অলকা মহন্ত বৰুৱা
প্ৰাগৈতিহাসিক
সময়ৰ পৰা চিত্ৰকলাই মানৱ শৰীৰক প্ৰতিনিধিত্ব কৰাটো অন্যতম মুখ্য বিষয় বস্তু হৈ
আহিছে। আৰু এই নগ্ন চিত্ৰকলাৰ ইতিহাস সমৃদ্ধ কৰা চিত্ৰসমূহৰ ভিতৰত উল্লেখযোগ্য
হৈছে মানৱ শৰীৰৰ নগ্ন চিত্ৰ, আৰু অলপ নিৰ্দিষ্টকৈ কʼবলৈ গ’লে উলংগ নাৰীশৰীৰৰ চিত্ৰণ। ক’বলৈ গ’লে নগ্নতা এক প্ৰকাৰৰ দৃশ্যকলা, যিয়ে বস্ত্ৰবিহীন মানৱ শৰীৰৰ চিত্ৰণৰ ওপৰত গুৰুত্ব দিয়ে। অতীজৰে পৰা ই পাশ্চাত্য কলাৰ এক স্থায়ী
পৰম্পৰা হিচাপে চিহ্নিত হৈ আহিছে। তদুপৰি ই প্ৰাচীন গ্ৰীক কলাৰো এটা বিশাল অংশ আছিল,
যি মধ্যযুগত অৰ্ধ-সুপ্ত হৈ থকা অৱস্থাৰ পাছত নৱজাগৰণৰ সময়তে এক কেন্দ্ৰীয়
স্থিতিলৈ ঘূৰি আহিছিল।
লক্ষণীয় যে
আৱৰণহীন শৰীৰৰ চিত্ৰবোৰে প্ৰায়ে আন প্ৰকাৰৰ কলাত এক মুখ্য ভূমিকা পালন কৰে, যেনে ঐতিহাসিক চিত্ৰকলা, যাৰ ভিতৰত আছে ৰূপক আৰু ধৰ্মীয় কলা,
প্ৰতিকৃতি বা আলংকাৰিক কলা। প্ৰাক-ইতিহাসৰ পৰা প্ৰাচীনতম সভ্যতালৈকে,
নগ্ন মহিলাৰ ব্যক্তিত্বক সাধাৰণতে উৰ্বৰতা বা কল্যাণৰ প্ৰতীক বুলি
মান্যতা প্ৰদান কৰা হৈ আহিছে।
যুগ-যুগান্তৰৰ পৰাই নাৰীৰ শৰীৰটো এজন শিল্পীৰ বাবে অনুপ্ৰেৰণাৰ এক চমৎকাৰ উৎস
কিয়নো ই একে সময়তে সৌন্দৰ্য, আকাংক্ষা, শ্ৰদ্ধা আৰু নিষিদ্ধতাৰ প্ৰতিমূৰ্তি। যদিও এই ধাৰণাটোক মাজে-সময়ে
তুচ্ছ-তাচ্ছিল্যৰ দৃষ্টিৰে চাবলৈ চেষ্টা কৰি অহা হৈছে তথাপি শতিকা জুৰি আৰু প্ৰত্যেকটো
যুগৰ গতিবিধিৰ
ভিন্নতাত নগ্ন চিত্ৰই শৰীৰ আৰু সৌন্দৰ্যৰ এক নান্দনিকতা সৃষ্টি কৰি আহিছে। চিত্ৰ
এখন আঁকিবলৈ লওঁতে প্ৰতিনিধিত্ব কৰিবলৈ লোৱা বিষয়টোৰ বাহিৰেও, চিত্ৰশিল্পীসকলে মানৱ শৰীৰৰ বিভিন্ন প্ৰতিচ্ছবি, যিবোৰ
প্ৰায়ে অতি ব্যক্তিগত আৰু কেতিয়াবা আনকি তেওঁলোকৰ সময়ৰ শিল্পকলাৰ নিয়মৰ
বিপৰীতে গৈও সৃষ্টি কৰি আহিছে।
উদাহৰণ হিচাপে বটিচেলিৰ দ্য বাৰ্থ অফ ভেনাছ, কৰবেটৰ দ্য অৰিজিন অৱ দ্য ৱৰ্ল্ড বা মোডিগ্লিয়ানিৰ ৰিক্লিনিং ন্যুড আমি ল’ব পাৰোঁ। নগ্ন ধাৰাটো বহু সংখ্যক চিত্ৰকৰৰ চিত্ৰকলাতে আমি দেখা পাওঁ, আটাইতকৈ বিখ্যাত চিত্ৰসমূহ যেনে, মেটিচ আৰু ইংগ্ৰেছৰ “অ’ডালিস্ক”, ৰেন’ৱাৰ আৰু চেজানৰ “বাথাৰ” বা মানে আৰু মেগ্ৰিটৰ “অলিম্পিয়া”।
মধ্যযুগ আৰু প্ৰাক-নৱজাগৰণ কালৰ চিত্ৰসমূহ বিশ্লেষণ কৰিলে আমি দেখা পাওঁ যে নগ্নতাক পৱিত্ৰ বুলি গণ্য কৰা মধ্যযুগত, গীৰ্জাই মানুহৰ দুৰ্বলতা দেখুৱাবলৈ কিছুমান ধৰ্মীয় তাৎপৰ্য দেখুৱাই নিৰক্ষৰ লোকক ধৰ্ম শিকোৱাৰ ক্ষেত্ৰত প্ৰতিচ্ছবিৰ গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল।
গীৰ্জাই চিত্ৰশিল্পীসকলক তেওঁলোকৰ গীৰ্জা আৰু ধৰ্মীয় পাণ্ডুলিপি সজাবলৈ ফ্ৰেস্ক’ (সতেজভাৱে প্ৰয়োগ কৰা প্লাষ্টাৰৰ ওপৰত পানী-আধাৰিত ৰঞ্জক ব্যৱহাৰ কৰি চিত্ৰাঙ্কণ কৰাৰ পদ্ধতি, সাধাৰণতে দেৱালৰ পৃষ্ঠত কৰা হয়), ভাস্কৰ্য আৰু চিত্ৰ আঁকিবলৈ সুবিধা দিছিল। সমসাময়িকভাৱে, কলা মুখ্যতঃ ধৰ্মীয় উদ্দেশ্যৰ বাবেই আছিল, আৰু নগ্নতাক পাপ বুলি গণ্য কৰা হৈছিল। ই মানুহৰ নশ্বৰ আৰু অসিদ্ধ অৱস্থাৰ বিষয়ে উল্লেখ কৰিছিল। এনেদৰে আইকন’গ্ৰাফিক (কোনো শিল্পী বা শিল্পীয়ে নিৰ্দিষ্ট