বাসুদেব
দাস
ইংৰাজী সাহিত্যত ছাৰ ৱাল্টাৰ স্কট আৰু বঙলা
সাহিত্যত বঙ্কিমচন্দ্র চট্টোপাধ্যায় ঐতিহাসিক উপন্যাসৰ বাবে বিখ্যাত।অসমীয়াত
তেওঁলোকৰ আর্হিৰে ইতিহাসৰ পটভূমিত উপন্যাস ৰচনাৰ প্রথম পথ দেখুৱাইছিল পদ্মনাথ
গোহাঞিবৰুৱাই। গোহাঞিবৰুৱাৰ দুয়োখন উপন্যাসেই অসম বুৰঞ্জীৰ দুটা প্রসিদ্ধ ঘটনাৰ
পটভূমিত ৰচিত।‘ভানুমতী’ৰ পটভূমি মোৱামৰীয়া বিদ্রোহ আৰু ‘লাহৰী’(১৮৯২)মানৰ অসম
আক্রমণৰ পটভূমিত লিখা। ইতিহাসৰ ঘটনাক আশ্রয় কৰি লিখা হলেও দুয়োখন উপন্যাসতে প্রণয়
কাহিনীয়ে প্রাধান্য লাভ কৰিছে আৰু দুয়োখনতে ইতিহাসৰ লগত মুল কাহিনীৰ সম্পর্ক নিবিড়
নহয়।
প্রকৃতপক্ষে ৰজনীকান্ত বৰদলৈৰ হাততেই আধুনিক
অসমীয়া উপন্যাসৰ সূত্রপাত। এই সম্পর্কত বিখ্যাত সমালচক তিলোত্তমা মিশ্রৰ মন্তব্য
উল্লেখ কৰিব পাৰোঁ-‘Rajanikanta Bordoloi
introduced a new trend in the Asamiya novel by presenting exactly those aspects
of Assamese life which are absent in the earlier novels.He chose as his themes
the lives of ordinary people and how they were transformed by historical
circumstances’-Early Asamiya Novels New Genre,traditional mindset and changing
perspectives (Tilottma Misra, Early Novels in India –Edited by Meenakshi
Mukherjee)।
অসমীয়া উপন্যাস
ৰজনীকান্ত বৰদলৈৰ হাতত প্রাণ প্রতিষ্ঠা লাভ কৰে।‘দন্দুৱাদ্রোহ’নামৰ
উপন্যাসৰ পাতনিত ৰজনীকান্ত বৰদলৈয়ে লিখিছে- ‘কলেজত থাকোঁতে চাৰ ওৱাল্টাৰ স্কটৰ
নভেল শ্রেণী, বঙ্কিমচন্দ্র চাটুর্যিৰ উপন্যাস শ্রেণী পঢ়িছিলোঁ। এই ঠাইৰ, সিফালে
পাহাড় দেখি আৰু আৰু আমাৰ অসমৰ সকলো ঠাইতে নদী নলা, নিঝৰা, বিল, পুখুৰী, পাহাড় ঝাৰণি
এইবিলাকলৈ মনত পৰি চাৰ স্কটৰ সেই Highland
