ড° ভাৰত বৰুৱা
মহাকাব্য ৰামায়ণৰ লংকা কাণ্ডৰ এজন
অন্যতম নায়ক হৈছে “ইন্দ্ৰজিৎ” বা “মেঘনাদ”
বা “মেঘনাথম্”। দেৱৰাজ
ইন্দ্ৰক জয় কৰি তেওঁ ইন্দ্ৰজিৎ নাম পাইছিল। আনহাতে তেওঁ জন্ম হৈয়েই যি কান্দোন
জুৰিছিল সেয়া মেঘৰ গৰ্জনৰ দৰেই আছিল, সেই বাবেই তেওঁৰ
নাম মেঘনাদ ৰখা হৈছিল। শেষত, লংকাৰাজ ৰাৱণ আৰু মহাৰাণী
মণ্ডোদৰীৰ জ্যেষ্ঠ পুত্ৰই মেঘৰ আঁৰে আঁৰে লুকাই শত্ৰুক আঘাত কৰিব পাৰিছিল আৰু এই গুণৰ
বাবেই হেনো তেওঁ মোটামুটি অপৰাজেয় আছিল। এই শৈলীৰ বাবেই তেওঁক মেঘৰ ৰজা বা নাথ
হিচাবে জনা গৈছিল।
এই চন্দ্ৰ আৰু পৃথিৱীৰ মাজৰ অংশক ছিচলুনাৰ ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছে। ওপৰত উল্লেখ কৰা মেঘৰৰ আঁৰৰ ৰণভূমি আচলতে এই ছিচলুনাৰ ক্ষেত্ৰখনেই। বিভিন্ন কৃত্ৰিম উপগ্ৰহে ভিৰ কৰি থকা এই ক্ষেত্ৰখনত লাহে লাহে কিছুমান মাৰণাস্ত্ৰও উটি-ভাহি ফুৰা পৰিলক্ষিত হৈছে। এই মাৰণাস্ত্ৰসমূহো উপগ্ৰহ প্ৰক্ষেপণ কৰাৰ দৰেই কক্ষপথলৈ প্ৰক্ষেপ কৰা হৈছে। এক কথাত চাবলৈ হ’লে এই মৰণাস্ত্ৰসমূহো এক প্ৰকাৰ উপগ্ৰহেই, পৃথিৱীৰ পৰাই ইহঁতবোৰক নিয়ন্ত্ৰণ কৰিব পৰা যায়, প্ৰয়োজন সাপেক্ষে তাৰ পৰা অগ্নিগোলা নিক্ষেপো কৰিব পৰা যায়।
পিছে মহাকাশৰ নিয়মৰ ক্ষেত্ৰখন একেবাৰে শূন্য বুলিলেও ভুল কৰা হ’ব। ১৯৬৯ চনত নীল আৰ্মষ্ট্ৰং আৰু এডউইন এলড্ৰিনে এপ’ল’-১১ মিছনৰ জৰিয়তে প্ৰথম চন্দ্ৰপৃষ্ঠত ভৰি দিছিল। যিহেতু ১৯৬৯ চনৰ আগৰপৰাই পৃথিৱীৰ কেইবাখনো প্ৰগতিশীল দেশে মহাকাশৰ অনুসন্ধান কৰি আহিছিল, সেয়ে ১৯৬৭ চনতেই ৰাষ্ট্ৰসংঘৰ ১১১ খন দেশে মিলি মহাকাশত শান্তিপূৰ্ণভাৱে অভিযান চলাব বুলি এখন চুক্তিত সাক্ষৰ কৰিছিল। এই চুক্তি মতে - (১) চন্দ্ৰত কোনো সামৰিক ভেটি নাথাকিব, (২) মহাকাশত কোনো ধৰণৰ পাৰমাণৱিক পৰীক্ষণ কৰা নহ’ব, আৰু (৩) আৰু মহাকাশত কোনো ধৰণৰ যুঁজৰ আখৰা নচলিব। কিন্তু এই চুক্তিমতে মহাকাশত কোনো ধৰণৰ অপাৰমাণৱিক অস্ত্ৰ নিষিদ্ধ নহয়। হয়তো এই অপাৰমাণৱিক অস্ত্ৰৰ প্ৰতিবন্ধকতা নথকাৰ সুযোগতেই বিশ্বৰ দুখন দেশে বিগত কিছু বছৰ ধৰি মহাকাশত যুঁজৰ আখৰা কৰি আহিছে। সেই দেশ দুখন হৈছে চীন আৰু ৰুছিয়া।
