অন্যযুগ/


সাংস্কৃতিক সাৱলীলতা

নীৰাজনা মহন্ত বেজবৰা


পর্য্যটকৰ ভিৰৰ মাজতে ১০-১১ বছৰ মানৰ ছোৱালীজনীয়ে মোৰ ফালে আগবাঢ়ি মোক কিবা ক’ব খোজা বা কিবা ইংগিত দিব খোজা যেন লাগিল। সেই ঠাইত, সেইখিনি মানুহৰ মাজৰ পৰা তাইৰ নিচিনা কাৰোবাৰ মোক কিবা ক’ব লগীয়া বা জনাব লগীয়া থাকিব পাৰে বুলি ভবাৰ থল তেনেকৈ নাছিল। গতিকে পুনৰাবৃত্তি নঘটা হ’লে কথাটো হয়তো পিছত আৰু কেতিয়াও মোৰ মনলৈ নহাকৈয়ে থাকি গ’লহেঁতেন।

কিন্তু মাজতে আকৌ এবাৰ তাইৰ মুখামুখি হ’লোঁ। এইবাৰ কিন্তু তাইক মোৰ ফালে চাই হাত যোৰ কৰা যেন দেখিলোঁ। ওচৰ চাপি গ’লোঁ। হাতযোৰ কৰাৰ লগতে মূৰটো অলপ দোঁৱাই তাই এইবাৰ মুখেৰে কিবা এটা কোৱা যেনো লাগিল। দেহৰ ভঙ্গিমাৰ লগত মিলাই ‘নমস্তে’ বুলি কোৱা বুলিয়ে মই ভাবি ল’লোঁ। অৱশ্যে কেৱল শব্দটোহে শুনা হ’লে সেই বুলি ভাবিব পৰাকৈ শব্দটো তাইৰ মুখত স্পষ্টকৈ উচ্চাৰিত হোৱা নাছিল।

এয়া হ’ল ইউৰোপৰ চেক ৰিপাব্লিক নামৰ দেশখনৰ ৰাজধানী চহৰ প্রাগত ২০১৮ চনৰ জুলাই মাহৰ কোনোবা দিন এটাত খোজকাঢ়ি ঘূৰি ফুৰাৰ কথা। তাইৰ কাষ চাপি গৈ মই তাইনো মোক সেয়া কি দেখুৱাইছে সুধিলোঁ। তাই হাঁ-কৈ মুখ মেলি মোলৈ চাই থাকিল। স্কুলীয়া দল এটাৰ লগত তাই আহিছিল। মই তাইক কিবা সুধি থকা দেখি কি-নো হ’ল বুলি ভাবি তাইৰ শিক্ষয়িত্রী এগৰাকী ওচৰলৈ আহি কি হৈছে সুধিলেহি। তেওঁলোকৰ কথা মই বুজি নেপালোঁ আৰু তেওঁলোকেও মোৰ কথা বুজি নেপালে। কিবা এটা ঘটিছে বুলি ভাবি সেইখিনিত মানুহে জুম বান্ধিলে। তাৰ মাজৰে যেনিবা এজনে স্থানীয় চেক ভাষা আৰু ইংৰাজী দুয়োটাই জানিছিল। তেওঁ দোভাষীৰ ভূমিকা লোৱাত মোৰ আৰু ছোৱালীজনীৰ মাজত এইখিনি কথোপকথন হ’ল –

“সেয়া তুমি মোক কি কৰি দেখুৱাইছিলা?”

“আপুনি ভাৰতীয় মানুহ কাৰণে মই আপোনাক ভাৰতীয় নিয়ম অনুসৰি সম্ভাষণ

জনাইছিলোঁ।”

“মোক ভাৰতীয় বুলি কেনেকৈ জানিলা?”

“আপুনি ভাৰতীয় ড্রেছ শাড়ী পিন্ধিছে।”

“এইটো ভাৰতীয় ড্রেছ আৰু ভাৰতীয় মানুহে এনেকৈ সম্ভাষণ জনোৱাৰ কথাটো

তুমি কেনেকৈ জানিলা?”


