ড° প্ৰিয়দেৱ গোস্বামী
মানুহৰ জীৱন মানেই কৰ্ম৷ কৰ্মহীন জীৱন প্ৰকৃত মানৱ জীৱন নহয়৷ কৰ্মই আমাৰ পৰিচয় নিৰ্ণয় কৰে৷ জীৱন যাপন কৰিবলৈ মানুহে বিভিন্ন কৰ্ম কৰিব লাগে৷ কিন্তু আমাৰ কামৰ প্ৰকাৰ বেলেগ বেলেগ হ’ব পাৰে৷ বয়সভেদেও কামবোৰ বেলেগ বেলেগ হয়৷ এজন ব্যক্তিয়ে কৈশোৰ কাল পাৰ নোহোৱালৈকে অৰ্থৰ বিনিময়ত শ্ৰম কৰাটো আইনসন্মত নহয়৷ সেই বয়সটো তেওঁ জীৱনটো সুন্দৰভাৱে পৰিচালনা কৰিবলৈ আৱশ্যকীয় জ্ঞান অৰ্জন কৰাৰ সময়, ভৱিষ্যত জীৱনৰ বাবে নিজকে প্ৰস্তুত কৰাৰ সময়৷
দেশৰ নাগৰিকক উপযুক্ত শিক্ষা প্ৰদান কৰি ব্যক্তিৰ ৰুচিবোধ আৰু যোগ্যতা অনুসৰি পাৰ্গত কৰি তোলাটো চৰকাৰ একোখনৰ দায়িত্ব৷ বৰ্তমান আমাৰ দেশত স্কুলীয়া শিক্ষা বিনামূলীয়া৷ উচ্ছ শিক্ষাৰ বাবেহে মাচুল দিব লাগে৷ কিন্তু উচ্ছ শিক্ষাৰ নামত যি শিক্ষা যুৱক-যুৱতীসকলে বৰ্তমান লাভ কৰিছে বা আহৰণ কৰিছে, সেই শিক্ষা বহু ক্ষেত্ৰত বৰ্তমান বিজ্ঞান-বিশ্বৰ প্ৰগতিৰ লগত ফেৰ মাৰিব পৰা বিধৰ হোৱা নাই৷ বহু ক্ষেত্ৰত আনকি আমাৰ আগশাৰীৰ বিজ্ঞান-শিক্ষা লোৱাৰ মানসিকতাও গঢ় লৈ উঠা নাই৷ আচলতে প্ৰকৃত মানৱ সম্পদ বিকাশ কৰাত বৰ্তমান প্ৰচলিত শিক্ষা ব্যৱস্থা মুঠেই উপযোগী হোৱা নাই৷ অকল তত্ত্বগত জ্ঞানে সমাজ একোখনৰ প্ৰগতি আনিব নোৱাৰে৷
নতুন শিক্ষা নীতি ২০২০-ৰ পৰামৰ্শাৱলীত বৰ্তমান শিক্ষাব্যৱস্থাৰ আঁসোৱাহসমূহ আঁতৰাই নাগৰিকক বৰ্তমান সময়ৰ উপযোগী শিক্ষা দিয়াৰ প্ৰস্তাৱ দাঙি ধৰা হৈছে৷ বৰ্তমান আমাৰ দেশত নিয়োগৰ বাবে উপযুক্ত নোহোৱা ব্যক্তিৰ বাবেহে সমস্যাৰ সৃষ্টি হৈছে, আচলতে নিয়োগৰ ক্ষেত্ৰখনক লৈ বৰ বেছি সমস্যা নাই৷ এজন ব্যক্তি নিয়োগৰ বাবে উপযুক্ত হ’লেহে নিয়োগকৰ্তাই তেওঁক কামত লগাব৷ এজন অনুৎপাদক ব্যক্তিক কোনো প্ৰতিষ্ঠানেই নিয়োগ কৰি দেউলীয়া হ’বলৈ নিবিচাৰে৷ প্ৰকৃত মানৱ সম্পদেহে এখন দেশ বা এটা জাতিক আগ বঢ়াই নিব পাৰে৷ এতেকে সময়ৰ লগত খাপখোৱা উপযুক্ত শিক্ষা প্ৰদানৰ যোগেদি মানৱ সম্পদ সৃষ্টি কৰিব পাৰিলেহে এখন দেশ শক্তিশালী হ’ব পাৰে৷
