দাদুল দেৱকৃষ্ণ বৰুৱা
পোছাকী নাম
জুলিয়া ল’ৰেইন হিল। অৱশ্যে নামটোৰ মাজত থকা ‘ল’ৰেইন’টো আঁতৰাই তাত ‘বাটাৰফ্লাই’
যোগ কৰি ল’লে নামটোৰ গৰাকীয়ে নিজেই। কাৰণ—
আক্ষৰিক অৰ্থতে তেওঁৰ হাতত বহি আছিল এটা পখিলা। সেয়ে ল’ৰেইনৰ ঠাই ল’লে পখিলা বা বাটাৰফ্লায়ে। জুলিয়া ল’ৰেইন হিল হ’লগৈ জুলিয়া বাটাৰফ্লাই হিল। অৱশ্যে
জুলিয়া নামৰ পখিলা এবিধো আছে— দীঘল, সংকীৰ্ণ
আগপাখি থকা কমলা আৰু ক’লা ৰঙৰ আমেৰিকান পখিলা, প্ৰধানকৈ গ্রীষ্মমণ্ডলীয় অঞ্চলত পোৱা যায়। আনহাতে জুলিয়া হৈছে এটা
ৰোমানমূলীয় নাম। যাৰ অৰ্থ হৈছে পৰম দেৱতা। ইফালে ইছলামিক অৰ্থত জুলিয়া হৈছে
সক্ৰিয় বা উদাৰ। জুলিয়া নামে-কামে সুকীয়া।
জুলিয়াৰ
বয়স তেতিয়া সাত বছৰ ! আমেৰিকাৰ বাসিন্দা জুলিয়া সেই বয়সতে এক ‘অদ্ভুত’ সংঘটনৰ অংশীদাৰ হ’ল। সাত বছৰীয়া জুলিয়া
এবাৰ মাক-দেউতাকৰ সৈতে এদিনীয়া হাইকিং ট্ৰিপলৈ গৈছিল। সেই হাইকিঙৰ সময়তে
জুলিয়াৰ আঙুলিত এটা পখিলা পৰিলহি। গোটেই ভ্ৰমণটোত পখিলাটো তেওঁৰ আঙুলিৰ পৰা লৰচৰ
নকৰাকৈ থাকিল। তাৰ পাছতে জুলিয়াই নিজৰ মধ্যম নাম হিচাপে ৰাখিলে ‘বাটাৰফ্লাই’। এতিয়াও তেওঁ আঁতৰোৱা নাই এই নাম। যিটো
নামেৰে তেওঁ এতিয়া বিশ্ববিখ্যাত।
জুলিয়াৰ
বয়স এতিয়া ৪৮ বছৰ। কিন্তু ২৩ বছৰ বয়সত তেওঁ এনে এটা কাম কৰিছিল যিটো এতিয়াও
পৰিৱেশবিদসকলে পাহৰা নাই। সেই সময়ত জুলিয়া এজোপা প্ৰাচীন গছৰ ডালত বহিছিল গছজোপাৰ ৰক্ষা কৰিবলৈ। তেওঁ তাত একেৰাহে ৭৩৮ দিন কটাইছিল। দুবছৰতকৈও অধিক সময়ৰ পাছত তেওঁ আমেৰিকাৰ
এটা কোম্পানীক নিজৰ দাবী পূৰণ কৰিবলৈ বাধ্য কৰাইছিল। এই কাহিনীটো কোৱাৰ আগতে
জুলিয়াৰ ডাঙৰ হোৱাৰ কাহিনীটো জানি লওঁ আহক।
জুলিয়াৰ
দেউতাক আছিল এজন ভ্ৰমণ পিয়াসী। যি ইখন চহৰৰ পৰা সিখন চহৰলৈ গৈছিল, নিজৰ
পৰিয়ালকো লগত লৈ ফুৰিহিছিল। প্ৰায় দহ বছৰ বয়সলৈকে হিলে পিতৃ ডেল, মাতৃ কেথী আৰু ভাতৃ মাইক আৰু ডেনৰ সৈতে ৩২ ফুট (৯.৮ মিটাৰ) দৈৰ্ঘ্যৰ এটা
কেম্পাৰত বাস কৰিছিল। জুলিয়া হৈছে পৰিয়ালটোৰ মধ্যম সন্তান। পৰিয়ালৰ সৈতে ভ্ৰমণৰ
