অন্যযুগ/


পুনঃপঠিতব্য

ফেডেৰিকো গাৰ্থিয়া লৰকা :

তেওঁৰ জীৱন, কবিতা আৰু অনুবাদ সম্পৰ্কে এটি টোকা

নীলমণি ফুকন

 

সেইদিনা আছিল দেওবাৰ, ঠিক ৰাতি নটা, তেওঁ ওলাই গল আৰু নুঘূৰিল। কিন্তু তেওঁৰ হাতত আছিল ৰামধেনু । আৰু সেই ৰামধেনু হল তেজ৷

এই শতিকাৰ স্পেনীছ কবিসকলৰ ভিতৰত সবাতোকৈ স্নেহধন্য, স্পেইনৰ প্ৰাণৰ কবি, চিৰকালৰ এজন শ্ৰেষ্ঠ স্পেনীছ কবি, গাৰ্থিয়া লৰকাক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰা হৈছিল। শুনা যায়, বধ্যভূমিলৈ তেওঁক চোঁচোৰাই নিয়া হৈছিল। কি এজন কবিক, কেনেকৈ হত্যা কৰা হৈছিল, ভাবিব নোৱাৰি। কি মৰ্মঘাতী আঘাত, কি মৰ্মন্তুদ সেই দৃশ্য! লাৱণ্য আৰু নিৰ্মলতাৰ এটি শিশু! পাবলো নেৰুডাৰ ভাষাত উৰন্ত হৃদয়, এটি ফটিক-প্রপাত।

মাড্রিডৰপৰা ওপজা ঠাই গ্ৰানাডালৈ আহোতে ফেচিষ্টহঁতৰ হাতত জীৱন বিপন্ন হব পাৰে বুলি আশংকা কৰি তেওঁক তেওঁৰ দূৰদৰ্শী এজন বন্ধুৱে বিদেশলৈ গুচি যাবলৈ পৰামৰ্শ দিছিল। তেওঁ নগল। বন্ধুৰ পৰামৰ্শৰ উত্তৰত শিশুসুলভ সৰলতা, নিৰ্ভয়তাৰে লৰকাই কৈছিল : মই এজন কবি, কবিক সিহঁতে হত্যা নকৰে।কিন্তু স্পেনীছ গৃহ-যুদ্ধৰ তেৱেঁই হল প্রথম বলি, প্ৰথম শ্বহীদ। গ্ৰানাডাৰ ফুএ'ণ্টেই গ্ৰাডেইৰ মৌন প্ৰান্তৰৰ এজোপা বুঢ়া জলফাই গছৰ আশে-পাশে কৰবাত তেওঁক কবৰ দিয়া হৈছিল বুলি আজিও স্পেইন আৰু পৃথিৱীৰ হাজাৰ-হাজাৰ কাব্য-প্ৰেমী লোক তালৈ যায়।

মানুহক তেওঁ ভাল পাইছিল, মানুহে তেওঁক ভাল পোৱাটো বিচাৰিছিল। আৰু সেই কাৰণে তেওঁ কবিতা লিখিছিল। আল্‌ফ্রেডমাৰিঅপেৰেইৰনামৰ এজন বন্ধুক তেওঁ কৈছিল :

মই কবিতা লিখোঁ, কাৰণ মানুহে মোক ভাল পোৱাটো বিচাৰোঁ। 

কেৱল এই মৰমৰ কাৰণেই নাটক লিখিছোঁ, কবিতা লিখিছোঁ

আৰু মই লিখি থাকিম, কাৰণ মই প্রত্যেকৰে মৰম বিচাৰোঁ

প্ৰথম আৰু প্ৰধানতঃ সেইকাৰণেই তেওঁক হত্যা কৰা হৈছিল। তেওঁৰ কিতাপবোৰো পুৰি পেলাইছিল। সাধাৰণ চহা কৃষক-বনুৱায়ো তেওঁৰ কবিতা জানিছিল। বুজিছিল নে বুজা নাছিল, সেইটো কথা নহয়; ভাল পাইছিল, শুনি আনন্দ পাইছিল, হৃদয়ত লৈ ফুৰিছিল। ভাল পোৱাটোহে প্রথম আৰু প্ৰধান কথা। কিন্তু লৰকাৰ কবিতা তথাকথিত সৰল কবিতা নহয়, কঠিন৷ লোকগাথাৰপৰা তেওঁ উপকৰণ আৰু আংগিকহে লৈছিল, কিন্তু লিখিছিল যথাৰ্থ আধুনিক বোধ-অনুভূতিৰ কবিতা, আধুনিক মানুহৰ বাবে।

কবিতা সামাজিক বস্তু। বিশেষকৈ সেই সময়ৰ স্পেইনৰ গ্রানাডাৰ সমাজ জীৱন, সাংস্কৃতিক জীৱনৰ লগত কবিতাৰ সম্পৰ্ক আছিল হৃদয়ৰ, দিঠকৰ।

আজিৰপৰা তিনিকুৰি বছৰৰ আগৰ কথা। বৰ্ষাৰ পুৱতি নিশাৰ গ্রানাডা। আন্ধাৰ বাগিচা। বাগিচা লোকে লোকাৰণ্য। কি? গান আৰু কবিতা৷ গান, মাজে-মাজে কবিতা। স্পেইনত সংগীতৰ লগতে সংগীতৰ দৰেই পৰিৱেশিত হৈছিল কবিতা। উল্লেখযোগ্য, লৰকাই আবৃত্তি কৰি ভাল পাইছিল। এঠাইত তেওঁ কৈছিলকবিতাই এজন দোভাষী বিচাৰে, এটা জীৱন্ত শৰীৰ।

সঁচাকৈয়ে লৰকা আছিল এটা শক্তি। কেৱল সাংস্কৃতিক শক্তিয়েই নহয়, সামাজিকো। স্মৰ্তব্য যে তেওঁ আছিল এজন নাট্যকাৰ আৰু নাট-পৰিচালকো ৷ লৰকাৰ নিউইয়ৰ্ক কাব্যগুচ্ছ আৰু মৃত্যুৰ কেইদিনমানৰ আগতে লিখি সম্পূৰ্ণ কৰা গদ্য নাটক হাউছ অভ্‌ বেৰ্ণাডা আলবাত সামাজিক অভিযোগৰ সুৰো শুনা যায়।

