দিগন্ত ৰাগ
গল্পত নতুনত্ব বিচাৰি পালে, বিষয়ৰ বৈচিত্র্য থাকিলে ভাল লাগে।গল্প এটাই, গল্প এটাৰ কথকে আমাক ভাবিবলৈ বাধ্য কৰালে গল্প পঢ়াৰ আগ্ৰহ তীব্র হয়। অসম আন্দোলন, আৰ্মী আলফাৰ সংঘাত আদি পটভূমিত ৰচিত একে ষ্টাইলৰ গল্প সমূহ পঢ়ি কেতিয়াবা বিৰক্তি অনুভৱ হয়।অসমীয়া গল্পকাৰে কল্পনাৰ জগতখনৰ পৰা ওলাই প্ৰেক্টিকেল বিষয় বস্তু নিৰ্বাচন কৰি গল্প ৰচনা কৰিব পাৰে। যেনেদৰে financial literature ৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব আজিৰ তাৰিখত কোনেও নুই কৰিব নোৱাৰে।আজিৰ বস্তুবাদী সমাজত বিত্তীয় ব্যৱস্থাটোৰ প্ৰয়োজনীয়তা কিমান সেয়া বিতংকৈ কোৱাৰ প্ৰয়োজন নাই। গতিকে গল্প আকাৰে এইবোৰ কথা কোৱাত আপত্তি কি? একেদৰে sport literature ৰ প্ৰয়োজনীয়তাও আছে।এই ধৰণৰ ব্যতিক্রমী বিষয়বস্তুৰ গল্প পঢ়াটো সদায় আনন্দদায়ক। যদিও এনে ধৰণৰ বিষয়বস্তু আমি ক'বলৈ বিচৰা গল্প সংকলনখনত নাই কিন্তু শেহতীয়াভাৱে আমি পঢ়ি সুখ অনুভৱ কৰা মননশীল গল্প সংকলনখন হ'ল নীলোৎপল বৰুৱাৰ "গান্ধী ফাগ্লা"। সংকলনখনৰ নামটো আচহুৱা, কিন্তু নামটোৰ নিৰ্বাচন পৃথক,একেদৰে কথন ভংগীৰ পৰা বিষয়ৰ বৈচিত্র আৰু তাৰ সঠিক নিৰ্বাচনো নীলোৎপল বৰুৱাৰ পৃথক।কথা সাহিত্য আৰু নাটক দুয়োটা ক্ষেত্রতে নীলোৎপল বৰুৱা ছিৰিয়াছ।তেওঁৰ কাহিনী কথন নানান প্ৰতীকৰ যোগেদি নাটকীয় হৈ পৰে।
যি সময়ত ইন্দিৰা
গান্ধীক হত্যা কৰা হৈছিল তেতিয়া ভাৰতৰ ৰাজনৈতিক পৰিস্থিতি যথেষ্ট জটিল আছিল। (পৰিবেশ
পৰিস্থিতি এনেকুৱা আছিল যে তেওঁৰ মৃত্যুৰ পিছতে অগণতান্ত্রিক প্ৰক্ৰিয়া এটাৰে ৰাজীৱ
গান্ধী প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছিল যদিও দেশত কোনো বিশেষ বিৰোধো হোৱা নাছিল)। ইন্দিৰা
গান্ধী নিহত হোৱাত দেশৰ যথেষ্ট সংখ্যক লোক শোকত নিমজ্জিত হৈছিল যদিও দেশৰ বহু সংখ্যক
লোকে সকাহ অনুভৱো কৰিছিল। কিন্তু গান্ধী ফাগ্লাৰ কথন, পটভূমি সুকীয়া। তেওঁ ইন্দিৰা
গান্ধীৰ অপঘাত মৃত্যুৰ বাবে নিজৰ কচাই বৃত্তিটোকহে জগৰীয়া বুলি ভাবিছে।গল্পটোৰ পৰিকল্পনা,
কথন শৈলী পৃথক। ইন্টাৰেষ্টিং। কিন্তু মৌউত, মাংচ, নচবন্দী আদিৰ লেখীয়া ভাষাৰ অধিক
ব্যৱহাৰ লেখকে কৰিছে।বহু সময়ত গল্প এটাৰ বিষয়বস্তু, পটভূমি, চৰিত্ৰ আদিয়ে গল্পৰ
ভাষা নিয়ন্ত্রণ কৰে। কাহিনী কথনৰ প্ৰয়োজনত, দৃশ্য এটা ফুটাই তোলাৰ তাড়নাত তেওঁ এইধৰণৰ
ভাষাৰ ব্যৱহাৰ কৰাটো দৰকাৰী বুলি আমি মানি ল'লেও অসমীয়া ভাষাৰ স্বকীয়তা ৰক্ষাৰ বাবে
এই ধৰণৰ ভাষাৰ অত্যধিক প্ৰয়োগৰ পৰা আমি বিৰত থকাটো উচিত। ভাষা বোঁৱতী প্ৰৱাহ যদিও
এই ধৰণৰ উত্তৰ ভাৰতীয় ভাষা প্ৰয়োগৰ সলনি আমি আমাৰ জনজাতীয় ভাষাৰ প্ৰয়োগক অধিক গুৰুত্ব
দিয়াটো প্ৰয়োজনীয়। তদুপৰি আমাৰ বিভিন্ন অঞ্চলৰ থলুৱা উপভাষাৰ শব্দও ব্যৱহাৰ কৰিব
পৰা যায়। সঞ্জীৱ পল ডেকা, মণিকা দেৱী আদি কেইবাজনো সমসাময়িক গল্পকাৰে ইতিমধ্যে থলুৱা