সময়ত তেওঁ শিবিৰত কটোৱাৰ পৰত সেই নিৰ্দিষ্ট এলেকাসমূহৰ নদীবোৰ চাই, সেইবোৰৰ বিষয়ে জানি বৰ ভাল পাইছিল। কিন্তু যেতিয়া জুলিয়া বিদ্যালয়ত
মাধ্যমিক শাখালৈ উঠিল, তেতিয়াৰে পৰা তেওঁৰ পৰিয়ালে ভ্ৰমণ
সামৰি আৰ্কানছাছৰ (Arkansas) জ’নছব’ৰ’ত (Jonesboro) বসতি স্থাপন
কৰে।
আন বহুতৰ দৰেই জুলিয়া কেৰিয়াৰৰ প্ৰতি সচেতন আছিল। পঢ়া-শুনাৰ সমান্তৰালকৈ তেওঁ ১৬ বছৰ বয়সতে উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত তেওঁৰ পৰিৱেশ সুৰক্ষাৰ কথা চিন্তা কৰিবলৈ সময় নাছিল। কাৰণ তেওঁ সৰুৰে পৰা টকা উপাৰ্জনৰ প্ৰতি আসক্ত আছিল। ১৬ বছৰ বয়সৰ পৰাই তেওঁ কাম কৰিবলৈ আৰম্ভ কৰে। ৰেস্তোৰাঁত খাদ্য পৰিবেশন কৰা ৱে’ইট্ৰেছৰ পৰা আৰম্ভ কৰি মেনেজাৰৰ দায়িত্বলৈকে—জুলিয়াই অনবৰতে কাম চলাই আছিল। কিন্তু এটা দুৰ্ঘটনা ঘটিল। যিটো দুৰ্ঘটনাই জুলিয়াৰ জীৱনৰ গতি-প্ৰকৃতি সলাই দিলে। ২২ বছৰ বয়সত সংঘটিত এই দুৰ্ঘটনাটোত জুলিয়াৰ প্ৰায় মৃত্যুৱেই হৈছিল।
সেয়া আছিল
১৯৯৬ চনৰ আগষ্ট মাহৰ কথা। আৰ্কানছাছৰ এটা পথত জুলিয়াই গাড়ী চলাই আহিছিল এজন
মদ্যপান কৰা বন্ধুৰ বাবে। সেই সময়তে সংঘটিত হৈছিল পথ দুৰ্ঘটনা। পিছফালৰ পৰা আন
এজন মদ্যপায়ী চালকে চলাই অহা এখন গাড়ীয়ে জোৰেৰে খুন্দা মাৰিছিল তেওঁলোকৰ
গাড়ীত। ষ্টিয়াৰিং খুলি গৈ জুলিয়াৰ মূৰত খুন্দা মাৰিছিল। সংকটজনক অৱস্থাত
জুলিয়াক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। লাহে লাহে সুস্থ হৈ আহিছিল তেওঁ।
দুৰ্ঘটনাটোৰ পাছত জুলিয়াই এবছৰ ধৰি কথা কোৱা বা খোজকঢ়াৰ শক্তি হেৰুৱাই পেলালে। দীৰ্ঘদিন উন্নত চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিল তেওঁ। কিন্তু সেই দুৰ্ঘটনাই তেওঁৰ জীৱনটোক এক সুকীয়া জীৱন ঘূৰাই দিলে। জুলিয়াৰ নিজৰ ভাষাত— “সুস্থ হৈ উঠাৰ লগে লগে মই বুজিলোঁ যে, মোৰ গোটেই জীৱনটো ভাৰসাম্যহীন হৈ পৰিছে... মই ১৬ বছৰ বয়সত হাইস্কুলৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ, আৰু তেতিয়াৰ পৰাই অবিৰতভাৱে কাম কৰি আছিলোঁ, প্ৰথমে ৱে’ইট্ৰেছ হিচাপে, তাৰ পাছত ৰেস্তোৰাঁৰ মেনেজাৰ হিচাপে। মোৰ কেৰিয়াৰ, সফলতা আৰু বস্তুগত বস্তুবোৰৰ প্ৰতি মোৰ খুব আকৰ্ষণ আছিল। দুৰ্ঘটনাটোৱে মোক জীৱনৰ প্ৰতিটো মুহূৰ্তৰ মূল্য শিকাইছিল। ভৱিষ্যতে ইতিবাচক প্ৰভাৱ পেলাবলৈ যি কৰিব পাৰোঁ কৰিম বুলি ভাবিলোঁ। মোৰ মূৰত সোমাই যোৱা ষ্টিয়াৰিং হুইলটোৱে, ৰূপক আৰু আক্ষৰিক দুয়োটা দিশতে, মোক মোৰ জীৱনটোক এক নতুন দিশলৈ লৈ গ’ল।”
