হৰ্ষবৰ্ধন
অলপতে শেহতীয়াকৈ প্ৰকাশিত পাপৰি বৰ্মনৰ পৰুৱা পোহনীয়া শীৰ্ষক গল্প সংকলনখন পঢ়িলোঁ৷ আটাইকেইটা গল্পই অশান্তজৰ্জৰ অসমৰ আৰ্থসামাজিক আৰ্থৰাজনৈতিক দিশসমূহৰ এখন ছবি আমাৰ সমুখত তুলি ধৰে৷ অসম আন্দোলন, আলফা, জাতীয়তাবাদৰ ঢৌ, বড়ো আন্দোলন আদি বহু কথাই গল্পবোৰে সামৰি লৈছে৷ বিষয়ৰ, বিস্তৃতি আৰু সৃষ্টিশীল সাহিত্যৰ ঠাঁচত তাক গঢ়িব পৰাৰ যি নিপুণতা সি সঁচাকৈয়ে প্ৰশংসনীয়৷ লেখকে বিভিন্ন চৰিত্ৰ আৰু ঘটনাৰ মাজেৰে মূলতঃ মফচলীয় ঠাইসমূহৰ সমাজ জীৱনত বা পৰিৱেশত পেলোৱা প্ৰভাৱক বান্ধি ৰাখিবলৈ চেষ্টা কৰিছে৷ এই কথাও ক’ব নোৱাৰি যে সকলো গল্পই কথকে সমান দক্ষতাৰে আমাক শুনাব পাৰিছে, তথাপি এক নিৰ্দিষ্ট মানৰ তললৈ সি যোৱা নাই৷ নন্দনতাত্ত্বিক দিশবোৰ সকলোতে একেই নহ’লেও এগৰাকী তৰুণ গল্পকাৰৰ ছিৰিয়াচনেছ, প্ৰস্তুতি আৰু ভাষা সাহিত্যলৈ তেওঁ কঢ়িয়াই অনা নতুন সম্ভাৱনা আৰু প্ৰতিশ্ৰুতিক নস্যাৎ কৰিব পৰা নাযায়৷
যদিও চোক আৰু সামাজিক ৰাজনৈতিক কিম্বা ঐতিহাসিকভাৱেও বৰ্মনৰ সকলো গল্পৰ প্ৰাসংগিকতা আছে, তথাপি গোটেই কিতাপখনৰ মাজৰ এটা গল্পই এক বিশেষ আৰু বিস্তৃত স্বয়ংসম্পূৰ্ণ আলোচনা দাবী কৰে৷ গল্পটোৰ শীৰ্ষক আছিল “লিলিৰ এদিন”৷
গল্পটো প্ৰথম পঢ়িছিলোঁ সঞ্জীৱ পল ডেকা সম্পাদিত “আলাপ”ৰ ২০২৩ চনৰ অক্টোবৰ সংখ্যাত৷ তেতিয়াই গল্পটোৱে মন কাঢ়িছিল৷ গতিকে কিতাপখন হাতত পৰাত এইটো গল্পৰেই কিতাপখনৰ পঠন আৰম্ভ কৰিছিলোঁ৷ এইটো সংকলনখনৰ দ্বিতীয়টো গল্প৷ আগতে পঢ়িছিলোঁ যদিও কিতাপখনত পঢ়ি গৈ থাকোঁতে হঠাৎ এঠাইত ৰৈ গৈছিলোঁ :
“ ‘মাই, ব’ল যাওঁ৷ পার্টি অফিচতো আকবাৰ সুমাবা লাগবৌ না৷’- লিলিক একপ্ৰকাৰ টানি লৈ যায় জীয়েকে৷ বিদ্যালয়ৰ চৌহদত চৰি থকা ছাগলী, তাপত দহা ঘাঁহ, মাত লগাবলৈ অহা বিদ্যালয়ৰে শিক্ষক-শিক্ষয়িত্ৰী কেইজন আৰু খিৰিকীৰে জুমি জুমি চাই থকা বগা ছার্ট আৰু গাঢ় নীলা স্কার্ট, হাফপেণ্ট পিন্ধা কণমানি মুখবোৰৰ সৈতে লিলিয়ে তাইৰ মানুহজনক এৰি থৈ আহে৷
ছহিদ কমঃ দীন কলিতা
স্মৃতি স্তম্ভ
জন্ম : ২৯-৭-৪৫
মৃত্যু : ২৭-৩-৮৩
বিদেশী বিতাড়ণ আন্দোলনৰ দুষ্কৃতিকাৰীৰ হাতত নিহত অমৰ ছহিদ লাল চালাম
চি পি আই (এম), টিহু কুছীয়াডালে বৰকৈ ঘোদালিছে৷ উফ্! ‘হৌ বৌ, হৌ মাই, অ কোনি ক’ত আছা ঔ-! আমাৰ কাকা পথৰত পৰি আছে৷ কোনোবাই কাটছি- এ! কোনবাই কাটি আমাৰ দীনকাক পথৰত ফেলে থৈছি এー!’ ৰণাকুছিৰ শিল দিয়া কেঁচা বাটটোত কুছীয়াডালে গাড়ীৰ খিৰিকীয়েদি ওলাই টিহু টাউনলৈ গৈ থাকে৷…..”