এখন দেশ বা এটা জাতিয়ে প্ৰতিষ্ঠা কৰা সভ্যতাৰ সৰ্বতোপ্ৰকাৰ উন্নতিৰ আঁৰত থকা ঐতিহাসিক সত্য বা কাৰকসমূহ বৰ্তমান সময়ত বিশ্লেষণ কৰা তথা মূল্যায়ন কৰা অতি প্ৰয়োজন৷ কাৰণ সেই কাৰকসমূহ বিশ্লেষণ কৰি তাৰ আধাৰত উপযুক্ত পৰিকল্পনা কৰি আগ বাঢ়িলেহে প্ৰকৃততে উন্নতি সম্ভৱ হৈ উঠে৷
পূৰ্বতে একোখন সফল সাম্ৰাজ্যৰ উত্থান আপাততঃ দেশৰ সৈন্যশক্তি তথা সামৰিক কৌশলৰ ওপৰতে নিৰ্ভৰ কৰিছিল৷ কিন্তু একোখন দেশ তথা সমাজৰ উত্থান-পতন নিৰুপণ কৰা অন্তৰ্নিহিত কাৰকসমূহ আচলতে বেলেগ ধৰণৰ৷ ইতিহাস বিচাৰ কৰিলে দেখা যায় যে চীনৰ সভ্যতা হাজাৰ বছৰ ধৰি বৰ্তি আছিল৷ তেওঁলোকে আৱিষ্কাৰ কৰা বস্তুৰ তালিকাখনো অতি চমকপ্ৰদ৷ সেই আৱিষ্কাৰসমূহ সমসাময়িক আন সাম্ৰাজ্যৰ লগত তুলনা নহয়৷ তেওঁলোকে কাগজ, ছপা যন্ত্ৰ, বন্দুকৰ খাৰ-বাৰুদ, দিশ নিৰ্ণয়ৰ কম্পাছ, কাগজৰ মুদ্ৰা আদি অজস্ৰ বস্তু আৱিষ্কাৰ তথা উদ্ভাৱন কৰিছিল৷ চীনাসকলে জ্ঞান আহৰণৰ বাবে বিভিন্ন দেশলৈ গুণীজনক পঠাইছিল আৰু বিদেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক গঢ়ি তুলি নিজৰ দেশক সমৃদ্ধ কৰিছিল৷ কিন্তু যেতিয়াই এই সম্বলসমূহ ব্যৱহাৰত বিফলতা আৰম্ভ হ’ল, তেতিয়াৰপৰাই চীন বৰ্হিজগতৰ বাবে আচিনাকী চীন হৈ পৰিল৷ ঠিক একেই অৱস্থা হৈছিল অট’মান সাম্ৰাজ্যৰ ক্ষেত্ৰতো৷ ইয়াৰ বিপৰীতে বিগত ৫০০ বছৰৰ ইতিহাস বিচাৰ কৰিলে দেখা যায় যে ইউৰোপৰ দেশসমূহত এক নতুন বৌদ্ধিক জাগৰণ আৰম্ভ হ’ল৷ বিশেষকৈ গটিনবাৰ্গৰ ছপা যন্ত্ৰৰ আৱিষ্কাৰে এক বৈপ্লৱিক পৰিৱৰ্তন আনিলে৷ চীনদেশত ঘটা অৱস্থাৰ বিপৰীতে ইউৰোপীয়সকলে বিজ্ঞানৰ যি অৱদান তাক সঠিকভাৱে উপলব্ধি কৰিব পৰিছিল আৰু ব্যৱহাৰ কৰিছিল৷ তেনে সময়ত ইউৰোপীয় সমাজত এক নতুন জাগৰণ সৃষ্টি কৰি এটা সদাগৰ শ্ৰেণী গঢ় লৈ উঠিছিল৷ অৰ্থ আহৰণ কৰি শক্তিশালী