অৰ্থ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা ছবিৰ এক নিৰ্দিষ্ট পৰিসৰ বা প্ৰকাৰ। উদাহৰণ স্বৰূপে, খ্ৰীষ্টান ধৰ্মীয় চিত্ৰকলাত খ্ৰীষ্টক প্ৰতিনিধিত্ব কৰা মেকুৰী বা পবিত্ৰ আত্মাক প্ৰতিনিধিত্ব কৰা কপৌৰ দৰে ছবিৰ এক মূৰ্তিবিদ্যা) কাৰণত নগ্ন চিত্ৰসমূহ প্ৰতিনিধিত্বমূলক হিচাপে ব্যৱহাৰ কৰা হৈছিল। উদাহৰণ স্বৰূপে, আণ্ডাৰৱৰ্ল্ডৰ বিষয়ে উল্লেখ কৰা গীৰ্জাসমূহৰ টাইম্পানামত (পেডিমেণ্টৰ দ্বাৰা আৱদ্ধ এলেকা, ত্ৰিভুজাকাৰ নাইবা খণ্ডগত ) নগ্ন চৰিত্ৰ পোৱা যায়। বাইবেলৰ বৰ্ণনা অনুসিৰ চিত্ৰিত আদম আৰু ইভ্ (ইছলাম পৰম্পৰাত হৱা) নগ্নতা আৰু পাপৰ সমাৰ্থক। তেওঁলোকক প্ৰায়ে তেওঁলোকৰ আটাইতকৈ সৰল ৰূপত প্ৰতিনিধিত্ব কৰা হয়, সাপ বা পাতবোৰে তেওঁলোকৰ যৌনাঙ্গ আৱৰি ৰাখে। এই নগ্ন শৰীৰবোৰ, যদিও দৃশ্যমানভাৱে অশুদ্ধ বুলি গণ্য কৰা নগ্নতাৰ অতি ওচৰৰ, প্ৰকৃততে এইবোৰ পৱিত্ৰ ভাবত থকা বুলি কোৱা হৈছিল।
১৪২৫ চনত ইটালীৰ চিত্ৰশিল্পী মাজাচিঅ’ই ফ্লৰেঞ্চৰ ছাণ্টা মাৰিয়া ডেল কাৰ্মিনে গীৰ্জাৰ বাবে আদম আৰু ইভক ইডেনৰ পৰা বিতাড়িত কৰি এক নতুন ফ্ৰেস্ক’ ৰচনা কৰে। তাত আদমে চকু নমাই মুখ লুকুৱাই ৰাখিছে, ইভেও তাইৰ নগ্নতা লুকুৱাই ৰাখিছে, তাইৰ চকু ঘূৰি আছে আৰু মুখখন এনেদৰে মেল খাই আছে যেন তাই চিঞৰিহে আছে। তেওঁলোকৰ ওপৰৰ ফালে, ৰঙা পোছাক পিন্ধা এজন দেৱদূতক দেখা যায় যি আদম আৰু ইভক যেন সেই ঠাই এৰি যাবলৈহে নিৰ্দেশ দি আছে। দুয়োটা চৰিত্ৰ এনেদৰে উপস্থাপন কৰা হৈছে যেন দুয়োৱে ইডেন এৰি যাবলৈ লাজ আৰু ভয় খাইছে।
একেটা চেপেলতে (প্ৰাৰ্থনা গৃহ) এই ছবিখনৰ বিপৰীতে চিত্ৰশিল্পী মাচোলিন’ৰ ফ্ৰেস্ক’ এখন আছে। ‘পাপ’ নামেৰে জনাজাত এই ফ্ৰেস্ক’খন ১৪২৪ চনত সৃষ্টি কৰা হৈছিল। আদম আৰু ইভে ইজনে সিজনক শান্তিৰে আৰু সৌম্য দৃষ্টিৰে চাই, ওখ আৰু ৰাজকীয়ভাৱে থিয় হৈ আছে। চিত্ৰবোৰৰ পৰা যেন পোহৰহে ওলায়, আৰু অন্ধকাৰ পৃষ্ঠভূমিয়ে শৰীৰ আৰু তেওঁলোকৰ প্ৰাচীন উচ্চতাৰ ওপৰত আলোকপাত কৰে।
আকৌ আমি মাচোলিন’ৰ দ্য অৰিজিনেল ছিন আৰু ১৪২৪ এই দুয়োটা ফ্ৰেস্ক’ক ইটোৰ লগত আনটোক তুলনা কৰিলে আকৰ্ষণীয় ৰূপত কিছু পাৰ্থক্য দেখা পাও। মাচোলিন’ৰ ইডেন মনোৰম, আদম আৰু ইভ্ ধুনীয়া আৰু উজ্জ্বল। ইয়াৰ বিপৰীতে, মাজাচিঅ’ৰ আদম আৰু ইভ্ সন্ত্ৰস্ত আৰু লজ্জিত। এজনৰ বাবে আদৰ্শগত আৰু আনজনৰ বাবে বাস্তৱবাদী নগ্নতাৰ প্ৰতিনিধিত্বৰ পাৰ্থক্যই, প্ৰথম পাপ কৰাৰ আগত আৰু পাছত মানুহৰ অৱস্থাৰ ওপৰত আকৰ্ষণীয়ভাৱে আলোকপাত কৰিছে।
নৱজাগৰণ যুগৰ পৰা নগ্ন চিত্ৰসমূহে তেওঁলোকৰ আইকন’গ্ৰাফিক চৰিত্ৰ হেৰুৱাবলৈ আৰম্ভ কৰিছিল। আৰু কেৱল নান্দনিক আৰু কামুক গুণাগুণৰ বাবেহে সেইবোৰ মূল্যৱান হৈ পৰিবলৈ আৰম্ভ কৰিছিল। সেই সময়ছোৱাত, প্ৰাচীন কালৰ চিত্ৰকলাৰ পুনৰ আৱিষ্কাৰ আৰু প্লাষ্টিকৰ সৌন্দৰ্যৰ প্ৰতি আগ্ৰহৰ ফলত শিল্পীসকলে নগ্নতাক মূল্য দিছিল, যি অনুপ্ৰেৰণাৰ এক মুখ্য উৎস হৈ উঠিছিল। চিত্ৰশিল্পীসকলে অনুপাতক সন্মান কৰি জীৱন্ত আৰ্হি ব্যৱহাৰ কৰি মানৱ শৰীৰৰ ছবি আঁকিছিল। তেওঁলোকে গ্ৰীকসকলে আৱিষ্কাৰ কৰা আদৰ্শ শৰীৰটো গ্ৰহণ কৰিছিল, তথাপি অধিক বাস্তৱিক কৰিবলৈ তাত প্ৰায়ে পুৰুষৰ পেশী সংযোগ কৰিছিল।লিওনাৰ্ড’ দা ভিঞ্চিৰ ‘ভিট্ৰুভিয়ান মেন’ সেই সময়ৰ শিল্পীসকলৰ শাৰীৰিক গৱেষণাৰ এক উৎকৃষ্ট উদাহৰণ।
