ড০ ৰমেশ চন্দ্ৰ গোস্বামী
পৃথিৱীৰ প্ৰাকৃতিক
পৰিৱেশ কিমান বিভিন্ন ধৰণে প্ৰদূষিত হয়, সেই বিষয়ে প্ৰায় সকলো নাগৰিকেই
জনা হৈছে৷ আনহাতে পোহৰ আৰু তাপেও যে পৰিৱেশত প্ৰদূষণ সৃষ্টি কৰে তাক মাত্ৰ একাংশ সচেতন
ব্যক্তিয়েহে জানে বা ধাৰণা কৰিব পাৰে৷ অৱশ্যে তাৰ মাজতে একাংশ কম শিক্ষিত বা অৰ্ধশিক্ষিত
লোকে নিজৰ প্ৰায় অজ্ঞাতেই তাপ প্ৰদূষণৰ কথা বুজি পায় আৰু প্ৰাচীন কালৰে পৰা চলি থকা
প্ৰতিকাৰৰ ব্যৱস্থাও গ্ৰহণ কৰি আহিছে৷উদাৰণস্বৰূপে, গ্ৰাম্যাঞ্চলতে হওক বা চহৰতে হওক, ব্যক্তিগতই হওক বা সমবায় ভিত্তিতে
হওক, সাধাৰণেই হওক বা বিশালকায়েই হওক, বিশেষকৈ
গৰমৰ দিনত মাছ পোহা পুখুৰীৰ কোনো কোনো অংশত গছৰ ডাঙৰ ডাঙৰ ফেৰেঙনি, বাঁহৰ আগলি, মেটেকা আদি পেলাই ৰখা দেখা যায়৷ কিয়?
– মাছবোৰক গৰমৰ পৰা ৰক্ষা কৰিবৰ উদ্দেশ্যেই৷
উষ্ণতাই পানীৰ আৰু
লগতে পানীত থকা উদ্ভিদ, প্ৰাণী আৰু অনুজীৱসমূহৰ জীৱনৰো ভৌতিক-ৰাসায়নিক প্ৰকৃতি নিয়ন্ত্ৰণ কৰে৷ পানীত বাস কৰেআ এই জীৱসমূহে প্ৰকৃতিকভাৱে
সাল-সলনি ঘটা উষ্ণতা আৰামত সহ্য কৰিব পাৰে৷
কিন্তু মানুহৰ দুষ্কাৰ্যৰ
বাবে জলাশয়ৰ পানীৰ উষ্ণতাৰ হ্ৰাস-বৃদ্ধি হ’লে তাক
সহ্য কৰা যথেষ্ট কঠিন হ’ব পাৰে৷ পৰিস্থিতিসাপেক্ষে আনকি সেইবোৰৰ
মৃত্যুও হ’ব পাৰে৷
মানুহৰ দু্ষ্কাৰ্যই
যেতিয়া জলভাগৰ স্বাভাৱিক উষ্ণতাতকৈ ভালেখিনি বেছি বা ভালেখিনি কম উষ্ণতা সৃষ্টি কৰে,
তেতিয়া পানীৰ তাপীয় প্ৰদূষণ হোৱা বোলা হয়৷ তাপীয় প্ৰদূষণৰ কথা কমেই উল্লেখ
কৰা দেখা যায় যদিও তাৰ গুৰুত্ব নিচেই কম বুলিব নোৱাৰি৷
কোনবোৰ উৎসই
তাপীয় প্ৰদূষণ ঘটায়?
