ড˚ বিৰিঞ্চি কুমাৰ দাস
জীয়াই থকাহ’লে যাৰ বয়স এতিয়া এশ পঁচিছ বছৰেই হ’লহেঁতেন, সেইগৰাকী জীৱনৰ চল্লিছটা বছৰো জীয়াই থাকিবলৈ নোপোৱা কবিয়ে এবাৰ নিজৰ দেশৰ প্ৰসংগত লিখিছিল, “স্পেইনৰ মৃত ব্যক্তি একোগৰাকী পৃথিৱীৰ আন যিকোনো ঠাইৰে মৃত ব্যক্তি একোগৰাকীতকৈ অধিক জীৱিত হয়।” আৰু নিজৰ মৃত্যুৱে যেন প্ৰমাণ কৰিছিল ফেডেৰিক’ ডেল চাগ্ৰাডো কোৰাজন ডে জেচাছ গাৰ্চিয়া (গাৰ্থিয়া!) লৰ্কা অথবা চমুকৈ ফেডেৰিক’ গাৰ্চিয়া লৰ্কা নামৰ এই স্পেইনদেশীয় কবিগৰাকীয়ে কোৱা এই কথাষাৰ, যিগৰাকী কবিৰ বিশ্বজোৰা খ্যাতি বিস্তাৰিত হৈছিল নাটক আৰু চিত্ৰকলাৰ জগতলৈকো। এইগৰাকী ব্যক্তিৰ মৃত্যুও আছিল তেওঁৰ জীৱনটোৰ দৰেই ঔৎসুক্যপূৰ্ণ, ছাঁ-পোহৰৰ বিচিত্ৰ সমাহাৰ।
সেয়া আছিল ১৯৩৬ চন। স্পেইনৰ ৰিপাব্লিকান আৰু নেশ্যনেলিষ্টসকলৰ মাজত ১৯৩৯ চনলৈকে চলা গৃহযুদ্ধ তেতিয়া আৰম্ভ হৈছে মাথোন। সেই সময়ত ৰিপাব্লিকানসকলৰ সৈতে স্পেইনৰ সমাজবাদী, সাম্যবাদী আৰু বামপন্থী মতাদৰ্শী আন সংগঠন লগ লাগি পপুলাৰ ফ্ৰণ্ট নাম লৈ গঠন কৰা দ্বিতীয় স্পেনিছ ৰিপাব্লিক চৰকাৰে স্পেইনৰ শাসনভাৰ চম্ভালি আছিল। সেইটো বছৰতে বিভিন্ন সোঁপন্থী সংগঠনৰ সৈতে যুক্ত হৈ এই চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল নেশ্যনেলিষ্টসকলে, আৰু তেওঁলোকক নেতৃত্ব দিছিল সৈন্য বাহিনীৰ জেনেৰেল ফ্ৰাঞ্চিস্কো ফ্ৰাংকোৱে। সমাজবাদী চিন্তাধাৰাৰ প্ৰতি আনুগত্য দ্বিধাহীনভাবে প্ৰকাশ কৰি অহা লৰ্কাই যে এই গৃহযুদ্ধত ৰিপাব্লিকানসকলৰ পক্ষই ল’ব সেয়া সহজেই অনুমেয় । এনে সময়তে, অৰ্থাৎ ১৯৩৬ চনৰ ১৭ জুলাইত আৰম্ভ হোৱা গৃহযুদ্ধখনৰ মাত্ৰ এমাহ পাৰ হওঁতেই ১৬ আগষ্টত ৰিপাব্লিকানসকলৰ সপক্ষে মত প্ৰকাশ কৰা লৰ্কাক নেশ্যনেলিষ্টসকলে গ্ৰেপ্তাৰ কৰে, আৰু তাৰ তিনি দিনৰ পাছত লৰ্কা নিহত হয় কোনোবা আততায়ীৰ হাতত। অকল সেয়াই নহয়, লৰ্কাৰ মৃতদেহ বা ইয়াৰ অৱশেষো সেই সময়ত বিচাৰি পোৱা হোৱা নাছিল ।
