অন্যযুগ/


বিপুল খাটনিয়াৰৰ ‘বাঁকৰ সাধু’ : বিশ্বাস বনাম বাস্তৱতা

 দীপজ্যোতি বৰা

 

       ১৯৮০ চনত প্ৰকাশিত ‘খোজৰ শব্দ’ শীর্ষক গল্প সংকলেনেৰে অসমীয়া চুটিগল্পৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰা বিপুল খাটনিয়াৰ (১৯৫৩-২০২১) সমাজ সচেতন গল্পকাৰ হিচাপে বিশেষভাৱে পৰিচিত৷ ভ্ৰমণ তথা ক্ষেত্ৰ অধ্যয়নৰ পৰা পোৱা অভিজ্ঞতা আৰু খাটি খোৱা মানুহৰ জীৱনৰ প্ৰতি থকা অনুসন্ধিৎসাই তেখেতৰ গল্পত সততে বিষয়বস্তু নির্মাণৰ আধাৰ হিচাপে থিয় দিয়ে৷ সমান্তৰালভাৱে চিন্তা উদ্বেগকাৰী গল্পকথন আৰু অভিনৱ গল্পভাষায়ো তেখেতৰ গল্পক অধিক আকর্ষণীয় কৰি তোলে৷

একবিংশ শতিকাৰ অসমীয়া পাঠকে কেতিয়াবাই নিজৰ শিপা হেৰুৱাই পেলাইছে বা আজিৰ প্ৰজন্ম বাঁক, কমলা কুঁৱৰী আদি লোককথাৰ চৰিত্ৰসমূহৰ বিষয়ে সম্পূৰ্ণ অনভিজ্ঞ৷ তেনে প্ৰেক্ষাপটত সমাজ সচেতন গল্পকাৰে অসমীয়া সংস্কৃতিৰ সেই বিৰাট অৱয়বক গল্পৰ জৰিয়তে পাঠক সমাজক পৰিচয় কৰাই দিয়াৰ চেষ্টা কৰে৷ আনহাতে, ইতিহাসৰ পাতত সংযোজিত নোহোৱা বহু প্ৰসংগও তেখেতে এনে গল্পসমূহৰ মাজেৰে ক’ব খোজে৷ প্ৰসংগক্ৰমে ‘ভিন্ন জীৱন ভিন্ন কথকতা’ সংকলনটিত সংকলিত ‘বাঁকৰ সাধু’ গল্পটো আলোচনা কৰিব পাৰি৷

গল্পটোত কমলা গাঁওবুঢ়া নামৰ চৰিত্ৰটোৰ আত্মবিশ্লেষণ তথা বৃদ্ধ বয়সত তেওঁৰ অতীত জীৱনৰ অপৰাধৰ অকপট স্বীকাৰোক্তিৰ কাহিনী কোৱা হৈছে যদিও তাৰ আধাৰ হিচাপে গল্পকাৰে গ্ৰহণ কৰিছে অসমীয়া জনসমাজত প্ৰচলিত বাঁকৰ সাধুটো৷ গল্পটোত আৰম্ভণিতে এগৰাকী আইতাৰ মুখেৰে বাঁকক পৰিচয় কৰাই দিছে এনেদৰে– মূৰ নাথাকে৷ ডিঙিৰ পৰা তলৰখিনি কিন্তু মানুহৰ দৰে একেই; গাটো তেল পৰি পিছলা৷ হাত দীঘল, লেৰবাই যোৱা আৰু এই দীঘল বাকুহা নখ৷ ... মনত ৰাখিবিহঁক, মাটিত বাঁকৰ কেতিয়াও ছাঁ নপৰে৷ দোকোল-টকা বানে যেতিয়া ঘৰৰ ভেটি চোৱেহি বহল ডাঙৰ পিতনিৰ পৰা ওলাই আহি সিহঁতে চিলনীয়ে টিপচিক ধৰাদি টিপতে ৰৌ-বাহুবোৰক নখেৰে বখলিয়ায়৷” (পৃ. ৩৪)

