অন্যযুগ/


সমকামিতাক তুলি ধৰা এখন উপন্যাস

 কিশোৰ দাস কোঁৱৰ


 

প্ৰস্তুতিকালৰে পৰা বৰ্তমান সময়লৈকে অসমীয়া উপন্যাসে বিভিন্ন সাহিত্যৰূপ (Genre)-ৰ মাজেৰে বিষয়-বৈচিত্ৰ্যৰ ক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষা চলাই আহিছে৷ ফলস্বৰূপে সমাজত সংঘটিত বিভিন্ন ঘটনা-সংঘটনাই ইয়াত স্থান লাভ কৰিছে৷ প্ৰাৰম্ভিক কালৰে পৰা চিন্তা-চৰ্চা কৰি অহা বিভিন্ন বিষয়সমূহে একবিংশ শতিকাত নানান মাধ্যমেৰে বিকাশ ঘটি নতুন নতুন মাত্ৰা লাভ কৰিছে৷ এনে বিভিন্ন বিষয়সমূহৰ ভিতৰত কুইয়ৰ চেতনা বিষয়টোৱে অতিসাম্প্ৰতিক কালত অধিক প্ৰাধান্য পোৱা পৰিলক্ষিত হৈছে৷ কিন্তু বহুতে ভবাৰ দৰে কুইয়ৰ বিষয়টো কোনো নতুন অস্বাভাৱিক ধাৰা নহয়, ই সাধাৰণ মানুহৰ জীৱন যাপনৰ দৰেই এক স্বাভাৱিক প্ৰক্ৰিয়া৷ মাথোঁ অতীতৰে পৰা ই আত্মপ্ৰকাশ কৰিব নোৱাৰাকৈ সমাজৰ দ্বি-মেৰুযুক্ত লিংগবিচাৰৰ হাতোৰাত সোমাই আছিল৷ বিংশ শতিকাৰ অসমীয়া সাহিত্যৰ কেতবোৰ গল্প, উপন্যাসৰ দুই-এটি চৰিত্ৰৰ মাজত ইয়াৰ এটি চেগা-চোৰোকা ৰেখ দেখা গৈছিল যদিও ই সন্দেহৰ আৱৰ্ততে আছিল৷ কুইয়ৰ চেতনাৰ এক ধৰণৰ উকমুকনি কিন্তু সেই সময়তে দেখা গৈছিল৷ অতিসাম্প্ৰতিক কালত কেইবাখনো উপন্যাসত আৰু গল্পত কুইয়ৰৰ বিষয়টোৱে প্ৰাধান্য লাভ কৰা পৰিলক্ষিত হৈছে যদিও কিছুদিন আগলৈকে সমকামিতা (ব্যক্তিগতভাৱে আমি সমপ্ৰেমী শব্দটোহে প্ৰয়োগ কৰাৰ পক্ষপাতী) ৰ বিষয়টোক কেন্দ্ৰীয় বিষয় হিচাপে লৈ অসমীয়া সাহিত্যত উপন্যাস ৰচিত হোৱা নাছিল৷ কিন্তু শেহতীয়াকৈ প্ৰকাশিত জিন্তু গীতাৰ্থৰ ‘ছায়ানক্ষত্ৰ’ উপন্যাসখনে যেন এই সীমা ভাঙিলে৷ সমকামিতাক কেন্দ্ৰীয় বিষয় হিচাপে লৈ তেওঁ লিখি উলিয়ালে ‘ছায়ানক্ষত্ৰ’৷ 