“হিন্দী মুভী চাই শিকিলোঁ।”

ভাৰতীয় সংস্কৃতিৰ অন্তর্গত এই নমস্কাৰৰ কথাটো সেই ছোৱালীজনীয়ে হিন্দী চিনেমাৰ সহায়ত শিকিছিল আৰু তাৰ যথাযোগ্য প্রয়োগবিধিও আয়ত্ত কৰিছিল। অথচ ইংৰাজীকে ধৰি ভাৰতত প্রচলিত কোনো ভাষাৰে জ্ঞান তাইৰ নাছিল। 

আজিৰ বেপাৰ-বাণিজ্যৰ যুগত এখন বিশ্ববজাৰৰ সৃষ্টি হৈছে। তাৰ পৰা হোৱা পাৰস্পৰিক সম্পর্ক তথা যোগাযোগনির্ভৰ ‘এখন বিশ্ব’ৰ ধাৰণাই আমাৰ ভাষা-সাহিত্য, কলা-সংস্কৃতিৰ ক্ষেত্রখনতো প্রভূত প্রভাব পেলাইছে। কিন্তু আন সকলো বিষয়তকৈ ব্যৱসায়ৰ ক্ষেত্রখন বিশ্বাত্মকতাৰ, বিশ্বৰ বিভিন্ন অঞ্চল-ভাষা-সংস্কৃতিৰ পাৰস্পৰিক সম্পর্ক-সহযোগিতাৰ ওপৰত বহুত বেছিকৈ নির্ভৰশীল। সেইখন ক্ষেত্র বর্তি থাকিবৰ বাবে (sustain আৰু survive কৰিবলৈ) এই সম্পর্ক-সহযোগিতা অনিবার্য্য। ব্যৱসায়ৰ ক্ষেত্রখনে বিশ্বাত্মক সফলতাৰ বাবে আৱশ্যক বুলি ভবা কোনো দিশকেই এৰি দিয়া নাই। এনে লাগে, ভাষা-সাহিত্য-সংস্কৃতিৰ দিশ কিছুমানকো সেইখন জগতে ক’বলৈ গ’লে কেতিয়াবা তাৰ মূল মূল ক্ষেত্রসমূহতকৈও আগতীয়াকৈ আৰু অধিক ৰূপতহে সাঙুৰি লৈছে। বাণিজ্যিক সফলতাৰ কাৰণে আচলতে সেইখন জগতে বিশ্ব পৰিসৰত মানুহৰ লগত জড়িত প্রতিটো দিশতে চিন্তা-চর্চা চলাইছে। বিশ্ব পৰিসৰত মানুহক বুজিবৰ কাৰণে আৰু বুজাবৰ কাৰণে, অন্য কথাত যোগাযোগৰ কাৰণে সংস্কৃতিৰ প্রসঙ্গও সামৰি লৈছে।

এই ধৰণেৰে অহা এটা ধাৰণা হ’ল সাংস্কৃতিক সাৱলীলতা(cultural fluency)। ই ভিন ভিন সংস্কৃতি আৰু সাংস্কৃতিক কার্য্যকলাপৰ লগত সহজ বা স্বাভাবিক পৰিচয়, সম্বন্ধ স্থাপন; প্রয়োজনসাপেক্ষে সাংস্কৃতিক ৰীতি-নীতিৰ প্রয়োগ ক্ষমতা; সাংস্কৃতিক উপাদান বুজাৰ আৰু বুজুওৱাৰ দক্ষতাৰ কথা সূচায়। এই সাৱলীলতা নিজৰ সংস্কৃতিৰ সম্পর্কতো আৰু আনৰ সম্পর্কতো হ’ব পাৰে। ইয়াৰ সহায়ত মানুহে যোগাযোগৰ সময়ত বিভিন্ন সংস্কৃতিৰ উপাদানবিলাক বুজিব পাৰে। আৱশ্যক মতে বিভিন্ন সংস্কৃতিৰ পৰা উপাদান প্রয়োগো কৰিব পাৰে। অন্য কথাত, কওঁতাই যি মতে কয় বা প্রেৰকে যি অর্থত প্রেৰণ কৰে, সেই অর্থতে বুজিব পাৰে আৰু বিপৰীতে কওঁতে গ্রাহকৰ সংস্কৃতিৰ লগত খাপ খোৱাকৈ, গ্রাহকে আয়াসতে বুজিব পৰাকৈ প্রেৰণ কৰিব পাৰে। এই যোগ্যতা এক প্রকাৰে ‘cross cultural competency’। ই বিভিন্ন সংস্কৃতিৰ মানুহৰ লগত প্রভাবশালী যোগাযোগৰ বাট মুকলি কৰে। ভাব-বিচাৰৰ প্রেৰণ আৰু গ্রহণ, মানুহৰ আচৰণ তথা আন আন ধৰণ-কৰণ বুজিব পৰা তথা তাৰ সহায়ত আনৰ লগত সম্পর্ক গঢ়িব পৰা সামর্থ্য প্রদান কৰে। আচৰণ, ধৰণ-কৰণ মানে কিছুমান সংকেত। সাংস্কৃতিক সাৱলীলতাই নিজৰ বা অন্য সংস্কৃতিৰ পৰিবেশ আৰু সংকেত বুজিব পৰা কৰে।

