ড° ভাৰত বৰুৱা
“হননহীন
মঙহ” কথাষাৰ শুনিলে আচৰিত যেন লাগে। কিয়নো এই জীৱ জগতত
মনুষ্যৰ লগতে মাংসহাৰী প্ৰাণীবোৰে অন্য জীৱক হত্যা কৰিয়েই মঙহৰ সোৱাদ লয় অথবা জীৱন
নিৰ্বাহ কৰে। গতিকে হত্যা নকৰাকৈ মঙহ পোৱা এক প্ৰকাৰ অসম্ভৱেই। আনহাতে “চহ কৰা মঙহ” কথাষাৰ এক প্ৰকাৰ আচহুৱা। মূল কথালৈ
অহাৰ আগতে এই “চহ কৰা মঙহ” কথাষাৰৰ
কিবা পম কৰবাত আছে নেকি তাকে খেদি চোৱা যাওক।
মহাকাব্য
মহাভাৰতৰ কাহিনী মতে মহৰ্ষি ব্যাসদেৱেই হস্তিনাপুৰৰ ৰাণী গান্ধাৰীক শত পুত্ৰৱতী
হোৱাৰ বৰ দিছিল। অন্য সুত্ৰমতে এই বৰ মহাদেৱৰ পৰা প্ৰাপ্ত বুলিহে জনা যায়। পিছে বৰ
যিয়েই নিদিয়ক কিয়, ঘটনাক্ৰমত গান্ধাৰীয়ে বিস্ময়কৰভাৱে দুবছৰ
ধৰি গৰ্ভধাৰণ কৰাৰ পাছতো কোনো সন্তান জন্ম নহ’ল। ইতিমধ্যে
পাণ্ডুপত্নী কুন্তীয়ে যুধিষ্ঠিৰক জন্ম দিলে। জন্মসুত্ৰে নিজৰ সন্তান হস্তিনাপুৰৰ
সিংহাসনৰ উত্তৰাধিকাৰী হ’বলৈ নোপোৱাৰ দুখ আৰু হতাশাত
গান্ধাৰীয়ে নিজকে নিজে আঘাত কৰাত তেওঁৰ শৰীৰৰ পৰা সন্তানৰ ঠাইত এক “মাংসপিণ্ড” নিৰ্গত হয় আৰু কি কৰিব নকৰিব তাকে ভাবি
থাকোঁতেই পুনৰ ব্যাসদেৱ ৰাজমহলত উপস্থিত হয়। এইবাৰ গান্ধাৰীয়ে তেওঁৰ শতপুত্ৰ হোৱাৰ
বৰ যে নফলিয়ালে সেই বিষয়ে অভিযোগ কৰিলে। ব্যাসদেৱে তেওঁৰ বৰ কেতিয়াও অথলে নাযায়
বুলি তৎমুহূৰ্ততে এশটা পৰিষ্কাৰ কলহ বিশুদ্ধ ঘিঁউৰে পৰিপূৰ্ণ কৰি আনিবলৈ নিৰ্দেশ
দিলে আৰু প্ৰতিটোতে সেই মাংস পিণ্ড এশ ভাগ কৰি এভাগকৈ ৰাখিবলৈ দিলে। পিছে শেষ
মুহূৰ্তত গান্ধাৰীয়ে এটি কন্যা সন্তান লভাৰ আশাও ব্যক্ত কৰাত ব্যাসদেৱে এশ এটা
কলহৰ ব্যৱস্থা কৰোৱাই এশ এভাগ মাংস পিণ্ড বেলেগে ঘিঁউৰ কলহত “চহ কৰি” গান্ধাৰীৰ এশ এটা সন্তানৰ ইচ্ছা পূৰণ
কৰিছিল।
ওপৰত বৰ্ণিত ঘটনাটো কিমান যুক্তিসংগত বা সেই
যুগৰ সাপেক্ষে কিমান বিজ্ঞানসন্মত সেই বিষয়ে এই আলোচনা আগ বঢ়াব বিচৰা নাই। কেৱল
আজিৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগত কেনেদৰে “চহ কৰা” পদ্ধতিৰে গোলকীয় মঙহৰ চাহিদা পূৰ্ণ কৰাৰ যা-যোগাৰ চলিছে তাৰ অনুসাংগিক
কিছু কথা আলোচনা কৰাৰ প্ৰয়াস কৰিলোঁ।
চহ কৰা মঙহ নো কি ?
