প্ৰাঞ্জল বেজবৰা
যেতিয়া ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাবোৰে প্ৰতিবছৰে উচ্চশিক্ষাৰ অনুষ্ঠানসমূহৰ ৰেংকিং প্রকাশ কৰে, বিশেষকৈ যেতিয়া ‘কোৱেৰেলি চাইমনছ্’ৰ (৫১) বিশ্বৰ উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহৰ ৰেংকিং প্রকাশ হয়, তেতিয়া ভাৰতৰ উচ্চশিক্ষাৰ মান তথা উচ্চশিক্ষাৰ অনুষ্ঠানবোৰৰ মান সম্পৰ্কত যথেষ্ট আলোচনা-বিলোচনা হয়। কিন্তু কেইদিনমানৰ পাছতে আমি সেইবোৰ পাহৰি পেলাওঁ। ‘কোৱেৰেলি চাইমনছ্’ৰ উচ্চশিক্ষানুষ্ঠানৰ ৰেংকিং এই উপাদানসমূহৰ ভিত্তিত কৰা হয় : বিদ্যায়তনিক খ্যাতি (8০%), নিয়োগকৰ্তাৰ ওচৰত খ্যাতি (১০%), শিক্ষক-ছাত্ৰৰ অনুপাত (২০%), প্ৰতিজন শিক্ষকৰ গৱেষণাৰ উদ্ধৃতিৰ (citation) পৰিসংখ্যা(২০%), আন্তৰ্জাতিক শিক্ষকৰ অনুপাত (৫%),আন্তৰ্জাতিক ছাত্ৰ-ছাত্ৰীৰ অনুপাত (৫%)।
২০২৩ চনৰ ৰেংকিঙত যোৱা বছৰৰ তুলনাত ৫ খন অধিক ভাৰতীয় উচ্চশিক্ষানুষ্ঠানে বিশ্বৰ প্ৰথম ১০০০ উচ্চশিক্ষানুষ্ঠানৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু প্ৰথম এহেজাৰৰ ভিতৰত স্থান লাভ কৰা ভাৰতীয় শিক্ষানুষ্ঠান মাত্ৰ ২৭ খন। ২০২২ চনৰ জুন মাহতে এই ৰেংকিঙৰ ফলাফল ঘোষণা কৰা হ’ল যদিও ভাৰতৰ উচ্চশিক্ষা তথা উচ্চশিক্ষানুষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহৰ এনে গুণগত দুৰৱস্থাৰ বিষয়ে বিশেষ আলোচনা-বিলোচনা হোৱা দেখা নাযায়।
ভাৰতবৰ্ষৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ মাজত সাংঘাতিক বৈষম্য পৰিলক্ষিত হয়। ২০১৯-২০ বৰ্ষৰ সদৌ ভাৰত উচ্চশিক্ষাৰ সমীক্ষা অনুসৰি ভাৰতৰ ১,০৪৩ খন উচ্চশিক্ষানুষ্ঠানৰ ভিতৰত ১৮৪ খনত কেন্দ্ৰীয় চৰকাৰে পুঁজিৰ যোগান ধৰে। এই অনুষ্ঠানসমূহত ভাৰত চৰকাৰে উদাৰভাৱে পৰ্যাপ্ত পৰিমাণে বিত্তীয় সম্পদৰ যোগান ধৰে। আনহাতে ৰাজ্য চৰকাৰসমূহে সিবিলাকৰ উচ্চ শিক্ষানুষ্ঠানসমূহত প্ৰয়োজনীয় বিত্তীয় সম্পদ যোগান ধৰিব নোৱাৰে। অথচ ৰাজ্য চৰকাৰৰ অধীনৰ উচ্চ শিক্ষানুষ্ঠানসমূহতে বৃহৎ সংখ্যক স্নাতক ছাত্ৰ-ছাত্ৰীয়ে (১৩,৯৭,৫২৭) অধ্যয়ন কৰে। কিন্তু ৰাজ্য চৰকাৰৰ পুঁজিৰে পৰিচালিত উচ্চশিক্ষাৰ অনুষ্ঠানসমূহে লাভ কৰা সামান্য পুঁজি শিক্ষক-কৰ্মচাৰীক দৰ্মহা আৰু পেঞ্চন দিওঁতেই শেষ হয়। এইবোৰ শিক্ষানুষ্ঠানত প্রয়োজনীয় আন্তঃগাঠনি সৃষ্টি কৰিবলৈ সদায়ে বিত্তীয় সম্পদৰ নাটনি হয়।