উপভাষা প্ৰাসংগিকভাৱে ব্যৱহাৰ কৰিছে। এই পৰিশীলিত প্ৰয়োগে গল্পকাৰৰ নিজা বৈশিষ্ট্য
দাঙি ধৰিছে।
অৱশ্যে ফাগ্লা শব্দটো
স্থানীয় উপভাষাৰ।
গল্পৰ চৰিত্ৰসমূহ
আমাৰ চৌপাশতেই আছে, কিন্তু আমি তেওঁলোকলৈ কেতিয়াও ভালকৈ চকু দিয়াই নাই, দিবলগীয়া
বুলিও ভবা নাই। অথচ প্ৰতিটো চৰিত্ৰৰ হাঁহি, কান্দোন, শ্লেষ, ক্ৰোধ, বিষাদ আদি আৱেগ-অনুভূতিৰ
মাজত কেৱল চৰিত্ৰসমূহৰ ব্যক্তিগত আৱেগেই নাই।মাংৰা ওৰাঙৰ দৰে চৰিত্ৰ অসমৰ বহুতো গাঁৱত
পোৱা যায়। ৰাজনীতিৰ প্ৰলোভন বাঢ়ি অহাৰ লগে লগে এনে ধৰণৰ চৰিত্ৰবোৰ সংখ্যাগৰিষ্ঠ হৈ
আহিছে। গল্পকাৰে কোৱাৰ দৰে মাংৰা বুঢ়াৰ ৰাজনীতিত যোগ দিয়াৰ কোনো প্ৰামাণিক আদৰ্শ
অথবা মতবাদ নাই। যিকোনো পাৰ্টিত হেলাৰঙে যোগ দিব পাৰে।
"আজি কংগ্রেছে
মাতিছে, গুচি যাব। কাইলৈ বিজেপিয়ে মাতিছে, ন' প্ৰব্লেম। পৰহিলৈ এজিপি ক্লাবে মাতিছে,
নট এ ছিংগল থট"। বৰ্তমান অসমীয়া সমাজখনৰ শ্ৰেণীচৰিত্ৰ ফুটাই তুলিবলৈ এইকেইটা
শাৰীয়ে যথেষ্ট। গতিকে গল্পটোত মাংৰা ওৰাং মাথোন এটা চৰিত্ৰ নহৈ এখন আদৰ্শহীন সমাজলৈ
পৰিৱৰ্তিত হৈছে। যেনেদৰে মাংস হ'ল মাংৰা বুঢ়াৰ লক্ষ্য আৰু আদৰ্শ; ঠিক একেদৰে হিতাধিকাৰী
আঁচনিৰ সহজলভ্য ধনৰ প্ৰলোভন হৈ পৰিছে অসমীয়া সমাজৰ লক্ষ্য আৰু আদৰ্শ, আদৰ্শবাদী হোৱাৰ
প্ৰথম আৰু শেষ চৰ্ত। গল্পকাৰে 'এজিপি ক্লাব' বুলি উল্লেখ কৰি তথাকথিত অতি জাতীয়তাবাদীসকলৰ
ছল-চাতুৰিৰ ঘাটি স্বৰূপ দলটোৰ প্ৰতি তীব্র শ্লেষ প্ৰকাশ কৰিছে। শ্লেষৰ তীব্রতা প্ৰকাশ
কৰিবলৈ গল্পকাৰে অযথা শব্দ ব্যয় কৰা নাই। মাত্র এটা শব্দতে সেই তীব্রতা প্ৰকাশ পাইছে।
কথনৰ দক্ষতা ইয়াতে ফুটি উঠিছে। মাংৰা ওৰাং শীর্ষক গল্পটোত লেখকে কমিউনিষ্ট দলসমূহৰ
স্থৱিৰ অৱস্থাটোকো উপহাস কৰিছে। "অঞ্চলটোত কমিউনিষ্ট কেইঘৰমানেই আছে। নাবাঢ়েও
নুটুটেও"। কিন্তু বিশ্বায়নৰ তীৱ্ৰ সোঁতত উটি পুজিবাদী ব্যৱস্থাটোত ৰাইজে যেতিয়া
আদৰ্শৰ পৰিৱৰ্তে আত্মকেন্দ্ৰিকতাৰে ভোগবাদ, বস্তুবাদৰ প্ৰতি প্ৰৱল ভাৱে আকৰ্ষিত হয়,
ছল-চাতুৰি, সুবিধাবাদী প্ৰৱণতাৰ সংসদীয় ৰাজনীতিক মান্যতা প্ৰদান কৰে; তেনে ক্ষেত্রত
কমিউনিষ্ট দলৰ কৰ্মকৰ্তা সকলকে একপক্ষীয় ভাৱে দোষাৰোপ কৰিব নোৱাৰি।তাহানিৰ দৰে এমুঠি
কেঁচা বুটে এতিয়া আৰু আমাৰ সমাজখনক একতাৰ ডোলোৰে বান্ধি ৰাখিব নোৱাৰে। মাংসৰ খকত নীতি,
আদৰ্শ, একতা সকলো জাহ গৈছে। তথাপি তেওঁ কমিউনিষ্টসকলৰ স্থৱিৰ অৱস্থা সৃষ্টিৰ আঁৰৰ কাৰণসমূহ
সম্পর্কে মাংৰা ওৰাং শীর্ষক গল্পটোত নিমাত হৈ ৰৈছে।জোতা শীর্ষক গল্পটোত বেদ বৰাই দেখা
ৰাষ্ট্ৰৰ জোতাই ৰাষ্টসন্ত্রাসৰ ছবিখন স্পষ্ট কৰি তুলিছে।এতিয়া সময়ৰ লগে লগে ৰাষ্ট্ৰসন্ত্রাসৰ
কৌশলবোৰ সুচতুৰতাৰে সলনি কৰা হৈছে যদিও অসম আন্দোলন আৰু সংযুক্ত মুক্তি বাহিনীৰ সংগ্ৰামৰ
এছোৱা সময়ৰ ৰাষ্ট্ৰৰ সন্ত্রাস, উৎপীড়নৰ বিভীষিকাৰ পৰা অসমীয়া মানুহে এতিয়াও সম্পূৰ্ণৰূপে
