দেৱজিৎ ভৰালী
বিগত সময়ছোৱাত হোৱা জলবায়ু
পৰীক্ষণ সাপেক্ষে আন্তঃচৰকাৰী সংস্থা আই পি চি চিয়ে ( IPCC - Intergovernmental Panel On Climate Change ) জলবায়ুৰ যি অভাৱনীয় পৰিৱৰ্তন ঘটিছে সেয়া পূৰ্বে কাহানিও
হোৱা নাই বুলি কৈছে আৰু চিন্তনীয়ভাৱে এই কথাও সদৰী কৰিছে যে এনেদৰে তড়িৎ গতিত এই
পৰিৱৰ্তন ঘটি থাকিলে তথা ইয়াৰ সমাধানৰ পথ ঠিৰাং নকৰিলে মানৱ সভ্যতাৰ ভৱিষ্যৎ ভয়ংকৰ
হ’ব। বন ধ্বংসযজ্ঞ, খৰাং বতৰ, প্লাষ্টিক প্ৰদূষণ, বায়ু প্ৰদূষণ ইত্যাদি যিয়েই নহওক এনেবিলাক কাৰকেই জলবায়ু
পৰিৱৰ্তনত অৰিহণা যোগাইছে। আজিৰ এই লেখাত জলবায়ু পৰিৱৰ্তনৰ মূল পাঁচবিধ মানৱসৃষ্ট
অপশক্তিৰ বিষয়ে থূলমূল আলোচনা আগ বঢ়োৱা হৈছে।
সম্প্ৰতি প্ৰদূষণৰ মাত্ৰাই জগতৰ
পঞ্চভূত (মাটি, পানী, বায়ু, আকাশ, ব্যোম ) ছানি ধৰিছে। সভ্যতাৰ বিকাশ আৰু উন্নয়নৰ জখলাত আমি বগাই যাওঁতে
যাওঁতে এই জগতক আমি প্ৰতিদান হিচাপে কেৱল পাকে-প্ৰকাৰে বৰ্জনীয়বোৰহে দি গৈছোঁ।
বায়ু প্ৰদূষণ : একৈছ শতিকাৰ জলবায়ু পৰিৱৰ্তনৰ অন্যতম অপশক্তি হ’ল বায়ু প্ৰদূষণ। বায়ু হ’ল জাগতিক উপাদান আৰু ইয়াৰ প্ৰদূষণ মানৱসৃষ্ট। সাম্প্ৰতিক প্ৰেক্ষাপটত যদি ইয়াৰ বিশ্লেষণ কৰিবলৈ যাওঁ তেন্তে দেখা যায় যে যোৱা ২০২১ বৰ্ষৰ বিশ্ব বায়ু গুণাগুণ প্ৰতিৱেদন ( World Air Quality Report ) অনুসৰি বিশ্বৰ ১০০ খন সৰ্বাধিক প্ৰদূষিত দেশৰ ভিতৰত ভাৰতৰ স্থান ৬৩ সংখ্যক। য’ত দেশৰ ৰাজধানী দিল্লীক দেশৰে নিকৃষ্ট বায়ু প্ৰদূষিত চহৰ হিচাপে ধাৰ্য কৰা হৈছে। দিল্লীৰ বায়ৱ বাতাৱৰণত ক্ষুদ্ৰাতিক্ষুদ্ৰ ২.৫ মাইক্ৰ’মিটাৰ জোখৰ কণিকা বিদ্যমান৷ যাৰ গাঢ়তা প্ৰতি ঘনমিটাৰ বায়ুত প্ৰায় অৰ্ধেক৷ যি প্ৰতিটো উশাহতে মানুহৰ হাওঁফাওঁলৈ গৈ তাৎক্ষণিকভাৱে শ্বাস-প্ৰশ্বাসজনিত ৰোগ সৃষ্টি কৰিবলৈ সক্ষম। দিল্লী চহৰ যিহেতু বায়ু প্ৰদূষণৰ বাবে অনবৰতে চৰ্চাত থাকে, ইয়াতকৈ আৰু ভাল উদাহৰণ নাই। যান-বাহনৰ ধোঁৱা নিৰ্গমন, ঔদ্যোগিক আৱৰ্জনা, গোটা আৱৰ্জনা, কয়লা আদিৰ জ্বলন, গৱেষণা প্ৰতিষ্ঠান-চিকিৎসালয় আদিৰ আৱৰ্জনাই হৈছে বায়ু প্ৰদূষণৰ মূল উৎস। তদুপৰি কাচিৎ হোৱা প্ৰাকৃতিক পৰিঘটনা যেনে আগ্নেয়গিৰি, বনজুই আদিয়েও বায়ু প্ৰদূষণত অৰিহণা যোগায়। কয়লা, তেল, গেছ আদিৰ ওপৰত আমাৰ ব্যাপক নিৰ্ভৰশীলতাই ভাৰতক বিশ্বৰ তৃতীয় বৃহৎ প্ৰদূষিত ৰাষ্ট্ৰলৈ পৰ্যবসিত কৰিছে। আমাৰ দেশ এতিয়া বাৰ্ষিক প্ৰায় ২৬৫ কোটি মেট্ৰিক টন কাৰ্বন উৎপাদনৰ উৎস হৈ পৰিছে। যিয়ে দেশৰ প্ৰাকৃতিক বাতাৱৰণলৈ আশাতীতভাৱে প্ৰদূষণৰ দিশত অৰিহণা যোগাইছে। উল্লেখ্য যে ২০২০ বৰ্ষত চৰকাৰে ক’ভিড্ মহামাৰী সংক্ৰান্তীয় লকডাউন কাৰ্যকৰী কৰাৰ সময়ছোৱাত সমগ্ৰ দেশৰেই বায়ুৰ গুণাগুণৰ মাত্ৰা স্বাভাৱিক পৰ্যায়লৈ নামিছিল, পৰিৱেশে এক সুন্দৰ অৱকাশ / বিৰতি পাইছিল। উল্লেখ্য যে এই স্বাভাৱিক পৰ্যায় ২০১৯ - ২০ ৰ সৈতে তুলনা কৰাত বায়ুৰ গুণমান সূচক ( AQI ) ৩০৬ লৈ হ্ৰাস পাই পৰিৱেশ বিশুদ্ধতাৰ দিশে ধাৱিত হৈছিল কিন্তু ২০২১ চনত লকডাউনৰ প্ৰভাৱ শিথিল হোৱাৰ লগে লগে তীব্ৰগতিত এই সূচকৰ মান বৃদ্ধি পাবলৈ ধৰিলে আৰু ভাৰত পুনৰ বিশ্বৰ সৰ্বাধিক প্ৰদূষিত দেশসমূহৰ শাৰীলৈ উন্নীত হ’বলৈ বেছিপৰ নালাগিল। সেই একে বছৰতে দেশৰ বায়ৱ বাতাৱৰণে বাৰ্ষিক গড়ে PM২.৫ (Particulate Matter) ৰ মাত্ৰা ৫৮.১ মাইক্ৰ’গ্ৰাম প্ৰতি ঘনমিটাৰ পৰ্যন্ত হ’লগৈ। যাৰ ফলত বায়ুৰ গুণাগুণ উন্নীতকৰণৰ বিগত তিনি বছৰীয়া ধাৰাটোৰ অন্ত পৰিল আৰু দেশৰ বায়ু প্ৰদূষণৰ মাত্ৰা ক’ভিড মহামাৰীৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি যোৱাৰ লক্ষণ স্পষ্ট হৈ পৰিল। বিজ্ঞানীসকলে PM2.5-ৰ বায়ুৰ স্থায়ী সংস্পৰ্শৰ সৈতে মানুহৰ হৃদযন্ত্ৰ আৰু বিশেষকৈ হাওঁফাওঁৰ ৰোগকে ধৰি বহু দীৰ্ঘম্যাদী স্বাস্থ্যজনিত সমস্যাৰ যোগসূত্ৰ উন্মুক্ত কৰিছে আৰু লগতে বাৰ্ষিক ৭০ লাখ লোকৰ অকালমৃত্যু ঘটাৰ একমাত্ৰ কাৰক হিচাপে বিবেচনা কৰিছে। গতিকে, মানৱসৃষ্ট এনে ভয়াৱহ অপশক্তিক নাশ কৰাৰ সময় তেনেই সমাগত।
জল প্ৰদূষণ : সৰ্বাধিক প্ৰদূষণৰ কাৰকসমূহৰ মাজত পৰিৱেশ বিনষ্ট হোৱাৰ