কোনো-কোনোৱে কয় লৰকাৰ এই শোকাৱহ মৃত্যুৱেই তেওঁৰ আকস্মিক জগৎজোৰা খ্যাতিৰ মূল। কথাটো সম্পূৰ্ণ সঁচা নহয়। সঁচা, প্ৰথম অৱস্থাত কবিৰ মৃত্যুৱেই দেশ আৰু বিদেশত খলকনি তুলিছিল বেছি, কিন্তু সেই খলকনি কেতিয়াবাই মাৰ গল। সম্ভৱতঃ আজিও স্পেইনৰ আটাইতকৈ আন্তৰ্জাতিক খ্যাতিসম্পন্ন কবি লৰকা দেশহীন কালহীন মানুহৰেই এটি সুমথিৰা বৰণীয়া কণ্ঠস্বৰ৷

মৃত্যু যে তেওঁৰ আসন্ন সেই কথা যেন তেওঁ আগতীয়াকৈ জানিছিল। স্পেনীছ গৃহযুদ্ধ আৰম্ভ হোৱাৰ তিনি মাহৰ আগত লৰকাই তেওঁৰ কবি বন্ধ পাবলো নেৰুডাক এটা ভয়ংকৰ অভিজ্ঞতাৰ কথা কৈছিল। ভ্ৰাম্যমাণ থিয়েটাৰৰ দল এটাৰ লগত ঘূৰি ফুৰোঁতে এদিন নিচেই দোকমোকালিতে এডোখৰ নিৰ্জন ঠাইত ঘটনাটো ঘটিছিল। গাহৰি এটাই তেওঁৰ চকুৰ আগতে ভেড়াপোৱালি এটা ফালি ছিৰাছিৰ কৰি খাই পেলাইছিল। সেই ৰক্তাক্ত দৃশ্য দেখাৰ পিছতেই তাত এখন্তেকো তেওঁ ৰোৱা নাছিল।

লৰকাৰ ভালেমান কবিতাত তেওঁৰ মৃত্যুৰ আগ-জাননী আছে। হয়তো তেওঁৰ অন্তৰাত্মাই তেওঁৰ অজ্ঞাতেই সেই শীতল কলা গোন্ধটো পাইছিল। আচৰিত কথা, লৰকা জীৱিত অৱস্থাতে প্রকাশিত নেৰুডাৰ ওড টু ফ্ৰেডাৰিকো গাৰ্থিয়া লৰকাতো তাৰ ইংগিত আছে।

… ... ...

কাৰণ মৃত্যুৰ নদীৰ সম্মুখত তুমি উচুপা

অকলশৰীয়া হৈ, ক্ষত-বিক্ষত হৈ

… ... ... 

গ্ৰানাদাৰ ওচৰৰ ফুএণ্টেই ভাকেৰছ নামৰ এখন সৰু গাঁৱত লৰকাৰ জন্ম (জুন, ১৮৯৯) হয়৷ দুটা লৰা, দুজনী ছোৱালীৰ মাজত তেৱেঁই ডাঙৰ৷ মাক-দেউতাকৰ পৰিচয় দি তেওঁ এবাৰ এজনক কৈছিল : “মোৰ দেউতা এজন খেতিয়ক, এজন চহকী মানুহ, আৰু এজন ভাল ঘোঁৰা-চোৱাৰী আৰু মোৰ আই এগৰাকী সম্ভ্ৰান্ত ঘৰৰ জীয়ৰী৷ৰোগজনিত কাৰণত তিনি বছৰ বয়সলৈকে তেওঁৰ মাত ফুটা নাছিল, চাৰি বছৰলৈকে খোজ কাঢ়িব নোৱাৰিছিল। কিন্তু চকু আৰু কাণেৰেঅৰ্থাৎ কল্পনা আৰু উপলব্ধিৰে এই শাৰীৰিক প্রতিবন্ধকতা তেওঁ অতিক্ৰম কৰিছিল। মাক স্কুলৰ শিক্ষয়িত্ৰী আছিল। আৰু পৰিয়ালটোৰ প্রতিজনৰে আছিল কবিতাৰ প্রতি আন্তৰিক প্ৰীতি আৰু অসীম শ্ৰদ্ধা।

আন্দালুছিয়াৰ ৰৌদ্ৰস্নাত প্ৰকৃতি, নৈসৰ্গিক শোভা, গাঁও, নগৰ, ঘাঁহনি পথাৰ, জলফাইৰ হাবি, গিৰ্জা, গম্বুজ, নদ-নদী, চৰাইখানা, কমাৰশাল, অঘৰী জীৱন আৰু অঘৰী নৃত্য-গীত-মাতৰ প্রাণময় অতুল বৈভৱৰ মাজত জন্ম আৰু লালিত হৈছিল লৰকাৰ কবি-মানস আৰু সৃজনশীল ব্যক্তিত্ব। মন কৰিবলগীয়া কথা, আধুনিক স্পেনীছ সাহিত্যৰ আন দুজন বিশ্ববৰেণ্য কবি আৰু লৰকাৰ অগ্ৰজ– হোৱান ৰামোন হিমেনেৎ আৰু ৰাফায়েল আলবেৰ্তি এই আন্দালুছিয়াৰপৰাই ওলাইছিল। হিমেনেতৰ কবিতাৰ এটা প্রধান বিষয়-বস্তুৱেই হল আন্দালুছিয়াৰ বাগিচা৷ গ্রানাডা, ছেবিলেই, কৰদোবা, ছণ্টিয়াগো সমগ্ৰ আন্দালুছিয়া তথা স্পেনীছ লোকসংস্কৃতি, উপেক্ষিত আৰু নিৰ্যাতিত অঘৰী জীৱনৰ দুখ-দাৰিদ্ৰ্য, হাঁহি-চকুলো, প্ৰেম-বিৰহ, আশা-নিৰাশা, বিশেষকৈ পৃথিৱীৰ অন্যত্ৰ আপুৰুগীয়া জীৱন্ত লোকসংস্কৃতিৰ লগত গঢ়ি উঠা হৃদ্যতাই অসাধাৰণ গীতিধৰ্মী শক্তিৰ অধিকাৰী এই কবিৰ বৈচিত্ৰ্যময় জীৱন আৰু সৃষ্টিৰ আধাৰ৷ তেওঁৰ প্ৰথম কাব্য-সংকলনৰ দ্য বেলাড অৱ দ্য লিট্‌ল স্কোয়াৰনামৰ কবিতাত কবিকুলৰ পথ তোমাক কোনে দেখুৱাই দিলেবুলি সোধা লৰা-ছোৱালীৰ এটা প্রশ্নৰ উত্তৰত কবিয়ে কৈছিল :

