জয়ন্ত মাধৱ বৰা
৷৷ চাৰি৷৷
মনটো অস্থিৰ হৈ উঠিলেই গণেশ বেংডোবাৰ ঘাটলৈ আহে৷ সৰুতে অস্থিৰ
হ’লে, ভয় লাগিলে সি মাকক সাৱটি
ধৰিছিল৷ মাকে তাক দদান ৰজাৰ কাহিনী কৈছিল৷ সেনাপতি মাৰুক্ষেত্ৰীৰ কাহিনী শুনাইছিল৷
কৈছিল–‘তুইও মাৰুক্ষেত্ৰী নিচিনা হ’বা লাগ্ব’৷
সি জোৰ দি ধৰিছিল–‘ ক তো ক, ৰাজা দদানৰ কথা
ক৷ মাৰুক্ষেত্ৰীৰ কথা ক’৷ মাকে কৈ গৈছিল ৰজা দদানৰ কাহিনী, মাৰুক্ষেত্ৰীৰ কাহিনী৷ মাকে কৈ গৈছিল–দদান ৰজাৰ
ৰাণী ‘তোবা’, ‘নদাই’ ৰজাৰ
ভাগিনীয়েক৷ ভাগিনী জোঁৱায়েক বীৰ ‘মাৰুক্ষেত্ৰী’ ৰজাৰ প্ৰধান সেনাপতি৷ দদান
প্ৰজাৰঞ্জক ৰজা৷ দদান ৰজাৰ শাসনত প্ৰজাৰ চাৰিওফালে শান্তিয়েই শান্তি৷ ৰাজ্যৰো
ধনে-ধানে উন্নতি হয়৷ তাকে সহ্য কৰিব নোৱাৰিলে কাষৰীয়া কাশী ৰজাই৷ তেওঁ ঈৰ্ষাত ইমান
জ্বলিবলৈ ধৰিলে যে এদিন ‘বাচুৰি-চাচুৰি’ নামৰ দূতজনক দদান ৰজাৰ ওচৰলৈ পঠালে যুদ্ধ
ঘোষণা কৰিবলৈ৷ তামোল-পাণৰ বেপাৰীৰ ভেশ ধৰি ‘বাচুৰি-চাচুৰি’ দদান ৰজাৰ সন্মুখত
উপস্থিত হ’ল৷ আহোতে বাটত নদাইক লগ পাই ‘বাচুৰি-চাচুৰি’য়ে নদাইক তিৰস্কাৰো কৰিলে৷
নদায়ে কিন্তু ধৈৰ্য ধৰি থাকিল দেই৷ ‘বাচুৰি-চাচুৰি’য়ে ৰজা দদানক যুদ্ধৰ প্ৰস্তাৱ
দিলে আৰু সেইমতেই চেপনশিলা পথাৰত তুমুল যুদ্ধ আৰম্ভ হয়৷ যুদ্ধক্ষেত্ৰত সেনাপতি
মাৰুক্ষেত্ৰীৰ লগ দিয়ে নদায়ে৷ যুদ্ধত
মাৰুক্ষেত্ৰীৰ বিক্ৰমত তিষ্ঠিব নোৱাৰি কাশী ৰজাই চেপনশিলা পাহাৰৰ শিলৰ চেপাত লুকাই
থাকিল৷ বীৰ মাৰুক্ষেত্ৰীয়ে পাহাৰৰ মাজতো কাশীৰজাক বিচাৰি কাঁড় মাৰি বধ কৰে৷
মাৰুক্ষেত্ৰীক বীৰৰ দৰে সকলোৱে পূজা কৰিবলৈ ধৰিলে৷ তাৰ পাছতেই কিন্তু দদানৰ ৰাজ্যত
বিপৰ্যয়ৰ সূচনা হ’বলৈ ধৰিলে৷ দদান ৰজাই ৰাজকাৰ্যৰ ফালে মতি-গতি নিদিয়া হ’ল৷
সেনাপতি মাৰুক্ষেত্ৰীকে ৰাজ্যৰ দায়িত্ব দি ৰজা-আমোদ-প্ৰমোদত মত্ত হ’ল৷ বিষয়াসকলো
আমোদ-প্ৰমোদত মত্ত হ’বলৈ ধৰিলে৷ এদিন দদান ৰজাই চিকাৰ কৰিবলৈ যাওঁতে জিঞ্জিৰাম
নদীৰ জীয়ৰী দু’মকচিক হাবিৰ মাজত দেখি মুগ্ধ হয়৷ ৰজাই পত্নী তোবাক অৱহেলা কৰিবলৈ
আৰম্ভ কৰে৷ ৰাজকাৰেঙৰ এই দ্বন্দ্ব-বিৰোধে সেনাপতি মাৰুক্ষেত্ৰীৰ মনতো লোভ-লালসাৰ
সপোন জাগ্ৰত কৰিলে৷ তেওঁ ৰজা দদান আৰু দু’মকচিক বন্দী কৰিলে৷ কিন্তু মায়াৰ বলত
দু’মকচি অন্তৰ্ধান হৈ পৰে আৰু পৰিচাৰিকাৰ বেশ ধৰি আহি ৰজা দদানক মুক্ত কৰে৷
মাৰুক্ষেত্ৰীৰ এনে দুষ্কৰ্মৰ বাবে মাক নেমানুকিনিয়ে পুতেকক অভিশাপ দিয়ে আৰু মাকৰ
অভিশাপৰ বাবে মাৰুক্ষেত্ৰীৰ মৃত্যু হয়৷ ইয়াৰ পাছতো কিন্তু ঋষিৰ অভিশাপৰ বাবেই ৰজা
দদান আৰু দু’মকচিৰ মিলন নহ’ল৷ মনৰ দুখত ৰজা দদানে ফেদোৰ-ডোবাত দেহত্যাগ কৰে আৰু
দু’মকচিয়েও মঘোবালাচাৰাত সতী হয়৷’
সাধু শুনি শুনি গণেশৰ টোপনি আহে৷ পাছদিনা মাকক