১৪৮৫ চনত বট্টিচেল্লি নামৰ বিখ্যাত চিত্ৰকৰজন ধৰ্মীয় কাৰণ নোহোৱাকৈ এগৰাকী মহিলাক নগ্ন ৰূপত চিত্ৰিত কৰা প্ৰথমজন শিল্পী হিচাপে পৰিগণিত হয়। ইউৰোপত আগতে এনে ধৰণৰ চিত্ৰ দেখা পোৱা হোৱা নাছিল! তেওঁৰ ভেনাছ আছিল এগৰাকী নগ্ন সুন্দৰী- প্ৰায় সম্পূৰ্ণ আকাৰৰ (life size) এগৰাকী নাৰীৰ নগ্নচিত্ৰ যাৰ পৰিমাপ প্ৰস্থ ১৭২.৫ আৰু উচ্চতা ২৭৮.৫ ছেণ্টিমিটাৰ।
চেঞ্চৰশ্বিপ পৰিহাৰ কৰিবলৈ, বট্টিচেল্লিয়ে ভেনাছৰ দীঘল চুলিকোছা তাইৰ যৌনাঙ্গৰ ওপৰত ভাঁজ কৰাই থয়। এখন হাতেৰে তাই নিজৰ এটা স্তন লুকুৱাই ৰাখে আৰু আনটো দৃশ্যমান হৈয়ে থাকে। নাৰীগৰাকীৰ শালীনতা এইদুটা ভঙ্গীৰ দ্বাৰা কোনোমতে লুকুৱাই ৰখা হয়, যি কেৱল তাইৰ শৰীৰৰ ভাঁজবোৰ আংশিকভাৱেহে লুকুৱাই ৰাখে- যেন তাই কি লুকুৱাই ৰাখে আৰু কি উন্মোচন কৰে তাৰ মাজৰ এক যাদুকৰী খেলহে। এই ধাৰণাটোৱে চিত্ৰকলাৰ জগতত এক নতুন যৌন উত্তেজক মাত্ৰা আৰোপ কৰে। তাইৰ অৱস্থান প্ৰাচীন কনট্ৰেপোষ্টো (contrapposto- এটা ভৰিৰ ওপৰত ইয়াৰ বেছিভাগ ওজন ৰখা মানৱ চিত্ৰ, যʼত কান্ধ আৰু বাহুবোৰ অক্ষীয় বিন্যাসত থাকি কঁকাল আৰু ভৰিৰ পৰা অক্ষীয়ভাৱে পাক খায়)-ৰ দ্বাৰা অনুপ্ৰাণিত য’ত এটা ভৰি প্ৰসাৰিত হয়, আনটো অলপ বেঁকা হয়। এইটোৱে তাইৰ কঁকাল আৰু তাইৰ ক্ষীণ আকৃতিৰ প্ৰকট কৰি তুলিছে। চিত্ৰখনত বিষয়বস্তু ভেনাছক অধিক ধ্ৰুপদী প্ৰতিকৃতিৰ বিপৰীতে উপস্থাপন কৰা হৈছিল য’ত ভৰিবোৰ মাটিত ভালদৰে প্ৰতিস্থাপিত কৰা হয়। সেয়ে ভেনাছক কিছু অস্থিৰ যেন লাগে।
চিত্ৰখনত
নাৰীগৰাকীৰ এটা চিন্তাশীল চেহেৰা আছে। তাই কি চিন্তা কৰি আছে জনা টান, কেতিয়াবা
ভাব হয়- সম্ভৱতঃ তাই এটা সপোনৰপৰা সাৰ পাইছে ! তাইৰ পিছফালে
সাগৰ, যি কেৱল কেইটামান তৰংগৰ সৈতে শান্ত, দিগন্তত কোনো ধুমুহাৰ চিন নাই আৰু বতাহ মৃদু আৰু শান্তভাৱে বৈ আছে।
বট্টিচেল্লিয়ে যেতিয়া তেওঁ ধনী পৃষ্ঠপোষকসকলৰ অনুৰোধত এই ছবিখন অংকন কৰিছিল তেতিয়া কেৰিয়াৰৰ শীৰ্ষত আছিল। তেওঁৰ ভেনাছ হৈছে অতি সুন্দৰ, নান্দনিকভাৱে নগ্ন, যিকোনো পবিত্ৰ আৰু ধৰ্মীয় দাবীৰ পৰা দূৰত, যি মধ্যযুগৰ পৰম্পৰাৰ পৰা বহু দূৰত অৱস্থান কৰিছিল।
ষোড়শ আৰু সপ্তদশ শতিকাৰ মেনাৰিষ্ট্ বা আচৰণবাদীৰ (১৫২০-ৰ দশকত নৱজাগৰণৰ শেষৰ পৰা ১৫৯০ চনৰ আশে Baroque style-অৰ আৰম্ভণিলৈকে ইটালীত প্ৰাধান্য লাভ কৰা শৈল্পিক শৈলী) সময়ত নগ্ন চিত্ৰসমূহ সঁচাকৈয়ে সকলো বাধা বা ধৰ্মীয় বিৱেচনাৰ পৰা মুক্ত হৈছিল। আচৰণবাদে শৰীৰৰ প্ৰতিনিধিত্বত বিপুল স্বাধীনতা আগ বঢ়াইছিল। সেই সময়ৰ এই ধাৰাৰ চিত্ৰসমূহত অতিৰঞ্জন আৰু শাৰীৰিক বিকৃতিৰ ৰূপৰ মাজত, কামোদ্দীপনাৰ এক শক্তিশালী অনুভূতি উদ্ভৱ হৈছিল।