(ওখ ঠাই), LowLand(নামনি ঠাই)ইত্যাদিবিলাকলৈ মনত পৰিছিল।ভাব হৈছিল :-হায়! মোৰ অসম জননী! তুমি
কেনে প্রকৃ্তিৰ কাম্য-কানন! তোমাৰ কোলাত স্কটলেণ্ডৰ দৰে Highland, Lowland, Hills Dales, Lakes সকলোবিলাক আছে। তোমাৰ অতীত কালৰ বুৰঞ্জী নানা ঘটনাৰে
পৰিপুর্ণ; কিন্তু তোমাৰ এই সমস্ত স্বাভাৱিক সৌন্দর্য বর্ণাবলৈ, অতীতৰ বুৰঞ্জীৰে
উপন্যাস লেখিবলৈ, চাৰ ওৱাল্টাৰ স্কটৰ নিচিনা বা বঙ্কিম চাটুর্যিৰ দৰে উপন্যাসকাৰক
প্রতিভাশালী সাহিত্যিক ক’ত?’…স্কটলেণ্ডৰ চাৰ ওৱাল্টাৰ স্কট, স্বদেশৰ বঙ্কিমচন্দ্রৰ দৰে
মই অসমত এলানি উপন্যাস লিখিম।’ সেই কথাষাৰ তেওঁ বাস্তৱত ৰূপায়িত কৰিবলৈ সক্ষম
হৈছিল।
‘মনোমতী’ উপন্যাসখন বৰদলৈৰ বুৰঞ্জীমূলক উপন্যাসৰ মাজত অন্যতম। বৰদলৈ ছাৰ ওৱালাটাৰ স্কট আৰু বাংলাৰ উপন্যাস সম্রাট
বঙ্কিমচন্দ্রৰ দ্বাৰা প্রভাৱিত । ঐতিহাসিক পটভূমিত,
কিছু জনশ্রুতিমূলক কাহিনীৰ আধাৰত ৰচিত এই কাল্পনিক ঐতিহাসিক
উপন্যাসৰ মাজত এফালে
মানৰ আক্রমণত বিপর্যস্ত অসমৰ সমাজ জীৱনৰ ছবি, আনফালে
দুই সামন্তৰ মাজত বিৱাদ–বিসংবাদৰ শোকাৱহ পৰিণতিৰ মাজত লক্ষ্মী্কান্ত আৰু মনোমতীৰ
প্রেম বর্ণিত হৈছে। বৰদলৈৰ ‘ৰঙ্গিলী’, ৰহদৈ
লিগিৰী’, দন্দুৱাদ্রোহ’,
’তাম্রেশ্বৰী মন্দিৰ’ আদি প্রতিখন
উপন্যাসতেই তেঁওৰ নৈতিক, আধ্যাত্মিক, মানৱিক আৰু দেশাত্মবোধৰ আদর্শ ক্রিয়াশীল। ছাৰ ওৱালাটাৰ স্কট আৰু বঙ্কিমচন্দ্রৰ নিচিনাকৈয়ে বৰদলৈৰ
উপন্যাসো ৰোমাঞ্চপ্রধান। কাহিনীৰ
উপকৰণৰ বাবে বঙ্কিমচন্দ্রৰ নিচিনাকৈয়ে বৰদলৈয়েও অতীতৰ ফালে উভতি চাইছিল। কিন্তু অতীতৰ কাল্পনিক বর্ণনাৰ সহায়ত ৰোমাঞ্চ সৃষ্টি কৰাৰ
ক্ষেত্রত বঙ্কিমচন্দ্রতকৈ ৰজনীকান্ত বৰদলৈৰ সুবিধা কম আছিল। বৰদলৈৰ ঐতিহাসিক উপন্যাস ৰচনা কৰাৰ উদ্দেশ্য আছিল অতীত অসমৰ