চহ কৰা মঙহ বা “কালচাৰড্ মিট”
আচলতে প্ৰকৃত মঙহ; কিয়নো, জন্তুৰ প্ৰকৃত কোষৰ কালচাৰ কৰি
গৱেষণাগাৰত ইয়াক তৈয়াৰ কৰা হৈছে । এই উৎপাদন বৰ্তমানে বিশ্বৰ প্ৰায় আশীটা মান
সৰু-ডাঙৰ কোম্পানিয়ে চলাইছে আৰু তাৰ বাবে প্ৰায় ৫০০ মিলিয়ন ডলাৰ বিনিয়োগ কৰা হৈছে।
প্ৰায় এক দশকৰো অধিক কাল গৱেষণাগাৰত চেল-কালচাৰ, ষ্টেম চে’ল বায়’লজি, টিছু ইঞ্জিনিয়াৰিং,
কিন্বন আৰু কেমিকেল আৰু বায়’প্ৰ’চেছ ইঞ্জিনিয়াৰিং ইত্যাদি দিশত
অৰ্জন কৰা পূৰ্বোপাৰ্জিত জ্ঞানৰ দ্বাৰাই এই চহ কৰা মঙহৰ এক ক্ষেত্ৰ তৈয়াৰ হৈছে।
পৃথিৱীৰ বিভিন্ন কোণৰ কোম্পানি তথা শিক্ষাক্ষেত্ৰৰ গৱেষণাগাৰবোৰত উল্লিখিত
বিষয়সমূহত হোৱা যুটীয়া প্ৰচেষ্টাৰ গৱেষণাৰ ফলত এক নতুন আৰ্হিৰ পণ্যদ্ৰব্যৰ
ঔদ্যোগিক হাৰত উৎপাদন সম্ভৱ হৈ উঠিছে - সেয়া হৈছে “চহ কৰা
মঙহ” অথবা “হননহীন মঙহ”। ২০২২ চনৰ ১৭ নৱেম্বৰৰ দিনা আমেৰিকাৰ ফুড আৰু ড্ৰাগ
এডমিনিষ্ট্ৰেশ্বনে অৱশেষত মুকলিকৈ অনুমতি পত্ৰ দি কৈছে যে ষ্টাৰ্ট-আপ কোম্পানিবোৰে
তৈয়াৰ কৰি উলিওৱা “চহ কৰা মঙহ” বিশেষকৈ
হননহীন কুকুৰাৰ মঙহ ভক্ষণযোগ্য। গতিকে অতি সোনকালেই এই ধৰণৰ চহ কৰা মঙহে বজাৰ আৰু
ৰেস্তোৰাঁৰ মেন্যুত ভিৰ কৰিবহি।
এই মঙহ
কেনেদৰে চহ কৰা হয় :
এই উৎপাদন প্ৰক্ৰিয়া
আৰম্ভ কৰা হয় জীৱৰ শৰীৰৰ পৰা কাণ্ড-কোষ
আহৰণ কৰি সেই কোষবোৰ একগোট কৰাৰ যোগেদি। তাৰ পাছত সেই কোষবোৰ এটি বায়’ৰিয়েক্টৰ
বা কাল্টিভেটৰত বিকশিত হ’বলৈ দিয়া হয় উচ্চ ঘনত্ব আৰু উচ্চ
আয়তনত। সাধাৰণতে জীৱৰ দেহত যেনে ধৰক জীৱিত অৱস্থাত কুকুৰাৰ দেহৰ কোষবোৰক শৰীৰে অক্সিজেনসমৃদ্ধ
বাতাৱৰণত বিভিন্ন পুষ্টিযুক্ত খোৰাকৰ যোগান ধৰাৰ দৰেই, এই
কাল্টিভেটৰতো কোষবোৰক অক্সিজেনযুক্ত মাধ্যমত গ্লুক’জ,
এমিন’ এচিড, ভিটামিন,
আৰু অজৈৱিক লৱণৰ লগতে বিভিন্ন প্ৰ’টিন আৰু
বিকাশ-গুণনীয়কৰ যোগান ধৰা হয়। কাল্টিভেটৰত বিকাশ মাধ্যমৰ সাল-সলনি কৰি অপৈণত
কোষবোৰক চৰ্বী, কংকালৰ মাংসপেশী অথবা সংযোজক পেশী আদি বেলেগে
বেলেগে গঠন কৰাৰ সংকেত দিব পৰা যায়। মঙহত সাধাৰণতে উপৰোক্ত তিনিওবিধৰেই মিশ্ৰণ