সুস্থ হোৱাৰ পাছত জুলিয়াই আধ্যাত্মিক পথ বিচাৰিবলৈ ধৰিলে। সেই সময়তে তেওঁ কেলিফ’ৰ্নিয়াৰ হামব’ল্ড্ কাউণ্টিত পৰিৱেশ সুৰক্ষাৰ কামত জড়িত হৈ পৰে। অৰণ্য ৰক্ষাৰ বাবেও ধন সংগ্ৰহ কৰিবলৈ ৰোড ট্ৰিপত ওলাল জুলিয়া। তেনে সময়তে এদিন জুলিয়াই দেখিলে যে, হামব’ল্ড্ কাউণ্টিৰ (Humboldt County) ৰে’ডউড্ অৰণ্যত স্থানীয় লোকসকল পাল পাতি এডাল বিশাল গছৰ তলত বহি আছে। উদ্দেশ্য— আমেৰিকাৰ পেচিফিক লাম্বাৰ কোম্পানীটোৱে (Pacific Lumber Co.) যাতে কেলিফ’ৰ্নিয়াত ৰে’ডউড্ গছ কাটিব নোৱাৰে! উল্লেখ্য যে হামব’ল্ড কাউণ্টিৰ সেই গছজোপাই ষ্টেফ’ৰ্ড অঞ্চলটো প্ৰায় আবৰি ধৰি আছিল। বহুতে সেইবাবে গছজোপাক ‘ষ্টেফ’ৰ্ড জায়েণ্ট’ (Stafford Giant) বুলিও কৈছিল। পেচিফিক লাম্বাৰ কোম্পানীয়ে নিৰ্বিচাৰে গছ কটাৰ ফলত অঞ্চলটোত ভূমিস্খলন হোৱা বুলি দাবী কৰিছিল বাসিন্দাসকলে। ১৭ ফুট বোকাত ডুব গৈছিল সমগ্ৰ ষ্টেফ’ৰ্ড অঞ্চল। আঠটা ঘৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছিল।
জুলিয়াই বিশ্বাস কৰিব পৰা নাছিল যে কোনোবাই শিকলিযুক্ত বৃহৎ কৰত এখন এজোপা প্ৰাচীন গছৰ ওচৰলৈ লৈ যাব বা ২০০০ বছৰলৈকে থিয় হৈ থকা ৰে’ডউডবোৰ ধ্বংস কৰি পেলাব ! প্ৰায় ডেৰ হাজাৰ বছৰ পুৰণি ১৮০ ফুট ওখ ৰে’ডউড্ গছজোপাক বচাবৰ বাবে সেই গছজোপাত কাৰোবাক স্থায়ীভাৱে ৰখাৰ চিন্তা এটা আহিছিল বহুতৰে মনলৈ। সেই সময়ত জুলিয়া কোনো পৰিৱেশ সংগঠনৰ সৈতে জড়িত নাছিল। অৱশ্যে স্থানীয় লোকৰ স্বাৰ্থত সেই গছজোপাৰ ওপৰত বহি থকাগৰাকীয়েই আছিল তেওঁ। জুলিয়া এগৰাকী আকস্মিক কৰ্মী হৈ পৰিছিল; যাৰ কোনো অভিজ্ঞতা নাছিল। কিন্তু সেই মুহূৰ্ততে কিবা এটা কৰিবলৈ সিদ্ধান্ত লৈছিল, যিটো তেওঁৰ বাবে অতি প্ৰয়োজনীয় আছিল। জুলিয়াই পৰৱৰ্তী সময়ত মানুহক কয়, প্ৰকৃততে এনে কৃতিত্ব অৰ্জন কৰাটো তেওঁৰ বাবে সম্ভৱ বুলি কেতিয়াও ভবা নাছিল।
