবাৰ বায়েক বা ককায়েক একে স্কুলত থাকে। মোকো প্ৰথমে পঠোৱা হ’ল বাইদেৱে পঢ়া, চুবুৰীটোতে থকা এল. পি. স্কুল খনলৈ। দাদা তেতিয়াও সেই আগৰ স্কুলতেই। চুবুৰীৰ স্কুলত বেলেগে শ্ৰেণী কোঠা বুলি ভাগ নাছিল। বহু কেইখন খিৰিকী থকা এটা প্ৰকাণ্ড দীঘলীয়া কোঠা, তাতে বেঞ্চ আৰু ডেস্কৰ চাৰিটা বা পাঁচটা শাৰী, সন্মূখত ব্লেকবৰ্ড। শাৰীৰ মাজত যদি বেছিকৈ খালী ঠাই আছে তাৰমানে তাৰ সিফালে অন্য এটা শ্ৰেণী। খিৰিকীৰে ইফালে বাহিৰত কি হৈছে, ৰাস্তাৰে কোন পাৰ হৈ গৈছে সকলো দেখা যায়। এই স্কুলত গৈ প্ৰথমে বাইদেউৰ লগতে বহিলোঁ। বহিয়েই মাৰি নথকা খিৰিকীখনলৈ আঙুলিয়াই বাইদেউক দেখুওৱালোঁ। বাইদেৱে কাণে কাণে সঁকিয়াই থলে সেই পিনে পাৰ নহ'বলৈ। নাম নাই লগোৱা কাৰণেই হয়তো মোৰ ফালে কাৰো গুৰুত্ব দিবলৈ সময় নাই। নেওঁতা মাতিবলৈ, অ, আ, ক, খ, লিখিবলৈ, একো নাই দিয়া দেখোন। মোৰ উৰণীয়া মনত খেলিমেলি লাগিবলৈ ধৰিলে, কি কৰা যায়? কোনো মতে হামিয়াই-হিকতিয়াই আধাবেলা কটালোঁ। বেছি ভাগ সময় খিৰিকীৰে চাই পাৰ কৰিলোঁ। চিকন মাছৱালাই কেৰিয়াৰত মাছৰ টিংটো বান্ধিলৈ চাইকেলৰ টিলিঙা বজাই পাৰহৈ গ’ল, ডফলা কায়ে কান্ধত ধান কঢ়িয়াই পাৰহৈ গ’ল, স্কুলৰ সন্মূখৰ ঘৰৰ আগচোতালৰ আধা কাপোৰ শুকালেই, বেলি আহি মুৰৰ ওপৰ পালেহি। এনেতে দেখোঁ কোনোবা এজন চিনাকী চাইকেল লৈ পাৰহৈ গ’ল, চাইকেলৰ আগত বজাৰৰ মোনা। হয়, হয় সেইয়া দেউতা বজাৰৰ পৰা আহিলেই। আৰু কোনে পায়, তৎক্ষণাৎ বহাৰ পৰা উঠি, খিৰিকীৰে ওলাই ৰাস্তাৰ ফালে চেঁকুৰ মাৰিলোঁ। একেবাৰে ঘৰ নোপোৱালৈকে উলটিও নাচালোঁ।
ইয়াৰ পাছত ঘৰত গৈ প্ৰথমে দেউতাই বজাৰৰ বেগত আনা লিচু আগতে খালোঁ নে মাৰ হাতৰ পৰা ফলা খৰিৰ পিটন আগতে খালোঁ সেইটোহে মনত নাই। মনত নাই কওঁতেহে মনত পৰিছে যে ইমান সোপা বকলা মেলাৰ পাছতহে মনত পৰিছে যে ইমানদেৰি পাঠক ৰাইজক নিজৰ পৰিচয়টোকে নিদিলোঁ দেখুন? ৰাইজ দায়-দোষ নধৰিব আৰু। এই মাজ বয়সত আহি সেই পুৰণিদিনৰ কথা ক'ম বুলি বহি অলপ বেছি উটি-ভাহি গ’লোঁ। মোৰ নাম হৈছে শ্ৰী যুত ভূৱন চন্দ্ৰ বৰুৱা। গতিকে বুজিছেই চাগে শ্ৰী যুক্ত