মুক্তি লাভ কৰিব পৰা নাই। গল্পকাৰে ৰাষ্ট্ৰৰ বুটজোতাৰ বিৱৰণ এনেকৈ ক্ষুৰধাৰ শব্দৰে
দিছে 'এন্ধাৰ বৰণীয়া, ভাৰী আৰু ধাতুযুক্ত, নিৰ্দয়, শীতল'। নানান subtext-ৰ ব্যাপ্তিৰ
মাজেদি কাহিনী আগবাঢ়ি গৈছে যদিও গল্পকাৰে ৰাষ্ট্ৰ, ৰাজনীতি আৰু তথাকথিত বিপ্লৱীৰ জটিল
গতি-প্ৰকৃতিৰ কেইবাখনো ছবি অংকন কৰি গল্পটোৰ ৰাজনৈতিক বিষয়বস্তু সফলভাৱে ফুটাই তুলিছে।
১৯৮৫ চনত প্ৰকাশিত অপূৰ্ব শৰ্মাৰ 'শুভ-বাৰ্তা' সংকলনখন সম্বন্ধে প্ৰভাত বৰাই লিখিছে
'শুভ-বাৰ্তা পৰ্বৰ গল্পবোৰত সত্তৰ দশকৰ গোমা বতৰৰ ছাঁ নপৰাকৈ থকা নাছিল'(উৎস : যথাৰীতি)।ঠিক
একেদৰে নীলোৎপল বৰুৱাৰ গল্পতো নব্বৈৰ দশকৰ গোমা আকাশৰ ছাঁ স্পষ্ট হৈ পৰিছে।
সমান্তৰালভাৱে মৌলিক
পৰিৱৰ্তন বিচাৰি ওলাই অহা মুক্তি বাহিনীৰ সদস্য সমূহৰ আদৰ্শৰ স্খলনো গল্পটোত স্পষ্ট
হৈ পৰিছে। নিষ্ঠা, সততা, আদৰ্শৰ বিপৰীতে বাবুল আলফাই হাতত বাঁহৰ লাঠি লৈ শাক বেপাৰীৰ
পৰা গৰু বেপাৰীলৈকে সৰু-সুৰা সকলোৰে পৰা সংগঠনৰ নামত টকা সংগ্রহ কৰিছে। অৰ্থাৎ জাতীয়
অধিকাৰ, স্ব নিয়ন্ত্রণ, সমাজ পৰিৱৰ্তনৰ লক্ষ্য আৰু সম্ভাৱনীয়তাত বৃহৎ ফাঁকৰ সৃষ্টি
হৈছিল। সেই ৰৈ যোৱা ফাঁক বোৰত সোমাই পৰিছিল উডলেণ্ড কোম্পানীৰ জোতা, য়ামাহা আৰ এক্স
হাণ্ড্ৰেড মটৰ চাইকেল অথবা বিলাসী কোম্পানীৰ জিনছ, টি চাৰ্ট আদি। নতুন প্ৰত্যাশা কঢ়িয়াই
আনিবলৈ ওলাই যোৱা এচাম বিপ্লৱী বহুজাতিক কোম্পানিৰ বিলাসী সামগ্রীৰ মোহত বিভ্ৰান্ত
হৈ পথভ্রষ্ট হৈ পৰিছিল।
সমাজৰ, সময়ৰ, ইতিহাসৰ
একো একোখিলা পৃষ্ঠা গল্প সংকলনখনৰ চৰিত্ৰসমূহে বহন কৰিছে। তদুপৰি প্ৰান্তীয় সমাজৰ
চৰিত্ৰ সমূহৰ জীৱনৰ দুৰ্ভাবনা,বিষাদ, উদ্বেগ,যন্ত্ৰণা, মৃত্যু চেতনা আদিও লেখকে চলিত
ভাষাৰে কিন্তু যথেষ্ট সংবেদনশীলতাৰে উপস্থাপন কৰিছে।প্ৰাৰ্থনা শীৰ্ষক গল্পটোৰ জুনমিলি
কাথাৰপী, যিয়ে ৰাউবাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বাৰণ্ডাত পেটত আঠমহীয়া মৃত শিশু
এটা ধাৰণ কৰি তিনিদিন মৰণকাতৰ আৰ্তনাদ কৰি কৰি অৱশেষত মৃত্যুক সাৱটি লৈছে।অথচ বৰ্তমান
অসমীয়া গল্প বা কবিতাত আধুনিক মহানাগৰিক জীৱনৰ দুৰ্ভাবনা,বিষাদ, উদ্বেগ,যন্ত্ৰণা,
একাকিত্ব আদিক মূৰ্তমান কৰাতে সৰহ সংখ্যক লেখকৰ চেতনা সক্ৰিয় হৈ থাকে।
গান্ধী ফাগ্লাৰ চৰিত্ৰ
সমূহ জাতীয়তাবাদ, সমাজবাদ,গণতন্ত্ৰ আদি বহুধাবিভক্ত সমাজৰ জীৱনযুক্তিৰ সৈতে কেনেকৈ
ওতঃপ্রোতভাৱে জড়িত হৈ আছে সেয়াও সময়ে সময়ে পাঠকৰ আগত যুক্তিৰে উদ্ভাসিত কৰি তুলিছে।
সমাজৰ বিচিত্র চৰিত্ৰও
তেওঁৰ গল্পত স্পষ্ট হৈ পৰিছে। এই মানৱ চৰিত্ৰসমূহে মানৱীয় আচৰণৰ মাজেৰে ক'ত যে বৈচিত্রতা
বহন কৰে সেয়া এক চিত্রময় বৰ্ণনাৰে কথকে আমাৰ আগত নিখুঁতভাৱে ফুটাই তুলিছে। গল্পকাৰে
আমাৰ চক্ষুৰ আঁৰত থকা এই চৰিত্ৰসমূহৰ পুনৰলিখন কৰিছে মাত্র। এই পুনৰলিখনৰ সমগ্র প্ৰক্ৰিয়াটোত
