অন্যযুগ/


অসহযোগ আন্দোলন আৰু অসমৰ চাহ বাগিচাৰ শ্ৰমিক

 ভৃগুমণি নাথ

 

ভাৰতৰ বৃটিছ বিৰোধী জাতীয় আন্দোলনত মোহনদাস কৰমচাঁদ গান্ধী, জনপ্ৰিয়ভাৱে মহাত্মা গান্ধীৰ পদাৰ্পণ এক লেখত ল’বলগীয়া ঘটনা৷ গান্ধীজীয়ে প্ৰতিবাদৰ ভাষা হিচাপে সত্য আৰু অহিংসা এই দুই শক্তিৰ ওপৰত আস্থা ৰাখিছিল৷ প্ৰথম অৱস্থাত গান্ধীয়ে ব্ৰিটিছৰ কাম-কাজত সমৰ্থন জনাইছিল; আনকি প্ৰথম বিশ্বযুদ্ধৰ প্ৰতিও সমৰ্থন আগবঢ়াইছিল৷ গান্ধীজীৰ এনে কাৰ্যত অনন্দিত হৈয়ে ব্ৰিটিছ চৰকাৰে তেওঁক ‘কাইজাৰ-ই-হিন্দ’ সন্মান প্ৰদান কৰিছিল৷ যি কি নহওক, ভাৰতীয় নীল খেতিয়কৰ হকে মাত মাতি গান্ধীজীয়ে বিহাৰৰ চম্পাৰণত ১৯১৭ চনত পোন প্ৰথমবাৰৰ বাবে অহিংস সত্যাগ্ৰহ আন্দোলনৰ সূত্ৰপাত ঘটাই সফলতা আৰ্জিছিল৷ ১৯২০ চনত লোকমান্য বাল গংগাধৰ তিলকৰ মৃত্যু হোৱাত গান্ধীজীয়ে জাতীয় কংগ্ৰেছৰ অন্যতম অপ্ৰতিদ্বন্দ্বী নেতা হিচাপে স্বীকৃতি পাইছিল৷ ইতিপূৰ্বে মহাত্মা গান্ধীয়ে চম্পাৰণত লাভ কৰা সফলতাৰ পাছতে ১৫ মাৰ্চ, ১৯১৮ চনৰ আহমদাবাদৰ কাপোৰ কলত শ্ৰমিক আৰু মালিকৰ মাজত হোৱা মজুৰিকেন্দ্ৰিক সমস্যাও সমাধান কৰিছিল৷ তদুপৰি গুজৰাটৰ খৈৰা জিলাত মাটিৰ খাজনা বিষয়ক সমস্যাৰ সমাধান কৰি সবৰ্সাধাৰণৰ মাজত জনপ্ৰিয়তা আৰ্জিছিল এনে ঘটনাৱলীৰ লগত জড়িত হৈ মহাত্মা গান্ধীয়ে সবৰ্ভাৰতীয় মান্যতা লাভ কৰিছিল৷ ১৯২০ চনৰ অসহযোগ আন্দোলনৰ নেতৃত্ব বহন কৰি মহাত্মা গান্ধীয়ে অহিংস পথেৰে ব্ৰিটিছ প্ৰশাসনৰ কবলৰপৰা ভাৰতৰ স্বাধীনতা ঘূৰাই আনিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল৷ ভাৰতবাসীৰ মাজত জাগ্ৰত হোৱা জাতীয় চেতনাক মষিমূৰ কৰাৰ অভিপ্ৰায়েৰে ব্ৰিটিছ চৰকাৰে ছাৰ ছিডলি ৰাওলাটৰ নেতৃত্বত এখন কমিটি গঠন কৰি নাগৰিকৰ স্বাধীনতা খবৰ কৰাৰ পূৰ্ণাংগ আঁচনি প্ৰস্তুত কৰিছিল৷ এইমৰ্মে ৰাওলাট কমিটিয়ে বাতৰি কাকতৰ স্বাধীনতা হ্ৰাস, বিনা বিচাৰে মানুহক আটক কৰা, ন্যায়লয়ৰ ৰায়ৰ অবিহনেই ৰাজনৈতিক অপৰাধীক বিচাৰ কৰিব পৰা ক্ষমতা আদি বিষয়সমূহ বলৱৎ কৰিছিল৷ সংক্ষেপতে ৰাওলাট আইন হ’লঃ “No Appeal, No Dalil, No Vakil.” দেশবাসীয়ে এই আইনৰ তীব্ৰ বিৰোধিতা কৰিছিল যদিও ১৯১৯ চনৰ ফেব্ৰুৱাৰীৰ পৰাই আইনখন বলৱৎ হৈছিল৷