১৫৫০ চনৰ পৰা, ভেনাছৰ ট্ৰায়াম্ফৰ (দ্য ট্ৰায়াম্ফ অফ ভেনাছ হৈছে ফ্ৰাঞ্চৰ ফ্ৰাঁচোৱা বাউচাৰৰ ১৭৪০ চনৰ এখন চিত্ৰ। ই জাঁ-অনাৰ ফ্ৰাগোনাৰ্ডৰ দ্বাৰা অংকিত ভেনাছৰ জন্মক অনুপ্ৰাণিত কৰিছিল) ৰূপক শীৰ্ষক এগনোলো ব্ৰঞ্জিনোৰ চিত্ৰসমূহকেই আচৰণবাদৰ গুৰুত্বপূৰ্ণ উদাহৰণ হিচাপে গ্ৰহণ কৰিব পৰা যায়। এই অশালীন কিন্তু সুন্দৰ ভেনাছৰ শৰীৰৰ বক্ৰৰেখাবোৰ চিত্ৰকলাৰ নান্দনিক প্ৰৱণতাৰ এক “সৰ্পিল” ৰেখা অৰ্থাৎ বক্ৰ আৰু প্ৰতি-বক্ৰ, আৰু যিয়ে প্ৰতিনিধিত্ব কৰা চিত্ৰবোৰৰ শৰীৰ কোমল কৰি আকৰ্ষণীয় ৰূপত তুলি ধৰিছিল। ‘মূৰ্খতা আৰু সময়’ (folly and time) শীৰ্ষক এগনোলো ব্ৰঞ্জিনো (আচল নাম Agnolo di Cosimo), ১৫৫০-অৰ চিত্ৰখনত এনে কিছু কথা আছে যাক ধৰ্মীয় নৈতিকতাই নিঃসন্দেহে অস্বীকাৰ কৰিব ! চিত্ৰখনৰ মনোমোহা দৃশ্য এটাৰ তলত দেখা যায় এক অধাচাৰী বা অজাচাৰী দৃশ্য, প্ৰেমৰ অৱতাৰী ৰূপত সৌন্দৰ্যৰ দেৱী ভেনাছ আৰু তেওঁৰ পুত্ৰ কিউপিডৰ মাজত চুম্বনৰ উত্তেজক, অপ্ৰত্যাশিত এক দৃশ্য। সকলোকে বিচলিত কৰি তোলা, সকলো নৈতিকতাৰ বিপৰীতে যোৱা এই দৃশ্যটো বৰ্ণনা কৰিবলৈ শব্দৰ সেই সময়ত অভাৱ হৈছিল।
নৱজাগৰণৰ প্ৰৱাহৰ বিপৰীতে, এই আন্দোলনটোৱে প্ৰাচীন কেনন (এক প্ৰক্ৰিয়া য’ত নিৰ্দিষ্টকৈ সংস্কৃতিক অতি গুৰুত্বপূৰ্ণ বা অনুকৰণীয় হিচাপে প্ৰতিষ্ঠিত কৰা হয়) আৰু ধ্ৰুপদী চিন্তা-ধাৰণা দুয়োটাকে প্ৰত্যাখ্যান কৰিছিল, যাতে আৰাবেস্ক (আৰাবেস্ক হৈছে এক প্ৰকাৰৰ শৈল্পিক সজ্জা যাৰ ভিতৰত আছে স্ক্ৰলিং আৰু ইণ্টাৰলেছিং পাত, টেণ্ড্ৰিল বা সৰল ৰেখাৰ ছন্দময় ৰৈখিক আৰ্হিৰ ওপৰত আধাৰিত পৃষ্ঠৰ সজ্জা, যাক প্ৰায়ে আন উপাদানৰ সৈতে মিহলি কৰা সজোৱা হয়) আৰু কৃত্ৰিমতাক মহিমামণ্ডিত কৰিব পৰা যায়। ৰ’ক’ক’ (ৰ’ক’ক’ বা লে’ট বেৰ’ক হৈছে স্থাপত্য, কলা আৰু সজ্জাৰ এক ব্যতিক্ৰমী শোভাময় নাট্যশৈলী য’ত অসামঞ্জস্য, স্ক্ৰলিং কাৰ্ভ, গিল্ডিং অৰ্থাৎ সোণৰ পাতেৰে উপৰিসাজ বা ঢাকি ৰখাৰ কলা বা অনুশীলন, বগা আৰু পে’ষ্টল ৰং, ভাস্কৰ্যযুক্ত ম’ল্ডিং আৰু ফ্ৰেস্ক’ক একত্ৰিত কৰা হয় যাতে এক আচৰিতধৰণৰ আৰু গতি আৰু নাটকৰ ভ্ৰম সৃষ্টি হয়) শৈলীও নগ্ন শিল্পীসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস আছিল। প্ৰকৃততে, ৰ’ক’ক’ চিত্ৰশিল্পীসকলে তেওঁলোকৰ সাহসী নগ্নচিত্ৰৰ জৰিয়তে অন্য মানুহক নাৰীশৰীৰৰ সৌন্দৰ্যক আন যিকোনো লোকতকৈ কলাসন্মতভাৱে ভালদৰে উপস্থাপন কৰিব পাৰিছিল।
আন এজন মহান চিত্ৰশিল্পী জাঁ-অনাৰ ফ্ৰাগোনাৰ্ডে মহান দৃশ্য, ধৰ্মীয় আৰু পৌৰাণিক চিত্ৰসমূহক প্ৰতিনিধিত্ব কৰি অংকন কৰিছিল। তথাপি কিয় জানো তেওঁক সদায়ে ফ্ৰিভলিটি আৰু ৰ’ক’ক’ৰ চিত্ৰকৰ বুলিয়ে গণ্য কৰা হৈছিল। তেওঁৰ এখন বিখ্যাত চিত্ৰ ১৭৭০ চনত অঁকা ‘দ্যা চাৰ্ট ৰিমোভদ’ নিঃসন্দেহে তেওঁৰ আটাইতকৈ প্ৰতিষ্ঠিত আৰু কামনা-উত্তেজক কামবোৰৰ ভিতৰত এটা। কেন্দ্ৰত, এগৰাকী উলংগ মহিলা শুই পৰে আৰু ভেনাছ দেৱীৰ সেৱক যাক “পুটো” বুলি কোৱা হয় তেৱেই তাইৰ ব্লাউজটো আঁতৰাই দিয়ে। বন্ধ চকু আৰু আধা-ঘূৰোৱা শৰীৰে এক নিৰ্দিষ্ট শালীনতা সৃষ্টি কৰিলেও চিত্ৰখনে এক সাহঁসী বিষয় উপস্থাপন কৰে। ইয়াত নগ্নতাক বগা, ধূসৰ আৰু গুলপীয়া ৰঙৰ দ্বাৰা প্ৰতীয়মান কৰা হয় যি মহিলাগৰাকীৰ যুৱচৰ্মৰ প্ৰতিনিধিত্ব কৰে। পৌৰাণিক আৰু ঐতিহাসিক বিষয়ৰ পৰা আঁতৰি ফ্ৰাগোনাৰ্ডে এই অন্তৰংগ আৰু আপাতত: তুচ্চ নগ্ন চিত্ৰসমূহ সৃষ্টি কৰি এই ধাৰাটোলৈ এক বৈপ্লৱিক পৰিৱৰ্তন আনিছিল।