নৈ নিজৰা আৰু প্ৰাচীন গাথাই …”

প্রসংগতঃ গুইলেৰ্মডে টৰেইৰ এষাৰ কথাৰ অনুকৰণ কৰি কব পাৰি : সেই গানবোৰ তেওঁ গাইছিল, সিহঁতৰ সপোন দেখিছিল, সিহঁতক ৰূপান্তৰিত কৰিছিল। আন্দালুছিয়াৰ সাধাৰণ চহাজনৰ ভাষাতে আছিল জীৱন্ত কবিতা; যাৰ ভাষা আৰু প্রকাশ-ভংগী পুৰণি হৈও অৰ্বাচীন, অনিৰ্বচনীয়। আন্দালুছিয়াৰ অঘৰীসকলৰপৰা লৰকাই দুটা বিশেষ গুৰুত্বপূৰ্ণ বস্তু পাইছিল বুলি চি. এম. বাওৰাই কৈছে, ‘প্রাথমিক এক শক্তিআৰু মাটিৰ লগত আত্মীয়তা। সমসাময়িক যুৰোপৰ কাব্য-প্রবাহৰপৰা আঁতৰত থাকিয়েই তেওঁ গঢ়ি তুলিছিল তেওঁৰ কাব্য-জগৎ, তাৰ আদৰ্শ আৰু ৰূপ। আঁতৰত আছিল যদিও বহিঃজগতৰপৰা একেবাৰে বিচ্ছিন্ন হৈ থকা নাছিল। বতাহতে উশাহতে বহিঃজগতৰ প্রয়োজনীয়খিনিক তেওঁ পাইছিল। যদিও ৰেছিডেনথিআত তেওঁ কেইবাবছৰো আছিল, য়ুৰোপৰ কেইবাগৰাকীও মনস্বী ব্যক্তি, কবি দাৰ্শনিকক লগ পাইছিল, কোনো কোনোৰ বক্তৃতাও শুনিছিল৷ জিৰাল্ড ব্ৰেনানে ঠিকেই কৈছে, স্পেইনৰ লোকগীত-মাত-নৃত্যৰ জীৱন্ত পৰম্পৰাই আধুনিক স্পেনীছ কবিতাৰ ওপৰত বিস্তাৰ কৰা প্ৰভাৱে স্পেনীছ কবিতাক পৃথিৱীৰ আন-অন দেশৰ কবিতাৰপৰা সুকীয়া কৰি ৰাখিছে৷

স্কুলীয়া শিক্ষা সাং কৰি তেওঁ প্ৰথমতে গ্ৰানাডা বিশ্ববিদ্যালয়ত আৰু পিছত মাড্ৰিড বিশ্ববিদ্যালয়ত ভৰ্তি হয়৷ বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত তেওঁৰ মন নাছিল৷ তেওঁ মনোনিৱেশ কৰিছিল গ্ৰীক নাটকত, শ্বেক্সপীয়েৰত, ভিক্টৰ উগোত, মিগুৱেল দ উনামুনোত, ৰুবেন দাৰিওত, আন্তনিও মাকাদোত, হোৱান ৰামোন হিমেনতত আৰু পিয়ানোত৷ সেই বয়সতে তেওঁ পিয়ানোত অসাধাৰণ দক্ষতাৰে বেভেন বজাইছিল৷

গানাডা বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে অধ্যাপক ফাৰ্নাণ্ডো দে লচ ৰিয়চৰ লগত আৰু মাড্ৰিড বিশ্ববিদ্যালয়ত বিখ্যাত লোক-সংগীতজ্ঞ ডন মানূএল ফাল্লাৰ লগত পৰিচয় আৰু বন্ধুত্ব হয়৷  লৰকাৰ পৰৱৰ্তী জীৱনত এই দুগৰাকী মানুহৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী আৰু গুৰুত্বপূৰ্ণ৷ অধ্যাপক ৰিয়চৰ পৰামৰ্শ অনুসৰিয়েই লৰকাই সেই সময়ৰ স্পেইনৰ অক্সফোৰ্ড স্বৰূপ ৰেছিডেনথিআ ডে এষ্টুডিআণ্টেছলৈ যায় আৰু উনামুৰ্নো, ৰ্টেগা য় গাছেট্আদি প্ৰখ্যাত কবি আৰু বুদ্ধিজীৱীৰ সান্নিধ্যলৈ আহে৷ বিশ্ববিখ্যাত অতিবাস্তৱবাদী চিত্ৰকৰ ডালিৰ লগতো তাতেই ঘনিষ্ঠতা আৰু পৰিচয় হয়৷

ইতিমধ্যে লৰকাৰ প্ৰথম কাব্য-সংকলন লিব্ৰডে পএমাছ (১৯২১) ছপা হৈ ওলায় আৰু বাৰচলিনাত তেওঁ ড্ৰয়িঙৰ একক প্ৰদৰ্শনী এখন পাতে। জিপচী বেলাড বা মানথেৰ গিটান (১৯২৮) ছপা হৈ ওলোৱাৰ লগে-লগেই তেওঁৰ কবি-খ্যাতি সমগ্ৰ স্পেইন আৰু স্পেনীছ ভাষী দেশবোৰত বিয়পি পৰে। আঠ বছৰৰ ভিতৰত জিপচী বেলাডৰ সাতোটা সংস্কৰণ হোৱা কথাটোৱেই তেওঁৰ কবিতাই জনমানসত কি আলোড়নৰ সৃষ্টি কৰিছিল সেই কথাকেই সূচায়। সেই বছৰতে তেওঁৰ সম্পাদিত আলোচনী গাল প্ৰকাশিত হয় আৰু দুটা সংখ্যা ওলাই বন্ধও হয়। তাৰ পিছতেই তেওঁ মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু কিউবা ভ্ৰমণ কৰে আৰু গণৰাজ্য ঘোষণা কৰাৰ সময়তেই স্পেইনলৈ ঘূৰি আহে। কোনো কোনোৱে কব খোজে জিপচী বেলাডৰ অসাধাৰণ জনপ্ৰিয়তাত অতিষ্ঠ হৈহে তেওঁ মাৰ্কিন যুক্তৰাষ্ট্ৰ ভ্ৰমণলৈ ওলাইছিল। এবছৰমান অত-তত নাটক প্রযোজনা আৰু পৰিচালনা কৰি কটাই তেওঁ শেষত মাড্ৰিডলৈ ঘূৰে আৰু নাটকত একাণপতীয়াকৈ লাগি যায়। ১৯৩৬ চনত তেওঁ গ্ৰানাডালৈ আহে আৰু ১৯ আগষ্টৰ দিনা দোকমোকালিতে তেওঁক গুলীয়াই হত্যা কৰা হয়।

