অন্যযুগ/


ৰাষ্ট্রীয় শিক্ষানীতি আৰু গৱেষণা

 ° প্রাঞ্জল বেজবৰা

 

২০২০ চনৰ ৰাষ্ট্রীয় শিক্ষানীতিয়ে দেশৰ শিক্ষাব্যৱস্থালৈ গাঁথনিগত তথা গুণগত পৰিৱর্তন সাধন কৰাৰ প্রয়াস কৰিছে। স্বাধীনোত্তৰ ভাৰতৰ ইতিহাসত প্রথমবাৰৰ বাবে কেন্দ্রীয় চৰকাৰে নাগৰিকৰ জীৱনলৈমৌলিক পৰিৱর্তন অনাৰ উদ্দেশ্যে এনে এক বিস্তৃত ৰাষ্ট্রীয় শিক্ষানীতি ৰূপায়ণ কৰিছে। উচ্চ শিক্ষা নিশ্চিতভাৱে এক বিজ্ঞ, সামাজিকভাৱে সচেতন, জ্ঞানী তথা দক্ষতাসম্পন্ন জাতি গঢ়িবলৈ সক্ষম হব লাগিব; যাতে জনগণে নিজেই নিজৰ সমস্যাৰাজিৰ উপযুক্ত সমাধান বিচাৰি উলিয়াব পাৰে। উচ্চ শিক্ষাই দেশত জ্ঞানৰ সৃষ্টি আৰু উদ্ভাৱনাৰ ভেঁটি গঢ়িব লাগিব আৰু ইয়াৰদ্বাৰা ক্রমবিকাশমান অর্থনীতিলৈ গভীৰ বৰঙনি যোগাব লাগিব।

গুণগত উচ্চ শিক্ষাৰ উদ্দেশ্য কেৱল ব্যক্তিগত নিয়োগৰ বাবে অধিক সুযোগ সৃষ্টিতে সীমাবদ্ধ নহয়। উচ্চ শিক্ষা সামাজিকভাৱে দায়বদ্ধ, সুখী, সংহত, সংষ্কৃতিৱান, উৎপাদনশীল তথা সমৃদ্ধিশালী জাতি গঢ়াৰ বাবে অনিবার্য্য। ২০২০ চনৰ ৰাষ্ট্রীয় শিক্ষানীতিয়ে উচ্চ শিক্ষাৰ ক্ষেত্রত ইয়াৰ উদ্দেশ্য এনেদৰে বর্ণনা কৰিছে -

l  দেশৰ প্রতিখন জিলাতে কমেও এখনকৈ ডাঙৰ বহুমুখী বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় স্থাপন কৰা। লগতে ভাৰতীয় ভাষা তথা আঞ্চলিক ভাষাৰ মাধ্যমত উচ্চ শিক্ষা প্রদানৰ উদ্দেশ্যে যথেষ্ট সংখ্যক মহাবিদ্যালয় প্রতিষ্ঠা কৰা।

 

l  স্নাতক পর্য্যায়ত অধিক বহুমুখী শিক্ষাৰ প্রবর্তন কৰা।

 

l  উচ্চশিক্ষাৰ অনুষ্ঠানসমূহ আৰু ইয়াৰ শিক্ষকসকলক অধিক স্বতন্ত্রতা প্রদান কৰা

 

l  উচ্চশিক্ষাৰ অনুষ্ঠানৰ শিক্ষক আৰু পৰিচালনাকাৰী বিষয়াসকলৰ দক্ষতা-ভিত্তিক নিযুক্তি তথা সিবিলাকৰ শিকণ, গৱেষণা আৰু সেৱাৰ ভিত্তিত পদোন্নতিৰ ব্যৱস্থা কৰা।

 

l  উচ্চশিক্ষাৰ পাঠ্যক্রম, শিক্ষাদান পদ্ধতি, মূল্যাংকন তথা সেৱাসমূহৰ সবলীকৰণ। 

 

l  বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত উচ্চমানৰ গৱেষণা কর্মক উৎসাহিত কৰিবৰ কাৰণে প্রয়োজনীয় পুঁজিৰ যোগান ধৰিবলৈ ৰাষ্ট্রীয় গৱেষণান্যাস গঠন কৰা।

 

l  উচ্চ শিক্ষানুষ্ঠানসমূহৰ প্রশাসন অর্হতাসম্পন্ন ব্যক্তিৰে গঠিত সমিতিৰ হাতত ন্যস্ত কৰা আৰু সিবিলাকক বিদ্যায়তনিক তথা প্রশাসনিক স্বতন্ত্রতা প্রদান কৰা।

