অন্যযুগ/


ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ কেইটিমান নাৰী চৰিত্ৰৰ মনোজগতত এটি আলোকপাত

আকাশ দীপ্ত ঠাকুৰ


প্ৰস্তাৱনা :

    অসমীয়া সাহিত্যৰ জগতখনত স্বকীয় বৰঙণিৰে এক সুবিশাল মহাসমুদ্ৰৰ ৰূপত নিজৰ পৰিসৰ বিস্তৃত কৰি ৰখা ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ নিৰ্বাচিত কিছু গদ্যৰ কেইটিমান উল্লেখযোগ্য নাৰী চৰিত্ৰৰ মানসিক ভিন্নসুৰি‍তাৰ সম্পৰ্কত নিজা ধাৰণাৰে এটি বিশ্লে‍ষণ আগ বঢ়াবলৈ এই পত্ৰখনিৰ জৰিয়তে প্ৰয়াস কৰা হৈছে৷ চৰিত্ৰসমূহ নিৰ্বাচিত কৰি অনা হৈছে দুটা চুটি গল্প আৰু দুখন চলচ্চি‍ত্ৰৰ চিত্ৰনাট্যৰ পৰা৷ কোৱা বাহুল্য যে উল্লিখিত গদ্যসমূহত আলোচিতব্য চৰিত্ৰসমূহে মূলতঃ প্ৰটাগনি‍ষ্টৰ ভূমিকা পালন কৰি আহিছে৷ সময় সাপেক্ষে প্ৰতিটো চৰিত্ৰৰ মাজেদি প্ৰতিফলিত হোৱা হাঁহি-কান্দোন, মনোকষ্ট, মানসিক দৃঢ়তা, প্ৰতিবাদী সত্তা ইত্যাদি সূক্ষ্মাতিসূক্ষ্ম মানসিক অনুভূতিসমূহে কাহিনীটোৰ বিশ্বাসযোগ্যতাত প্ৰভূত অৰিহণা যোগোৱাৰ উপৰি বাস্তৱিকভাৱে এইসমূহ গুণেই ৰচনাটি সফল হৈ পৰাৰো অন্যতম দাবীদাৰ হৈ পৰাটো আন এক উল্লেখযোগ্য দিশ৷ সীমিত পৰিসৰত কিছু জটিল মনস্তত্ত্বৰ বিশ্লেষণ কষ্টসাধ্য যদিও, আলোচনাৰ ধৰণটোক জটিলতাৰ মাজেৰে অগ্ৰসৰ হ’বলৈ নিদি, চিৰ বৰেণ্য এই সাহিত্যিকজনাৰ প্ৰতিটো সৃষ্টিয়ে সৰ্বতোকালৰ বাবে উপভোগ্য তথা জনপ্ৰিয় হৈ থকা দিশটোৰ প্ৰতি অধিক প্ৰাধান্য দিলে বিশ্লেষণ প্ৰক্ৰিয়াটো সাম্প্ৰতিক সময়ৰ উদীয়মান সাহিত্যিকসকলৰ বাবে অনুপ্ৰেৰণাৰ সমল হৈ পৰাৰ যথেষ্ট থল থাকে৷

    চুটি গল্প ‘বানপ্ৰস্থ’ৰ মুখ্য চৰিত্ৰ ‘চাৰু’ আৰু গৌণ চৰিত্ৰ ‘তৰু’ৰ মনোবেদনাৰ এটি আভাস:

    ১৯৭৫ চনত প্ৰথম প্ৰকাশ হোৱা, সাহিত্য অকাদে‍মি পুৰস্কাৰ প্ৰাপ্ত ‘শৃংখল’ নামৰ গল্প সংকলনটোৰ ‘বানপ্ৰস্থ’ নামৰ চুটিগল্পটোৰ কাহিনীবিন্যাস, চৰিত্ৰ বিশ্লেষণ আৰু ভাবপ্ৰকাশৰ ধৰণ সম্পৰ্কীয় আলোচনাৰে লে‍খাটোৰ আঁত ধৰিব বিচৰা হৈছে৷ ন বছৰ বয়সতে বিধবা মাকৰ অভাৱ পাতলাবলৈ একেবাৰে পিছ পৰা গাঁও এখনৰ পৰা চহৰৰ আধ্যৱন্ত নন্দন দাসৰ পৰিয়াললৈ বনকৰা ছোৱালী হৈ যোৱা চাৰু, বিছ বছৰ বয়সত পুনৰ গাঁৱলৈ উভতি আহি, বুঢ়ী হৈ অহা মাকক একো ফালৰে পৰাই সহায় কৰিব নোৱাৰি, অৱশেষত পেটৰ ভোকৰ জ্বালাত কৈ ভৰ যৌৱনৰ বিষয়-বাসনাকো নিচেই তুচ্চ জ্ঞান কৰি, জানি-শুনি এজন শাৰীৰিকভাৱে অক্ষম পুৰুষৰ সৈতে গাৰ্হস্থ্য জীৱনলৈ নিজকে প্ৰস্তুত কৰি মানসিকভাৱে বানপ্ৰস্থলৈ গতি কৰাই হৈছে কাহিনীৰ মূল বিষয় বস্তু৷ ‘বানপ্ৰস্থ’ গল্পটোৰ কাহিনীভাগ অধিক সংবেদনশীল হোৱাৰ ক্ষেত্ৰত মুখ্য চৰিত্ৰ ‘চাৰু’ৰ লগত সহায়কাৰী চৰিত্ৰকেইটাৰ গুৰুত্ব অপৰিসীম৷ বিশেষকৈ নন্দন দাসৰ পৰিয়ালৰ লগত সকলো দিশৰ পৰা অভ্যস্ত হৈ পৰা চাৰুৰ কৰ্মনিপুণতা তথা বিশ্বাসযোগ্যতাৰ প্ৰতি আকৃষ্ট হৈ, তাইৰ ভনীয়েক ‘তৰু’কো, দুখুনী মাকৰ বুকু শুদা কৰি অন্য এটা পৰিয়াললৈ বনকৰা ছোৱালী হিচাপে লৈ যোৱা, গাভৰু বয়সত ডঙুৱা পুত্ৰৰ অবাঞ্ছি‍ত অপকৰ্মৰ পৰা হাত সাৰি থাকিবলৈকে পুনৰ ঘৰলৈ ওভতাই পঠাই দিয়া, শেষৰ ফালে বায়েকে মতি ড্ৰাইভাৰৰ লগত সংসাৰ পাতিব বুলি গম পাই তায়ো বুভুক্ষু হৈ জীৱন কটাব লগা পৰিস্থিতিৰ পৰা মুক্তি বিচাৰি বায়েকৰ লগতে বনকৰা ছোৱালী কৰি লৈ যাবলৈ অনুৰোধ কৰা— এই ধৰণৰ পৰিঘটনাৰে ‘তৰু’ নামৰ চৰিত্ৰটোৱে পাঠকৰ সম্পূৰ্ণ সহানুভূতি আদায় কৰিব পাৰিছে৷ ‘মতি ড্ৰাইভাৰ’ চৰিত্ৰটোৰ প্ৰথমাৰ্ধত কৌশলপূৰ্ণ উপস্থাপন আৰু শেষৰ ভাগলৈ প্ৰয়োজনীয় গুৰুত্ব প্ৰদান— এয়া হৈছে ড° শইকীয়াৰ লেখাৰ এটা বিশেষ আকৰ্ষণীয় কৌশল৷ এই চৰিত্ৰটো অবিহনে কাহিনী সম্পূৰ্ণ নহয় অথচ ই গল্পটোৰ মুখ্য চৰিত্ৰও নহয়; এই কথাটো বিশেষভাৱে উল্লেখযোগ্য৷ তেওঁ যে পত্নীয়ে পৰিত্যাগ কৰা এজন পুৰুষ, এই কথা পাঠকে জানিব পাৰিছে চাৰু আৰু তৰুৰ পুৰণা কথা ৰোমন্থনৰ মাজেদি৷ চাৰুৰ প্ৰতি মাত্ৰাধিক দুৰ্বলতা থকা বুলি জানিও প্ৰতি ক্ষেত্ৰতে অৱজ্ঞা কৰি অহা এই মতি ড্ৰাইভাৰকে শেষত অভাৱ, বুভুক্ষাৰ পৰা পৰিত্ৰাণৰ বাবে লগতে লৈ যাবলৈ বুলি কোৱা চাৰুৰ মুখৰ সংলাপখিনিয়ে গল্পটোৰ বিষয়বস্তুক অধিক সংবেদনশীল কৰি তোলাত সহায়ক হৈছে৷ গাঁৱত ডাঙৰ হোৱা আন দহজনী ছোৱালীয়ে যি বয়সত বোৱা-কটা, ভূঁই ৰোৱা, ধান দোৱা, ধান বনা কাম শিকে, সেই বয়সত চাৰু-তৰুৱে চহৰৰ ধনী মানুহৰ ঘৰত গেবাৰী খাটিবলৈ যাব লগা হ’ল, ভৰ গাভৰু বয়সলৈকে সিহঁতে কেৱল কামকে কৰিলে আৰু শেষত লোকৰ ছোৱালীৰ কোনে দায়িত্ব লয় বুলি যেতিয়া পুনৰ ঘৰলৈকে ওভোতাই পঠাই দিয়া হ’ল, তেতিয়া নিজৰ গাঁওখনতে সিহঁত অকৰ্মণ্য, অকামিলা হৈ পৰিল৷ চাৰুৰ অন্তৰৰ বেদনা ড° শইকীয়াৰ ভাষাৰে সাৱলীলভাৱে প্ৰকাশ হৈছে—

    ‘‘অকৰ্মণ্য৷ অকৰ্মণ্য৷ গোটেই জীৱন কেৱল কামকে কৰিও আমি ইমান অকৰ্মণ্য হ’লোঁ? এদিন চাৰুৱে বিছনাত বাগৰি কান্দি পেলালে৷’’