দোকমোকালি তেওঁ বৰ ভাল পাইছিল। এটা দোকমোকালিতেই তেওঁ সেই গাহৰিটোৱে ভেড়াপোৱালিটো ফালি ছিৰাছিৰ কৰি খাই পেলোৱা দেখিছিল। লৰকাৰ কোনোবা এখন নাটকত এটা চৰিত্ৰই দোকামোকালি হৈ মৰিবলৈ বিচৰাৰ কথাও আছে। 

মাৰ্কিন যুক্তৰাষ্ট্ৰ ভ্ৰমণ লৰকাৰ জীৱনৰ এটা ডাঙৰ ঘটনা৷ পঞ্জীভূত জীৱন, পুঞ্জীভূত দুখ-যন্ত্ৰণা, পুঞ্জীভূত মৃত্যুৰ দেশ –’ যন্ত্ৰপাতিৰ প্ৰযুক্তিৰ এখন শীতল পৃথিৱীত ভৰি দি লৰকাৰ কি ভয়ংকৰ প্ৰতিক্ৰিয়া হৈছিল তাৰ স্বাক্ষৰ নিউয়ৰ্ক কাব্যগুচ্ছৰ পাতে-পাতে।

কাৰণ মই, এজন মানুহ নহয়, এজন কবিও নহয়, এটা

গছপাতো নহয়, মই এটা ক্ষত-বিক্ষত স্পন্দন

                                      -‘ডাবল পোয়েম অভ্ লেক ইডেন

আমেৰিকাৰ ছোৱালীবোৰে সিহঁতৰ পেটত লৈ ফুৰে

শিশু আৰু মুদ্ৰাবোৰ

                                                            -‘কিং অৱ হাৰলেম

তোমালোকে ইয়াত মোৰ তেজ পিছা

                                                            -‘ডাবল পোয়েম অৱ লেক ইডেন

কোনো থমকি নৰয়, কোনেও এচপৰা মেঘ হবলৈ

নিবিচাৰে, কোনেও নিবিচাৰে ঢেঁকীয়াবোৰ..

                                                            - ওড টু ওৱাল্ট হুইটমেন

নিগ্ৰো, নিগ্ৰো, নিগ্ৰো, নিগ্ৰো৷

আনকি সাপ, জীব্ৰা, খচ্ছৰো মৃত্যুত এনেকৈ শেঁতা

হোৱা নাছিল৷

                                                            -‘কিং অৱ হাৰলেম্‌’

লৰকাৰ সহপাঠী আৰু অন্তৰংগ দুজনে কৰা দুটা মন্তব্যৰপৰা লৰকা মানুহজন, তেওঁৰ আনন্দময়, ভাবুক, বিষণ্ণ চৰিত্ৰ আৰু ব্যক্তিত্বৰ এটা সুন্দৰ আভাস পোৱা যায়৷

এয়া ফেডেৰিকো আহিল৷ আমি নগৰখন এতিয়া ৰঙা কবিতাৰে বোলাব পাৰোঁ।

পৃথিৱীৰ সকলো আনন্দৰ তেওঁ ভাগী হব পাৰিছিল৷ কিন্তু তেওঁৰ অন্তৰতৰ আত্মা প্ৰতিজন প্ৰকৃত কবিৰ ক্ষেত্ৰত হোৱাৰ দৰে আনন্দময় নহয়৷ জীৱনৰ মাজেদি উৰি যোৱা চৰাইৰ দৰে যিসকলে তেওঁক উৰি যোৱা দেখিছিল, তেওঁলোকে তেওঁক দেখা নাছিল।

লুইছ্থেৰনুডাৰ কথাত, ৰবাত লুকাই থকা কাঁইট এডালৰ অস্তিত্ব অনুভৱ নকৰাকৈ কাহানিও তেওঁ হেনো কোনো বস্তুকে গভীৰভাৱে উপভোগ কৰিব পৰা নাছিল৷

এই যে এক যন্ত্ৰণাবোধ, তাৰ মূলতে হয়তো এক জাতীয় মৃত্যু-চেতনা৷ লৰকাৰ সমসাময়িক স্পেনীছ কবি পেদ্ৰো চালিনাছে কোৱা কথাষাৰ ভালেখিনি সঁচা যে তেওঁ মৃত্যুৰ মাজেৰে জীৱনক বুজিছিল আৰু অনুভৱ কৰিছিল৷ লৰকাই নিজেই কৈ গৈছে :

স্পেইন মৃত্যুৰ কাৰণে এখন মুক্ত দেশ

স্পেইনেই একমাত্ৰ দেশ যত মৃত্যু এটা স্বাভাৱিক দৃশ্য।

… … … 

ত প্রত্যেকটো বসন্তৰ আগত মৃত্যুৱে বুজায় তুৰ্য

                                                            - “থিয়ৰি এণ্ড ফাংচন অভ্ দ্য ডুয়েন্দি

কিন্তু কেৱল মৃত্যুৱেই নহয়, এই মৃত্যুৰ মাজতো জীৱন বৰ্তমান, আনন্দ বিদ্যমান; যি ধৰণেৰে বা যি অৰ্থত বৰ্তমান তেওঁৰ কবিতাতগছ-বন, বাগিচা, ফুল-ফল, নৈ-জান, জোন, গিটাৰ, প্রেম, যৌৱন, সপোন, ৰা-ছোৱালী, দোকানী-পোহাৰী, গৰখীয়া, দাৱনি, ঘোঁৰা-চোৱাৰী, কমাৰ, গিৰ্জা, ঘণ্টা, বেলকনি, নাৰীৰ স্তন, উছৱ-পাৰ্বণ, সন্ত, ষাঁড়, গান, সূৰ্য, ব্ৰোঞ্জ আৰু টোপনিৰ অঘৰীবোৰ৷