গৌৰৱৰ কাহিনী উদ্ধাৰ কৰি অসমীয়া জনমানসত দেশাত্মবোধ সঞ্চাৰ কৰা। ইয়াৰ বাবে তেঁও
মানৰ আক্রমণক উপন্যাসৰ পটভূমি হিচাপে বাছি লৈছিল।
নায়িকাৰ ৰূপ বৰ্ণনাই বৰদলৈৰ উপন্যাসত ৰোমাঞ্চ
সৃষ্টিত সহায় কৰিছে। ৰূপ
বর্ণনাত বঙ্কিমচন্দ্রই সদায় উপমাৰ সহায় লৈছে। তেওঁৰ কিছুমান উপমা প্রাচীন সাহিত্যৰ
পৰা গৃহীত, কিছুমান আকৌ লেখকৰ অপূর্ব কাব্যদৃষ্টিৰ পৰিচায়ক।ৰূপ বর্ণনাত
বঙ্কিমচন্দ্রৰ প্রকৃ্তি চেতনাৰো পৰিচয় পোৱাা যায়।‘দুর্গেশনন্দিনী’ৰ দ্বিতীয় খণ্ডৰ
প্রথম পৰিচ্ছেদত আয়েষাৰ ৰূপৰ বর্ণনা দেখিবলৈ পাঁও।‘কৃ্ষ্ণকান্তৰ উইল’ উপন্যাসত
ৰোহিণীৰ ৰূপ বর্ণনাত আমি আশ্চর্য সংযম লক্ষ্য কৰোঁ-‘ৰোহিণীৰ যৌবন পৰিপূর্ণ—ৰূপ
উছলিয়া পড়িতেছিল-শৰতেৰ চন্দ্রকলায় পৰিপূর্ণ।’ নাৰীৰ সহজ সৰল আৰু কল্যাণময়ী ৰূপটো
আমি বৰদলৈৰ উপন্যাসতো প্রত্যক্ষ কৰোঁ। সেইবাবে আমি ক’ব পাৰোঁ যে বৰদলৈৰ নাৰী
চৰিত্রবোৰ সূর্যমুখীক অনুসৰণ কৰিছে। আৰু এটা ফালৰ পৰা বৰদলৈৰ নাৰী চৰিত্রবোৰ
বঙ্কিম অনুগামী। উপন্যাসৰ কাহিনীত পুৰুষ চৰিত্রতকৈ নাৰী চৰিত্রই বেছি প্রাধান্য
লাভ কৰিছে। কোনো কোনো উপন্যাসত আনকি নায়িকাৰ সক্রিয়তাই নায়কক নিষ্প্রভ কৰি পেলাইছে।‘ৰঙ্গিলী’
উপন্যাসত ৰঙ্গিলীৰ সজীৱতা আৰু ‘ৰহদৈ লিগীৰী’ উপন্যাসত ৰহদৈৰ ভূমিকাৰ ফলত তাত আন আন
চৰিত্রবোৰ ম্লান হৈ পৰিছে। কোনো কোনো সমালোচকে কয় যে ৰজনীকান্ত বৰদলৈৰ উপন্যাসত
নায়িকা আছে, নায়ক নাই। বঙ্কিমচন্দ্রৰ উপন্যাসৰ পুৰুষ চৰিত্রবোৰ সম্পর্কতো
বহু সমালোচকে এই প্রশ্নটো উত্থাপন কৰিছে। নগেন্দ্রনাথ, দেবেন্দ্র, নবকুমাৰ, প্রতাপ, গোবিন্দলালৰ
তুলনাত সূর্যমুখী, কুন্দনন্দিনী,
হীৰা, কপালকুণ্ডলা, শৈবলিনী নাইবা ৰোহিণীৰ চৰিত্র অধিক উজ্জ্বল নহয়নে?
