অন্যযুগ/


নীলমণি ফুকনৰ কবিতা : ৰূপ-সৌন্দৰ্যৰ সন্ধান

ড° বিনয় কুমাৰ মজুমদাৰ

 

সৰুৰে পৰা কবিতা পঢ়াৰ এটা অভ্যাস গঢ় লৈ উঠা হেতুকে আজিও কবিতা যত যেনেকে পাওঁ তেনেকৈয়ে পঢ়িবলৈ প্ৰয়াস কৰোঁ৷ স্কুলীয়া জীৱনত পদ্য পঢ়া আৰু মুখস্থ কৰাৰ এটা অভ্যাসো গঢ় লৈ উঠিছিল৷ স্কুলত শিক্ষকে একোটা কবিতা পঢ়াওঁতে, কবিতাটিৰ অৰ্থ (!) বুজাই দিছিল৷ কবিতাটিৰ মৰ্মকথা বুলি যি থাকে তাক আমি তেতিয়া শিক্ষকে বুজাই দিয়া সেই অৰ্থতেই বিচাৰিবলৈ যত্ন কৰিছিলোঁ৷ আনকি মহাবিদ্যালয় পৰ্যায়তো শিক্ষকে আমাক কবিতাৰ অৰ্থ বুজাইছিল৷ এতিয়ালৈকে কোনো শিক্ষকে কবিতাত থকা চিত্ৰকল্প, ৰূপক, ব্যঞ্জনা ইত্যাদিৰ বিষয়ে কোৱা মনত নপৰে৷ কৈছিল যদিও তাৰ সঠিক বিশ্লেষণ মনত ৰৈ যোৱাকৈ কৰিছিল বুলি আজিও মনত পেলাব পৰা নাই৷ বহু সময়ত দেখিছিলোঁ কাহিনী কিছুমানকে কবিতা কৰিছে, কবিতাত যদিও কাহিনী কেতিয়াবা আহিব পাৰে৷ কিন্তু কাহিনী এটাৰ হুবহু বৰ্ণনা কবিতা হব নোৱাৰে৷ সেই সময়ত আমি পঢ়া অসমীয়া কবিতাবোৰ নীতিশিক্ষা আৰু উপদেশ বচনৰ পৰ্যায়তে ৰৈ যোৱা যেন লাগিছিল তেতিয়া৷ পিছত বিদেশী কবিতাৰ প্ৰভাৱ নে জগত ঘূৰ্ণনৰ প্ৰক্ৰিয়াৰ বাবেই হল নাজানোঁ অসমীয়া কবিতাই এটা আধুনিক ৰূপ লবলৈ ললে৷ পৰ্যায়ক্ৰমে বহুকেইগৰাকী আধুনিক কবিতা লিখা স্বনামধন্য কবিকূলৰ জন্ম হল৷ তেনে কবিসকলৰ মাজৰ অন্যতম আধুনিক অসমীয়া কবি হল নীলমণি ফুকন৷ কবি নীলমণি ফুকনক আমি বহুদিন ওচৰৰ পৰা পাইছোঁ, আৰু অকল ওচৰৰ পৰা পোৱাই নহয় ওচৰত বহি কবিতা বিষয়ক বিভিন্ন কথাৰ আলচো কৰিছোঁ৷ নতুন কবিক উৎসাহ আৰু প্ৰেৰণা দিয়াৰ ক্ষেত্ৰত এগৰাকী অগ্ৰজ কবিৰ যি ভূমিকা থাকিব লাগে সেই ভূমিকা আমি তেখেতৰ সান্নিধ্যত উপলদ্ধি কৰিছোঁ৷ কবি নীলমণি ফুকনে অনুজ কাব্যচৰ্চাকাৰীসকলৰ মাজৰ পৰা সম্ভাৱনাপূৰ্ণ কবিৰ সন্ধান খুউব ভালদৰে কৰিব জানে বুলিও বুজি উঠিছোঁ৷ কবি নীলমণি ফুকন অসমীয়া কবিতাৰ এটা দিশ নিৰ্ণায়ক নাম৷ অসমৰ কাব্যভূমিত আধুনিক অসমীয়া কবি বুলি কলে কবি নীলমণি ফুকন এটা প্ৰাতঃস্মৰণীয় নামো৷