মধ্যযুগীয় আৰবীয় আন্দালুছীয় প্ৰণয়োদ্দীপক গীত-মাতবোৰৰপৰা বৈ অহা স্পেনীছ গীতি-কবিতাৰ পৰম্পৰাই গ্ৰিক লেটিন সংশ্লেষণৰ মাজেৰে, সপ্তদশ শতিকাৰ ল দ্য ভেগা আৰু গংগ্ৰাৰ ভিতৰেৰে আহি লৰকাৰ কবিতাত পূৰ্ণপ্ৰস্ফুটিতৰূপত প্ৰকাশিত হৈছিল৷

লৰকা মাত্ৰ আঠত্ৰিছ বছৰ জীয়াই আছিল৷ জীয়াই থাকোতেই তেওঁৰ দহখন কাব্য-সঙ্কলন ছপা হৈ ওলায়৷ মৃত্যুৰ পিছত ছপা হৈ ওলোৱা কবিতাপুথি দুখন হ : এটা এনূ নূএবা আৰু ডিভান ডেল্ টামাৰিট ৷ মৃত্যুৰ পিছত ছপা হৈ ওলোৱা স্পেনীছ মধ্যবিত্ত শ্ৰেণীক লৈ লিখা হাউছ অভ্ বেৰ্ণাডা আল্বা নামৰ নাটকখনেই তেওঁৰ নাটকসমূহৰ ভিতৰত সৰ্বাধিক প্ৰখ্যাত৷ নাটকবোৰো তেওঁৰ কবিতাই, কবিতাৰ সাহটোৰপৰা, কবিতাৰ বিষয়-বস্তুৰপৰাই ওলোৱা৷ তেওঁৰ কথাত, নাটক – পোয়েট্ৰি মেইড হিউমেন

(দুই)

ইমান পৰিশ্ৰম কৰি সাত সাগৰ তেৰ নদীৰ সিপাৰৰ কবি এজন অনুবাদ কৰিবলৈ ললো কিয়? কোনোবাখিনিত তেজৰ মিল। আৰু আন কথাৰ লগতে এটা বিশেষ কথাতেওঁৰ কবিতাৰ মেটাফৰ, সিহঁতৰ বৰ্ণাঢ্যময় দৃশ্যগ্ৰাহ্যতা৷ ফেডেৰিকো গাৰ্থিয়া লৰকা নামটোৱেই যেন কিবা এটা যাদু, ৰহস্য৷ এটা সময়ত শয়নে সপোনে অনুসৰণ কৰি ফুৰিছিলোঁ ফেডেৰিকো, ফেডেৰিকো। সেউজীয়া, সেউজীয়া, সেউজীয়া। নতুনকৈ যেন সাৰ পাই উঠিছিলোঁ তেওঁৰ কবিতাত।

আমাৰ বিহুনামৰ নিচিনা প্ৰধানকৈ তিনি-চাৰিশৰীয়া আদি-ৰসপ্ৰধান লোককবিতা কিছুমানেই আমাক স্পেনীছ কবিতাৰ কলা গোলাপৰ বাগিচাবোৰলৈ নিমন্ত্ৰণ কৰিছিল। কপ্লা নামেৰে জনাজাত এই চুটি কবিতাবোৰ আমাৰ বিহুনামৰ দৰে কৃষি আৰু কৃষি-অনুষ্ঠানৰ লগত জড়িতবেনানৰ মতে এইবোৰ পেগান মূলৰ বস্তু আৰু খুব সম্ভৱ কৃষি আৰু কৃষি-অনুষ্ঠানৰ লগত পূবৰপৰা পশ্চিমলৈ যোৱা।

লৰকাৰ অনুবাদক হিচাপে আমাৰ সীমাবদ্ধতা বহুত। স্পেনীছ নাজানো, স্পেইনৰ প্রকৃতি, ইতিহাস, ভূগোল, সামাজিক, অর্থনৈতিক, ধৰ্মীয়, সাংস্কৃতিক জীৱন সম্পৰ্কে আমাৰ জ্ঞান নিচেই সামান্য। এটা জাতিৰ সংস্কৃতি নাজানিলে সেই জাতিৰ ভাষাৰ, কবিতাৰ মৰ্মস্থলীলৈ সোমাব নোৱাৰি। আকৌ ধ্বনি-মাধুৰ্যত সকলো ভাল কবিতাৰেই ভালেখিনি অৰ্থ আৰু সৌন্দৰ্য নিহিত হৈ থাকে। তাতে লৰকাৰ কবিতা।

ভালেদিন ধৰি লৰকাৰ মাতটো, তাৰ শৰীৰ, আয়তন গন্ধ-বৰ্ণ-সুৰ, গভীৰতা উপলব্ধি কৰিবলৈ চেষ্টা কৰিছোঁ৷ বহু প্ৰতীক্ষাৰ পিছতহে কবিতা এটা বা এডোখৰ বা শাৰী এটাৰ অসমীয়া কৰিছোঁ। মূলৰ ভাব-ৰস কিমানখিনি ৰাখিব পাৰিছোঁ কব নোৱাৰোঁ, কামটো কিন্তু কিবা এটা আনন্দত আত্মহাৰা হৈহে কৰিছোঁ। সিমানেই ৷

এলিয়টে কোৱা কথা এষাৰ সকলোৱেই জানে, গদ্য ৰচনাতকৈ কবিতা যে বহু বেছি জাতীয় চৰিত্ৰৰ আৰু অনুবাদত যে মূলৰ ভালেখিনি হেৰায়। আমি ভাবোঁ যি অকণমান ৰৈ যায়, তাৰ কাৰণেই অনুবাদ; তাতেই অনুবাদৰ সাৰ্থকতা ৷ তাৰ উপৰি অনুবাদত একে লগে আমি দুজন কবিক লগ পাওঁ, দুটা ভাষাৰ লগত বিনিময় কৰোঁ। এইটো উপৰি পাওনা।