কথকৰ বিষ্ময়কৰ কথনভংগী, ভাষা প্ৰয়োগৰ চমৎকাৰিতা, প্ৰতীকৰ মনোগ্রাহী প্ৰয়োগ, উপমা,
দৃশ্যকল্পৰ সঠিক সৃষ্টি, নাটকীয় বৰ্ণনা, কাহিনীৰ সুষম গতিশীলতা আদি প্ৰশংসনীয়। তদুপৰি
গল্পসমূহত বিভিন্ন বিষয়বস্তু, নানান উপকাহিনী (sub text) সোমাই আছে যদিও মূল কাহিনীটোক
ধূসৰ হ'বলৈ দিয়া নাই। উপকাহিনীসমূহে পাঠকক বিভ্ৰান্ত কৰা নাই, বৰঞ্চ গল্পসমূহক অধিক
পঠনযোগ্য কৰি তুলিছে। গল্পকাৰৰ দক্ষতা আৰু সফলতা এয়ে যে এটা গল্পতে বিভিন্ন বিষয়বস্তু
তেওঁ আঁত নেহেৰুওৱাকৈ আগবঢ়াই নিব পাৰিছে। sub text সমূহে পাঠকক বহু সময়ত ভাবিবলৈ
বাধ্য কৰিছে, নিক্ৰিয়ভাৱে নহয়, বৰং সক্ৰিয়ভাৱে পঢ়িবলৈও বাধ্য কৰিছে। প্ৰায় প্ৰতিটো
গল্পতে থকা বিভিন্ন উপমা, subtext আদিৰ পৰা গল্পকাৰৰ অধ্যয়ন, অনুশীলনৰ উমান পাব পাৰি।স্পাৰ্টান
যোদ্ধাই পৰিধান কৰা জোতাৰ বিৱৰণৰ পৰা আৰ্মেনিয়াৰ খননকার্যত উদ্ধাৰ হোৱা চিৰামিকৰ বাটি,
ছাগলীৰ শিং আৰু পৃথিৱীৰ আটাইতকৈ প্ৰাচীন জোতাযোৰলৈ, গ্ৰীচৰ খননকার্যত উদ্ধাৰ হোৱা খ্ৰীষ্টপূৰ্ব
পাঁচ হাজাৰ বছৰ পূৰ্বৰ তাম্ৰযুগৰ জোতাৰ পৰা চীন দেশৰ চাং ৰাজবংশৰ কালৰ মহিলাই পিন্ধা
কাঠৰ জোতালৈ, ষ্টালিন শাসিত ছোভিয়েট সমাজতন্ত্রৰ লাখ লাখ ৰাজনৈতিক বন্দীৰ মৃতদেহৰ
পৰা নিৰ্মিত ৰাস্তালৈ তেওঁৰ গল্পৰ subtext ৰ পৰিধি বিস্তৃত হৈ আছে।
জোতা শীর্ষক গল্পটোত
তেওঁ প্ৰচলিত ধাৰণাৰ যৌনক্রিয়াৰ বিপৰীত ধৰণৰ যৌনতাত ব্যৱহৃত ছাবমিছিভ, ফুট ফেটিশ্ব
আদি ধাৰণা উল্লেখ কৰিছে। ইংৰাজী সাহিত্যৰ পাঠকৰ বাবে এইবোৰ প্ৰসংগ চিনাকি যদিও অসমীয়া
সাহিত্যত ফেটিশ্ব যৌনক্রিয়া অথবা ছাবমিচিভ, ডমিনেন্ট আদি ধাৰণাসমূহ অচহুৱা হৈয়ে আছে
আৰু এই ধৰণৰ কৰ্ম-কাণ্ডসমূহক অপ্ৰাকৃতিকৰূপে অভিহিত কৰা হৈ আহিছে।
এন্টন চেখভে
(Anton chekhov) কোৱাৰ দৰে গল্প হ'ব লাগে কাঁচ এটুকুৰাত প্ৰতিফলিত হোৱা পূৰ্ণিমাৰ জোনটোৰ
পোহৰৰ দৰে। প্ৰতিফলিত নোহোৱাখিনিও হোৱা খিনিৰ সমানে অৰ্থব্যঞ্জক হ'ব লাগিব।বহু সংখ্যক
অসমীয়া গল্পকাৰে আকৌ পূৰ্ণিমাৰ জোনটোৰ বিৱৰণ দিয়ে এনেকৈ-আজি জোনটো ৰূপালী কাহী এখন
যেন হৈ আকাশ জুৰি ওলাইছে... এনেকৈ বৰ্ণনা দিলে আমি পূৰ্ণিমাৰ জোনটোৰ ছবিখন কিয় মনত
আকিবলৈ যাম? গল্পকাৰৰ বৰ্ণনাত সকলো দেখোন স্পষ্ট হৈয়ে গ'ল। কিন্তু গান্ধী ফাগ্নাৰ
গল্পই আমাক কাঁচিজোনৰ পৰা পূৰ্ণিমাৰ জোন এটা নিৰ্মাণ কৰিবলৈ ধাৰণা এটা দিয়ে। ৰেডিমেড
পূৰ্ণিমাৰ জোন এটা আমাৰ হাতত তুলি নিদিয়ে।এয়াই গল্পকাৰৰ সাৰ্থকতা, কথনভংগীৰ পৃথকতা,
পাঠকক চিন্তাৰ খোৰাক দিয়াৰ সফল প্ৰচেষ্টা।
যদিও লেখকে স্পষ্টভাৱে
ৰচনাকাল উল্লেখ কৰা নাই, তথাপি তথাকথিত জাতীয়তাবাদৰ নামত হোৱা অসম আন্দোলনৰ পটভূমি
ইয়াত স্পষ্ট। যিহেতু সাহিত্য আৰু সমাজ পৰস্পৰৰ পৰা পৃথক নহয়।সাহিত্য সমাজৰ সমান্তৰালকৈ
আগুৱাই গৈ থাকে।
গতিকে লেখকৰ সামাজিক
দায়ৱদ্ধতা সাহিত্যত প্ৰতিফলিত নোহোৱাটোহে আচৰিত হ'ব লগীয়া। অন্যথা সেই লেখা এচাম