‘সাহিত্য, সমাজ আৰু সাহিত্যতত্ত্ব’ শীৰ্ষক গ্ৰন্থখনত জুৰি দত্তই কুইয়ৰ চেতনা সম্পৰ্কে আলোচনা কৰি কুইয়ৰ তত্ত্ব সম্পৰ্কে কৈছে – “কুইয়ৰ চেতনা বা কুইয়ৰ চিন্তনে সেইসকল লোকক প্ৰতিনিধিত্ব কৰে, যিসকল লোকে নাৰী-পুৰুষ, ল’ৰা-ছোৱালী, মতা-মাইকী আদি সুনিৰ্দিষ্ট বিভাজনৰ ধাৰণাটোৰ বাহিৰত অৱস্থান কৰে৷ ব্যক্তিৰ যৌনচেতনাৰ নাৰী-পুৰুষ আদিৰ যুগ্ম বৈপৰীত্যৰ ধাৰণাৰ বাহিৰৰ আন যিকোনো যৌন চেতনাৰ অস্তিত্ব স্বীকাৰ কৰি এনে চেতনাক প্ৰাকৃতিক আৰু স্বাভাৱিক বুলি প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টাৰে সমাজতত্ত্ব, সাহিত্য, দৰ্শন আৰু সংস্কৃতি অধ্যয়নৰ যি তত্ত্বই আলোচনা কৰে, সহজ ভাষাত সেয়াই কুইয়ৰ তত্ত্ব৷” কুইয়ৰ তত্ত্বই মূলতঃ এল, জি, বি, টি, আই + সম্পৰ্কে আলোচনা কৰে৷ এই কুইয়ৰ তত্ত্বৰে ভিতৰুৱা লেছবিয়ান ( Lesbian) অৰ্থাৎ মহিলা সমকামী আৰু গে-( Gay) অৰ্থা পুৰুষ সমকামী। মূলতঃ পুৰুষ সমকামী বিষয়টোক কেন্দ্ৰীয় বিষয় হিচাপে লৈ জিন্তু গীতাৰ্থই লিখি উলিয়াইছে ‘ছায়ানক্ষত্ৰ’ উপন্যাস৷ উপন্যাসখনত লেছবিয়ান নতুবা থাৰ্ড জেণ্ডাৰৰ বিষয়ে উল্লেখ থাকিলেও সি কিন্তু উপন্যাসখনৰ কেন্দ্ৰীয় বিষয় নহয়, বিপৰীতে ‘গে’ অৰ্থাৎ পুৰুষ সমকামী বিষয়টোৱেহে উপন্যাসখনত কেন্দ্ৰীয় বিষয় হিচাপে প্ৰাধান্য লাভ কৰিছে৷ 