ভাৰতত ২০১৫-১৬ চনৰ তুলনাত ২০১৯-২০ চনত বিশ্ববিদ্যালয়ৰ সংখ্যা ৩০.০৫% বৃদ্ধি পায়। সংখ্যাগত দিশৰ পৰা বিশ্ববিদ্যালয় বৃদ্ধি পালেও সিবিলাকৰ বিদ্যায়তনিক তথা প্ৰশাসনিক আন্তঃগাঠনি মুঠেও সবল নহয়। বিশ্ববিদ্যালয়সমূহত শিক্ষকৰ নিযুক্তি তথা শিক্ষকৰ খালী পদ পূৰণত দেখা পোৱা অৱহেলাৰ মনোভাৱে উচ্চ শিক্ষানুষ্ঠানবিলাকৰ শিক্ষা আৰু গৱেষণাৰ মান অৱনমিত কৰিছে। নীতিনিৰ্ধাৰকসকলে আশা কৰা ধৰণৰ মানবিশিষ্ট শিক্ষা আৰু বিশ্বমানৰ গৱেষণাৰ ফচল আমাৰ ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত উচ্চ শিক্ষানুষ্ঠানত আশা কৰিব নোৱাৰি৷ কাৰণ বিদ্যায়তনিক তথা পেছাগত বিকাশৰ বাবে প্রয়োজন হোৱা বিত্তীয় আৰু আন্যান্য সম্পদ ৰাজ্য চৰকাৰৰ অধীনৰ শিক্ষানুষ্ঠানসমূহে যোগাৰ কৰিব নোৱাৰে।
ইয়াৰ বিপৰীতে, কেন্দ্ৰীয় চৰকাৰৰ পুঁজি লাভ কৰা উচ্চ শিক্ষানুষ্ঠানসমূহে সকলো ক্ষেত্ৰতে - শিক্ষকৰ সংখ্যা, আধুনিক গৱেষণাগাৰ, ডিজিটেল লাইব্ৰেৰী আদি- ৰাজ্য চৰকাৰৰ শিক্ষানুষ্ঠানসমূহতকৈ ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰে। গতিকে, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে কৰা ৰেংকিঙত যে আমাৰ ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষানুষ্ঠানে উন্নত স্থান লাভ কৰিব নোৱাৰে সেইটো স্পষ্ট। ইয়াৰ বাবে দায়ী ভাৰতৰ বৈষম্যপূৰ্ণ উচ্চশিক্ষাৰ ব্যৱস্থাটো। ভাৰতৰ উচ্চশিক্ষা ব্যৱস্থাত ৰাজ্য চৰকাৰৰ অধীনৰ উচ্চ শিক্ষানুষ্ঠানসমূহক মাহী আইৰ দৃষ্টিৰে চোৱা হয় বুলিলেও বঢ়াই কোৱা নহয়। কোনো এটা ৰেংকিং সংস্থায়ে শিক্ষানুষ্ঠানসমূহে সম্মুখীন হোৱা প্ৰশাসনিক প্ৰত্যাহ্বান, আন্তঃগাঠনিৰ অভাৱ, বিত্তীয় নাটনি আদি সমস্যাবোৰ বিৱেচনালৈ নানে। বৰং কেৱল বিদ্যায়তনিক সবলতা-দুৰ্বলতাৰ ভিত্তিতে ৰেংক প্রদান কৰে। সেয়ে ভাৰতৰ উচ্চশিক্ষাৰ অনুষ্ঠানসমূহে ৰেংকিঙত ভাল স্থান লাভ কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ অধীনৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ প্ৰতি অধিক মনোযোগ দিব লাগিব।
২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত ২০৪০ চনৰ ভিতৰত সকলো উচ্চ শিক্ষানুষ্ঠান বহুপাঠ্যক্ৰমযুক্ত (multidisciplinary) অনুষ্ঠানলৈ পৰিৱৰ্তন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে, উচ্চশিক্ষাত নাম ভৰ্তি কৰা মুঠ ছাত্ৰ-ছাত্ৰীৰ অনুপাত ২০১৮ চনৰ ২৬.৩ শতাংশৰ পৰা ২০৩৫ চনত ৫০ শতাংশলৈ বৃদ্ধি কৰা। ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ২০৩০ চনৰ ভিতৰত দেশৰ প্ৰতিখন জিলাতে কমেও এখন বৃহৎ বহু পাঠ্যক্ৰমযুক্ত উচ্চ শিক্ষানুষ্ঠান স্থাপন কৰাৰ লক্ষ্য ৰাখিছে। এই লক্ষ্য অনুসৰি কেৱল এটা ষ্ট্ৰীমৰ বিশেষীকৃত শিক্ষানুষ্ঠানসমূহ লাহে লাহে নোহোৱা হৈ যাবগৈ।