    ড° শইকীয়াৰ লেখাৰ আন এটা অনুকৰণীয় কৌশল হৈছে পাঠকৰ আকৰ্ষণ বৃদ্ধিৰ বাবে কিছুমান পৰিস্থিতিৰ বৰ্ণনা দিবলৈ প্ৰয়োগ কৰা কিছুমান বিশেষ মনোগ্ৰাহী উপমা৷ বানপ্ৰস্থ গল্পটোত উপমাৰ প্ৰয়োগ বিশেষ কৌশলেৰে কৰা হৈছে৷ গল্পটোৰ আৰম্ভণিতে মথাউৰিৰ ওপৰেদি চিফনৰ পুৰণা ফিচিকি যোৱা শাৰী পিন্ধি খৰ খোজেৰে সভাস্থলীলৈ যোৱা চাৰু আৰু তৰুৰ বৰ্ণনা দিওঁতে কোৱা হৈছে—

    ‘‘ওচৰৰ পৰা চালে বতাহত উৰা আঁচলটোৰ মাজেদি মাজে মাজে বেলিটোৰে সৈতে পূবৰ উজ্জ্বল আকাশখন তিৰবিৰাই উঠা দেখা যাব৷ দেখা যাব যে দুৰ্দান্ত প্ৰতাপী যুৱৰাজে কুঁৱৰীৰ আঁচলত মুখ লুকুৱাই ধেমালি কৰিছে৷’’

    দাৰিদ্ৰ্য, বুভুক্ষাৰ পৰা পৰিত্ৰাণ বিচাৰি এজনী বিবাহোপযোগ্যা ছোৱালীয়ে বৈষয়িক কামনা-বাসনাক জলাঞ্জলি দিব পৰা কাৰুণ্যৰ দৃষ্টিৰে বিচাৰ কৰিলে চাৰুৰ মনস্তত্ত্বৰ অন্য এটা দিশো উন্মোচন হয়— নিজৰ ওপৰতে নিজে প্ৰতিশোধ ল’ব পৰাৰ মানসিক জ্বালা অথবা অন্য অৰ্থত নিষ্ফল বুলি জানিও সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ ওপৰত অমানৱীয় আঢ্যৱন্ত এক শ্ৰেণীৰ চিৰাচৰিত নিষ্পেষণৰ প্ৰতি এক নিৰ্মম প্ৰতিবাদ৷ মতি ড্ৰাইভাৰৰ শেহতীয়া স্বীকাৰোক্তিৰ প্ৰত্যুত্তৰত তীব্ৰ এক মানসিক নিষ্পেষণৰ বলি হৈ চাৰুৰ অন্তৰখনে যেন উচুপি উঠিছে—

    “মোক সেইবোৰ একো নালাগে৷ তই মোক ইয়াৰ পৰা লৈ যা৷ ইয়াত থাকিলে মই মৰি থাকিম৷”

    চুটিগল্প ‘উপগ্ৰহ’ৰ ‘কল্যাণী’— অন্য এখন মনোজগতত এভুমুকি:

    ‘আচল পূজাৰ দিনাতকৈ কাইলৈ পূজা বুলিলে ল’ৰা-ছোৱালীহঁতৰ যেনেকুৱা আনন্দ, কল্যাণীক তেনেকুৱা এটা আনন্দই আৱৰি ধৰি আছে৷’— এইশাৰী বাক্যৰে আৰম্ভ হোৱা ‘উপগ্ৰহ’ নামৰ গল্পটোত আৰম্ভণিৰ পৰা শেষলৈকে কল্যাণী নামৰ বিবাহোপযোগ্যা ছোৱালীজনীৰ নিজৰে নবৌৱে‍কৰ ককায়েকৰ লগত বিয়াৰ কথা-বতৰা চলিছে বুলি ঘৰখনৰে আৰ-তাৰ মুখে সৰু বাতৰি এটা কাণলৈ অহাৰ পাছত, সেইখন ঘৰৰে আন এজনী ছোৱালী ৰত্নাৰ বিয়া খাবলৈ বুলি আহি নবৌৱে‍কৰ সুদৰ্শন সৰুটো ককায়েক অৰুণৰ সৈতে এদিন নিজৰো বিয়াখন হৈ যাব পাৰে বুলি নিজে নিজেই নিশ্চিত হৈ কল্পনাবিভোৰ হৈ পৰাৰ সৰু সৰু অনুভূতিসমূহ; আৰু শেষত তাইৰ বিয়াখন যে আচলতে অৰুণৰ সৈতে নহয়, ঘৰখনৰ সকলোৱে বিয়াৰ আশা পৰিত্যাগ কৰা নবৌৱে‍কৰ মূক-বধিৰ ডাঙৰটো ককায়েক অনিলৰ সৈতেহে পাতিবলৈ যো-জা চলিছে বুলি প্ৰকৃত খবৰটো জানিবলৈ পাই অন্তৰৰ সকলো জল্পনা-কল্পনা মষিমূৰ হৈ পৰাৰ বেদনাগধুৰ ভাবনাখিনি অতি সাৱলীলভাৱে বৰ্ণনা কৰা হৈছে৷ কল্যাণীৰ অনুভূতিখিনিক কেন্দ্ৰ কৰি আগ বঢ়াই লৈ যোৱা মূল কাহিনীটোক অধিক উপজীৱ্য কৰি তোলা পাৰ্শ্বচৰিত্ৰসমূহ, যেনে— অৰুণ, অনিল, মনোপেহী, শেৱালি‍ আদিৰ যথাযোগ্য উপস্থিতি তথা ভিন্নমাত্ৰিক প্ৰয়োজনীয়তাক গল্পটো পঢ়ি যাওঁতে বৰ সুন্দৰকৈ উপলব্ধি কৰিব পাৰি৷ বিশেষকৈ কণ্ঠগত বিসংগতিৰে জন্ম লাভ কৰা অনিল নামৰ চৰিত্ৰটোৱে সময়ত নিজেই ডাক্তৰী বিদ্যা জানি লৈ, নিজকে নিজে চিকিৎসা কৰাৰ চলেৰে সম্পূৰ্ণ বোবা কৰি পেলোৱা, বিয়াৰ বাবে ঘৰৰ বাকী মানুহবোৰে চলোৱা প্ৰচেষ্টাত পাত্ৰীসকলৰ দ্বাৰা প্ৰত্যাখ্যান কৰাৰ জৰিয়তে আশাভংগ হোৱাৰ ঘটনা, কালক্ৰমত বধিৰপ্ৰায় হৈ পৰি কোনোবাই কিবা এষাৰ ক’লেও কি কৈছে বুজিব নোৱাৰি অবুজ তথা কাতৰ দৃষ্টিৰে কওঁতাজনৰ মুখলৈ চাই থকাৰ কৰুণ বৰ্ণনাসমূহৰ যথাযথ উপস্থাপনৰ দ্বাৰা পাঠকবৃন্দৰ সমমৰ্মিতা আদায় কৰাৰ ক্ষেত্ৰত গল্পকাৰ সম্পূৰ্ণ সফল হৈছে বুলি ক’ব পাৰি৷ যিকোনো এজন মননশীল পাঠকে কল্যাণী নামৰ মুখ্য চৰিত্ৰটোৰ মনস্তাত্ত্বিক বিশ্লে‍ষণ পৰ্যবেক্ষণ কৰাৰ ক্ষেত্ৰত অথবা সময়ে সময়ে এই চৰিত্ৰটোৰ অন্তৰত অনুভূত হোৱা আনন্দ, বিষাদ, বেদনা ইত্যাদি অনুভূতিসমূহক উপলব্ধি কৰোৱাৰ ক্ষেত্ৰত ড° শইকীয়াৰ সৰল বৰ্ণনাসমূহ যেন তুলনাবিহীন৷ এটা সৰু উদাহৰণেৰে কথাটো অনুভৱ কৰিব পাৰি—