লগে লগে জ্যেষ্ঠসকলৰ পৰা আৰু চিনাকীসকলে কোৱা অনেক কথাই মনটো জোঁকাৰি থৈ গ’ল৷ কমৰেড দীন কলিতা৷ শিক্ষক দীন কলিতা৷ চিপিএমৰ নিষ্ঠাবান কৰ্মী দীন কলিতা৷ অসম আন্দোলনত ল’ৰাহঁতে বাছৰ পৰা নমাই বিদেশী বুলি হত্যা কৰা দীন কলিতা৷ মনটো কিছু অশান্ত হ’ল যদিও গল্পটোত বাস্তৱৰ মুক্ত প্ৰকাশ দেখি পঢ়ি গৈ থাকিলোঁ৷
গল্পটোৰ মাজেৰে পাপৰি বৰ্মনে দীন কলিতাৰ জীৱনী বা মৃত্যুৰ সেই কৰুণ মৰ্মান্তিক বৃত্তান্ত শুনাবলৈ চেষ্টা কৰা নাই বৰঞ্চ অসম আন্দোলনৰ ভয়াবহতা, মূলসুঁতিৰ জাতীয়তাবাদৰ নৃশংসতাৰ বাস্তৱিক ছবি এখনহে আমাৰ চকুৰ আগত তুলি ধৰিছে৷ উজনি অসমৰ বা উত্তৰ অসমৰ গাঁওবোৰৰ সেই সময়ৰ বৰ্ণনা আমাৰ জনদিয়েক গল্পকাৰে বেছ ভালকৈয়ে ধৰি ৰাখিছে৷ নামনি অসমতো তেনে প্ৰচেষ্টা নাই বুলি নকওঁ কিন্তু তুলনামূলকভাৱে সি কম৷ অৱশ্যে অতিসাম্প্ৰতিক সঞ্জীৱ পল ডেকাৰ “অসম আন্দোলনৰ গল্প”ই বিভিন্ন দিশৰ পৰা আন্দোলনটো আৰু তাৰ ফলাফলসমূহ বিচাৰ কৰি চাবলৈ আৰু সাহিত্যৰ মাজেৰে পাঠকক সঁচা মানুহৰ জীয়া বৃত্তান্তবোৰ জানিবলৈ সুযোগ দিছে৷ আমাৰ সময়ৰ এজন শক্তিশালী কথক নীলোৎপল বৰুৱাৰ গল্পতো অসম আন্দোলন আৰু তাৰ পৰৱৰ্তী কালছোৱাৰ অশান্ত অসমৰ উল্লেখ ঘনকৈয়ে পোৱা যায়৷ তাৰ মাজতো ক’ৰবাত যেন ৰাজনৈতিকভাৱে সক্ৰিয় অথচ আন্দোলনকাৰীৰদ্বাৰা সেই সময়ত ঘৃণিত প্ৰহৃত মানুহ কিছুমানৰ জীয়া বৃত্তান্তবোৰ ৰৈ গৈছিল৷ তেওঁলোকক পাঠকে মাধৱ বৰ্মন, মদন ডেকা, দীন কলিতা, কেহুঁৰাম শইকীয়া বুলিও চাব পাৰে, বাওঁপন্থী বুলিও ক’ব পাৰে আৰু আটাইতকৈ সহজ “কমিনিচ” বুলিও ক’ব পাৰে৷ নন্দনতাত্ত্বিক দিশ, সাহিত্যিক মূল্য আদিলৈ নগৈও গাঁৱে চহৰে লুকাই থকা এই কাহিনীবোৰ সাহসেৰে উলিয়াই অনাটোও বৰ্মনৰ এক কৃতিত্ব৷