ওপৰত উল্লেখ কৰা পৰিবেশ, সংকেত আদিৰ প্রসঙ্গ কেইটামান উদাহৰণেৰে স্পষ্ট কৰিব পৰা যায়। ‘ভকতৰ একে পাগত চলিব নহয়?’ এই বাক্যটোৰ অর্থক কেৱল ভাষিক অর্থৰ ভিতৰতে সুমুৱাই থ’ব নোৱাৰি। ইয়াৰ লগত অসমৰ বৈষ্ণব ভকতীয়া সংস্কৃতিৰ বিশেষ পৰিবেশ-প্রসঙ্গ(context) এটা আছে। আকৌ ভিন্ন সংস্কৃতিত একেই সংকেতে ভিন্ন ভিন্ন অর্থ প্রকাশ কৰিব পাৰে। তামিলনাডুত মূৰটো সোঁফালৰ পৰা বাওঁফাললৈ, বাওঁফালৰ পৰা সোঁফাললৈ ঘূৰোৱা মানে সদর্থক ভাব, আমাৰ ইয়াত ই নেতিবাচক অর্থ সূচায়।

কোনো এটা ভাষাৰ শব্দসম্ভাৰে চাবলৈ গ’লে সংশ্লিষ্ট সংস্কৃতিৰ প্রকাশ ঘটায়। হ’লেও কিন্তু সাংস্কৃতিক সাৱলীলতাৰ লগত প্রকাশভঙ্গী, ভাষাভিন্ন সংকেতবিলাক --- যেনে শৰীৰ ভাষা, অঙ্গসংকেত আদি আৰু সাংস্কৃতিক চিহ্ন জড়িত হৈ থাকে। আমাৰ সংস্কৃতিত কিতাপ মাটিত বা ভৰিত পৰিলে সভক্তিৰে তুলি নি মূৰত লগোৱা, মানুহৰ মাজেৰে বা আগেৰে যাওঁতে হাত আগলৈ দি হাউলি যোৱা আদিবিলাক ইয়াৰ উদাহৰণ।

এজন মানুহে ভাষা এটা হয়তো অতি সুন্দৰকৈ ক’ব পাৰে। ভাষা শিক্ষণৰ লগতেই সংস্কৃতি সম্পর্কীয় কিছু কিছু জ্ঞানো সাঙোৰ খাই আহেই। সংস্কৃতিক সম্পূর্ণ আঁতৰাই থৈ ভাষাৰ কথা ভাবিব নোৱাৰি। হ’লেও কিন্তু ভাষা সাংস্কৃতিক সাৱলীলতাৰ প্রথম খোজহে। এখন দেশত বা ঠাইত মানুহ এজনৰ ব্যৱহাৰ একমাত্র ভাষাজ্ঞানৰ যোগেদিয়ে সম্পূর্ণ উপযুক্ত হৈ উঠিব নোৱাৰে। ক’ত, কেনেকৈ কি শব্দ, কি প্রকাশভঙ্গীৰ প্রয়োগ কৰিব সেই সম্পর্কীয় কুশলতাৰ বাবে সাংস্কৃতিক সাৱলীলতাৰ প্রয়োজন। সাংস্কৃতিক সাৱলীলতা ভাষিক সাৱলীলতাতকৈ জটিল। দুয়োটাৰে সমন্বয়-সহযোগত পূর্ণ পর্য্যায়ৰ, উচ্চ পর্য্যায়ৰ সফল যোগাযোগ সম্ভব হৈ উঠিব পাৰে। ভাষিক প্রকাশভঙ্গীৰ লগত সেই ভাষাৰ লগত জড়িত সাংস্কৃতিক উপাদান সাঙোৰ খাই থকাৰ বিপৰীতে সাংস্কৃতিক উপাদান এটা সাধাৰণতে তাৰ লগত বান্ধ খাই থকা ভাষিক প্রকাশভঙ্গীৰেহে প্রকাশ কৰাটো সম্ভব। অন্যথা সি অদ্ভূত অথবা বিষম অর্থ প্রকাশ কৰিবগৈ পাৰে। সাংস্কৃতিক সাৱলীলতাৰ দিশটো দুর্বল বা উপেক্ষিত হৈ থাকিলে কেৱল ভাষিক উপাদানসমূহৰ পৰিচয়েৰে আহৰণ কৰা তথাকথিত ভাষাজ্ঞান বিষয়ৰ সম্পূর্ণ অর্থৰ প্রেৰণ-গ্রহণৰ বাবে উপযুক্ত নহয়। ‘চাউল সিজোৱা লোৱা হ’লনে?’ এই ‘চাউল সিজোৱা’ৰ লগত এক সাংস্কৃতিক অনুষঙ্গ (connection, context) জড়িত হৈ আছে। শব্দ দুটাই নহয়, তাৰ লগত জড়িত অনুষঙ্গই আমাক গভীৰ অর্থ সাগৰত জুবুৰিয়াইগৈ। ‘boiled rice’ বা পকা হুৱা চাৱল, বুলিলে বা ভাত, চাৱল, rice – আদি শব্দবোৰে আমাক মাত্রঅর্থ সাগৰৰ পাৰলৈকেহে নিব পাৰিব, নিমজ্জিত কৰিব নোৱাৰে।