উপন্যাসখনৰ নাম হ’ল ‘ছায়ানক্ষত্ৰ৷ নক্ষত্ৰৰ জানো ছাঁ থাকে? কিন্তু উজ্জ্বল নক্ষত্ৰৰ আঁৰতো কেতিয়াবা বহুতো তৰা হেৰাই যায় বা যাব পাৰে৷ ঠিক একেদৰে হাজাৰ ভিৰৰ মাজত থাকিও সমকামী লোকসকল যেন বৰ নিঃসংগ৷ প্ৰতি মুহূৰ্ততে তেওঁলোক যেন বৰ অকলশৰীয়া৷ কাৰণ সমাজে বান্ধি লোৱা নিয়মমতে তেওঁলোক ব্যতিক্ৰম৷ গতিকে এইফালৰ পৰা উপন্যাসখনৰ শিৰোনামটো ঔপন্যাসিকৰ সফল সৃষ্টি৷ সমকামী বা কুইয়ৰ ব্যক্তিসকল আমাৰ সমাজত আজিও বৰ বেয়াকৈ অৱহেলিত, উপেক্ষিত৷ কিন্তু বহুতে ভবাৰ দৰে সমকামী হোৱাটো কোনো মানসিক ৰোগ নহয়৷ ই সম্পূৰ্ণ স্বাভাৱিক আৰু প্ৰাকৃতিক৷ কিন্তু আমাৰ সমাজে ইয়াক মানসিক ৰোগ হিচাপে চিহ্নিত কৰিব বিচাৰে৷ উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ গীতৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহ’ল- “তাৰ কাষেদিয়ে ওপৰলৈ উঠি যোৱা ছিৰিটোত এজাক তৰুণ চিকিৎসক অথবা হ’ব লগা চিকিৎসকৰ দলে তালৈ আচৰিত হৈ চাইছিল... আচৰিত হ’বলগীয়া একো নাছিল৷ এনে আশ্চৰ্য আৰু কৌতূহলী চাৱনি, গোপন ফুচ্‌ফুচনি আৰু মস্কৰাত অভ্যস্ত আছিল সি... ৷”(পৃ-৪৮) অপ্ৰিয় হ’লেও এয়াই আমাৰ সামাজিক কাঠামোটোৰ মৌলিক সত্য৷ আনহাতে বহুতে ভবাৰ দৰে সমকামিতাৰ বিষয়টো কেৱল শৰীৰতত্ত্বৰ লগতে জড়িত নহয়, বিপৰীতে ই মনস্তত্ত্বৰ লগতহে অধিক জড়িত৷ ইয়াত অস্বাভাৱিক বুলিবলৈ একো নাই৷ পুৰুষ-নাৰীৰ দৰেই ইও এক স্বাভাৱিক সত্ত্বা৷ আমাৰ সমাজত দ্বি-মেৰুযুক্ত লিংগৰ যিটো পৰম্পৰাগত ধাৰণা সেই সম্পৰ্কে বাটলাৰে কোৱা কথা এষাৰ এইক্ষেত্ৰত বিশেষভাৱে প্ৰণিধানযোগ্য– “যেতিয়া নাৰী পুৰুষ দুয়োজনক দুটা শ্ৰেণীত বা দুটা ভাগত বিভক্ত কৰোঁ তেতিয়াও কিন্তু আমি এটা কথা মন কৰিব লাগে যে এইটো হৈছে এটি সামাজিক নিৰ্মাণ৷ নিৰ্মাণটোৰ সদায় যে দুটা মূৰ থাকিব লাগিব, দুটা মেৰু থাকিব লাগিব সেইটো কথা নহয় তাত কেইবাটাও মেৰু থাকিব পাৰে৷” এই মৌলিক সত্যটোকে মনঃ সমীক্ষাত্মক পদ্ধতিৰে সমাজৰ কাঠগড়াত ঠিয় কৰাই বিচাৰ কৰাৰ প্ৰয়াস কৰিছে ঔপন্যাসিক জিন্তু গীতাৰ্থই ‘ছায়ানক্ষত্ৰ’ উপন্যাসখনত৷ অতীতৰে পৰা পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰদ্বাৰা পৰিচালিত সমাজে কেৱল নাৰী-পুৰুষ এই দুই সত্ত্বাকহে স্বীকাৰ কৰি আহিছে৷ বিপৰীতে এই দুই সত্ত্বাৰ বাহিৰেও যে সমাজত আন বহুতো সত্ত্বাৰ উপস্থিতি আছে বা অতীতৰে পৰা আছিল তাৰ অনেক তথ্য পোৱা যায়, কিন্তু প্ৰচলিত সমাজ ব্যৱস্থাই তাক স্বীকাৰ নকৰে৷ এই প্ৰসংগত ঔপন্যাসিকে গ্ৰীক কাহিনীত বৰ্ণিত নিজৰ নাৰীসুলভ চৰিত্ৰৰ অদম্য বাসনাক চৰিতাৰ্থ কৰিবলৈ পুৰুষৰ শৰীৰত নাৰীসুলভ মনক আৱদ্ধ কৰি ৰখা প্ৰেমৰ দেৱী ভেনাচৰ প্ৰসংগ টানি আনিছে৷ উল্লেখনীয় কথা এয়ে যে সমাজত অতীজৰে পৰা এনে পৃথক সত্ত্বাৰ অস্তিত্বৰ অলেখ তথ্যৰ উমান পোৱা যায় যদিও তথাকথিত সামন্তযুগীয় চিন্তাৰ পুৰুষতান্ত্ৰিক সমাজে এই সত্ত্বাক স্বীকাৰ কৰাৰ ক্ষেত্ৰত প্ৰবল আৰু তীব্ৰ বিৰোধিতা কৰি আহিছে৷ পৰিণতিত সমাজত সৃষ্টি হৈছে একধৰণৰ দ্বন্দ্বৰ৷ এই দ্বন্দ্ব অন্তৰৰ দ্বন্দ্ব, এই ক্ষোভ নিজক প্ৰকাশ কৰিব নোৱাৰি অন্তৰত গুজৰি থকা ক্ষোভ, এয়া নিজৰ স্বাধীনতাখিনিক সমাজৰ হাতত তুলি দিবলৈ বাধ্য কৰোৱাৰ এক মৌন প্ৰতিবাদ৷ বহুত সময়ত আমাৰ সমাজে নিলগাই থব খোজা এই সমকামী লোকসকলে সেয়েহে হয়তো ভাবিবলৈ বাধ্য হয় আৰু সেয়েহে হয়তো উপন্যাসখনৰ মূল চৰিত্ৰ গীতে নিজকে প্ৰশ্ন কৰিছে- “এই দেশ তাৰ নহয় ৷ এই সমাজ তাৰ নহয়৷ এই মানুহবোৰ তাৰ দৰে নহয়৷ তেনেহ’লে ক’ত আছে মোৰ দেশ? মোৰ মানুহ?৷ (পৃ-৪৮) সমাজৰ আন্ধাৰ গলিত উপেক্ষিত হৈ ৰোৱা, কাৰো সততে চকুত নপৰা, শুনিলেই লাজৰ বিষয়ে হিচাপে লোৱা সমকামীসকলৰ বিষয়টোক মুকলিকৈ আলোচনা কৰিব পৰা পৰিৱেশ এটি আজিও আমাৰ সমাজত গঢ় লৈ উঠা নাই৷ কিন্তু এনে এটি সংবেদনশীল, স্পৰ্শকাতৰ বিষয়কে মুখ্য উপজীৱ্য হিচাপে সাহসেৰে গ্ৰহণ কৰি ঔপন্যাসিক জিন্তু গীতাৰ্থই ‘ছায়ানক্ষত্ৰ’ উপন্যাসখন ৰচনা কৰিছে৷ উপন্যাসখনত মূলতঃ সমকামী লোকসকলৰ জীৱন যন্ত্ৰণাৰ লগতে তেওঁলোকৰ আত্মপৰিচয় প্ৰতিষ্ঠাৰ সংগ্ৰামৰ ছবিখন ফুটি উঠিছে৷ 

উপন্যাসখনৰ পাতনিতে ঔপন্যাসিকে এয়া লেখকৰ আত্মজৈৱনিক কাহিনী নহয় বুলি স্পষ্টকৈ উল্লেখ কৰিছে যদিও এই কথা আমি স্বীকাৰ কৰিবই লাগিব যে লেখকে প্ৰত্যক্ষ আৰু চাক্ষুস অভিজ্ঞতাৰে একধৰণৰ আত্মজৈৱনিক চেতনাৰেই সমকামীসকলৰ মনগহনত প্ৰৱেশ কৰি এই উপন্যাস লিখিছে৷ লক্ষ্যণীয়ভাৱে দেখা যায় যে গীতৰ জীৱন কাহিনীৰ যিজন কথক সেয়াও সমান্তৰালভাৱে আগবাঢ়ি গৈছে৷ এই প্ৰয়াসক পাঠকৰ আগত অধিক বিশ্বাসযোগ্য কৰি কৰিবলৈ ঔপন্যাসিকে বিভিন্ন প্ৰসংগ টানি আনিছে৷ ক’ৰবাত যদি তেওঁ ভিঞ্চিৰ কথা উল্লেখ কৰিছে, আন ক’ৰবাত মাইকেল এঞ্জেল’, কেভেলৰিৰ কথা উত্থাপন কৰিছে৷ আন এঠাইত আকৌ শিৱপুৰাণৰ উদ্ধৃতি দিবলৈ এটা পাৰ্শ্ব চৰিত্ৰৰ মুখেৰে কৈছে – “শুনা, শুনা শিৱ পুৰাণত কৈ গৈছে, শংকৰঃ সৰ্বে স্ত্ৰীয়ঃসৰ্বা মহেশ্বৰী৷ অৰ্থাৎ জগতৰ সমস্ত পুৰুষ ঈশ্বৰ শিৱৰ অংশ আৰু সমস্ত নাৰী ভগৱতী শিৱাৰ অংশ, সেই অৰ্ধনাৰীশ্বৰতেই এই চৰাচৰ জগত ব্যাপ্ত হৈ আছে”(পৃ-১৩৩)৷ দৰাচলতে আমি সচৰাচৰ ভবাৰ দৰে লিংগ আৰু যৌনতা একেই নহয়, ইয়াৰ ধাৰণা যে সম্পূৰ্ণ পৃথক সেইকথাও উপন্যাসখনত ঘোষিত হৈছে – “ছেক্স হৈছে বডীৰ লগত জড়িত - মানে জন্মতে তুমি কি অংগ লৈ জন্মিছা- আৰু জেণ্ডাৰটো হৈছে তুমি কেনেকৈ নিজকে প্ৰকাশ কৰা”( পৃ-৫৫)৷ কুইয়ৰ জগতখনৰ লগত পৰিচিতি নথকা মানুহক অতি সংবেদনশীল আৰু যুক্তিৰে ঔপন্যাসিকে বুজাই দিছে৷ উপন্যাসখনৰ এঠাইত প্ৰগতিয়ে কৈছে– “... আমাৰ ৰেইনব’ কালাৰটো সেই কাৰণেইতো ব্যৱহাৰ কৰা হয়৷ ৰামধেনুৰ সাতটা ৰঙৰ মাজত যিদৰে সীমাহীন ৰং লুকাই থাকে, সেইদৰে এই জগততো আমি দেখা আৰু জনাৰ বাদেও অসংখ্য লৈংগিক পৰিচয় থাকিব পাৰে বা আছে”(পৃ- ৫৬)৷ যদিও উপন্যাসখনত ঔপন্যাসিকে সমকামিতাৰ বিষয়টোক কাহিনীৰ মূল বিষয়ৰূপে দেখুৱাবলৈ চেষ্টা কৰিছে তৎসত্ত্বেও ঔপন্যাসিকৰ উদ্দেশ্যত ঘোষিত হৈছে সমকামীসকলৰ মৌলিক প্ৰবৃত্তিৰ তাড়না আৰু এই লোকসকলৰ হৃদয়বৃত্তিক পোহৰলৈ অনা৷ 