১৯৯৭ চনৰ ১০ ডিচেম্বৰত জুলিয়া ষ্টেফৰ্ড জায়েণ্টত উঠিছিল। তেওঁৰ ভাষাত— “গছজোপাৰ ওপৰত বহিবলৈ আন কাকো বিচাৰি নোপোৱাৰ পিছত মোকেই বাছি লোৱা হৈছিল।” সেই গছজোপাৰ বাবে তেওঁ ১৯৯৯ চনৰ ১৮ ডিচেম্বৰলৈকে সময় খৰচ কৰিছিল। জুলিয়াই সেই সময়ত জানিব পাৰিছিল যে ১৯৯৭ চনলৈকে প্ৰাচীন ৰে’ডউডৰ পৰিৱেশ তন্ত্ৰৰ মাত্ৰ ৩%হে বাকী আছে। তেওঁ এখন পুৰণি অৰণ্য ভ্ৰমণ কৰিছিল আৰু ৰে’ডউডবোৰৰ জ্ঞান, শক্তি আৰু আধ্যাত্মিকতা দেখি আচৰিত হৈছিল আৰু এটা পৰিৱৰ্তন আনিব বিচাৰিছিল। এগৰাকী অন্তৰ্মুখী আৰু প্ৰকৃতিপ্ৰেমী, এসপ্তাহ বা দুসপ্তাহ ধৰি গছত উঠি জীয়াই থকাটো যেন তেওঁ কৰিব পৰা কাম এটা।
ডেৰ ঘণ্টামান অৰণ্যৰ মাজেৰে খোজকাঢ়ি গৈ জুলিয়া ষ্টেফ’ৰ্ড জায়েণ্টৰ ওচৰ পাইছিলগৈ। জুলিয়া গছজোপালৈ উঠাৰ সময়ত ৰাতিৰ আকাশত জোনে ভুমুকিয়াইছিল। সেই প্ৰতিবাদৰ স্মৃতিত সেই সময়ত জুলিয়াৰ আশে-পাশে থকা লোকসকলে সেয়ে গছজোপাৰ নাম ‘লুনা’ ৰাখিলে। লেটিন ভাষাত চন্দ্ৰৰ নাম ! জুলিয়াৰ ভাষাত— “মাজনিশা হৈছিল। অৱশেষত মই এটা হুকত ৰছী বান্ধি লুনাত উঠিবলৈ ধৰিলোঁ। ওপৰলৈ উঠি গৈ থাকোঁতে অনুভৱ হৈছিল— মই যেন অনন্তকালৰ বাবে গছ বগাই আহিছোঁ।’’ সেই সময়ত জুলিয়াই ভবা নাছিল যে তিনি বা চাৰি সপ্তাহৰ বিপৰীতে তেওঁ দুবছৰতকৈও অধিক কাল গছজোপাত কটাব লাগিব।
দুবছৰতকৈ অধিক সময় জুলিয়াই লুনাত ৬×৬ ফুট আকাৰৰ কাঠৰ জুপুৰী এটাত বাস কৰিছিল। তাৰ মাজতে জীৱন-যাপনৰ বিভিন্ন উপায় শিকিছিল। কুকাৰত ৰন্ধা-বঢ়া কৰা বা গছৰ তলত ব্যায়াম কৰা বা সৌৰশক্তিৰে ম’বাইল ফোন চলোৱাও শিকিছিল। শ্লিপিং বেগ এটা ৰচীৰে গছজোপাৰ ডালত বান্ধি তাতে শুই পৰিছিল। অৱশ্যে জুলিয়াৰ লগত তেওঁক খাদ্য যোগান ধৰা আঠজনীয়া দল এটাও আছিল। সেই স্বেচ্ছাসেৱকসকলে জুলিয়াক খাদ্য আৰু সামগ্ৰী যোগান ধৰিবলৈ পাহাৰৰ ওপৰলৈ ১ৰ পৰা ২ মাইল হাইকিং কৰিছিল। গছৰ ডালত বহি জুলিয়াই সংবাদ মাধ্যমৰ সৈতে যোগাযোগ ৰাখিছিল। তেওঁ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰি ইন-ট্ৰি সংবাদদাতা হিচাপে কাম কৰিছিল। তাৰ পৰাই