ৰাওলাট আইনৰ বিৰুদ্ধে গান্ধীজীয়ে পোনপ্ৰথমবাৰৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে সবৰ্ভাৰতীয় পৰ্যায়ত আন্দোলন পন্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈ ৩০ মাৰ্চত সবৰ্ভাৰতীয় স্তৰত হৰতাল পালন কৰিবলৈ আহ্বান জনাইছিল৷ অৱশ্যে পাছত সেই কাৰ্যসূচী ৬ এপ্ৰিললৈ পিছুৱাই দিয়া হৈছিল৷ হৰতাল পালনৰ আহ্বানে দেশবাসীৰ মাজলৈ নতুন জাগৰণ আনি দিছিল৷ শান্তিপূৰ্ণ হৰতাল পালনেৰে গান্ধীজীয়ে বৃটিছক বিৰোধিতা কৰিব খুজিছিল যদিও কেতবোৰ ঠাইত বিক্ষিপ্ত হিংসাত্মক কাৰ্যও হৈছিল৷

মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় আন্দোলনৰ প্ৰেক্ষাপটত ভুমুকি মৰাৰ সময়তে প্ৰথম বিশ্বযুদ্ধৰ বিভীষিকাই বিশ্বক ব্যতিব্যস্ত কৰি ৰাখিছিল৷ মিত্ৰপক্ষই বিশ্বযুদ্ধত সফলতাৰে আগ বঢ়াইছিল আৰু যুদ্ধ অন্ত পেলোৱাৰ উদ্দেশ্যে স্বাক্ষৰ কৰা পেৰিছ শান্তি চুক্তি অথবা ভাৰ্ছাই চুক্তি (২৮ জুন, ১৯১৯)ত তুৰস্কৰ প্ৰতি অৱহেলাৰ দৃষ্টি ৰখাত তুৰ্কীৰ শাসক খলিফাই অত্যন্ত অপমানিত বোধ কৰিছিল৷ আনহাতে, খলিফা আছিল বিশ্বৰ মুছলমান সম্প্ৰদায়ৰ সন্মানৰ প্ৰতীক৷ সেয়ে প্ৰত্যেক প্ৰান্তৰে মুছলমানসকলে ভাৰ্ছাই চুক্তিত তুৰ্কীৰ প্ৰতি কৰা অবিচাৰ আৰু খলিফাক কৰা দুৰ্ব্যৱহাৰৰ সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ ভাৰতবৰ্ষও ইয়াৰ ব্যতিক্ৰম নাছিল৷

ক্ৰমাৎ ৰাজনৈতিকভাৱে সচেতন হৈ পৰা ভাৰতবাসীৰ ফালৰপৰা তুৰ্কীৰ প্ৰতি কৰা অবিচাৰৰ প্ৰতিবাদ হোৱাটো স্বাভাৱিক কথা আছিল৷ ১৯১৯ চনৰ নৱেম্বৰত দিল্লীত ফজলুল হকে প্ৰথমবাৰৰ বাবে মিত্ৰ শক্তিৰ কাৰ্যৰ বিৰোধিতা কৰি ‘খিলাফৎ আন্দোলন’ৰ আৰম্ভ কৰিছিল৷ এই আন্দোলনত মহাত্মা গান্ধী, মতিলাল নেহেৰু, মদনমোহন মালৱ্যৰ দৰে আগশাৰীৰ কংগ্ৰেছী নেতাই অংশগ্ৰহণ কৰিছিল আৰু গান্ধীজীয়ে তুৰ্কীৰ প্ৰতি হোৱা অৱহেলাৰ প্ৰতিবাদত ইংগ-ভাৰত চৰকাৰৰ বিৰুদ্ধে ‘অসহযোগ’ কৰাৰ আঁচনি দাঙি ধৰিছিল৷ অৱশেষত, ১৯২০ চনৰ ফেব্ৰুৱাৰিত মৌলানা আবুল কালামৰ পৌৰোহিত্যত কলিকতাত অনুষ্ঠিত খিলাফৎ সন্মিলনত সেই বছৰৰে ১ আগষ্টৰ পৰা অসহযোগ আন্দোলন চলাবলৈ থিৰাং কৰিছিল৷ উক্ত সিদ্ধান্ত পৰৱৰ্তী কালত ১৯১৯ চনৰ ছেপ্টেম্বৰত কলিকতাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিশেষ অধিৱেশন আৰু নাগপুৰত অনুষ্ঠিত (১৯২০, ডিচেম্বৰ) অধিৱেশনৰ যোগেদি স্বীকৃতি প্ৰদান কৰা হৈছিল৷