কোনে হত্যা কৰিছিল বিংশ শতিকাৰ স্পেইনৰ আটাইতকৈ শক্তিশালী কবি তথা নাট্যকাৰসকলৰ এগৰাকী হিচাপে পৰিগণিত হোৱা ফেডেৰিক’ গাৰ্চিয়া লৰ্কাক? আৰু কিয়? লৰ্কাৰ হত্যাকাৰী আৰু তেওঁৰ হত্যাৰ কাৰণ সুদীৰ্ঘকাল ধৰি এক ৰহস্যই হৈ থাকিল, আৰু এতিয়াও সম্পূৰ্ণ ওৰ নপৰা এই ৰহস্যৰ ভেদ উলিওৱাৰ যত্ন বিদ্বৎ মহলত অবিৰতভাবে চলিয়েই থাকিল । সেই সময়ত স্পেইনত চলি থকা অৱস্থাৰ পৰিপ্ৰেক্ষিতত এই কথাটোত প্ৰায় সকলোৱে একমত হৈছে যে নেশ্যনেলিষ্টসকলৰ হাতত বন্দী অৱস্থাত হোৱা লৰ্কাৰ হত্যাত সন্দেহাতীতভাৱে নেশ্যনেলিষ্টসকলৰেই হাত আছে। কিন্তু কিয় তেওঁলোকে লৰ্কাক হত্যা কৰিলে সেই কথাটোক লৈ পিছে বিভিন্ন ধাৰণা প্ৰচলিত হৈ আছে । কোনোবাই কৈছে ৰিপাব্লিকানৰ সমৰ্থক, সমাজবাদী তথা উদাৰপন্থী ফেডেৰিক’ গাৰ্চিয়া লৰ্কাক স্বাভাৱিকতেই নেশ্যনেলিষ্টসকলে তেওঁলোকৰ পথৰ কণ্টক হিচাপে বিবেচনা কৰি আঁতৰাই দিছে। বামপন্থী পপুলাৰ ফ্ৰণ্ট চৰকাৰৰ সমৰ্থকসকলক বৃহৎ সংখ্যাত নিঃশেষ কৰিবলৈ ফ্ৰাংকোৱে কৰা আঁচনিৰ অংশ হিচাপে লৰ্কাক বন্দী আৰু হত্যা কৰা হ’ল বুলিয়েই বহুতে ক’ব খোজে। সেই সময়ত স্পেইনৰ সহস্ৰাধিক লোক নিৰুদ্দিষ্ট হৈ পৰাটো এই প্ৰসংগত উল্লেখনীয়। আকৌ আন কিছুমানৰ মতে লৰ্কাক নেশ্যনেলিষ্টসকলেই হত্যা কৰাটো হয়, কিন্তু এই হত্যাৰ আঁৰৰ কাৰণটো হৈছে লৰ্কাৰ ‘ব’হেমিয়ান’ জীৱন-পদ্ধতি, তেওঁৰ সমাজবাদী চিন্তাৰ লগতে সমকামী যৌন জীৱন, যি আছিল নেশ্যনেলিষ্ট ৰক্ষণশীল তথা পৰম্পৰাবাদীসকলৰ বাবে এক সম্পূৰ্ণৰূপে নিষিদ্ধ বিষয়, তেওঁলোকৰ আদৰ্শগত অৱস্থানৰ পৰিপন্থী কাৰ্য। একবিংশ শতিকাৰ আৰম্ভণিতে গ্ৰেনেডা নগৰৰ এগৰাকী ইতিহাসবিদ মিগুৱেল কাবালেৰো পেৰেজে ‘দ্য লাষ্ট থাৰ্টিন আৱাৰ্ছ অৱ গাৰ্চিয়া লৰ্কা’ নামৰ গ্ৰন্থ এখন ৰচনা কৰি দাবী কৰিছিল যে তেওঁ লৰ্কা আৰু আন তিনিগৰাকী বন্দীক হত্যা কৰাৰ বাবে ফ্ৰাংকোৰ বাহিনীয়ে