বাটত দুজন চিনাকি মানুহ ভেটাভেটি হ’লে আমি “ক’ৰ পৰা(আহিলে)?”, “কোনফালে(যায়)?” এনেকৈ সোধোঁ। এয়া আমাৰ ভাষা-সংস্কৃতিত সম্ভাষণ জনোৱাৰ এক ৰীতি। কিন্তু কেৱল শব্দকেইটাৰ অর্থলৈ চালে ইয়াত কোনো ধৰণেৰে সম্ভাষণৰ ভাব সোমাই থকা নাই। অন্য কোনো ভাষা-সংস্কৃতিত শব্দকেইটাৰে ভাষান্তৰ ঘটাই প্রয়োগ কৰিবলৈ গ’লে পৰিণাম বৰ সুখকৰ নহ’ব নিশ্চয়। দুপৰীয়া বা তাৰ অলপ পাছত, ৰাতি আমাৰ মানুহৰ সাধাৰণ খোৱাৰ সময়ত হ’লে কথা পাতোঁতে আমি ‘ভাত খালেনে?’ বা ‘খোৱা-বোৱা কৰিলে?’ এনেকৈও সোধোঁ। এইষাৰ কথাৰ লগত আমাৰ এক বিশেষ মনোভাব জড়িত হৈ থাকে। সেয়া হ’ল -- আপুনি সকলো প্রকাৰে ‘relaxed’ নে? ইয়াৰ যোগেদি চাবলৈ গ’লে ব্যক্তিজনৰ প্রতি এক সর্বাত্মক সদ্ভাৱনাৰ ভাব প্রকাশিত হৈছে। এই ভাবটো শব্দকেইটাৰ অর্থত সোমাই থকা নাই। আকৌ, ইংৰাজীত – ‘Let me introduce/define/explain’ আদি ধৰণেৰে কোৱা হয়। এইকেইটা শব্দকে আমাৰ ভাষালৈ আনি ‘মোক চিনাকি কৰি দিবলৈ দিয়ক/ব্যাখ্যা কৰিবলৈ দিয়ক’ আদি ধৰণৰ প্রকাশভঙ্গী শ্রুতিকটূ হ’ব।

ইফালে ভাষা নজনাকৈয়ো সাংস্কৃতিক সাৱলীলতা থাকিব পাৰে। ওপৰত উনুকিয়াই অহা চেকভাষী ছোৱালীজনী তাৰ উদাহৰণ। তাই মোৰ পোছাকটো ভাৰতীয় বুলি জানিছিল আৰু সেই পোছাকৰ লগত জড়িত সংস্কৃতিত সম্ভাষণ জনোৱাৰ নিয়মটোও জানিছিল। তাৰ সহায়তে তাইৰ মোৰ লগত এক সম্পর্ক স্থাপন কৰাটো সম্ভব হৈছিল।