নাটকীয় ৰূপ দিয়াত কৃপণালি নকৰাকৈ ৰোমান্তিক যুগত বাস্তৱতাক চিত্ৰিত কৰাৰ এটা তীব্ৰ আকাংক্ষা আছিল। এই সময়ছোৱাত বিদেশী বিষয়বস্তুৰ আগমন আৰু হাৰেমৰ কল্পনা চিহ্নিত কৰা হৈছিল। নগ্ন চিত্ৰসমূহ তেতিয়াই মুক্তভাৱে প্ৰদৰ্শিত হৈছিল আৰু যৌনতাক চিত্ৰকলাৰ অন্যতম বিষয়বস্তু হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আৰম্ভ কৰিছিল। ৰোমান্তিকতাই আনুষ্ঠানিক চিত্ৰকলাৰ সন্মিলনসমূহৰ নীতি-নিয়ম প্ৰত্যাখ্যান কৰি ক্লাছিছিজম আৰু নৱ্যশ্ৰেণীবাদৰ সৈতে সম্পৰ্ক সম্পূৰ্ণৰূপে ভাঙি আগ বাঢ়িছিল। এইটো তেতিয়া মাথোঁ এটা শিল্পৰ প্ৰকাৰ আৰু বিষয়েই হৈ থকা নাছিল, বৰঞ্চ ৰং, বৈপৰীত্য আৰু মাথোঁ পোহৰৰ তীব্ৰতাৰ এক কলা-কৌশল আছিল।
১৭৯০ চনত, ফ্ৰাঞ্চিস্কো ডি গয়াই প্ৰথমবাৰৰ বাবে তেওঁৰ চিত্ৰ ‘লা মাজা দেষ্ণুডা’ (La Maja Desnuda) -ত দেৱী বা নিম্ফৰ বিপৰীতে এগৰাকী প্ৰকৃত মহিলাৰ পিউবিক কেশৰ দেখুৱাইছিল। নগ্নতা সৃষ্টি কৰোঁতে শিল্পীজনৰ মনত নিজকে প্ৰকাশ কৰাৰ আনন্দৰ বাহিৰে বেলেগ আৰু আন কোনো উদ্দেশ্য নাছিল। উলংগ মহিলাগৰাকীয়ে আত্মবিশ্বাসী দৃষ্টিৰে লাজ বা লাজ নোহোৱাকৈ দৰ্শকৰ ফালে পোনপটীয়াকৈ চাই থকা দেখুওৱা হৈছিল। স্পেনিছ চিত্ৰশিল্পীগৰাকীয়ে এই চিত্ৰখন ব্যক্তিগতভাৱে অংকণ কৰিছিল আৰু ইয়াক লোকচক্ষুৰ পৰা লুকুৱাই ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল যদিও ৰাজহুৱাভাৱে আৱিষ্কাৰ হোৱাৰ পাছত সেই সময়ৰ সমাজখনক ই হতবাক আৰু বিস্ময়াৱিভূত কৰি তুলিছিল।
বাস্তৱবাদী চিত্ৰশিল্পীসকলে প্ৰায়ে তেওঁলোকৰ দৈনন্দিন জীৱনৰপৰা লোৱা নগ্নতাৰ ওপৰত গুৰুত্ব দিছিল। তেওঁলোকৰ আৰ্হিবোৰ সামাজিকভােৱ তথাকথিত নিম্নশ্ৰেণীৰ আছিল: যেনে পতিতা, অভিনেত্ৰী অথবা প্ৰেমিকা।
গুস্তাভ কুৰবে’ (Jean Désiré Gustave Courbet )-ৰ ‘দ্য অৰিজিন অৱ দ্য ৱৰ্ল্ড’ নামৰ চিত্ৰখনে ১৮৬৬ চনত ৰাইজৰ মাজত আৰু চেলুনত (ফৰাচী শব্দ চেলুনৰ অৰ্থ হৈছে কথোপকথনৰ বাবে হোৱা সমাৱেশ। সাধাৰণতে, এয়া হৈছে বুদ্ধিজীৱী, শিল্পী আৰু ৰাজনীতিবিদৰ এক নিৰ্বাচিত গোট যি সামাজিকভাৱে প্ৰভাৱশালী (আৰু প্ৰায়ে ধনী) ব্যক্তিৰ ব্যক্তিগত বাসভৱনত মিলিত হয়) এক কেলেংকাৰীৰ সৃষ্টি কৰি হাহাকাৰ লগাই দিছিল। চেঞ্চৰশ্বিপ অবিহনেই মহিলাৰ যৌনাঙ্গক এইখন চিত্ৰত খোলাখুলিকৈয়ে প্ৰকাশ কৰিছিল। কুৰবে’-ই একাডেমিক পেইণ্টিং আৰু ইয়াৰ নগ্নতাৰ মনোৰম, আদৰ্শ সংস্কৰণবোৰ দেখাদেখিকৈয়ে প্ৰত্যাখ্যান কৰিছিল। তেওঁৰ চিত্ৰই সদায় উপস্থাপনযোগ্যতাৰ সীমাক প্ৰত্যাহ্বান জনাইছিল।
এই সময়ছোৱাতে প্ৰভাৱবাদী চিত্ৰশিল্পীসকলক নগ্নতাৰ পুনৰ্দৰ্শন কৰোৱাৰ কৃতিত্ব দিয়া হৈছিল। শৰীৰৰ কাষ আৰু ৰূপৰেখা আঁতৰাই, ৰং আৰু ব্ৰাছৰ ষ্ট্ৰ’কৰ ওপৰত গুৰুত্ব দি শৰীৰক শক্তি আৰু জীৱনীশক্তি প্ৰদান কৰা হৈছিল। এই ইম্প্ৰেশ্যনিষ্ট পেইণ্টিঙৰ ভিতৰত অঁকা ন্যুডবোৰে আটাইতকৈ বেছি কেলেংকাৰীৰ সৃষ্টি কৰিছিল। বহুতো শিল্পীয়ে আটাইতকৈ সৰল ৰূপত সাধাৰণ মহিলাসকলক অংকন কৰিছিল। এনেকৈয়ে সেই সময়ত প্ৰভাৱবাদী চিত্ৰশিল্পীসকলে বিভিন্ন ধৰণে নগ্নতাক প্ৰতিনিধিত্ব কৰিছিল।
১৮৬৩ চনত কুৰবে’-ৰ দুখন চিত্ৰ অলিম্পিয়া আৰু ডেজিউনাৰ চুৰ ল’হাৰ্বেৰ সৈতে, এডুৱাৰ্ড মানে’ই সেই সময়ৰ চিত্ৰকলাৰ আনুষ্ঠানিক নিয়মসমূহক সমূলে প্ৰত্যাখ্যান কৰিছিল। আধুনিক চিত্ৰশিল্পী এডুৱাৰ্ডে তেওঁৰ সময়ৰ বাস্তৱতাক