এইগৰাকী আধুনিক অসমীয়া কবিৰ কবিতা বিষয়ক দুটামান দিশ এজন সাধাৰণ পঢ়ুৱৈৰ দৃষ্টিৰে বিচাৰ কৰিব খুজিছোঁ৷ সকলো পঢ়ুৱৈৰে যিদৰে এজন নহয় এজন প্ৰিয় লেখক কিম্বা সাহিত্যিক থাকে তেনেদৰে এগৰাকী পঢ়ুৱৈ হিচাপে নীলমণি ফুকনৰ সৃষ্টিৰ প্ৰতি আমাৰ অনুৰাগ নিশ্চয় আছে৷ বৰং কিছু বেছিকৈয়েই আছে৷ নীলমণি ফুকনৰ কবিতাই অকল মাত্ৰ শব্দ বা বাক্য নিৰ্মাণতে ব্যস্ত নাথাকে৷ এগৰাকী কবি হিচাপে শব্দৰ কছৰৎ তেখেতৰো আছে কিন্তু এই শব্দবোৰৰ যথোচিত ব্যৱহাৰৰ যোগেদি তেখেতে জগতৰ সত্য উদ্‌ঘাটনৰ প্ৰয়াস অহৰহ কৰি থাকে৷ কবি নীলমণি ফুকনে কবিতাত ৰূপ আৰু সৌন্দৰ্যৰ সন্ধান কৰিয়েই কাব্য নিৰ্মাণ কৰে৷ তেখেতৰ বাবে আমাৰ চৌপাশৰ বাস্তৱ প্ৰকৃতি জগতখনেই হৈছে ঈশ্বৰ৷ জগত আৰু জীৱনৰ প্ৰতি থকা দায়বদ্ধতাৰে তেখেতে ঈশ্বৰৰ সন্ধান কৰে৷ এই ঈশ্বৰৰ সন্ধান বহু সময়ত মানৱতাৰ সন্ধানো৷ কবি নীলমণি ফুকনে কবিতা ৰচনা কৰি ঈশ্বৰৰ সান্নিধ্য পাইছে প্ৰকৃতি জগতখনৰ ৰূপ-মাধুৰ্য আহৰণ কৰাৰ মাজেদি, প্ৰকৃতিৰ সতে থকা তেখেতৰ ঘনিষ্ঠ সান্নিধ্যৰ পৰা৷

কবি নীলমণি ফুকনৰ প্ৰতি থকা আমাৰ যি অনুৰাগ সেই অনুৰাগ কথাটোৰ উহটোকি? এই উহটোতে হয়তো কবি নীলমণি ফুকনৰ কবিতাৰ এটা সত্য সুতি লুকাই আছে। প্ৰথম কথা কবলৈ হলে নীলমণি ফুকনে কবিতাক ভাষাশিল্পৰ ৰূপ দিব পাৰিছে৷ অসমীয়া কবিতাত অতি বেছি চিত্ৰকল্প, ৰূপক, উপমা আৰু কাব্যিক ব্যঞ্জনাসমৃদ্ধ কবিতা লিখা কবিগৰাকী বুলিলেও নীলমণি ফুকনৰ নামটোকে প্ৰথমে উচ্চাৰণ কৰিব লাগিব৷ উপযুক্ত শব্দ নিৰ্বাচনৰ যোগেদি নিৰ্দিষ্ট চিত্ৰকল্প, ৰূপক আৰু উপমাৰ সৃষ্টিৰ কৌশল আহৰণ কৰি কবিতাৰ যোগেদি ভাষাটোক শৈল্পিক ৰূপ দিয়াত তেনেই পাকৈত কবি নীলমণি ফুকন৷ এই কবিতাটোকে লৈ যদি চাওঁ, দেখিম

 

            ইয়াৰ পৰা বেলিটো বলি কটা

            ছাগলীৰ জিভাখনৰ দৰে দেখি শিলটোত

            কি লিখা আছে    আহি ক্ষয়প্ৰাপ্ত হ

            ৰাতি যমডাকিনীৰ মাত   উত্তপ্ত নীৰৱতা

            শিয়ালৰ হোৱা হোৱা ...