গঠন কৰা পাঁচজনীয়া ফায়াৰিং স্কোৱাডৰ বিষয়ে জানিব পৰাই নহয়, আনকি লৰ্কাক সমাধিস্থ কৰা কবৰটোৰ সন্ধানো তেওঁ পাইছে। পেৰেজৰ মতে লৰ্কাৰ হত্যাৰ মূলতে হৈছে সেই সময়ত লৰ্কাৰ জন্মস্থান গ্ৰেনেডাৰ আটাইতকৈ ধনী আৰু প্ৰতিপত্তিশালী পৰিয়ালসমূহৰ মাজত ৰাজনৈতিক আৰু ব্যৱসায়িক কৰ্তৃত্বক লৈ চলা অঁৰিয়াঅঁৰি, আৰু এই পৰিয়ালসমূহৰ মাজত আছিল লৰ্কাৰ ভূ-স্বামী পিতৃৰ পৰিয়ালটোও।
আঁৰত যি কাৰণেই নাথাকক
কিয়, সমসাময়িক
স্পেইনৰ আটাইতকৈ জনপ্ৰিয় কবি তথা নাট্যকাৰসকলৰ এগৰাকীক এনেদৰে হত্যা কৰা কথাটো
ফ্ৰাংকো তথা নেশ্যনেলিষ্ট শক্তিৰ কাৰণে অৱশ্যেই সুবিধাজনক কথা হৈ থকা নাছিল। যদিও
লৰ্কাৰ হত্যাৰ তিনি বছৰৰ পাছত সমাপ্ত হোৱা গৃহযুদ্ধৰ পৰিণতি আছিল ৰিপাব্লিকানসকলৰ
শোচনীয় পৰাজয় আৰু ফ্ৰাংকোৰ নেতৃত্বত নেশ্যনেলিষ্টসকলৰদ্বাৰা স্পেইনৰ শাসন ক্ষমতা
দখল, আৰু যদিও ফ্ৰাংকোৰ কঠোৰ
শাসনকালত লৰ্কাৰ অপ্ৰকাশিত লেখাসমূহৰ মৰণোত্তৰ প্ৰকাশ বৰ সহজ নাছিল (তেওঁৰ বহু লেখা জীৱিত কালত প্ৰকাশ হোৱা নাছিল),
তথাপি এটা মুক্ত কণ্ঠক শাৰীৰিকভাৱে নিঃশেষ কৰাটো স্বেচ্ছাচাৰী
শাসকৰ বাবে বৰ ভাল কথা হৈ ৰোৱা নাছিল, আৰু ইতিহাসে সময়ত
দেখুৱাই দিছিল যে মানুহৰ স্বতন্ত্ৰতাবোধক সদায় দমন কৰি ৰাখিব নোৱাৰি। লৰ্কাই নিজে
কোৱাৰ দৰে মৃত লৰ্কা সঁচাকৈয়ে বহু বেছি পৰিমাণে জীৱিত হৈহে যেন উঠিছিল উল্লেখনীয় যে নেশ্যনেলিষ্টসকলৰ হাতত নিজৰ একেবাৰে নিকট বহু কেইগৰাকী লোক ইতিমধ্যে নিহত হোৱাৰ বিষয়ে
জানিব পাৰি বন্ধু, কবি লুই ৰোজালেছৰ ঘৰত আত্মগোপন কৰি থকা
লৰ্কাক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা
ৰামন ৰুইজ এলোঞ্চোৱে মন্তব্য কৰিছিল, “আন মানুহে বন্দুকেৰে
যিমান ক্ষতি কৰিব পাৰে, তাতকৈ বহু বেছি ক্ষতি এই মানুহজনে
কলমেৰে কৰিছে।” গাৰ্চিয়া লৰ্কাই নেশ্যনেলিষ্টসকলৰ ৰোষত
পৰিবলগীয়া হৈছিল কিয় তাৰ প্ৰকৃত ব্যাখ্যা এই কথাখিনিয়েই ভালকৈ দিবলৈ সক্ষম হৈছে।