আকৌ কয়–‘ ক তো ক, ৰাজা দদানৰ কথা
ক৷ মাৰুক্ষেত্ৰীৰ কথা ক’৷ মাকৰ হাঁহি উঠে৷ হাঁহি হাঁহি কয়–‘তুইও মাৰুক্ষেত্ৰী
নিচিনা বীৰ হ’বা লাগ্ব’৷ আজিকালি সি ভাবি থাকে, সি একো হ’ব নোৱাৰিলে৷ মাৰুক্ষেত্ৰীৰ দৰে বীৰ হৈ
সি সমাজৰ শত্ৰুক শেষ কৰিব নোৱাৰিলে, পুতলা নাচৰ মালিকো হ’ব নোৱাৰিলে৷ কোনে নঠগিলে তাক? মনি দোকানী, গিৰীশ ঠিকাদাৰ, সেই অফিচাৰটো আৰু শেষত ঘৈণীয়েক হীৰামণি,
কোনে নঠগিলে তাক? তাৰ নিচিনা
শিল্পীৰ কদৰ নাই৷ ভাৰীগানৰ শিল্পীৰনো কদৰ ক’ত? নাট কৰি থাকোতে ৰজা হয়, নাট শেষ হ’লেই হুমুনিয়াহ কাঢ়ি ভাবে–ছাৱামখালৈ
চাউল কেইটামান কেনেকৈ নিম? পইচা ক’ত পাম?
সঁচাকৈয়ে সিহঁতৰ দৰে
মানুহবোৰ জীয়াই থাকিব নোৱাৰিব নেকি? আজিও ঔ-টেঙাজোপাৰ তলত ৰৈ গণেশে এটা হুমুনিয়াহ কাঢ়িলে৷ আজিকালি মানুহবোৰে তাক
ইতিকিং কৰে৷ তাৰ কথা নোসোধে, আঁকৰী বায়েকজনীৰ
কথাও নোসোধে৷ সোধে–‘‘তিৰিৰ কি খবৰ এ..., আছে না নায় ঘৰত?’’ কথাৰ সুৰৰ
পৰাই কি অৰ্থত সুধিছে, সি বুজি পায়৷ সি আকৌ বেংডোবালৈ চালে৷ বেংডোবাই
তাক একো নিদিলে৷ এই পথাৰখনেও তাক একো নিদিলে৷ এই নৈখনে পথাৰখনক বন্ধ্যা কৰিলে,
সামাজিক ব্যৱস্থাটোৱে তাক
বন্ধ্যা কৰিলে৷ তাৰ সপোনবোৰক হেঁচা মাৰি থ’লে৷ পথাৰখনৰ দৰে সিও আজি বন্ধ্যা৷ তাৰ
অতীত এক যন্ত্ৰনা, এটা
হাহাকাৰ৷ ঔ-টেঙাজোপাৰ তলত ৰৈও আজি তাৰ
মনটো শান্ত নহ’ল৷ কি কাৰণে আজি সি পোৱা-নোপোৱাৰ হিচাপবোৰ কৰিবলৈ লৈছে? ইমান দিনেতো কৰা নাই৷ নে তাৰ মাক, দেউতাক আৰু বায়েকৰ আত্মাই মেমাং হৈ তাৰ পাছে
পাছে ঘূৰি ফুৰিছে? মাক, দেউতাক আৰু বায়েকৰ মৃত্যুৰ পাছত সিতো পিঠাগুৰি
খাবলৈ দিব নোৱাৰিলে৷ সেইবোৰ পৰম্পৰাৰে মাক দেউতাক, বায়েকৰ শ্ৰাদ্ধ পতাৰ সামৰ্থও নাছিল, সুবিধাও নাছিল৷ সেইবোৰ কাৰণতে সি শান্তিৰে
থাকিব পৰা নাই নেকি? সি ঘৰলৈ ঘূৰি
আহিল৷ গোটেই দিনটো সি ঘৰটোতে সোমাই থাকিল৷ তিনি দিনমান হ’ল, ঘৈনীয়েকজনী নাই৷ পাৰ্টীৰ কামত দেশৰ সেৱা কৰিবলৈ
গৈছে৷ যাওঁতে তাক গালি পাৰি ওলাই গৈছে৷
বিচনাত পৰি গোটেই দিনটো সি কল্পনা কৰি
থাকিল–মাকজনী যদি হঠাতে ঢুকাই নাথাকিলহেঁতেন! বেমাৰ হৈ দেউতাক যদি ঢুকাই
নাথাকিলহেঁতেন! বায়েকজনীৰ যদি বিয়া হ’লহেঁতেন! ফুটগধূলিৰে পৰা ৰভাতল উদুলি-মুদুলি
হৈ থাকিলহেঁতেন, কলৰ তলৰ পৰা দৰাক
আদৰি আনিলেহেঁতেন, জাক জাক আয়তীয়ে
উৰুলি দিলেহেঁতেন, কৰ্কা ঢুলীয়াৰ
তালে তালে ছোৱালী-বোৱাৰী, ডেকা-বুঢ়া সকলোৱে নাচি বাগি আনন্দত জোঙাৰ জুতি
ল’লেহেতেন৷ সি আৰু বিচনাখনত পৰি থাকিব
নোৱাৰিলে৷ ছটফটনি বাঢ়ি গ’ল৷ তাৰ গাটো জিকাৰ খাই উঠিল আৰু শৰীৰৰ এই কঁপনিটো বুকুৰ
ভিতৰলৈ সোমাই গ’ল৷ মাকে যে কৈছিল–‘‘দেখায় পোৱা, বাইদু ইমান অকৰা৷ কায় নু বিয়া কৰাব তাক?
