নীৎসেই তেওঁৰ “শ্বোপেনহাৱাৰ এজ এডুকেটৰ” (১৮৭৪) শীৰ্ষক ৰচনাত লিখিছিল যে একমাত্ৰ যিগৰাকী দাৰ্শনিকক তেওঁ মহাগৌৰৱেৰে স্বীকাৰ কৰিব পাৰে, তেঁৱেই হৈছে আৰ্থাৰ শ্বোপেনহাৱাৰ (১৭৮৮-১৮৬০)। পৰম্পৰাগত ধৰ্ম আৰু ঈশ্বৰৰ অস্তিত্বৰ ধাৰণাক নাকচ কৰি উঠিও পৰম্পৰাগত নৈতিক প্ৰমূল্যসমূহক স্বীকাৰ কৰি শ্বোপেনহাৱাৰে এক নতুন দৰ্শনৰ পাতনি মেলিছিল। নীৎসেই পিছে সকলো নৈতিকতাৰ বিৰুদ্ধে থিয় দিছিল, কিন্তু তেওঁৰ Super-Man -ৰ আৰম্ভণি শ্বোপেনহাৱাৰতে। এই জীৱন আৰু জগতক যুক্তিপূৰ্ণ বুলি ভবা দৰ্শনৰ বিপৰীতে শ্বোপেনহাৱাৰৰ অৱস্থান। জীৱন-জগৎ সম্পর্কে অবিশ্বাস আৰু হতাশাই হৈছে তেওঁৰ দর্শনৰ মূল উপজীব্য। ইমানদিনে মানুহ বুদ্ধিৰ দ্বাৰা পৰিচালিত বুলি যি ধাৰণা প্ৰায় অখণ্ডনীয় হৈ আছিল, তেওঁ সেই ধাৰণাক ভুল বুলি ঘোষণা কৰি ক’লে যে প্রকৃত পৰমসত্তা বুলি মানুহে যাক ভাবি আহিছে সি এক অন্ধ প্রেৰণাদায়ক শক্তিৰ বাহিৰে আন একো নহয়। এই শক্তিয়েই ব্যক্তিৰ মাজত ইচ্ছাৰূপে প্রকাশিত হয়। এই অন্ধ ইচ্ছাশক্তিয়েই ব্যক্তিক নিয়ন্ত্রণ কৰে। ব্যক্তি বিভিন্ন প্রকাৰৰ ইচ্ছাশক্তিৰ দ্বাৰা পৰিচালিত হয়। সকলো ইচ্ছা পূৰ্ণ কৰিব নোৱাৰে বাবেই ব্যক্তিয়ে দুঃখময় জীৱন যাপন কৰিবলগীয়া হয়। জীৱন অযুক্তিকৰ এক কাণ্ড, য’ত অসহনীয় যন্ত্ৰণাৰ বাহিৰে মানুহৰ বাবে আন একোৱেই অপেক্ষা কৰি থকা নাই। মানুহৰ অস্তিত্বৰ সৈতে অংগাংগীভাৱে জড়িত হৈ ৰৈছে কেৱল যন্ত্ৰণা আৰু যন্ত্ৰণা।
শ্বোপেনহাৱাৰৰ এই দৰ্শনৰ প্ৰভাৱ আছিল ভাবিব নোৱৰা ধৰণে প্ৰভাৱশালী। দৰ্শনৰ ক্ষেত্ৰখনত নীৎসেৰ উপৰি বাৰ্গচন, ফ্ৰয়েড আদিক আলোড়িত কৰিছিল তেওঁৰ তত্ত্বই। স্বয়ং আইনষ্টাইন নিজেও বিপুলভাৱে প্ৰভাৱিত হৈছিল তেওঁৰ চিন্তাৰ দ্বাৰা। আনহাতে সাহিত্য জগতৰ ব’ডলেয়াৰ, বেকেট, বৰ্ঝেছ, জোছেফ কনৰাড, আঁদ্ৰে জিড, ষ্ট্ৰিণ্ডবাৰ্গ, ডি এইছ লৰেঞ্চ, এমিল জোলা, মাৰ্চেল প্ৰাউষ্ট, টমাছ মান, টমাছ হাৰ্ডি, ডাইলান থমাছ আদি মহীৰূহসকলৰ বাবে গভীৰ আকৰ্ষণৰ বিষয় আছিল জগত সম্বন্ধে তেওঁৰ নিহিলিষ্ট, বিষণ্ণ মনোভংগী। সংগীত জগতৰ ব্ৰামছ, মেহলাৰ, ৰিমক্সি-কোৰ্চাকফ, ৰিচাৰ্ড ভাগনাৰ আদি সংগীতজ্ঞসকলৰ বাবে আৱেগক গুৰুত্ব দিয়া তেওঁৰ সংগীত-তত্ত্ব আছিল গভীৰ প্ৰেৰণাৰ উৎস। লিঅ’ টলষ্টয়ে আনকি এই বুলিয়েই দাবী কৰিছিল যে শ্বোপেনহাৱাৰে তেওঁৰ মহাগ্ৰন্থ ‘দ্য ৱর্ল্ড এজ উইল এণ্ড আইডিয়া’ (১৮১৮)-ত যি লিখি গৈছে, নিজৰ ‘ৱাৰ এণ্ড পীছ’ উপন্যাসত তেওঁ নিজেও তাকেই ৰূপায়িত কৰিছে। কিন্তু আচৰিত যেন লাগিলেও সঁচা যে শ্বোপেনহাৱাৰৰ এইখন গ্ৰন্থকেই অস্বীকাৰ কৰিছিল বিশ্ববিদ্যালয়ে। কোৱা হৈছিল যে অদৰকাৰী কাগজৰ বোজাৰ বাহিৰে এই গ্ৰন্থ আন একো নহয়। নীৎসেই পাছত লিখিছিল যে জাৰ্মান পণ্ডিতসকলে আচলতে তেওঁলোকৰ সৈতে শ্বোপেনহাৱাৰৰ অমিল দেখা পাই ক্ৰোধত অন্ধ হৈ উঠিছিল। শ্বোপেনহাৱাৰে বিশ্বাস কৰিছিল যে সঁচাকৈয়ে যদি দৰ্শনৰ নতুন দিগন্ত আবিষ্কৃত হ’ব লাগে, তেন্তে সেয়া হ’ব লাগিব বিশ্ববিদ্যালয়ৰ গণ্ডীৰ বাহিৰত।
কাণ্ট আৰু ভাৰতীয় দর্শনক বাদ দি বাকী সকলোকে নস্যাৎ কৰি পেলাইছিল তেওঁ। তেৱেঁই হয়তো প্ৰথমগৰাকী পাশ্চাত্য দাৰ্শনিক যি প্ৰাচ্যৰ দৰ্শন অধ্যয়ন কৰিছিল বিস্তৃতভাৱে। কাণ্টৰ মূৰ্তি এটাৰ লগতে সদায় তেওঁৰ মেজত আছিল বুদ্ধৰ মূৰ্তি এটা। তেওঁৰ অনবদ্য গ্ৰন্থ ‘দ্য ৱর্ল্ড এজ উইল এণ্ড আইডিয়া’ত আমি দেখা পাওঁ সকলো প্ৰথাসিদ্ধতাক নস্যাৎ কৰি তেওঁ আগ বঢ়োৱা বৈপ্লৱিক চিন্তাৰ অভিব্যক্তি। তেওঁৰ দৃষ্টিত বাস্তৱ (reality) দুই ধৰণে বৰ্তি থাকে, ইচ্ছা (Will) হিচাপে আৰু অভিব্যক্তি (Representation) হিচাপে। ইচ্ছা হৈছে সেই অন্ধ নিয়ন্তা শক্তি বা ক্ষমতা যাক অস্তিত্ব থকা সকলোৰে মাজত দেখা পাব পাৰি। ই হৈছে সেই শক্তি বা ক্ষমতা যি গছ-গছনি আৰু জীৱ-জন্তু সকলোৰে বিকাশ ঘটায়। প্ৰকৃতিৰ সকলোতে ই