ড॰ চন্দনজ্যোতি চুতীয়া
(এক)
ৰাছিয়ান
ভাষাত krasota (সৌন্দৰ্য) শব্দটোৰে আমি কেৱল সেইবোৰ বস্তুক বুজাওঁ যিবোৰে আমাৰ
দৰ্শনেন্দ্ৰিয়কহে মাথোন আনন্দ দিয়ে। আৰু যদিও শেহতীয়াকৈ মানুহে ‘এটা জঘন্য কৰ্ম’
অথবা ‘সুন্দৰ সংগীত’ৰ বিষয়ে ক’বলৈ লৈছে, এয়া ভাল ৰাছিয়ান নহয়।
বিদেশী ভাষা নজনা এজন সাধাৰণ ৰাছিয়ান লোকক যদি আপুনি কয় যে নিজৰ অন্তিম
কোটচোলাটো আন এজনক দিয়া, বা একে ধৰণৰ কিবা কাম কৰা
মানুহজনৰ এই আচৰণ ‘সুন্দৰ’ হৈছে, বা কাৰোবাক প্ৰৱঞ্চনা কৰা মানুহজনৰ কামটো ‘জঘন্য’ হৈছে, নাইবা এটা গীতক আপুনি ‘সুন্দৰ’ বুলি কয়, তেওঁ আপোনাৰ কথা বুজি নাপাব।
ধপলিয়াই
থকা জীৱনটোৱে কেতিয়াবা খন্তেক জিৰণি বিচাৰে৷ একান্ত নিজা কিছু সময় উদ্যাপনৰ বাবে
কেতিয়াবা আমি হাবাথুৰি খাওঁ৷ সময়ৰ হাতুৰাত ভাঙি পৰা মনটোক পুনৰ দৃঢ় কৰি তুলিবলৈ কিছু সময়ৰ প্ৰয়োজন
হয়৷ সামাজিক মাধ্যমৰ উত্তেজনাপূৰ্ণ পৃথিৱীখনত সোমাই পৰি কেতিয়া যে আমিবোৰ ‘ডিফ্ল্ট
ছেটিঙ’লৈ ৰূপান্তৰিত হওঁ... গম ধৰাই টান হৈ পৰে৷ এনে বুজা-নুবুজা সময়ৰ অন্তৰ্লীন
আৱেশতে হাতত তুলি লওঁ পাওলো কোৱেলহোৰ ‘দ্য এল্কেমিষ্ট’ অথবা ভবেন্দ্ৰনাথ শইকীয়াৰ
‘জীৱনবৃত্ত’৷ কোঠাৰ খিৰিকি খুলি আকাশলৈ চাই মনত পেলাওঁ কিছু ব্যক্তিৰ সাগৰসম
দৃঢ়তা,
ইচ্ছাশক্তি আৰু অধ্যৱসায়ৰ কথা৷
(দুই)
গী
দ্য মোপাছাঁ৷ বিশ্ব সাহিত্যৰ এজন শ্ৰেষ্ঠ গল্পকাৰ৷ এই ফৰাচী কবি, গল্পকাৰ, ঔপন্যাসিকজনৰ
মনৰ দৃঢ়তাৰ কথা ভাবিলেই আপোনা-আপুনি এক আত্মিক শক্তি অনুভৱ কৰা যায়৷ সৰুৰেপৰাই
মোপাছাঁৰ আছিল সাহিত্যিক হোৱাৰ এক তীব্ৰ বাসনা৷ সেয়ে মাকৰ পৰামৰ্শ অনুসৰি
সাহিত্যিক হোৱাৰ কিটিপ বিচাৰি মোপাছাঁই এদিন সেই সময়ৰ আন এজন প্ৰভাৱশালী ফৰাচী
সাহিত্যিক গুস্তাভ্ ফ্লবেয়াৰৰ কাষলৈ ঢাপলি মেলিলে৷ ইফালে ফ্লবেয়াৰৰ কাষলৈ
প্ৰতিদিনাই সাহিত্যিক হোৱাৰ ইচ্ছা আৰু আকাংক্ষাৰে বহুতো যুৱক-যুৱতীৰ আগমন ঘটিছিল৷
ফ্লবেয়াৰে সকলোকে সমানে গুৰুত্ব দিব লাগে বুলিও নাভাৱিছিল৷ মোপাছাঁকো তেওঁ
সাধাৰণভাৱেই গ্ৰহণ কৰিছিল৷ কিন্তু মোপাছাঁৰ মাক আছিল ফ্লবেয়াৰৰ স্কুলীয়া দিনৰ
সহপাঠী; সেয়ে