থাকে। গতিকে চহ কৰা মঙহত এই তিনিওবিধৰেই সংমিশ্ৰণক ফচল হিচাপে সংগ্ৰহ কৰা হয়। এই
কাল্টিভেটৰবোৰ দেখাত বিয়েৰ উৎপাদনৰ বাবে ব্ৰুয়েৰিত ব্যৱহাৰ কৰা ষ্টেইনলে’ছ ষ্টীলৰ টেংকৰ নিচিনা, যিবিলাক কোঠাৰ মজিয়াৰ পৰা
মূধচলৈকে প্ৰসাৰিত। কেলিফ’ৰ্নিয়াৰ এমাৰইভিল নামৰ চহৰত “আপছাইড ফুড” নামৰ ষ্টাৰ্ট-আপ কোম্পানিটোৱে ইতিমধ্যে
৭০ হাজাৰ বৰ্গফুটৰ এটা প্ৰডাকশ্বন ফেচিলিটি তৈয়াৰ কৰিছে আৰু ইয়াত বছৰি ৫০ হাজাৰ
পাউণ্ড চহ কৰা মঙহ উৎপাদন কৰাৰ ক্ষমতা আছে।
হননহীন
বা চহ কৰা মঙহৰ ধাৰণাৰ উৎপত্তি কেনেকৈ হয় ?
আপছাইড ফুড নামৰ
কোম্পানিটোৰ সহ প্ৰতিষ্ঠাপক ডা০ উমা ভেলাটি পেছাত এজন হৃদৰোগৰ চিকিৎসক। এক দশকমান
পূৰ্বে তেওঁ এজন হাৰ্ট এটেক হোৱা ৰোগীৰ হৃদযন্ত্ৰৰ কাণ্ডকোষৰ পৰা পেশীকোষ তৈয়াৰ
কৰাত ব্যস্ত থকাৰ সময়তেই এটা চিন্তা তেওঁৰ মনলৈ আহিল। যদি হৃদযন্ত্ৰৰ কোষৰ পৰা
পেশীকোষ তৈয়াৰ কৰিব পাৰি, তেন্তে আমি খাদ্য হিচাপে খোৱা কুকুৰাৰ
দেহৰ পৰা কোষ এটা লৈ যদি পেশীকোষ তৈয়াৰ কৰিব পৰা যায়, তেন্তে
হত্যা নকৰাকৈও গৱেষণাগাৰতে মঙহ তৈয়াৰ কৰিব পৰা যাব। ভবা মতেই কাম। মগজুত সোমোৱা
সেই হননহীন মাংসৰ ধাৰণাৰ পোকটোক উমা ভেলাটিয়ে কোনো মতেই দূৰ কৰিব নোৱাৰি ইয়াৰ উপায়
বিচৰাত লাগিল। পৰিবাৰিক সমস্যা থকা সত্তেও তেওঁৰ হৃদৰোগৰ চিকিৎসা বিদ্যা বাদ দি
বহু যত্নৰে বিভিন্ন সূত্ৰৰ পৰা পুঁজি সংগ্ৰহ কৰাত লাগিল। বহুজনে ইয়াক ছায়েঞ্চ ফিক্শ্বন
বুলি উৰুৱায়ো দিলে। পাছত তেওঁ অন্যান্য উৎসৰ লগতে বিল্ গেটচ্ৰ পৰাও অনুদান গোটাই
কোষ বিজ্ঞানৰ বিভিন্ন দিশত গৱেষণা কৰা বিজ্ঞানীক একগোট কৰি “আপছাইড
ফুড” নামৰ ষ্টাৰ্ট-আপ কোম্পানী স্থাপন কৰে। এই মঙহ চহ কৰা
বিদ্যাত ইমান ধাউতি দেখুওৱাৰ আৰু এটা কাৰণো আছিল। জন্মসুত্ৰে তেওঁ আছিল আমিষ ভোজন
কৰা পৰিয়ালৰ। ডা০ ভেলাটিয়ে মেডিকেলৰ ছাত্ৰ হৈ থকা সময়ত কেম্পাছৰ ডাইনিঙত পাৰ্টটাইম
কাম কৰিছিল। সেই সময়তেই তেওঁক এবাৰ মুৰ্গীৰ কছাইখানালৈ পঠাইছিল। তাৰ প্ৰডাক্শ্বন