পাঁচটা খণ্ডত বিভক্ত গল্পটোৰ প্ৰথম দুটা খণ্ডত ক্ৰমে বাঁক আৰু কমলা কুঁৱৰীৰ সাধু দুটা এগৰাকী আইতাৰ মুখেৰে নাতি-নাতিনীহঁতক কোৱাই গল্পকাৰে এক পৰম্পৰাগত অসমীয়া পৰিয়াল আৰু বৰ্ণিল সংস্কৃতিৰ ছবি দাঙি ধৰিছে৷ তাৰ পৰৱর্তী তিনিটা ভাগত জীৱন কালতে শ্ৰাদ্ধ পতা সম্ভ্ৰান্ত চৰিত্ৰ কমলা গাঁওবুঢ়াৰ আৰু তেওঁৰ পৰিয়ালৰ পৰিচয়সূচক বর্ণনা আগবঢ়াইছে৷ অৱশ্যে নাটকীয়ভাৱে সমগ্ৰ গল্পটোৰ মূল তাৰ শেষাংশতহে প্ৰকট হয়৷ শ্ৰাদ্ধ, ভাওনা আৰু ভোজৰ শেষত কমলা গাঁওবুঢ়াই ৰাইজৰ সমুখত আঁঠু লৈ ডেকা বয়সতে নিজৰ হৰিভকতক হত্যা কৰি সেই হত্যা কৰা আৰু সেই হত্যাকাণ্ডক বাঁকৰ প্ৰকৰণ হিচাপে দেখুওৱাৰ কথা অনুশোচনাৰে স্বীকাৰ কৰিছে—

হৰিভকত আগে আগে গৈ আছে৷ মোৰ ভিতৰৰ পশুটোৱে গা-মূৰ জোকাৰি উঠিল৷ এন-গেন নকৰি হঠাতে উজান কাটিবলৈ নিয়া দাৰ গাদীৰে তেওঁৰ মূৰত এটা প্ৰচণ্ড কোব সোধালোঁ৷ একে কোবে তেওঁ সিফলীয়া হ’ল৷ তাৰ পিছত পানী যুৱলিত বোকা আঁতৰাই গাঁত এটা খান্দি মূৰটো ওভতাই পুতি খৰ-খেদাকৈ উভতি আহিলোঁ৷” (পৃ. ৪১)

সমাজত প্ৰচলিত ‘বাঁক’কেন্দ্ৰিক ধ্যান-ধাৰণা বা অন্ধবিশ্বাসৰ সুযোগ লৈ তেওঁ আজীৱন সেই হত্যাকাণ্ড সমাজৰ পৰা অজ্ঞাতে ৰাখিলে আৰু জীৱনৰ শেষ সময়লৈকে মৃত সখিয়েকৰ সম্পত্তি ভোগ কৰিলে৷ সাধু বা লোককাহিনীত বাঁক জাতীয় অতিলৌকিক চৰিত্ৰৰ উল্লেখ পোৱা যায় যদিও তাৰ কোনো বাস্তৱিক ভিত্তি নাই৷ তেনেস্থলত এয়া চহা মানুহক প্ৰবঞ্চনা কৰাৰ এক কিটিপ বুলি ভবাটোহে অধিক যুক্তিসংগত৷ কিন্তু এনে অন্ধবিশ্বাস, কু-সংস্কাৰ আদিৰ গইনা লৈ অতীতত বহু অপৰাধমূলক বা অনৈতিক কাৰ্য-কলাপ সংঘটিত হৈছিল; যিবোৰ কালৰ সোঁতত হেৰাই গৈছে৷ গল্পকাৰ বিপুল খাটনিয়াৰে তেনে কিছুমান সম্ভাব্য ঘটনাকে গল্পৰ মাজত বিবেচনাৰ বাট কাটিছে৷ চমুকৈ ক’বলৈ গ’লে, খাটনিয়াৰৰ ‘বাঁকৰ সাধু’ গল্পটোৱে লোকবিশ্বাস বা অন্ধবিশ্বাস আৰু ঐতিহাসিক সমাজ বাস্তৱতাক একাকাৰ কৰিছে৷

 

ঠিকনা : 

দীপজ্যোতি বৰা

গৱেষক, অসমীয়া বিভাগ

গুৱাহাটী বিশ্ববিদ্যালয়

যোগাযোগ :  ৬০০২১-০৬৮৯৫

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