মধ্যবিত্তীয় পাঠকে নিস্ক্ৰিয়ভাৱে পঢ়া মনোৰঞ্জনৰ আহিলাৰ অধিক একো হ'ব নোৱাৰে। সমাজৰ
সাজি-কাচি ধুনীয়া হৈ থকা ৰূপটো কেৱল সাহিত্যত প্ৰতিফলিত হ'ব নালাগে, ৰুগ্ন, নগ্ন সকলো
দিশ সাহিত্যত প্ৰতিফলিত হোৱাটো প্ৰয়োজনীয়। এটা সাক্ষাৎকাৰত আশপূৰ্ণা দেৱীয়ে কৈছিল
জীৱন বৰ নগ্ন, নিৰ্লজ্জ। যিহেতু জীৱনৰ প্ৰতিফলন ঘটে সাহিত্যত। গতিকে নগ্ন, নিৰ্লজ্জ
জীৱনক সাহিত্যত যথাযথ প্ৰতিফলিত কৰাটো প্ৰয়োজনীয় যদিও তাত এখন আৱৰণৰ প্ৰয়োজন থাকে।
ভাষাত সংযম আৰু শালীনতা বৰ্তাই ৰাখি সেই আৱৰণ সৃষ্টি কৰিব পাৰি। এই আৱৰণ সৃষ্টি কৰি
নগ্নতা, ৰুগ্নতাক ভাষাৰে প্ৰকাশ কৰাটোৱে হ'ল শিল্প। অৱশ্যে এই প্ৰতিফলনৰ কাৰবাৰটো লেখকে
কেমেৰাৰ লেন্সে কৰাৰ দৰে হুবহুকৈ কৰাটো উচিত নহয়, তেনেকুৱা কাৰবাৰ কৰিবলৈ গ'লে সাহিত্যত
প্ৰতীক, চিত্ৰকল্প, উপমা আদিৰ স্থান নোহোৱা হৈ পৰিব।
এই দিশবোৰ বাদ দিলে
নীলোৎপল বৰুৱাই গল্পত নতুন দিশৰ অৱতাৰণা কৰিছে নেকি? নাই বুলিয়ে ক'ব লাগিব। অৱশ্যে
তেওঁ গল্প নিৰ্মাণৰ এটা স্বকীয় স্থাপত্য কৌশলৰে সমসাময়িক অন্য গল্পকাৰসকলক বিস্মিত
কৰি তুলিছে। কিন্তু কিছু সংলাপ অতি নাটকীয় হৈ পৰিছে। কেইবাটাও গল্পত কাহিনী আগবাঢ়ি
গৈছে যদিও গল্পকাৰে suspense সৃষ্টি কৰাত ব্যৰ্থ হৈছে। পাঠক হিচাপে আমি লক্ষ্য কৰা
আন এটা দিশ হ'ল সংকলনখনৰ কেইবাটাও গল্প একে সুৰীয়া হৈ পৰিছে।উপস্থাপন কৌশলৰ ভিন্নতা
সীমিত হৈ পৰিছে। তেওঁ এটা যি বৃহৎ আৰম্ভণি লৈ আগবাঢ়ে সেই একে ধৰণৰ ধাৰাবাহিকতা শেষ
পৰ্যায়লৈ লৈ যোৱাত তেওঁৰ গতিশীলতাৰ অভাৱ ঠায়ে ঠায়ে পৰিলক্ষিত হৈছে।তদুপৰি তেওঁ যিহেতু
নানান উপকথাৰ অৱতাৰণা গল্পত কৰিছে, এই কাৰবাৰটোত তেওঁ বহু ঠাইত অলাগতিয়াল অংশত অধিক
গুৰুত্ব প্ৰদান কৰাও দেখিবলৈ পোৱা গৈছে।
গল্পৰ নামাকৰণৰ ক্ষেত্রত
কিন্তু লেখকক সফল বুলিবই লাগিব। পাঠক হিচাপে আমাৰ মনত কৌতূহল জগাবলৈ লেখক সক্ষম হৈছে।
গান্ধী ফাগ্লাত লেখকৰ
বৰ্ণনাৰে আমি ৰাজনীতিৰ অভূৱা ভঁৰা ভাষণৰ জালত মোহিত হোৱা সাধাৰণ ৰাইজৰ শেষ উপলব্ধিৰ
উমান লাভ কৰিছোঁ।
লেখকৰ চুটি চুটি
বাক্যত ফুটি উঠা ৰাজনৈতিক শ্লেষৰ ব্যঞ্জনাসমূহৰ বিস্তাৰ অপাৰ। অৱশ্যে ৰাজনৈতিক আৰু
সামাজিক ঘটনা পৰিঘটনাসমূহ সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা লেখকৰ কাহিনীত এনে বিস্তাৰ নোহোৱাটোহে
আশ্চর্যজনক হ'ব। The Political Unconscious- Narrative as a Socially Symbolic Act
নামৰ গ্ৰন্থখনত Fredric Jameson এ লিখিছে যে কাহিনী সাহিত্য এক সমাজ প্ৰতীকী কাৰ্য।তদুপৰি
তেওঁ লিখিছে
This is
evidently a much more extreme position than the modest claim, surely acceptable
to everyone, that certain texts have social and historical – sometimes even
political – resonance. (উৎস: The Political Unconscious- Narrative as a Socially
Symbolic Act.)