কিন্তু পৰিতাপৰ কথা যে ভাৰতৰ আগশাৰীৰ বহুপাঠ্যক্ৰমযুক্ত বিশ্ববিদ্যালয় – জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়, হায়দৰাবাদ বিশ্ববিদ্যালয়, জামিয়া মিলিয়া ইছলামিয়া আদিয়ে আজি পৰ্যন্ত বিশ্বৰ প্ৰথম ৫০০ খন উচ্চ শিক্ষানুষ্ঠানৰ তালিকাত স্থান লাভ কৰিব পৰা নাই। সেয়ে ভাৰতৰ চিন্তানায়কসকলে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সকলো উচ্চ শিক্ষানুষ্ঠান বহুপাঠ্যক্ৰমিক কৰাৰ লক্ষ্যটো পুনৰ বিৱেচনা কৰাৰ থল আছে। কিয়নো আমি যদি ‘কোৱেৰেলি চাইমনছে’ দিয়া বিশ্বৰ বিশ্ববিদ্যালয়বোৰৰ ৰেংকিং ভালদৰে পৰ্যৱেক্ষণ কৰোঁ, তেনেহ’লে দেখিবলৈ পাম যে ‘ইণ্ডিয়ান ইনষ্টিটিউট্ অব্ টেক্ন’লজি’ আৰু ‘ইণ্ডিয়ান ইনষ্টিটিউট্ অব্ চাইল’ৰ নিচিনা এটা ষ্ট্ৰীমৰ বিশেষীকৃত উচ্চ শিক্ষানুষ্ঠানসমূহে বহুপাঠ্যক্ৰমিক শিক্ষানুষ্ঠানতকৈ ভাল ফলাফল প্ৰদৰ্শন কৰিছে। ‘ইণ্ডিয়ান ইনষ্টিটিউট্ অব্ চাইল’ আৰু ৮ খন ‘ইণ্ডিয়ান ইনষ্টিটিউট্ অব্ টেক্’লজি’য়ে ২০২৩ চনৰ ৰেংকিঙত বিশ্বৰ প্ৰথম ৫০০ খন উচ্চ শিক্ষানুষ্ঠানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
শিক্ষা আৰু গৱেষণাৰ বিশ্বস্তৰীয় মান সৃষ্টিৰ কাৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিত বহুপাঠ্যক্ৰমিক শিক্ষা তথা গৱেষণা বিশ্ববিদ্যালয়ৰ সৃষ্টি আৰু বিকাশত গুৰুত্ব প্ৰদান কৰা হৈছে। কিন্তু নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে বহুপাঠ্যক্ৰমিক উচ্চশিক্ষানুষ্ঠানৰ পোষকতা কৰিলেও বিশ্ব ৰেংকিঙত লাভ কৰা স্থানলৈ লক্ষ্য কৰিলে বহুপাঠ্যক্ৰমিক বা বহু বিষয়ক শিক্ষানুষ্ঠানতকৈ এটা ষ্ট্ৰীমৰ বিশেষীকৃত শিক্ষানুষ্ঠানসমূহৰহে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হয়। যি সময়ত দেশ তথা বিশ্বৰ অর্থনীতি বিশেষজ্ঞ পেছাদাৰী ব্যক্তিৰদ্বাৰা পৰিচালিত হৈছে, তেনে সময়ত বিশেষীকৃত শিক্ষানুষ্ঠানসমূহ বহুপাঠ্যক্ৰমিক বিশ্ববিদ্যালয়লৈ পৰিৱৰ্তন কৰাৰ ধাৰণাটো ভৱিষ্যতৰ বাবে শুভ ফলদায়ক হ’ব যেন বোধ নহয়। যদি ‘আই আই টি’-সমূহে শাৰীৰিক শিক্ষা আৰু চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আগবঢ়ায় বা ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ে ‘মেকানিকেল ইঞ্জিনিয়াৰিঙ’ৰ স্নাতক পাঠ্যক্ৰম প্ৰদান কৰে, দেশৰ উচ্চ শিক্ষা ব্যৱস্থাত নিশ্চিতভাৱে সাংঘাতিক বেমেজালিৰ সৃষ্টি হ’ব।