বঙ্কিমচন্দ্রৰ সকলো ৰচনাৰ পটভূমিত এটা সমাজ
কল্যাণমূলক মনোভাৱ থাকে। শিল্পৰ বাবে শিল্পনীতিত তেঁও বিশ্বাসী আছিল বুলি মনে
নধৰে।‘বাংলা নব্য লেখক সকলোৰ প্রতি নিবেদন’ নামৰ প্রবন্ধত বঙ্কিমচন্দ্রই কৈছে— ‘যদি
এমন বুঝিতে পাৰেন যে, লিখিয়া দেশেৰ মনুষ্যজাতিৰ কিছু মঙ্গল সাধন কৰিতে পাৰেন, অথবা
সৌন্দর্য সৃষ্টি কৰিতে পাৰেন, তবে অবশ্য লিখবেন।’ ৰজনীকান্ত বৰদলৈৰ উপন্যাস ৰচনাৰ অন্তৰালতো
তেনে এটা উদ্দেশ্য লক্ষ্য কৰা যায়।এটা বিশেষ উদ্দেশ্যক সম্মুখত ৰাখি বৰদলৈয়ে
বুৰঞ্জীমূলক উপন্যাস লিখিবলৈ আৰম্ভ কৰিছিল কাৰণেই ৰচনাৰ কলাত্মক দিশৰ ফালে তেঁও
তেনেকৈ দৃষ্টি দিব পৰা নাছিল। বৰদলৈয়ে কৈছে যে তেঁও উপন্যাস ৰচনাত হাত দিছিল
মানুহৰ মনত আধ্যাত্মিক ভাবৰ জাগৰণ ঘটাবলৈহে। সেইবাবে আমি বৰদলৈৰ উপন্যাসত লক্ষ্য
কৰোঁ নানা ধৰণৰ দুঃখ-দুর্দশাৰ শেষত শান্তিৰ বাট হিচাপে নায়ক নায়িকাবোৰ শেষলৈ বৈষ্ণৱ
ধর্মত শৰণ লৈছে। ৰহদৈ লিগিৰীয়ে জীৱন বিসর্জন দিবলৈ গৈ বৈষ্ণৱ জীৱন যাপন কৰিছে। সাধু
সন্যাসীৰ চৰিত্র আমি ৰজনীকান্ত বৰদলৈৰ প্রায়বোৰ উপন্যাসতে দেখিবলৈ পাঁও।‘মনোমতী’ উপন্যাসত
মনোমতী আৰু লক্ষ্মীকান্তৰ বিয়াৰ ক্ষেত্রত সন্যাসীৰ ভূমিকা, ‘ৰহদৈ
লিগিৰী’ উপন্যাসত আগমানন্দ স্বামীৰ কথা,
‘তাম্রেশ্বৰী’মন্দিৰ উপন্যাসত বামাচাৰীৰ কথা আমি ইয়াত
উল্লেখ কৰিব পাৰোঁ।
বঙ্কিমচন্দ্রৰ নিচিনাকৈয়ে আমি ৰজনীকান্ত
বৰদলৈৰ উপন্যাসতো সপোনৰ এটা বিশেষ ভূমিকা লক্ষ্য কৰোঁ। সপোনৰ সহায়েৰে লেখকে বহু সময়ত
আসন্ন বিপদ নাইবা নায়ক-নায়িকাৰ ভৱিষ্যৎ কর্মপন্থাৰ ইঙ্গিত প্ৰদান কৰিছে। কিছুমান ঠাইত সপোনৰ সহায়ত উজ্জ্বল ভবিষ্যতৰ ইঙ্গিত দিয়া
হৈছে। ‘ৰঙ্গিলী’, ‘ৰহদৈ লিগীৰী’,
‘নির্মল ভকত’ আৰু ‘তাম্রেশ্বৰী মন্দিৰ’ উপন্যাসতো
সপোনৰ সমাৱেশ লক্ষ্য কৰিবলগীয়া। ‘ৰঙ্গিলী’ উপন্যাসে ৰঙ্গিলীয়ে প্রেমিক সৎৰামকে সপোন দেখাৰ কথা কৈছে।
তাই সপোন দেখে যে ৰজাৰ ঘৰত জুই লাগিছে। সেই জুইৰ কবলত পৰি মানুহ দিগ্বিদিক
জ্ঞানশূন্য হৈ পলাই গৈছে। লাহে লাহে সেই জুয়ে সমগ্র অসমকে গ্রাস কৰি পেলাইছে। সৎৰামে