উপন্যাসখন পঢ়িলে দেখা যায় যে ইয়াত বিভিন্ন মুহূৰ্তত এগৰাকী কথকে ভুমুকি মাৰিছে, আনহাতে উপন্যাসখনৰ কাহিনীভাগ আগবাঢ়িছে উপন্যাসখনৰ মূল চৰিত্ৰ গীতৰ মনোদ্দশাৰ মাজেৰে৷ গীত এটি সমকামী চৰিত্ৰ৷ সকলোৱে ব্যতিক্ৰমী বুলি ভবা এই সমকামী অথবা কুইয়ৰ লোকসকলো মানুহ৷ তেওঁলোকো তেজ-মঙহেৰে গঢ়া মানুহ৷ সকলোৰে দৰে তেওঁলোকৰো আছে জীৱনটোক সহজভাৱে গ্ৰহণ কৰাৰ হেঁপাহ, আছে সুখ-দুখ, আৱেগ-অনুভূতি উপলব্ধি কৰিব পৰা এখনি অন্তৰ৷ কিন্তু বিশুদ্ধ আৰু মৌলবাদী চিন্তাৰ বাহিৰত অৱস্থান কৰা আমাৰ সমাজখনে যেন তেওঁলোকৰ অন্তৰৰ হাহাকাৰ উপলব্ধি কৰিব নোৱাৰে৷ সমাজ, পৰিয়াল সকলোতেই যেন তেওঁলোক উপেক্ষিত৷ নিজৰ ঘৰখনতেই গীত কেনেদৰে ধ্বস্ত হৈছে তাৰ বৰ্ণনাও ঔপন্যাসিকে দাঙি ধৰিছে– “ৰাতিলৈ কুনালৰ লগত একেখন বিছনাতে থকাৰ কথা ভাবি শিঁহৰিত হৈছিল৷ অথচ তেনে একো নহ’ল৷ ধুমুহা এজাকৰ দৰেই আহি ওলাইছিল তাৰ দেউতাক৷... সেই ৰাতি দেউতাকে তাক গোৰ মাৰি মজিয়াত পেলাই দিছিল৷... চুবুৰীয়াৰ মানুহবোৰ আহি গোট খাইছিলহি৷ চকুপানী, গোৰ, ভুকুত বিপন্ন হৈ পৰা তালৈ আচৰিত প্ৰাণী চোৱাদি চাইছিল আৰু ইস্‌ইসাই উঠিছিল”(পৃ- ৩২)৷ নিজৰ শৰীৰটোৱেই যেন এই সমকামী লোকসকলৰ বাবে কাল৷ এইখিনিতেই যেন তেওঁলোক আনতকৈ ব্যতিক্ৰম৷ নিজৰ শৰীৰটোক লৈ যেন জীৱনৰ কোনোবা একোটা মুহূৰ্তত তেওঁলোক অসহ্য হৈ পৰে৷ সেয়েহে হয়তো ৰূপা মহন্তই প্ৰচণ্ড আক্ৰোশত চিৎকাৰ কৰি উঠিছে – “মই আৰু নোৱাৰোঁ, শৰীৰৰ এই অসম্ভৱ যাতনা মই আৰু সহি থাকিব নোৱৰা হৈছোঁ”(পৃ-১৬৮)৷ সমাজ, পৰিয়ালৰ কোনেও যেন এই কুইয়ৰ লোকসকলৰ হৃদয়বৃত্তিক বুজিব নোখোজে৷ আনকি নিজৰ পিতৃ-মাতৃয়েও৷ সেয়েহে হয়তো এওঁলোকৰ বহুতেই নিজকে শেষ কৰিছে আৰু কেতিয়াবা নীৰৱে ঘৰৰ পৰা ওলাই আহি আত্মমুক্তিপথৰ সন্ধান কৰিছে৷ উপন্যাসখনৰ কিন্নৰ চৰিত্ৰ মালিনীয়েই ইয়াৰ উদাহৰণ৷ মোৰ কথানো আৰু কি ক’ম ! ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্ট আছিলোঁ৷ পাপা আৰ্মিত আছিল৷ শুনিবই নুখুজিলে৷ ওলাই আহিলো ঘৰৰ পৰা (পৃ-১৯)৷ আকৌ গীতে কোৱা – “মই পুৰুষ নাৰী, অৰ্ধপুৰুষ, অৰ্ধনাৰী যিয়েই নহওঁ কিয়, হওঁতো তোমাৰেই তেজ-পানীৰে গঢ়া৷ সমাজ-পৰম্পৰা, নিয়ম, যুক্তি সকলো দলিয়াই থৈ আমি মাত্ৰ পৰস্পৰে পৰস্পৰৰ হাতত হাত থব নোৱাৰোঁনে? মোৰ এই তিল-তিল যাতনাময় জীৱনৰ কথা তুমি নুশুনিবানে?”(পৃ-১৫২)৷ এই উক্তি সঁচাকৈয়ে হৃদয়বিদাৰক৷ হয়তো এইবোৰ কাৰণতেই এওঁলোকৰ মাজত একধৰণৰ বিচ্ছিন্নতাবাদী চেতনাই গা কৰি উঠে৷ কুইয়ৰ তত্ত্বই সামৰি লোৱা লোকসকলক বাহিৰৰ দেশবোৰত ইমান বেছি অৱহেলা কৰা নহয়, যিমান আমাৰ সমাজত পৰম্পৰাৰ গইনা লৈ কৰা হয়৷ ভাৰতীয় সংবিধানে তেওঁলোকক সমমৰ্যদা দিলেও সেয়া কেৱল সংবিধানৰ পাততে লিপিৱদ্ধ হৈ আছে৷ বাস্তৱ সমাজৰ মানসিকতা একেই আছে৷ সেয়েহে ঔপন্যাসিকে কৈছে– “অহম ব্ৰহ্মাস্মি - মোৰ নিজৰ ভিতৰতে আছে পৰম ব্ৰহ্ম - প্ৰতিটো আত্মাৰ মাজতে যদি ব্ৰহ্ম বিৰাজমান, তেনেহ’লে কুইয়ৰসকলৰ ক্ষেত্ৰত কিয় ভেদভাব? স্বাধীনতাৰ আজি অত বছৰ পাছতো আমি সঁচাকৈয়ে স্বাধীন নে? আৰ্টিকল ছেভেণ্টিনে চিঞৰি চিঞৰি কৈছে এবলিশ্বমেণ্ট অৱ আনটাচ্চেবেলিটী৷ কিন্তু আজি আপুনি যলৈকে যাওঁক, এগৰাকী হিজৰাই দিয়া পানী আপুনি খাব পাৰিবনে?”(পৃ৬২)৷ 