    পিৰিচ-পিয়লা লৈ আগ বাঢ়ি অহা কল্যাণীক দেখিয়েই সি চিঞৰি উঠিল— “বা একেবাৰে লক্ষ্মী গোসাঁনী দেখোন/ নমস্কাৰ৷”

    কল্যাণীৰ ভিতৰত যেন মুহূৰ্তৰ ভিতৰতে এহেজাৰজনী কল্যাণীৰ সৃষ্টি হ’ল, আৰু সিহঁতৰ প্ৰত্যেকজনীয়েই যেন কাৰো মাত নুশুনা কৰি নমস্কাৰ বুলি চিঞৰিবলৈ ধৰিলে৷ কিন্তু বাহিৰত কৰাৰ ভিতৰত তাই কেৱল তলৰ ওঁঠখন কামোৰ মাৰি ধৰি হাঁহিটো যিমান পাৰে কমকৈ ওলাবলৈ দিলে; নিঃশব্দে চাহ আৰু জলপানখিনি অৰুণৰ সন্মুখত থ’লে, আৰু ঠিক সেই মুহূৰ্ততে অন্তৰৰ সকলো উত্তেজনা, দুঃসাহস একেলগে থূপ খুৱাই অৰুণৰ চকুলৈ চালে৷’’

    সৰ্বকালৰ এজন সফল গল্পকাৰ হিচাপে ড° শইকীয়াৰ অসাধাৰণ কৃতিত্বৰ চানেকিও এনে ধৰণেই লক্ষ্য কৰিব পাৰি যে যিকোনো জটিল মনস্তাত্ত্বিক বিশ্লেষণ তেখেতে সৰল তথা সাৱলীলৰূপত বৰ্ণনা কৰি গোটেই ঘটনাটোৰ এখন সুন্দৰ উপভোগ্য প্ৰতিচ্ছবি পাঠকবৃন্দৰ সন্মুখত দাঙি ধৰিব পাৰে৷ অন্যান্য সুখপাঠ্য গল্পসমূহৰ দৰেই যেন ‘উপগ্ৰহ’ গল্পটোৰ সাৰ্থকতাও প্ৰকৃততে ঠিক সেইখিনিতেই নিহিত হৈ আছে৷ শেষৰ ফালে মনোপেহীৰ মুখেদি প্ৰকৃত সত্যটো গম পোৱাৰ পাছত, ইমান দিনে যেন গ্ৰহ-নক্ষত্ৰৰ সৈতে নিজকে তুলনা কৰি কৰি অৱশেষত কল্যাণী গোটেই মানুহজনী এটা লেখত নপৰা উপগ্ৰহলৈ পৰ্যবসিত হৈ গ’ল—