শক্তি উৎপাদন কেন্দ্ৰসমূহেই
তাপীয় প্ৰদূষণৰ সবাতোকৈ গুৰুত্বপূৰ্ণ উৎস বুলি বিবেচিত হৈছে৷ প্ৰচলিত তাপীয় শক্তি উৎপাদন
কেন্দ্ৰবোৰত কয়লা জ্বলাই বয়লাৰত পানী উতলাই ভাপ সৃষ্টি কৰা হয়৷ নিউক্লীয় ( বা পাৰমাণৱিক) শক্তি উৎপাদনৰ বেলিকাও প্ৰায় একেই কথা৷
কেৱল তাত কয়লা জ্বলাই পানী উতলোৱা নহয়, নিউক্লীয় বিয়োজন বিক্ৰিয়াত
উৎপন্ন যোৱা প্ৰচুৰ তাপেৰেহে পানী উতলাই ভাপ সৃষ্টি কৰা হয়৷ ভাপ যি ধৰণেই উৎপন্ন নহওক,
সেই ভাপে শক্তি উৎপাদক জেনেৰেটৰৰ টাৰবাইন ঘূৰালে শক্তি উৎপাদন হয়৷ টাৰবাইন
ঘূৰাই তাৰ পৰা ওলাই যোৱা ভাপখিনি কন্ডেন্সাৰত ঠাণ্ডা কৰা হয়৷
ঠাণ্ডা কৰিবলৈ শক্তি উৎপাদন কেন্দ্ৰৰ ওচৰতে থকা কোনো নৈ, হ্ৰদ
বা তেনেকুৱা জলৰাশিৰ পৰা প্ৰচুৰ পৰিমাণে ঠাণ্ডা পানী আনি ব্যৱহাৰ কৰা হয়৷ শেষত কন্ডেন্সাৰৰ পৰা অৱশিষ্ট গৰম পানীখিনি আকৌ সেই জলৰাশিতে পেলাই দিয়া হয়৷ ফলত জলৰাশিৰ
সেই অঞ্চলৰ উষ্ণতা ১০ ডিগ্ৰীৰ পৰা ১৬ ডিগ্ৰী ছেলছিয়াচ পৰ্যন্ত বৃদ্ধি হয়৷
শক্তি উৎপাদন কেন্দ্ৰসমূহৰ
উপৰিও তেল শোধনাগাৰ, তীখাৰ কাৰখানা, কাগজকল,
বিভিন্ন ৰাসায়নিক প্ৰকল্প আৰু অন্যান্য ঔদ্যোগিক কাৰখানাবোৰেও যন্ত্ৰ-পাতি ঠাণ্ডা কৰিবলৈ ওচৰতে পোৱা জলভাগৰ পানী ব্যৱহাৰ কৰে৷ ব্যৱহাৰৰ পাছত বৰ্জ্য
পানীৰ উষ্ণতা, ৪-৫ ডিগ্ৰী ছেলছিয়াছ বেছি
হৈ থাকে (ওচৰৰ জলভাগৰ তুলনাত); সেই পানী
পুনৰ জলভাগতে পেলোৱা হয়৷
কাপোৰ ধোৱা পানী, গা-ধোৱা পানী, বাচন-বৰ্তন চাফা কৰা পানী, পাচলি আদি ৰন্ধা-বঢ়া কামত ব্যৱহৃত পানী, বাসগৃহ, হোটেল-ৰেষ্টুৰেণ্ট-অফিচ আদিৰ পৰা নিৰ্গত পানী, মল-মূত্ৰ আদি ঘৰুৱা বৰ্জ্য পদাৰ্থ বুলি ধৰা হয়৷ নলা-নৰ্দমাৰে গৈ এইসমূহ শেষত জান-জুৰি, খাল-বিল-নদী আদিত পৰেগৈ৷ এইবোৰেও পানীৰ উষ্ণতা ঈষৎ পৰিমাণে হ’লেও বৃদ্ধি কৰে৷