আন এবিধ মানৱসৃষ্ট অপশক্তি হ’ল জল প্ৰদূষণ। সাম্প্ৰতিক সময়ছোৱাত দেশে নগৰায়ণৰ
অভূতপূৰ্ব বিস্তাৰ তথা ঔদ্যোগিক প্ৰসাৰণৰ সাক্ষী হৈছে। যাৰ ফলত পৰিৱেশতন্ত্ৰই
অস্বাভাৱিক হাৰত মূল্য ভৰিব লগা হৈছে। বায়ু প্ৰদূষণৰ উপৰি দেশৰ বিভিন্ন নদ-নদী, উপনদীৰ জলৰাশিয়ে
সেয়েহে বৃহৎ জল প্ৰদূষণৰ সন্মুখীন হৈছে। দেশৰ প্ৰায় ৯০% জলৰাশি খোৱাৰ অনুপযোগী হৈ
পৰিছে। কাঠফুলাৰ দৰে গঢ়ি উঠা নানান অবৈধ ডাম্পিং গ্ৰাউণ্ড, ঔদ্যোগিক আৱৰ্জনা, কল-কাৰখানাৰ নলা-নদৰ্মাৰ
পৰা নিসৃত বিষাক্ত ৰাসায়নিক পদাৰ্থ, ৰাইজৰ নিত্যব্যৱহাৰ্য পেলনীয়া সামগ্ৰী, প্লাষ্টিকৰ অবাধ
প্ৰচলন তথা মানুহৰ অবিৱেচক অপৰিস্কাৰকৰণৰ অভ্যাস আদিৰ জৰিয়তে নানান প্ৰকাৰে
সেইসমূহৰ জলৰাশিৰ সৈতে হোৱা মিহলি প্ৰক্ৰিয়াৰ জৰিয়তে জলৰাশি প্ৰদূষিত হৈ পৰিছে। উপযুক্ত
নদৰ্মা ব্যৱস্থাপনাৰ অভাৱ, আৱৰ্জনাৰ অপৰ্যাপ্ত ব্যৱস্থাপনাই পৰিস্থিতি বিষম কৰি
তুলিছে। প্ৰতিদিনে প্ৰায় ৪ কোটি লিটাৰ বৰ্জনীয় জলৰাশিয়ে দেশৰ নদী, জলাশয়ৰ পানীৰ
সৈতে মিহলি হৈ তাক বিষাক্ত কৰি তুলিছে। মাত্ৰ নগণ্য সংখ্যক বৰ্জনীয় পদাৰ্থৰ মুক্ত
ব্যৱস্থাপনাৰ বিপৰীতে পৰ্যাপ্ত আন্তঃগাঁথনিৰ অভাৱত সিংহভাগ বৰ্জনীয় পদাৰ্থ নদ-নদীৰ
জলৰাশিৰ সৈতে মিলি গৈছে। যাৰ পৰিণাম অত্যন্ত ভয়াৱহ হিচাপে পৰিগণিত হৈছে।
বিশ্ববেংকৰ প্ৰতিৱেদনমৰ্মে ভাৰতৰ
দৰে উন্নয়নশীল ৰাষ্ট্ৰত জলপ্ৰদূষণৰ দৰে সমস্যাই মুঠ ঘৰুৱা উৎপাদনৰ অৰ্ধেক মাত্ৰা
লোকচানৰ সন্মুখীন হৈছে। এই সমস্যাৰ বাবেই কৃষি ৰাজহ সংগ্ৰহ প্ৰায় ৯% কমিছে। আৰু
প্ৰায় ১৬% কৃষি উৎপাদন হ্ৰাস পাইছে। জল প্ৰদূষণৰ জৰিয়তে মানৱ সম্পদৰো যে বিস্তৰ হানি
হৈছে তাক দোহাৰাৰ প্ৰয়োজন নাই, প্ৰতি বছৰে জল প্ৰদূষণৰ ফলত টাইফয়ড, কলেৰা, হেপাটাইটিছ আদি
ৰোগেৰে ৰোগাক্ৰান্ত হৈ ৪ লক্ষাধিক লোক মৃত্যু মুখত পৰিছে। এনে নহয় যে চৰকাৰে
এইক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই, জলসংৰক্ষণ ব্যৱস্থা, ঔদ্যোগিক খণ্ডৰ
বৰ্জনীয়সমূহ পুনৰ ব্যৱহাৰযোগ্যকৰণ আদিৰ দিশত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে। উদাহৰণস্বৰূপে