মহাত্মা গান্ধীৰ দ্বাৰা নিৰ্ধাৰণ কৰা অসহযোগ আন্দোলনৰ মূল কাৰ্যসূচীসমূহ এনে ধৰণৰ আছিল- (১) ইংৰাজ ভাৰত চৰকাৰে প্ৰদান কৰা উপাধি-খিতাপ পৰিত্যাগ কৰা, (২) চৰকাৰে দিয়া অবৈতনিক পদবী আৰু স্থানীয় নিকায়সমূহৰ মনোনীত পদৰ পৰা পদত্যাগ কৰা, (৩) চৰকাৰৰ দ্বাৰা আহ্বান কৰা সভা-সমিতি, অনুষ্ঠানসমূহত অংশগ্ৰহণৰ পৰা বিৰত থকা, (৪) ক্ৰমাগতভাৱে চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাথীৰ্সকলক তাৰপৰা আঁতৰাই আনি তেওঁলোকৰ বাবে ঠায়ে ঠায়ে জাতীয় শিক্ষানুষ্ঠান গঢ়ি তোলা, (৫) উকীল আৰু চৰকাৰীভাৱে প্ৰতিষ্ঠিত ন্যায়ালয়বোৰৰ পৰিৱৰ্তে স্থানীয়ভাৱে বিৱাদসমূহ মীমাংসা কৰা, (৬) আগন্তুক নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ পৰা প্ৰতিটো ৰাজনৈতিক গোট বিৰত থকা আৰু (৭) বিদেশী পণ্যসামগ্ৰী বৰ্জন কৰা৷ স্মৰ্তব্য যে, মহাত্মা গান্ধীৰ অসহযোগ আঁচনিত চিত্তৰঞ্জন দাস, মতিলাল নেহৰু, লালা লাজপট ৰায়ৰ দৰে নেতাই প্ৰথম অৱস্থাত বিৰোধিতা কৰিছিল যদিও নাগপুৰ অধিৱেশনত সকলো একত্ৰিত হৈ ‘স্বৰাজ’ লাভক মূলমন্ত্ৰ হিচাপে গ্ৰহণ কৰিছিল৷

১৯২১ চনৰ আৰম্ভণিৰ পৰাই অসহযোগ আন্দোলনে ব্যাপক গণ সমৰ্থন লাভ কৰিছিল৷ খিলাফৎ আন্দোলনৰ সমন্বয়ত অসহযোগ পন্থাই ব্ৰিটিছ প্ৰশাসন যন্ত্ৰক কোঙা কৰাটোৱেই এই আন্দোলনৰ প্ৰধান লক্ষ্য আছিল৷ প্ৰখ্যাত নেতা মহম্মদ আলী, চৌকত আলী, আবুল কালাম আজাদে ভাৰতৰ প্ৰান্তে প্ৰান্তে থকা মুছলমান প্ৰজাক অসহযোগ আন্দোলনৰ প্ৰতি উদ্বুদ্ধ কৰিছিল৷ আইনজীৱী চিত্তৰঞ্জন দাস, মতিলাল নেহৰু, বল্লভভাই পেটেল, ৰাজেন্দ্ৰ প্ৰসাদে আদালত বৰ্জন কৰি আন্দোলনত অংশগ্ৰহণ কৰিছিল৷ তদুপৰি শিক্ষাৰ্থীসকলেও চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰি মাদক দ্ৰব্য নিবাৰণী কাৰ্যসূচী, হৰতাল আদিত অংশগ্ৰহণ কৰিছিল৷ জাতীয় শিক্ষানুষ্ঠানসমূহেও আত্মপ্ৰকাশ কৰিছিল৷ কাশী, গুজৰাট, বিহাৰত জাতীয় বিদ্যাপীঠসমূহৰ গঠন হৈছিল৷ কলিকতাৰ নেশ্যনেল কলেজ আৰু দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া জাতীয় শিক্ষাৰ আদৰ্শৰে প্ৰতিভূস্বৰূপ৷ জাতীয় কংগ্ৰেছে সমসাময়িক নিৰ্বাচন বৰ্জনৰ আহ্বানো সাফল্যমণ্ডিত হৈছিল৷ প্ৰায় ২/৩ অংশ ভোটাৰ ভোটাধিকাৰ সাব্যস্তকৰণৰ পৰা বিৰত আছিল৷ লক্ষ্যণীয়ভাৱে ১৯২১ চনৰ নৱেম্বৰত ভাৰতলৈ অহা যুৱৰাজ ৱেলছৰ (Edward Prince of Wales) ভ্ৰমণ কাৰ্যসূচী ভাৰতবাসীয়ে বৰ্জন কৰিছিল৷