জহকালি বিশেষকৈ নগৰাঞ্চলৰ
পকী ৰাস্তা, পকী পাৰ্কিং ষ্টেণ্ড আদিৰ পৰাও কেতিয়াবা পানী বা অন্য গৰম
পদাৰ্থ নলা-নৰ্দমাইদি গৈ খাল-বিল নৈ আদিত
পৰে৷
অৰণ্যই পুখুৰী, হ্ৰদ, নদী আদিৰ বহু অংশত সূৰ্যৰ কিৰণ পোনে পোনে পৰাত
বাধা দিয়ে৷ যদি অৰণ্য ধ্বংসৰ নিচিনা দুষ্কাৰ্য কৰা হয় বা অৰণ্য নাথাকেই তেন্তে তেনে
বাধাৰ প্ৰশ্ন নুঠে৷ ফলত পানীৰ উষ্ণতা বাঢ়ে৷ ক্ষেত্ৰবিশেষে মাটিৰ ক্ষয়ীভৱনো অৰণ্য ধ্বংসৰ
আৰু সেয়ে পানীৰ উষ্ণতাৰ কাৰক হ’ব পাৰে৷
তাপীয় প্ৰদূষণৰ কেইটামান
প্ৰকৃতিক উৎসও উল্লেখনীয় : সময়ে সময়ে সাগৰ-মহাসাগৰৰ
তলিৰ পৰা আগ্নেয় উদ্গীৰণ ঘটি উত্তপ্ত লাভা নিৰ্গত হয়, ভূতাপীয়
ছিদ্ৰইদি গৰম ভাপ আৰু গেছ ওলায়, উষ্ণ প্ৰস্ৰৱণৰ পৰা
(Hot spring) গৰম পানী ওলায়৷ এনেবোৰ প্ৰাকৃতিক পৰিঘটনাই সাগৰৰ পানীত
প্ৰচুৰ তাপ এৰি দিয়ে৷ আন কেতিয়াবা আকৌ সাগৰপৃষ্ঠত বজ্ৰপাতো হয়৷
জলচৰ প্ৰাণীৰ
ওপৰত তাপীয় প্ৰদূষণৰ প্ৰভাৱ কেনেকুৱা –
তাপীয় প্ৰদূষণৰ প্ৰভাৱৰ
আলোচনা কৰিবলৈ গ’লে দুটা পৰস্পৰ বিপৰীতমুখী চিন্তাৰ উন্মেষ ঘটেঃ
প্ৰথমটো নেতিসূচক – বিশেষকৈ জলচৰ প্ৰাণী বা সামুদ্ৰিক পৰিস্থিতিতন্ত্ৰৰ
(ecosystem) ওপৰত ঘটা কুপ্ৰভাৱ৷ আনটো ইতিবাচক – শক্তি উৎপাদন, জীৱন যাপনত সদায় ব্যৱহাৰ হৈ থকা সামগ্ৰীৰ
উৎপাদন ইত্যাদিবোৰ অবিহনে মানৱ সভ্যতাৰ গতি ৰুদ্ধপ্ৰায় হৈ পৰিব৷ অৱশ্যে এইটো ঠিক যে
ইতিবাচকৰ তুলনাত নেতিসূচক প্ৰভাৱে পৰিস্থিতিতন্ত্ৰ অধিক ক্ষতি সাধন কৰি আছে৷
পানীয়ে বায়ুমণ্ডলীয়
অক্সিজেন শোষণ কৰে৷ তদুপৰি সালোকসংশ্লেষণ প্ৰক্ৰিয়াত জলজ উদ্ভিদবোৰে এৰি দিয়া অক্সিজেনো
পানীয়ে শুহি লয়৷ এনে দ্ৰৱীভূত অক্সিজেন মাছ, কাছ আদি জলচৰ প্ৰাণীবোৰে
উশাহত গ্ৰহণ কৰে৷ পানীৰ উষ্ণতা বাঢ়িলে পানীত এনেদৰে দ্ৰৱীভূত