লাইনত তেওঁ দেখিবলৈ পালে শ শ পাখি গুচোৱা মুৰ্গী ওলমোৱা ভাগেই দ্ৰুত গতিত তেওঁৰ
চকুৰ আগদি পাৰ হৈ গ’ল, ওলমা মুৰ্গীৰ
মঙহৰ পৰা টোপা টোপে পৰি যোৱা তেজ চাৰিওফালে। এই দৃশ্য তেওঁ কোনোদিনেই পাহৰিব
নোৱাৰিলে। তেতিয়াৰে পৰা তেওঁ নিজে নিৰামিষাহাৰী হৈ পৰিল। পিছে এটা কথা তেওঁ ধাৰণা
কৰিব পাৰিছিল যে বহু মানুহেই আমিষ ভোজী হৈ থকাৰ বাবে দৃঢ় প্ৰতিজ্ঞ। গতিকে যেতিয়াই
তেওঁ হননহীনভাৱে মঙহৰ যোগান ধৰাৰ বাট দেখিবলৈ পালে, তেতিয়াই
তেওঁ কাৰ্ডি’ল’জি পৰিত্যাগ কৰি বিশ্বৰ বাবে চহ কৰি মঙহ তৈয়াৰ কৰাৰ পথ উদ্ভাৱনত ব্ৰতী হৈ
পৰিল।
চহ কৰা
মঙহৰ কি কি লাভ ?
কেৱল আমেৰিকা
যুক্তৰাষ্ট্ৰতেই প্ৰতিজন ব্যক্তিয়ে প্ৰতি বছৰে প্ৰায় ১০০ কেজি মঙহ ভক্ষণ কৰে। এটা
সমীক্ষাৰ পৰা পোৱা গৈছে যে মানৱৰ দ্বাৰা সৃষ্টি হোৱা গ্ৰীনহাউছ গেছৰ এক তৃতীয়াংশ
খাদ্য উৎপাদনৰ প্ৰক্ৰিয়াৰ পৰাই হয়। বিজ্ঞানীসকলে সঁকীয়াই আহিছে যে যেতিয়ালৈকে
মানুহৰ খাদ্য উৎপাদনৰ পদ্ধতি সলনি নহয় তেতিয়ালৈকে পৰিৱেশ নিয়ন্ত্ৰণৰ সপোন পূৰ্ণ নহ’ব।
বিজ্ঞানীসকলৰ মতে মূলতে আমেৰিকাত বীফ বা গৰুৰ মাংস উৎপাদনৰ প্ৰক্ৰিয়াটো আটাইতকৈ
বেছি শক্তিৰ অপচয় হয়। গতিকে ব্যৱস্থাটোৰপৰা পৰিৱেশৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া হয়।
তাৰ কাৰণ হৈছে গৰু পালনৰ বাবে এক বৃহৎ এলেকাৰ প্ৰয়োজন হয় আৰু গৰুৰ পাকস্থলী এনেদৰে
তৈয়াৰী যে ইয়াত খাদ্য পাচনৰ পৰা মিথেন নামৰ গ্ৰীনহাউছ গেছ উৎপন্ন কৰে। আনহাতে কুকুৰা
পালনত কম পৰিমাণৰ এলেকাৰ লগতে কম পৰিমাণৰ ৰেচনৰ দৰকাৰ হয়। পিছে কুকুৰা পালনৰ পৰা
পানী প্ৰদূষণ হোৱাৰ আশংকা থাকে। গতিকে অনাগত কেইটামান দশকত চহ কৰা মঙহ আৰু বিকল্প
প্ৰ’টিনৰ উৎসবোৰে ১.৭ ট্ৰিলিয়ন ডলাৰৰ গতানুগতিক খাদ্যৰ
বজাৰখন দখল কৰাৰ সম্ভাৱনা বঢ়িছে। এই স্থানান্তৰৰ ফলত কৃষিকৰ্মসূত্ৰে হোৱা
নিৰ্বনানিকৰণ, জৈৱ-বৈচিত্ৰ্যৰ হানিকৰণ, এণ্টিবায়’টিক ৰেজিষ্টেঞ্চ্, জু-ন’টিক
মহামাৰীৰ প্ৰাদুৰ্ভাৱ, আৰু ঔদ্যোগিক জীৱ-হত্যা আদিৰ উপশম