উপন্যাসখনত সমকামিতাৰ দিশটোক আধাৰ হিচাপে ল’লেও ইয়াত কিন্তু কাহিনী নিৰ্মাণ কৰা হোৱা নাই৷ ইয়াত কথকৰ মনোদ্দশা প্ৰকাশৰ বাবে কেতবোৰ খণ্ডিত চিত্ৰৰ মাজেৰে কিছুমান পৰিৱেশৰ সৃষ্টি কৰা হৈছে৷ কেৱল লাজ, ভয়ৰ বাবেই বহুতো কুইয়ৰৰ লোকে নিজক চেপি ৰাখি পৰিয়ালৰ সুখৰ বাবেই সাংসাৰিক হয়৷ কিন্তু শেষত সংসাৰত অশান্তি হয় আৰু ইয়াৰ বাবে ডিভোৰ্চ হোৱা ব্যক্তিৰ সংখ্যাও আমাৰ সমাজত কম নহয়৷ কিন্তু এই কথাবোৰ পোহৰলৈ নহাকৈয়ে থাকি যায়৷ জানোচা সমাজৰ মানুহে গম পালেই যেন তেওঁলোকৰ আত্মসন্মান লাঘৱ হ’ব, তেওঁলোকৰ এই গোপন সম্পৰ্কৰ বিষয়ে লোকচক্ষুৰ আগত প্ৰকাশ পালেই তেওঁলোক ক্ষতিকাৰক হৈ উঠাৰ আকাংক্ষাই দেখা দিয়ে৷ উপন্যাসখনত শৈলেনে গীতক কোৱা – “মইতো আমাৰ ঘৰত কেতিয়াও ক’বই নোৱাৰিম৷ ঘৰত বাদ দিয়া, মোৰ এনেয়ে কোনোবাই গম পায় বুলি ভয় লাগি যায়৷”(পৃ-১১৩) 