হৈ থকা অক্সিজেনৰ পৰিমাণ হ্ৰাস পায়৷ তেতিয়া তাত বাস কৰা সেই প্ৰাণীবোৰে প্ৰয়োজনীয় অক্সিজেন
লাভ কৰিবলৈ খৰকৈ উশাহ ল’বলগীয়া হয়৷ মাছৰ
ক্ষেত্ৰত দেখা যায় যে সেইবোৰে পানীৰ সৰ্বাধিক যি উষ্ণতাত বাচি থাকিব পাৰে সেই উষ্ণতাত
স্বাভাৱিক উষ্ণতাৰ তুলনাত চাৰিগুণ পৰ্যন্ত বেছি হাৰত অক্সিজেন ল’বলগীয়া হয়৷ অধিক অক্সিজেনৰ প্ৰয়োজনীয়তা, অথচ একে সময়তে
অক্সিজেনৰ পৰিমাণ হ্ৰাস পোৱা হেতুকে মাছ আৰু তেনেজাতীয় প্ৰাণীৰ জীৱন বিপন্ন যোৱাটো
অৱশ্যাম্ভাৱী৷
মন কৰিব পাৰি যে
উষ্ণতা হঠাতে বাঢ়ি গ’লে সেই জলভাগৰ মাছ-কাছ,
কীট-পতংগ, উদ্ভিদ বা উভচৰ
প্ৰাণীবোৰ মৃত্যুমুখত পৰাৰ সম্ভাৱনা বাঢ়ে৷ কিছুমান প্ৰজাতিৰ বাবে কিছু গৰমপানী বৰ বেছি
সৰ্বনশীয়া নহ’ব পাৰে; আনহাতে অন্য কেতবোৰ
প্ৰজাতিৰ বাবে ই মাৰাত্মকো হ’ব পাৰে৷ সৰহভাগ প্ৰজাতিৰ মাছ ৩৫০
ছেলচিয়াচৰ তলতহে থাকিব পাৰে৷ উষ্ণতা তাতকৈ বাঢ়িলে বহুতো প্ৰজাতি সংকটত পৰে৷
উষ্ণতা বৃদ্ধি লাহে
লাহে হ’লে প্ৰায়ভাগ প্ৰাণীয়ে কিছু পৰিমাণে সেই পৰিৱেশৰ লগত অভ্যস্ত হৈ পৰিব পাৰে৷
কিন্তু অকস্মিক বৃদ্ধি সেইবোৰৰ বাবে প্ৰাণঘাতী হোৱাৰ সম্ভাৱনাই অধিক৷ উদাহৰণস্বৰূপে
৮০ ছেল. উষ্ণতাত ডেফনিয়া নামৰ পানীমাখি এবিধ ১০৮ দিন
বাচি থাকে; কিন্তু ২৮০ ছেল. উষ্ণতাত মাত্ৰ ২৯ দিনহে থাকে৷
তাপীয় প্ৰদূষণে জীৱৰ
বিপাক প্ৰক্ৰিয়াৰ(জৈৱ-ৰাসায়নিক পৰিৱৰ্তন)
হাৰ বৃদ্ধি কৰে৷ তেতিয়া জীৱবোৰে সেই পৰিৱেশত স্বাভাৱিক অৱস্থাতকৈ অধিক
খাদ্য গ্ৰহণ কৰিব বিচাৰে৷ কিন্তু তেনে পৰিৱেশত খাদ্যৰ অভাৱহে হয়৷ কিয়নো, কিছুমান প্ৰজাতিৰ জীৱ নিজৰ বাবে উপযুক্ত উষ্ণতাৰ পানী বিচাৰি তাৰ পৰা আঁতৰি
যায়৷ তেতিয়া তেনেবোৰ জীৱ আহাৰ হিচাপে গ্ৰহণ কৰা আন প্ৰজাতিৰ প্ৰাণীসমূহ বিপদত পৰে৷
ফলত তেনে প্ৰাণীৰ সংখ্যা কমি আহে – হয় মৃত্যুমুখত পৰে,