সততে পৰম্পৰা আৰু ৰক্ষণশীলতাৰ বিপৰীতে অৱস্থান কৰা লৰ্কা সঁচাকৈয়ে এক মুক্ত কণ্ঠই আছিল; আনকি সাহিত্যতো নিজকে এক স্বতন্তৰীয়া সত্তা হিচাপে প্ৰতিষ্ঠা কৰি প্ৰচলিত সকলো কৰ্তৃত্বশীল প্ৰতিষ্ঠানমুখিতাৰ বিপক্ষে স্থিতি লৈছিল তেওঁ, আৰু এয়া আছিল সাহিত্য তথা চিন্তাৰ জগতৰ বুৰ্জোৱা স্থিতাৱস্থাকামী মনোভাৱৰ প্ৰতি তেওঁৰ শক্তিশালী প্ৰত্যাহ্বান। ১৮৯৮ চনৰ ৫ জুনত জন্ম গ্ৰহণ কৰা স্পেইনৰ এই মুক্ত কণ্ঠটোৱে সাহিত্যিক জীৱনৰ আৰম্ভণিতে ৰুবেন ডাৰিঅ’ (নিকাৰাগুৱা), জোচে মাৰ্টি (কিউবা) আদি লেখকে সূচনা কৰা ‘মডাৰ্নিজমো’ ধাৰাক অনুসৰণ কৰিছিল। কিন্তু সাহিত্য জগতত আৰম্ভণিটো লৰ্কাৰ বাবে বৰ সুবিধাজনক আছিল বুলি ক’ব নোৱাৰি। বিছ বছৰ বয়সত লৰ্কাই জীৱনৰ প্ৰথমখন গ্ৰন্থ, স্পেইনৰ বিভিন্ন স্থানত তেওঁ কৰা ভ্ৰমণৰ ভাৱপ্ৰৱণতাপূৰ্ণ বিৱৰণ ‘ইমপ্ৰেশ্যনছ এণ্ড লেণ্ডস্কেপছ’ প্ৰকাশ কৰি উলিয়াইছিল; কিন্তু গ্ৰন্থখনে পঢ়ুৱৈৰ সমাদৰ লাভ কৰা নাছিল। ১৯১৯ চনত বিশ্ববিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিবলৈ মাদ্ৰিদলৈ যোৱা লৰ্কাৰ ঘনিষ্ঠতা গঢ়ি উঠিছিল চ্যুৰিয়েলিষ্ট ধাৰাৰ দুই অগ্ৰণী শিল্পী চিত্ৰনিৰ্মাতা লুই বুনুৱেল আৰু চিত্ৰশিল্পী ছালভাড’ৰ ডালিৰ সৈতে, আৰু লৰ্কাৰ সৃষ্টিশীলতাৰ যাত্ৰাপথত এই দুই ব্যক্তিৰ সৈতে ঘনিষ্ঠতা এক গুৰুত্বপূৰ্ণ ঘটনা বুলি অভিহিত কৰিব পাৰি। উল্লেখনীয় যে সমকামী লৰ্কাই পাছলৈ ডালিৰ সৈতে সমকামী সম্পৰ্কও গঢ়ি তুলিব বিচাৰিছিল যদিও ডালি এই ক্ষেত্ৰত আগ্ৰহী নাছিল বুলি জনা যায়। সেই সময়তে তেওঁ সংস্পৰ্শলৈ আহে আন বহুতো সাহিত্যিকৰ, যাৰ ভিতৰত এগৰাকী আছিল কবি, নাট্যকাৰ তথা মাদ্ৰিদৰ ‘টিয়েট্ৰো এশ্লাভা’ নামৰ থিয়েটাৰ কোম্পানীটোৰ সঞ্চালক গ্ৰেগ’ৰিঅ’ মাৰ্টিনেজ চিয়েৰা। এৱেঁই ১৯১৯ চনত লৰ্কাক তেওঁৰ প্ৰথমখন নাটক ‘দ্য বাটাৰফ্লাইজ ইভল স্পেল’ ৰচনা কৰিবলৈ আৰু পাছৰ বছৰত ইয়াক মঞ্চস্থ কৰিবলৈ উৎসাহিত কৰে। কিছু পৰিমাণে চ্যুৰিয়েলিষ্ট চিন্তাধাৰা বহন কৰা এই কাব্য নাটকখনৰ মূল কাহিনীটো হৈছে এটা পঁইতাচোৰা আৰু এজনী মৌমাখিৰ মাজৰ প্ৰেম আৰু নাটকখনৰ আন চৰিত্ৰসমূহো আন আন কেতবোৰ একে ধৰণৰ প্ৰাণী। পিছে নাটকখনৰ প্ৰতি দৰ্শকে এনেদৰে অনাগ্ৰহ দেখুৱালে যে মাত্ৰ চাৰিটা প্ৰদৰ্শনীৰ পাছতে ইয়াক মঞ্চৰপৰা আঁতৰাই পঠিওৱা হ’ল। ১৯২১ চনত লৰ্কাৰ প্ৰথমখন কবিতা সংকলন ‘বুক অৱ পয়েমছ’ প্ৰকাশিত হয়; ১৯১৮ চনত ৰচিত কেতবোৰ কবিতা সন্নিৱিষ্ট কৰা এই সংকলনখনত লৰ্কাই স্পেইনদেশীয় লোককথাক বিশেষ প্ৰাধান্য দিছিল। তেওঁৰ প্ৰথমখন গ্ৰন্থৰ দৰেই এই সংকলনখনেও পঢ়ুৱৈৰপৰা বৰ বিশেষ সঁহাৰি নোপোৱাকৈ থাকি গৈছিল।
লৰ্কাৰ সৃষ্টিশীলতাৰ যাত্ৰা আচল সমুজ্জ্বল হৈ উঠিছিল তেওঁ স্পেইনৰ ‘জেনেৰেশ্যন অৱ ‘২৭’ নামৰ সাহিত্যিক গোটটোৰ সৈতে জড়িত হোৱা আৰু নিজকে এগৰাকী ‘আভাঁ গাৰ্ড’ সাহিত্যিক হিচাপে দাঙি ধৰিবলৈ লোৱাৰপৰাহে। ‘জেনেৰেশ্যন অৱ ‘২৭’ আছিল ১৯২৩ চনৰপৰা ১৯২৭ চনলৈ স্পেইনত সক্ৰিয় হৈ থকা এটা সাহিত্যিক গোট, যাৰ বিশেষত্ব আছিল এয়ে যে এই গোটৰ অন্তৰ্ভুক্ত সাহিত্যিকসকলে কিউবিজম, ফিউচাৰিজম, ছ্যুৰিয়েলিজম ইত্যাদি সমকালীন ইউৰোপীয় সাহিত্যৰ সম্পৰীক্ষামূলক ধাৰাসমূহৰ জৰিয়তে স্পেইনদেশীয় সাহিত্যত নতুনত্বৰ আগমন ঘটোৱাৰ লগতে সেই দেশৰ পৰম্পৰাগত সাহিত্যিক প্ৰমূল্যসমূহত পুনৰ প্ৰাণৰ সঞ্চাৰ কৰিছিল। কলা আৰু কলাকাৰৰ স্বাধীনতা এইসকল লেখকৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয় আছিল। ছ্যুৰিয়েলিষ্ট দৃষ্টিভংগীৰ সৈতে লৰ্কাৰ অধিক ঘনিষ্ঠ সংযোগ এই গোটটোৰ মাজেৰেই আহি পৰিছিল।