তুইয়ে চাবা লাগ্বো,
আলায়-বিলায় হবা নিদিবি
দে...৷’’, সি উপলব্ধি কৰিলে
মাকৰ কথাটো সি ৰাখিব নোৱাৰিলে৷ সি ক’ব নোৱাৰাকৈয়ে গোপনে বায়েকে এটা দুঃখ, এটা যন্ত্ৰণা বুকুৰ ভিতৰত লৈ আঁতৰি গ’ল৷ গোটেই দিনটো ঘৰৰ ভিতৰতে চটফটাই থকাৰ পাছত বেলি
লহিওৱাৰ পৰত সি বেংডোবাৰ ঘাট পালেহি৷ যেন বেংডোবাৰ ঘাটে তাক টানি লৈ আহিছে৷
বেংডোবাৰ ঘাটলৈ গো-ধূলি নামিছে৷
বেংডোবাৰ
পানীত ডৰিকণাবোৰে ধেমালি কৰিছে৷ আনন্দতে নাচিছে৷ ইটোৱে সিটোক মৰম কৰিছে৷ ইটোৱে সিটোক মনৰ কথাবোৰ
কৈছে৷ কিমানযে কথা! শেষেই নহয়৷
বেংডোবাৰ ঘাটৰ পাৰৰ ঔগছবোৰ ফুলিছে৷ বেংডোবাৰ
ঘাটত ঔফুলৰ গোন্ধ নদীত উঠা ঢৌৰ দৰে বেংডোবাৰ পাৰৰ বতাহত মিলি গৈছে ৷ বেংডোবাৰ পাৰত
পাতসৰা গছৰ ঠেঙুলিয়ে খামুচি ধৰিছে আবেলিৰ ধূসৰ আকাশ৷ বেংডোবাৰ ঘাটত দিগন্তৰ
শ্যামৰঙী পোহৰৰ বেদনা আৰু হাহাকাৰৰ অলেখ কাহিনী কজলা ডাৱৰ এচপৰাৰ দৰে ওলমি আছে৷
অস্তিত্বৰ সংকটত বিদিৰ্ণ সি৷ নিজকে সমাহিত কৰি ৰখাৰ বাবে সি বাট বিচাৰি পোৱা নাই৷
কিন্তু কেতিয়াবা তাৰো উৰাৰ সপোন জাগে৷ ভাবে, পীড়ন আৰু উপেক্ষাৰ সকলো পৰিধি ভাঙি আকৌ নতুনকৈ
জীৱনটো সঁজাব নোৱাৰিনে? ভাবেহে, উধাবলৈ বাট বিচাৰি নাপায়৷ নতুনকৈ কিবা এটা
কৰিবলৈ সাহস নহয়৷ সাহস ক’ৰ পৰা হ’ব? হাতত টকা থাকিলেহে৷ পুতলা থিয়েটাৰ কৰি থাকোঁতে তাৰ হাতলৈ কিছু টকা আহিছিল৷
হীৰামণিৰ কাৰণেই সেই সময়ত সি একো সাঁচিব নোৱাৰিলে৷ আৰু সি যেতিয়া কাঙাল হ’ল,
হীৰামণিয়ে তাক উপেক্ষা
কৰিবলৈ ল’লে৷ কথাটো ভাবিলেই ক্ষোভত, খঙত তাৰ গাটোত এটা পোৰণি উঠে৷ কিবা এটা কৰি দেখুৱাবৰ মন যায়৷
পাছদিনা পুৱাই সি ধূপধৰালৈ ওলাই আহিল৷ ধূপধৰাখন
খুব সোনকালেই বহুত সলনি হ’ল৷ আগতে এখন সাপ্তাহিক বজাৰ বহিছিল আৰু বজাৰখনক গইনা
লৈয়ে দুখনমান গেলামালৰ দোকান আৰম্ভ হৈছিল৷ সাপ্তাহিক বজাৰখনত সৰিয়হ, মৰাপাট, তিল, ধনীয়া আদি সামগ্ৰী বেছিকৈ পোৱা গৈছিল৷ কাঠৰ সামগ্ৰীও ওলাইছিল দেধাৰ৷
দূৰ-দূৰণিৰ পৰা বেপাৰীবোৰ আহিছিল সেইবোৰ কিনিবলৈ৷ স্থানীয় মানুহেও নিজৰ প্ৰয়োজনৰ বস্তুটো
কিনিবলৈ সেই দিনটোলৈকে ৰৈ থাকে৷ কিছুমানে আনকি কইনাৰ লগত দিব লগা কাঠৰ পালেং,
চকী, আৰু অন্যান্য সামগ্ৰীবোৰো সেইখন বজাৰৰ পৰাই