 

       চাহ বাগিচাৰ শ্ৰমিকৰ ওপৰত অসহযোগ আন্দোলনৰ প্ৰভাৱ:

অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ ওপৰতো অসহযোগ আন্দোলনৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছিল৷ মহাত্মা গান্ধীৰ নেতৃত্বত দেশৰ স্বাধীনতা সুনিশ্চিত বুলি ভাবি চাহ বাগিচাত কৰ্মৰত সহজ সৰল শ্ৰমিকসকলে ব্ৰিটিছবিৰোধী ধাৰণা লৈ চাহ বাগিচাৰ কাম কাজ ত্যাগ কৰিছিল৷ ১৯২১ চনৰ মাৰ্চত দৰঙৰ হেলেম চাহবাগিচাত শ্ৰমিকসকলে অসহযোগ আন্দোলনৰ সমৰ্থনেৰে ধৰ্মঘটত বহিছিল৷ শ্ৰমিকসকলক স্থানীয় কংগ্ৰেছী স্বেচ্ছাসেৱকসকলে আন্দোলনৰ আদিপাঠ শিকাইছিল৷ অক্টোবৰলৈ কছাৰীগাঁও, সোণাজুলি, ধেন্দাই চাহবাগিচাৰ শ্ৰমিকসকলেও মালিকপক্ষৰ শোষণৰ বিৰুদ্ধে আন্দোলন কৰিছিল৷ ‘নিম্নহাৰত মজুৰি, হাড়ভঙা শ্ৰম আৰু প্ৰয়োজনতকৈ কম ছুটী’ৰ বিৰুদ্ধে শ্ৰমিকসকলে কৰা আন্দোলন তীব্ৰতৰ হৈছিল৷ কছাৰীগাঁও চাহ বাগিচাৰ প্ৰায় ২,০০০ শ্ৰমিকে তেজপুৰলৈ সমদল কৰি গৈ জিলা প্ৰশাসকৰ ওচৰত চাহ বাগিচাত চলি থকা শোষণৰ বিৰুদ্ধে আৰ্জি পেচ কৰিবলৈ চেষ্টা চলাইছিল৷ কছাৰীগাঁৱৰ এই শ্ৰমিক আন্দোলন অন্যান্য চুবুৰীয়া বাগিচাবোৰলৈকো সম্প্ৰসাৰিত হৈছিল৷ ১৯২১ চনৰ নৱেম্বৰত বেলশিৰি বাগিচাৰ শ্ৰমিকসকলো ধৰ্মঘটত মিলিত হৈছিল৷ একেদৰে ১৯২২ চনৰ আগষ্টত পানছৈ বাগানৰ শ্ৰমিকো ধৰ্মঘটত বহিছিল৷

অসহযোগ আন্দোলনে শিৱসাগৰৰ চণ্টক চাহ বাগিচাতো প্ৰৱল ৰূপ লৈছিল৷ ১৯২১ চনৰ মাজভাগত চণ্টকত হোৱা আন্দোলনৰ ভয়ত চাহ বাগিচাৰ ব্ৰিটিছ মালিকসকলে বাগিচা এৰি পলায়ন কৰিছিল৷ শিৱসাগৰত আন আন ১৪ খন বাগিচাৰ শ্ৰমিকে ধৰ্মঘটত বহিছিল৷ লক্ষীমপুৰ জিলাৰ ডিব্ৰুগড় সংমণ্ডলৰ কুমছাং চাহবাগিচাত ১৯২১ চনৰ অক্টোবৰত শ্ৰমিক আন্দোলন হোৱাৰ তথ্য সমকালীন ঐতিহাসিক খতিয়ানসমূহত পোৱা যায়৷