 

      ৰাষ্ট্রীয় শিক্ষানীতি অনুসৰি জ্ঞানৰ সৃষ্টি আৰু গৱেষণা, ভাৰতৰ দৰে বৃহৎ তথা সবল অর্থনীতিৰ নিৰন্তৰ বিকাশ আৰু বহনক্ষমতাৰ বাবে অপৰিহার্য। সমাজৰ নিৰন্তৰ প্রগতি তথা দেশৰ সর্বাঙ্গীন উন্নতিৰ কাৰণেও গৱেষণাৰ গুৰুত্ব অপৰিসীম। আজিৰ পৃথিৱীত জলবায়ুৰ পৰিবর্তন, জনসংখ্যা বিষ্ফোৰণ, জৈৱ-প্রযুক্তি, বিস্তৃত ডিজিটেল বজাৰ, কৃত্রিম বুদ্ধিমত্তা আদিৰ পৰিপ্রেক্ষিতত সংঘটিত ক্ষিপ্র পৰিবর্তনৰ কাৰণে এক সবল গৱেষণাৰ পৰিৱেশ ৰচনাৰ অতি প্রয়োজন। ভাৰতবর্ষই এই বেলেগ বেলেগ ক্ষেত্রসমূহত নেতৃত্ব প্রদান কৰিবলৈ হলে, আৰু দেশৰ বৃহৎ প্রতিভাসমূহৰ সম্ভাৱনা ৰাজিৰ জৰিয়তে অনাগত দিনবোৰত জ্ঞান সমাজত অগ্রণী ভুমিকা পালন কৰিবৰ কাৰণে বিভিন্ন বিষয়ত দেশৰ গৱেষণা সক্ষমতাৰ প্রসাৰণ গুৰুত্বপূর্ণ। দেশৰ অর্থনৈতিক, সামাজিক, পাৰিপার্শ্বিক তথা প্রযুক্তিগত প্রগতিৰ বাবে গৱেষণাৰ অতি প্রয়োজন।

        বর্তমান সময়ত আমাৰ দেশে সমাধান কৰিবলগীয়া কেতবোৰ সামাজিক সমস্যা হৈছে - সকলো নাগৰিকৰ বাবে পৰিষ্কাৰ খোৱা পানী আৰু অনাময় ব্যৱস্থা উপলব্ধ কৰোৱা, গুণগত শিক্ষা আৰু চিকিৎসাসেৱা, সামাজিক ন্যায়, উন্নত যোগাযোগ ব্যৱস্থা, বহনক্ষম বুনিয়াদি সা-সুবিধা, দৰিদ্রতা নিবাৰণ, বিশুদ্ধ বায়ু, বিশুদ্ধ শক্তি, জলবায়ুৰ পৰিবর্তন আৰু ইয়াৰ নেতিবাচক প্রভাৱ। এই সমস্যাবিলাক কেৱল যে উচ্চ পর্য্যায়ৰ বিজ্ঞান-প্রযুক্তিৰ দ্বাৰাহে কৰিব পৰা যাব এনে নহয়; ইবিলাকৰ সমাধানত সমাজ বিজ্ঞান আৰু মানৱতাৰ গভীৰ উপলব্ধি তথা দেশৰ বিভিন্ন সমাজিক সাংষ্কৃতিক কাৰকবোৰৰো যথেষ্ট অৱদান আছে।

      গতিকে এই প্রত্যাহ্বানসমূহৰ সামধানৰ বাবে আমাৰ দেশৰ প্রতিষ্ঠানবিলাকত আন্তঃবিষয়ক গৱেষণা হোৱাতো অত্যন্ত জৰুৰী; কেৱল আমদানিকৃত গৱেষণালব্ধ জ্ঞানৰ ওপৰত নির্ভৰ কৰি সমস্যাবিলাকৰ সমাধান সম্ভৱ নহয়। প্রধান সামাজিক সমস্যাসমূহৰ বহনক্ষম সমাধানসূত্র বিচাৰি উলিয়াবৰ বাবে বিভিন্ন বিভাগৰ সমন্বয়ত ভাৰতত নিজাকৈ গৱেষণা হোৱাতো অতিকে প্রয়োজন। নিজৰ দেশত বিভিন্ন বিভাগৰ সমন্বয়ত হোৱা গৱেষণাৰ সংস্কৃতি থাকিলে একোটা জাতিয়ে বিদেশৰ পৰা আমদানি কৰা গৱেষণালব্ধ জ্ঞানো উপযুক্তভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম হয়। গোটেই দেশব্যাপি এনেধৰণৰ গৱেষণা হবৰ কাৰণে গৱেষণাত কিছু শিথিলতাৰ প্রয়োজন, বিশেষকৈ কেৱল ইংৰাজীকে গৱেষণাৰ ভাষা হিচাপে নাৰাখি দেশৰ সকলো স্থানীয় ভাষাতে গৱেষণা হোৱা আৱশ্যক।