কাহিনীটো পঢ়ি গৈ থাকোঁতে হীৰেন গোহাঁয়ে আত্মজীৱনীৰ চতুৰ্থ খণ্ড “ইমান তিতা সাগৰৰ পানী”ত লিখা “কাল ধুমুহাৰ তাণ্ডৱ” শীৰ্ষক অধ্যায়টোৰ কথা মনলৈ আহিছিল৷ “অসম আন্দোলনৰ সময়ত ঠহৰ-ঠহৰকৈ কাণত পৰিছিল কেইটামান শব্দ৷ ‘অসম-বিৰোধী’ আৰু ‘বদন’তকৈ এসময়ত বেছি জনপ্ৰিয় বা জনঘৃণিত হৈছিল ‘এছএফআই’ আৰু ‘চি-পি-এম’৷……” হয়তো এই ঘৃণা আৰু mass hysteria-ৰে বলি হৈছিল এই মাধৱ-মদন, দীন কলিতা আদি৷ শুনামতে উজনিৰ বহু গাঁৱত “কমি কমি নীচ হোৱা মানুহবোৰক কমিনিচ বুলি কয়” ধৰণৰ নেৰেটিভ কিছুমানো ওলাইছিল৷
কমিউনিষ্টৰ আদৰ্শ কি, তেওঁলোকে কি বিচাৰে একো উমঘাম নোহোৱাকৈ আন্দোলনকাৰীয়ে তেওঁলোকৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছিল৷ বৰ্মনৰ গল্পত তাৰ সাৰ্থক বৰ্ণনা পোৱা যায়৷ দুটামান উদাহৰণ মন কৰক :
(১) “অ, বাই, বাই ঐ’- লিলিয়ে একে লৰে চোতাল পাই ভায়েকৰ অৱস্থাটো দেখি তপত তেলত ফফ ফুটা বৰালি মাছৰ টুকুৰাৰ দৰে ফুটিবলৈ ধৰিলে৷ পুতেকক সাবটি মাকে হাউহাউকে কান্দিবলৈ ল’লে৷
কেৱল লিলিৰ ভায়েকেই নে যিয়ে আন্দোলনটোক সমর্থন কৰা নাছিল তাকেই অত্যাচাৰ আৰম্ভ কৰি দিছিল৷ মাৰপিট, ঘৰলৈ শিলগুটি দলিওৱা, জুই-পানীৰ আলাগ কৰা আদিৰ উপৰিও ঠায়ে ঠায়ে ইয়াতকৈ বেছি হিংসাত্মক কাৰ্য আৰম্ভ হৈ গৈছিল৷ ভায়েকৰ অৱস্থাটো দেখি লিলিৰ মূৰটো ঘূৰাবলৈ ধৰিলে৷ কুছীয়াডালত কোনে জানো বল্লম মাৰিলে...!
লিলিৰ কাণৰ কাষেৰে চুঁচৰি যোৱা শিলগুটি এটাই দুৱাৰখনত ‘ধমহ্’ কৈ শব্দ কৰিলে৷ আনকালে হোৱাহ’লে লিলিয়ে চক্ খাই উঠি চিঞৰ-বাখৰ কৰিলেহেঁতেন৷ পিছে এতিয়া; লিলিয়ে মানি লৈছিল চব ঘটিব পাৰে৷…”
(২) “ভায়েকৰ বিছনাৰ কাষত মাক৷ কাঁথিৰ বেঞ্চত লিলি৷ কাঁথিৰ পৰা অহা তগৰৰ গোন্ধে লিলিৰ মনটো ভাল লগাব পৰা নাই৷ ‘ঔ, বিদেশী’- বাটৰুৱাই ৰিঙিয়াইছে৷ লেমৰ পোহৰটোলৈ চাই এজনী অলস বৃদ্ধাৰ দৰে বহি থাকিল লিলি৷ কুঁৱলীয়ে ঢকা কেঁকুৰিটোৰ দৰে গধুৰ তাইৰ চকুহালি।...”