বাগিচাৰ শ্ৰমিকৰ এই ক্ৰমাগত আন্দোলন ব্ৰিটিছ প্ৰশাসনে কঠোৰ হাতেৰে দমন কৰিছিল৷ দৰং আৰু শিৱসাগৰত ধৰ্মঘটত অংশগ্ৰহণ কৰাৰ অপৰাধত শতাধিক শ্ৰমিকক গ্ৰেপ্তাৰ কৰা হৈছিল৷ অসহযোগ আন্দোলনৰ আদৰ্শ আৰু সমৰ্থনসূচকভাৱে সংঘটিত এনে ধৰ্মঘটবোৰত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ প্ৰতি থকা বিৰোধিতা আৰু স্বাধীনতা আন্দোলনৰ বাবে প্ৰয়োজনীয় গণভিত্তিকে সূচাইছিল৷

অসমত চাহ বনুৱাৰ আন্দোলনৰ প্ৰসংগত সুৰমা উপত্যকাত আৰম্ভ হোৱা হৰতাল অতিকে তীব্ৰতৰ আছিল৷ সুৰমা উপত্যকাৰ ১৩ খন চাহ বাগিচাৰ শ্ৰমিকে দৰমহা বৃদ্ধিৰ দাবীত ১৯২২ চনৰ ২ মে’ত সৰ্বাত্মক ধৰ্মঘটত বহিছিল৷ কৰিমগঞ্জ মহকুমাৰ নহেজাৰ বনুৱাই মহাত্মা গান্ধীৰ নামত জয়ধ্বনি দি চন্দ্ৰপুৰ ৰে’ল ষ্টেচনত সমৱেত হৈছিল৷ শ্ৰমিকসকলৰ মূল উদ্দেশ্য আছিল পদ্মানদী জাহাজেৰে পাৰ হৈ নিজৰ নিজৰ গৃহভূমিলৈ প্ৰত্যাৱৰ্তন কৰা শ্ৰমিকসকলক কংগ্ৰেছী স্বেচ্ছাসেৱকসকলে প্ৰত্যেক মুহূৰ্ততে পথ দেখুৱাইছিল৷ স্মৰ্তব্য যে, প্ৰশাসনে চাহ বাগিচাৰ শ্ৰমিকক দা-দৰমহা বঢ়োৱাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিছিল৷ কিন্তু বাগিচাৰ মালিকপক্ষই সততে এইক্ষেত্ৰত গা-এৰা দিছিল৷ যি কি নহওক, শ্ৰমিক আন্দোলনে অ-সামৰিক প্ৰশাসনযন্ত্ৰক অচল কৰি পেলোৱাত কৰিমগঞ্জ প্ৰশাসন শ্ৰমিকৰ সহায়ৰ অৰ্থে আগবাঢ়ি আহিছিল৷ শ্ৰমিকক প্ৰশাসনে খাদ্যবস্তুৰো যোগান ধৰিছিল; কিন্তু এনে সাহায্য অগ্ৰাহ্য কৰি শ্ৰমিকসকল অলৰ অটল হৈ থকাত সমস্যাৰ উদ্ভৱ হৈছিল৷ এনে পৰিস্থিতিৰ মাজতে বনুৱাসকলৰ মাজত কলেৰা ৰোগে দেখা দিয়াত বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছিল৷ কলেৰাৰ বিৰুদ্ধে যুঁজিবলৈ কংগ্ৰেছী স্বেচ্ছাসেৱকসকলে প্ৰশাসনৰ সহযোগিতাত দৰব-জাতিৰ ব্যৱস্থা কৰাত পৰিস্থিতি কিছু সুস্থিৰ হৈছিল আৰু সেই সুযোগতে শ্ৰমিকসকলক বুজাই বঢ়াই বাগিচালৈ ওভতাই নিবলৈ বাগিচাৰ মালিক পক্ষই চেষ্টা চলাইছিল৷ সেই উদ্দেশ্যে অসম চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধি মেক্‌ফাৰচন আহি শ্ৰমিকৰ প্ৰতিবাদথলীত উপস্থিত হৈছিলহি৷ মেক্‌ফাৰচনে বনুৱাৰ সৈতে আলোচনা কৰিবলৈ চেষ্টা চলাই বিফল হোৱাত বনুৱাসকলে বলেৰে পদ্মানদী পাৰ হ’বলৈ জাহাজত উঠিবলৈ চেষ্টা চলাইছিল যদিও জাহাজৰ কৰ্মচাৰীয়ে প্ৰশাসনৰ নিৰ্দেশত জাহাজত উঠা চিৰিখন হঠাতে আঁতৰাই দিয়াত বহু সংখ্যক শ্ৰমিক পদ্মাৰ পানীত পৰি মৃত্যুক সাবটি লৈছিল৷ এনে অপঘাট মৃত্যুৰ বাতৰি বিয়পি পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ তদুপৰি ১৯২১ চনৰ ২১ মে’ত জিলা প্ৰশাসনে চন্দ্ৰপুৰ ৰে’ল ষ্টেচনত অৱস্থান কৰি থকা চাহ বাগিচাৰ বনুৱাসকলক আৰক্ষী বাহিনীৰ সহায়ত অমানুষিকভাৱে কোবাই কোবাই খেদি পঠিয়াইছিল৷ সশস্ত্ৰ গোৰ্খা বাহিনীৰ অত্যাচাৰত বহুতো লোক হতাহত হৈছিল৷