প্ৰতিনিধিত্ব কৰিব বিচাৰিছিল আৰু কৈছিল যে অলিম্পিয়া এগৰাকী পতিতা, কোনো পৌৰাণিক দেৱী বা নিম্ফ্ নহয়। তেওঁ বাস্তৱতাক কোনো ধৰণৰ আদৰ্শ আৰোপ নকৰাকৈ চিত্ৰবোৰ অংকন কৰিছিল। অৱশ্যে, উনবিংশ শতিকাৰ
মাজভাগত, এটা নগ্ন চিত্ৰায়ন কেৱল তেতিয়াহে অনুমোদিত আছিল
যদিহে সেই চিত্ৰ কোনো বিদেশী বা পৌৰাণিক স্থানত অৱস্থিত হৈছিল। এডুৱাৰ্ডৰ চিত্ৰত
নগ্ন মহিলাগৰাকী শক্তিশালীভাৱে স্বকীয় আৰু উত্তেজক। তাই দৰ্শকৰ ফালে পোনপটীয়াকৈ
চাই থাকে আৰু এই পোনপটীয়া দৃষ্টি আৰু উদাসীনতাৰ অভিব্যক্তিয়েই এক ধৰণৰ শৈল্পিক
বেমেজালিৰ সৃষ্টি কৰিছিল। অন্যহাতে একাডেমিক পেইণ্টিংবোৰত, উলংগ
মহিলাৰ চৰিত্ৰবোৰে যেন নিজে নিজেই “আচৰিত” হৈছিল। চৰিত্ৰবোৰৰ ভংগীত এনেকুৱা ভাব ফুটি
উঠিছিল যে তেওঁলোকে নিজকে স্বেচ্ছাই উলংগ হোৱা নাই, আন
কোনোবাইহে বিবস্ত্ৰা কৰিছে। অৱশ্যে, কুৰবে’-ৰ অলিম্পিয়াই এই
ধাৰণাটোৰ তীব্ৰ বিৰোধিতা কৰিছিল।
আন এজন মহান চিত্ৰশিল্পী এডগাৰ ডেগা (Edgar Degas)-ৰ কামৰ কেন্দ্ৰস্থ ভাবনাই হৈছে নগ্নতা। চিৰদিনেই নগ্নতা আছিল তেওঁৰ প্ৰিয় বিষয়, কিয়নো এইটো ধাৰাতেই তেওঁ আটাইতকৈ বেছি উদ্ভাৱন কৰিবলৈ সক্ষম হৈছিল। ডেগা-ই নগ্নতাৰ ওপৰত ভিত্তি কৰি আয়ত্ত কৰা বিভিন্ন কৌশলসমূহকে চিত্ৰসমূহত প্ৰতিফলিত কৰিছিল।
১৮৮৬ চনত
অংকন কৰা ‘টাব’ত, নাৰীগৰাকীৰ স্থিতি, শৌচাগাৰৰ সৈতে স্থিৰ জীৱন,
মিছা দৃষ্টিভংগী আৰু প্ৰলম্বিতকৰণে পেষ্টলটোক ডেগা-ৰ বিচক্ষণতা আৰু
সেই সময়ৰ আটাইতকৈ সুন্দৰ নগ্ন ৰচনাবোৰৰ ভিতৰত এটা হিচাপে স্বীকৃতি প্ৰদান কৰি
আহিছে।
বিখ্যাত
চিত্ৰশিল্পী পল চেজানৰ বিষয়ে উল্লেখ নকৰাকৈ শৈল্পিক নগ্নতাৰ বিষয়ে আলোচনা
কৰাও যেন এক প্ৰকাৰৰ অপৰাধ৷ কি অপূৰ্ব আৰু যাদুকৰী অংকনেৰে তেওঁ ‘ছেইণ্ট
এন্থনী এণ্ড হিজ বাথাৰ্ছ’ত নাৰীসকলক এক প্ৰকাৰ পীড়িত অস্তিত্ব হিচাপে সৃষ্টি কৰিছে।
পল চেজানৰ উল্লেখযোগ্য চিত্ৰ হৈছে ‘দ্য টেম্পটেশ্যন অৱ ছেইণ্ট এন্থনী’, ১৮৭০৷ চিত্ৰখনত চেজানে সেউজীয়া, ৰুগীয়া ছালৰ মহিলাসকলৰ জৰিয়তে এক অন্ধকাৰ অভিব্যক্তি ৰচনা কৰিছে। ছেইণ্ট এন্থনী নামৰ চৰিত্ৰ, যি সাধাৰণতে কেন্দ্ৰত থাকে, তেওঁৰ অৱস্থান চিত্ৰখনৰ বাওঁফাললৈ স্থানান্তৰিত কৰা হয়, কোনোমতেহে দৃশ্যমান হয়। আমাৰ দৃষ্টি অৱশ্যেই অৱধাৰিতভাৱে তাত থকা শক্তিশালী শৰীৰৰ, ডাঙৰ পেট আৰু স্তন থকা তিনিওগৰাকী মহিলাৰ প্ৰতি আকৰ্ষিত হয়। বাওঁফালে, চতুৰ্থ চৰিত্ৰটোৱে, কম আলোকিত, চেইণ্ট এন্থনীৰ সন্মুখত নৃত্য কৰা দেখা যায়। এই চিত্ৰখনে পাতল বৈসাদৃশ্য, গাঢ় ৰং (মুগা, ধূসৰ, হালধীয়া আৰু গাঢ় সেউজীয়া) আৰু বিৰূপ চিত্ৰৰ ব্যৱহাৰৰ জৰিয়তে এক নিৰাশাবাদী প্ৰতীতি সৃষ্টি কৰে। চিত্ৰখনৰ আটাইতকৈ সোঁফালে থকা মহিলাগৰাকীৰ ভাব-ভংগিমাত ফুটি উঠা পুৰুষসুলভ বৈশিষ্ট্যবোৰ মন কৰিবলগীয়া৷
কথিত আছে যে সেই সময়ত, চেজানে প্ৰকৃত নাৰীসকলক তেওঁৰ বাবে নগ্ন ভংগিমা দিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে নিজকে মনাব পৰা নাছিল৷ কিছুমান সমালোচকে বিশ্বাস কৰে যে এই চিত্ৰকলাৰ জৰিয়তে, চেজানে নাৰীৰ প্ৰতি থকা তেওঁৰ সমীহক প্ৰতিনিধিত্ব কৰিব বিচাৰিছিল। নগ্নতা যেন নাৰীশৰীৰৰ এক প্ৰকাৰৰ নিৰ্যাতন যিয়ে তেওঁক বহুক্ষেত্ৰত অস্বস্তি দিছিল।