তেওঁ টেলিভিছনৰ অনুষ্ঠান বা প্ৰতিবাদত অংশ লৈছিল। জুলিয়াই এল্ নিন’ৰ অন্যতম কঠোৰ ধুমুহা (ঘণ্টাত ৬৪ কিলোমিটাৰ বেগেৰে বলা) আৰু হিম শীতল বৰষুণ সহ্য কৰিবলগীয়া হৈছিল। খাদ্য ৰান্ধিবৰ বাবে তেওঁ বাৰ্নাৰযুক্ত প্ৰপেন ষ্ট’ভ ব্যৱহাৰ কৰিছিল। জুলিয়াক তাৰপৰা আঁতৰাই নিবৰ বাবে পেচিফিক লেম্বাৰ কোম্পানীয়ে হেলিকপ্টাৰত মানুহো পঠাইছিল। তেওঁৰ চাৰিওফালে গছ কাটি থকা, কাঠ কটা লোকে ভাবুকি দিছিল। আনকি মৃত্যুৰ ভাবুকিও আহিছিল। কিন্তু এইবোৰেও জুলিয়াক নিজৰ পথৰ পৰা বিচ্যুত কৰিব নোৱাৰিলে।
অৱশেষত জুলিয়াৰ একক প্ৰতিবাদত পৰাভূত হ’ল পেচিফিক লাম্বাৰ। ১৯৯৯ চনত তেওঁলোকে জুলিয়াৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে। জুলিয়াৰ লগত চুক্তি হ’ল— ‘লুনা’ৰ চাৰিওফালে ২০০ ফুট পৰ্যন্ত কোনো গছ কাটিব নোৱাৰিব। ইয়াৰ পিছতহে জুলিয়া গছজোপাৰ পৰা নামি আহিবলৈ মান্তি হ’ল। জুলিয়াৰ ভাষাত— “১৯৯৭ চনৰ ১০ ডিচেম্বৰত মই হাৰ্নেছ পিন্ধি ১৮০ ফুট ওপৰলৈ লুনাত উঠিছিলোঁ। গছজোপাত তিনি-চাৰি সপ্তাহ থাকিব লাগিব বুলি ভবা কথাটো দুবছৰ আঠ দিনলৈ ৰূপান্তৰিত হ’ল। কোম্পানীটো সৈমান হোৱাৰ পাছতহে মই মাটিলৈ নামিলোঁ, লুনা আৰু আশে-পাশে থকা গছ-গছনিখিনি সুৰক্ষা দিবলৈ সক্ষম হ’লোঁ। আমি সকলোৱে অৱশ্যেই প্ৰেম বুজি পাওঁ; আমি সকলোৱে সন্মান বুজি পাওঁ, আমি সকলোৱে মৰ্যাদা বুজি পাওঁ আৰু আমি সকলোৱে এটা নিৰ্দিষ্ট পৰ্যায়লৈকে মমতাক বুজি পাওঁ। কিন্তু মই কেনেকৈ কাঠকটীয়াসকলক পতিয়ন নিয়াব পাৰিলোঁ যে, তেওঁলোকে এজন মানুহৰ সেই অনুভৱবোৰ অৰণ্যলৈ স্থানান্তৰিত কৰিব? আৰু মই কেনেকৈ তেওঁলোকক মোৰ প্ৰতি থকা কু-সংস্কাৰবোৰ এৰি দিবলৈ বাধ্য কৰাব পাৰিলোঁ? কাৰণ তেওঁলোকৰ মনত মই আছিলোঁ এগৰাকী গছ সাবটি ধৰা, গ্ৰেন’লা খোৱা, লেতেৰা, ড্ৰেডলক কৰা ( চুলিত জঁটা বন্ধা ধৰণৰ ) হিপ্পী পৰিৱেশবিদ।”
জুলিয়াৰ প্ৰতিবাদৰ সময়ত প্ৰতিবাদত অংশগ্ৰহণ কৰা পৰিৱেশ কৰ্মীসকলে ৫০ হাজাৰ ডলাৰ (বৰ্তমানৰ মুদ্ৰাত ভাৰতীয় মুদ্ৰাত প্ৰায় ৪০ লাখ টকা) অনুদান সংগ্ৰহ কৰিছিল। সেই সকলো টকা পেচিফিক লাম্বাৰ কোম্পানীৰ হাতত তুলি দিয়া হয়৷ এক চুক্তি অনুসৰি কোম্পানীটোৱে উক্ত ধনৰাশি পৰিৱেশ গৱেষণাৰ বাবে হামব’ল্ড ষ্টেট ইউনিভাৰ্ছিটিক দান কৰে।