নহ’লে তাৰ পৰা কেনিবা আঁতৰি যায়৷ মুঠতে অঞ্চলটোৰ
খাদ্য-শৃংখল বেয়াকৈ প্ৰভাৱিত হয় আৰু লগতে জীৱবৈচিত্ৰৰ সমতাৰো
ক্ষতি হয়৷
তাপীয় প্ৰদূষণে নদীৰ
আৰু সাগৰীয় প্ৰাণীবোৰৰ প্ৰজনন প্ৰক্ৰিয়াৰ ওপৰতো প্ৰভাৱ পেলায়৷ বহুতৰে প্ৰক্ৰিয়াটোৰ
হাৰ ভালেখিনি হ্ৰাস পায়৷ বেছি উষ্ণতাৰ অবিকশিত (immature)কণী নিৰ্গত হ’ব পাৰে৷ নাইবা কিছুমান কণীৰ স্বাভাৱিক বিকাশ ব্যাহত হ’ব পাৰে৷ মাছৰ বিকৃত পোনাৰ উৎপত্তি হ’ব পাৰে৷
উষ্ণতা বাঢ়িলে সেই
পানীত কীটনাশক, অপমাৰ্জক (detergent), কাগজকল আদিৰ
পেলনীয়া ইত্যাদি বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰৱ্যৰ বিষক্ৰিয়া বাঢ়ে৷ তেতিয়া স্বাভাৱিকতে
সেই পৰিৱেশ জলচৰ প্ৰাণীবোৰৰ বাবে সহনীয় হৈ নাথাকে৷
উষ্ণতা বাঢ়ি অহাৰ
লগে লগে জলচৰ প্ৰাণীৰ কেতবোৰ আকৃতিগত পৰিৱৰ্তন ঘটিব পাৰে৷ উদাহৰণস্বৰূপে, হোৱাইট ফিছ নামৰ এক শ্ৰেণীৰ বহু প্ৰজাতিৰ মাছ আছে (উদাহৰণ
– আটলাণ্টিক কড, হেডক, প’লক ইত্যাদি); সেইবোৰে বেছি উষ্ণতাত মেলা মুখ জপাব নোৱৰা
হয়, চকুবোৰো অস্বাভাৱিক হৈ পৰে৷ ৩০০ ছেল.ৰ বেছি উষ্ণতাত ৰাজহাড়ৰ বিকৃতৰূপ হয়৷
জলচৰ প্ৰাণীৰ
ওপৰত পৰিস্থিতিতান্ত্ৰিক প্ৰভাৱ কেনেধৰণৰ –
গৰমপানীৰ ঘনত্ব কম
কাৰণে গৰম পানী জলপৃষ্ঠৰ ওপৰভাগত থাকে; তেনেদৰে বেছি ঘনত্বৰ ঠাণ্ডা
পানী তলপিনে থাকে৷ অৰ্থাৎ পানী স্তৰীভূত হয়৷ ফলত তলৰ স্তৰটো বায়ুমণ্ডলৰ সংস্পৰ্শত নাথাকে
আৰু সেই বাবে বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰাত বাধা পায়৷ আকৌ, ওপৰৰ স্তৰটো উষ্ণ কাৰণে তাত বায়ুমণ্ডলৰ অক্সিজেন শোষণৰ পৰিমাণ কম হয়৷ এই দুয়োধৰণৰ
প্ৰক্ৰিয়াৰ বাবে ওপৰৰ আৰু তলৰ দুয়োটা স্তৰতে অক্সিজেনৰ অভাৱ ঘটে৷ যদি কেনেবাকৈ উষ্ণ
স্তৰটোত কোনো জৈৱিক পদাৰ্থ থাকে, তেন্তে অনুজীৱবোৰে তাৰ ভাঙন