চেন্নাইৰ দৰে বৃহৎ চহৰত বিগত ২০১৬-১৯-ৰ মধ্যভাগত তাৰ চৰকাৰে জল পুনৰুদ্ধাৰ
প্ৰক্ৰিয়াৰ যোগেদি ৩৬০০০-ৰ পৰা ৮০০০০ ঘনমিটাৰ পানীৰ পুনৰ ব্যৱহাৰযোগ্য কৰি তুলিছিল
বা এনে উদাহৰণ আৰু আছে। তথাপি বৃহৎ হাৰত হোৱা জনসংখ্যা বৃদ্ধি তথা অপ্ৰতিৰোধ্যভাৱে
গঢ়ি উঠা সৰু-বৰ উদ্যোগ আদিৰ দ্বাৰা হোৱা জল প্ৰদূষণৰ হাৰ অত্যন্ত বেছি হোৱাৰ
সাপেক্ষে এনে পুনৰুদ্ধাৰ প্ৰক্ৰিয়াবোৰ উপেক্ষণীয় হৈ পৰিছে।
খাদ্য তথা জলসংকট : জলবায়ু
পৰিৱৰ্তনৰ আন্তঃচৰকাৰী সংস্থা ( IPCC ) ই জলবায়ু সংকট সাপেক্ষে ভাৰতবৰ্ষই সৰ্বাধিক
ক্ষতিৰ সন্মুখীন হৈছে বুলি সদৰী কৰিছে। অস্বাভাৱিক বান, বনজুই প্ৰভৃতি কাৰকসমূহে দেশত
খৰাং পৰিস্থিতিৰ সৃষ্টিৰ লগতে কৃষিকৰ্মৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে। খৰাং বতৰৰ
বাবে পানী যোগানৰ বৃহৎ উৎসসমূহ শুকাই যোৱাৰ ফলত কৃষিকৰ্মত প্ৰভূত পৰিমাণৰ জলসিঞ্চন
ঘটোৱাত বাধাৰ সৃষ্টি হৈছে। বিগত ১২০ বছৰত যোৱা মাৰ্চ ২০২২ মাহটো সৰ্বাধিক উষ্ণ তথা
শুষ্ক মাহ হিচাপে চিহ্নিত হৈছে আৰু আহিবলগা সময়ছোৱায়ো তাৰেই ইংগিত দিছে। বিশেষকৈ
দেশৰ উত্তৰ-পশ্চিমাঞ্চলত দীৰ্ঘম্যাদী উষ্ণতা / তাপমাত্ৰা ৪০° ছেলছিয়াছৰ পৰা
নিম্নগামী নোহোৱা হৈছে। সন্দেহাতীতভাৱে এয়া অভূতপূৰ্ব গ্ৰীষ্মপ্ৰৱাহ ( Heatwave )-ৰ
ফলতেই এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি বিজ্ঞানীমহলে নিশ্চিত কৰিছে। টাইমছ্ অৱ
ইণ্ডিয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পুণেস্থিত জলবিভাজন সংস্থা (Watershed Organization)-ৰ মুখ্য গৱেষক ঈশ্বৰ কালেই ৰাষ্ট্ৰীয় জল নীতিক অতি “জলসিঞ্চনকেন্দ্ৰিক”
বুলি অভিহিত কৰিছে৷ দেশৰ ৮৫% তকৈ অধিক পানী কৃষিকৰ্মত ব্যৱহাৰ কৰা হয়। ফলত পানীত
হোৱা প্ৰদূষণৰ মাত্ৰাধিক্যই অধিক কৃষি উৎপাদনক্ষম পঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশ প্ৰভৃতি ৰাজ্যত সংকটৰ
সৃষ্টি কৰিছে। পৰ্যাপ্ত মাত্ৰাৰ পানী যোগান নোহোৱা বা প্ৰদূষিত জলধাৰাই কৃষিকৰ্মত