(৩) “ ‘আন্দোলন কৰা মানুহ গেলাই আমাক দেখবায়ে নৰা হৈছি৷ অৱনী, অনিল, মনোৰঞ্জনহঁতক আছুৰ ছলি কেটামানে কেনকে মাৰছি৷ ৰাস্তাত একলাই পাই তাহাতোক; এছ এফ আই বেটাহাতোক মাৰ বুলি খেদি যায় গাল-মুখ ফাটে দিছি-’.....”
কথিত ভাষা কোনো কোনো ঠাইত অশ্লীল গালি-গালাজৰ ব্যৱহাৰে গল্পটোৰ পটভূমিক আৰু বেছি বিশ্বাসযোগ্য কৰিছে৷ কাৰণ সচৰাচৰ পঢ়িবলৈ পোৱাৰ দৰে সংলাপবোৰত নাটকীয়তাৰ অযথা ৰহণ নাই যিয়ে গল্পটো বেছ উপভোগ্য কৰি তুলিছে৷ উদাহৰণস্বৰূপে :
(১) “এছটা বাঁহ ফালি লৈ টঙাল বনাব ওলোৱা বাপেকৰ ওচৰত থিয় দিছিল দীন- ‘অ পিতে, বুর্জোৱা মানে কি এ?’ বাপেকে দাখনৰ ওলোটা পিনেৰে উদং পিঠিখন খজুৱাই গামোচাখন উৰুৰ পৰা কৰঙৰ ওচৰলৈ টানি লৈ টঙাল চাঁচি চাঁচি ভেকাহি মাৰি উঠে- ‘যা যি যা, মাকচাই৷ ভিঠি উঠা৷ বাইপেৰে পথৰত হাড় বাই আনা চাউল চবে ডাঙাৰ হ’লি৷ ইতা পুথি গেলা পঢ়ি মোকে নাজনা কথা সুধি ঠাট্টা কৰবা আইচা৷’...”
(২) “ ‘হা বোলে গজমূৰা ভিঠি উঠা৷ মইনহেৰেৰ মেখলা পিন্ধা কেটা৷ কাক লাগে এ আমাৰ ছলি৷ আহ নিহি আহ-’, পার্টি অফিচৰ কাষৰ ঘৰৰ বুঢ়ীগৰাকীয়ে থালী এটাৰ পৰা পানী এক মগ দুজনমানলৈ মাৰি পঠিয়ালে৷…”
সাধাৰণতে সাম্প্ৰতিক গল্প উপন্যাসসমূহত সংলাপৰ এই শিথিলতাই কোনোবাখিনিত পাঠকক উজুতি খুৱায়৷ ফলত মাক-দেউতাক আদিৰ সম্পৰ্কসমূহৰ মাজত বেছ কৃত্ৰিমতা দেখা পোৱা যায়৷ কথিত ভাষাৰ ব্যৱহাৰ আৰু অশ্লীল শব্দৰ ব্যৱহাৰে এই সম্পৰ্কবোৰক নিমজ কৰি তাক নিপোটল কৰি তুলিছে৷ সাধাৰণতে এনে বৰ্ণনা আমি ইংৰাজী সাহিত্যৰ ক্ষেত্ৰত আৰ্ণেষ্ট হেমিংৱে আৰু মাৰ্ক টোৱেইন প্ৰভৃতি লেখকৰ ৰচনাত দেখিবলৈ পাওঁ৷
গল্পটোৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ’ল যে চৰিত্ৰবোৰ তেজ মঙহেৰে গঢ়া সঁচা মানুহ৷ গল্প লিখিবৰ বাবে তেওঁলোকৰ আচল পৰিচয় লুকুৱাৰ চেষ্টা বা প্ৰয়োজনবোধ গল্পকাৰে কৰা নাই৷ দীন কলিতাৰ লগতে মনোৰঞ্জন তালুকদাৰ, মাধৱ বৰ্মন, মদন ডেকা, নিৰঞ্জন তালুকদাৰ আদি চৰিত্ৰবোৰ সঁচা৷ সঁচা ৰাজেন বৰুৱা বা অৰ্থনীতিৰ বিশিষ্ট অধ্যাপক অতুল গোস্বামীও৷ বিজনলাল চৌধুৰী, মহীধৰ গোস্বামী আৰু অতুল গোস্বামী এই তিনিওজন মেধাৱী অধ্যাপক আছিল মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ৷ আন্দোলনৰ সময়ত তিনিওজনকে বৰ্জন কৰা হৈছিল৷ মই জনাত মহীধৰ গোস্বামী চাকৰি এৰি গুচি গৈছিল আৰু অতুল চন্দ্ৰ গোস্বামী আৰু বিজন চৌধুৰীৰ বৰ্জন প্ৰত্যাহাৰ হৈছিল আন্দোলনৰ দুবছৰ পাছত ১৯৮৭ চন মানত৷