গান্ধী ফাগ্লা অতি
জাতীয়তাবাদী ঢৌ এটা বৈ থকা সময়ৰ নিৰ্বিচাৰ হিংসা, হত্যাৰ বলি হোৱা এক শ্ৰেণীৰ জনতাৰ
এজন মূৰ্ত প্ৰতীক। যিহেতু ঔপনিৱেশিক শাসনৰ আগতে অসম এখন সংযুক্ত ভূমিখণ্ড নাছিল।গতিকে
ইংৰাজৰ অধীনলৈ যোৱাৰ আগতে অসমত জাতীয়তাবাদৰ ধাৰা এটা প্ৰৱল আছিল বুলি ক'ব নোৱাৰি।
ইউৰোপত প্ৰায় সোতৰ শতিকাতে জাতীয়তাবাদী ধাৰণাৰ জন্ম হোৱাৰ বিপৰীতে আমাৰ দেশত উপনিবেশিক
শাসন কালত ইংৰাজৰ বিৰুদ্ধে কৰা সংগ্ৰামৰ মাজেৰে গণতান্ত্রিক সাম্যভাৱপন্ন, উদাৰ,বহলভিত্তিৰ
জাতীয়তাবাদ দেশত গঢ় লৈ উঠিছিল আৰু সেই জাতীয়তাবাদী ধাৰণাই অসমকো প্ৰভাৱিত কৰিছিল।স্বাধীনতা
সংগ্রামৰ কালছোৱাত প্ৰগতিশীল,সাৰ্বজনীন জাতীয়তাবাদৰ ধাৰণাটো দেশৰ লগতে অসমতো গঢ় লৈ
উঠিছিল যদিও পৰৱৰ্তী পৰ্যায়ত ভাষাভিত্তিক জাতীয়তাবাদ অসমত গা কৰি উঠিল।ভাষাক কেন্দ্র
কৰিয়েই জাতীয় চেতনাৰ উন্মেষ ঘটিল। অসমৰ ক্ষেত্রত ভাষা হৈ পৰিল জাতীয়তাৰ মূল আধাৰ।
ষ্টালিনেও জাতিৰ (Nation) সংজ্ঞা দিওঁতে ভাষাক প্ৰাধান্য প্ৰদান কৰিছে। ষ্টালিনৰ মতে
"A nation is a historically constituted stable community of people, formed
on the basis of a common language, territory, economic life, and psychological
make-up manifested in a common culture. Thus, a common language is one of the
characteristic features of a nation." (উৎস: Marxism and the National and
Colonial Question-Josheph Stalin, January 1913).
অসমৰ দৰে নানান বৈচিত্র্য,
বৰ্ণ, অঞ্চলভিত্তিক পৰিচয় থকা ৰাজ্য এখনত জাতীয়তাবাদৰ ভিত্তি ভাষাকেন্দ্রিক হোৱাটো
সেই সময়ত প্ৰয়োজনীয় আছিল।
কিন্তু পৰ্যায়ক্ৰমে
জাতীয়তাবাদী ধাৰাটোৰ চৰিত্ৰ উগ্র, আগ্ৰাসী হৈ পৰিল। প্ৰথমে বহিৰাগতৰ বিৰুদ্ধে অসম
আন্দোলন চলিল।পৰৱৰ্তী সময়ত সংবিধান সংগত কৰাৰ স্বাৰ্থত বহিৰাগতৰ বিৰুদ্ধে চলা আন্দোলনটো
বিদেশী নাগৰিক বহিস্কাৰ আন্দোলন ৰূপে অভিহিত কৰা হৈছিল যদিও ইয়াৰ চৰিত্ৰ নানান অঞ্চলত
ভাতৃঘাটি চৰিত্ৰলৈ পৰিৱৰ্তিত হৈছিল।আন্দোলনৰ নেতৃত্ব বহনকাৰীসকলে প্ৰকৃত লক্ষ্যৰ সলনি
নিজৰ ভিতৰতে শত্ৰুৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিছিল। ফলস্বৰূপে সংকীর্ণ জাতীয়তাবাদৰ প্ৰৱলতা
বৃদ্ধি হৈ গোষ্ঠীবাদী, ধৰ্মীয় সংঘাতৰ ৰূপ ল'লে। উদাহৰণস্বৰূপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ
ভূগোল বিষয়ৰ মেধাৱী ছাত্র মনোৰঞ্জন বুজৰবৰুৱাৰ নৃশংস হত্যাকাণ্ড, উত্তৰ গুৱাহাটীৰ
ফুলুং চাপৰিত সংঘটিত বিহুৰাম বড়ো আৰু হাবিৰাম বড়োৰ হত্যাকাণ্ড (উৎস : কলাখাৰ, সম্পাদক:
ড: হীৰেন গোহাঁই), নেলীৰ গণহত্যা আদি। মাংৰা ওৰাং নামৰ গল্পটোত কেনেদৰে আন্দোলনৰ চৰিত্ৰ
ঠায়ে ঠায়ে গোষ্ঠীবাদী আন্দোলনলৈ পৰিৱৰ্তিত হৈছিল তাৰো আভাস পোৱা যায়।
" যুদ্ধ হ'ব,
সাজু থাক।
... অসমীয়াবোৰে
তহতক খেদাবলৈ আন্দোলন কৰিছে, কংগ্রেছত ভোট দিবি, নহ'লে বিপদ হ'ব...। "
পৰৱৰ্তী সময়ত বড়ো
আন্দোলনৰ উত্তপ্ত দিনবোৰতো ঠিক একেদৰেই জনজাতীয় আৰু অজনজাতীয় গোষ্ঠীবাদী সংঘাতে ভয়ংকৰ
ৰূপ ধাৰণ কৰিছিল। সেই সময়ছোৱাত চাহ জনগোষ্ঠীয় লোকসকলেই সৰ্বাধিক ক্ষতিৰ সন্মুখীন
হ'বলগীয়া হৈছিল।
অৱশ্যে কাঁড় যোগান
ধৰি ওৰাং গাৱঁৰ লোকসকলক উচতনি দিয়া 'ভাগৱতী' চৰিত্ৰটো সুবিধাবাদী মধ্যবিত্তীয় শ্ৰেণীৰ
এচাম অসমীয়াৰ প্ৰতিনিধি।
গান্ধী ফাগ্লা, মাংৰা
ওৰাং আদি গল্পকেইটাত ৰাজনীতিৰ কূটিলতা, বাদ-মতবাদ, আন্দোলনৰ সন্ত্রাস আদিৰ উৰ্ধ্বলৈ
গৈ লেখকে সাধাৰণ জনতাৰ দুখৰ সমভাগী হৈছে, তেওঁলোকৰ জীৱন সংগ্ৰাম অংকিত কৰিছে। লেখকে
পাতনিতে আমি সকলো ৰাজনৈতিক প্ৰাণী বুলি উল্লেখ কৰিছে যদিও ব্যাপক হিংস্ৰতা, ধ্বংসোন্মাদনা,
চিন্তা-চেতনাৰ জড়তা, হিংস্ৰ জাতীয়তাবাদৰ পয়োভৰৰ মুখামুখি হৈ লেখকে শেষত ৰাজনীতিৰ
উৰ্ধ্বত গৈ মানৱীয়তাৰ সপক্ষে অৱস্থান গ্ৰহণ কৰিছে। ৰাজনীতি আৰু মানৱতাবাদ দুয়োটা
দিশ তেওঁৰ ৰচনাত সফলভাৱে উদ্ভাসিত হৈছে। মানৱতাবাদৰ সপক্ষে অৱস্থান গ্ৰহণ কৰোঁতে লেখকৰ
ভাষা শ্লোগানধৰ্মী নহৈ আন্দোলনকাৰীৰ নৃশংস কাণ্ড, সংকীৰ্ণতা আদি দিশসমূহ উপযুক্ত চিত্রকল্পৰ
অংকনৰ মাজেদি পাঠকৰ আগত দাঙি ধৰিছে।
"জ্বলি যোৱা
বাঁহৰ চটি পৰি জীঊতৰ লেবা ছোৱালীজনীয়ে আধা মৰা ছাগলী এটাৰ দৰে ধৰফৰাইছিল।
তিনিদিনৰ পাছতে তাই
মৰিছিল।"
পীড়িত জনৰ প্ৰতি
গভীৰ অনুকম্পা, তীক্ষ্ণ সংলাপৰ প্ৰয়োগ, সাৰ্থক চিত্ৰকল্পৰ অংকনে কাহিনীৰ প্ৰৱাহৰ সৈতে
পাঠকৰ একাত্মবোধ বৃদ্ধি কৰিছে।
সংকলনখনত প্ৰত্যেকটো
চৰিত্ৰকে গল্পকাৰে স্বকীয়তা প্ৰদান কৰাত সফল হৈছে। পুলিচ শীৰ্ষক গল্পটোত লেখকে অঘাইটং
ধেমালি কৰা অত্যন্ত দগাবাজ জগনে পৰিণত বয়সত কৰিব পৰা কৰ্মৰ এক পূর্ব ধাৰণা পাঠকৰ মন
মগজুত ৰোপন কৰাত সফল হৈছে। তদুপৰি গল্পটোৰ পুলিচ শীৰ্ষক শিৰনামটো তাৎপৰ্য পূর্ণ হৈ
পৰিছে; এটা শব্দৰ শিৰনামটোৱে দৃশ্যমান কৰিছে আৰু বহু কাহিনী। ইয়াত পুলিচ শব্দটো এটা
ৰূপক। সমাজৰ বাবে ত্ৰাসৰ সৃষ্টিকাৰী এটা বৃত্তি। যদিও লেখকে পুলিচ জগনৰ মাত্র এটা কৰ্মৰ
বিৱৰণহে গল্পটোত দাঙি ধৰিছে, কৈশোৰৰ জগনৰ পৰৱৰ্তী সময়ৰ পুলিচ বৃত্তিটোৱে গল্পটোৰ আৱেদন
বৃদ্ধি কৰিছে। অধীশ্বৰ গল্পৰ লুটুকলা নামৰ নিৰ্বাক চৰিত্ৰটো বহু সময়ত আমাৰ মধ্যবিত্তীয়