হোৱাৰ সেই বাসনা আচলতে মানুহৰ এক মানসিক অৱস্থাহে যি সামাজিক পৰিৱেশ ৰচনাতো কাৰক হিচাপে কাম কৰিছিল৷ সেই সময়ত ইউৰোপীয়সকলৰ মনত গঢ় লৈ উঠা অৰ্থ আহৰণৰ প্ৰচণ্ড হেঁপাহে এক প্ৰতিযোগিতামূলক পৰিৱেশৰ সৃষ্টি কৰিছিল৷ গতিকেই সেই প্ৰতিযোগিতাত টিকি থাকিবলৈকে নতুন জ্ঞানক তেওঁলোকে আদৰণি জনাইছিল৷ লগতে নতুন ধাৰণাকো তেওঁলোকে বাধা প্ৰদান নকৰি পৰীক্ষা-নিৰীক্ষাৰে গ্ৰহণ-বৰ্জন কৰা আৰম্ভ কৰিছিল৷ অকল সদাগৰসকলৰ অৰিহণাৰ ফলত এটা সময়ত বৃটিছ সাম্ৰাজ্যত বেলি মাৰ নগৈছিল অৰ্থাৎ পৃথিৱীৰ বিভিন্ন দেশত তেওঁলোকৰ শাসন চলিছিল৷ তেওঁলোকৰ সেই সাফল্যৰ আৰত আছিল উপযুক্ত স্কুলীয়া শিক্ষা৷ আৰু আছিল পৈণত নৌবিদ্যা৷
এনে বিশ্লেষণৰপৰা দেখা যায় যে যিবোৰ দেশে বিজ্ঞান চৰ্চাত গুৰুত্ব দিছিল আৰু জীৱন ধাৰণৰ বিভিন্ন ক্ষেত্ৰত প্ৰয়োজন অনুযায়ী বিজ্ঞানৰ ফলাফলসমূহক সফলভাৱে প্ৰয়োগ কৰিছিল সেই দেশসমূহেই উন্নতি লাভ কৰিলে তথা আগুৱাই গ’ল৷ ইতিহাসে দেখুৱাইছে যে আধুনিক যুগত এখন দেশৰ উন্নয়ন সম্পূৰ্ণৰূপেই বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল৷ আইজাক নিউটনৰ পাছৰ পৰা যদি আধুনিক যুগৰ আৰম্ভণি বুলি ধৰা যায়, তেন্তে বিজ্ঞানৰ কেইটামান বিশেষ আৱিষ্কাৰৰ ওপৰত যিসকলে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ’ল, তেওঁলোকেই বিশ্বশক্তিত পৰিণত হ’ল৷ অন্যান্য কাৰকৰ উপৰি বিজ্ঞানৰ কেইটামান যুগান্তকাৰী আৱিষ্কাৰে মানৱ ইতিহাসৰ ধাৰা সলনি কৰি দিলে৷ এই ক্ষেত্ৰত পদাৰ্থ বিদ্যাৰ চাৰিটা বল [force] বিশেষভাৱে উল্লেখযোগ্য৷ বিজ্ঞানৰ দৃষ্টিৰ পৰা চালে দেখা যায় যে ইউৰোপীয়সকলে আধুনিক যুগত সাফল্য লাভ কৰাৰ আঁৰত আছিল এই বলকেইটাৰ বিষয়ে কৰা অধ্যয়ন আৰু তাৰ ফলাফলৰ সফল প্ৰয়োগ৷ এই বলকেইটাৰ ওপৰত কৰা চিন্তা-চৰ্চা আৰু তাৰ ফলাফলৰ ওপৰত নিৰ্ভৰশীল হোৱা কেইখনমান দেশ বিশ্বশক্তিত পৰিণত হৈছিল৷
কিনো তেন্তে এই যুগান্তকাৰী বলসমূহ?