কুপ্ৰভাৱ পেলাইছে তথা উৎপাদন হ্ৰাস কৰিছে । জলসিঞ্চনৰ বাবে পানীৰ নিৰ্বিচাৰ
ব্যৱহাৰৰ লগতে সংৰক্ষণৰ উপযুক্ত নীতিৰ অভাৱ আৰু জলসম্পদ পৰিচালনাৰ ক্ষেত্ৰত নীতিগত
ব্যৱধানে গ্ৰামাঞ্চলত জলযোগানৰ মাত্ৰা হ্ৰাস কৰিছে। ২০১৯ বৰ্ষৰ এক প্ৰতিবেদনত
আশংকা প্ৰকাশ কৰা হৈছে যে এনে বিভাজিত জল ব্যৱস্থাপনা আৰু লগতে প্ৰদূষণৰ মাত্ৰা
অব্যাহত থাকিলে অহা ২০৩০ চনলৈকে দেশৰ প্ৰায় ২১ খন ব্যস্ত মহানগৰ / চহৰৰ ভূগৰ্ভস্থ
পানী শেষ হৈ যাব আৰু এনে ভয়াৱহ পৰিস্থিতিয়ে ৪০% জনসংখ্যাৰ ওপৰত প্ৰভাৱ পেলাব। অৰ্থাৎ
জলসংকটৰ এই আশংকাই নিশ্চিতৰূপে খাদ্যসংকটৰ সমস্যাও বৃদ্ধি কৰিব।
আৱৰ্জনা ব্যৱস্থাপনা : দেশৰ প্ৰাকৃতিক পৰিৱেশৰ আটাইতকৈ প্ৰয়োজনীয় কাৰকসমূহৰ ভিতৰত “আৱৰ্জনা”-ৰ প্ৰসংগটো অন্যতম। ১৪৪ কোটি জনসংখ্যাৰে স্ফীত আমাৰ দেশত প্ৰতি বছৰে ২৭৭ মিলিয়ন টন ( ২৭.৭ কোটি ) আৱৰ্জনা ( MSW - Municipal Solid Waste ) উৎপাদন হোৱাটো কোনো আচৰিত কথা নহয়। বিশেষজ্ঞসকলে শংকা প্ৰকাশ কৰিছে যে অহা ২০৩০ চনলৈ এই হাৰ বাঢ়ি ৩৮৭.৭৮ মিলিয়ন ( ৩৮.৭৮ কোটি ) টন হোৱাৰ সম্ভাৱনা আছে আৰু ২০৫০ চনলৈকে এই বৃদ্ধি দুগুণতকৈয়ো অধিক হোৱাৰ শংকা প্ৰকাশ কৰিছে৷ ভাৰতৰ দ্ৰুত নগৰায়ণ প্ৰক্ৰিয়াই সমগ্ৰ “ আৱৰ্জনা ব্যৱস্থাপনা ” পদ্ধতিক অত্যন্ত প্ৰত্যাহ্বানপূৰ্ণ কৰি তুলিছে। বৰ্তমানৰ সংগৃহীত মুঠ আৱৰ্জনাৰ ৫% পুনৰব্যৱহাৰযোগ্য, ১৮% পচনসাৰ প্ৰস্তুত কৰা হয় আৰু বাকী সৰহভাগ আৱৰ্জনা মুক্ত ঠাইত পেলায় দি “ডাম্পিং গ্ৰাউণ্ড”-ৰ সৃষ্টি কৰা হয়। অৰ্থাৎ এই পেলনীয়া অব্যৱহাৰযোগ্য আৱৰ্জনালানিৰ পৰাই যথোপযুক্ত ব্যৱস্থাপনা প্ৰক্ৰিয়াৰ অভাৱত পৰিৱেশ প্ৰদূষণৰ নিৰন্তৰ প্ৰক্ৰিয়াটোৱে গতি লাভ কৰিছে।
জৈৱবৈচিত্ৰ্য বিনষ্ট : ভাৰতৰ পৰিৱেশ
সমস্যাৰ তালিকাভুক্ত শেষৰ গুৰুত্বপূৰ্ণ সমস্যাটো হ’ল জৈৱবৈচিত্ৰ্য বিনষ্ট বা ক্ষতি।
দেশৰ মূল চাৰিটা জৈৱবৈচিত্ৰ্যৰ হটস্পট হিচাপে পৰিগণিত এলেকা হ’ল - পূব হিমালয় (উত্তৰ পূৰ্বাঞ্চল, অসম, নেপাল, ভূটান আৰু