বৰ্তমানৰ বহু আমেৰিকানে বিগত পাঁচ দশকতকৈও অধিক কাল নাছাৰ মহাকাশ অভিযানবোৰক আদৰ্শ হিচাপে লৈয়েই জীৱন নিয়াইছে আৰু তেওঁলোকৰ বাবে মহাকাশত সামৰিক কুচ-কাৱাজ একেবাৰেই নোহোৱা-নোপজা কথা। কিয়নো নীল আৰ্মষ্ট্ৰঙে মহাকাশত ভৰি দি তাত স্থাপন কৰা এপ’ল’-১১ লুনাৰ লেণ্ডাৰত এষাৰ বাণী খোদিত আছিল যে আমি মানৱজাতিৰ শান্তিৰ বাবেই মহাকাশ অভিযানত নামিছোঁ। কিন্তু দুখজনক হ’লেও ই সঁচাযে এপ’ল’-১১ সেই বাণী যেন আজি আৰু সঁচা নহয়।
ইফালে ৰুছিয়া আৰু চীনে মহাকাশত মাৰণাস্ত্ৰৰ আখৰা কৰি সমগ্ৰ বিশ্বৰ বাবেই এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে। চীনৰ সমানে সমানে ৰুছিয়ায়ো মাৰণাস্ত্ৰযুক্ত কৃত্ৰিম উপগ্ৰহ কক্ষপথত তুলিছে আৰু ২০২১ চনত নিজৰেই এটা অকামিলা হোৱা কৃত্ৰিম উপগ্ৰহক ধ্বংস কৰি পৰীক্ষণ কৰি হয়তো বিশ্বক নিজৰ ক্ষমতাৰ কথা জনাই দিছে। এতিয়ালৈকে ৰুছিয়া বা চীন কোনেও আন দেশৰ কৃত্ৰিম উপগ্ৰহৰ ওপৰত প্ৰত্যক্ষভাৱে অগ্নিগোলা বৰ্ষণ কৰা নাই যদিও এই ধৰণৰ পৰীক্ষণক অসাৱধান আৰু দায়িত্ববোধৰ অভাৱ বুলি আমেৰিকাই গৰিহণা দিছে। কিয়নো এই পৰীক্ষণৰ পৰা সৃষ্টি হোৱা মহাকাশ আৱৰ্জনাবোৰে ওচৰে পাজৰে থকা অন্য দেশৰ বা নিজৰেই কাৰ্যক্ষম কৃত্ৰিম উপগ্ৰহবোৰক ধ্বংস কৰিব পাৰে। আনহাতে আন্তৰ্জাতিক মহাকাশ আস্থানত কাম কৰা মহাকাশচাৰীৰ (আমেৰিকান এষ্ট্ৰ’নট আৰু ৰাছিয়ান কছম’নট) প্ৰাণৰো শংকা থাকে। যিহেতু আধুনিক যুগৰ প্ৰায় সকলো দিশ কৃত্ৰিম উপগ্ৰহৰ ওপৰতে নিৰ্ভৰশীল, এনে ধৰণৰ অপ্ৰয়োজনীয় মাহাকাশৰ দুৰ্ঘটনাৰ পৰা সমগ্ৰ বিশ্বৰ বিস্তৰ ক্ষতি হোৱাৰ আশঙ্কা। ইতিমধ্যে বিগত কিছু বছৰত চীনৰ মহাকাশ অভিযানৰ প্ৰকোপ বিশ্বৰ আন দেশৰ তুলনাত বহু পৰিমাণে বাঢ়িছে। চীনদেশে অকল ২০২২ বৰ্ষতে মুঠ ৬০ টা ৰকেট প্ৰক্ষেপণৰ কাম ইতিমধ্যে সম্পন্ন কৰিছে। চীনদেশে কক্ষপথত তোলা আৰু এটি কৃত্ৰিম উপগ্ৰহৰ আকৌ হাতোৰা থকা এখন দীঘল ৰ’ব’টিক হাতো আছে যাৰ দ্বাৰা