পাছলৈ বন ধ্বংসকাৰীসকলে শিকলিযুক্ত কৰতেৰে গছজোপা কাটি পেলাব বিচাৰিছিল। ২০০০ চনৰ নৱেম্বৰ মাহত জুলিয়াৰ এজন সমৰ্থকে ২০০ ফুট (৬১ মিটাৰ) ওখ ৰে’ডউডজোপাত এই অস্ত্ৰাঘাতৰ চিন আৱিষ্কাৰ কৰে। ঘটনাস্থলীত থকা পৰ্যবেক্ষকসকলে জনোৱা মতে, কাটি যোৱা অংশটোৰ দৈৰ্ঘ্য ৩২ ইঞ্চি (৮১০ মিলিমিটাৰ) আৰু গুৰিটোৰ চাৰিওফালে ১৯ ফুট (৫.৮ মিটাৰ) আছিল, যিটো গছজোপাৰ পৰিধিৰ আধাতকৈ কিছু কম। ক্ষতস্থানডোখৰ বনৌষধিৰে চিকিৎসা কৰা হৈছিল আৰু তীখাৰ তাঁৰেৰে মেৰিয়াই গছজোপা স্থিৰ কৰা হৈছিল। ২০০১ চনত ‘ইউৰেকা’ৰ অসামৰিক অভিযন্তা ষ্টিভ ছালজমেনে লুনাৰ ‘চিকিৎসা দল’ৰ নেতৃত্ব দিয়ে, যিটো দলে প্ৰতি ঘণ্টাত ৬০ৰ পৰা ১০০ মাইলৰ ভিতৰত বলা বতাহ-ধুমুহা যাতে গছজোপাই সহ্য কৰিব পাৰে, তাৰ বাবে এটা ব্ৰেছিং ব্যৱস্থাৰ ডিজাইন আৰু নিৰ্মাণ কৰে। তেওঁলোকক সহায় কৰিছিল হামব’ল্ড ষ্টেট ইউনিভাৰ্ছিটিৰ অধ্যাপক ষ্টিভেন চিলেটে। ২০০৭ চনৰ বসন্ত কাললৈকে গছজোপা প্ৰতি বছৰে নতুনকৈ বৃদ্ধি পাই আছিল। যতন লোৱাসকলে নিয়মিতভাৱে গছৰ অৱস্থা পৰীক্ষা কৰে। লুনা বৰ্তমান অলাভজনক সংস্থা ‘চেঞ্চুৰী ফৰেষ্ট’ৰ তত্ত্বাৱধানত আছে।
দুবছৰতকৈ
বেছি দিন গছত কটাই আন্দোলন কৰাৰ পিছত জুলিয়াৰ জীৱনটোও সলনি হ’ল৷
এতিয়ালৈকে তেওঁ ২৫০-অতকৈ অধিক অনুষ্ঠানত পৰিৱেশ সুৰক্ষাৰ গুৰুত্ব সম্পৰ্কত ভাষণ
দিছে, বহু স্বেচ্ছাসেৱী সংগঠনৰ সৈতে জড়িত হৈ পৰিছে। ‘চাৰ্কল
অৱ লাইফ ফাউণ্ডেচন’ নামৰ সংগঠনটোৰ সহ-প্ৰতিষ্ঠাপক জুলিয়াই
কয় যে, পৰিৱেশ সম্পৰ্কে সামাজিক মনোভাৱ সলনি কৰাটোৱেই তেওঁৰ
উদ্দেশ্য। গছৰ জ্ঞানৰ পৰা জুলিয়াই শক্তি লাভ কৰিছিল বুলি তেওঁ নিজেই কয়। জুলিয়া
আৰু লুনাৰ মাজত যি বান্ধোন গঢ় লৈ উঠিছিল, সেয়া নিশ্চয়
গভীৰ আছিল। তেওঁ যে গছজোপা ভাল পাইছিল তাত কোনো সন্দেহ নাই। জুলিয়াই নিজৰ জীৱনটোক
সৰলভাৱে চিহ্নিত কৰে— গছৰ আগত, গছৰ
সময়ত আৰু গছৰ পাছত।