কিনিছিল৷ বিভিন্ন জাতৰ কল ওলাইছিল প্ৰচুৰ৷ বেপাৰীবোৰে সেইবোৰ কিনি দূৰ-দূৰণিলৈ লৈ
গৈছিল৷ মুঠতে সপ্তাহৰ সেই দিনটো ধুপধৰাখন উখল-মাখল হৈ থাকে৷ একো কিনিবলগীয়া
নাথাকিলেও মানুহৰ ৰেহ-ৰূপ চাবলৈকে কিছুমান আহে৷ ইফালে সিফালে ঘূৰে৷ চিনাকি কাৰোবাক
পালে সুখৰ-দুখৰ খবৰ লয়৷
লাহে লাহে সেই সাপ্তাহিক বজাৰখনেই ডাঙৰ হ’ল৷
বেপাৰী বেছিকৈ আহিবলৈ ল’লে, ভিন ভিন
সামগ্ৰীৰে বজাৰখন ভৰিবলৈ ল’লে, কাপোৰ-কানি লৈয়ো
বেপাৰী আহিবলৈ ল’লে, কিনা মানুহৰ
সংখ্যাও বাঢ়ি যাবলৈ ধৰিলে৷ এদিন দুজনমান স্থানীয়ই বজাৰখনৰ মাজত ৰৈ কথা পাতি
থাকোঁতে ওলাল–বাজাৰখান হোৱাৰ পাৰা মানুহগিলাৰ ভাল হৈছে৷ ইয়াত দোকান-চোকান দি
টাকা-পইচা ইনকাম কৰ্বা পাৰছে৷ এখানৰ পাছত এখান দোকান বাঢ়িছে৷ আমাৰ জাইগাটাৰো কিবা
এটা লাভ হ’বা লাগে৷ সকলোৱে হয়-ভৰ দিলে–হয় হয়þ৷ দোকানীগিলা আমাক খাজ্না দিবা লাগ্ব৷
সেইদিনাই গঠন হ’ল ‘বিকালী ডিহী উন্নয়ন সমিতি’৷ এটা বৃহৎ অৰাজনৈতিক অনুষ্ঠান৷
অনুষ্ঠানটোৰ মূল কাৰ্যালয় থাকিব ধূপধৰাত৷ ইয়াৰ লক্ষ্য –বজাৰখনলৈ অহা প্ৰতিজন
বেপাৰীৰ পৰা নিদ্দিৰ্ষ্ট কৰ সংগ্ৰহ কৰা হ’ব, সেই সংগৃহীত ধনেৰে কিছুমান ঘৰ নিৰ্মান কৰি
ভাড়া দিয়া হ’ব, বজাৰখন পৰিস্কাৰ
কৰি ৰখাৰ দায়িত্ব সমিতিৰ থাকিব আৰু বজাৰখনৰ লগত সম্পৰ্ক থকা সকলো অভাৱ-অভিযোগ
সমিতিয়ে নিষ্পত্তি কৰিব৷ সমিতিৰ উদ্দেশ্য হ’ব–বজাৰখনৰ পৰা যি ধন সংগ্ৰহ হ’ব তাৰ
দ্বাৰা বিকালী মৌজাৰ অন্তৰ্গত বাৱন্নখন গাঁৱৰ জনসাধাৰণৰ শিক্ষা, ক্ৰীড়া, চিকিৎসা, যাতায়ত ব্যৱস্থা উন্নত কৰা হ’ব, দূৰাৰোগ্য ৰোগত আক্ৰান্ত দুখীয়া লোকসকলক সহায়
কৰা হ’ব আৰু দুখীয়া ঘৰৰ চোকা ল’ৰা-ছোৱালীক পঢ়িবলৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব৷
সেয়া ১৯৬৭ চনৰ কথা৷ সততা, ন্যায়নিষ্ঠ আৰু সামাজিকভাৱে দায়বদ্ধ কেইজনমান
লোকৰ প্ৰচেষ্টাত গঢ় লোৱা ‘বিকালী ডিহী উন্নয়ন সমিতি’ৰ নাম পাছলৈ ‘বিকালী মৌজা
উন্নয়ন সমিতি’ ৰখা হয়৷ নাম যিয়েই নহওক, জন্মলগ্নৰে পৰা দক্ষ, ন্যায়নিষ্ঠ আৰু
দায়বদ্ধ নেতৃত্বৰ হাতত সমিতিখনে অঞ্চলটোৰ শিক্ষাৰ উন্নয়নৰ হকে ইমান কাম কৰিলে,
সকলোৰে বাবে সমিতিখন