বৰ্তমান। আনহাতে অভিব্যক্তি বা Representation হৈছে লাভ কৰা অভিজ্ঞতা অনুযায়ী আমাৰ পৃথিৱীখন। এই পৃথিৱীখন হৈছে আমাৰ মনৰ মাজত আমি কৰি লোৱা বাস্তৱৰ নিৰ্মাণ। কাণ্টকথিত phenomenal জগতখন হৈছে এইখন জগত। এইখন আমাৰ ইন্দ্ৰিয়ৰ জৰিয়তে উপলব্ধ জগতখন। ইন্দ্ৰিয়ৰ জৰিয়তে উপলব্ধ আমাৰ অভিজ্ঞতাবোৰ মনটোৱে সুশৃংখলিত কৰি আমাৰ বোধগম্য কৰি তোলে। আমি এই অভিব্যক্ত ৰূপত প্ৰতীয়মান জগতখনতেই বাস কৰোঁ। কিন্তু কাণ্টৰ দৰে শ্বোপেনহাৱাৰেও বিশ্বাস কৰিছিল যে আমাৰ অভিজ্ঞতাবোৰৰ সিপাৰত আৰু গাঢ় বাস্তৱৰ এখন জগত আছে, কাণ্টৰ ভাষাত, noumenal world এখন, য’লৈ পোনপটীয়া প্ৰৱেশ আমাৰ নাই। কিছু পাৰ্থক্য থাকিলেও শ্বোপেনহাৱাৰৰ ইচ্ছাৰ জগতখনো কাণ্টৰ noumenal জগতখনৰ সৈতে একে। কাণ্টৰ বিপৰীতে শ্বোপেনহাৱাৰে noumenal বাস্তৱ অখণ্ডনীয় বুলি ভাবিছিল আৰু স্বয়ং আমাৰ নিজৰ কাম-কাজ আৰু কলাৰ অভিজ্ঞতাৰ মাজেৰেও সেইবোৰৰ ৰেঙনি পাব পাৰোঁ বুলি গণ্য কৰিছিল।
ৰেঙনিয়েই হয়তো সঁচা, কিয়নো ইচ্ছাৰ জগতখনৰ অভিজ্ঞতা আমাৰ প্ৰত্যক্ষ অভিজ্ঞতা নহয়। বৰং আমি যেতিয়া জানি-বুজি কিবা এটা কৰোঁ, তেতিয়াহে আমি সেই জগতখনৰ তেনেই ওচৰ চাপি আহোঁ। শ্বোপেনহাৱাৰৰ Will হৈছে জানি-বুজি কিবা এটা কৰা বা ঘটোৱাৰ এই শক্তি বা ক্ষমতা, যাক অৱশ্যেই মানুহ ব্যতিৰেকে আন কাৰো মাজত দেখা নাযায়। তেওঁৰ Will-অৰ ধাৰণা সেয়ে সাধাৰণ অৰ্থত will বুলিলে যি বুজা যায় সেয়া নহয়। সাধাৰণ অৰ্থত will মানে কিবা এটা কৰাৰ প্ৰচেষ্টা যাৰ এক লক্ষ্য থাকে। শ্বোপেনহাৱাৰে World as Will বুলি যেতিয়া বাস্তৱৰ ধৰণ এটাৰ কথা কৈছে, তেওঁ তাৰ কোনো লক্ষ্যৰ কথা কোৱা নাই। তেওঁৰ দৃষ্টিত এই Will হৈছে লক্ষ্যহীন, অন্ধ। কোনো নিৰ্দিষ্ট ফলাফল ইয়াৰ লক্ষ্য নহয়। বৰং ই হৈছে শক্তি বা ক্ষমতাৰ সেই প্ৰচণ্ড ঢৌ যি প্ৰতিটো প্ৰাকৃতিক সংঘটনতে বৰ্তমান তথা আমি সচেতনভাৱে কৰা প্ৰতিটো কামতে বিদ্যমান। শ্বোপেনহাৱাৰৰ মতে ইয়াক দিক-নিৰ্দেশনা দিবলৈ কোনো ঈশ্বৰ নাই। ই নিজেও ঈশ্বৰ নহয়। মানুহ এই অৰ্থহীন শক্তি বা ক্ষমতাৰ অংশ মাত্ৰ, আন একো নহয়।