ৰবাৰ্ট লোয়েলৰ সৈতে আমিও কাব্যিক অনুবাদত বিশ্বাসী ৷ অনুবাদ নহয়, ইমিটেশ্যন বা অনুকৃতি বা অনুসৃষ্টি। যদিও লোয়েলৰ দৰে কোনো কবিতাৰ মূলৰ শাৰী বা স্তৱকৰ আমি ঠাই সলনি কৰা নাই, চিত্ৰকল্পও সলোৱা নাই। গোটেই কবিতাখিনিৰ ভিতৰত মাত্ৰ তিনি-চাৰিটামান কবিতাৰ শাৰীহে ইফাল সিফাল কৰিছোঁতাকো নিতান্ত নিৰুপায়ত পৰি। পৰোক্ষভাৱে হলেও সিবোৰতো কিন্তু মূলৰ আনুগত্য সমূলঞ্চে অস্বীকাৰ কৰা হোৱা নাই। অনুবাদো বহু ধৰণেৰে কৰা হয়।

লৰকাৰ ভালেমান শ্ৰেষ্ঠ কবিতা, আমাৰো ভালেকেইটি প্ৰিয় কবিতাৰ অসমীয়া কৰিব নোৱাৰিলোঁ। বিশেষকৈ নিউয়ৰ্ক কাব্যগুচ্ছৰ কেইটামান কবিতা আৰু ব্লাড্‌ ৱেডিং নাটকৰ অংশ বিশেষ।

পোন্ধৰজন অনুবাদকে কৰা ইংৰাজী ভাঙনিৰ আলমত কবিতাখিনিৰ অসমীয়া কৰিছোঁ। আকৌ ভালেমান কবিতাৰ ক্ষেত্ৰত একাধিক অনুবাদৰ আশ্রয় লৈছোঁ; কোনো-কোনোৰপৰা লৈছোঁ এটা শাৰী, কোনো-কোনোৰপৰা একোটা স্তৱক।এনেকৈ দুই-এটা কবিতা ন-কৈ নিৰ্মাণো কৰিছোঁ৷ যথা : ‘অঘৰী প্ৰেমিক৷ কোনো-কোনো মূল শব্দৰ অসমীয়া প্ৰতিশব্দ এটা হাততে নোপোৱাত তাৰ ওচৰৰ শব্দটোকে ব্যৱহাৰ কৰিছোঁ। আমাৰ সংকলনৰ ভালেখিনি কবিতা গিলিৰ গদ্যানুবাদৰপৰাই ভাঙিছোঁ। তেনে ক্ষেত্ৰতে স্পেনীছ মূলৰ ৰূপসজ্জাকে বা ৰূপগঠনকে অনুসৰণ কৰিছোঁ।

কেইবাগৰাকীও কবি, সমালোচক, লেখকে এই অনুবাদৰ কামত আমাক উৎসাহিত কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ভবেন বৰুৱাড° বীৰেন্দ্ৰনাথ ৰক্ষিত, দিল্লী বিশ্ববিদ্যালয়ৰ ড° মামণি ৰয়ছম গোস্বামী, গুৱাহাটী কেন্দ্ৰীয় পুথিভঁৰালৰ গ্ৰন্থাগাৰিক শ্ৰীযুত ৰাম গোস্বামী, আৰু শ্ৰীমান প্ৰসন্ন ফুকনে স্পেনীছ সাহিত্য আৰু লৰকা সম্পর্কীয় কেইবাখনো আটকীয়া গ্ৰন্থৰ যোগান ধৰাৰ বাবে আমি আটাইকেইজনৰ ওচৰতে কৃতজ্ঞ। সংকলনটোৰ প্রতিটো অনূদিত কবিতাকে ইংৰাজী মূলৰ লগত মিলাই চোৱাৰ দৰে অলপতে এঙাই যোৱা, আমনি লগা বিধৰ কাম এটাত অংশ গ্ৰহণ কৰি, নানান দিহা-পৰামৰ্শৰে বন্ধুবৰ ইমদাদ উল্লাহে আমাক বিশেষভাৱে উপকৃত কৰিছে। স্পেনীছ নামবোৰৰ লিপ্যন্তৰৰ কামটো কৰি দিয়া বাবে সহকৰ্মী বন্ধু অধ্যাপক উদয় দত্তক ধন্যবাদ জনালোঁ৷

বোটলা কথাৰেই লৰকাৰ জীৱন আৰু কবিতাৰ সম্পৰ্কে এই টোকাটো যুগুতাইছোঁ যদিও সিবোৰৰ মাজতে আমাৰো দুই-এটি কথা কৰবাত-কৰবাত সোমাই আছে বহুত দিন ধৰি তেওঁৰ কবিতা পঢ়োঁতে-পঢ়োঁতে মনলৈ অহা কথা। কাৰণ তেওঁৰ কবিতা পঢ়া মানেই, তেওঁৰ ভাষাত নিজৰ গাৰ সিৰ ফালি চোৱাৰ দৰে কথা।

লৰকাৰ ছবি পাবলৈ নায়েই। বেটুপাতত দিয়া তেওঁৰ ছবিখন কলিকতাৰ জাতীয় গ্ৰস্থাগাৰৰপৰা ধাৰলৈ অনা হনিগৰ গাৰ্থিয়া লৰকা (১৯৪৪) নামৰ কিতাপখনৰপৰা আৰু বাকী দুখন লাইফ আলোচনী(Vol. 42 No. 5 March, 1967)ৰপৰা লোৱা৷

- নীলমণি ফুকন

জুন, ১৯৮১

বেজবৰুৱা নগৰ, গুৱাহাটী-১১

 

কেইটামান প্‌লা’ :

 

১) ধুনীয়াজনী ধুনীয়াজনী মোৰ

  চৌদা পানীৰ বটলৰ দৰে

  নাচে শৰীৰ তোৰ।

 

২) মোৰ প্ৰেমৰ কাষলৈ চাপি আহ

  যেনেকৈ সৰু জেঠীবোৰ

  বেৰলৈ চাপি যায়।

 

৩) বিৰাটতম দুখৰ কুমাৰী

  লা নুনিৰ দৰে

  হৃদয় মোৰ।

 