কবিতাটিত দেখিছোঁ বিভিন্ন চিত্ৰকল্প, ৰূপক আৰু আংগিক ব্যৱহাৰৰ জৰিয়তে কিদৰে এটা নিৰ্দিষ্ট ভাষা (অসমীয়া ভাষা)ক শৈল্পিক ৰূপ দি ৰসঘন কৰিব পাৰি তাৰ দিশ (idea) আৰু কৌশলো (technique) পোৱা যায়৷ কবিতাটিৰ প্ৰথম শাৰীত থকা ইয়াৰ পৰা বেলিটো বলি কটাএই বেলিটো বলি কটাবুলি কওঁতে ইয়াৰ পৰাবাক্যাংশৰ লগত ঘনিষ্ঠভাৱে জড়িত হৈ আছে বুলি ধৰি লৈও কিন্তু ভাষিক ব্যৱহাৰৰ দক্ষতাৰ বাবে দ্বিতীয় শাৰীৰ ছাগলীৰ জিভাখনৰ দৰে দেখিবাক্যাংশৰ লগত সংযুক্ত কৰিলেহে কবিতাটিত ব্যৱহাৰ হোৱা চিত্ৰকল্প আৰু কবিয়ে কব খোজা কথাখিনিৰ সম্পূৰ্ণতা আহে৷ অথচ এটা এটা শাৰীৰ গঠনেও তাক আধৰুৱা নকৰে৷ ঠিক তেনেদৰে ছাগলীৰ জিভাখনৰ দৰে দেখি শিলটোতবুলি কওঁতে আচলতে চাবলৈ গলে তৃতীয় শাৰীটোৰ কি লিখা আছেবাক্যাংশ শিলটোতঅংশৰ সৈতে যুক্ত হলেহে কাব্য ভাবটোৰ সম্পূৰ্ণতা আহিলহেঁতেন যেন লাগে৷ কিন্তু দুটা শাৰীত ভাঙি লিখাৰ পাছতো ব্যঞ্জিত ভাবনাক অসম্পূৰ্ণতাৰ দোষে স্পৰ্শ নাই৷ এই ধৰণৰ বিশেষত্ব অসমীয়া ভাষাটোৰ স্বকীয় শৈলীৰ বাবেই সম্ভৱ হৈছে৷ যাৰ সম্পূৰ্ণ সফল প্ৰয়োগকবি নীলমণি ফুকনে প্ৰায়বোৰ কবিতাতে ব্যৱহাৰ কৰি কবিতাক ভাষাশিল্পৰ স্তৰলৈ উত্তৰণ ঘটাইছে৷

কবি নীলমণি ফুকনৰ কবিতা প্ৰকৃতি জগতৰ, মানৱ মহত্বৰ সৌন্দৰ্য আৰু ৰূপ আহৰণৰ অনন্য প্ৰয়াস বুলিব পাৰি৷ বিক্ষিপ্ততাৰ মাজেদি কবিতাত সামগ্ৰিকতাৰ দিশ উন্মোচিত কৰাৰ দিশত কবিৰ চিন্তা-চেতনাৰ মানসিক গঠনৰো উমান পোৱা যায় বহু কবিতাত৷ আন এটি কবিতা যদি চাওঁ