অমান্যও কৰিবপৰা নাছিল৷ গা এৰা দিয়াৰ মানসেৰে নিজৰ কাষতে থকা ডাঙৰ কিতাপ এখনকে
মোপাছাঁৰ হাতত তুলি দি সেইখন পঢ়ি আহিবলৈ কৈ ফ্লবেয়াৰে
তেওঁক বিদায় দিলে৷
ফ্লবেয়াৰে
দিয়া কিতাপখন হাতত লৈ মহা আনন্দৰে মোপাছাঁ ঘৰলৈ গ’ল আৰু তিনি মাহ কেৱল নিজৰ কোঠাতে
সোমাই থাকি দিনে-ৰাতিয়ে অধ্যয়ন কৰিলে৷ তিনি মাহৰ অন্তত প্ৰফুল্লিত চিত্তে পুনৰ
এদিন মোপাছাঁ ফ্লবেয়াৰৰ কাষত উপস্থিত হ’লগৈ৷ ইতিমধ্যে ফ্লবেয়াৰে কাক কি কিতাপ দি
পঠাইছিল,
কোন মোপাছাঁ আদি পাহৰিছিলেই৷ আগন্তুকৰ হাতত ডাঙৰ
আকাৰৰ কিতাপখন দেখি উৎসুকতাৰে লক্ষ্য কৰি ফ্লবেয়াৰে সুধিলে- ‘তুমি এইখন পঢ়িলা?’ উৎসাৰেৰে
মোপাছাঁই জনালে যে তেওঁ পঢ়িলে আৰু গোটেইখন মুখস্থও কৰি পেলালে৷ কিতাপখন হাতত লৈ
ফ্লবেয়াৰে বিস্ময় মানিলে৷ কাৰণ সেইখন এখন সাধাৰণ কিতাপ নাছিল৷ সেইখন আছিল এখন
ফৰাচী ভাষাৰ অভিধান৷ ফ্লবেয়াৰে সমুখত বহি থকা ল’ৰাজনৰ মুখখন ভালদৰে লক্ষ্য কৰিলে
আৰু উপলব্ধি কৰিলে যে,
এইজন এজন সাধাৰণ যুৱক নহয়৷ এওঁৰ প্ৰচণ্ড ইচ্ছাশক্তি
আৰু মনৰ দৃঢ়তা আছে৷ সেইদিনাৰপৰাই ফ্লবেয়াৰে মোপাছাঁক শিষ্য হিচাপে গ্ৰহণ কৰিলে৷
পৰৱৰ্তী আখ্যান
আমি সকলোৱে জানো৷ বহু বছৰ ফ্লবেয়াৰৰ তত্ত্বাৱধানত থাকি মোপাছাঁই বিশ্ববাসীক উপহাৰ
দিলে ইটোৰ পাছত সিটোকৈ একক আৰু অনন্য গল্প৷ পৰিগণিত হ’ল গুস্তাভ্ ফ্লবেয়াৰ আৰু
এমিল জোলাৰ সাৰ্থক উত্তৰসাধকৰূপে৷ মোপাছাঁৰ শ্ৰেষ্ঠ আৰু জনপ্ৰিয় গল্পসমূহৰ ভিতৰত
‘নেকলেছ’,
‘নৱবৰ্ষৰ উপহাৰ’, ‘প্ৰেম’, ‘মেডাম
হাৰমেট’,
‘অনুতাপ’ আদি অন্যতম৷
কেৱল
সাহিত্যিক হোৱাৰ তীব্ৰ বাসনাটোৰ বাবেই শৈশৱতে মুখস্থ কৰি পেলাইছিল তেওঁ সুদীৰ্ঘ
ফৰাচী অভিধানখন;
মানি লৈছিল গুৰু গুস্তাভ্ ফ্লবেয়াৰৰ প্ৰতিটো নিৰ্দেশ, পৰামৰ্শ৷
প্ৰচণ্ড ইচ্ছাশক্তি আৰু অধ্যৱসায়ৰ বলত মানুহে কিমান অসাধ্য সাধন কৰিব পাৰে, তুচ্চতাৰপৰা
কিমান উৰ্ধ্বলৈ উধাব পাৰে তাৰে যেন এক জীৱন্ত উদাহৰণ ফ্ৰাঞ্চৰ নৰ্মাণ্ডিত
জন্মগ্ৰহণ কৰা গী দ্য মোপাছাঁ৷
জীৱনৰ
সফলতাৰ আন এক প্ৰান্তত থিয় হৈ আন এক ব্যক্তিত্বই বুকু ডাঠ কৰি কৈছিল- ‘If you can
dream it, you can do it.’ এৰা, আমি
যদি সপোন দেখিব পাৰিছোঁ,
তেনে সেই সপোনক বাস্তৱ ৰূপ দিয়াৰ শক্তি, সামৰ্থ্যও