৪) চাকিটো নুমাওঁ নুমাওঁ

  তেলৰ কড়িয়াত তেল নাই

  যাবলৈও তোমাক কব নোৱাৰো

  থাকিবলৈও ।

 

৫) ভাবিছিলোঁ বেলকনিখনত

   এইটো জোন

   ভাবিছিলোঁ এইটো জোন

   কিন্তু সি আছিল জোন আৰু বেলি। (ব্ৰেনানৰ ইংৰাজী মূলৰপৰা)


(গাৰ্থিয়া লৰকাৰ কবিতাৰ দ্বিতীয় তাঙৰণৰ অনুবাদকৰ নিবেদন )

গাৰ্থিয়া লৰকাৰ কবিতা ছপা হৈ ওলোৱা বাৰ বছৰ হ’ল৷ সাত মাহৰ ভিতৰতে কিতাপখনৰ সকলো কপি বিক্ৰী হৈ গৈছিল৷ আইঅ্যান গিবচনৰ Federico Garcia Lorca: A Life (Faber, 1989) নামৰ সুবৃহৎ গ্ৰন্থখনৰ বাহিৰে লৰকাৰ সম্পৰ্কে এই সময়খিনিত মই একো পঢ়া নাই৷ তেওঁৰ একো অনুবাদো কৰা নাই৷ কবিতা অৱশ্যে পঢ়ি আছোঁ৷

প্ৰথম তাঙৰণৰ বেটুপাতত আৰু ভিতৰত থকা ফট’কেইখন গুচাই এই তাঙৰণৰ বেটুপাত আৰু ভিতৰত দুখন নতুন ফট’ দিলোঁ৷ বেটুপাতত থকাখন লৰকাৰ ওঠৰ বছৰ বয়সত তোলা৷

ত্ৰিছখন আপুৰুগীয়া ফট’ৰে সমৃদ্ধ, পাঁচশ একাৱন্ন পৃষ্ঠাৰ গিবচনৰ এই গৱেষণামূলক গ্ৰন্থখন বোধহয় এতিয়ালৈকে ইংৰাজী ভাষাত প্ৰকাশিত লৰকাৰ সৰ্ববৃহৎ, প্ৰামাণ্য আৰু বিস্তাৰিত জীৱনী হ’ব৷ লৰকাৰ সম্পৰ্কে অনুসন্ধান, তথ্য-পাতি সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰাৰপৰা গ্ৰন্থখন লিখি উলিওৱালৈকে লেখকক কুৰি বছৰতকৈও অধিক কাল লাগিছে৷ লৰকাৰ জীৱন, কবিতা, নাটক– তেওঁৰ দেশী-বিদেশী বন্ধু-বান্ধৱ, লেখক, শিল্পী, সংগীতজ্ঞ, পণ্ডিত, চলচিত্ৰ পৰিচালক, অভিনেতা আদিৰ সম্পৰ্কে অপ্ৰকাশিত অসংখ্য তথ্য গ্ৰন্থখনত খুন্দ খাই আছে৷ তাৰ মাজৰপৰা বিশেষ একো বাছ-বিচাৰ নকৰাকৈ থপিয়াই অনা মাত্র কেইটামান কথা লৰকাৰ সহৃদয় পাঠকসকললৈ নিবেদন কৰিলোঁ।

*  *  * 

প্রথমেই এগৰাকী আন্দালুছীয় কবি বন্ধু আদ্ৰীয়ানোলৈ তৰুণ লৰকাই লিখা এখন সুদীৰ্ঘ চিঠিৰ কেইটামান শাৰী ইংৰাজীতেই তুলি দিলো :

…Then I entered the kingdom of Poetry and was anointed with love for all things… Naturally, I am a great admirer of France and hate militarism with all my soul, but really all I feel is a vast yearning for Humanity…

I am a great Romantic… I write verses very much my own, praising equally Christ and Buddha, Muhammad and Pan.

*  *  * 

We must love the moon on the lake of our souls and fashion our religious meditations over the magnificent abyss of flaring sunsets… because colour is the eye’s music…

*  *  * 

লৰকাৰ মৃত্যুৰ কুৰি বছৰলৈকে ফ্রাঙ্কোৰ স্পেইনত কোনেও লৰকাৰ নাম লব নোৱাৰিছিল। ফ্রাঙ্কোৰ মৃত্যুৰ পিচতহে (১৯৭৫) মানুহে লৰকাৰ শোকাবহ মৃত্যুৰ কথা মুকলিকৈ পাতিব পৰা হৈছিল।

লৰকাই ৰবীন্দ্ৰনাথ পঢ়িছিল। লৰকাৰ এগৰাকী প্ৰেয়সী, গ্ৰানাডিয়ান ৰূপহী এমিলিয়াক তেওঁ ৰবীন্দ্ৰনাথ পঢ়িবলৈ দিছিল।

জীৱনৰ আগবয়সত তেওঁ সমকামী আছিল। লৰকাৰ বিষণ্ণতা আৰু নৈৰাশ্যৰ আঁৰত এই কাম-বিকৃতিৰ কিছু প্রভাৱ আছিল বুলি কোনো-কোনোৱে কব খোজে।

লৰকাৰ ভিতৰৰ মানুহজনৰ বিষয়ে এতিয়াও বিশেষ একো জনা নেযায়।

লৰকাৰ ডায়েৰী নাছিল।

কথা কব পৰা হোৱাৰ আগতেই লৰকাই লোকগীত গুণগুণাইছিল আৰু গীটাৰ শুনি ভাল পাইছিল।

লৰকা ভাল ছাত্র নাছিল। টোকাবহীত ৰেখাচিত্ৰ আঁকি ভাল পাইছিল।

সাম্প্ৰতিক কালৰ সমালোচকসকলে লৰকাৰ আগ-বয়সৰ ৰচনাত ভিক্টৰ উগোৰ প্ৰভাৱ দেখুৱাইছে। লৰকাৰ আইতাক উগোৰ এগৰাকী ভক্ত আছিল।