অন্য উপগ্ৰহক দুৰৰ পৰাই আঁজুৰি আনি নষ্ট কৰিব পৰা ক্ষমতা আছে। তদুপৰি, চন্দ্ৰপৃষ্ঠৰ দূৰৱৰ্তী ফালটোত, য’ত আমেৰিকান উপগ্ৰহৰ কেমেৰাই সহজে ধৰা পেলাব নোৱাৰে, এটি পৃথিৱীৰ পৰা নিয়ন্ত্ৰণ কৰিব পৰা ৰ’ব’টিক আস্থানো স্থাপন কৰিছে। এই সকলোবোৰৰ ওপৰত ভিত্তি কৰি আমেৰিকান ৰণনীতিবিদসকল স্বাভাৱিকতেই শংকাগ্ৰস্ত যে অনতিপলমে আমেৰিকান উপগ্ৰহৰ কেমেৰাৰে সহজে ধৰা পেলাব নোৱৰা চন্দ্ৰ আৰু পৃথিৱীৰ সেই মাজৰ অংশটো যিটোক “ছিচলুনাৰ” বোলা হয় তাত চীন আৰু ৰুছিয়াই মাৰণাস্ত্ৰসহ কৃত্ৰিম উপগ্ৰহেৰে বেহু ৰচনা কৰিব, যিটো ১৯৬৭ চনৰ ৰাষ্ট্ৰসংঘৰ চুক্তিৰ পৰিপন্থী।
ইফালে চীন আৰু ৰুছে কৰাৰ দৰে এনে ধৰণৰ ধ্বংসাত্মক মহাকাশৰ পৰীক্ষণ নকৰিবলৈ আমেৰিকা দৃঢ়প্ৰতিজ্ঞ। কিন্তু তাৰ লগে দেশখনে এই ধৰণৰ শংকা বা দুৰ্ঘটনা এৰাই চলাৰ উপায়ো বিচাৰিছে। এই সকলোবোৰ গতিবিধিৰ ওপৰত ভিত্তি কৰি ২০২০ চনত আমেৰিকাৰ সামৰিক বাহিনীৰ এটা নতুন শাখা খোলা হৈছে, যিটোৱে বিমান বাহিনীৰ অধীনত থাকি কাম কৰিব আৰু এই নতুন শাখাটোৰ নাম দিয়া হৈছে “স্পে’চ ফ’ৰ্চ”। এই ফ’ৰ্চৰ কামেই হৈছে ইউনাইটেড ষ্টেটছ্ অ’ফ আমেৰিকাৰ পৃথিৱীৰ পৰা চন্দ্ৰপৃষ্ঠলৈ থকা কৃত্ৰিম উপগ্ৰহবোৰ, তাৰ কক্ষপথ, আৰু তাৰো আগলৈ থকা বৈভৱ আৰু আকাংক্ষাক ৰক্ষা কৰা। এই স্পে’চ ফ’ৰ্চৰ লোকসকলক গাৰ্ডিয়েন অথৱা পালক বুলি খিতাপ দিয়া হৈছে। এই পালকসকলৰ বহু জ্যেষ্ঠ বিষয়াই বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক বা গণিত বিষয়ত স্নাতকোত্তৰ অথবা ডক্তৰেট ডিগ্ৰীধাৰী। এই ফ’ৰ্চত মুঠ ১৪০০ মান পালককহে নিযুক্তি দিয়া হৈছে। এই পালকসকলৰ দৈনিক কৰ্মৰাজিত যোগাযোগ প্ৰযুক্তি আৰু বিমান বাহিনীৰ কাম-কাজ মিশ্ৰিত হৈছে, পিছে বিমান বাহিনীৰ কামতকৈ প্ৰযুক্তিৰ কাম বেছি। পৃথিৱীৰ পৰা ২০০ মাইলতকৈ ওপৰ অংশৰ সমস্যাৰ সমাধান কৰাই এই ফ’ৰ্চৰ মূল কাম। এই নতুন ফ’ৰ্চৰ জৰিয়তে ইমানকণেই আশাৰ ৰেঙণি যে যিমানেই বেছি কৃত্ৰিম উপগ্ৰহ কক্ষপথত তোলা হ’ব সিমানেই সুৰক্ষিত হ’ব আমেৰিকা আৰু তেতিয়াহে শত্ৰু ৰাষ্ট্ৰৰ চাইবাৰ আক্ৰমণৰ চোক কমাব পৰা যাব। বৰ্তমানৰ স্পে’চ ফ’ৰ্চৰ মূল ঘাটি হৈছে ক’ল’ৰাড’ৰ ক’ল’ৰাড’ স্প্ৰিংচ নামৰ ঠাইত। এই ঘাটিৰ আটাইতকৈ আকৰ্ষণীয় বিষয়টো হ’ল এটি ভ্ৰাম্যমাণ ক’মাণ্ড কেন্দ্ৰ যিটো দিনে ৰাতিয়ে স্পে’চ ফ’ৰ্চৰ সশস্ত্ৰ পালকৰ দ্বাৰা পহৰাত থাকে। এই ভ্ৰাম্যমাণ ক’মাণ্ড কেন্দ্ৰ অৱস্থিত এখন ১৮টা চকা থকা ট্ৰাকত, আৰু ইয়াৰ ভিতৰভাগ অতি গোপনীয় যোগাযোগ প্ৰযুক্তিৰ সঁজুলিৰে সজ্জিত। এইখনক এনেদৰে সাজু কৰি ৰখা হৈছে যে কেনেবাকৈ যদি শত্ৰুৰ আক্ৰমণত মুখ্য ক’মাণ্ড কেন্দ্ৰবোৰ ধ্বংস হয় বা চাইবাৰ আক্ৰমণত বিকল হয় তেন্তে সকলো যোগাযোগ প্ৰযুক্তিৰ কাম ভ্ৰাম্যমাণ অৱস্থাত এই ভ্ৰাম্যমাণ ক’মাণ্ড কেন্দ্ৰৰ পৰাই চলাই থাকিব পৰা যাব। সমগ্ৰ দেশত এনে ধৰণৰ মুঠ ৬টা ভ্ৰাম্যমাণ ক’মাণ্ড কেন্দ্ৰ আছে। এই ভ্ৰাম্যমাণ ক’মাণ্ড কেন্দ্ৰৰ পৰাই জি পি এছ নেটৱৰ্কৰ উপগ্ৰহ, সামৰিক উপগ্ৰহ, ৰাষ্ট্ৰপতিৰ যোগাযোগ ব্যৱস্থা, ৰাষ্ট্ৰপতিৰ ব্যক্তিগত বিমান এয়াৰ ফ’ৰ্চ ৱানৰ যোগাযোগ, পাৰমাণৱিক আদেশ শৃংখল ইত্যাদি নিয়ন্ত্ৰণ কৰিব পৰা যায়।। স্পে’চ ফ’ৰ্চৰ গাৰ্ডিয়েন বা পালকসকল এই ট্ৰাকখন চলোৱা, তাৰ যোগাযোগ প্ৰযুক্তিৰ সঁজুলি চলোৱা আৰু নিয়ন্ত্ৰণ কৰা, কৃত্ৰিম উপগ্ৰহবোৰক ক’মাণ্ড কৰা, ভ্ৰাম্যমাণ ক’মাণ্ড কেন্দ্ৰ সুৰক্ষিত ৰাখাৰ বাবে শত্ৰুৰ লগত যুঁজ দিয়া আদি সকলো বিষয়তেই প্ৰশিক্ষিত। এক কথাত স্পে’চ ফ’ৰ্চৰ একো একোজন গাৰ্ডিয়েন বা পালক একো একোজন মেঘনাদ বা মেঘনাথ যি মূল ৰণভূমিত ভৰি নিদিয়াকৈয়েই মেঘৰ আঁৰে আঁৰে কৃত্ৰিম উপগ্ৰহৰ সহায়েৰে শত্ৰুক ধৰাশায়ী কৰিব পাৰে। ৰামায়ণৰ কালত স্বৰ্ণলংকাৰ সুৰক্ষাৰ বাবে যিদৰে মেঘনাথে মেঘৰ আঁৰে আঁৰে যুঁজ কৰিছিল সেইদৰে এসময়ত হয়তো সকলো দেশৰেই নৌ, সামৰিক, আৰু বিমান বাহিনীৰ লগতে একো একোটা স্পে’চ ফ’ৰ্চ অথবা “মেঘনাথ বাহিনী” থাকিব যি মেঘৰ আঁৰে আঁৰে কৃত্ৰিম উপগ্ৰহৰ দ্বাৰাই দেশৰ গাৰ্ডিয়েন বা পালক ৰূপে ঠিয় দিব।
তথ্যসুত্ৰ : নেচ’নেল ব্ৰ’ডকাষ্টিং কোম্পানী।
Bharat Baruah, Ph. D.