জাৰ্মান অভিব্যক্তিবাদী আন্দোলনতো নগ্নতাই গুৰুত্ব লাভ কৰিছিল। অষ্ট্ৰিয়ান শিল্পী গুস্তাভ ক্লিম্ট (Gustav Klimt)-ৰ বন্ধু এগন শ্বিলে (Egon Leo Adolf Ludwig Schiele ) এজন মুখ্য জাৰ্মান অভিব্যক্তিবাদী চিত্ৰশিল্পী আছিল, যাৰ কামবোৰ বিংশ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত হুবহু যৌনতাৰে(raw sexuality) আটাইতকৈ কলঙ্কময় আছিল। তেওঁৰ শিল্পকৰ্মত এক তীব্ৰ যৌনতা আছে, যাৰ সেই সময়ৰ কালজয়িতাৰ আদৰ্শ আৰু বুৰ্জোৱা আদৰ্শৰ সৈতে সংঘাত হৈছিল। তেওঁৰ সেই একক আৰু অনন্য শৈলীটো শৰীৰৰ পাক খোৱা আকৃতি আৰু অভিব্যক্তিপূৰ্ণ ৰেখাৰ দ্বাৰা চিনাক্ত কৰিব পাৰি। এগন শ্বিলেৰ এখন উল্লেখযোগ্য চিত্ৰ হৈছে ‘ন্যুড্’, ১৯১০।
১৯১০ চনত
শ্বিলে-ই নগ্নতাক ৰঙৰ যোগেদি পৰীক্ষা-নিৰীক্ষা কৰিবলৈ আৰম্ভ কৰে আৰু দুৰ্বল চৰিত্ৰবোৰ
ৰুগীয়া ৰঙেৰে চিত্ৰিত কৰে। এইক্ষেত্ৰত মহিলা ন্যুড হৈছে এক সঠিক উদাহৰণ : এগৰাকী
উলংগ মহিলাক স্থানচ্যুত অৱস্থাত, এক পাতল, মৃতদেহসদৃশ
শৰীৰেৰে উপস্থাপন কৰা হৈছে। সমগ্ৰ পৰিৱেশটোৰ নিৰ্জনতা, সাধাৰণ
পৃষ্ঠভূমি আৰু শৰীৰৰ চাৰিওফালে থকা বগা আভাৰ দ্বাৰা শক্তিশালী কৰি তোলাৰ চেষ্টা
কৰা হৈছে। আধা বন্ধ চকু আৰু হাতখনে শৱগৃহৰ চিত্ৰৰ কথা প্ৰায় মনত পেলাই দিয়ে,
যিয়ে যৌনতা আৰু মৃত্যুৰ মাজত থকা সম্পৰ্কৰ কথা মনত পেলায়।
এইখিনিতে মন কৰিবলগীয়া যে শ্বিলে-ৰ যৌনতা আৰু মৃত্যু দুয়োটাই একে সময়তে
সৰ্বশক্তিমান ! বিশৃংখল চুলি আৰু বিদ্ধ চেহেৰা, গেৰুৱা আৰু
ৰঙা ৰং ব্যৱহাৰ কৰা আৰু তাৰপৰা ওলোৱা পোহৰে তেওঁৰ চিত্ৰৰ চৰিত্ৰবোৰক এক শক্তিশালী আৰু
আৱেশেৰে বশীভূত কৰি সুদৃশ্য কৰি তোলে।
শ্বিলৰ নগ্নতা মনোবিশ্লেষণৰ সৈতে সম্পৰ্কিত, যি সেই সময়ত নতুনকৈ আৰম্ভ হৈছিল। উলংগ শৰীৰটো যেন শিল্পীজনৰে অস্তিত্বৰ বেদনাৰ বাহক। তেওঁৰ বিষয়বোৰে শৰীৰৰ দ্বৈততা প্ৰকাশ কৰিছিল; যৌনতাৰ উৎস আৰু মৃত্যুৰ প্ৰতীক হিচাপে। বিংশ শতিকাৰ আৰম্ভণিতে, শ্বিলে-ক তেওঁৰ নগ্নতাৰ বাবে পৰ্ণ’গ্ৰাফাৰ, মনোৰোগী আৰু আনকি ৰাক্ষস বুলিও বৰ্ণনা কৰা হৈছিল। তেওঁক বহুত বেছি কলঙ্কিত বুলি গণ্য কৰা হৈছিল।
বিংশ শতিকাৰ
আন এজন মহান চিত্ৰশিল্পী হৈছে অটো ডিক্স (Otto Dix)। বিংশ শতিকাৰ ভয়াৱহতাৰ প্ৰত্যক্ষ সাক্ষী
অটো ডিক্সে তেওঁৰ চিত্ৰকলাৰ জৰিয়তে তেওঁৰ সময়ৰ হিংসা আৰু বিমূৰ্ততাৰ সমালোচনা
কৰিছিল। সততে তেওঁ কুৎসিত, বিভৎসতা, ভয়ংকৰ আৰু বিৰূপ
পৰিস্থিতিৰ দ্বাৰা আকৰ্ষিত হৈছিল। শিল্পীজনে নিৰ্যাতিত মহিলা, যুদ্ধৰ পৰিণতিত হোৱা বিধৱা আৰু পতিতাসকলক অংকন কৰিছিল। অটো ডিক্সৰ এখন
উল্লেখযোগ্য চিত্ৰ হৈছে ’অৰ্ধ-উলংগ’, যʼত তেওঁ মহিলা এগৰাকীয়ে নিজৰৰ নগ্নতা নম্ৰভাৱে লুকুৱাবলৈ চেষ্টা কৰা দেখুৱাইছে। এই চিত্ৰখনৰ
দৰ্শনে এক অস্থিৰতা আৰু বিৰক্তিৰ অনুভৱ উদ্ৰেক কৰে। এই মহিলাগৰাকীয়ে নিজৰ শৰীৰ,
গধুৰ স্তন, তাইৰ ৰুক্ষ মুখ আৰু দুখীয়া
অভিব্যক্তি লুকুৱাবলৈ চেষ্টা কৰিছে। অটো ডিক্সে আমাক তেওঁৰ সময়ৰ পৃথিৱীৰ এক অংশ