ঘটিব। পিছে এই চহ কৰা মঙহৰ উদ্যোগৰ প্ৰ’ডাক্শ্বন ফেচিলিটি
চলাবলৈ বৈদ্যুতিক শক্তিৰ প্ৰযোগ অৱশ্যম্ভাৱী৷ এই প্ৰক্ৰিয়াই কাৰ্বন ডাই অক্সাইডৰ
দৰে গ্ৰীণহাউছ গেছ নিৰ্গত কৰিব। গতিকে আপেক্ষিক প্ৰভাৱৰ কথা তেতিয়াহে জানিব পৰা
যাব যেতিয়া চহ কৰা মঙহৰ উৎপাদনৰ বাবে কাৰ্বন-ৰহিত আৰু কাৰ্বন-জনিত শক্তি ব্যৱহাৰ
কৰি তাৰ তুলনামূলক বিচাৰ কৰা হ’ব।
এইটো এতিয়াও
তৰ্কৰ বিষয় যে চহ কৰা মঙহ স্বাস্থ্যসন্মত নে অথবা ই কি গতানুগতিক মঙহতকৈ বেছি
স্বাস্থ্যসন্মত নে ? এই ধৰণৰ চহ কৰা মঙহ ভেগান বা
নিৰামিষভোজীসকলৰ বাবে আকৰ্ষণীয় নহ’বও পাৰে। এক শ্ৰেণীৰ লোকৰ
বাবে মঙহ কেতিয়াও আকৰ্ষণীয় নহ’ব লাগিলে সেই মঙহ প্ৰাণী হত্যা
নকৰাকৈয়ে উৎপাদন কৰা নহওক কিয়। আনহাতে মঙহ চহ কৰা উদ্যোগে গৰুৰ শৰীৰৰ পৰা সংগ্ৰহ
কৰা “ফিটেল ব’ভাইন চিৰাম” কোষ বিকাশৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে। পিছে আপছাইড ফুড নামৰ কোম্পানিটোৱে
জীৱ দেহৰ পৰা সংগ্ৰহ কৰা চিৰামৰ ব্যৱহাৰ নকৰি এবিধ বিকল্প মাধ্যম ইতিমধ্যেই তৈয়াৰ
কৰি উলিয়াইছে। আনফালে আকৌ ফুড বিশেষজ্ঞসকলৰ মতে মঙহ প্ৰ’টিন আৰু মাইক্ৰ’নিউট্ৰিয়েণ্ট
যেনে ভিটামিন বি-ৰ অতি উপযোগী উৎস। চহ কৰা মঙহৰ পাকচক্ৰ এয়ে যে বিকল্প পদ্ধতিৰে
পোষকদ্ৰব্যৰ মাত্ৰ কম-বেছি বা সাল-সলনি কৰিব পাৰি। উদাহৰণস্বৰূপে অপৈণত কোষবিলাকৰ
বিকাশ হৈ থকাৰ সময়তেই যদি কোষবোৰক অ’মেগা-থ্ৰী ফেটি এচিডৰ
যোগান ধৰা হয়, তেন্তে বিকশিত মঙহ হৃদযন্ত্ৰ-নিৰোগী এই অ’মেগা-থ্ৰী ফেটযুক্ত হৈ তৈয়াৰ হ’ব। গতিকে
পাব্লিক-হেল্থৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে চহ কৰা মঙহৰ মূল
সুবিধাই হৈছে যে ইয়াত কোনো জীৱিত প্ৰাণীৰ প্ৰশ্ন নাই, গতিকে
জীৱই ৰোগত ভোগৈৰ বা ৰোগ সংক্ৰমণ কৰাৰ কোনো সুযোগেই নাই। প্ৰ’ডাক্শ্বন
ফেচিলিটিত এণ্টিবায়’টিক ব্যৱহাৰৰো প্ৰয়োজন নাই। আনহাতে জীৱৰ
অন্ত্ৰাশয়ৰ ফিটাপেলুৰ বা বেক্টেৰিয়াৰ জৰিয়তে বিয়পা খাদ্যজনিত ৰোগৰ আশংকাও নহ’ব। শেষত, ই যিহেতু এক সম্পূৰ্ণ নতুন উদ্যোগ, ইয়াৰ পৰা হ’ব পৰা অপ্ৰত্যাশিত আশংকা যদিও আছে,