    ‘‘বহুত সময়, কিমান সময় কল্যাণীয়ে ক’ব নোৱাৰে, তাই ঘৰটোৰ নিৰ্জন চুকবিলাক বাছি বাছি লৈ বহি, থিয় হৈ, খুঁটাত ধৰি, বেৰত আউজি কটাই দিলে৷ একো একোবাৰ এটা দীঘল নিশাহেৰে বুকুখন পূৰ কৰি, নাকৰ পাহি ফুলাই তাই পোন হৈ থিয় হ’বৰ চেষ্টা কৰিলে, আৰু বাৰে বাৰে, পিছ মুহূৰ্ততে ভিতৰত সঁচা, দৃঢ় অৱলম্বন নথকা গোসাঁনীৰ মূৰ্তিৰ নিচিনাকৈ খহি খহি পৰিল৷’’

    সাম্প্ৰতিক সময়ত সাহিত্যসৃষ্টিৰ ক্ষেত্ৰত বিভিন্ন লেখকক সাধাৰণতে লেখাটোৰ আংগিকৰ ক্ষেত্ৰত বিশেষ পৰীক্ষা-নি‍ৰীক্ষা চলোৱা পৰিলক্ষিত হয়৷ গল্প, কবিতা, প্ৰবন্ধ আদি যিয়েই নহওক কিয়, এনে ধৰণৰ পৰীক্ষা-নি‍ৰীক্ষাৰ ফলত গোটেই লেখাটো সাধাৰণ পাঠকৰ বাবে দুৰ্বোধ্যপ্ৰায় হৈ পৰাটো স্বাভাৱিক৷ সাহিত্যৰ গৱেষকসকলৰ বাবে এনে লেখা সফল বুলি পৰিগণিত হ’লেও সাধাৰণ পাঠকৰ ক্ষেত্ৰত কিন্তু দুৰ্বোধ্য লেখা কেতিয়াও জনপ্ৰিয় হ’ব নোৱাৰে৷ এখন কথাছবিৰ সফলতা-বিফলতা যদি দৰ্শকৰ সঁহাৰিৰ ওপৰত নিৰ্ভৰশীল হ’ব পাৰে, তেন্তে এটা চুটি গল্পৰ সফলতাও সদায় সাধাৰণ পাঠকৰ উপভোগ্যতাৰ ওপৰতেই নিশ্চয় নিৰ্ভৰশীল হ’ব৷ সাম্প্ৰতিক সময়ৰ গল্পকাৰসকলে এই বিষয়ত সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা সততেই অনুভৱ হয়৷ এই ক্ষেত্ৰত ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্পসমূহত নিহিত হৈ থকা সকলো শ্ৰেণীৰ পাঠক-পাঠিকাকে সহজে আকৃষ্ট কৰিব পৰা এই বিশেষ কৌশলসমূহক বিস্তৃতভাৱে বিশ্লেষণ কৰি এইসমূহক সতৰ্কতাৰে অনুকৰণ কৰিলে পাঠকসমাজ নিশ্চয় উপকৃত হ’ব৷

    ‘মেনকা’ আৰু ‘জয়ন্তী’— প্ৰতিবাদী সত্তাৰ অনুৰণন :

    ‘সন্ধ্যাৰাগ’, ‘অনিৰ্বাণ’, ‘অগ্নিস্নান’, ‘কোলাহল’, ‘সাৰথি’, ‘আৱৰ্তন’, ‘ইতিহাস’ আৰু ‘কালসন্ধ্যা’— এই আটাইকেইখন চলচ্চিত্ৰৰ চিত্ৰনাট্য ৰচনা কৰা ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ সাহিত্য প্ৰতিভাৰ অন্য এটা অবিস্মৰণীয় ভূমিকাৰ নিদৰ্শন ৰৈ গৈছে এই আঠখন চলচ্চি‍ত্ৰৰে শক্তিশালী চিত্ৰনাট্যকেইখনৰ জৰিয়তে৷ উল্লেখযোগ্য যে যি সময়ত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আহৰণৰ ক্ষেত্ৰত হিন্দী ভাষাৰ চলচ্চিত্ৰসমূহকে ধৰি, বাংলা চলচ্চিত্ৰ আৰু দক্ষিণ ভাৰতীয় চলচ্চিত্ৰসমূহৰ অঘোষিত আধিপত্য অব্যাহত আছিল, ঠিক সেই সময়তে অৰ্থাৎ যোৱা শতিকাৰ আশীৰ দশকতে ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ বহুচৰ্চিত উপন্যাস ‘অন্তৰীপ’ৰ কাহিনীটোৰ প্ৰথমাংশৰ আধাৰত ৰচিত চিত্ৰনাট্য ‘অগ্নিস্নান’ৰ জৰিয়তে তেখেতে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত হৈ সমগ্ৰ অসমবাসীৰ বাবে যেন এক বিৰল গৌৰৱৰ ইতিহাস ৰচনা কৰিছিল৷