আমাৰ গাত আছে৷ ৱাল্ট ডিজনী৷ ডিজনী আছিল এটি তেনেই দুখীয়া পৰিয়ালৰ সন্তান৷ ডিজনীয়ে
সৰুৰেপৰাই ছবি আঁকিছিল আৰু তেওঁৰ ছবিসমূহ ওচৰ-চুবুৰীয়া, বন্ধু-বান্ধৱক
বিক্ৰী কৰিছিল৷ কাৰণ পাঁচটা সন্তানেৰে ঘৰখনৰ ভৰণ-পোষণ নচলিছিল৷ পাছত কিছু উন্নত
জীৱনৰ সন্ধানত ঘৰৰপৰা গৈ তেওঁ ৰে’লত ভিন্ন সৰু-সুৰাসামগ্ৰী
বিক্ৰেতা হিচাপে কাম কৰেগৈ৷ সেই কোমল বয়সতে ডিজনীয়ে অশেষ পৰিশ্ৰম কৰিবলগীয়া হৈছিল৷
ভ্ৰাতৃ ৰয়ৰ সৈতে প্ৰতি পুৱা ৪.৩০ বজাতে উঠি ঘৰে ঘৰে বাতৰি কাকত বিলাই বিদ্যালয়লৈ
গৈছিল৷ আকৌ বিদ্যালয়ৰপৰা আহিও নিৰ্দিষ্ট কামত নিয়োজিত হৈছিল৷ আৰ্মিৰ চাকৰিত
যোগদানৰ ব্যৰ্থতা,
এটা বৰ্ষ এম্বুলেঞ্চৰ ড্ৰাইভাৰ হিচাপে অতিবাহিত- এনেদৰেই
বিভিন্ন সংগ্ৰামৰ মাজেৰে তেওঁৰ জীৱন আগবাঢ়িছিল৷ ডিজনীয়ে সৰুৰেপৰা ছবি তথা কাৰ্টুন
আঁকিছিল৷ এইবাৰ তেওঁ এটা আৰ্ট ষ্টুডিঅ’ত চাকৰিত যোগদান কৰে৷ কিন্তু এইজন ডিজনী
ৱাল্টক ষ্টুডিঅ’ৰ মালিকে খেদি পঠিয়ালে তেওঁৰ সৃষ্টিশীলতাৰ অভাৱ বুলি৷ পৰৱৰ্তী সময়ত
তেওঁ সহযোগী এজনৰ সৈতে নিজাকৈ এটা কোম্পানী প্ৰতিষ্ঠা কৰে৷ কিন্তু ইয়াতো তেওঁ বিফল
হয়৷ এইবাৰ তেওঁ আৰু ভ্ৰাতৃ ৰয়ে কাৰ্টুনক কেন্দ্ৰ কৰি এটি কোম্পানী গঢ়ি তুলিলে৷
কোম্পানীটোৱে সফলতা লাভ কৰিছিল যদিও অৱশেষত হাৰ মানিবলৈ বাধ্য হ’ল৷ এইবাৰ ডিজনী
দেউলীয়া হৈ পৰিল৷ হাৰ নামানি হলিউডৰ অভিনেতা হ’বলৈ ৰাওনা হ’ল৷ পুনৰ একেই দশাৰ
পুনৰাবৃত্তি৷ ব্যৰ্থতা৷ পৰি নিদি ডিজনীয়ে আকৌ ভ্ৰাতৃক কাৰ্টুন নিৰ্মাণত একেলগে কাম
কৰিবলৈ নিমন্ত্ৰণ জনালে৷ লাহে লাহে ডিজনীৰ জীৱনলৈ সফলতাৰ আগমন ঘটিবলৈ ধৰিলে৷
প্ৰথমাৱস্থাত সৃষ্টিশীলতাৰ অভাৱ বুলি যিজন মানুহক এটা অখ্যাত ষ্টুডিঅ’ই কামৰ পৰা
অব্যাহতি দিছিল,
সেইজন মানুহেই পৰৱৰ্তী সময়ত
জন্ম দিলে মিকি মাউছৰ দৰে বিখ্যাত কাল্পনিক চৰিত্ৰৰ৷ এনিমেছন ছবিৰ নিৰ্মাণ আৰু
প্ৰসাৰত ডিজনীৰ অৱদান আজি সৰ্বজনস্বীকৃত৷ এসময়ত কাম বিচাৰি হাবাথুৰি খাবলগা হোৱা
ল’ৰাজনেই প্ৰবল ইচ্ছাশক্তি,
পৰিশ্ৰম আৰু সৃষ্টিশীলতাৰে পৰৱৰ্তী সময়ত
গঢ়ি তুলিবলৈ সক্ষম হ’ল ৱাল্ট ডিজনী কোম্পানী৷ এয়াই নহয় জানো উত্তৰণৰ পথ...