             আকাশখনে ধপ্‌ধপায় চাকিটো খেপিয়াও

            হঠাৎ সোঁ শৰীৰে দেখোন

            মা

            চকুত চাকিটো মুখত তেজ-চিয়ঁৰি দিওঁ

            জন্‌জনাই যায় কাহৰ বাটিত মোৰ

            হালধি বটা ৰাতি

বিষাদ-বিষন্নতাৰে ভৰা এই কবিতাটি তাৎক্ষণিকভাৱে চালে কবিয়ে কৰ পৰা কলৈ গৈছে ধাৰণা কৰিবলৈকে টান৷ সঁচা কথা কবলৈ গলে আচলতে কবিতাটো কৰবাৰ পৰা নিশ্চয়কৈ কৰবালৈ গৈছে৷ হলেও এই ধৰণৰ দৃষ্টিগ্ৰাহ্য বিক্ষিপ্ততাৰ মাজেদি কিন্তু কবিয়ে এখন সামগ্ৰিক ছবি কবিতাটিত আৰোপ কৰিবলৈ কৰা প্ৰচেষ্টাত সফল হৈছে৷ শব্দ আৰু শব্দৰে সৃষ্টি কৰা বাক্যৰ মাধ্যমেদি এটা অৰ্থগত দিশ আহৰণৰ বিপৰীতে কবিয়ে কবিতাটিত সৃষ্টি কৰা কেইখনমান ছবি দেখোঁ৷ এই ছবি বা চিত্ৰ অংকনেই কবি নীলমণি ফুকনৰ কবিতাৰ মৰ্মাৰ্থ৷ তেখেতৰ কবিতাত চিত্ৰকল্পৰ উপৰি ৰূপক সৃষ্টিৰ প্ৰাচুৰ্যও মন কৰিবলগীয়া এটা দিশ৷ কবি নীলমণি ফুকনে কবিতাত চিত্ৰকল্প আৰু ৰূপক সৃষ্টি কৰি এজন কবি হিচাপে কবিতা লিখি উঠি কবিৰ যি সন্তুষ্টি বা পূৰ্ণতা সেই গোটেইখিনিকে যেন বিচাৰি পায় বা পাবলৈ সক্ষম হয়৷ 

     জগতৰ প্ৰকৃত সত্য আৱিষ্কাৰৰ যাত্ৰাত মগ্ন হৈ থাকিয়ে নীলমণি ফুকনে কবিতা লিখাত নিৱিষ্ট আছে বুলি মাত্ৰ কলেই তেখেতৰ কবিতাৰ প্ৰতি আংশিক দৃষ্টি নিক্ষেপ কৰাৰ দৰে হব৷ তেখেতৰ কবিতাৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হল চিত্ৰ আৰু ভাস্কৰ্যৰ প্ৰতি থকা তেখেতৰ অনিসন্ধিৎসু মনৰ বাবে কবিতাক নতুন নিৰ্মাণ কৰাৰ যি কৌশল সেই কৌশল বা আংগিকৰ কছৰৎ কৰাটোও অন্যতম৷ কবিতাৰ নৱোেন্মেষ সৃষ্টিত ৰত কবি নীলমণি ফুকনৰ কবিতা৷ নীলমণি ফুকনৰ কবিতাসমূহৰ এটা স্পষ্ট অৰ্থ নাথাকে কিন্তু কিবা এটা অৰ্থৰ সন্ধান কৰে তেওঁৰ কবিতাই৷ নীলমণি ফুকনৰ কবিতাবোৰ একো-একোখন ছবিৰ দৰে৷ কিছুমান বিশেষ ছবিয়ে যিদৰে বিভিন্ন object ছবিখনত দাঙি ধৰে  আৰু সেইবোৰে ছবিখনক চোৱাৰ যিদৰে সুবিধা আৰু আনন্দ প্ৰদান কৰে ঠিক তেনেদৰে কিন্তু স্পষ্ট এটা অৰ্থ দাঙি নধৰে৷ বহু সময়ত বহু বিখ্যাত ছবিত দৰ্শকে নিজা নিজা ধৰণে অৰ্থ আৰোপ কৰা দেখোঁ৷ ছবিখন চোৱা প্ৰতিজন দৰ্শকেই নিজৰ নিজৰ ধৰণে ছবিখনত অৰ্থ আৰু দৃষ্টিভংগী দাঙি ধৰাও দেখা পাওঁ৷