          একোটা জাতিৰ বৌদ্ধিক, সামাজিক আৰু অর্থনৈতিক প্রগতি তথা নাগৰিকৰ উন্নত জীৱন-যাপনৰ বাবে নিৰন্তৰ নতুন নতুন জ্ঞানৰ সৃষ্টি আৰু আহৰণ অত্যন্ত প্রয়োজনীয়। নতুন জ্ঞানৰ সৃষ্টি আৰু আহৰণৰ কাৰণে দেশত গৱেষণা প্রক্রিয়াটোক গতি প্রদান কৰিবলৈ এক নতুন ৰাষ্ট্রীয় গৱেষণা ন্যাস গঠন কৰা হৈছে। আশা কৰা হৈছে যে বহনক্ষম গৱেষণাৰ যোগেদি দেশৰ অর্থনৈতিক প্রগতি, সবল নিৰাপত্তা ব্যৱস্থা আৰু সামাজিক বিকাশ নিশ্চিত হব।

দেশত গৱেষণা আৰু উদ্ভাৱনাৰ বাবে বিনিয়োগৰ গতিবিধি:

l  ভাৰতত গৱেষণা আৰু উদ্ভাৱনাৰ কাৰণে কৰা বিনিয়োগৰ পৰিমাণ আন দেশৰ তুলনাত তেনেই নগণ্য। যোৱা দশকত ভাৰতত এই বিনয়োগৰ পৰিমাণ ২০০৮ চনৰ মুঠ ঘৰুৱা উৎপাদনৰ ০.৮৪ শতাংশৰ পৰা ২০১৮ চনত ০.৬৯ শতাংশলৈ হ্রাস পায়। আনহাতে ২০১৮ চনত গৱেষণা আৰু উদ্ভাৱনাত কৰা বিনিয়োগ আমেৰিকা যুক্তৰাষ্ট্রত মুঠ ঘৰুৱা উৎপাদনৰ ২.৮%, চীনত ২.১%, ইজৰাইলত ৪.৩% আৰু দক্ষিণ কোৰিয়াত ৪.২%।

 

l  ভাৰতবর্ষত মুঠ ঘৰুৱা উৎপাদনৰ যি সামান্য অংশ গৱেষণা আৰু উদ্ভাৱনৰ বাবে বছৰি বিনিয়োগ কৰা হয়, তাৰে তুলনামূলকভাৱে নিচেই কম সংখ্যক গৱেষককহে গৱেষণা কার্য্যত সহায় কৰিব পাৰে। ২০১৬-১৭ চনৰ ভাৰতৰ অর্থনৈতিক সমীক্ষা অনুসৰি প্রতি এক লাখ জনসংখ্যাত ভাৰতত গৱেষকৰ সংখ্যা ১৫ গৰাকী; কিন্তু চীনত এই সংখ্যা ১১১ গৰকী, আমেৰিকা যুক্তৰাষ্ট্রত ৪২৩ গৰাকী আৰু ইজৰাইলত ৮২৫ গৰাকী। ভাৰতত ইমান কম সংখ্যকে গৱেষণা সাহায্য লাভ কৰিলে, স্বাভাৱিকতেই গৱেষণাৰ ফলফলো নগণ্য হব।

 

l  ভাৰত পেটেণ্ট উৎপাদনৰ ক্ষেত্রতো আন দেশৰ তুলনাত পিছপৰা। ৱর্ল্ড ইণ্টেলেক্চুৱেল প্রপার্টি অর্গেনাইজেচনৰ ২০১৭ চনৰ প্রতিবেদন অনুসৰি চীনত পেটেণ্টৰ বাবে দর্খাস্ত কৰা হৈছিল ১৩,৮১,৫৮৪ খন আৰু আমেৰিকা যুক্তৰাষ্ট্রত ,০৬,৯৫৬ খন; কিন্তু ভাৰতে কৰিছিল মাত্র ৪৬,৫৮২ খন দর্খাস্ত। উল্লেখযোগ্য যে ইয়াৰে ৬৮% দর্খাস্ত দাখিল কৰিছিল প্রৱাসী ভাৰতীয় গৱেষকে।