বিজ্ঞানৰ এই প্ৰথম অৱদান আছিল মাধ্যাকৰ্ষণ বল৷ আইজাক নিউটনে পোন প্ৰথমে এই বল আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰ প্ৰয়োগৰ বাট মুকলি কৰিছিল৷ মাধ্যাকৰ্ষণ বলে পৃথিৱীৰ বস্তুসমূহত যি ধৰণে ক্ৰিয়া কৰে ঠিক মহাকাশৰ গ্ৰহ-নক্ষত্ৰৰ ক্ষেত্ৰতো একে ধৰণেই ক্ৰিয়া কৰে৷ এই বলৰ অধ্যয়নৰ ফলস্বৰূপেই ঔদ্যোগিক বিপ্লৱ সম্ভৱ হৈ উঠিছিল৷ ভাপ ইঞ্জিন আৱিষ্কাৰে কৃষিভিত্তিক অৰ্থনীতিলৈ এক অভাৱনীয় পৰিৱৰ্তন আনিছিল৷ তেতিয়াই প্ৰথমবাৰলৈ বিজ্ঞাননিৰ্ভৰ অৰ্থনীতি গঢ় লৈ উঠিছিল৷
দ্বিতীয় যুগান্তকাৰী বলটো আছিল বিদ্যুৎ চুম্বকীয় বল৷ এই বলৰ আৱিষ্কাৰৰ পাছতে পৃথিৱীত বৈদ্যুতিক আহিলাৰ আৰম্ভণি ঘটিল৷ ইয়াৰ আৱিষ্কাৰো ইউৰোপতে হৈছিল৷ এই আৱিষ্কাৰৰ প্ৰভাৱ বৰ্তমান সময়ত সৰ্বব্যাপ্ত৷ শেষৰ দুটা বল হ’ল ‘দুৰ্বল’ বল আৰু ‘শক্তিশালী’ বল, অৰ্থাৎ আনৱিক বল৷ ইয়াৰ আৱিষ্কাৰো ইউৰোপতে৷ বিজ্ঞান চৰ্চাৰ ফলস্বৰূপ এইসমূহৰ আৱিষ্কাৰ তথা ব্যৱহাৰ প্ৰয়োগৰ ফলত অৰ্থনীতিত প্ৰভাৱ আছিল সুদূৰ প্ৰসাৰী৷ যিবোৰ দেশ এনে বিষয়বোৰ অধ্যয়ন কৰি সঠিক প্ৰয়োগ কৰাত সফল হ’ল, তেনে দেশবোৰেই অৰ্থনৈতিকভাৱে আগবাঢ়ি উন্নত দেশত পৰিণত হ’ল৷ অৰ্থনৈতিক উন্নয়নত বিজ্ঞানৰ এই অৱদান তথা প্ৰভাৱ এই কাৰণেই উল্লেখযোগ্য যে, এনে আৱিষ্কাৰসমূহক আওকাণ কৰি চলা সম্ভৱ নহয়৷
তেনেদৰেই বিংশ শতিকাৰ শেষৰ ফালে তথ্য-প্ৰযুক্তিবিদ্যাই কঢ়িয়াই অনা চতুৰ্থ বিপ্লৱে স্পৰ্শ নকৰা ব্যক্তি নাই৷ এই বিপ্লৱে এটা কথা প্ৰমাণ কৰি দিলে যে আজিৰ সমাজখন জ্ঞাননিৰ্ভৰ এখন সমাজ৷ একোখন দেশৰ নাগৰিকৰ জ্ঞানৰ শক্তিৰ ওপৰত দেশখনৰ শক্তি নিৰ্ভৰ কৰে৷ বৰ্তমান জলবায়ু পৰিৱৰ্তনৰ অধ্যয়নেও অপাৰ বাণিজ্যিক সম্ভাৱনাৰ বাট মুকলি কৰিছে৷