প্ৰতিনিধিত্ব কৰি দেখুৱাবলৈ প্ৰয়াস কৰিছিল যিটোৱে তেওঁৰ মতে, সম্পূৰ্ণৰূপে
কুৎসিত আৰু নিষ্ঠুৰতাৰ সাক্ষ্য বহন কৰিছিল।
দ্বিতীয় বিশ্বযুদ্ধৰ পাছত, শিল্পীসকলে অতি স্বকীয়ভাৱে নগ্নতাক পুনৰ ব্যৱহাৰ কৰিছিল। এজন আমেৰিকান শিল্পী আৰু পপ আৰ্ট আন্দোলনৰ মুখ্য ব্যক্তি টম ৱেছেলমেনে (Thomas K. Wesselmann) আলোচনীবোৰৰ পৰা কাটি অনা ছবি ব্যৱহাৰ কৰি মহিলাৰ নগ্নতা সৃষ্টি কৰিছিল আৰু বিষয়বস্তু বিচাৰি পাইছিল। উত্তেজক আৰু ব্যক্তিগতকৃত, তেওঁৰ কামবোৰ প্ৰকৃত কামোদ্দীপক আইকনিক হৈ পৰিছিল, যি ১৯৬০-ৰ দশকৰ প্ৰতীক হিচাপে চিহ্নিত হৈ উঠিছিল। ৱেছেলমেনে বিচাৰিছিল যে তেওঁৰ নগ্নতাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব। তেওঁ এবাৰ কৈছিল “মই ভাবোঁ, নগ্নতাই হৈছে আক্ৰমণাত্মক, তাৎক্ষণিকভাৱে কোৱাৰ এক ভাল উপায়। মই দৰ্শকৰ পৰা তীব্ৰ আৰু বিস্ফোৰক প্ৰতিক্ৰিয়া প্ৰকাশ বিচাৰোঁ। টম ৱেছেলমেনৰ এখন উল্লেখযোগ্য চিত্ৰ হৈছে ‘গ্ৰেট আমেৰিকান ন্যুড ৭,’ ১৯৬০।
নগ্নচিত্ৰৰ এগৰাকী মহান চিত্ৰশিল্পী হৈছে হিল্ডেগাৰ্ডে হেণ্ডছেম (Hildegarde Handsaeme)। হিল্ডেগাৰ্ডে হেণ্ডছেমৰ নগ্নচিত্ৰসমূহত মহিলাসকলৰ শৰীৰটো কাব্যিক আৰু ৰঙীণ হিচাপে অংকন কৰা হৈছিল, কিউবিষ্টসকলে (তেওঁলোকে একেখন ছবিত বিষয়বোৰৰ বিভিন্ন দৃষ্টিভংগী, সাধাৰণতে বস্তু বা চিত্ৰ, একেলগে আনিছিল, যাৰ ফলত চিত্ৰবোৰ খণ্ডিত আৰু বিমূৰ্ত দেখা গৈছিল, উদাহৰণস্বৰূপে পাবলো পিকাছো) তেওঁলোকৰ সময়ত কৰা কামৰ দৰে। তেওঁৰ চিত্ৰসমূহত নগ্নতা স্পষ্ট, আকৃতিবোৰ উদাৰ। সূক্ষ্মভাৱে আলোকিত কৰি অঁকা এই চিত্ৰসমূহত থকা নগ্ন শৰীৰবোৰ বক্ৰৰ আধিপত্য থকা, টুকুৰাটোৰ চাৰিওফালে দেখা ৰঙৰ সমতল এলেকাৰ দ্বাৰা আলোকপাত কৰা হয়। হিল্ডেগাৰ্ডেৰ কাম আছিল অতি ব্যক্তিগত আৰু ই সুন্দৰকৈ বুজাই দিছিল যে কলা আৰু নগ্নতাৰ কোনো সীমা নাই, ই যথাৰ্থতে মায়াময় আৰু শব্দৰ পৰিধিৰে বাখ্যা কৰাটো কঠিন। হিল্ডেগাৰ্ডেৰ উল্লেখযোগ্য চিত্ৰ হৈছে ‘হেণ্ডছাম ৱমেন ইন স্প্ৰিং,’ ২০১৪।
আধুনিক সময়ত নগ্ন চিত্ৰই মূলতঃ নাৰী শৰীৰক উদ্দীপ্ত কৰিছে চিত্ৰশিল্পীসকলৰ (আৰু হয়তো সমাজৰো) উত্তৰাধিকাৰী হিচাপে, লগতে ইয়াক পুৰুষৰ আকাংক্ষাৰ বস্তু হিচাপে পৰিগণিত কৰিছে। অৱশ্যে, মধ্যযুগত আৰু এতিয়াও ইয়াৰ বিৰোধিতা কৰা হৈ আহিছে কাৰণ চৰিত্ৰবোৰত মহিলাৰ শৰীৰৰ মূল্য পুৰুষৰ শৰীৰতকৈ কম আছিল, কাৰণ হিচাপে ক’ব পাৰি যে নাৰীৰ তুলনাত পুৰুষৰ শৰীৰ অধিক খেলুৱৈসুলভ আৰু পেশীবহুল৷
নাৰীৰ নগ্নতাৰ চিৰন্তন আৰু সুন্দৰ উপস্থাপনে মধ্যযুগৰপৰা পশ্চিমীয়া চিত্ৰকলাত বিশ্বৰ কিছুমান মহান শিল্পীলৈ অৱধাৰিতভাৱে প্ৰচুৰ খ্যাতি আৰু যশস্যা কঢ়িয়াই আনিছে। কেতিয়াবা ধৰ্মীয় আৰু পৱিত্ৰ, কেতিয়াবা বাধাহীন আৰু লিবাৰ্টিনৰ (যিসকলে নৈতিকতাৰ প্ৰতি গুৰুত্ব নিদি মুক্তভাৱে কামুক আনন্দত লিপ্ত হয়) শিল্পীসকলে হাজাৰ হাজাৰ উপায়েৰে নাৰী শৰীৰক নগ্নভাৱে উপস্থাপন কৰি আহিছে। যদিও প্ৰাচীন কালৰ পৰাই নগ্নতা বাস্তৱ আৰু নান্দনিক, তথাপি সময়েহে নিৰ্ণয় কৰিব নগ্নতা শিল্প হোৱাৰ যুক্তি অথবা যুক্তিহীনতা।
ঠিকনা :
বামুণীমৈদাম, গুৱাহাটী-২১