বিজ্ঞানীমহল সেই বিষয়ে হয়তো অজ্ঞাত। যিহেতু কাল্টিভেটৰত বিকশিত কৰি
মঙহ তৈয়াৰ কৰা হয়, কিবা অজানা কোষীয় বায়’ল’জিকেল প্ৰক্ৰিয়াৰ দ্বাৰা কেঞ্চাৰ ৰোগত অকল্পনীয়
ধৰণেৰে কোষৰ বিকাশ হোৱাৰ দৰে কেৰোণ থকা কোষ যদি চহ কৰা মঙহত থাকি যায় আৰু অজানিতে
ভক্ষণৰ অযোগ্য মঙহৰ সৃষ্টি হয়, তেন্তে হিতে বিপৰীতহে হ’ব পাৰে। এই খিনিতেই থমকি মনত পেলাওঁ - ১৯৯৩ চনৰ কল্পবিজ্ঞানৰ ভিত্তিৰ
কথাছবিত জ’ন হামণ্ডৰ বিশাল পাৰ্কৰ ভিজিটৰ চেণ্টাৰৰ ভিতৰত থকা
গৱেষণাগাৰ দৰ্শন কৰা দলটোৰ বিজ্ঞানীসকলক হামণ্ডৰ জেনিটিকেল ইঞ্জিনিয়াৰজনে কৈছিল যে
তেওঁলোকে ক্লনিঙৰ জৰিয়তে ডাইন’ছৰ হেট্ছিং কৰিছে। কেৱল মাত্ৰ
পুংলিংগৰ ডাইন’ছৰহে তৈয়াৰ কৰিছে। এগবোৰ হেট্ছিং কৰাৰ আগেয়ে
জিন’মৰ একভাগত স্ত্ৰীলিংগৰ ডাইন’ছৰ
উৎপন্ন কৰিব পৰা সেই বিশেষ জিনটো তেওঁলোকে “যোগান” নধৰে, গতিকে পাৰ্কত মুকলিকৈ থাকিলেও ডাইন’ছৰে ইচ্ছামতে প্ৰাকৃতিক নিয়মত বংশ বৃদ্ধি কৰিব নোৱাৰিব। দৰ্শনাৰ্থী
দলটোৰ বিজ্ঞানী ড০ মেলক’মে তেতিয়া প্ৰশ্ন কৰিছিল যে ‘প্ৰকৃতিক’ কেনেকৈ বাধা দিবা - “লাইফ ফাইণ্ডছ্ এ ৱে”। আৰু কথাছবিৰ পিছৰ ভাগত তাকে দেখুৱায় যে মুক্তাৱস্থাত ডাইন’ছৰবোৰে বিজ্ঞানৰ বাধা নামানি বংশ বৃদ্ধি কৰিছে । যি কি নহওক সেয়া আছিল
কল্প-বিজ্ঞানৰ কথা। পিছে এই চহ কৰা অথবা হননহীন মঙহৰ যাত্ৰাৰ আৰাম্ভণিতো বহু জনে
ডা০ ভেটালিৰ ধাৰণাক কল্পবিজ্ঞান বুলিয়েই লৈছিল। পিছে আজি সেয়া সঁচা হৈ অনতি পলমে
নিয়ন্ত্ৰিতভাৱে চহ কৰা মঙহ আমাৰ ডিনাৰ প্লে’টত বিৰাজমান হ’বহি। তাৰ পাছৰ স্তৰত কি হয় সেয়া সময়েহে ক’ব। সৌৰজগতৰ
এই নীলাভ গ্ৰহত এটা কোষৰ পৰাই জীৱৰ সৃষ্টি হৈছিল - এই চহ কৰা মঙহো কোষৰ বিকাশৰ
পৰাই সম্ভৱ হৈছে, গতিকে আমি হয়তো মনত ৰাখিব লাগিব ড০ মেলক’মৰ উক্তি, “লাইফ ব্ৰেকছ্ ফ্ৰী”।
ঠিকনা :
Associate
Professor
Department of
Chemistry and Biochemistry
Kennesaw State
University
370 Paulding
Avenue, MD#1203
Kennesaw, GA 30144