’জেনেৰেশ্যন অৱ ‘২৭’-অৰ সৈতে ঘনিষ্ঠতাৰ মাধ্যমেৰে স্পেইনদেশীয় ‘আভাঁ-গাৰ্ড’ কলাৰ জগৎখনৰ সৈতে গঢ়ি উঠা তেওঁৰ ক্ৰমবৰ্ধমান সংশ্ৰৱ আৰম্ভ হোৱাৰ সময়তে লৰ্কাৰ দ্বিতীয়খন নাটক ‘মেৰিয়ানা পিনেডা’ (যাক তেওঁ এটা সময়ত নিজৰ প্ৰথম নাটক বুলিহে দাবী কৰিবলৈ লৈছিল) মঞ্চস্থ হয় ১৯২৭ চনত, আৰু এই নাটকখনৰ ছেটিংছৰ কাম কৰিছিল ছালভাড’ৰ ডালিয়ে। একে বছৰতে লৰ্কাই ১৯২১ চনৰপৰা ১৯২৩ চনৰ ভিতৰত ৰচিত কিছু কবিতা একগোট কৰি তেওঁৰ দ্বিতীয়খন কবিতা সংকলন ‘ছংছ’ প্ৰকাশ কৰি উলিয়ায়। এই কবিতাসমূহৰ মূল বৈশিষ্ট্য আছিল স্পেইনৰ গ্ৰাম্যাঞ্চলত প্ৰচলিত লোকগাথাক আধাৰ হিচাপে লোৱাটো। ১৯২৮ চনত প্ৰকাশিত হয় তেওঁৰ এখন বাৰুকৈয়ে প্ৰশংসিত কবিতা সংকলন ‘জিপচী বেলাডছ’, য’ত পুনৰ তেওঁ স্পেইনৰ প্ৰচলিত লোকগাথাৰ আৰ্হি, স্পেইনৰ আন্দালুচিয়া অঞ্চলত প্ৰচলিত ফ্লেমেংকো সাংস্কৃতিক ধাৰা আৰু ইয়াৰ অন্তৰ্গত’ কেণ্টে হ’ণ্ড’ (‘ডীপ চং’) নামৰ সুৰ শৈলী, আৰু জিপচী সংস্কৃতিক এক আধুনিক কাব্যিক মননশীলতাৰে ব্যৱহাৰ কৰিছিল।
‘জেনেৰেশ্যন অৱ ‘২৭’ গোটৰ সৈতে যুক্ত হৈ থাকিলেও গাৰ্চিয়া লৰ্কাই তেওঁৰ সাহিত্যকৰ্মক নিৰ্দিষ্ট একোটা ধাৰাৰ মাজত সীমাৱদ্ধ কৰি ৰখা নাছিল (আচলতে ‘জেনেৰেশ্যন অৱ ‘২৭’ এটা সুনিৰ্দিষ্ট ধাৰা নহয়, বৰং বিভিন্ন ধাৰাৰ সমষ্টি); তাৰ পৰিৱৰ্তে তেওঁৰ সৃষ্টিশীলতাই বিভিন্ন সাহিত্যিক ধাৰাক আঁকোৱালি লৈছিল। কেতিয়াবা তেওঁৰ একোটা সাহিত্যকৰ্মতে বিভিন্ন ধাৰা একত্ৰিত হৈ পৰিছিল। পূৰ্বতে গ্ৰাম্য জীৱন আৰু লোকসাহিত্যৰ ওপৰত ভিত্তি কৰি কবিতা লিখা লৰ্কাই আমেৰিকাত থকা সময়ছোৱাত ৰচনা কৰা আৰু মৰণোত্তৰভাবে প্ৰকাশিত হোৱা ‘পয়েট অৱ নিউ ইয়ৰ্ক’ সংকলনৰ কবিতাসমূহত সম্পূৰ্ণ বেলেগ ৰূপত আত্মপ্ৰকাশ কৰিছে। ইয়াত তেওঁ নিঃসংগতা আৰু বিচ্ছিন্নতাকে ধৰি নগৰীয়া পুঁজিবাদী সভ্যতাৰ নেতিবাচক দিশবোৰৰ উন্মোচন ঘটাইছে। ‘ৰুৰেল ত্ৰিল’জী’ বুলি অভিহিত লৰ্কাৰ তিনিখন নাটক ‘ব্লাড ওৱেডিং’, ‘য়েৰ্মা’ আৰু ‘দ্য হাউছ অৱ বাৰ্নাৰ্ডা এল্বা’ত তথাকথিত বুৰ্জোৱা সমাজ ব্যৱস্থাই গ্ৰহণ কৰিব নোখোজা বিষয়ৰ প্ৰতি লৰ্কাৰ আগ্ৰহ প্ৰকাশিত হৈছে। উল্লেখনীয় যে ‘দ্য হাউছ অৱ বাৰ্নাৰ্ডা এল্বা’ নাটকখনৰ কাহিনীৰ আধাৰত ভাৰতীয় চলচ্চিত্ৰ পৰিচালক গোৱিন্দ নিহালানীয়ে ১৯৯১ চনত ‘ৰুক্মৱতী কী হাৱেলী’ নামৰ হিন্দী চলচ্চিত্ৰখন নিৰ্মাণ কৰিছিল।