অপাৰ্থিৱ পোহৰৰ সন্ধান দিয়া এক সম্ভ্ৰান্ত অনুষ্ঠান হিচাপে স্বীকৃত হ’ল৷ অনগ্ৰসৰ
এই অঞ্চলটোত শিক্ষাৰ ক্ষেত্ৰত যি প্ৰতিবন্ধকতা আছিল, সমিতিখনে সেই সকলো প্ৰতিবন্ধকতা নেওচি
ঐশ্বৰ্যময় ভৱিষ্যতৰ বীজ অংকুৰিত কৰিলে৷ জন্মলগ্নৰে পৰা এতিয়ালৈকে অঞ্চলটোত গঢ় লৈ
উঠা সাতখন ভেন্সাৰ হাইস্কুলৰ শিক্ষকক, ছয়খন ভেন্সাৰ এম ই স্কুলৰ শিক্ষকক, পোন্ধৰখন ভেন্সাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীক, ধূপধৰা হাইস্কুলৰ অমঞ্জুৰীকৃত পদত কাম কৰি থকা
এগৰাকী শিক্ষকক, বাগডোবা
হাইস্কুলৰ দুজন শিক্ষকক, দিঘলী মজলীয়া বিদ্যালয়ৰ
তিনিজন শিক্ষকক, অম্বুক মজলীয়া
বিদ্যালয়ৰ দুজন শিক্ষকক প্ৰতিমাহে দৰমহা দি থাকে৷ ইয়াৰ এটাই কাৰণ–সমিতিখনক নেতৃত্ব
দিয়াকেইজনে উপলব্ধি কৰিছিল, বুজি পাইছিল,
সমাজখনক প্ৰাচুৰ্যৰ
বিস্তীৰ্ণ পথাৰ এখনৰ দৰে সঁজাবৰ বাবে শিক্ষাৰ ক্ষেত্ৰখনৰ উন্নয়ন অপৰিহাৰ্য৷
তাৰ বাবে শিক্ষকসকলে মাহেকৰ মূৰত দৰমহাকেইটা পাব লাগিব৷ লঘোণীয়া পেটেৰেতো আৰু শিক্ষাদান কৰিব নোৱাৰে৷
১৯৭৪ চনৰ ১৭ নৱেম্বৰৰ দিনা অঞ্চলটোত ঘটিল আৰু
এটা মহৎ ঘটনা, যিটো ঘটনাই
অঞ্চলটোৰ নক্সাই সলনি কৰি দিলে৷ সেই সময়ত ‘বিকালী মৌজা উন্নয়ন সমিতি’ৰ সভাপতি আছিল
মোঃ ইছমাইল আলি আৰু সম্পাদক আছিল যজ্ঞেশ্বৰ কলিতা৷ সেইদিনা ‘বিকালী মৌজা উন্নয়ন
সমিতি’ৰ এখন সভা অনুষ্ঠিত হৈছিল৷ সভাতে আলোচনা হ’ল বোলে আমাৰ জাগাত এখানো কলেজ
নাই৷ কলেজ পঢ়াবা গোৱালপাৰা বা গুৱাহাটী লাগি যাবা লাগে৷ আমাৰ ছাৱাখিনিৰ কাৰণে
ইয়াতে এখান কলেজ পাতবা লাগে৷
কলেজ? কলেজ পাতা কি সহজ পাইছা?
সহজ৷ ইচ্ছা কুৰলি চব সহজ৷
আচ্ছা যুদি সহজ কি কুৰবা লাগবো?
আগতে এখান কমিতি বানাবা লাগ্বো৷ কলেজ পাতা
কমিতি৷
কমিতিত কায় কায় থাক্বো?
কমিতি খানত এজন সভাপতি, লগত দুজন উপ সভাপতি এজন সম্পাদক, লগত সহকাৰী সম্পাদক আৰু কেজনমান সদস্য থাকবো৷ কমিতিখানে
ডাঙাৰ কে মিটিং পাতি ৰাইজৰ লগত কথা পাতি কলেজখান ক’ত, কেতিয়াৰ পাৰা আৰম্ভ কুৰবো সিগিলা কথা আলোচনা
কৰি কাম গিলা কুৰি যাব৷ কলেজ পাতা কথা কুলি ৰাইজেও কিবা কিবি দি সহায় কুৰবো৷
দে হ’ব দে নহালি৷ কমিতিত কায় কি হব?