(তিনি)
পৃথিৱীত
এনে কিছুসংখ্যক মানুহৰ জন্ম হয়, যিয়ে অনেক প্ৰতিকূলতাৰ মাজতো
অসাধাৰণ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে; অভ্যাস, অধ্যয়ন
আৰু সাধনাৰে জীৱনজোৰা খ্যাতি আৰ্জিছে৷ মানুহে কেনেকৈ অসাধাৰণ সফলতা আৰু
সৃষ্টিশীলতা আহৰণ কৰিব পাৰে, মানুহ অবিৰাম কৰ্মোদ্যমী হৈ
থকাৰ মন্ত্ৰ কি,
স্বকীয় চিন্তনৰ দ্বাৰা মানুহে কেনেকৈ নিজৰ জীৱন
প্ৰসাৰিত কৰি তুলিব পাৰে- ইত্যাদিৰ প্ৰকৃত ৰহস্য বাৰে বাৰে পৰাজিত হৈ সফল হোৱা
ব্যক্তিৰ চৰিত্ৰ পৰ্যবেক্ষণ অথবা জীৱনী বা অন্য প্ৰয়োজনীয় গ্ৰন্থ অধ্যয়নৰ যোগেদি
উদঘাটন কৰিব পাৰোঁ৷ জীৱনটোক সূক্ষ্মভাৱে উপলব্ধি কৰিবলৈ, উপযুক্ত
কৰ্ষণেৰে এক নিৰ্দিষ্ট লক্ষ্যৰ ফালে আগ বাঢ়িবলৈ, আত্মোৎকৰ্ষৰ
অব্যৰ্থ ভেটি নিৰ্মাণৰ বাবে কিছু নিৰ্বাচিত গ্ৰন্থ অধ্যয়ন কৰাৰ বিশেষ প্ৰয়োজন আছে৷
ইংৰাজী ভাষাত আত্মোৎকৰ্ষমূলক
অসংখ্য গ্ৰন্থ নিতৌ প্ৰকাশ পাই আহিছে৷ ছেমুৱেল স্মাইলছ্, ডেল
কাৰ্ণেগী,
নৰ্মান ভিনচেণ্ট পীল, ডাব্লিউ
এইচ ডেভেনপৰট্ এডামছ,
গেৰী কেলাৰ, জেৰেমী
টেইলৰ,
বুলৱেৰ লিট্টন আদি লেখকৰ কিতাপ আমি অধ্যয়ন কৰিব
পাৰোঁ৷ ইয়াৰে কেইবাজনো লেখকৰ কিতাপ অসমীয়ালৈ অনুবাদো হৈছে৷ অৱশ্যে অসমীয়া ভাষাত
প্ৰকাশিত এনেধৰণৰ মৌলিক গ্ৰন্থৰ সংখ্যা নিচেই তাকৰ৷ তাৰ মাজতে শেহতীয়াকৈ প্ৰকাশিত
দুখনমানৰ নাম আমি ল’ব পাৰোঁ - ড॰ প্ৰাঞ্জল
বুঢ়াগোহাঁইৰ ইতিবাচক শিক্ষাৰ দুটা খণ্ড ‘কৃতজ্ঞতা’, ‘সম্ভাৱনা’; ড॰ নিৰ্মলা দেৱীৰ ‘প্ৰবল ইচ্ছাশক্তি
আৰু আত্মোৎকৰ্ষৰ সাধনা’,
‘লক্ষ্য এক মনুষ্যত্ব’, ‘জীৱন
গঢ়াৰ প্ৰেৰণা’;
ড॰ ৰুবুল
মাউতৰ ‘মোৰো এটা সপোন আছে’,
ড॰ প্ৰাঞ্জল
বেজবৰাৰ ‘যুৱ প্ৰেৰণা’,
‘সফল জীৱনৰ দুকুৰি মন্ত্ৰ’, ‘ব্যক্তিত্ব
বিকাশৰ ডেৰকুৰি সংকেত’,