দৰাচলতে সমকামী মানেই কেৱল দুজন ব্যক্তিৰ যৌন সম্পৰ্কই নহয়, কিয়নো কুইয়ৰৰ সমগ্ৰ বিষয়টোৱে হৈছে এক ধৰণৰ ৰাজনৈতিক অৱস্থান৷ কুইয়ৰৰ বিষয়টোৰ লগত এক পৰিচয়, যি পৰিচয় লিংগৰ লগত ওতঃপ্ৰোতভাৱে সংলগ্ন হৈ আছে আৰু এইখিনিতে কুইয়ৰ চেতনাক এক ৰাজনৈতিক অৱস্থান বোলাৰ যুক্তিযুক্ততা আছে৷ কিন্তু উপন্যাসখনত বহুত সময়ত এই মৌলিক সত্যটোক আঁতৰাই থৈ কেৱল শৰীৰতত্ত্বৰ দিশটোক অধিক প্ৰাধান্য দিয়া যেন বোধ হয়৷ উপন্যাসখনৰ মূল চৰিত্ৰ গীত এটি সমকামী চৰিত্ৰই নে বহুগামী চৰিত্ৰ এই প্ৰশ্নটোও পাঠকৰ মনলৈ নহাকৈ নাথাকে৷ ভাৰতীয় দৰ্শনে সদায় একপত্নী আৰু একস্বামী গ্ৰহণৰ দিশটোকহে বিশ্বাস কৰি আহিছে৷ ইয়াৰ ব্যতিক্ৰম হ’লেই সমাজত তাক পতিত অথবা বেশ্যা আখ্যা দিয়া হয়৷ সেইফালৰ পৰা চাবলৈ গ’লে উপন্যাসখনত গীত আদৰ্শবাদী চৰিত্ৰ নহয়, ঔপন্যাসিকে যেন উদ্দেশ্যপ্ৰণোদিতভাৱেই গীতক তেনেদৰে সজাবলৈ চেষ্টা কৰা নাই, বিপৰীতে গীতক নিজৰ মতেই অবাধ বিচৰণ আৰু বিকশিত হ’বলৈ এৰি দিছে৷ তৎসত্ত্বেও সমকামী হ’লেও তেওঁলোক সমাজ বহিৰ্ভূত নহয়৷ তেওঁলোকো এইখন সমাজৰে মানুহ৷ গতিকে গীতৰ যি যৌন অস্থিৰতা, তেওঁ য’তেই গৈছে তাতেই শাৰীৰিক সম্পৰ্ক স্থাপন কৰা এই দিশটোকো একেষাৰতে স্বীকাৰ কৰিব নোৱাৰি৷ গীতৰ যি যৌন অস্থিৰতা সেয়া তেওঁৰ মুখেৰেই প্ৰকাশিত হৈছে – “এয়া মোৰ সন্মুখত তিনিটাকৈ উদং পুৰুষ৷ মোৰ সন্মুখতে জিলিকি উঠিছে সিহঁতৰ পেশীবহুল হাত, নিমজ গলধন, সুঠাম বুকু৷ মই এজন এজনকৈ আটাইলৈ চালোঁ৷ নাই, নাই ইয়াৰ কোনো এজনক বিছনাৰ সংগী কৰিব পৰা নাযায়৷”(পৃ-৪০) কিন্তু সেয়া হ’লেও উপন্যাসখনৰ মাজেৰে– “বহুবৰ্ণী চৰিত্ৰসমূহৰ বাস্তৱনিষ্ঠতা হৃদয়গ্ৰাহী আৰু সূক্ষ্ম পৰ্যবেক্ষণৰ ফলত এইবোৰৰ মননশীলতা প্ৰকাশ পাইছে৷ সামন্তযুগীয় ধ্যান-ধাৰণাৰ পৰিৱৰ্তন ঘটাই নতুন সমাজ সৃষ্টিত তেওঁ এক কলাত্মক অৰিহণা নিজস্ব ভংগীৰে যোগান ধৰিছে”(এশ বছৰৰ অসমীয়া উপন্যাস)৷ জীয়াই থকাৰ বাসনাই মানুহক দুৰ্বাৰ কৰি ৰাখে৷ কাৰোবাৰ হাতোৰাত বন্দী হৈ থকা আত্মাৰ মুক্তি যেন সকলোৰে কাম্য৷ সমাজ, পৰিয়াল আনকি মাতৃত্বৰ মৰমৰ পৰাও আঁতৰি আহিবলৈ বাধ্য হোৱা এই লোকসকলে নিজৰ দায়িত্ব নিজেই ল’ব লাগিব, তেওঁলোক জীয়াই থাকিব লাগিব নিজৰ বাবে, তেওঁলোকৰ সমাজখনৰ বাবে৷ উপন্যাসখনৰ শেষৰফালে এই আশাবাদেই ঘোষিত হৈছে -