বিজ্ঞানৰ এই ভূমিকাৰ বিষয়ে আলোচনা কৰাৰ ফলত এখন দেশৰ অৰ্থনীতিত কেনেদৰে বিজ্ঞানে প্ৰভাৱ পেলাব পাৰে সেয়া স্পষ্ট হ’ল৷ সঁচা অৰ্থত ক’বলৈ গ’লে বৰ্তমান বিশ্বৰ অৰ্থনীতি হল বিজ্ঞাননিৰ্ভৰ৷ যিবোৰ দেশে বিজ্ঞানৰ চৰ্চা কৰি নতুন নতুন বস্তুৰ বা ধাৰণাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে সেইবোৰ দেশৰ অৰ্থনীতি টনকিয়াল হৈ উঠিছে৷
বিগত সময়ৰ এই অভিজ্ঞতাৰ ভিত্তিত আমাৰ দেশৰ তথা ৰাজ্যখনৰ অৰ্থনৈতিক ক্ষেত্ৰখনৰ বিষয়েও আলোচনা হোৱা উচিত৷ ভাৰতবৰ্ষৰ দৰে এক বিকাশশীল অৰ্থনীতিৰ বাবে সমাজৰ ব্যক্তিসকলৰ কাম কৰাৰ মানসিকতা থাকিব লাগে৷ বিশেষকৈ যুৱক-যুৱতীসকল উচ্ছাকাংক্ষী হ’ব লাগে, কষ্ট কৰিব পাৰিব লাগে৷ লগতে মৌলিক চিন্তাৰ পৰিচয় দিব পাৰিব লাগে৷ অকল পুথিগত শিক্ষাই কাম নিদিয়ে, ব্যৱহাৰিক জ্ঞান অতিকে অপৰিহাৰ্য৷ সমূহীয়াভাৱে এখন সমাজৰ ব্যক্তিসকলৰ কামৰ প্ৰতি আৰু কৰ্মীৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগিব৷ কাম কৰি অৰ্থ উপাৰ্জন কৰাৰ মানসিকতাৰ লগতে কাম কৰি মনত আনন্দ লাভ কৰিবলৈ যত্ন কৰাটোও প্ৰয়োজনীয়৷ অৰ্থ উপাৰ্জনৰ উদ্দেশ্যে কৰা শ্ৰমসাধ্য সকলো কামৰে সামাজিক স্বীকৃতিও অতি প্ৰয়োজন৷ তেহে কোনো লোক ধোদ হৈ বহি নাথাকিব আৰু চৰকাৰী ৰাজসাহায্যৰ প্ৰতি আশা কৰি নাথাকিব৷
এইক্ষেত্ৰত জনমুৰি আয়ে এখন দেশৰ বিকাশৰ ছবিখন দাঙি ধৰে৷ অলপতে প্ৰকাশ পোৱা তথ্য মতে বাংলাদেশৰ জনমুৰি আয় ২২২৭ আমেৰিকান ডলাৰ৷ ইয়াৰ তুলনাত আমাৰ দেশৰ জনমুৰি আয় হ’ল ২১৯১ আমেৰিকান ডলাৰ৷ অৱশ্যে অকল জনমুৰি আয়েই অৰ্থনৈতিক উন্নয়নৰ মাপকাঠি নহয়৷ এক ডলাৰে ক্ৰয় কৰাৰ সামৰ্থ্য অৱশ্যে বাংলাদেশতকৈ ভাৰতৰ বেছি৷ এনে এটা সূচক হ’ল Purchasing Power Parity৷ এই সূচকেহে জনসাধাৰণৰ ক্ৰয় ক্ষমতাৰ আচল অৱস্থাটো দাঙি ধৰে৷ অৱশ্যে এটা কথা মন কৰিব লাগে যে, বাংলাদেশ বা চীনদেশৰ কৰ্মক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ, সাক্ষৰতা, জীৱনকাল, প্ৰসূতিৰ মৃত্যু বা নৱজাতকৰ মৃত্যুৰ সূচাংক ভাৰততকৈ উন্নত৷ এই দুয়োখন দেশেই মানৱ সম্পদ বিকাশত প্ৰয়োজনীয় গুৰুত্ব দিয়া বাবেই তেওঁলোকৰ উন্নতি দ্ৰুততৰ হৈছে৷