সাহিত্যতেই হওক, সমাজতেই হওক, ফেডেৰিক’ গাৰ্চিয়া লৰ্কা আছিল স্থিতাৱস্থাকামী চিন্তাধাৰাৰ বিৰোধী; নতুন দৃষ্টিভংগীৰ সৈতে পৰম্পৰাৰ প্ৰগতিশীল সমলবোৰক যুক্ত কৰি এক স্বকীয় সাহিত্যিক ধাৰাৰ নিৰ্মাণৰ প্ৰয়াস সেয়ে তেওঁৰ সাহিত্যকৃতিৰ মাজত দেখা যায়। স্পেইনদেশীয় সাহিত্যত সেই সময়ত প্ৰতিপত্তিশালী হৈ থকা চৌখিন বাস্তৱবাদৰ বিপৰীতে তেওঁ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল সাধাৰণ মানুহৰ তথাকথিত অপৰিচ্ছন্ন জীৱনবোধেৰে সম্পৃক্ত এক নব্য বাস্তৱবাদ, য’ত স্বপ্ন আৰু বাস্তৱতা মিলিত হৈ পৰে। এফালে তেওঁৰ সাহিত্যই ছ্যুৰিয়েলিজম, প্ৰতীকবাদ আদি ধাৰাৰ সমলেৰে ধ্ৰুপদী, ‘আভাঁ-গাৰ্ড’ বৈশিষ্ট্য বহন কৰি আছিল, আনফালে ই লোককলা, জনপ্ৰিয় সংগীত আৰু স্পেইনদেশীয় গ্ৰাম্য সমাজৰ জীৱনধাৰাৰো প্ৰকাশক আছিল। মানৱ জীৱনৰ কাৰুণ্যবোধ, মৃত্যু, আকাংক্ষা, হতাশাগ্ৰস্ত যৌন জীৱন, সৌন্দৰ্যবোধ, আত্ম পৰিচয়, বিচ্ছিন্নতা আৰু নিঃসংগতা আদিক তুলি ধৰাৰ মাজেৰে মানৱতাৰ গভীৰলৈ প্ৰৱেশৰ প্ৰয়াস তেওঁৰ সাহিত্যৰ এটা গুৰুত্বপূৰ্ণ দিশ।
সামৰণিত লৰ্কাৰ ‘Before
the Dawn’ কবিতাটো অসমীয়ালৈ অনুবাদ কৰি আগ বঢ়ালোঁ ।
দোকমোকালিৰ আগতে
কিন্তু প্ৰেমৰ দৰেই
তীৰন্দাজসকলো
অন্ধ
সেউজীয়া নিশাত
তীক্ষ্ণ তীৰবোৰে
এৰি যায়
উষ্ণ লিলিফুলৰ
চিহ্ন
ৰক্তনীলবৰ্ণা মেঘ ফালি
জোনৰ নাওখন আগ বাঢ়ে
আৰু তূণবোৰ
নিয়ৰেৰে ভৰি উঠে
হয়, কিন্তু প্ৰেমৰ দৰেই
তীৰন্দাজসকলো
অন্ধ!
(লেখাটোত লৰ্কাৰ গ্ৰন্থসমূহৰ নাম মূলৰ পৰিৱৰ্তে ইংৰাজী
অনুবাদৰপৰা লোৱা হৈছে।)
***
ঠিকনা :
অধ্যক্ষ, বৰপেটা ছোৱালী
মহাবিদ্যালয়
বৰপেটা - ৭৮১৩০১
মোবাইল নং -
৭০০২১৪৩৩২৫