 

l  গৱেষণা পত্র প্রকাশৰ ক্ষেত্রত ভাৰতৰ প্রগতি দেখিবলৈ পোৱা যায়। ২০০৯ চনত ভাৰতে বিশ্বৰ বৈজ্ঞানিক গৱেষণাপত্রৰ ৩.১% পৰা ২০১৬ চনত ৪.৮% প্রকাশ কৰিবলৈ সক্ষম হৈছিল। কিন্তু ২০১৮ চনত আমেৰিকাৰ ৰাষ্ট্রীয় বিজ্ঞান ন্যাসে কৰা এক সমীক্ষা অনুসৰি আমেৰিকাই বিশ্বৰ গৱেষণা পত্রৰ ১৭.৮% আৰু চীনে ১৮.৬% গৱেষণা পত্র প্রকাশ কৰিছিল। এয়া ২০১৬ চনৰ ভাৰতৰ গৱেষণাপত্র প্রকাশৰ সংখ্যাৰ চাৰিগুণ।

 

l  ভাৰতৰ পৰা প্রকাশ পোৱা গৱেষণাপত্রৰ মানো বিশ্বমানতকৈ নিম্ন খাপৰ। যদিও সংখ্যাৰ ফালৰ পৰা গৱেষণাপত্র প্রকাশত ভাৰতৰ স্থান পঞ্চম, কিন্তু গৱেষণাপত্রৰ উদ্ধৃতিৰ  দিশৰ পৰা ভাৰতৰ স্থান একাদশ। ভাৰতৰ প্রকাশিত মুঠ গৱেষণাপত্রৰ মাত্র ১৫.৮% হে প্রথম ১০খন উৎকৃষ্ট গৱেষণা পত্রিকাত প্রকাশ পায়, কিন্তু চীনৰ ২৭.৮% আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ ৩৬.২%। মুঠতে ভাৰতৰ গৱেষণা আৰু উদ্ভাৱনাৰ মান বিশ্বৰ গৱেষণা আৰু উদ্ভাৱনাতকৈ বহু পিছপৰা। তদুপৰি আমাৰ এখনো গৱেষণা প্রতিষ্ঠান বিশ্বৰ প্রথম ১০০ খন গৱেষণা প্রতিষ্ঠানৰ তালিকাত নাই। সেইদৰে দুই এটা ব্যতিক্রম বাদ দি আমাৰ উচ্চ শিক্ষানুষ্ঠানসমূহে উৎপাদন কৰা গৱেষণা কর্মীসকলো বিশ্বৰ উৎকৃষ্ট গৱেষণা কর্মীসকলৰ সমকক্ষ নহয়।

ৰাষ্ট্রীয় শিক্ষানীতিত আলোচিত আৰু ইতিমধ্যে উল্লেখ কৰা কাৰকসমূহৰ বাবেই গৱেষণা আৰু শিক্ষাৰ এক পেছাদাৰী আন্তঃগাঁথনিৰ আৱশ্যক। ইয়াৰ বাবেই বিভিন্ন বিষয়ৰ সমন্বয়ত সকলো উচ্চ শিক্ষানুষ্ঠানতে গৱেষণাত উৎসাহ যোগোৱাৰ উদ্দেশ্যে ৰাষ্ট্রীয় গৱেষণা ন্যাস গঠন কৰা হৈছে। এই ন্যাসৰ প্রধান উদ্দেশ্য হৈছে ভাৰতৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয় তথা গৱেষণা প্রতিষ্ঠানসমূহত গৱেষণা আৰু উদ্ভাৱনাৰ এক সংস্কৃতি গঢ়ি তোলা। ৰাষ্ট্রীয় গৱেষণা ন্যাস ভাৰতত গৱেষণাৰ ক্ষেত্রত থকা সকলো বাধা-বিঘিনি আঁতৰ কৰাৰ উদ্দেশ্যে সৃষ্টি কৰা হৈছে। এই ন্যাসে দেশৰ বর্তমান গৱেষণা আৰু উদ্ভাৱনাৰ শক্তিখিনিকে ভিত্তি কৰি সম্প্রতিক গৱেষণা আৰু শিক্ষাৰ পৰিবেশটোক অধিক শক্তিশালী কৰাৰ প্রয়াস কৰিছে। নিসন্দেহে এক শক্তিশালী  গৱেষণা তথা শিক্ষাৰ পৰিৱেশ আৰু গৱেষণা আৰু উদ্ভাৱনাৰ সংস্কৃতিয়ে ভাৰতক বিশ্বৰ গৱেষণাৰ ক্ষেত্রখনত উল্লেখযোগ্য স্থান লাভ কৰাত সহায় কৰিব।

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