ড° প্ৰাঞ্জল বৰা
বিগত শতিকাৰ অন্তিম দশকত হঠাৎ যেতিয়া মিলান কুন্দেৰাৰ সৈতে মোৰ পৰিচয় ঘটিছিল, সেই সময়ত মই মোৰ কৈশোৰ অতিক্ৰম কৰাই নাছিলোঁ আৰু সেই সময়ছোৱাত মুখামুখি হোৱা জীৱনৰ কেইটামান ভয়ংকৰ দুৰ্ঘটনাই প্ৰকৃতাৰ্থতেই মোক বিভ্ৰান্ত কৰি তুলিছিল৷ মোৰ শেষ টোপাল জীৱনীশক্তিক শুহি পেলোৱা সেই ভয়ংকৰ অভিজ্ঞতাৰ সৈতে কিবাকৈ বুজাবুজি কৰি জীৱনটো আগ বঢ়াই নি আছিলোঁ৷ অধ্যয়নপ্ৰীতি আৰু কিতাপৰ প্ৰতি থকা মোৰ অত্যধিক আসক্তিয়ে সেই সময়ছোৱাত মোৰ ওপৰতা ঔষধৰ দৰে কাম কৰিছিল৷ কিন্তু মিলান কুন্দেৰাই মোক কেৱল মোহাচ্ছন্ন কৰি ৰখাই নহয়, তেওঁৰ অভিনৱ গদ্যশৈলীৰে, মানুহৰ প্ৰতি থকা গভীৰ অন্তৰ্দৃষ্টি আৰু অসাধাৰণ কাহিনীকথনৰ দক্ষতাৰে মোৰ মন-মননকেই সলনি কৰি পেলালে৷
১৯৬৭ চনত প্ৰথমখন উপন্যাস ‘দ জ’ক’ প্ৰকাশৰ লগেলগেই কুন্দেৰাই কেৱল খ্যাতি লাভ কৰাই নহয় ,সমালোচকৰ প্ৰশংসাৰ লগতে চেক সাহিত্যৰ এক উল্লেখযোগ্য কণ্ঠ হিচাপেও প্ৰতিষ্ঠা লাভ কৰিছিল৷ অৱশ্যে তেখেতলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি কঢ়িয়াই আনে তেখেতৰ পৰৱৰ্তী কালৰ ৰচনাসমূহেহে৷ তেখেতৰ গ্ৰন্থ ‘দ বুক অব লাফটাৰ এণ্ড ফৰগেটিং’, ‘দ আন বিয়েৰাবল লাইটনেছ অব বিইং’, ‘ইম্মৰটেলিটি’ আৰু ‘ইগন’ৰেন্ছ’ আদি গ্ৰন্থ মাথোঁ তেখেতৰ সাহিত্যিক কীৰ্তিস্তম্ভই নহয়, এইসমূহে সমগ্ৰ বিশ্বতে তেখেতৰ এচাম পঢ়ুৱৈৰ সৃষ্টি কৰাৰ লগতে তেখেতলৈ বিস্তৰ খ্যাতিও আনি দিয়ে৷ তেখেতৰ এই ৰচনাসমূহে খণ্ডিত বৰ্ণনা, অৰৈখিক কাহিনীকথন, কাহিনীকথনত আত্মসচেতনতা, ৰূপকৰ চতুৰ আৰু চমৎকাৰ ব্যৱহাৰ আদি উত্তৰাধুনিক সাহিত্যৰ কলা-কৌশলত থকা তেখেতৰ দক্ষতাকে প্ৰতীয়মান কৰে৷ জটিল প্লট, বহুতৰপীয়া চৰিত্ৰ সৃষ্টিৰে বাস্তৱ আৰু কাহিনীৰ মাজৰ সীমাৰেখাডালৰ বিষয়ে পঢ়ুৱৈৰ মনত প্ৰশ্নৰ উদ্ৰেক কৰাই কুন্দেৰাই সাহিত্যৰ পৰম্পৰাগত ৰীতি-নীতিৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰাৰ লগতে বিনিৰ্মাণো কৰিছিল৷
বৌদ্ধিক সৌন্দৰ্য, গভীৰ অন্তৰ্দৃষ্টি, আৰু প্ৰগাঢ় দাৰ্শনিকতাৰ প্ৰতিফলন আছিল কুন্দেৰাৰ ৰচনাৰ প্ৰধান বৈশিষ্ট্য৷ একোটা জটিল কাহিনীৰ সৈতে বাস্তৱবাদ আৰু অধিবাস্তৱবাদৰ সংমিশ্ৰণত তেখেত আছিল অতি সিদ্ধহস্ত৷ ঐতিহাসিক ঘটনাৰ সৈতে অত্যন্ত ব্যক্তিগত কাহিনীৰ বিন্যাসতো তেখেত আছিল অতি সাৱলীল৷ মানুহৰ অস্তিত্বৰ সূক্ষ্মতা, জীৱনৰ ক্ষণভংগুৰতা, মানৱীয় সম্পৰ্কৰ জটিলতা, আকাংক্ষা, আশংকা আদিৰ প্ৰতিফলনত তেখেত আছিল অসাধাৰণভাৱে দক্ষ৷