দক্ষিণ-পশ্চিম চীনদেশ), পশ্চিমঘাট (মালাবাৰ উপকূল আৰু পশ্চিমঘাট পৰ্বতমালা), দ্বীপপুঞ্জ (আন্দামান-নিকোবৰ) আৰু ভাৰত-বাৰ্মা অঞ্চল৷ মানুহৰ দ্বাৰা আগ্ৰাসিকৃত বাসস্থান, মানৱসৃষ্ট
প্ৰদূষণ আদিৰ জৰিয়তে উল্লিখিত জৈৱবৈচিত্ৰ্যৰ এলেকাবোৰলৈ অভাৱনীয় ভাবুকি আহি পৰিছে৷ চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্টে (CSE) প্ৰকাশ কৰা প্ৰতিৱেদন (২০২১) মতে
ভাৰতে এই চাৰিটা হটস্পটৰ অধীনত থকা প্ৰায় ৯০% এলেকাই হেৰুৱাই পেলাইছে। অৰ্থাৎ
জৈৱবৈচিত্ৰ্যৰ তুমুল হাৰত হোৱা এই ধৰণৰ ক্ষতিয়ে পৰিৱেশ প্ৰদূষণৰ মাত্ৰাক যে
কোনোপধ্যেই স্তিমিত কৰিব নোৱাৰিব সেই কথা নিশ্চিত কৰি তুলিছে। জৈৱবৈচিত্ৰ্যৰ এই
ক্ষতিৰ ফলত তাৰ অন্তৰ্ভুক্ত জীৱকূল, উদ্ভিদ বিপদাপন্ন হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ
সংস্থা (IUCN) ই এনে জীৱ প্ৰজাতিৰ ভিতৰত ১২১২ বিধ প্ৰজাতিৰ ওপৰত পৰ্যবেক্ষণ, চোকা দৃষ্টি
ৰাখিছে। তাৰে ভিতৰত বিপন্নপ্ৰায় তালিকাভুক্ত হৈছে ১২% জীৱ প্ৰজাতি আৰু ২৫ বিধমান
প্ৰজাতি ইতিমধ্যেই বিলুপ্ত হৈছে। এনে ভয়াৱহ পৰিস্থিতিয়ে, জৈৱতন্ত্ৰৰ এনে বিনষ্টকৰণে মানৱজাতিকো
তিলতিলকৈ মৃত্যু মুখলৈ যে ঠেলি নিছে তাত কোনো সন্দেহ নাই।
মুঠৰ ওপৰত ওপৰি উক্ত আলোচিত
প্ৰসংগলানিৰ পৰা এই কথাই স্পষ্ট যে এনে মূল অপশক্তিৰ সৃষ্টি মানুহৰ প্ৰকৃতিবিৰোধী
কাৰ্যকলাপৰ ফল। এনে প্ৰাকৃতিক অৱক্ষয়ে দিনক দিনে সমগ্ৰ মানৱ প্ৰজাতি, অন্য জীৱকূল তথা
ধৰালৈ ক্ৰমান্বয়ে বিপৰ্যয় কঢ়িয়াই আনিছে। অনাবৃষ্টি কিম্বা অতিবৃষ্টি, বতৰৰ সঘন
পৰিৱৰ্তন, গ্ৰীষ্মপ্ৰৱাহ, অস্বাভাৱিক উষ্ণতাবৃদ্ধি, অস্বাভাৱিক শীত আদিৰ দৰে জলবায়ৱিক পৰিঘটনা আজি নতুন নহয়।
সকলো দিশ সামৰি এটা কথাত উপনীত হ’ব পাৰি, এতিয়াই নকৰিলে কোনোকালেই নহয়। পাছলৈ প্ৰকৃতি তথা জলবায়ু
আৰু অধিক প্ৰতিশোধপ্ৰৱণ হৈ উঠিলে এনে এটা অপ্ৰত্যাশিত দিনত আমি উপনীত হ’ব লাগিব যিটো
দিনত ( Judgement Day ) হয়তো সকলো জীৱিতৰ জৈৱসত্তাই প্ৰকৃতিৰ চৰম বিচাৰৰ
কাঠগড়াত থিয় হোৱাটো নিশ্চিত হ’ব ।