অবশ্যে এই সপোনক খুব এটা গুৰুত্ব দিব বিচৰা নাই। সি ভাবে যে সপোন মস্তিষ্কৰ
ভ্রান্তি মাত্র। ‘মনোমতী’ উপন্যাসত কমল আতৈয়ে দেখা পশ্চিম আকাশত জুই জ্বলি উঠা সপোন, স্বর্গৰ
পৰা আই নামি আহি পদুমীক লৈ যোৱা বুলি দেখা সপোন যথেষ্ট তাৎপর্য থকা। ‘মিৰিজীয়ৰী’ উপন্যাসত
পানেয়ে জঙ্কিৰ হাত ধৰি ঘুৰি ফুৰা, নাৱত ঘুৰি ফুৰা,
বিহু নাচত অংশগ্রহণ কৰাৰ সপোন দেখিছিল। বঙ্কিমচন্দ্রৰ
‘বিষবৃক্ষ’ উপন্যাসত
সপোনে এটা গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি কুন্দনন্দিনীৰ পৰৱর্তী জীৱনক নিয়ন্ত্রণ
কৰিছে।অকল সপোনেই নহয়, অতিপ্রাকৃত
ঘটনাৱলীয়েও বঙ্কিমচন্দ্রৰ দ্বাৰা সৃষ্ট চৰিত্রবোৰক ভালেমান প্রভাৱান্বিত কৰিছে। ‘মিৰি-জীয়ৰী’ উপন্যাসৰ
উপসংহাৰে আমাক ‘বিষবৃক্ষ’ উপন্যাসৰ কথা মনত পেলাই দিয়ে। বঙ্কিমচন্দ্রৰ নিচিনাকৈ অৱশ্যে বৰদলৈয়ে ইয়াত ঔপন্যাসিকৰ
নৈর্ব্যক্তিকতা বজাই ৰাখিব পৰা নাই। ‘বিষবৃক্ষ’উপন্যাসৰ শেষত
বঙ্কিমচন্দ্রই কৈছিল— ‘আমৰা বিষবৃক্ষ সমাপ্ত কৰিলাম। ভৰসা কৰি, ইয়াতে গৃহে গৃহে অমৃত ফলিবে।’ নৈয়ায়িক
বঙ্কিমচন্দ্রৰ ওচৰত এনেকৈয়ে সিদিনা কবি বঙ্কিমচন্দ্রৰ পৰাজয় ঘটিছিল। সেইবাবে সাহিত্যৰস ক্ষুণ্ণ হৈছিল। ‘মিৰি জীয়ৰী’ উপন্যাসৰ
ক্ষেত্রতো একেই অভিযোগ উঠিব পাৰে। বঙ্কিমচন্দ্রৰ নিচিনাকৈ ৰজনীকান্ত বৰদলৈয়েও ইয়াত ঔপন্যাসিকৰ
নৈর্ব্যক্তিকতা বজাই ৰাখিবলৈ সক্ষম হোৱা নাই।‘মিৰিজিয়ৰী উপন্যাসৰ উপসংহাৰতো যেন
ৰজনীকান্ত বৰদলৈয়ে বঙ্কিমচন্দ্রৰ পথকে অনুসৰণ কৰি লিখিছে- ‘আমাৰ হতভাগিনী ‘মিৰিজীয়ৰী’ৰ
দুখলগা কাহিনী খতম কৰিলো। আশা কৰো ইয়াতে এতিয়াৰ পৰা মিৰিৰ ঘৰে ঘৰে সুফল ফলিব।’
১৯৪০ চনৰ ২৫ জুন তাৰিখে প্রয়াত হোৱা ৰজনীকান্ত
বৰদলৈৰ উপন্যাসৰ জনপ্রিয়তাৰ মূলত আছে কাহিনী আৰু ঘটনাৰ মনোৰম প্রকাশভঙ্গী। তেওঁৰ
বক্তব্য উপস্থাপনত ক’তো কোনো ধৰনৰ অস্বাভাৱিতা নাই। দৈনন্দিন জীৱনত ব্যৱহৃত সহজ
সৰল কথনভঙ্গী, জতুৱা ঠাঁচৰ ব্যৱহাৰ আৰু উপমাৰ সঠিক প্রয়োগে বৰদলৈৰ সাহিত্যক
জনপ্রিয় কৰি তুলিছে।
---