এই ব্যাখাই অৱশ্যেই আমাৰ অস্তিত্ব সম্বন্ধে এক গভীৰ নিৰাশাবাদী দৃষ্টিভংগী দাঙি ধৰে। শ্বোপেনহাৱাৰৰ মতে, কিবাকিবি বিচৰা আৰু সেইবোৰ পাই উঠিও আৰু কিবাকিবি বিচৰাৰ নিৰৰ্থক চক্ৰ এটাৰ মাজত মানুহৰ জীৱন অতিবাহিত হ’ব লাগিছে। মানুহৰ আকাংক্ষাৰ শেষ নাই আৰু সেইবাবেই যন্ত্রণাৰো। যুক্তিহীন, অর্থহীন আকাংক্ষাই পৃথিবীত মানৱকৰ্মৰ প্রধান পৰিচালক। এই ‘Will’ বস্তুতঃ ক্ষতিকৰ আৰু অশুভ এক ‘অস্তিত্ব’, যাৰ পৰা পৰিত্ৰাণৰ পথ আপাততঃ নাই।
শ্বোপেনহাৱাৰৰ এই দৰ্শন শেষ বিচাৰত সঁচাকৈয়ে কি নৈৰাশ্যবাদী? ইয়াৰ উত্তৰ হিচাপে ক’ব লাগিব যে নহয়। শ্বোপেনহাৱাৰে বিশ্বাস কৰিছিল যে বাস্তৱৰ প্ৰকৃত স্বৰূপ যদি চিনি পাব পাৰি, তেন্তে জীৱনৰ কিছু যন্ত্ৰণাৰ পৰাও হাত সাৰিব পৰাটো সম্ভৱ।এই ক্ষেত্ৰত তেওঁৰ চিন্তাৰ সৈতে বুদ্ধদেৱৰ চিন্তাৰ মিল আছে। বুদ্ধই আসক্তিকেই দুখৰ কাৰণ হিচাপে দেখুওৱাৰ উপৰি দেখুৱাইছে যে আত্মা বুলি একো নাই। যি এক শক্তি বা ক্ষমতাত এই ব্ৰহ্মাণ্ড চলি আছে, ব্যক্তিও তাৰেই অংশ মাথোঁ। শ্বোপেনহাৱাৰক অবশ্যেই বহুতে ইউৰোপীয় বুদ্ধ বুলিও অভিহিত কৰিছে। তেওঁৰ মানত, অনুভূতিগ্রাহ্য অন্তর্দৃষ্টিয়েই (Intuition) মানুহৰ অন্তৰৰ চিৰন্তন সত্য। সেইবাবেই হে’গেলৰ সমাজ নিয়ন্ত্রিত ব্যক্তিচেতনাকো অস্বীকাৰ কৰিছে তেওঁ।
বাস্তৱৰ সৈতে আমাৰ সম্পৰ্কৰ ব্যাখাৰ লগতে এই জগতত মানুহ কেনেদৰে জীয়াই থকা উচিত সেই বিষয়েও শ্বোপেনহাৱাৰে তেওঁৰ মত আগ বঢ়াই গৈছে। তেওঁৰ মতে, মানুহে নিজকে এটা শক্তিপ্ৰৱাহৰ অংশ বুলি আৰু ব্যক্তিৰ অস্তিত্বও কেৱল World of Representation -অৰহে অস্তিত্ব বুলি উপলব্ধি কৰিলে, তেওঁৰ কাম-কাজলৈকো পৰিৱৰ্তন আহিব। আনৰ অন্যায় কৰাটো তেওঁৰ দৃষ্টিত