বহনক্ষম উন্নয়নৰ ক্ষেত্ৰতো দেখা যায় যে এখন দেশে বৃদ্ধিতকৈ উন্নয়নত অধিক গুৰুত্ব প্ৰদান কৰা উচিত৷ তেতিয়াহে সমাজৰ সামগ্ৰিক বিকাশ সাধন হয়৷ চৰকাৰী পৃষ্ঠপোষকতাত অৰ্থনৈতিক বিকাশৰ আন্তঃগাঁথনি নিৰ্মাণ হয়, আৰু ব্যক্তিৰ অংশগ্ৰহণেৰে কৰ্মকুশলতা অৰ্জন কৰি অৰ্থনীতি সৱল কৰিব লাগে৷ গতিকে বিজ্ঞানে আনি দিয়া নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি কৰ্ম সম্পাদন কৰিবলৈ শিকাটো বৰ্তমান সময়ৰে দাবী৷ নহ’লে দেশ একোখন সাম্প্ৰতিক সময়ত বিশ্ববাণিজ্যত বৰ্তি থাকিব নোৱাৰে৷ মানুহে চৰকাৰী সাহায্য অৰ্থ উপাৰ্জনত সহায়ক হিচাপেহে পোৱা উচিত৷ কিন্তু অকল সাহায্যৰে জীৱন নিৰ্বাহ কৰাৰ মানসিকতা যি সমাজত গঢ় লৈ উঠিব, সেই সমাজ বা জাতি স্বাভিমানেৰে বৰ্তমান বিশ্ব অৰ্থনীতিৰ ব্যৱস্থাত জীয়াই থকা সম্ভৱ নহয়৷ জাতীয় স্বভিমান বজাই ৰাখিবলৈ হ’লে কৰ্ম কৰি স্বাৱলম্বী হ’বই লাগিব৷
একোখন দেশৰ উন্নয়ন তথা সামজিক অৱস্থা, জীৱনৰ মান নিৰ্ধাৰণ কৰা অনেক মাপকাঠী আছে৷ তাৰ ভিতৰত বৰ্তমান এখন দেশৰ বিকাশৰ মান প্ৰধানকৈ নিৰ্ণয় কৰা হয় ব্যৱহাৰ কৰা শক্তি আৰু তথ্য ব্যৱহাৰৰ আধাৰত৷ এনে পৰিসংখ্যাৰ পৰাও আমাৰ দেশ তথা ৰাজ্যখনৰ বৰ্তমানৰ অৱস্থা কেনে সেয়া অনুমান কৰাটো অসুবিধাজনক নহয়৷ বিভিন্ন দল-সংগঠন তথা শৈক্ষিক প্ৰতিষ্ঠানে এনে পৰিসংখ্যাবোৰ মুকলিকৈ আলোচনা কৰা উচিত৷ এনে বিদ্যায়তনিক দিশবোৰ আলোচনা কৰি বিভিন্ন বিষয়ত মতামত আগবঢ়ালেহে আমাৰ সমাজখন বিকাশৰ দিশে ধাৱমান হ’ব৷ অন্যথা দুখীজন সদায় একে অৱস্থাতে থাকি যাব৷