২০০২ চনৰ ১৬ জুলাইৰ কথা। ইকুৱেডৰৰ কুইট’ (Quito)-ত অক্সিডেণ্টেল পেট্ৰ’লিয়াম (Occidental Petroleum)-ৰ কাৰ্যালয়ৰ বাহিৰৰ পৰা জুলিয়াক কাৰাগাৰলৈ নিক্ষেপ কৰা হয়। কাৰণ তেওঁ বিৰল চৰাইৰে ভৰি থকা কুমাৰী এণ্ডিয়ান ডাৱৰৰ অৰণ্যৰ (Andean cloud forest) মাজেৰে নিব বিচৰা প্ৰস্তাৱিত তেল পাইপ-লাইনৰ বিৰোধিতা কৰিছিল। এই বিষয়ে জুলিয়াই কয়— “ এণ্ডিয়ানা অৰণ্যখন আচৰিত ধৰণৰ। গভীৰ আৰু ৰসাল সেউজীয়া, ফুল, চৰাই আৰু পোক-পৰুৱাৰ পৰা ৰঙা, হালধীয়া আৰু বেঙুনীয়া ৰঙৰ ফুলেৰে সৈতে জিলিকি থকা। কিন্তু ইতিমধ্যে নিৰ্মাণ কৰা পাইপ-লাইনৰ কাষত আমি দেখা পৰিৱেশ ধ্বংস আছিল ভয়ংকৰ।” ইকুৱেডৰৰ ৰাষ্ট্ৰপতি গুস্তাভো নোব’আই (Gustavo Noboa) জুলিয়া সম্পৰ্কত বক্ৰোক্তি কৰিছিল— “গছত উঠা বুঢ়া ভাটোটোক (cockatoo) গ্ৰেপ্তাৰ কৰা হৈছে।” পাছলৈ জুলিয়াক ইকুৱেডৰৰ পৰা বিতাড়িত কৰা হৈছিল।
লুনা নামৰ গছজোপাত কটোৱা দুবছৰতকৈ অধিক সময়ৰ স্মৃতিকথা লিখি উলিয়ালে জুলিয়াই। Legacy of Luna : The Story of a Tree, a Woman and the struggle to save শীৰ্ষক গ্ৰন্থখন বে’ষ্টছে’লাৰ হ’ল। সেইখনৰ পাছত তেওঁ লিখিছে ক্ৰমে— One Makes the Difference, Eco-Amazons : 20 Women Who Are Transforming, Becoming : Pictures, Poems, and Stories আৰু Advanced Stories For Reproduction আদিৰ দৰে গ্ৰন্থ। তেওঁ অহৰহ কাম কৰি আছে প্ৰকৃতি আৰু পৃথিৱীৰ বাবে।
জুলিয়াক ইতিমধ্যে কেইবাখনো তথ্যচিত্ৰ, সাক্ষাৎকাৰ আৰু কিতাপৰ বিষয়বস্তু কৰা হৈছে। তেওঁৰ কৰ্ম আৰু জীৱনে বহু সংগীতজ্ঞকো প্ৰভাৱিত কৰিছে। ১৯৯৮ চনৰ ১০ ডিচেম্বৰত জুলিয়া গছত থকাৰ সময়ত কেলিফ’ৰ্নিয়াৰ ৰে’ডৱেৰ মেটিল কমিউনিটি চেণ্টাৰত এটা বেনিফিট কনচাৰ্টৰ আয়োজন কৰা হৈছিল। তাত পৰিৱেশন কৰিছিল বব্ ৱেয়াৰ আৰু মাৰ্ক কৰণ, ষ্টিভ্ কিমক, আৰু মিকি হাৰ্ট আদিয়ে। জুলিয়াই এই অনুষ্ঠানত মিকি হাৰ্ট বেণ্ডে ‘দ্য ডাঞ্চিং ছ’ৰ্চাৰাৰ’ পৰিৱেশনৰ সময়ত টেলিফোনৰ জৰিয়তে তেওঁৰ কবিতা ‘লুনা’ পাঠ কৰিছিল। ২০০০ চনত প্ৰকাশিত T. Coraghessan Boyle-অৰ উপন্যাস A Friend of the Earth-অৰ Sierra Tierwater চৰিত্ৰটো আংশিকভাৱে জুলিয়াৰ পৰা অনুপ্ৰাণিত হৈছিল। পি বি এছ পি অ’ -ভিত সম্প্ৰচাৰিত