ড॰ কমলমল্ল
বুজৰবৰুৱাৰ ‘তোমালোকে নিজৰ জীৱনটো নতুনকৈ গঢ়িব পাৰা’, টুনুজ্যোতি
গগৈৰ ‘কাঁইট,
ফুল আৰু কাঁইট’ ইত্যাদি৷
সামৰণী মন্তব্য :
এলাহ, সহজাত
প্ৰবৃত্তি,
প্ৰলোভনৰ জালত পৰি আমাৰ ইচ্ছা আৰু দৃঢ়তাক
বিসৰ্জন দিছোঁ নেকি?
চাৰিওফালে সামাজিক মাধ্যমবোৰৰ দৌৰাত্ম৷ ফে’চবুক, ইউটিউব, ইনষ্টাগ্ৰাম, ৰীলৰ
পৃথিৱীখনত সোমাই পৰি আমি গৰিষ্ঠসংখ্যকেই সঠিক জীৱনবোধ গঢ়াত দুৰ্বল হৈ পৰিছোঁ নেকি? প্ৰবল
ইচ্ছাশক্তি,
ঘৰ্মাক্ত পৰিশ্ৰম আৰু অধ্যৱসায়েৰেহে আমি জীৱন
যুঁজত সফল হ’ব পাৰিম৷ বি. চি. ফৰ্বচ্ৰ এই উক্তিও এই ক্ষেত্ৰত প্ৰাসংগিক-
‘‘বুৰঞ্জীয়ে দেখুৱাইছে যে প্ৰায়বোৰ প্ৰসিদ্ধ সফল ব্যক্তিয়ে সাধাৰণতে জয়লাভৰ আগতে
অতি বিপদজনক বাধাৰ সন্মুখীন হৈছিল৷ তেওঁলোকে জয়লাভ কৰিছিল এই কাৰণেই যে পৰাজয়ে
তেওঁলোকক নিৰাশ কৰিব পৰা নাছিল৷’’ শিৱ খেড়াৰ এখন অত্যন্ত পঢ়িব লগীয়া কিতাপ হৈছে-
‘ইউ কেন্ উইন’৷ এই কিতাপখন ‘বিজয় আপোনাৰ’ নামেৰে অসমীয়ালৈ অনুবাদো হৈছে৷ খেড়াই
তেওঁ এই কিতাপখনত সাফল্যৰ এটা যথোপযুক্ত সংজ্ঞা দিবলৈ যত্ন কৰিছে- ‘‘সাফল্যৰ
সংজ্ঞা মই এনেদৰে দিব খোজোঁ : ই মূলতঃ এটা ক্ৰমত অহা অনুপ্ৰেৰণা, উদ্দীপনা, প্ৰচণ্ড
জেদভাৱ আৰু কঠোৰ শ্ৰমৰ সমন্বয়ত অহা সৌভাগ্য৷’’ থিয়’ড’ৰ
ৰুজভেল্টৰ অনুপ্ৰেৰণামূলক এষাৰ কথাৰে এই লেখাটি সামৰিছোঁ- ‘‘আমি জীৱনত পাব পৰা
সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰটো হৈছে কঠোৰ শ্ৰম কৰাৰ সুযোগ যিটো সুযোগ গ্ৰহণ কৰিলে সুফল
পোৱা যায়৷’’
***
ড॰ চন্দনজ্যোতি চুতীয়া
সহকাৰী অধ্যাপক, অসমীয়া বিভাগ,
মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়, ডিব্ৰুগড়
ইমেইল- cjyotichutia@gmail.com
ভ্ৰাম্যভাষ - ৬০০০৯-২৭৩৭৪