বিভিন্ন ভাষিক কলা, যেনে -- সাহিত্য, থিয়েটাৰ, চিনেমা, গান আদিৰ পৰা সাংস্কৃতিক সাৱলীলতা বৃদ্ধি পায়। ভাষিক উপাদান থকা পৰিবেশ্য কলাৰ পর্য্যবেক্ষণ, অনুষ্ঠানৰ উপভোগ তথা অংশ গ্রহণে ইয়াৰ বৃদ্ধিত বহুত সহায় কৰে। সেই ছোৱালীজনীৰ ক্ষেত্রত চিনেমাৰ প্রসঙ্গ আহিছে। ধৰক এজন বাহিৰৰ দেশৰ মানুহে মহাভাৰতখন পঢ়িবলৈ লৈ দেখিছে – গ্রন্থৰ আৰম্ভণি ‘নাৰায়ণং নমস্কৃত্য নৰঞ্চৈৱ নৰোত্তমঃ। দেৱী সৰস্বতীঞ্চৈৱ ততো জয়মুদীৰয়েৎ’ – এই শ্লোকেৰে কৰা হৈছে। অসমীয়া ভাওনা এখন চাওঁতে বা তাৰ লিখিত ৰূপটো পঢ়োঁতেও দেখিছে – আৰম্ভণিতে ‘শ্রীকৃষ্ণায় বাসুদেৱায়….’ ইত্যাদি শ্লোক। বিহু গীত-নৃত্যানুষ্ঠানতো দেখিলে বা শুনিলে – ‘প্রথমে প্রণামো আই সৰস্বতী দ্বিতীয়ে প্রণামো হৰি…’ – এইবোৰৰ পৰা মানুহজনে ভাৰতীয় সংস্কৃতিত যি কোনো সাংস্কৃতিক কর্ম ভগৱানৰ বন্দনাৰে আৰম্ভ কৰাৰ ধাৰণা এটা পালে। তেনেকৈয়ে বিহুনামত – ‘গাৱঁৰ বুঢ়া-মেথা জগৰ নধৰিবা’ আৰু বিয়ানামত – ‘জোৰানাম গাবলৈ দিয়ক অনুমতি’ আদিৰ পৰা অসমীয়া সমাজ-সাংস্কৃতিক পৰম্পৰাত জ্যেষ্ঠজনৰ মান্যতা, গুৰুত্ব আদিৰ ধাৰণা কৰিব পৰা যায়।

বাণিজ্যৰ জগতখনে যোগযোগত সফলতাৰ দৃষ্টিৰে সাংস্কৃতিক সাৱলীলতাৰ প্রসঙ্গ সামৰি লৈছে। সামগ্রিক ৰূপত ই কিন্তু সংস্কৃতিৰ অন্তর্গত ভিন ভিন দিশ সম্পর্কীয় সজাগতাৰ কথা সামৰি লয়। সাংস্কৃতিক সাৱলীলতাৰ লগত সাংস্কৃতিক বুদ্ধিমত্তা (cultural intelligence)ৰ প্রসঙ্গও জড়িত কৰিব পাৰি। থোৰতে ক’বলৈ হ’লে এই সাংস্কৃতিক বুদ্ধিমত্তা হ’ল সংস্কৃতি সম্পর্কীয় জ্ঞান-কৌশল অর্জন-আহৰণৰ যোগ্যতা(ability to acquire and apply cultural knowledge and skill)। চাবলৈ গ’লে সাংস্কৃতিক সাৱলীলতাৰ অন্তৰালৰ মূল কথাটোৱে হৈছে সাংস্কৃতিক বুদ্ধিমত্তা। আনৰ লগত যোগাযোগৰ সময়ত সেই সংস্কৃতিৰ সূক্ষ্ম গতি-বিধি তথা গ্রহণীয়-অগ্রহণীয় আদব-কায়দাৰ প্রতি সংবেদনশীল হ’ব পাৰিব লাগে। যোগাযোগ বোলোঁতে আকৌ শৰীৰভাষা, বাচনিক লক্ষণ, স্পর্শ, সময়নিষ্ঠা, স্থানিক দূৰত্ব সকলো ক্ষেত্রতে পৰিবেশ-পৰিস্থিতি-পৰম্পৰা অনুসৰি উপযুক্ত আচৰণ তথা সেই সম্পর্কীয় সজাগতাৰ কথা আহে। পশ্চিমীয়া সংস্কৃতিত সময়নিষ্ঠাৰ কথাটো গুৰুত্বসহকাৰে লোৱা হয়। আমাৰ ইয়াত নহয়। সেই সংস্কৃতিত প্রায় ব্যক্তি নির্বিশেষে সম্ভাষণৰ ক্ষেত্রত কৰমর্দন, আলিঙ্গন আদিৰে অতি স্বাভাবিকভাবেই স্পর্শৰ দিশটোৱে স্থান লাভ কৰে। ভাৰতীয় সংস্কৃতিত স্পর্শৰ কথাটো বৰ সহজভাবে বা অনেক ক্ষেত্রতে ভাল ভাবত লোৱা নহয়। অন্য সংস্কৃতিৰ ব্যক্তিৰ লগত যোগাযোগ কৰোঁতে এইবিলাকৰ প্রতি সংবেদনশীল হোৱাৰ আৱশ্যকতাৰ কথাটোৱে সাংস্কৃতিক সাৱলীলতাৰ লগত আৱেগিক বুদ্ধিমত্তা(emotional intelligence)কো জড়িত কৰি লয়। এই আৱেগিক বুদ্ধিমত্তাও সাংস্কৃতিক সাৱলীলতাৰ দৰেই এক প্রকাৰৰ দক্ষতা। ই নিজৰ আৰু আনৰো আবেগ-অনুভূতি বুজাৰ তথা উপযুক্তভাবে নিয়ন্ত্রিত কৰাৰ দক্ষতাৰ কথা সূচায়, প্রয়োজনীয় আবেগৰ গ্রহণ আৰু অপ্রয়োজনীয়ৰ বর্জনেৰে নিজক আৰু আনক উৎসাহিত-অনুপ্রাণিত কৰাৰ কথা সূচায়।