Butterfly (২০০০) নামৰ তথ্যচিত্ৰখনৰ বিষয়বস্তু আছিল জুলিয়া। Tree-Sit: The Art of Resistance নামৰ তথ্যচিত্ৰখনতো তেওঁ অভিনয় কৰিছে। এই দুয়োখন তথ্যচিত্ৰত জুলিয়া ৰে’ডউড্ গছত থকা সময়খিনি চিত্ৰায়িত কৰা হৈছে। ২০০০ চনত The Simpsons-অৰ Lisa the Tree Hugger শীৰ্ষক খণ্ডটো কল্পনা কৰা হৈছিল জুলিয়াক লৈ। সেই সময়ত লেখক Matt Selman-এ জুলিয়াৰ বিষয়ে এটা বাতৰি শুনিছিল। Penn & Teller’s-অৰ ২০০৩ চনত তেওঁলোকৰ তথ্যচিত্ৰ টেলিভিছন শ্ব’ Bullshit-অৰ প্ৰথম ছিজনত জুলিয়াই Environmental Hysteria খণ্ডটোত বিশেষ অতিথি বিশেষজ্ঞ হিচাপে অভিনয় কৰে। ২০১০ চনত Michael P. Henning-অৰ তথ্যচিত্ৰ Hempsters: Plant the Seed-অত জুলিয়াৰ কৰ্মৰাজি চিত্ৰিত হৈছিল। ২০১৭ চনত Niklas Hill আৰু Anna Palmqvist-য়ে লিখা ছুইডেনৰ শিশু গ্ৰন্থ Julia räddar skogen (Julia saves the forest)-অৰ মূল চৰিত্ৰটোৰ নাম জুলিয়াৰ নামেৰে ৰখা হৈছিল। Trey Anastasio আৰু Tom Marshall-এ Kissed by Mist শীৰ্ষক গীতটো লিখিছিল জুলিয়াক লৈয়েই। ২০০২ চনত Los Suaves-এ Un paso atrás এলবামত জুলিয়াৰ সন্মানত Julia Hill শীৰ্ষক এটা গীত নিৰ্মাণ কৰে য’ত গায়িকাগৰাকী হৈছে ‘লুনা’। ২০০৩ চনৰ Red Hot Chili Peppers গীত Can’t Stop-অত জুলিয়াৰ বিষয়ে উল্লেখ আছে। Neil Young-অৰ ২০০৩ চনৰ Greendale এলবামৰ Sun Green গীতটোত জুলিয়াৰ কথা উল্লেখ কৰা হৈছিল। Casey Desmond-এ Julia Butterfly Hill শীৰ্ষক এটা গীত লিখিছিল যিটো তেওঁৰ ২০০৬ চনৰ এলবাম No Disguise-অত সন্নিৱিষ্ট হৈছিল। ২০০৯ চনত Idina Menzel-এ জুলিয়াৰ পৰিৱেশৰ প্ৰতি থকা চিন্তাৰ কথা উল্লেখ কৰি Butterfly শীৰ্ষক গীতটো লিখিছিল।
জুলিয়া নামৰ
এগৰাকী যুৱতীৰ এক অসাধাৰণ কাৰ্যই গছ ৰক্ষা কৰাৰ বিষয়টোক যিদৰে বিশ্বৰ দৃষ্টিগোচৰ
কৰিছিল আৰু প্ৰাচীন বনাঞ্চল কাটি পেলোৱাৰ বিৰুদ্ধে যি জাগৰণ আনিছিল, সেই
উদাহৰণে আমাক এই কথা উপলব্ধি কৰিবলৈ এক আৰ্হি দিব পাৰে। আমি ভাবিব পাৰোঁ যে,
আমাৰ জীৱন পৃথিৱী আৰু প্ৰকৃতিক উপকৃত কৰাৰ বাবে এক উপহাৰ হ’ব পাৰে।
...
ফোন : ৮৬৩৮৯৬৮১৫১