গল্পটোৱে যে কেৱল দীন কলিতাৰ মৰ্মান্তিক মৃত্যুকে ধৰি ৰাখিছে তেনে নহয়৷ ই ধৰি ৰাখিছে নিৰঞ্জন তালুকদাৰ বা মদন-মাধৱৰ লোমহৰ্ষক হত্যাকাণ্ডকো৷
নন্দনতাত্ত্বিক দিশৰ পৰা চালে গল্পটোত সৌৰভ কুমাৰ চলিহাৰ দৰে চমৎকাৰী ভাষা বা অপূৰ্ব শৰ্মাৰ গল্পৰ দৰে চিনেমেটিক ট্ৰিটমেণ্ট নাই৷ মাত্ৰ বৰ্ণনাধৰ্মী এটা গল্প৷ অৱশ্যে শিল্প নন্দনতাত্ত্বিক দৃষ্টিভংগী কোনোবাখিনিত আপেক্ষিক যেনো বোধ হয়৷ দুৰ্দান্ত বিপ্লৱ আৰু সমাজ পৰিৱৰ্তনৰ সম্ভাৱনা বহন কৰা গল্প এটাৰ বাবে নন্দনতত্ত্বৰ যি পৰিভাষা নিপোটল প্ৰেমৰ গল্প এটাৰ ক্ষেত্ৰত সি নিশ্চয় একেই নহয়৷ তাতে তেজ মঙহৰ মানুহ এজনৰ কথা ক’বলৈ, চাৰি দশকে নুশুকুৱা ঘাঁটুকুৰাৰ কথা কবলৈ, অভিজ্ঞতাৰ কথা ক’বলৈ বাচকবনীয়া শব্দ আৰু পিলাই চমকাব পৰা গদ্যৰ প্ৰয়োজনেই বা কি!
গল্পটোত লিলি আৰু দীনৰ মাজৰ প্ৰেমৰ সম্বন্ধটোক বেছ গুৰুত্বসহকাৰে দাঙি ধৰা হৈছে৷ গল্পটোৰ মতে লিলি দীনৰ পত্নী৷ তেনেস্থলত সি স্বাভাৱিক৷ পিছে ছিৰিয়াছ মূহূৰ্ত একোটাৰ মাজত হঠাৎ প্ৰেমৰ বতাহ বলা, দীনৰ দেহ বা ওঁঠৰ প্ৰসংগটোৱে ভাৱনাত যটি পেলোৱাৰ সম্ভাৱনা নস্যাৎ কৰিব নোৱাৰি৷ পিছে আমাৰ বহু সমালোচকে ভবাৰ দৰে প্ৰেম কেৱল বুৰ্জোৱা বস্তুৱে নহয়, প্ৰেম বাওঁপন্থীৰো হয়৷ মানৱীয় অনুভূতিৰ এই নিস্বাৰ্থ ভাবৰ পৰা বাওঁপন্থীসকলো নিশ্চয় বাজত নহয় আৰু হোৱাটো উচিতো নহয়৷ অৱশ্যে সি যদি মানবীয় অনুভূতিৰ পৰা আঁতৰি সস্তীয়া দৈহিক আকৰ্ষণ বা পেনপেননিৰ ৰূপ লয় সমস্যা তেতিয়াহে হয়৷ কাৰণ ষ্টেলীনে যদি কৈছে যে “কমিউনিষ্টসকল বেলেগ ধাতুৰে গঢ়িত” তেন্তে একেসময়তে চেয়েও কৈছে যে প্ৰেম বিপ্লৱৰ এটা প্ৰাথমিক চৰ্ত৷
লিলি দীনৰ বাস্তৱিক পত্নী আছিল নে নাছিল সেই সম্পৰ্কে আমি অজ্ঞাত৷ কিন্তু দীনৰ মাজেৰে গল্পকাৰে আধুনিক চিন্তাধাৰা আৰু সমতাৰ যি এক ছবি আঁকিবলৈ চেষ্টা কৰিছে সি সঁচাই প্ৰশংসনীয়৷ এই শাৰীকেইটা মন কৰক :
“এই মুহূর্তত লিলি তাৰ পত্নী নে প্রেয়সী বুজিবলৈ টান লাগে দীনৰ৷ দীনই ভাবে পত্নীতকৈ প্ৰেয়সীৰ আবেদন, বন্ধুত্ব, সমঅধিকাৰৰ দাবী, সমচিন্তা কৰিব পৰা দক্ষতা সকলোবোৰে বেছি৷ সমাজে পত্নী বুলি চাব মাৰি দিয়াৰ পিছত এগৰাকী প্ৰেয়সীৰ মাজতো এই গুণবোৰ কমি যায় চাগে৷ যদি তেনেই হয় সমাজৰ কথাবিলাক তেন্তে আজীৱন দীনৰ বাবে লিলি প্রেয়সী হৈয়ে ৰওক৷ সমাজৰ বাবে পত্নী৷ আস্, দীনৰ ওঁঠত মৌসিতা-!...”
