অন্যযুগ/


কবিতা জিজ্ঞাসা

অনুভৱ তুলসী


১.

শিমলু কল ফাটি তুলা উৰাৰ সেই তূৰীয় লগন কবিয়েহে ধৰিব পাৰিব। 

কবিতা বিষণ্ণতাৰ জেউতি, জালি কাটি আহে কবিৰ হৃদয়লৈ।

এটা ধানপাতৰ পৰা আন এটালৈ ফৰিঙৰ জাঁপ।

স্মৃতিত পোত গৈ থকা উঁইচিৰিঙাৰ সুহুৰি

আজিকালি সঘনে ব্যৱহৃত হোৱা উচ্চ কম্পনাংকৰ শব্দৰ তৰঙ্গদৈৰ্ঘ্য সমানুপাতিক হোৱা চকুত নপৰে।

দিগদৰ্শী দাদুৰীৰ ৰিং।


২.

কবিয়ে কি উপায়েৰে কবিতাৰ কাষলৈ যাব খোজে, এই কাষ চাপি যোৱাৰ হেঁপাহৰ বহিঃপ্ৰকাশেই কবিয়ে ভাষাত আঁউজি আকৰ্ষণীয়কৈ লিখাৰ দেখা আৰু নেদেখাখিনি। ইয়াক 'এপাৰিশ্বন' বোলাহে যুগুত।

সাগৰ পাৰলৈ গ'লে আমি দেখোঁ যে সাগৰ বুকুত এটাৰ পাছত আন এটা ঢৌ উঠি যি পানী বলুকালৈ আনে, সেয়া ক্ষন্তেকৰ পাছতে সাগৰলৈ ঘূৰি যায়। আমাৰ মনত সাগৰ আৰু ঢৌৰ স্মৃতিয়ে দোলা দি থাকে বহুপৰলৈ। স্মৃতিৰ মাধ্যমেৰে সাগৰ আৰু ঢৌৰ বিনন্দীয়া ৰূপ আমি সাগৰক সাগৰতে ৰাখি চাই থাকিব পাৰোঁ, হেঁপাহ নপলায় মানে চাই থাকিব পাৰোঁ। মূল সাগৰখনেই কবিতা, যি সদায় নিজৰ ঠাইতে থাকে। সাগৰ বা কবিতাৰ স্থান পৰিবৰ্তন মনুষ্যৰ দ্বাৰা অসম্ভৱ।


৩. 

কিতাপৰ পাতত থকা কবিতা হ'ল দৃষ্টিগ্ৰাহ্য, ভিজুৱেল। ভিজুৱেল পাঠটো থাকিবই, তাৰ পাছত সেইটোক শ্ৰৱণগ্ৰাহ্য পাঠ কৰিব পাৰি। বানান কৰি বা আনে শুনাকৈ উচ্চাৰণ কৰি পঢ়ি, ইয়াক অ'ডিব'ল পাঠ বোলা হয়। দুয়োটা পাঠৰ প‌্ৰাপ্তি বেলেগ বেলেগ ধৰণৰ। এইদৰে আন আন ইন্দ্ৰিয়লৈ সেই পাঠৰ প্ৰৱহন হ'ব লাগিব। পাঠ তেতিয়া প্ৰায় সম্পূৰ্ণ হ'ব আৰু তেতিয়া ই সংজ্ঞা, চেতনালৈ উন্নীত হৈ মানৱ অস্তিত্বক সমৃদ্ধ কৰিব। এই গতিকে কবিতাৰ বিকাশক চক্ৰ বুলি ক'ব পাৰি। সেই উদ্দেশ্যেৰেই কবিতা কিতাপ, আলোচনীত প্ৰকাশ কৰা হয়। ইয়াৰ ব্যতিৰেকে কবিতা পঁয়ালগা, অৰ্ধবিকশিত হৈ ৰ'ব।


৪.

সামাজিক বনানিকৰণ আৰু কবিতাকৰণৰ মাজত ক'ৰবাত যোগসূত্ৰ এটা নিশ্চয় আছে। সেউজীয়াৰ সমৃদ্ধিৰ মাজেৰ জীৱকুলক উশাহৰ অনুকূলে অম্লজান যোগানৰ লগতে আৰু ভালেমান প্ৰয়োজন সামাজিক বনানিকৰণ প্ৰক্ৰিয়াৰ যোগেদি পূৰণ হোৱাৰ দৰেই কবিতাকৰণেও তেনে প্ৰয়োজন পূৰণ কৰিব লাগিব। ভাষাৰ প্ৰয়োজন পূৰাই উঠি লগতে ভাষাকওঁতাৰ নান্দনিক প্ৰয়োজন পূৰাব আৰু পূৰাব তাৎক্ষণিক সামাজিক প্ৰয়োজন। মানুহৰ প্ৰয়োজনতেই কবিতা। 


৫.

শব্দই সপোন দেখে সঙ্গীতৰ মাজেৰে, কবিতাত বোধহয় সেইটোহে মুখ্য, অৰ্থৰ দিশটো হ'ব লাগে শুকান মাটিৰ প্ৰথম টোপাল বৰষুণৰ হেঁপাহৰ দৰে লাহী। এই লাহী গুণটো শব্দক কেনেকৈ দিব পাৰি বাৰু ?

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