মোৰ মতে যজ্ঞেশ্বৰ কলিতাই সভাপতি হক৷ শিক্ষক
মানুহ৷ সমাজৰ কামগিলাত লাগি থাকে৷ বহুত কথাও জানে আৰো মেল্লা মানুৰ লগত চিনাকী আছে,
কাম গিলা আগবাঢ়াবা ভাল
হ’ব৷
সকলোৱে হাত-চাপৰি বজাই সন্মতি প্ৰকাশ কৰিলে৷
সদস্য?
আমাৰ উপেন শৰণীয়া, যোগনাৰায়ণ পাঠকৰ নাম লিখ৷ অন্নদা হাজৰিকাৰ নাম
লিখ৷ অখিল সৰকাৰৰ নাম লিখ৷
বিশ্বেশ্বৰ পাটগিৰি, অমৃত চন্দ্ৰ পাটগিৰি, গোপাল হাজোৱাৰীৰ নামো লিখেক৷
দেৱকান্ত মেধি, মহিমদ্দিন আহমেদ, চহৰ আলিৰ নামো লিখেক, তাহাও কাম-বনত এক্সপাৰ্ট৷
দে, কমিতিখান হল, এলা কলেজখান
আৰম্ভ কুৰবা তো পুইচা লাগিল... ক’ত পাবি ইমান পুইচা... কম পুইচাত তো নহাব?
মোৰ মতে কলেজৰ নাম দি তাৰ নামত এখান একাউণ্ট
খুলিবা লাগে৷ তাতে আমাৰ গৰু বাজাৰ, পালেং বাজাৰত যি
পুইচা কালেক্চন হয় তাৰে অলপ কলেজৰ নামক দিলি ভাল হ’ব নাকি? আৰো ৰাইজৰ ওচৰত গিলি চবে দিব... কিয় নিদিব?
এটা পিছপৰা অঞ্চল, শিক্ষাৰ সীমিত পোহৰ, অথচ সমাজখনৰ প্ৰতি কিমান দায়বদ্ধ এচাম মানুহ!
সমাজখন ভাল কৰাৰ চিন্তাত, সমাজখনক আগুৱাই
নিয়াৰ চিন্তাত, উত্তৰ পুৰুষলৈ
এখন সুস্থ ৰুচিশীল সমাজ থৈ যোৱাৰ চিন্তাত নিজৰ সমস্যাকো তুচ্ছ জ্ঞাণ কৰা এইচাম
মানুহৰ প্ৰচেষ্টাত আঠোটা বছৰৰ পাছতে আৰম্ভ হ’ল বিকালী মহাবিদ্যালয়৷ সেই দিনটোৰ
কথা এই অঞ্চলৰ কোনেও কেতিয়াও নাপাহৰে৷ ১৯৮২ চনৰ ১৪ এপ্ৰিল৷ গোটেই অঞ্চলটোতে আনন্দৰ
পাৰ ভঙা উছাহ৷ ‘বিকালী মৌজা উন্নয়ন সমিতি’য়েই সকলো কৰিলে– মহাবিদ্যালয়খনৰ
শ্ৰেণীকোঠা, কাৰ্যালয়,
পুথিভঁৰাল, অধ্যক্ষৰ বাসভৱন, সকলো নিৰ্মাণ কৰি দিলে৷ আনকি মহাবিদ্যালয়খনৰ
শিক্ষক, কৰ্মচাৰীৰ মাহিলী
দৰমহাও আদায় দিয়াৰ ব্যৱস্থা কৰিলে৷
এইক্ষেত্ৰত কিন্তু ‘ধূপধৰা তিনিদলীয় ৰাইজ’ আৰু
‘বিকালী সমবায় সমিতি’ৰো নাম ল’ব লাগিব দেই৷
এই দুটা অনুষ্ঠানৰো যথেষ্ট বৰঙণি আছে৷ কিন্তু
অঞ্চলটোৰ উন্নয়নত ‘বিকালী মৌজা উন্নয়ন সমিতি’ৰ অৱদান বহুত৷ অঞ্চলটোৰ কাৰণে ‘বিকালী
মৌজা উন্নয়ন সমিতি’ এখন অদ্ধৰ্ চৰকাৰৰ নিচিনা৷ পিছে সেই ভাৰীগানৰ শিল্পীসকলৰ দৰেই
‘বিকালী মৌজা উন্নয়ন’ সমিতিৰো অৱস্থা আগৰ দৰে হৈ থকা নাই৷ কিছুমান নতুন নতুন
সংগঠনৰ জন্ম হ’ল, তেওঁলোকে
বেপাৰীবোৰৰ পৰা নিজাববীয়াকৈ কৰ সংগ্ৰহ কৰিবলৈ ল’লে৷ ফলত ‘বিকালী মৌজা উন্নয়ন
সমিতি’ৰ আয়ৰ উৎস কমি গ’ল৷ তথাপিও পৰিধি ভাঙি সমাজৰ বাবে কিবা এটা কৰাৰ দুৰ্বাৰ
হেপাহত বন্দী মুষ্টিমেয় এচামে এতিয়াও ‘বিকালী মৌজা উন্নয়ন সমিতি’খনক নিষ্ঠাৰে ধৰি
আছে নিয়াৰিকৈ৷ এতিয়াও অঞ্চলটোৰ বহু গঠনমূলক কামত, সমাজখন ভাল হোৱাৰ ইতিবাচক কামত এই সমিতিয়ে কাম
কৰি আছে৷
ধূপধৰালৈ আহি গণেশে ‘বিকালী মৌজা উন্নয়ন
সমিতি’ৰ সম্পাদকজনক লগ কৰিলে– ‘মই বিজনেছ কুৰবা খুজং, মোক অলপ পুইচাৰ সহায় লাগে৷
: কি বিজনেছ কুৰবি?