নিজকে অন্যায় কৰাৰ বাদে আন একো নহয়। কোনোবা এজনক হত্যা কৰাৰ অৰ্থ হ’ল যিটো জীৱনীশক্তিয়ে আমাক এক কৰি ৰাখিছে তাক হত্যা কৰা। একমাত্ৰ কৰুণাবোধেইহে সেয়েহে শেষ কথা। কোনোৱেই কাৰো বাবে পৰ নহয়, আটায়েই একেখন জগতৰে অংশ – সেই the World as Will-অৰ অংশ। শ্বোপেনহাৱাৰৰ দৃষ্টিত, এই বোধেই হৈছে সকলো নৈতিকতাৰো ভেঁটি আৰু যন্ত্ৰণাময় জীৱনক সহনীয় কৰাৰ বেলিকা গুৰুত্বপূৰ্ণ এক উপায়।
কলা বা শিল্পয়ো আনহাতে জীৱনক সহনীয় কৰি তোলাত ডাঙৰ ভূমিকা ল’ব পাৰে। আকাংক্ষা আৰু আকাংক্ষা পূৰণৰ বাসনাৰ শেষ নোহোৱা চক্ৰটোৰ পৰা তাকৰীয়া সময়ৰ বাবে হ’লেও হাত সাৰিবলৈ কলাই মানুহক সহায় কৰে। তেওঁৰ বিচাৰত সংগীতেই হৈছে কলাৰ পৰিশুদ্ধতম ৰূপ। কিয়নো সংগীত হৈছে স্বয়ং Will-অৰে অনুকৃতি। মন দি শুনা সংগীতে যে আৱেগিকভাৱেই উদ্বেলিত কৰে এনে নহয়, দৰাচলতে বাস্তৱ যেনেকুৱা ঠিক সেইদৰেই তাক প্ৰতিভাত কৰি তোলে। শ্বোপেনহাৱাৰেই সম্ভৱতঃ প্ৰথমজন দাৰ্শনিক যি কলা বা শিল্পক নিজৰ দৰ্শনত এইদৰে মুখ্যস্থান দি গৈছে।
আকাংক্ষা-চক্ৰৰ পৰা হাত সৰাৰ বাবে আনহাতে এই জগতৰ পৰা একান্তই দূৰৈত অৱস্থান কৰি যৌন শুদ্ধতা আৰু স্বেচ্ছা-দাৰিদ্ৰ্যৰ কঠোৰ সংযমী বা কৃচ্ছ্রসাধনাকাৰীৰ পন্থা এটাৰ কথাও তেওঁ কৈ গৈছে। এই ধৰণৰ চৰম পন্থা প্ৰাচ্যৰ বহু দৰ্শনেই কৈছে যদিও শ্বোপেনহাৱাৰৰ বাবে এই পন্থায়ো অসহনীয় অস্তিত্বক সহনীয় কৰাত সহায় কৰিব পাৰে। যি নহওক, যৌনতাক কোনোদিনেই অস্বীকাৰ কৰিব খোজা নাছিল শ্বোপেনহাৱাৰে। বৰং যৌনতাৰ দৰে অপৰিহাৰ্য বিষয় এটা ব্যাখা কৰাৰ কোনো প্ৰয়াস অতদিনে দাৰ্শনিকসকলে নকৰা কথাটোক লৈ তেওঁ অবাক হৈছে। মানুহৰ অভ্যন্তৰত এই প্রবল প্রবৃত্তি যুক্তিৰ বহু আগেয়েই ক্রিয়াশীল, যাক তাৎক্ষণিক বুলি ভাবিলে ভুল হ’ব। সি গভীৰ, যি সৃষ্টি কৰে নতুন প্রজন্মৰ। ফ্রয়েডৰো বহু আগেয়ে যৌনতাক লৈ এইদৰেই সৰৱ আছিল শ্বোপেনহাৱাৰ।