অৱশ্যে দীনক আক্ৰমণ কৰি থাকোঁতে দীনই অতুল গোস্বামীলৈ মনত পৰি “লাল চালাম কমৰেড” বুলি কোৱাটো কিছু অতিৰঞ্জিত যেন লাগিল৷ বোধহয় বাস্তৱ হ’ব পাৰে৷ কিন্তু যদি কল্পনাৰ পৰা লিখা হৈছে তেন্তে পৰাপক্ষত এই ধৰণৰ “লাল চালাম” “কমৰেড” জাতীয় শব্দবোৰ এৰাই চলাই ভাল৷ প্ৰগতিশীল সাহিত্যৰ ক্ষেত্ৰত “কমৰেড” “লাল চালাম” আদি শব্দবোৰ মাজতে ইমানেই বেছিকৈ ব্যৱহাৰ হ’ল যে সি এক ক্লীচ্ছেৰ ৰূপ ল’লেগৈ৷ ই গুৰুতৰ সমস্যাই৷
লিলিৰ বুকুত অহৰহ খোচা বিন্ধা কৰি থকা বল্লমডাল আচলতে সঁচা-সঁচি বল্লম নহয়৷ সি অভিজ্ঞতা, উপলদ্ধি আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ সোঁৱৰণীৰ বল্লম৷ নাজানো লিলি বা তেওঁৰ জীয়েকৰ কমঃ দীন কলিতাৰ সৈতে কিবা সম্পৰ্ক আছিল নে নাছিল৷ কথাবোৰ কিমান সঁচা বা মিছা৷ কিন্তু কমঃ মাধৱ বৰ্মন, কমঃ মদন ডেকা, কমঃ অতুল গোস্বামী, কমঃ নিৰঞ্জন তালুকদাৰ, কমঃ অনিল পাঠক, কমঃ কৈলাস শৰ্মা, কমঃ উদ্ধৱ পাঠক সঁচাকৈয়ে তেজ মঙহৰ মানুহ আছিল, মানুহৰ মানুহ আছিল৷ যিয়ে উগ্ৰ জাতীয়তাবাদীৰ হাতত নিজৰ জীৱন দিলে৷
বহুতেই অসম আন্দোলনৰ ভয়াবহতা পাহৰি গ’ল৷ অসম আন্দোলনৰ শ্বহীদসকলক মনত ৰাখিও উগ্ৰবাদীৰ হাতত প্ৰাণ হেৰোৱা নিৰীহ মানুহবোৰক পাহৰি গ’ল৷ কিন্তু কেহুঁ কমিনিচক মৰা কুঠাৰৰ ঘাপটোৰ পৰা দীন কলিতাৰ পিঠিত মৰা ঘাপটোলৈ সকলো আমাৰ দৰে মানুহৰ বুকুত দুখৰ একোটা বেলাড হৈ ৰৈ যাব৷ কিংবদন্তিৰ দৰেই এই মানুহবোৰ থাকি যাব৷ উত্তৰ প্ৰজন্মই কিছু বেলেগ পৰিৱেশত আন এটা প্ৰজন্মৰ আগত ক’ব এই কাহিনী৷
এতিয়া গল্পটো পঢ়ি বাৰে বাৰে এটা উপলদ্ধিয়ে জোঁকাৰি গৈছে বাওঁপন্থীৰ বাবে দিনবোৰ তেতিয়াও অনুকূল নাছিল বাওঁপন্থীৰ বাবে দিনবোৰ আজিও সহজ নহয় ৷