ঘটায়৷ সেই কাৰ্যত হাইড্ৰ’জেন ছালফাইড, এম’নিয়া আদি গেছ নিৰ্গত হৈ ইতিমধ্যেই সংকটত পৰা উদ্ভিদ আৰু প্ৰাণীৰ জীৱন অধিক
বিপন্ন কৰি তোলে৷
গৰম স্তৰটোত অক্সিজেন কমকৈ দ্ৰৱীভূত হোৱাৰ লগতে তাত জৈৱ
আৰু অজৈৱ পদাৰ্থ সহজে দ্ৰৱীভূত হয়৷ ফলত অঞ্চলটোৰ স্বাভাৱিক ৰাসায়নিক চৰিত্ৰ সলনি হয়৷
পৰিণতিস্বৰূপে দুই ধৰণৰ ঘটনা ঘটিব পাৰে : হয় বহুতো জীৱ মৃত্যুমুখত
পৰিব পাৰে, নতুবা জীৱসমূহৰ অন্য কোনো অনুকূল পৰিৱেশৰ ঠাইলৈ প্ৰব্ৰজন
ঘটিব পাৰে৷ তেতিয়াও যিবোৰ জীৱ তেনে আচহুৱা পৰিৱেশত বাচি থাকে, সেইবোৰৰ বৰ্ধন
আৰু সংখ্যা বৃদ্ধি দুয়োটাই যথেষ্ট খৰতকীয়া হয়৷ এনেদৰে অঞ্চলটোৰ জৈৱবৈচিত্ৰৰ সমতা হেৰাই
যাবলৈ লয়৷
তাপীয় প্ৰদূষণ নিয়ন্ত্ৰণ
কেনেদৰে সম্ভৱ:
সবাতোকৈ সহজ আৰু
সুবিধাজনক বুলি বিবেচিত ব্যৱস্থা হৈছে শীতলক হ্ৰদ বা সঞ্চয় জলাধাৰ৷ এনেবোৰ হ্ৰদ আৰু
জলাধাৰৰ বহল পৃষ্ঠভাগৰ পৰা বৰ্জিত তাপ অনায়েসে বায়ুমণ্ডললৈ যায়৷ তদুপৰি সেইবোৰ দুইধৰণে
ব্যৱহাৰ কৰিব পাৰি: শক্তি উৎপাদন কেন্দ্ৰ আৰু অন্যান্য উদ্যোগত যন্ত্ৰপাতি ঠাণ্ডা কৰিবলৈও
পাৰি, আৰু সেইসমূহে বৰ্জন কৰা গৰম পানীও ঠাণ্ডা কৰিব পাৰি৷
পানীৰ বাহিৰে আন
কোনো উপযুক্ত শীতলক পদাৰ্থ ব্যৱহাৰ কৰিব পাৰি৷
বৰ্জনীয় পানী বোৱাই
নি আপেক্ষিকভাৱে কম জীৱৰ বসতিস্থানত পেলাব পাৰি৷
বৰ্জনীয় পানী সাগৰত
পেলালে সাগৰৰ সেই অঞ্চলৰ উপকূলত আৰু নদীত পেলালে তাৰ দুয়োপাৰত বৃক্ষৰোপন কৰিব পাৰি৷
গৰমপানীক আন কিছিমান
কামত ব্যৱহাৰ কৰিব পৰা যায়৷ বিশেষকৈ অতি ঠাণ্ডা মাটিত গৰমপানীৰে তাপৰ যোগান ধৰিব পাৰি৷
মাছ পোহা, গৰু-ম’হ-গাহৰি আদিক আশ্ৰয় প্ৰদান কৰা, সেউজগৃহ গৰমাই ৰখা, সাগৰৰ পানীৰ পৰা
নিমখ প্ৰস্তুত কৰোঁতে পানীক বাষ্পীভূত কৰা আদি ক্ষেত্ৰত এনে বৰ্জিত গৰমপানী কিছু হ’লেও
কামত লগাব পাৰি৷