এই ক্ষেত্রত সাংস্কৃতিক আপেক্ষিকতাবাদ(cultural relativism)-ৰ প্রসঙ্গও আনিব পাৰি। ইয়াৰ মূল কথাটো হৈছে প্রত্যেক সংস্কৃতি, তাৰ অন্তর্গত আচৰণ, ৰীতি-নীতি সিবিলাকৰ নিজ নিজ প্রসঙ্গ-পৰিস্থিতি(context)তহে বর্তি থাকে বা নিজ নিজ প্রসঙ্গ-পৰিস্থিতিতহে তাৰ উপযোগিতা-অনুপযোগিতা, দোষ-গুণ, গ্রাহ্যতা-অগ্রাহ্যতা বিবেচিত হোৱা উচিত। গতিকে সাংস্কৃতিক উপাদান এটা বুজিবলৈ হ’লে তাৰ নিজস্ব পৰিবেশ-প্রসঙ্গ বুজি ল’ব লাগিব। আনে তাক নিজৰ সংস্কৃতিৰ মূল্যমাপক(standard)-এৰে জুখিবলৈ যাব নেলাগে। উদাহৰণ স্বৰূপে – পশ্চিমৰ মানুহে ৰাজহুৱা স্থানত চুমা খোৱা, পূবৰ কোনো কোনো দেশৰ আৰু আমাৰ উত্তৰ-পূব ভাৰতৰো কোনো কোনো অঞ্চলৰ মানুহে বিভিন্ন পোক-পৰুৱা খাদ্য হিচাপে গ্রহণ কৰাৰ কথা অন্য ভাৰতীয়সকলে নিজৰ সংস্কৃতিৰ আধাৰত বিবেচনালৈ আনিব নেলাগে। বিশ্ব মানবৰ মাজত বিষমতাৰ ভাব আঁতৰ কৰাৰ ক্ষেত্রত ব্যক্তিয়ে হওক বা সমাজেই হওক, সাংস্কৃতিক আপেক্ষিকতাবাদী(cultural relativistic) মনোভাব গ্রহণ কৰাৰ আৱশ্যকতা অসীম।

সামৰণিত, বাণিজ্যিক সফলতাৰ বাবে প্রভাবশালী তথা আকর্ষণীয় যোগাযোগৰ উদ্দেশ্যৰে চর্চালৈ অহা সাংস্কৃতিক সাৱলীলতাই একে সংস্কৃতিৰ ভিতৰতে আৰু বিশেষকৈ বিভিন্ন সংস্কৃতিৰ মানুহৰ মাজত যোগাযোগ সফল কৰাৰ লগতে পাৰস্পৰিক সম্পর্ক-সদ্ভাৱ বৃদ্ধিৰ বাট উলিয়াই দিয়ে। গতিকে ভাষা-শিক্ষণৰ আনুষঙ্গিকভাবেও, আৰু সমান্তৰালভাবেও সাংস্কৃতিক সাৱলীলতাৰ দিশটোক গুৰুত্বসহকাৰে গ্রহণ কৰাৰ আৱশ্যকতা আছে।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