লৰকাৰ চকুত এটা বিষাদৰ ভাব আছিল; এটা প্রাথমিক দুখ।

লৰকা কম্যুনিষ্ট-বিৰোধী নাছিল, কম্যুনিষ্টৰ সহযাত্ৰীও নাছিল।

লৰকাক ৰুছিয়াৰ চোৰাংচোৱা বুলি ভবা হৈছিল।

ৰুছিয়াৰ প্ৰতি, ৰুছিয়াৰ শিল্প-সংস্কৃতিৰ প্ৰতি, মানৱিক সমাজ এখন প্রতিষ্ঠাৰ কাৰণে ৰুছিয়াই কৰা প্ৰচেষ্টাৰ প্ৰতি লৰকাৰ গভীৰ শ্ৰদ্ধা আছিল। Association of Friends of the Soviet Union-অৰ তেওঁ সদস্য হৈছিল। মেক্সিম গৰ্কিৰ সোঁৱৰণি অনুষ্ঠান এটাত তেওঁ ইচ্ছা কৰিয়েই যোগদান কৰা নাছিল।

লৰকাৰ জীৱনৰ শেহৰ দুটা বছৰত থিয়েটাৰৰ সামাজিক উদ্দেশ্য আৰু সৰ্বসাধাৰণজনক সজাগ সক্ৰিয় কৰাত থিয়েটাৰৰ দায়িত্ব সম্পৰ্কে তেওঁ বিশেষভাৱে সচেতন হৈ পৰিছিল।

হাউছ অৱ বেৰ্ণাডা আল্‌বা লিখি উঠি তেওঁ চিঞৰি উঠিছিল : ইয়াত এটুপিও কবিতা নাই। বাস্তৱ! বিশুদ্ধ বাস্তৱবাদ।তেওঁৰ সকলো লেখাৰ ভিতৰত এই নাটকখন লিখিয়েই আটাইতকৈ তৃপ্ত হৈছিল।

সমসাময়িক সমাজৰ অন্যায়-অবিচাৰৰ বিষয়ে তেওঁ এখন কিতাপ প্রকাশ কৰাৰ কথাও ঘোষণা কৰিছিল।

মাদ্ৰিডৰ ৱাৰ্কাৰছ ক্লাবৰ এখন ৰাজহুৱা সভাত (১৯৩৬) লৰকাই তেওঁৰ ‘Ballad of the Spanish Civil Guard’ নামৰ কবিতাটো আবৃত্তি কৰিছিল। 

এখন সাম্যবাদী আলোচনীত প্রকাশিত হোৱা (১৯৩৬) শ্রমিকসকললৈ দিয়া এটা বাণীত তেওঁ কৈছিল :

“My greetings to all workers of Spain, united this First of May by the desire for a more just and more fraternal society.”

ধৰ্ম আৰু আৰ্থ-সামাজিক বিষয় লৈ লিখা এখন নতুন নাটকৰ প্ৰসংগত তেওঁ কৈছিল :

“…The day when hunger is eradicated there is going to be the greatest spiritual explosion the world has ever seen… I am talking like a real socialist, are’t I?”

লৰকাই পুৰণি খৃষ্টান নৈতিকতা বা নীতিবোধৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল৷ তেওঁৰ বিবেচনাত যীশু আছিল বন্দীশালৰ এজন অধিকৰ্তা৷ Chirst: A Religious Tragedy নামৰ এখন অসম্পূৰ্ণ নাটকো তেওঁ ৰচনা কৰিছিল৷

এলিয়টৰ দা ওৱেষ্টলেণ্ড পঢ়ি তেওঁ মুগ্ধ হৈছিল৷ 

*  *  * 

১৯৩৬ চনৰ ১৬ আগষ্টত লৰকাক গ্ৰেপ্তাৰ কৰা হয়৷ তাৰ আগতে তেওঁ কেইবাদিনো ফালানগিষ্ট ৰোজালেজ পৰিয়ালৰ আশ্ৰয়ত আত্মগোপন কৰি আছিল৷ লৰকাৰ বন্ধু তৰুণ কবি ৰোজালেজ জোছেই লৰকাৰ মুক্তিৰ আদেশ লৈ ঘূৰি আহি ঘৰ নৌপাওঁতেই লৰকাক হত্যাকাৰীহঁতে বধ্যভূমিলৈ লৈ গৈছিল৷

লৰকাক কোনদিনা হত্যা কৰা হৈছিল, এতিয়াও সঠিককৈ জনা নেযায়৷ কিছুমান নথি-পত্ৰত দিনটো – ১৮ আগষ্ট, ১৯৩৬ বুলি আছে। চৰকাৰী নথি-পত্ৰই যুদ্ধত পোৱা আঘাতৰপৰা তেওঁৰ মৃত্যু হয় বুলি উল্লেখ কৰিছে৷

লৰকাৰ লগতে দুজন ষাঁড়-যুঁজাৰুকো হত্যা কৰা হৈছিল আৰু তিনিওকে একেটা গাঁততে কবৰ দিছিল।

হত্যাকাৰীহঁতে লৰকাক এজন বয়সীয়াল শিক্ষকৰ সৈতে হাত-কেৰেয়া মাৰি লৈ গৈছিল৷

*  *  * 

শেহত, গিবছনে তেওঁৰ ভূমিকাখনত লৰকাৰ সাহিত্য-কৰ্মৰ সম্পৰ্কত লিখা দুটামান মূল্যৱান কথাৰ উল্লেখ কৰিলো।

“…His work, due largely to the power of its earthy imagery, makes us experience that mystery more acutely than perhaps any other poet of the century. If it is true that poets are the last animists in our industrial society, then Lorca is surely one of the greatest. Reading him, or seeing his plays we enter a prelogical world, presided over by moon, where man is one more strand in the intricate fabric of life.”

*  *  * 

লৰকাৰ কবিতাৰ দ্বিতীয় তাঙৰণটো প্রকাশ কৰি উলিয়াবলৈ গাত লোৱাৰ লোৱাকাৰণে লয়াৰ্ছ বুক ষ্টলৰ স্বত্বাধিকাৰী দত্তবৰুৱাক আন্তৰিক ধন্যবাদ জনালোঁ।

নীলমণি ফুকন

বেজবৰুৱা নগৰ, গুৱাহাটী-১১


(কবিৰত্ন নীলমণি ফুকনৰ পৰিয়ালবৰ্গৰ অনুমতিসাপেক্ষে পুনৰ্মুদ্ৰিত। স :গাৰ্থিয়া লৰকাৰ কবিতা, ১৯৯৩, লয়াৰ্ছ । আখৰ-জোঁটনি মূলৰ দৰে ৰখা হৈছে।)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