কবি নীলমণি ফুকনৰ কবিতা প্ৰসঙ্গতো একেই কথা৷ তেওঁৰ বহু কবিতাৰ পাঠক পাইছোঁ যিসকলে তেওঁক আন্তৰিক সন্মান প্ৰদৰ্শন কৰিও তেওঁৰ কবিতাৰ মধুপান কৰিবলৈ অসমৰ্থ হয়, একমাত্ৰ কবিতাবোৰত স্পষ্ট হৈ থকা অৰ্থশূন্যতাৰ বাবে৷ আধুনিক কবিতাৰ অন্যান্য বহু লক্ষণ আৰু বিশেষত্বৰ ভিতৰত প্ৰত্যক্ষ অৰ্থৰ অভাৱো কিজানি এটা গুৰুত্বপূৰ্ণ দিশ৷ যিটোক নীলমণি ফুকনে কছৰৎ কৰি কাব্য পাঠকক দিব পাৰিছে৷

কবি নীলমণি ফুকনৰ কাব্য সৃষ্টিৰ অন্তৰালত নীৰৱতাৰ এটা সুঁতি অনৱৰতে বৈ থাকে আৰু এই নীৰৱতাৰ আৱেশতে তেখেতৰ কাব্যসম্ভাৰে স্বকীয়তাৰ আৱেদনো দাবী কৰি আহিছে৷ নীলমণি ফুকনৰ কবিতা বিস্তৃতৰূপে অধ্যয়ন কৰি তাৰ গভীৰলৈ যোৱা বাট ইমান উজু নহয়৷ নীলমণি ফুকনৰ কবিতাৰ এগৰাকী গুণমুগ্ধ পঢ়ুৱৈ হিচাপে তেখেতৰ কবিতাক আমি এনেদৰে বিচাৰ কৰি ভাল পাওঁ

১)    নীলমণি ফুকনৰ কবিতা বিশুদ্ধ ভাব-ভাষাৰ কবিতা৷ তেখেতৰ কবিতা দমকলৰ মুখেদি ওলোৱা               পানীখিনিৰ সলনি মাটিৰ পাত্ৰৰ ফিল্টাৰেদি সৰকি অহা পানীখিনিৰ দৰে বিশুদ্ধ৷

২)    নিৰ্দিষ্ট এটা অৰ্থৰ সলনি নীলমণি ফুকনৰ কবিতাই এটা পৰিৱেশহে দিবলৈ যত্ন কৰে৷

৩)    সৌন্দৰ্য আৰু ৰূপকথাৰ কথক হিচাপে তেওঁৰ কবিতাই কৰ্ম কৰে৷

৪)    নীলমণি ফুকনৰ কবিতাৰ বিশেষত্ব হল তেখেতৰ কবিতাই বিক্ষিপ্ত ভাবনা কঢ়িয়াই লৈ                      ফুৰিলেও কবিতাটোত এটা সামগ্ৰিক চিন্তাৰ উন্মীলন হয়৷

৫)    কল্পনাশ্ৰয়ী হৈ দৃষ্টিগ্ৰাহ্য ছবি অংকনত বিশেষ ধৰণে পৈণত কবি নীলমণি ফুকন আৰু তেওঁৰ                কবিতাসমূহ৷

৬)    প্ৰত্যেক পঢ়ুৱৈয়ে তেখেতৰ কবিতা পঢ়ি উঠি নিজে নিজৰ ধৰণে এটা অৰ্থ উলিওৱাৰ স্বাধীনতা               থাকে৷ ই উৎকৃষ্ট শিল্পৰ অন্য এক আকৰ্ষণ৷

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