চিত্ৰ (ক) আৰ্দ্ৰ শীতলক স্তম্ভ, চিত্ৰ (খ) শুষ্ক শীতলক স্তম্ভ (১ - বায়ু, ২- গৰম পানী, ৩ - ঠাণ্ডা পানী, ৪ - ফেন) |
তাপীয় প্ৰদূষণ নিয়ন্ত্ৰণৰ
বাবে শীতলক স্তম্ভৰো (Cooling Tower) ব্যৱস্থা আছে৷ এনে স্তম্ভ দুই ধৰণৰ: আৰ্দ্ৰ(wet)
অৰু শুষ্ক (dry) স্তম্ভ৷ আৰ্দ্ৰ স্তম্ভ শীতলকত এটা প্ৰকাণ্ড পৰাবৃত্তাকাৰ(hyperbolic)
স্তম্ভৰ ভিতৰত থকা মোটা পেডত গৰমপানী স্প্ৰে কৰি পেলোৱা হয়৷ পেডৰ তলপিনেদি ঠাণ্ডা বতাহ
সুমুৱাই অনা হয়৷ বতাহে পেডৰ পানী ঠাণ্ডা কৰে৷ সেই ঠাণ্ডা পানী তাৰ পাছত হয় কোনো পানীভাগত
পেলোৱা হয়, নতুবা পুনৰ চক্ৰীকৰণ কৰিবলৈ লৈ যোৱা হয়৷
এই ব্যৱস্থাত যথেষ্ট
পৰিমাণে পানীৰ অপচয় ঘটে; তদুপৰি ডাঠ কুঁৱলী সৃষ্টি হৈ অঞ্চলটোৰ উদ্ভিদ জগতৰ ক্ষতি সাধন
কৰে৷
শুষ্ক শীতলক স্তম্ভত
মজবুত নলীৰ মাজেদি গৰম পানী বৈ থাকিবলৈ দি সেইবোৰৰ ওপৰত প্ৰকাণ্ড ফেনৰ জৰিয়তে ঠাণ্ডা
বতাহ বোৱাই ৰখা হয়৷ তাকে কৰিলে বায়ুৰ পৰিচলন আৰু বিকিৰণ প্ৰক্ৰিয়াৰে নলীৰ মাজেদি যোৱা
পানী ঠাণ্ডা হৈ পৰে৷ ব্যৱস্থাটোত পানীৰ অপচয় আৰু কুঁৱলীৰ সৃষ্টি নিয়ন্ত্ৰিত হয় ঠিকেই,
কিন্তু ব্যৱস্থাটোৰ স্থাপন অতি ব্যয়বহুল হয়৷
নিয়ন্ত্ৰণৰ বিভিন্ন
কৌশল উদ্ভাৱিত হোৱা স্বত্বেও উদ্যোগসমূহে সেইবোৰক আদৰি ল’বলৈ নিবিচাৰে৷ তাৰ সলনি প্ৰচলিত
ব্যৱস্থাৰ ওপৰতে গুৰুত্ব দি আহিছে৷ শক্তি উদ্যোগেই হওক, ৰসায়নিক আদি অন্যান্য উদ্যোগেই
হওক, সিবিলাকৰ কৰ্তৃপক্ষই নিজৰ মানসিকতা সলনি নকৰিলে তাপীয় প্ৰদূষণ এক দুৰ্নিবাৰ সমস্যা
হৈয়ে ৰ’ব৷ বিশিষ্ট প্ৰযুক্তিবিদসকলেও প্ৰয়োজনসাপেক্ষ বিকল্প প্ৰযুক্তি উদ্ভাৱনৰ চেষ্টা
কৰা দৰকাৰ৷ সমস্যা চিৰদিন সমস্যা হৈ নাথাকে৷ এদিন হ’লেও কিছুপৰিমাণে লাঘৱ হ’বই৷
***
লেখকৰ ঠিকনা:
তেজপুৰ, অসম
ভ্ৰাম্যভাষ : ৯৪৩৫৩৮০২৫৭