অস্তিত্বৰ সন্ধান, ব্যক্তিস্বাধীনতা, ইতিহাসৰ গুৰুত্ব আৰু এই বিশৃংখল পৃথিৱীত অনন্তৰ (পৰকাল?) অন্বেষণ কুন্দেৰাৰ ৰচনাৰ মূল আৰু প্ৰধান বৈশিষ্ট্য৷ একনায়কত্ববাদৰ প্ৰভাৱ, ৰাজনৈতিক নিপীড়ণ, ব্যক্তিস্বাধীনতাৰ অৱক্ষয় আদি বিষয়ত তেখেতৰ বুদ্ধিদীপ্ত পৰ্যৱেক্ষণে ভৌগোলিক আৰু সাংস্কৃতিক সীমা অতিক্ৰমি পঢ়ুৱৈক গভীৰভাৱে ৰেখাপাত কৰিছিল৷
সাহিত্যকৃতিৰ উপৰি কুন্দেৰা আছিল বৌদ্ধিক স্বাধীনতা আৰু কলাত্মক প্ৰকাশৰ এজন অতি উৎসাহী প্ৰবক্তা৷ তেওঁ বিশ্বাস কৰিছিল সাহিত্যই অস্তিত্বৰ প্ৰকৃতিৰ বহুমুখিতাক প্ৰতিফলিত কৰিব লাগে আৰু প্ৰচলিত সামাজিক নিৰ্মাণ আৰু সাংস্কৃতিক প্ৰমূল্যৰ প্ৰতি প্ৰশ্ন তুলিবলৈ পঢ়ুৱৈক উৎসাহ যোগাব লাগে৷ তেখেতৰ সাহিত্যকৰ্মই প্ৰায়েই অস্তিত্ব সম্পৰ্কে সত্যৰ প্ৰকৃতি আৰু পৰিচয়ৰ অস্তিত্বহীনতাৰ অন্বেষণেৰে পণ্ডিত তথা পঢ়ুৱৈসকলৰ মাজত দাৰ্শনিক বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল৷
মিলান কুন্দেৰাৰ প্ৰভাৱ সাহিত্যৰ জগতক অতিক্ৰম কৰি আৰু বহু দূৰলৈ বিস্তৃত হৈছিল৷ তেখেতৰ কৰ্মই প্ৰচলিত সীমাক প্ৰত্যাহ্বান আৰু অতিক্ৰম কৰিব খোজা অসংখ্য লেখক, শিল্পী আৰু চিন্তাৱিদক অনুপ্ৰাণিত কৰি আহিছে৷ উত্তৰাধুনিক সাহিত্যত কুন্দেৰাৰ প্ৰভাৱ এই কাৰণেই অপৰিসীম যে তেখেতৰ বৰ্ণনাই কাহিনী কথনৰ সীমাৱদ্ধতাক অতিক্ৰম কৰি কাহিনীক এটা নতুন অৰ্থ প্ৰদান কৰে ৷ সম্ভৱতঃ, উত্তৰাধুনিক সাহিত্যৰ অন্যতম বাটকটীয়া, নিৰ্ভীকভাৱে সাহিত্যৰ প্ৰচলিত ধাৰাৰ বিনিৰ্মাণ কৰা এজন স্বপ্নদ্ৰষ্টা, আৰু কাহিনী কথনৰ সীমাৱদ্ধতাক প্ৰসাৰিত কৰি তোলা এজন জ্যোতিষ্ক কুন্দেৰাৰ প্ৰয়াণে যোৱা শতিকাৰ শেষৰটো দশকৰ তেখেতৰ সেই গুণমুগ্ধ অনুগামীসকলক তেখেতৰ অনবদ্য অৱদানক পুনৰ্মূল্যায়ন কৰিবলৈ নিশ্চিতভাৱে আকুল ( উত্তেজিত?) কৰি তুলিব৷
বিদায়, মোৰ ‘মেলাংকলি চাইল্ড’ … আৰু অযুত ধন্যবাদ; জীৱনৰ প্ৰতি মায়া হেৰুৱাই পেলোৱা মোৰ কৈশোৰক সঞ্জীৱনী সুধাৰে পুনৰ্জীৱন দিয়াৰ বাবে৷