সমাজৰ এজন যোগ্য প্ৰতিনিধি। লুটুকলা শ্ৰোতা, দৰ্শক কিন্তু নীৰৱ।
শিল্প-সাহিত্যৰ ভাষা, চৰিত্ৰ, কাহিনীৰ ওপৰত মধ্যবিত্তীয়,
মেইনষ্টীমৰ বাসিন্দাসকলৰ প্ৰভুত্ব সাধাৰণতে অধিক। প্ৰান্তীয়, জনজাতীয় সকলৰ ভাষা,
কাহিনী, চৰিত্ৰ আদিয়ে তথাকথিত মধ্যবিত্তীয় সকলে অধিকাৰ সাব্যস্ত কৰি থকা সাহিত্যৰ
ক্ষেত্রখনৰ পৰা দূৰতে ৰৈ যায়। গান্ধী ফাগ্লাই সেই সীমাৱদ্ধতাক অতিক্রম কৰিবলৈ চেষ্টা
কৰা পৰিলক্ষিত হৈছে।
বাংলা সাহিত্যত
মহাশ্বেতা দেৱী এইক্ষেত্ৰত উল্লেখযোগ্য নাম। দ্ৰৌপদী, অৰণ্যৰ অধিকাৰ আদিৰ লেখীয়া বিখ্যাত
উপন্যাস ৰচনা কৰি তেওঁ প্ৰান্তীয় সমাজখনৰ শোষিত, নিষ্পেষিত জনগণৰ কণ্ঠ”ক তেওঁ বাংলা
সাহিত্যৰ কণ্ঠলৈ পৰিৱৰ্তিত কৰিছিল।
শীলভদ্রৰ মধুপুৰ,
আৰ কে নাৰায়ণৰ মালগুৰিৰ লেখীয়াকৈ নীলোৎপল বৰুৱাৰ গল্পৰ চৰিত্ৰসমূহে (প্ৰাৰ্থনা গল্পৰ
পাত্ৰাছ মুণ্ডা, চক্ৰ গল্পৰ শ্ৰীচক্ৰধৰ নাথ, অধীশ্বৰৰ লুচুকলা আদি) চুকাপথাৰ নামৰ প্ৰান্তীয়
অঞ্চল এটাৰ পৰা কাহিনী কয়। এইক্ষেত্ৰত বৰুৱা আৰম্ভণিতে সচেতন হোৱাটো ভাল যে যিদৰে
শীলভদ্রৰ গল্পৰ চৰিত্ৰই মধুপুৰ নামৰ ক্ষেত্রীয় বৃত্তটোৰ পৰা পৰৱৰ্তী সময়ত বাহিৰলৈ
ওলাবলৈ চেষ্টা কৰিও বিশেষ সফল হ'ব নোৱাৰিলে একেদৰে তেওঁৰ গল্পয়ো যাতে পৰৱৰ্তী সময়ত
চুকাপথাৰৰ সীমা অতিক্রম কৰিবলৈ গৈ পাঠকৰ দৃষ্টিত চুকাপথাৰৰ পৰিধিতে আৱদ্ধ হৈ ৰ'বলগীয়া
নহয়
আংগিক সচেতনতা, চুটি
চুটি বাক্য আৰু তীক্ষ্ণ সংলাপ, কথকৰ গাঢ়তা, মেদহীন কথনশৈলী আদিৰে গান্ধী ফাগ্লাই আমাক
গল্প পঢ়িবলৈ আগ্রহী কৰি তুলিছে।ৰামচন্দ্ৰ গুহৰ Gandhi Before India, India After
Gandhi, Jad Adams ৰ Gandhi naked ambition, Thomas Merton ৰ Gandhi on
Non-Violence আদি পঢ়ি পঢ়ি গান্ধী শব্দটো শুনিলেই স্বাধীনতা আন্দোলনৰ সময়ছোৱাই চকুৰ
আগলৈ অহা হৈ গৈছে।(তেওঁ লাগিলে মহাত্মা গান্ধী নহৈ অন্য কোনোবা গান্ধীয়ে নহওক কিয়)।
এইবাৰ কিন্তু গান্ধী ফাগ্লাই মোৰ মনৰ পৰা পট পৰিৱৰ্তন কৰাইহে এৰিলে (যিহেতু গান্ধী
নামটো ইয়াতো আছে)। গান্ধী ফাগ্লাৰ লেখকে অসমীয়া গল্পৰ কিছু পৰিমাণে বিৰক্তিদায়ক হৈ
পৰা গতানুগতিক কাহিনী আৰু চৰিত্ৰৰ পৰিৱৰ্তন সাধিব পাৰিব বুলি আমাৰ মনত বিশ্বাস জন্মাবলৈ
সক্ষম হৈছে।অৱশ্যে এয়া আমাৰ ব্যক্তিগত উপলব্ধি। যিহেতু পাঠক ভেদে ৰুচিৰ ভিন্নতা আছে।
গতিকে গান্ধী ফাগ্লা পঢ়া-নপঢ়াটোও পাঠকৰ ব্যক্তিগত সিদ্বান্ত। মিঠাই লোভনীয় হ'ল বুলিয়েই
সকলোৱে মিঠাই খায় জানো?
***
ঠিকনা :
ঘৰ নং-১৬, উপপথ নং-৬
সেউজ নগৰ, হাউছিং
কলনী
নাৰেংগী
গুৱাহাটী-২৬
ভ্ৰাম্যভাষ : ৯৮৫৪৪-৪৭৬৪৪