: শাক-চবজিৰ বেপাৰ৷ গাঁৱৰ পৰা চব্জি আনি
ধূপধৰাত বেচাম৷
: দৰ্খাস্ত দিবি এখান৷ সমিতিত চবে মান্তি হবা
লাগবো৷
: মই লিখবা নাজনো৷ আপুনি লিখি দি চুন৷
: ধুৰ...
খং কৰিলেও পিছে সম্পাদকজনে তাৰ হৈ দৰ্খাস্ত এখন
লিখি দিলে৷ সি চহী কৰিলে৷ এতিয়া কাৰ্যনিৰ্বাহকত অনুমোদনলৈ অপেক্ষা৷ তাৰ কিন্তু
সপোন আৰম্ভ হ’লেই৷ এখন ডাঙৰ পাছলিৰ দোকান৷ গ্ৰাহকৰ ভীৰ৷ গ্ৰাহকক চম্ভালিবলৈ সি
তিনিজন কৰ্মচাৰী ৰাখিব লগা হৈছে৷ টকা লৈ সি ভাগৰি পৰিছে৷ আস!
: ঐ গণেশ, ৰাস্তাৰ মাজত যাই হাত জাক্ৰাই আছাযে? পাগ্লা হ’লি নাকি?
গণেশ চক্ খাই উঠিল৷ তেতিয়াহে দেখিলে, সি ৰাস্তাৰ মাজত থিয় হৈ আছে৷ তাৰ ভয় লাগিল৷ এই
ৰাস্তাটো আৰু আগৰ দৰে হৈ থকা নাই৷ অসংখ্য গাড়ীৰ আহ-যাহ, ধুবুৰীৰ পৰা, গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ যাত্ৰীবাহী বাছবোৰৰ
আহ-যাহ, ৰাস্তাটো সহজে
পাৰ হোৱাই টান৷ তেনে এটা ব্যস্ততাপূৰ্ণ ৰাস্তাৰ মাজত ৰৈ সি দিবাস্বপ্নত বিভোৰ?
গাড়ীয়ে খুন্দিয়াই থৈ
গ’লে সপোনবোৰ সপোন হৈয়ে থাকিব৷ সি সোঁফালে চালে৷ চন্দ্ৰ ৰাভাই মুখখনত তাচ্ছিল্যৰ
হাঁহি এটা বিৰিঙাই তাৰ ফালে চাই চাই কাষতে
থিয় হৈ থকা এজনক কিবা কৈছে৷ বোধহয় তাৰ কথাই কৈছে৷ কাৰণ চন্দ্ৰৰ কথা শুনি মানুহজনৰ
মুখতো তাচ্ছিল্যৰ হাঁহি বিৰিঙি উঠিছে৷ এই
চন্দ্ৰ ৰাভা এদিন তাৰ পুতলা থিয়েটাৰখনৰ যোগালী আছিল৷ চাহ আৰু ভাতৰ যোগান ধৰিছিল৷
সদাই গালি খাইছিল সময়মতে মুখৰ আগত চাহৰ গিলাছটো অথবা ভাতৰ থালিখন দিব নোৱাৰাৰ
বাবে৷ এদিনতো হীৰামণিয়ে খঙত চাহৰ গিলাছটোকে তাৰ গালৈ দলিয়াই দিছিল৷ আজি সেই চন্দ্ৰ
ৰাভাই ৰাস্তাৰ কাষত চালি এখন সাঁজি তামোল-পাণৰ দোকান দিছে৷ চাহৰ দোকান দিছে৷ আজি
চন্দ্ৰ ৰাভাৰ অৱস্থা অন্ততঃ তাতকৈ ভাল৷ এসময়ত মালিক বুলি মতা মানুহটোৱে আজি তাক
নাম ধৰি মাতিছে৷ কেনেকুৱা এটা অৱস্থাত আহি আজি সি থিয় হৈছেহি৷ কি কাৰণে এনে হ’ল?