    অসমীয়া সাহিত্যত আজিলৈকে যিমানবোৰ নাৰী চৰিত্ৰৰ সৃষ্টি হৈছে, সেই সকলোৰে‍ ভিতৰত সৰ্বাধিক চৰ্চিত চৰিত্ৰটোৱেই হয়তো ‘মেনকা’ বুলি ক’লেও নিশ্চয় অত্যুক্তি কৰা নহ’ব৷ পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাত যুগ যুগ ধৰি নিষ্পেষিত হৈ অহা নাৰীসত্তাৰ স্বতন্ত্ৰ অধিকাৰ সাব্যস্তকৰণৰ দৃষ্টিভংগীৰে ‘মেনকা’ হৈছে সঁচা অৰ্থত এক মৌলিক প্ৰতিবাদৰ প্ৰতিভূ৷ মেনকাকে কেন্দ্ৰ কৰি চৌপাশৰ মুখ্য-গৌণ চৰিত্ৰসমূহ যেনে অহংকাৰী তথা মদগৰ্বী স্বামী মহীকান্ত, সামাজিক দৃষ্টিৰে অৱহেলিত অথচ যুক্তিবাদী মানসিকতাৰ মদন চোৰ, প্ৰতিবাদী সত্ত্বেও পৰিস্থিতি সাপেক্ষে নিৰুপায় হৈ পৰা দেওৰেক ভদ্ৰকান্ত, গ্ৰাম্য জীৱনৰ স্বভাৱগত সৰলতাৰে সম্পৃক্ত কিৰণ, বাৰ্ধক্যৰে জৰ্জৰিত শাহু-শহুৰ— এই সকলোবোৰৰে এক সুন্দৰ মনস্তাত্ত্বিক প্ৰতিফলন ঘটিছে ‘অগ্নিস্নান’ চিত্ৰনাট্যখনিত৷ কোৱা বাহুল্য যে ইয়াৰ নামটোৱেই এক বিশাল প্ৰতীকী অৰ্থ বহন কৰে— অগ্নিৰে স্নান কৰি উজ্জ্বল হৈ উঠা অথবা অগ্নিৰে স্নান কৰিব পৰাৰ এক দুৰন্ত দুঃসাহস৷ ভাৰতীয় সমাজ ব্যৱস্থাৰ গইনা লৈ পৱি‍ত্ৰতাৰ চানেকী দিবলৈ অগ্নিপৰীক্ষা দিবলৈ বাধ্য কৰোৱা হৈছিল সীতাক৷ কিন্তু মেনকাই যুগান্তৰৰ বাবে মদগৰ্বী স্বামীৰ অহৈতুকী প্ৰতাৰণাৰ প্ৰত্যুত্তৰত অগ্নিস্নানৰ যি এক জ্বলন্ত স্বাক্ষৰ ৰাখি থৈ গ’ল, সেয়া অসমীয়া সমাজব্যৱস্থাৰ বাবে গ্ৰহণযোগ্যতাৰ এক চিৰন্তন প্ৰশ্ন হৈ আজিকোপতি যেন এক দোদুল্যমান অৱস্থাতে ৰৈ যাব খোজে৷ কিন্তু চিত্ৰনাট্যখনিৰ জৰিয়তে দাঙি ধৰা মেনকাৰ সংলাপৰ সবল যুক্তিযুক্ততাই মেনকাৰ প্ৰতিবাদৰ গ্ৰহণযোগ্যতাৰ সপক্ষে এক ইতিবাচক দৃষ্টি উন্মেষিত কৰাত যে সম্পূৰ্ণ সফল হৈছে, তাত কোনো দ্বিমত থাকিব নোৱাৰে—

    “...মই এটা মানুহৰ লগত লুকুৱাই লুকুৱাই সদায় লেতেৰা হৈ থাকিব পাৰিলোঁহেঁতেন, কিন্তু সেইটো মোক নালাগে৷ মোক আপোনাক দেখুৱাবলৈ এটা প্ৰমাণ লাগে৷ আৰু তাৰ পাছত আকৌ চাফা হৈ থাকিবলৈ লাগে৷ ঠিক তাকে মই কৰিলোঁ৷”

    “...কিন্তু মই কিয় অকলে সহি থাকিম? সহি থাকিলে মোৰ কি লাভ হ’ব? সহি সহি এদিন মৰি থাকিম? সৰগলৈ যাম? সীতা-সাৱিত্ৰী হ’ম? কি পাপৰ কাৰণে মই নৰকৰ যন্ত্ৰণা ভুগিলোঁ?”

    “আই-বোপায়ে সীতা-সাৱি‍ত্ৰী হ’বলৈ কৈ পঠিয়াইছিল৷ তেনেকুৱা হ’ব নোৱাৰিলেও মই ধৰ্মত আছিলোঁ৷ এঘাৰ বছৰে মই বহুত সহ্য কৰি আপুনি ভাল পোৱা কামকে কৰিলোঁ৷ কিন্তু কথা নাই, বতৰা নাই, দং দংকৈ গাভৰু ছোৱালী এজনী আনি আপুনি মোৰ আগতে, মোৰ চাৰিটাকৈ ল’ৰা-ছোৱালীৰ আগতে তাইৰ লগত শুবলৈ ল’লে৷ তাৰ পাছতো, তাৰ পাছতো মই সীতা-সাৱিত্ৰী হ’ম৷ আপোনাৰ ভৰিৰ ধূলি শিৰত লৈ লৈ ধৰ্ম কৰিম?”