“লাহে লাহে প্ৰশমিত হ’ব ধৰিছিল গ্লানি আৰু অনুতাপৰ কষ্ট৷ তাৰ সলনি মনত প্ৰোথিত হ’ব ধৰিছিল আন এক স্বপ্ন, নিজক বিচৰাৰ স্বপ্ন, নিজক জনাৰ, অন্বেষণৰ স্বপ্ন৷ স্বপ্নইতো জীয়াই ৰাখে মানুহক৷’   (পৃ- ৪৯) উপন্যাসখনত ঔপন্যাসিক গৰাকীয়ে কুইয়ৰ চেতনা তথা সমকামিতাৰ দিশটোৰ ক্ষেত্ৰত আগবঢ়োৱা বিভিন্ন তাত্ত্বিক যুক্তি, ভাৰতীয় সংবিধানৰ বিশেষ অনুচ্ছেদৰ উল্লেখ, কুইয়ৰ চেতনা সম্বলিত বিভিন্ন ভাৱমূৰ্তিৰ উল্লেখ, পৃথিৱীৰ বিভিন্ন ঠাইত সমকামী বিষয়টোক লৈ চলি থকা চিন্তা-চৰ্চা ইত্যাদিৰ জৰিয়তে উপন্যাসখনৰ মাজত পাঠকে কুইয়ৰৰ দিশটোৰ ক্ষেত্ৰত এক চিন্তাৰ খোৰাক বিছাৰি পাব৷

 

প্ৰসংগ পুথি : 

শৰ্মা, ৰুদ্ৰানী৷ ত্ৰিভূজ৷ পূৰ্বায়ন প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০২০

দত্ত, জুৰি৷ সাহিত্য, সমাজ আৰু সাহিত্যতত্ত্ব। পূৰ্বায়ন প্ৰকাশন, প্ৰথম প্ৰকাশ ২০২২

ঠাকুৰ, নগেন ( সম্পা,) : এশ বছৰৰ অসমীয়া উপন্যাস। জ্যোতি প্ৰকাশন, প্ৰথম প্ৰকাশ নৱেম্বৰ, ২০০০

 

ঠিকনা :

কিশোৰ দাস কোঁৱৰ

গাওঁ -ঔবাৰী

জিলা -তামুলপুৰ

ডাক - শুৱাগপুৰ

ডাক সূচাংক -৭৮১৩৬৪

ভ্ৰাম্যভাষ -৮০১১৪৮৬২৬৫

dask32049@gmail.co

https://www.facebook.com/profile.php?id=61556621156566&mibextid=ZbWKwL

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