হৈ এই নীলাভ গ্ৰহৰ কোনোবা এটা প্ৰান্তত মুখা-চুখা পিন্ধি কোনোমতে উশাহকণ লৈ এটা শৰীৰ ধাৰণ কৰি আছোঁ, পৰমাত্মাত বিলীন হোৱাৰ সৌভাগ্য হোৱা নাই এতিয়াও। গতিকে থাউকতে আপোনাসৱক মোৰ সেই সংকীৰ্ণ হলেও মিঠা, পুৰণি হ’লেও ৰসাল জীৱনগাঁথাৰ কিছু কথা, কিছু শব্দৰে অংকিত দৃশ্য জাতিষ্কাৰ কৰাৰ চেষ্টা কৰিলোঁ। বাকীবোৰ পাত্ৰ বা পাত্ৰীৰ পৰিচয় যেনেকে য’ত সময় সুবিধা হয় আগলৈ দি থাকিম। এতিয়া ৰাইজে মৈত উঠিলে যেতিয়া একেবাৰে গোটেই পথাৰ খন সমান নোহোৱালৈকে নানামে যেন।
এইবাৰ কথা হৈছে সেই স্কুলৰ পৰা খিৰিকীৰে পাৰহৈ অহাৰ পাছত ঘৰত যে পিঠিত ভালকৈ ঔ পৰিল সেইটো নিশ্চয় বাৰুকৈয়েই বুজিব পাৰিছে। লগতে সৰু পুতেকৰ প্ৰতি থকা মৰমৰ কাৰণেই হয়তো কিছুদিন স্কুল পঠোৱাৰ কোনো কথা ঘৰত নোলাল। মোৰ সেই গতানুগতিক টিঘিলঘিলিনি পুৰা দমে চলি থাকিল। মাজে মাজে স্কুল যোৱাৰ কথা ওলালেই মোৰ উত্তৰ হৈছিল, ভগা স্কুললৈ নাযাওঁ, ভাল স্কুললৈ যাম। তেওঁলোকেও ভাবিলে যে অলপ দুৰৰ পকী স্কুলত দিলে হয়তো খিৰিকিৰে পাৰহৈ ঘৰলৈ দৌৰিব নোৱাৰিব। কথা মতেই মোক দেউতাই চাইকেলৰ আগত বহুৱাই শিৱসাগৰ চহৰৰ এক নং আৰু দুই নং প্ৰাইমেৰী স্কুললৈ এবাৰকৈ লৈ যোৱা মনত পৰে, দুয়ো খনতেই মোক শ্ৰেণী কোঠাত বহুৱাই দেউতাই বাহিৰত অপেক্ষা কৰি থাকিছিল। এটা পিৰিয়ডৰ অন্তত মই কন্দাকটা কৰি শ্ৰেণীৰ পৰা বাহিৰলৈ ওলাই যি আহিছিলোঁ আৰু কোনোমতেই শ্ৰেণীলৈ যোৱাৰ নাম নললোঁ। অৱশেষত সেই দুখন স্কুলত যোৱাৰ কথাও বন্ধ হ’ল। ইফালে বয়স ৰৈ থকা নাই, লগৰ সকলো ল’ৰা ছোৱালী স্কুল যায়। ঘৰত সকলোৰে চিন্তা যে সৰু পুতেক স্কুল নোযোৱাকৈয়েই থাকিবনে কি? ঘৰৰ ডাঙৰ ল’ৰা, মানে মোৰ ককাইদেই অহা বছৰ হাইস্কুল যাব। অৱশেষত চুবুৰীৰ দুঘৰৰ ল’ৰা দুহাল সেই অ’. এন. জি. চি. কলনিৰ দেৱালৰ সিপাৰে থকা চেণ্ট্ৰেল স্কুলৰ পাৰ হৈ কলনিৰেই অসমীয়া সকলৰ বাবে থকা অসমীয়া স্কুললৈ যায়। দেউতাই সেই অসমীয়া স্কুলত খৱৰ লৈ কোনোমতে নাম লগোৱাৰ ব্যৱস্থা কৰিলে। যিহেতু সেই বছৰটো প্ৰায় শেষ হৈ আহিছিল বছৰেকীয়া পৰীক্ষাহে বাকী আছিলগৈ স্কুলৰ ফালৰ পৰা নাম লগোৱাত প্ৰথমে আপত্তি উঠিছিল। পিছত ঠিক হ’ল যে প্ৰথম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাত উত্তীৰ্ণ নহয় যদি বেলেগ স্কুল বিচাৰিব লাগিব।