আৰক্ষীৰ অমানুষিক অত্যাচাৰৰ ফলত দিশহাৰা হোৱা বাগিচাৰ শ্ৰমিকসকলৰ সহায়ৰ বাবে চিতাগঙৰপৰা যতীন্দ্ৰ মোহন সেনগুপ্ত, কুমিল্লাৰ পৰা অনিলচন্দ্ৰ দত্ত আৰু কলিকতাৰপৰা চিত্তৰঞ্জন দাস আহি চন্দ্ৰপুৰত উপস্থিত হৈছিলহি৷ স্থানীয় লোকসকলে আৰ্তজনৰ সাহায্যৰ বাবে পুঁজি সংগ্ৰহ কৰিছিল৷ গোৰ্খা বাহিনীৰ অমানুষিকতাৰ প্ৰতিবাদত আসাম-বেংগল ৰে’ল কোম্পানী আৰু জাহাজ কোম্পানীৰ কৰ্মচাৰীসকলে ৬ সপ্তাহ জোৰা ধৰ্মঘট চলাইছিল৷

চন্দ্ৰপুৰৰ ববৰ্ৰতাৰ প্ৰতিবাদত গুৱাহাটীত ২৮ মে’ত জনসভাৰ আয়োজন কৰা হৈছিল৷ তৰুণৰাম ফুকনে ৰে’ল কৰ্মচাৰীসকলৰ ত্যাগক প্ৰশংসা কৰিছিল৷ নবীনচন্দ্ৰ বৰদলৈ আৰু তৰুণৰাম ফুকনক সমসাময়িক আন্দোলনৰ কাৰ্যসূচীৰ মূল তত্ত্বাৱধায়ক আছিল বুলি ক’ব পাৰি৷ প্ৰশাসনৰ দৃষ্টিত তৰুণৰাম ফুকন এজন আগশাৰীৰ চৰমপন্থী আন্দোলনকাৰী হিচাপে পৰিগণিত হৈছিল৷ তৰুণৰাম ফুকনে গুৱাহাটীৰ দজীৰ্সকলক বিদেশী কাপোৰ চিলাই নকৰিবলৈ আহ্বান জনাইছিল৷ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই স্থানীয় কাপোৰৰ দোকানীসকলে বিদেশী কাপোৰ বিক্ৰী নকৰিবলৈকো সিদ্ধান্ত লৈছিল৷ অসমত কংগ্ৰেছী বিষয়-ববীয়াসকলৰ লগতে তৃণমূল পৰ্যায়ত স্বেচ্ছাসেৱকসকলে অসহযোগৰ বাণী গাঁওবোৰত প্ৰচাৰ কৰিছিল৷ ইয়াৰ ফলতে মাদক দ্ৰব্যৰ ব্যৱহাৰ বহু পৰিমাণে কমিছিল৷ কানি আৰু মদ নিবাৰণীমূলক সভাবোৰৰ প্ৰতি মানুহৰ আকুণ্ঠ সহাঁৰিয়ে কাৰ্যসূচীসমূহৰ সফলতা সূচাইছিল৷

 

ঠিকনা :   

সহকাৰী অধ্যাপক, ইতিহাস বিভাগ

ভোলানাথ মহাবিদ্যালয় (স্বায়ত্তশাসিত)

ঠিকনা ২ :  কলেজ ৰ’ড, ৱাৰ্ড নং - ১৫,

ডাক : বিদ্যাপাৰা, কলেজ নগৰ,

ধুবুৰী, অসম- ৭৮৩৩২৪

ভ্ৰাম্যভাষ : ৯৪৩৫৩-৫৭২২২

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