    ঠিকেই, মেনকাই পিঞ্জৰাত আৱদ্ধ হৈ থাকিও সঠিক সময়ত সঠিক ঠাইত আঘাত হানিব জানিলে; আৰু এনেকুৱা মোক্ষম আঘাত হানিলে, যাৰ ফলত মানসিকভাৱে ক্ষত-বিক্ষত হৈ পৰাজয় বৰণ কৰিবলৈ বাধ্য হ’ল দুৰাচাৰী মহীকান্ত৷

    আৰু ঠিক এইখিনিতেই মেনকাৰ সৈতে পাৰ্থক্য পৰিলক্ষিত হয় ড° শইকীয়াৰ সৃষ্ট আন এটি নাৰী চৰিত্ৰ ‘জয়ন্তী’ৰ ক্ষেত্ৰত৷ ড° শইকীয়াই নিজা এক মৌলিক কাহিনীৰে ৰচনা কৰা অন্য এখন চিত্ৰনাট্য ‘আৱৰ্তন’ৰ মুখ্য চৰিত্ৰ জয়ন্তী হৈছে এখন আগশাৰীৰ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰচুৰ জনপ্ৰিয় তথা মুখ্য অভিনেত্ৰী৷ জয়ন্তীক বাদ দিলে, এক প্ৰকাৰ অস্তিত্ববিহীন হৈ পৰাৰ সম্ভাৱনাই দেখা দিয়া থিয়েটাৰখনৰ মালিক, অসৎ প্ৰকৃতিৰ নায়কজন ইত্যাদি মানুহবোৰৰ আৰু কেৱল তাইৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল তাইৰ ঘৰখনৰ মানুহবোৰৰ স্বাৰ্থপৰতাই যেন তাইক থিয়েটাৰখনৰ মাজতে বন্দী কৰি ৰাখিব খোজে৷ মুক্তিৰ সন্ধান লৈ অহা ইঞ্জিনিয়াৰ পৰিমলৰ পথো তেওঁলোকে কৌশলেৰে বন্ধ কৰি থ’ব খোজে৷ কিন্তু অৱশেষত জয়ন্তীয়ে পিঞ্জৰামুক্ত হোৱাৰ কৌশল আয়ত্তলৈ আনিব জানিলে৷ আবদ্ধ কৰি ৰাখিব খোজা সকলোকে প্ৰকাৰন্তৰে অসহায় কৰি থৈ মনৰ দৃঢ়তাৰে পৰিমলে দেখুৱাই দিয়া বাটেদি তাই ওলাই গুচি গ’ল৷ অৱশ্যে তুলনামূলক দৃষ্টিভঙ্গীৰে বিবেচনা কৰোঁতে জয়ন্তীৰ ক্ষেত্ৰত উদ্ভৱ হোৱা পিঞ্জৰামুক্তিৰ পৰিস্থিতি মেনকাৰ ক্ষেত্ৰত পৰিলক্ষিত নহয়৷ তত্ৰাচ এই দুই প্ৰতিবাদী নাৰী চৰিত্ৰৰ অদমনীয় সাহস অতি সুন্দৰ সংলাপেৰে চিত্ৰনাট্য দুখনত পৰিস্ফূট হৈ উঠিছে৷ অন্যহাতে ‘আৱৰ্তন’ চিত্ৰনাট্যখনৰো নামটোৱে সুস্পষ্টভাৱে দুটা অৰ্থ বহন কৰা অনুভৱ হয়৷ এক দৃষ্টিৰে লক্ষ্য কৰিলে জয়ন্তীক মুখ্য অক্ষৰূপে লৈ বাকী চৰিত্ৰসমূহৰ নিৰ্ভৰশীলতাই যেনেকৈ ‘আৱৰ্তন’ নামটোৰ এটা অৰ্থৰ ইংগিত দিয়ে, অন্য এক দৃষ্টিৰে আকৌ ভ্ৰাম্যমান থিয়েটাৰখনৰে এসময়ৰ মুখ্য অভিনেত্ৰী হৈ কালক্ৰমত অপ্ৰয়োজনীয় হৈ পৰা তৰুৰ চৰিত্ৰটোৰ প্ৰাসংগিকতাক গুৰুত্ব দি সেই স্থানত বৰ্তমান জয়ন্তীৰ সজোৰ উপস্থিতি আৰু, জয়ন্তী পৰিমলৰ সৈতে আঁতৰি যোৱাৰ পাছতে‍ই ৰিক্ত স্থানত আন এগৰাকী অভিনেত্ৰী মালাক সুকৌশলেৰে প্ৰতিষ্ঠিত কৰা দিশটোলৈ লক্ষ্য কৰিলে আৱৰ্তন নামটোৱে সেই ধৰণৰ ইংগিত বহন কৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি৷

উপসংহাৰ :

    অসমীয়া সাহিত্যৰ পুৰোধা ব্যক্তিসকলৰ ভিতৰত অন্যতম ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ সাহিত্য প্ৰতিভাৰ স্বাক্ষৰৰূপী মহাসমুদ্ৰৰ পৰা সযতনে বুটলি অনা দুটিমান নাৰী চৰিত্ৰৰ মনোজগতৰ আভাস দিবলৈ কৰা এই প্ৰচেষ্টাৰ সামৰণিলৈ আগ বাঢ়িছোঁ৷ প্ৰকৃততে তেখেতৰ সৃষ্ট চুটি গল্প, উপন্যাস, নাটক, চিত্ৰনাট্য আদি সৰ্বজন সমাদৃত সাহিত্যৰাজিত বৰ্ণিত মুখ্য নাৰী চৰিত্ৰসমূহৰ যিকোনো এটা চৰিত্ৰকে মনস্তাত্ত্বিক দৃষ্টিৰে বিশ্লেষণ কৰি সঠিকৰূপত আলোকপাত কৰিব বিচাৰিলে এনেকুৱা একোটা প্ৰবন্ধৰ সৃষ্টি হ’ব পাৰে৷ সেয়েহে বিশদভাৱে চৰিত্ৰসমূহক বিশ্লেষণ নকৰি এটি বিহংগম আলোকপাতৰ জৰিয়তে এই ৰচনাটি সামৰিব খোজা হ’ল৷