বৰ্তমানৰ পৰিপ্ৰেক্ষিতত চালে দেখা যায় যে জ্ঞানেই হৈছে দীৰ্ঘস্থায়ী বহনক্ষম উন্নয়নৰ একমাত্ৰ আহিলা৷ বৰ্তমান আমাৰ শিক্ষা ব্যৱস্থাই এনে শিক্ষা দিব লাগিব যি শিক্ষাই ব্যক্তিক উপভোক্তাৰ ৰুচি অনুসাৰে চাহিদা পূৰণ কৰি বজাৰ দখল কৰিব পৰাকৈ গঢ় দিয়ে৷ এটা উদাহৰণেৰে কথাটো বুজাব পাৰি৷ এটা সময়ত দেশবিলাকে যিবোৰ বস্তু বিদেশলৈ ১৫ানি কৰিছিল, সেইবোৰ আছিল দৃশ্যমান- অৰ্থাৎ চকুৰে দেখা বস্তু৷ কিন্তু তথ্য-প্ৰযুক্তিয়ে এনে কেতবোৰ বস্তু সৃষ্টি কৰিলে, যিবোৰ আমি চকুৰে নেদেখোঁ৷ ১৯৯১ চনত বৃট্ৰেইন আছিল প্ৰথমখন দেশ যি এনে দৃশ্য বস্তুতকৈ, অদৃশ্য বস্তু বেছিকৈ ১৫ানি কৰিছিল৷ অৰ্থাৎ প্ৰযুক্তিয়ে আনি দিয়া সুযোগৰ তেওঁলোকে সদ্ব্যৱহাৰ কৰিছিল৷ এনে পৰিৱেশ সম্ভৱ হৈছিল একমাত্ৰ শেহ¸তীয়া প্ৰযুক্তিৰ বিষয়ে আহৰণ কৰা জ্ঞানৰ বাবে৷ এনে পৰিৱেশৰ বাবে থাকিব লাগিব জনগণৰ উদ্যম তথা অৰ্থ উপাৰ্জনৰ প্ৰতি দুৰ্বাৰ আকাংক্ষা৷ এই ক্ষেত্ৰত বিজ্ঞানৰ [পদাৰ্থ বিদ্যাৰ] তাপগতি বিদ্যাৰ এটা সূত্ৰৰ প্ৰাসংগিকতাৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছোঁ৷ তাপগতিৰ প্ৰথম সূত্ৰ মতে আমি কোনো বস্তু শূন্যৰপৰা পাব নোৱাৰোঁ৷ কোনো বস্তু সদায় কিবা বস্তুৰ বিনিময়তহে পোৱাটো সম্ভৱ৷ অৰ্থাৎ ক’তো বিনা মূল্যত একো পোৱা নাযায়৷ কিবা পাবলৈ হ’লে কিবা দিবই লাগিব৷ অৰ্থাৎ অৰ্থ উপাৰ্জন কৰিবলৈ কৰ্ম কৰিব লাগিব৷ কাৰোবাৰ সাহায্য লৈ জীৱনত প্ৰতিটো কাম কৰিম বুলি জীয়াই থকা এখন সমাজ নিঃশেষ হোৱাৰ আশংকা থাকে৷ পৃথিৱীত এনে পৰিস্থিতিৰ সন্মুখীন হোৱা বহু দেশ আছে৷ দক্ষিণ আমেৰিকাৰ ভেনিজুৱেলা এনে এখন দেশ৷ বৰ্তমান প্ৰায় প্ৰতি ডেৰ বছৰত তথ্য-প্ৰযুক্তিৰআহিলাসমূহ পৰিৱৰ্তন হয় বা সেইসমূহক উন্নীত কৰা হয়৷ এনে পৰিৱৰ্তন বা উন্নীতকৰণৰ লগত খাপ খুৱাই চলা যথেষ্ট কঠিন৷ প্ৰযুক্তিৰ পৰিৱৰ্তনৰ সমান্তৰালকৈ আমাৰ মনোজগতৰ পৰিৱৰ্তন নহয়৷ কিন্তু সম্প্ৰতি আমি আহি এনে দিনত উপস্থিত হৈছোঁ য’ত প্ৰজ্ঞাৰো পৰিৱৰ্তন প্ৰযুক্তিৰ লগে লগে হোৱাটো এটা বাধ্যতামূলক চৰ্ত হৈ পৰিছে৷ এনে পৰিৱেশতহে প্ৰকৃত কাৰ্যক্ষম অৰ্থনৈতিক উন্নয়ন সম্ভৱ৷