নিজৰ দোষত? ভৱিষ্যতৰ বাটটো বান্ধিব নজনাৰ দোষত? চন্দ্ৰ ৰাভাৰ সন্মুখত এই মুহূৰ্তত তাৰ লাজ
লাগিল৷ হীনমন্যতাই তাক এনেকুৱাকে দহিলে, মুহূৰ্তৰ বাবে তাৰ ভাব হ’ল, গাড়ী এখনে
এতিয়াই তাক খুন্দিয়াই মাৰি পেলালেও বেয়া নহয়৷ মৰো বুলি ভাবিলেই জানো কোনোবা মৰিব
পাৰে? তীব্ৰ যন্ত্ৰণাত চটফটাই
মৃত্যুপথলৈ আগবাঢ়ি গৈ থকাজনেও জীয়াই থাকিব বিচাৰে৷ জীয়াই থকাৰ সপোন দেখে৷
লেঙেৰাই লেঙেৰাই সি চন্দ্ৰ ৰাভাৰ দোকানখনৰ
ওচৰলৈ গ’ল৷ কেতিয়াবা পৰিস্থিতিৰ ওচৰত মূৰ দোঁৱাব লগা হয়৷ এই মুহূৰ্তত তাৰ চাহ
একাপৰ বৰ প্ৰয়োজন৷ চন্দ্ৰ ৰাভাৰ কাষলৈ গ’লে পুৰণি দিনৰ কথাবোৰ সুৱঁৰি অন্ততঃ তাক
চাহ একাপ যাছিব৷ সেমেনা-সেমেনি কৰি সি চন্দ্ৰ ৰাভাৰ কাষত থিয় হ’লগৈ৷
: কি হল ভিক্ষাৰী নিচিনা কিয় ঘূৰি আছা? কাম-বন একো নায়?–তাচ্ছিল্যৰ সুৰত চন্দ্ৰ ৰাভাই সুধিলে৷ গণেশ অলপ
অপ্ৰস্তুত হ’ল৷ চন্দ্ৰই কাষৰ মানুহজনলৈ চাই গণেশক দেখুৱাই তাচ্ছিল্যৰ সুৰত আকৌ
ক’লে– ‘ই আগতে পুতলা নাচ কৰছিল৷ তিতিয়া কি বাহাদুৰী আছিল৷ ইতিয়া (অশ্লীল) ৰাস্তাৰ
কুকুৰেও খাতিৰ নকৰা হ’ল৷ তাৰ পাছত গণেশৰ ফালে চাই ক’লে – ‘শুনা পাইছো ত’ৰ তিৰিটা
বোলে তোক এৰি গেল ?’
: তাকে কিয় কৈ থাকা ভাই৷ মানুৰ দিন সদাই একে
নোহায়৷ –গণেশে বিষন্ন সুৰত ক’লে৷
: এতিয়া টানত পুৰছাতো, ভাই কবা আহিছা৷ আগতে (অশ্লীল) গোলাম৷
: আগৰ কথাগিলা ধৰি নাথাকবি৷ –গণেশে
সেমেনা-সেমেনি কৰি ক’লে৷
: এতিয়া কি কৰি আছা? – আগতে পুতলা থিয়েটাৰত কাম কৰোঁতে গণেশে চন্দ্ৰক
যি সুৰত কথা কৈছিল, আজি চন্দ্ৰই
গণেশক সেই সুৰত কথা ক’লে৷
: নায় একো নায়৷ বিৰাত দিগদাৰ হৈছে৷ বাজাৰতে
শাক-চুবজিৰ দোকান দিম বুলি ভাবছু ৰ’৷
: তাৰ কাৰণেতো পুইচা লাগবো৷ ক’ত পাবি?
: ‘বিকালী মৌজা উন্নয়ন সমিতি’ক এখান দৰ্খাস্ত দি থইছো ৰ’, দে না নেদে অলপ মান৷
: দিম বুলি কৈছেনে?
: মিটিঙত কথা পাতি কব কুইছে৷
: পালিতো ভালেই৷ চাহ খাবি নাকি?
গণএশে একো নকলে, মাত্ৰ বিষণ্ণ দৃষ্টিৰে চন্দ্ৰ ৰাভালৈ চালে৷ সেই
চাৱনিয়ে বুজাই দিলে, চাহ একাপৰ তাৰ
খুব প্ৰয়োজন৷ চন্দ্ৰ ৰাভায়ো আৰু একো নুসুধিলে৷ কাগজৰ গিলাছ এটাত তালৈ চাহ একাপ
আগবঢ়াই দিলে৷ লগত এটা বিস্কুট৷ পিয়াহত আতুৰ হৈ থকাজনে পানী পালে যেনেকৈ খায়,
গণেশেও তেনেকৈয়ে চাহ আৰু
বিস্কুট খালে৷ খাই থাকোঁতে গণেশে অনুভৱ কৰিলে, চন্দ্ৰ ৰাভাৰ দৰে সৰু সৰু মানুহবোৰৰ অন্তৰত
এতিয়াও মানুহৰ প্ৰতি ভালপোৱা আছে৷ খং আছে, অভিযোগ আছে, অভিমান আছে,
কিন্তু বিপদত পৰিলে ইটোৱে
সিটোক সহায় কৰাৰ মন এটাও আছে৷ যিটো হীৰামণিহঁতৰ দৰে মানুহবোৰৰ নাই৷ মাক মৰোঁতে
সিহঁতৰ ঘৰলৈ আহি কান্দি কান্দি ফটো তোলাবোৰৰ নাই৷ আন্দোলন কৰোঁতে তাক উছটাই থকা
মানুহবোৰৰ নাই৷ পুতলা থিয়েটাৰ কৰোঁতে তাক ‘দোস্ত দোস্ত’ বুলি লেনিয়াই লেনিয়াই
মতাবোৰৰ নাই৷
(আগলৈ)