    সাহিত্যসৃষ্টিৰ প্ৰয়োজনীয়তা আৰু সৰ্বসাধাৰণ পাঠকবৃন্দৰ ৰসাস্বাদনৰ হাবিয়াস— এই দুয়োটা এটাৰ সৈতে আনটো ওতপ্ৰোতভাৱে জড়িত হৈ থকা বিষয়৷ সাম্প্ৰতিক সময়ৰ উদীয়মান লেখকসকল এই বিষয়ত সচেষ্ট হোৱাটো বৰ প্ৰয়োজন৷ উদ্ধৃতিৰ সপক্ষে একে আষাৰত ক’ব পাৰি যে ড° শইকীয়াৰ দ্বাৰা সৃষ্ট নাৰী প্ৰধান লেখাসমূহত প্ৰধান চৰিত্ৰকেইটাৰ জটিল মনস্তত্ত্ব সাধাৰণ পাঠকৰ চকুত উপভোগ্য ৰূপত প্ৰকট হৈ অধিক সংবেদনশীল হৈ পৰা দেখা যায়৷ মনস্তত্ত্বৰ যথোপযুক্ত বিশ্লেষণ কৰাৰ ক্ষেত্ৰত চৰিত্ৰসমূহৰ অন্তৰ্ভাগত নিহিত হৈ থকা সূক্ষ্মাতিসূক্ষ্ম মনস্তাত্ত্বিক দিশসমূহ সাহিত্যসৃষ্টিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ থকা ব্যক্তি অথবা গৱেষক দৃষ্টিভংগীৰে মূল্যায়ন কৰা ব্যক্তিসকলৰ চকুত সতকাই ধৰা পৰাটো স্বাভাৱিক৷ সৰ্বসাধাৰণ পাঠকবৃন্দৰ বাবে আকৌ কাহিনীৰ গতিশীলতা তথা গ্ৰহণযোগ্যতাৰ সৈতে সাঙোৰ খাই থকা এনে জটিল মনস্তত্ত্বৰ বাবেহে মূল কাহিনীটো অধিক উপভোগ্য হৈ পৰা পৰিলক্ষিত হয়৷ ড° শইকীয়াৰ লেখাত মুখ্য ভূমিকা গ্ৰহণ কৰা নাৰী চৰিত্ৰসমূহ যেনে মেনকা, চাৰু, কল্যাণী, কিম্বা জয়ন্তী আদি যিয়েই নহওক, প্ৰায় সকলোৰে ক্ষেত্ৰত সততেই পৰিলক্ষিত হোৱা ভিন্নসুৰী মানসিকতাৰ আঁৰত পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাৰ গইনা লৈ মানসিক নিৰ্যাতনৰ প্ৰত্যক্ষ অথবা পৰোক্ষ প্ৰভাৱ স্পষ্টভাৱে দৃষ্টিগোচৰ হয়৷ অন্যহাতে সৰ্বসাধাৰণ অসমীয়া নাৰীক প্ৰতিনিধিত্ব কৰা এই চৰিত্ৰসমূহৰ মনস্তত্ত্বৰ মাজেদি চিৰাচৰিত লোকজীৱনৰ সুন্দৰকৈ প্ৰতিফলন ঘটাটো প্ৰতিটো গদ্যতে সদা-সৰ্বত্ৰ বিদ্যমান হৈ থকা দেখা যায়৷



প্ৰসঙ্গ পুথি :

(১) ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্প সমগ্ৰ : বনলতা, ডিব্ৰুগড়৷
(২) ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ নাট্য সম্ভাৰ : জ্যোতি প্ৰকাশন, পাণবজাৰ, গুৱাহাটী৷
(৩) অগ্নিস্নান : চিত্ৰনাট্য; ষ্টুডেণ্টচ্ ষ্ট’ৰচ, গুৱাহাটী৷
(৪) আৱৰ্তন : চিত্ৰনাট্য; ষ্টুডেণ্টচ্ ষ্ট’ৰচ, গুৱাহাটী৷
(৫) শৃংখল : লয়াৰ্ছ বুক ষ্টল, পাণবজাৰ, গুৱাহাটী৷
(৬) সেন্দূৰ : লয়াৰ্ছ বুক ষ্টল, পাণবজাৰ, গুৱাহাটী৷
(৭) গহ্বৰ : প’লাৰ্ড, গুৱাহাটী৷

ঠিকনা :
আকাশ দীপ্ত ঠাকুৰ
সহকাৰী অধ্যাপক
পদাৰ্থ বিজ্ঞান বিভাগ
জগন্নাথ বৰুৱা মহাবিদ্যালয়৷
যোৰহাট - ১

ভ্ৰাম্যভাষ - ৯৭০৬২০৫০৭১

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