কথা মতেই কাম, স্কুলৰ চৰ্ত মানি লৈ দেউতাই অ’. এন. জি. চি. কলনিৰ অসমীয়া স্কুলত নাম লগাই দিলে। বছৰেকীয়া পৰীক্ষাও পালেহি, কিন্তু পৰীক্ষা কি বস্তু নজনাৰ বাবে ঘৰৰ সকলোৱে মোক কেনেকৈ পৰীক্ষা দিব লাগে শিকোৱাত ব্যস্ত হ’ল। এই খিনিতে এটাই ঘৰৰ সকলোৰে বাবে সকাহ আছিল যে স্কুল যোৱা নাছিলোঁ যদিও প্ৰথম শ্ৰেণীৰ কুঁহিপাঠকে আদি কৰি মোটা-মোটি সকলো বিদ্যা ঘৰতে বাইদেউক দেখি আৰু শুনি শিকা হৈ গৈছিল আৰু ইতিমধ্যে বাইদেউৰ পৰা দ্বিতীয় শ্ৰেণীৰো কিছু বিদ্যা আয়ত্ব হৈছিল । দিনৰ দিনটো স্কুল নগৈ অনাই বনাই কটাইছিলোঁ যদিও পুৱা আৰু গধুলি বাইদেউৰ লগতে একেখন পঢ়া টেবুলত বহাৰ বাহিৰে গতি নাছিল। গতিকে অজানিতে আখৰ লেখা, পঢ়া, সংখ্যা লেখা ইত্যাদি জ্ঞান হৈছিল। যি কি নহওক, অৱশেষত ঘৰৰ সকলোৰে সাহাৰ্য্যত বছৰেকীয়া পৰীক্ষা কোনোমতে উত্তীৰ্ণ হৈ দ্বিতীয় শ্ৰেণী পালোঁগৈ। কুঁহিপাঠৰ সেই প্ৰথম ভাগৰ এটা পদ্যই বাৰুকৈ কাণঘোলা কৰিছিল, “হলৌ উঠিল টকৌ গছত লগাই খদৌ মদৌ .....।” সেইটো গায় গায়েই ৰাতিপূৱাই ঘৰৰ আগফালৰ নিশকতীয়া শেৱালি গছ জোপা খুউব জোকাৰিছিলোঁ। গৰমৰ দিনত সচাঁকৈ নিয়ৰ সৰিছিল আৰু জাৰৰ দিনত লগত শেৱালিও সৰিছিল।
ইতিমধ্যে দ্বিতীয় শ্ৰেণীৰ স্কুল আৰম্ভ হ’ল। চুবুৰীৰ একে স্কুললৈ যোৱা নৰেণহঁতৰ পিছফালৰ হালি থকা প্ৰকাণ্ড বগৰী জোপাই অ’. এন. জি. চি.ৰ সেই দেৱাল খন চুই গৈছিল। বি. জি. ৰ'ডেৰে খোজ কাঢ়ি কলনিৰ মূখ্য দুৱাৰেদি স্কুললৈ যোৱাতকৈ নৰেণহঁতৰ ঘৰৰ পিছফালৰ বগৰীজোপা বগাই দেৱালত উঠি দেৱাল পাৰহৈ স্কুললৈ গলে শ্বৰ্টকাট হৈছিল। গতিকে বগৰী গছ বগাই দেৱাল পাৰ হৈ স্কুললৈ যোৱাটো এটা দৈনন্দিন কাম হৈ পৰিল। লগতে বগৰী গছত উঠিয়েই, "হলৌ উঠিল বগৰী গছত, লগায় খদৌ মদৌ", এই পদ্যও মুখৰ পৰা ওলাইছিল।
Department of Chemistry and Biochemistry
Kennesaw State University
370 Paulding Avenue, MD#1203
Kennesaw, GA 30144